Skip to content

Skip to table of contents

সত্য খ্ৰীষ্টান ধৰ্ম্ম প্ৰবল হৈছে!

সত্য খ্ৰীষ্টান ধৰ্ম্ম প্ৰবল হৈছে!

সত্য খ্ৰীষ্টান ধৰ্ম্ম প্ৰবল হৈছে!

ইমান পৰাক্ৰমেৰে প্ৰভুৰ বাক্য ব্যাপ্ত হৈ জয়ী হল।”পাঁচনিৰ কৰ্ম্ম ১৯:২০.

১. প্ৰথম শতাব্দীত হোৱা খ্ৰীষ্টান ধৰ্ম্মৰ বৃদ্ধিৰ বিষয়ে বৰ্ণনা কৰক।

 প্ৰথম শতাব্দীৰ খ্ৰীষ্টানসকলে পবিত্ৰ আত্মাৰ দ্বাৰা প্ৰেৰিত হৈ যি উৎসাহেৰে ঈশ্বৰৰ বাক্য প্ৰচাৰ কৰিছিল আৰু কোনেও এই সেই উৎসাহক হ্ৰাস কৰিব নোৱাৰিলে। এজন ইতিহাস লেখকে এইদৰে কৈছিল: “ৰোমান সাম্ৰাজ্যত খ্ৰীষ্টান ধৰ্ম্ম অতি আচৰিতৰূপে বিস্তৃত হʼল। ১০০ বছৰত ভিতৰত ভূমধ্যসাগৰৰ প্ৰত্যেক অঞ্চলত খ্ৰীষ্টান সমূদায়ৰ গঠন হৈ বিয়পি পৰিল।”

২. কেনেকৈ চয়তানে বৃদ্ধি হোৱা প্ৰচাৰকাৰ্য্যক হ্ৰাস কৰিববলৈ চেষ্টা কৰিলে আৰু ইয়াৰ বিষয়ে কি ভৱিষ্যতবাণী কৰা হৈছিল?

প্ৰথম শতাব্দীত হোৱা প্ৰচাৰ কাৰ্য্যৰ বৃদ্ধিক দিয়াবল অথাৎ চয়তানে বন্ধ কৰিব নোৱাৰিলে। ইয়াৰ পৰিৱৰ্ত্তে, সি প্ৰচাৰ কাৰ্য্যৰ বৃদ্ধি হ্ৰাস কৰিবলৈ ধৰ্ম্মত্যাগীসকলক ব্যৱহাৰ কৰিলে। এই বিষয়ে যীচুৱে ধান আৰু বিনৈ বনৰ দৃষ্টান্তৰে পূৰ্বেই ভৱিষ্যতবাণী কৰিছিল। (মথি ১৩:২৪-৩০, ৩৬-৪৩) আনকি পাঁচনি পিতৰেও সৰ্তক কৰি কৈছিল যে কিছুমান ভাঁৰিকোৱা শিক্ষকসকলে মণ্ডলীক ধ্বংস কৰিবলৈ গুপুতে বিনাশকাৰী কাৰ্য্য কৰিব। (২ পিতৰ ২:১-৩)ঠিক তেনেদৰে পাঁচনি পৌলেও সৰ্তক কৰি কৈছিল যে যিহোৱাৰ দিন অহাৰ আগতে নিশ্চয় ধৰ্মত্যাগীসকল উৎপন্ন হʼব।—২ থিচলনীকীয়া ২:১-৩.

৩. পাঁচনিসকলৰ মৃত্যু হোৱাৰ পাছত কি ঘটিল?

পাঁচনিসকলৰ মৃত্যুৰ পাছত মিছা ধৰ্ম্মৰ শিক্ষা আৰু দৰ্শনশাস্ত্ৰৰ দ্বাৰা প্ৰচাৰকাৰ্য্যৰ বৃদ্ধিত বাধা জন্মায়। যিহেতু ইয়াৰ বিষয়ে ভৱিষ্যতবাণী কৰা হৈছিল যে সেই ভাঁৰিকোৱা লোকসকলে শুদ্ধ বাৰ্ত্তাক দূষিত আৰু বিকৃত কৰিব। গতিকে ক্ৰমান্বয়ে খ্ৰীষ্টান ধৰ্ম্ম লুপ্ত হৈ খ্ৰীষ্টীয়জগতৰ উৎপন্ন হয়। সাধাৰণ লোকৰ ওচৰত যেন বাইবেল নাথাকে, তাৰ বাবে এক পাদুৰীবৰ্গই প্ৰচেষ্টা চলাইছিল। যিহেতু তেওঁলোকে নিজকে খ্ৰীষ্টান হোৱা বুলি দাবী কৰি বৃদ্ধি হৈছিল যদিও তেওঁলোকৰ উপাসনা শুদ্ধ নাছিল। সময় যোৱাৰ লগে-লগে তেওঁলোক বিভিন্ন দেশত বিয়পি পৰে আৰু পাশ্চাত্য সভ্যতাত আটাইতকৈ শক্তিশালী জাতি হৈ পৰিল। কিন্তু তেওঁলোকৰ এনে বৃদ্ধিত ঈশ্বৰৰ আশীৰ্ব্বাদ বা পবিত্ৰ আত্মাৰ অনুমোদন নাছিল।

৪. ঈশ্বৰৰ বাক্যক মোহাৰি পেলাবলৈ চয়তানে কি পৰিকল্পনা কৰিছিল আৰু ই কিয় সফল নহল?

যিহোৱাৰ উদ্দেশ্যৰ প্ৰতি থকা চয়তানৰ সকলো প্ৰকাৰৰ চেষ্টা বিফল হʼল। কিয়নো অধ্যাত্মিকৰূপে হোৱা সেই আন্ধাৰৰ সময়তো সত্য খ্ৰীষ্টানসকলৰ কিছুমান ব্যক্তি জীৱিত আছিল। যিসকলে বাইবেলৰ প্ৰতিলিপি কৰিছিল, তেওঁলোকে বহু ধ্যান দি এই কাৰ্য্য কৰিবলগীয়া হৈছিল। সেইবাবে বাইবেলৰ কোনো সাল-সলনি নহʼল, কিন্তু যিসকলে অধ্যক্ষ হোৱাৰ দাবী কৰিছিল তেওঁলোকে ইয়াত উল্লেখ কৰা বাৰ্ত্তাক ভুলকৈ প্ৰস্তুত কৰিলে। তদুপৰি, কিছু শতাব্দীৰ পাছত জেৰম আৰু ট্যানদেল নামৰ বিদ্বানসকলে অতি সাহসেৰে বাইবেলৰ অনুবাদ আৰু বিতৰণ কৰিলে। তেওঁলোকৰ এই কাৰ্য্যৰ দ্বাৰা বহুতো লোকে বাইবেল পঢ়িবলৈ আৰু খ্ৰীষ্টীয়জগতৰ বিষয়ে জানিবলৈ সুযোগ পালে যদিও ই এক দূষিত ধৰ্ম্ম আছিল।

৫. ভৱিষ্যতবক্তা দানিয়েলে সত্য ‘জ্ঞান বৃদ্ধিʼৰ’ বিষয়ে কি কৈছিল?

যিহেতু দানিয়েল কিতাপত ভৱিষ্যতবাণী কৰিছিল যে ‘সত্য জ্ঞান বৃদ্ধি হʼব।’ সেই বৃদ্ধি “শেষকালত” অথাৎ আমাৰ সময়ত হʼব। (দানিয়েল ১২:৪)পবিত্ৰ আত্মাই সত্যৰ প্ৰেমীসকলক যথাৰ্থ জ্ঞান লবলৈ আৰু ঈশ্বৰৰ উদ্দেশ্যক বুজাত সহায় কৰিলে। শতাব্দী ধৰি বৃদ্ধি হোৱা মিছা ধৰ্ম্মৰ ওপৰতো ঈশ্বৰৰ বাক্য প্ৰবল হʼল! আজিও পৃথিৱীৰ চাৰিওফালে ৰাজ্যৰ শুভবাৰ্ত্তা প্ৰচাৰ কৰাৰ দ্বাৰা সকলো লোককে আহিবলগীয়া উজ্জ্বল ভৱিষ্যতৰ আশা দিছে। (গীতমালা ৩৭:১১) গতিকে আঁহক আজিৰ সময়ত হোৱা ঈশ্বৰৰ বাক্যৰ বৃদ্ধি বিষয়ে বিবেচনা কৰোঁহঁক।

আজিৰ সময়ত ঈশ্বৰৰ বাক্যৰ বৃদ্ধি হোৱা

৬. বাইবেল বিদ্যাৰ্থীসকলে ১৯১৪ চনত বাইবেলৰ বিষয়ে কেনে সত্যতাক বুজি পালে?

উন্নৈছ শতিকাৰ শেষত এক সৰু সমূহক বাইবেলৰ সত্য জ্ঞানে প্ৰেৰিত কৰিলে। তেওঁলোকক বৰ্তমান সময়ত যিহোৱাৰ সাক্ষীৰূপে জনা যায়। ১৯১৪ চনত বাইবেল তেওঁলোকৰ বাবে জীৱিত পুস্তক হʼল। তেওঁলোকে ঈশ্বৰৰ উদ্দেশ্যৰ সম্বন্ধে থকা সত্যক বুজি পালে। তদুপৰি, যিহোৱাই নিজ পুত্ৰক এই পৃথিৱীলৈ পঠিয়াই অনন্ত জীৱনৰ পথ মুকলি কৰাৰ দ্বাৰা প্ৰেম প্ৰদৰ্শিত কৰিলে, ইয়াকে বুজি তেওঁলোকে গভীৰভাৱে প্ৰেৰিত হʼল। তেওঁলোকে ঈশ্বৰৰ নাম আৰু ব্যক্তিত্বৰ বিষয়ে জানিলে আৰু মূল্যাঙ্কণ দেখুৱালে। তেওঁলোকে জানিব পাৰিলে যে অন্যজাতিৰ সময় শেষ হʼল। তদুপৰি তেওঁলোকে ইয়াৰ দ্বাৰা বুজিব পাৰিলে যে ঈশ্বৰৰ ৰাজ্যৰ সময় একেবাৰে কাষ চাপি আহিল আৰু এই ৰাজ্যই সমুদায় মানৱজাতিলৈ আশীৰ্ব্বাদ কঢ়িয়াই আনিব। (লূক ২১:২৪) কিযে এক আনন্দৰ শুভবাৰ্ত্তা! এই শক্তিশালী বাৰ্ত্তাক সকলো ক্ষেত্ৰত আৰু প্ৰত্যেক লোকৰ সৈতে বিতৰণ কৰিবলগীয়া আছিল। কিয়নো জীৱন বিপদগ্ৰস্থ অৱস্থাত আছিল।

৭. এই আধুনিক সময়ত বাইবেলৰ সত্য বাক্য কেনেকৈ প্ৰবল হৈছে?

যিহোৱাই পবিত্ৰ আত্মাই অভিষিক্ত খ্ৰীষ্টানসকলক আশীৰ্ব্বাদ কৰিলে। সেইবাবে আজি এই সত্য খ্ৰীষ্টানসকলৰ সংখ্যা বৃদ্ধি হৈ প্ৰায় ৬০ লাখ হৈছে। প্ৰায় ২৩৫ খনত দেশত যিহোৱাৰ সাক্ষীসকল বিয়পী পৰিছে। যিহেতু ঈশ্বৰৰ বাক্য হৈছে কাৰ্য্য-সাধক আৰু সেইবাবে ই সকলো বাধা-বিঘিনি আৰু অন্য ধৰ্ম্মৰ ওপৰত প্ৰবল হৈছে। এই বিশ্বব্যাপি প্ৰচাৰকাৰ্য্যই স্পষ্টৰূপে প্ৰমাণ দিছে যে যীচু তেওঁ ৰাজ্যৰ ক্ষমতাৰ সৈতে উপস্থিত হৈছে।—মথি ২৪:৩,  ১৪.

৮. যিহোৱাৰ সাক্ষীসকলৰ বৃদ্ধি হোৱাৰ সম্পৰ্কে কিছুমানে কেনে অভিমত দাঙি ধৰিছে?

যেনেকৈ প্ৰথম শতাব্দীত আচৰিতৰূপে বৃদ্ধি হোৱা খ্ৰীষ্টান ধৰ্ম্মৰ বিষয়ে ইতিহাসে উল্লেখ কৰিছিল। ঠিক তেনেদৰে আধুনিক সময়তো যিহোৱাৰ সাক্ষীসকলৰ বৃদ্ধিৰ বিষয়ে বহুতো বিদ্বানে মন্তব্য দিছে। সংযুক্ত ৰাষ্ট্ৰৰ দুজন বিদ্বানে এইদৰে লিখিছিল: “যোৱা ৭৫ বছৰৰ ভিতৰত যিহোৱাৰ সাক্ষীসকলৰ সংখ্যা ক্ৰমে অসাধাৰণৰূপে বৃদ্ধি হৈছে . . . আৰু ই গোটেই বিশ্বজুৰী হৈছে।” পূৰ্বীয় আফ্ৰিকাৰ এখন বাতৰি কাকতৰ অনুসাৰে “ই হৈছে বিশ্বৰ ভিতৰত সকলোতকৈ দ্ৰুতগতিত বৃদ্ধি হোৱা আৰু সম্পূৰ্ণ বাইবেল সিদ্ধান্ত অনুসাৰে চলা এক অতি সন্মানীয় ধৰ্ম্ম।” ইউৰোপত প্ৰকাশ হোৱা এখন কেথেলিক পৰম্পৰাগত বাতৰি কাকততো “যিহোৱাৰ সাক্ষীসকলৰ অসাধাৰণৰূপে বৃদ্ধি হোৱা” সম্পৰ্কে উল্লেখ কৰিছে। কিহে এই বৃদ্ধি হবলৈ সহায় কৰিলে?

বৰ্তমান সময়ত পবিত্ৰ আত্মাই কৰা কাৰ্য্য

৯. (ক)আজিৰ সময়ত ঈশ্বৰৰ বাক্য প্ৰবল হোৱাৰ মূখ্য কাৰণ কি? (খ) কেনেকৈ যিহোৱাই লোকসকলক আকৰ্ষিত কৰিছে?

ঈশ্বৰৰ বাক্য প্ৰবল হোৱাৰ এটা মূখ্য কাৰণ হৈছে ঈশ্বৰৰ আত্মাই শক্তিশালীৰূপে কাৰ্য্য কৰিছে। এই সন্দৰ্ভত যীচুৱে কৈছিল: “মোক পঠোৱা পিতৃয়ে আকৰ্ষণ নকৰিলে, কোনেও মোৰ ওচৰলৈ আহিব নোৱাৰে।” (যোহন ৬:৪৪) এই বাক্যৰ অনুসাৰে ঈশ্বৰে এনে লোকক সত্য শিকিবলৈ আকৰ্ষিত কৰে যিসকলে নিজৰ মন আৰু হৃদয়ৰ দুৱাৰ মেলি দিছে। যিহোৱাই নিজ সাক্ষীসকলৰ প্ৰচাৰ কাৰ্য্যৰ দ্বাৰা অন্যলোকবিলাকক তেওঁৰ উপাসনা কৰিবলৈ গোট খুৱাইছে, কিয়নো তেওঁলোক হৈছে মেৰৰ দৰে লোক অৰ্থাৎ “আটাই জাতিৰ বাঞ্ছনীয় বস্তু।”—হগ্‌গয় ২:৬, ৭.

১০. কেনেধৰণৰ লোকসকলে ঈশ্বৰৰ বাক্যক গ্ৰহণ কৰিছে?

১০ কেৱল পবিত্ৰ আত্মাই যে ঈশ্বৰৰ লোকক পৃথিৱীৰ সকলো ঠাইত তেওঁৰ বাক্য কঢ়িয়াই লৈ যাবলৈ শক্তিশালী কৰি তুলিছে এনে নহয়, কিন্তু সকলো প্ৰকাৰৰ জাতিৰ লোকক এই শুভবাৰ্ত্তাৰ প্ৰতি আকৰ্ষিত কৰিবলৈও সহায় কৰিছে। সঁচাকৈ, যিসকলে ঈশ্বৰৰ বাক্য গ্ৰহণ কৰিছে, তেওঁলোক “সকলো জাতি, ফৈদ, লোক, আৰু ভাষাৰ,” পৰা আহিছে। (প্ৰকাশিত বাক্য ৫:৯; ৭:৯, ১০) তেওঁলোকৰ কিছুমানে হয়তো ধনৱান বা দৰিদ্ৰ, শিক্ষিত বা অশিক্ষিত। তদুপৰি কিছুমানে যুদ্ধ আৰু উৎপীড়ন সময়ত, আন কিছুমানে শান্তি আৰু উন্নতিশীল অৱস্থাত সত্যক স্বীকাৰ কৰিছে। বিভিন্ন প্ৰকাৰৰ শাসনৰ অধীনত সকলো ধৰণৰ জাতিয়ে, যাতনা শিবিৰৰ পৰা লৈ ৰাজ-প্ৰসাদলৈকে, পুৰুষ আৰু স্ত্ৰী সকলোৱে শুভবাৰ্ত্তাৰ প্ৰতি আকৰ্ষিত হৈছে।

১১. যিহোৱাৰ লোকসকলৰ ওপৰত পবিত্ৰ আত্মাই কেনেকৈ কাৰ্য্য কৰে আৰু তাৰ কেনে প্ৰমাণ স্পষ্টকৈ দেখা গৈছে?

১১ যিহোৱাৰ সাক্ষীসকলে বিভিন্ন জাতি, কূল আৰু ভাষাৰ হোৱা স্বত্ত্বেও তেওঁলোকে মিলি-জুলি থাকে। (গীতমালা ১৩৩:১-৩) এই কাৰ্য্যই প্ৰমাণ কৰিছে যে পবিত্ৰ আত্মাই যিহোৱাৰ সেৱা কৰোঁতাসকলৰ ওপৰত কাৰ্য্য কৰে। ঈশ্বৰৰ পবিত্ৰ আত্মাই তেওঁৰ সেৱকসকলক প্ৰেম, আনন্দ, শান্তি, মৃদু-ভাব আৰু বিভিন্ন প্ৰকাৰৰ গুণ বিকশিত কৰিবলৈ সহায় কৰে। (গালাতীয়া ৫:২২, ২৩) ভৱিষ্যতবক্তা মলাখীয়ে কৰা ভৱিষ্যতবাণীৰ পৰিপূৰ্ণতাক আজি আমি স্পষ্টকৈ দেখা পাইছোঁ। তেওঁ এইদৰে কৈছিল: “তেতিয়া তোমালোকে ঘূৰি, ধাৰ্ম্মিক আৰু দুষ্টৰ, ঈশ্বৰৰ আৰাধনা কৰা লোকৰ আৰু তেওঁৰ আৰাধনা নকৰা লোকৰ মাজত প্ৰভেদ দেখিবলৈ পাবা।”—মলাখী ৩:১৮.

ঈশ্বৰৰ বাক্য উৎসাহী লোকসকলৰ ওপৰত প্ৰবল হৈছে

১২. যিহোৱাৰ সাক্ষীসকলে প্ৰচাৰকাৰ্য্যৰ প্ৰতি কেনে অনুভৱ কৰে আৰু তেওঁলোকৰ এই কাৰ্য্যৰ প্ৰতি লোকসকলৰ পৰা কেনে প্ৰতিক্ৰিয়াৰ অপেক্ষা কৰে?

১২ যিহোৱাৰ সাক্ষীসকল খ্ৰীষ্টীয়জগতৰ লোকবিলাকৰ দৰে নহয়। কিয়নো খ্ৰীষ্টীয়জগতৰ লোকসকলে প্ৰচাৰ কাৰ্য্যত সক্ৰিয়ৰূপে ভাগ লোৱা দেখা নাযায়। প্ৰথম শতাব্দীৰ সত্য খ্ৰীষ্টান লোকসকলৰ দৰে, বৰ্তমান সময়ৰ সত্য খ্ৰীষ্টানসকলে ঈশ্বৰৰ ইচ্ছাৰ অনুসাৰে চলিবলৈ ইচ্ছুক আৰু আনকো ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে জ্ঞান লবলৈ সহায় কৰে। তেওঁলোক হৈছে ঈশ্বৰৰ সহকৰ্মী আৰু তেওঁৰ পবিত্ৰ আত্মাৰ নিৰ্দ্দেশনা অনুসৰি চলে। তদুপৰি তেওঁলোকে অন্যকো যিহোৱাৰ উপসনা কৰিবলৈ সহায় কৰে। এনে কৰাৰ দ্বাৰা তেওঁলোকে যিহোৱাৰ দয়াৰ গুণক প্ৰতিফলিত আৰু অবিশ্বাসী মানৱসকলক প্ৰেম কৰাৰ প্ৰমাণ দিয়ে। তেওঁলোকে উৎপীড়ন, বিদ্ৰূপ আৰু নিৰুৎসাহিত হোৱা স্বত্ত্বেও তেনে কৰিবলৈ কুণ্ঠাবোধ নকৰে। যীচুৱে নিজৰ শিষ্যসকলক তেনেধৰণৰ পৰিস্থিতিৰ সন্মূখীন হবলৈ শিকাইছিল। তেওঁ এইদৰে কৈছিল: “দাস তাৰ প্ৰভুতকৈ ডাঙৰ নহয়, মই তোমালোকক আগেয়ে কোৱা এই বাক্য সোঁৱৰা। তেওঁবিলাকে যদি মোকেই তাড়না কৰিলে, তেন্তে তোমালোককো তাড়না কৰিব; মোৰ বাক্য যদি পালন কৰিলে, তেন্তে তোমালোকৰ বাক্যও পালন কৰিব।”—যোহন ১৫:২০.

১৩. যিহোৱাৰ সাক্ষীসকলৰ তুলনাত আজি খ্ৰীষ্টীয়জগতে কিবোৰ বিষয়ত পিছ পৰি আছে?

১৩ যিহেতু আজি যিহোৱাৰ সাক্ষীসকল আৰু প্ৰথম শতাব্দীৰ খ্ৰীষ্টানসকলৰ মাজতো একেই সাদৃশ্যতা দেখিবলৈ পোৱা যায়। বাস্তৱতে, যিহোৱাৰ সাক্ষীসকল আৰু খ্ৰীষ্টীয়জগতৰ মাজত ডাঙৰ পাৰ্থক্য দেখিবলৈ পোৱা যায়। এজন বিদ্বানে উৎসাহিত প্ৰচাৰকাৰ্য্যৰ বিষয়ে লিখাৰ পাছত এইদৰে মন্তব্য দি কৈছিল: “যেতিয়ালৈকে খ্ৰীষ্টীয়জগতৰ লোকসকলে নিজৰ জীৱন-প্ৰণালীক সলনি কৰি সত্যৰ পথত চলি উত্তম গুণবোৰ বিকশিত আৰু সকলো বাপ্তাইজ লোকে প্ৰচাৰ কৰা দায়িত্ব বহন নকৰে, তেতিয়ালৈকে আমি উন্নতি কৰিব নোৱাৰিম। আজি খ্ৰীষ্টীয়জগতৰ লোকসকলৰ মাজত যি বৈশিষ্টতাৰ অভাৱ আছে, সেই সকলোবোৰ বৈশিষ্টতা অধিকৰূপে যিহোৱাৰ সাক্ষীসকলত দেখা যায়! কিয়নো তেওঁলোকৰ ওচৰত আশা, দৃঢ় বিশ্বাস আৰু বাইবেল আধাৰিত ভৰসা আছে, যিবোৰক তেওঁলোকে আনৰ সৈতেও বিতৰণ কৰিছে।—১ তীমথিয় ২:৩, ৪.

১৪. যীচুৱে পৰিচৰ্য্যা কাৰ্য্যৰ প্ৰতি কেনেধৰণৰ মনোবৃত্তি ৰাখিছিল আৰু আজি তেওঁৰ শিষ্যসকলে কেনেধৰণৰ মনোবৃত্তি ৰাখে?

১৪ যীচুৱে তেওঁৰ পৰিচৰ্য্যা কাৰ্য্যক নিজৰ জীৱনত সকলোতকৈ প্ৰথম স্থান দিছিল। সেইবাবে তেওঁ ৰোমান দেশাধিপতি পীলাতক এইদৰে কৈছিল: “সত্যতাৰ পক্ষে সাক্ষ্য দিবলৈ মই জন্ম ধৰি এই জগতলৈ আহিলোঁ।” (যোহন ১৮:৩৭) ঠিক যীচুৰ দৰে যিহোৱাৰ লোকসকলেও অনুভৱ কৰে। তেওঁলোকে ঈশ্বৰৰ বাক্যক মন আৰু হৃদয়ত লিখি, আনক ইয়াৰ বিষয়ে কবলৈ সদায়ে সাজু থাকে। তেওঁলোকৰ কিছুমান পদ্ধতিৰ বিষয়ে বিবেচনা কৰিলে গম পোৱা যায়ে যে তেওঁলোকে কিমান পাকৈত।

১৫. কিছুমান যিহোৱাৰ সাক্ষীয়ে প্ৰচাৰকাৰ্য্যৰ বাবে কেনে পদ্ধতি অৱলম্বন কৰিছিল?

১৫ দক্ষিণ আমেৰিকাৰ এখন দেশত, যিহোৱাৰ সাক্ষীসকলে আমাজান নদীখনৰ দাঁতিত থকা এখন নামনিমুৱা ঠাইলৈ গৈ তাত থকা লোকসকলক সত্যৰ বিষয়ে কʼবলৈ সঙ্কল্প লৈছিল। সেইবাবে তেওঁলোকে আমাজান নদীৰ এটা উপনদীৰ পথেৰে যাত্ৰা কৰে। কিন্তু ১৯৯৫ চনত গৃহ-যুদ্ধ আৰম্ভ হোৱাৰ বাবে সেই পথেদি অহা-যোৱা কৰাত প্ৰতিবন্ধ লগোৱা হʼল। তথাপিও তেওঁলোকে লোৱা সঙ্কল্পক সম্পন্ন কৰিবলৈ অৰ্থাৎ আনক সত্য জ্ঞান দিবলৈ তেওঁলোকে নামনিমুৱা নদীৰ পানীৰ সুঁতত আলোচনীসমূহ পঠিয়াবলৈ নিৰ্ণয় লʼলে। গতিকে, তেওঁলোকে প্ৰায় চাৰে চাৰি বছৰ সময় অৰ্থাৎ যেতিয়ালৈকে যাতায়তৰ ব্যৱস্থা সুফল হোৱা নাছিল, তেতিয়ালৈকে চিঠিৰ সৈতে প্ৰহৰীদুৰ্গ আৰু সচেতন! আলোচনীসমূহ প্লাষ্টিক বটলত সুমুৱাই নদীৰ সুতঁত এৰি দিছিল। নদীৰ ওচৰে-পাজৰে থকা বহু লোকে তেওঁলোকৰ এই কাৰ্য্যৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছিল। এগৰাকী মহিলা বাইবেল বিদ্যাৰ্থীয়ে যেতিয়া পুনৰাই তেওঁলোকক লগ পাই তেতিয়া তাই সাবটি ধৰি কান্দি-কান্দি এইদৰে কৈছিল: “মই ভাবিছিলো যে মই আৰু কেতিয়াও আপোনালোকক দেখা নাপাম।” কিন্তু, যেতিয়া মই বটলবোৰৰ ভিতৰত সাহিত্যবোৰ দেখিলোঁ, তেতিয়া মই জানিব পাৰিলোঁ যে আপোনালোকে আজিও মোক পাহৰা নাই!” নদীৰ দাঁতিত থকা আনসকলে কৈছিল যে তেওঁলোকে বাৰে-বাৰে সাহিত্যবোৰ পঢ়িছিল। পানীৰ সৰু চাকনৈয়াবোৰে যেন এটা ডাকঘৰৰ নিচিনা কাৰ্য্য কৰিছিল কিয়নো সেই সাহিত্যসমূহেৰে ভৰি থকা বটলবোৰ তাত আহি জমা হৈছিল। মনকৰিবলগীয়া বিষয়ে যে আগ্ৰহী ব্যক্তিসকলে সদায়ে আহি অনুসন্ধান কৰিছিল যে তেওঁলোকৰ বাবে কোনো “ডাক” আহিছে নে নাই।

১৬. আমি সকলো সুযোগতে প্ৰচাৰ কৰাৰ বাবে কেতিয়াবা কেনেকৈ আমালৈ শিষ্য বনোৱা পথ মুকলি হয়?

১৬ এই প্ৰচাৰকাৰ্য্যৰ নিৰ্দ্দেশনা আৰু সমৰ্থন যিহোৱা আৰু তেওঁৰ শক্তিশালী স্বৰ্গদূতসকলে কৰিছে। (প্ৰকাশিত বাক্য ১৪:৬) যেতিয়া আমি প্ৰচাৰকাৰ্য্যত ভাগ লওঁ, কেতিয়াবা অপ্ৰত্যশিতভাৱে শিষ্য বনোৱা সুযোগ আহে। আফ্ৰিকা মহাদেশত থকা কেনিয়াৰ নাইৰোবি নামৰ এখন চহৰত থকা দুগৰাকী ভনীৰ বিষয়ে বিবেচনা কৰক। সেই দুগৰাকী ভনীয়ে তেওঁলোকক নিযুক্তি কৰা এলেকাত প্ৰচাৰকাৰ্য্য সমাপ্ত কৰি ঘৰৰ অভিমুখে যাত্ৰা কৰিবলৈ আৰম্ভ কৰোঁতেই তেওঁলোকৰ ওচৰত এগৰাকী মহিলা আহি অতি আগ্ৰহেৰে এইদৰে কয়: “মই আপোনালোকৰ দৰে ব্যক্তিক লগ পাবলৈ বাৰে বাৰে ঈশ্বৰলৈ প্ৰাৰ্থনা কৰিছিলোঁ।” সেই মহিলাগৰাকীয়ে সাক্ষী ভনীসকলক তাইৰ সৈতে বাইবেলৰ বিষয়ে আলোচনা কৰিবলৈ অনুৰোধ কৰে। ফলস্বৰূপে সেই একে দিনা বাইবেল অধ্যয়ন আৰম্ভ হয়। সেই মহিলাগৰাকীয়ে ইমান খৰধৰকৈ কিয় সেই ভনীসকলক লগ ধৰিছিল? কিয়নো মাত্ৰ দুই সপ্তাহৰ আগতে তাই নিজৰ কণমাণি ছোৱালীজনীক মৃত্যুত হেৰুৱাব লগা হয়। তাৰ পাছত এদিনাখন তাই এজন যুৱকৰ হাতত “মৃত্যু প্ৰিয়জনৰ বাবে কি আশা আছে?” নামৰ ট্ৰ্যাক্টখন দেখে, সেইখন পঢ়িবলৈ তাই যুৱকজনৰ পৰা বিচাৰে, কিন্তু যুৱকজনে তাইক সেই ট্ৰ্যাক্টখন দিবলৈ মান্তি নহয়। ইয়াৰ পৰিৱৰ্ত্তে যুৱকজনে সেই মহিলাগৰাকীক ট্ৰ্যাক্টখন দিয়া যিহোৱাৰ সাক্ষীজনক সাক্ষাৎ কৰিবলৈ কয়। অতি কম সময়ৰ ভিতৰত সেই মহিলাগৰাকীয়ে আধ্যাত্মিকৰূপে উন্নতি কৰিবলৈ ধৰে আৰু তাইৰ ছোৱালীজনীক হেৰুৱাৰ বাবে মনত যি দুখ পাইছিল, সেই মনোকষ্টক সফলতাৰে সন্মুখীন হʼবলৈ সক্ষম হয়।

ঈশ্বৰৰ প্ৰেম প্ৰবল হোৱা উচিত

১৭-১৯.মুক্তিপণ বলিদানৰ দ্বাৰা সকলো মানৱজাতিলৈ যিহোৱাই কেনেধৰণৰ প্ৰেম প্ৰকাশ কৰিলে?

১৭ সমূদায় পৃথিৱীত ঈশ্বৰৰ বাক্যৰ বৃদ্ধি, যীচুৰ মুক্তিপণ বলিদানৰ সৈতে জড়িত আছে। মুক্তিপণ বলিদানৰ দৰে প্ৰচাৰ কাৰ্য্যও হৈছে ঈশ্বৰে মানৱজাতিলৈ দেখুৱা এক মহান প্ৰেমৰ প্ৰতীক। সেয়েহে পাঁচনি যোহনে প্ৰেৰিত হৈ এইদৰে লিখিছিল: “কাৰণ ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে যে, তেওঁ নিজৰ একমাত্ৰ পুত্ৰকে দান কৰিলে যাতে যি কোনোৱে তেওঁত বিশ্বাস কৰে, তেওঁ নষ্ট নহয় কিন্তু অনন্ত জীৱন পায়।”—যোহন ৩:১৬.

১৮ যিহোৱাই মুক্তিপণ বলিদান প্ৰবন্ধ কৰাৰ দ্বাৰা নিজৰ প্ৰেম প্ৰকাশ কৰাৰ বিষয়ে বিবেচনা কৰক। যিহোৱাই যুগ যুগ ধৰি তেওঁৰ একমাত্ৰ পুত্ৰ অথাৎ “যি জনা ঈশ্বৰৰ সৃষ্টিৰ আদি” যীচুৰ সৈতে এক নিবিড় সম্বন্ধৰ আনন্দ উপভোগ কৰিছিল। (প্ৰকাশিত বাক্য ৩:১৪) কিয়নো “জগত স্থাপন কৰাৰ আগেয়ে” যিহোৱাৰ বাবে তেওঁ অতি প্ৰিয় আছিল আৰু যীচুৱেও তেওঁক অতিশয়ৰূপে প্ৰেম কৰিছিল। (যোহন ১৪:৩১; ১৭:২৪) তথাপিও যিহোৱাই তেওঁৰ পুত্ৰক মৃত্যু হʼবলৈ এৰি দিলে, যাতে সকলো মানুহে যেন অনন্ত জীৱন লাভ কৰে। মানৱজাতিৰ বাবে যিহোৱাই কিমান যে অতুলনীয় প্ৰেম প্ৰকাশ কৰিলে!

১৯ যোহন ৩:১৭ পদত এইদৰে কৈছে: “কিয়নো জগতৰ সোধ-বিচাৰ কৰা নহয়, কিন্তু জগতে তেওঁৰ দ্বাৰাই পৰিত্ৰাণ পাবলৈহে ঈশ্বৰে পুত্ৰকে জগতলৈ পঠালে।” এইদৰে যিহোৱাই নিজৰ একমাত্ৰ পুত্ৰক সোধ-বিচাৰৰ বাবে নহয় কিন্তু উদ্ধাৰৰ এক প্ৰেমৰ অভিযান পূৰ্ণ কৰিবলৈ পঠিয়ালে। এই বাক্যশাৰী পাঁচনি পিতৰে কোৱা বাক্যৰ সৈতে মিল খাই, তেওঁ এইদৰ কৈছিল কৈছে: “কোনো যেন বিনষ্ট নহয়, কিন্তু সকলো যেন মন-পালটনত প্ৰবৃত্ত হয়, [যিহোৱাই] এনে ইচ্ছা কৰে।”—২ পিতৰ ৩:৯.

২০. মুক্তিপণ বলিদান প্ৰচাৰ কাৰ্য্যৰ সৈতে কিয় জড়িত হৈ আছে?

২০ যিহোৱা ঈশ্বৰে এই প্ৰবন্ধৰ দ্বাৰা উদ্ধাৰৰ বাবে থকা তেওঁৰ বিধি বজাই ৰাখিলে আৰু ইয়াৰ কাৰণে তেওঁ এক মহান ত্যাগ কৰিবলগীয়া হʼল, যাতে সকলোৱে যেন লাভৱান হয়। সেইবাবে পাঁচনি পৌলে এইদৰে লিখিছিল: “কাৰণ যি কোনোৱে [যিহোৱাৰ NW] নামত প্ৰাৰ্থনা কৰে, তেওঁ পৰিত্ৰাণ পাব। পাছে যি জনাত তেওঁবিলাকে বিশ্বাস কৰা নাই, সেই জনাৰ আগত কেনেকৈ প্ৰাৰ্থনা কৰিব? আৰু যি জনাৰ বিষয়ে শুনা নাই, তেওঁত নো কেনেকৈ বিশ্বাস কৰিব?”—ৰোমীয়া ১০:১৩, ১৪.

২১. প্ৰচাৰকাৰ্য্যত ভাগ লবলৈ পোৱা সুযোগত আমি কেনে অনুভৱ কৰা উচিত?

২১ এনেধৰণৰ বিশ্বব্যাপি প্ৰচাৰ আৰু শিক্ষা দিয়া কাৰ্য্যত ভাগ লোৱাতো কিযে এক বিশেষ অধিকাৰ! যিহেতু এই কাৰ্য্যত ভাগ লোৱা ইমান সহজ নহয়। তথাপিও তেওঁৰ লোকসকলে যেতিয়া বিশ্বাসী হৈ সত্য পথৰ অনুসাৰে জীৱন-যাপন কৰে আৰু আনৰ সৈতে এই জ্ঞানৰ বিতৰণ কৰে, তেতিয়া যিহোৱাই ইয়াকে দেখি অতি আনন্দিত হয়! গতিকে সকলো পৰিস্থিতিতে ঈশ্বৰৰ আত্মা আৰু প্ৰেমে আপোনাৰ হৃদয়ক প্ৰচাৰ কাৰ্য্যত ভাগ লবলৈ প্ৰেৰিত কৰিব। গোটেই বিশ্বত সম্পন্ন হোৱা এই প্ৰচাৰ কাৰ্য্যই, এই কথাৰ প্ৰমাণ দিয়ে যে অতি সোনকালে যিহোৱা ঈশ্বৰে নিজে প্ৰতিজ্ঞাত দেশ আনিব যʼত, “নতুন আকাশ-মণ্ডল আৰু নতুন পৃথিৱী হʼব আৰু সেইবোৰত ধাৰ্ম্মিকতা নিবাস কৰে।”—২ পিতৰ ৩:১৩. (w01 4/1)

আপুনি স্মৰণ কৰিব পাৰেনে?

•কিয় ধৰ্ম্মত্যাগীসকলে শুভবাৰ্ত্তাৰ প্ৰচাৰ কাৰ্য্য বন্ধ কৰিব নোৱাৰিলে?

•আজি আমাৰ দিনত ঈশ্বৰৰ বাক্য কেনেকৈ প্ৰবল হৈছে?

•আজিৰ সময়ত পবিত্ৰ আত্মাই কেনে প্ৰকাৰে কাৰ্য্য কৰিছে?

•প্ৰচাৰকাৰ্য্যৰ সৈতে মুক্তিপণ বলিদানৰ কেনেকৈ সন্মিলিত আছে?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[১৬ পৃষ্ঠাৰ ছবি]

(লেখনিটো সম্পূৰ্ণ ফৰমেটত চাবলৈ, প্ৰকাশনত চাওক)

২০ শং শতাব্দীত ৰাজ্য ঘোষণাকাৰীবিলাকৰ সংখ্যাত হোৱা বৃদ্ধি

প্ৰচাৰসকলৰ গঢ় সংখ্যা (লাখত)

৬০

৫৫

৫০

৪৫

৪০

৩৫

৩০

২৫

২০

১৫

১০

১৯০০ ১৯১০ ১৯২০ ১৯৩০ ১৯৪০ ১৯৫০ ১৯৬০ ১৯৭০ ১৯৮০ ১৯৯০ ২০০০

[২১ পৃষ্ঠাৰ ছবি]

জেৰম

ট্যানদেল

গ্যাটেনবাৰ্গ

হউচ্‌

[স্বীকৃতিপ্ৰাপ্ত ছবিসমূহ]

গ্যাটেনবাৰ্গ আৰু হউচ: From the book The Story of Liberty, 1878

[২১ পৃষ্ঠাৰ ছবি]

১৯২০ চনত বাইবেল বিদ্যাৰ্থীসকলে শুভবাৰ্ত্তা প্ৰচাৰ কৰা

[২২, ২৩ পৃষ্ঠাৰ ছবি]

সমুদায় পৃথিৱীৰ লোকসকলে শুভবাৰ্ত্তা প্ৰচাৰ কাৰ্য্যৰ প্ৰতি সঁহাৰি জনাইছে

[২৪ পৃষ্ঠাৰ ছবি]

ঈশ্বৰে যীচুৰ মুক্তিপণ বলিদানৰ দ্বাৰা প্ৰেম প্ৰকাশ কৰাৰ দৰে প্ৰচাৰ কাৰ্য্যই তেওঁৰ প্ৰেম প্ৰকাশ কৰে