Skip to content

Skip to table of contents

আনন্দময় ঈশ্বৰৰ সৈতে উল্লাসিত হওঁক

আনন্দময় ঈশ্বৰৰ সৈতে উল্লাসিত হওঁক

আনন্দময় ঈশ্বৰৰ সৈতে উল্লাসিত হওঁক

“শেষতে, হে ভাইবিলাক, তোমালোকে আনন্দ কৰা, . . . তাতে প্ৰেম আৰু শান্তিৰ আকৰ ঈশ্বৰ তোমালোকৰ লগত থাকিব।”—২ কৰিন্থীয়া ১৩:১১.

১, ২. (ক)বহুতে কিয় আনন্দিত নহয়? (খ) আনন্দ কি আৰু ইয়াক আমি কেনেকৈ বিকাশিত কৰিব পাৰোঁ?

 এই কঠিন পৰিস্থিতিৰ মাজত থকাৰ বাবে লোকসকলে আনন্দিত হোৱাৰ কাৰণ বিচাৰি নাপাই। কিন্তু যেতিয়া তেওঁলোকৰ ওপৰত কোনো বিপত্তি আহে বা তেওঁলোকে আপোনজনাক মৃত্যুত হেৰুৱালগীয়া হয়, তেতিয়া তেওঁলোকে হয়তো প্ৰাচীন সময়ত থকা ইয়োব নামৰ ব্যক্তিৰ দৰে অনুভৱ কৰে। তেওঁ এইদৰে কৈছিল: “তিৰোতাৰ পৰা জন্ম পোৱা যি মনুষ্য, তেওঁ অলপদিনীয়া আৰু দুখেৰে পৰিপূৰ্ণ।” (ইয়োব ১৪:১) এতেকে “শেষ-কালত ভয়ঙ্কৰ সময় উপস্থিত” হোৱাৰ বাবে খ্ৰীষ্টানসকলে মানসিক আঘাত বা বেদনাৰ পৰা হাত সাৰিব নোৱাৰে। সেয়েহে বহুতো যিহোৱাৰ বিশ্বাসী সেৱকে নিৰুৎসাহিত হোৱাতো কোনো আচৰিত কথা নহয়।—২ তীমথিয় ৩:১.

তথাপি পৰীক্ষাসমূহৰ সন্মুখীন হোৱাৰ স্বত্ত্বেও খ্ৰীষ্টানসকলে নিজৰ আনন্দ বজাই ৰাখিব পাৰে। এইটো কেনেকৈ সম্ভব হʼব পাৰে তাকে বুজিবলৈ আহঁক প্ৰথমতে আমি বিবেচনা কৰোঁ যে আনন্দ কি? আনন্দক এনেদৰে বৰ্ণনা কৰিব পাৰি, আনন্দ হৈছে: “কিবা এটা বস্তু প্ৰাপ্ত কৰি বা কোনো কাৰ্য্য সম্পন্ন কৰা ফলত হোৱা উত্তেজনা।” * উদাহৰণস্বৰূপে, যেতিয়া আমি বৰ্তমান সময়ত লাভ কৰা আৰু ভৱিষ্যতে নতুন পৃথিৱীত পাবলগীয়া আশীৰ্ব্বাদসমূহৰ বিষয়ে বিবেচনা কৰোঁ, তেতিয়া আমি আনন্দিত হওঁ।

৩. আমি কি অৰ্থত কʼব পাৰোঁ যে আমাৰ প্ৰত্যেকৰে ওচৰত অন্ততঃ অলপ হলেও আনন্দিত হোৱাৰ কাৰণ আছে?

প্ৰত্যেকে কিছু পৰিমাণে আশীৰ্ব্বাদ পোৱাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। এটা পৰিয়ালৰ মুখীয়ালে হয়তো নিজৰ চাকৰি হেৰুৱাৰ বাবে চিন্তিত হোৱাটো স্বভাৱিক। কিয়নো তেওঁৰ ওপৰত পৰিয়ালৰ ভৰণ-পোষণৰ দায়িত্ব আছে। যদি তেওঁ শাৰীৰিকৰূপে শক্তিশালী আৰু তেওঁৰ স্বাস্থ্য ভাল তেনেহʼলে তেওঁ কৃতজ্ঞ হʼব পাৰে। কিয়নো তেওঁ যদি কোনো চাকৰি পাই তেনেহʼলে কঠিন পৰিশ্ৰম কৰিব পাৰিব। আনহাতে, যদি এগৰাকী খ্ৰীষ্টান ভনীয়ে গম্ভীৰ ৰোগত আক্ৰন্ত হৈছে তথাপিও তাই কৃতজ্ঞ হʼব পাৰে। কিয়নো তাইৰ বন্ধু-বান্ধৱী আৰু পৰিয়ালৰ সদস্যই তাইক সাহসী হৈ সেই ৰোগৰ সন্মূখীন হবলৈ সহায় আগবঢ়াইছে। সকলো প্ৰকৃত খ্ৰীষ্টানসকলৰ পৰিস্থিতি যেনেকুৱাই নহওঁক কিয়, তেওঁলোকে ইয়াকে জানি সুখী হʼব পাৰে যে যিহোৱা এজন “আনন্দিত ঈশ্বৰ,” আৰু যীচু হৈছে “আনন্দ আৰু একমাত্ৰ অধিকাৰী জনা।” (১ তীমথিয় ১:১১; ৬:১৫, NW) সঁচাকৈ, যিহোৱা আৰু যীচু খ্ৰীষ্টই হৈছে সকলোতকৈ আনন্দিত জনা। সেইবাবে বৰ্তমান পৰিস্থিতিসমূহ যিহোৱাৰ উদ্দেশ্যৰ অনুসাৰে নোহোৱাৰ স্বত্ত্বেও যিহোৱাৰ সেৱকসকলে তেওঁলোকৰ আনন্দ বজাই ৰাখিছে। তেওঁলোকে ৰখা আৰ্হিয়ে আমাক আনন্দ বজাই ৰখাত সহায় কৰে।

তেওঁলোকে কেতিয়াও আনন্দৰ পৰা বঞ্চিত নহʼল

৪, ৫. (ক)প্ৰথম মানৱ দম্পতীয়ে যিহোৱাক বিৰোধ কৰাৰ স্বত্ত্বেও তেওঁ কেনে প্ৰতিক্ৰিয়া দেখুৱাইছিল? (খ) যিহোৱাই মানুহলৈ কেনে সঠিক মনোবৃত্তি ৰাখিলে?

আদম আৰু হৱাই এদন বাগিছাত এক উত্তম স্বাস্থ্য আৰু সিদ্ধ মনৰ সৈতে জীৱন-যাপন কৰিছিল। তদুপৰি কাৰ্য্য কৰিবৰ বাবে তেওঁলোকৰ ওচৰত ফলদায়ক কাৰ্য্য আৰু বুদ্ধি আছিল। আটাইতকৈ উত্তম বিষয় আছিল যে তেওঁলোকে পোনপটীয়াকৈ যিহোৱাৰ সৈতে নিতৌ কথা পাতিব পাৰিছিল। ভৱিষ্যতেও যেন তেওঁলোকে আনন্দিত হৈ এই আশীৰ্ব্বাদসমূহৰ আনন্দ লাভ কৰিব পাৰে, এইটোৱে ঈশ্বৰৰ উদ্দেশ্য আছিল। কিন্তু দুখৰ বিষয় এই যে আমাৰ প্ৰথম পিতৃ-মাতৃয়ে সেইবোৰ প্ৰাপ্ত কৰিও আনন্দিত নাছিল। গতিকে তেওঁলোকক “ভাল বেয়া জ্ঞান দিওঁতা বৃক্ষৰ” ফল নেখাবলৈ আজ্ঞা দিয়াৰ স্বত্ত্বেও সেই ফল চুৰি কৰি খালে। তেওঁলোকে ঈশ্বৰৰ আজ্ঞা উলঙ্ঘন কৰাৰ বাবে আমি সকলোৱে অৰ্থাৎ তেওঁৰ সন্তান-সন্ততিয়ে প্ৰকৃত আনন্দৰ পৰা বঞ্চিত হʼবলগীয়া হʼল।—আদিপুস্তক ২:১৫-১৭; ৩:৬; ৰোমীয়া ৫:১২.

তেওঁলোকে যদিও ঈশ্বৰৰ আজ্ঞাক উলঙ্ঘন কৰিলে, তথাপিও যিহোৱাই তেওঁৰ আনন্দক বজাই ৰাখিলে। কিয়নো তেওঁ জানিছিল যে তেওঁলোকৰ কিছুমান সন্তান-সন্ততিৰ হৃদয়ে যিহোৱাক সেৱা কৰিবলৈ প্ৰেৰিত কৰিব। তেওঁ আদম আৰু হৱাৰ সন্তান-সন্ততিৰ প্ৰতি ইমানেই নিশ্চিত আছিল যে সেয়েহে তেওঁ সন্তান-সন্ততিৰ জন্ম দিয়াৰ পূৰ্বেই তেওঁলোকৰ উদ্ধাৰ বাবে ঘোষণা কৰিলে! (আদিপুস্তক ১:৩১; ৩:১৫) শতাব্দী ধৰি আদম আৰু হৱাৰ বেছিভাগ সন্তান-সন্ততিয়ে তেওঁলোকৰ পদ চিন্হক অনুকৰণ কৰিছিল যদিও যিহোৱাই তেওঁলোকক সম্পূৰ্ণৰূপে ত্যাগ দিয়া নাছিল। কিন্তু ইয়াৰ বিপৰীতে যিহোৱাই তেনে লোকবিলাকৰ ওপৰত মনোযোগ দিলে, যিসকলে তেওঁক মনে-প্ৰাণে প্ৰেম কৰাৰ বাবে তেওঁৰ আজ্ঞাসমূহক যত্নৰে পালন কৰি “তেওঁৰ মন আনন্দিত’ কৰিছিল।—হিতোপদেশ ২৭:১১; ইব্ৰী ৬:১০.

৬, ৭. কি কাৰণসমূহৰ বাবে যীচুৱে নিজৰ আনন্দক বজাই ৰাখিব পাৰিলে?

যীচুৱে কেনে প্ৰতিক্ৰিয়া দেখুৱালে—তেওঁ কেনেকৈ নিজৰ আনন্দ বজাই ৰাখিলে? তেওঁ স্বৰ্গত এজন শক্তিশালী আত্মিক প্ৰাণী হোৱাৰ বাবে এই পৃথিৱীত পুৰুষ আৰু স্ত্ৰীবিলাকে কৰা সকলোবোৰ গতিবিধিক লক্ষ্য কৰিছিল। যদিও তেওঁলোকে অপৰিপূৰ্ণ আছিল তথাপিও যীচুৱে তেওঁলোকক প্ৰেম কৰিছিল। (হিতোপদেশ ৮:৩১) পাছলৈ, যেতিয়া তেওঁ পৃথিৱীত মানুহৰূপে আহিছিল তেতিয়াও তেওঁৰ দৃষ্টিকোণ সেই একেই আছিল। (যোহন ১:১৪) কিহে তেওঁক অপৰিপূৰ্ণ মানৱজাতিৰ প্ৰতি এক সঠিক মনোবৃত্তি বজাই ৰাখিবলৈ সহায় কৰিলে?

সৰ্ব্বপ্ৰথমে, তেওঁ নিজৰ আৰু আনৰ পৰা যুক্তিসঙ্গতভাৱে অপেক্ষা কৰিছিল। তেওঁ জানিছিল যে পৃথৱীখনত তেওঁ মানুহৰ মনোভাৱ বা তেওঁলোকৰ ৰীতি-নীতিক সলনি কৰিবলৈ অহা নাই। (মথি ১০:৩২-৩৯) কিন্তু তথাপিও যেতিয়া কোনো নম্ৰ ব্যক্তিয়ে তেওঁ প্ৰচাৰ কৰা শুভবাৰ্ত্তাৰ প্ৰতি সহাঁৰি জনাইছিল তেতিয়া যীচুৱে আনন্দিত হৈছিল। যিহেতু তেওঁৰ শিষ্যসকলৰ আচাৰ-ব্যৱহাৰ আৰু মনোবৃত্তি কেতিয়াবা তেওঁৰ বাবে অসন্তোষজনক আছিল তথাপিও তেওঁ জানিছিল যে বাস্তৱতে শিষ্যসকলে মনে-প্ৰাণে ঈশ্বৰৰ ইচ্ছাক পালন কৰিব বিচাৰে। সেইবাবে যীচুৱে তেওঁৰ শিষ্যসকলক প্ৰেম কৰিছিল। (লূক ৯:৪৬; ২২:২৪, ২৮-৩২, ৬০-৬২) মনকৰিবলগীয়া এই যে শিষ্যসকলে লোৱা সঠিক পদক্ষেপসমূহৰ বিষয়ে যীচুৱে প্ৰাৰ্থনাৰ যোগেদি তেওঁৰ পিতৃ যিহোৱাক জনাইছিল। সেয়াহে তেওঁ এইদৰে কৈছিল: “তেওঁবিলাকে তোমাৰ বাক্য পালন কৰিলে।”—যোহন ১৭:৬.

৮. আমাৰ আনন্দক বজাই ৰাখিবলৈ আমি কেনেকৈ যিহোৱা আৰু যীচুৰ আৰ্হিক অনুকৰণ কৰিব পাৰোঁ, তাৰে কিছুমান প্ৰণালীক উল্লেখ কৰক।

নিসন্দেহ, এই সন্দৰ্ভত যিহোৱা আৰু যীচুয়ে ৰখা আৰ্হিক সাৱধানে বিবেচনা কৰি আমি সকলোৱে লাভৱান হʼব পাৰোঁ। যেতিয়া আমি বিচৰা অনুসাৰে কাৰ্য্য নহয়, তেতিয়া আমি তাৰ প্ৰতি অত্যন্ত চিন্তিত হোৱাৰ পৰিৱৰ্তে যিহোৱাৰ আৰ্হিক সম্পূৰ্ণভাৱে অনুকৰণ কৰিবলৈ চেষ্টা কৰোঁনে? বৰ্তমান আমি যি পৰিস্থিতিত বাস কৰি আছোঁ, এনে অৱস্থাত আমি যীচুৱে দেখুৱা সঠিক মনোবৃত্তিক নিবিড়ভাৱে অনুৰণ কৰি আমি নিজৰ আৰু আনৰ বাবে সঠিক মনোবৃত্তি দেখুৱাওঁ নে? এতেকে আঁহক আমি বিবেচনা কৰোঁ যে কেনেকৈ সেই সিদ্ধান্তসমূহক আমি নিজৰ জীৱনত কাৰ্য্যকাৰীৰূপে ব্যৱহাৰ কৰিব পাৰোঁ, যিটো এজন উৎসাহি হৈ প্ৰচাৰ কাৰ্য্যত ভাগ লোৱা খ্ৰীষ্টানৰ বাবে অতি গুৰুত্বপূৰ্ণ।

প্ৰচাৰ কাৰ্য্যৰ প্ৰতি সঠিক মনোবৃত্তি বজাই ৰাখক

৯. যিৰিমিয়াই কেনেকৈ নিজৰ হেৰুৱা আনন্দক পুনৰাই লাভ কৰিব পাৰিলে আৰু তেওঁৰ আৰ্হিৰ পৰা আমি কি শিকিব পাৰোঁ?

যিহোৱাৰ ইচ্ছা এই যে আমি তেওঁৰ সেৱাত আনন্দ লাভ কৰোঁ। আমাৰ আনন্দ কেৱল আমি লাভ কৰা প্ৰতিফলৰ ওপৰত নিৰ্ভৰশীল হোৱা উচিত নহয়। (লূক ১০:১৭, ২০) উদাৰণস্বৰূপে ভবিষ্যতবক্তা যিৰিমিয়াই কিছুবছৰ ধৰি এনে এখন স্থানত প্ৰচাৰ কৰিছিল যʼত কোনো ফল পোৱা নগʼল। যেতিয়া তেওঁ সেই ঠাইৰ লোকসকলৰ অস্বীকাৰমূলক প্ৰতিক্ৰিয়াৰ ওপৰত বিবেচনা কৰিব ধৰিলে, তেতিয়া তেওঁ নিজৰ আনন্দ প্ৰায়ে হেৰুৱাই পেলাইছিল। (যিৰিমিয়া ২০:৮) কিন্তু যেতিয়া তেওঁ কোৱা যিহোৱাৰ বাৰ্ত্তাৰ উত্তম বিষয়বোৰৰ সম্পৰ্কে বিবেচনা কৰিলে, তেতিয়া তেওঁ পুনৰাই আনন্দ ঘূৰাই পালে। গতিকে যিৰিমিয়াই যিহোৱাক এইদৰে কৈছিল: “মই তোমাৰ বাক্যবোৰ পোৱা মাত্ৰকে অতি আগ্ৰহেৰে গ্ৰহণ কৰিলোঁ, আৰু তোমাৰ বাক্যবোৰ মোৰ পক্ষে মোৰ মনৰ আনন্দ আৰু উল্লাসজনক হল; কিয়নো হে বাহিনীবিলাকৰ ঈশ্বৰ যিহোৱা, মই তোমাৰ নামেৰে প্ৰখ্যাত।” (যিৰিমিয়া ১৫:১৬) নিসন্দেহ যিৰিমিয়াই যিহোৱাৰ বাক্যৰ বিষয়ে প্ৰচাৰকাৰ্য্য কৰিবলৈ বিশেষ অধিকাৰৰ বাবে আনন্দিত হৈছিল। ঠিক একেইদৰে আমিও হʼব পাৰোঁ।

১০. প্ৰচাৰৰ এলেকাবোৰত সঠিক ফল নোপোৱাৰ স্বত্ত্বেও আমি কেনেকৈ প্ৰচাৰ কাৰ্য্যৰ প্ৰতি আমাৰ আনন্দ বজাই ৰাখিব পাৰোঁ?

১০ বৰ্তমান সময়ত বেছিভাগ লোকে আমাৰ প্ৰচাৰ কাৰ্য্যৰ প্ৰতি অস্বীকাৰমূলক মনোবৃত্তি দেখুৱাৰ স্বত্ত্বেও আমি আনন্দিত হোৱাৰ অনেক কাৰণ আছে। যেনেকৈ ওপৰত উল্লেখ কৰা হৈছে যে যিহোৱাই নিশ্চিতভাৱে জানিছিল যে মানৱ পৰিয়ালৰ সকলোৱে নহয় কিন্তু কিছুমানেহে তেওঁৰ উপাসনা কৰিবলৈ আগবাঢ়ি আহিব। যিহোৱাৰ দৰে আমিও মনোভাৱ ৰাখি শুভবাৰ্ত্তা প্ৰচাৰ কৰা আৱশ্যক। এটা সময়ত আমি নিজেই দেখিবলৈ পাম যে কিছুমান লোকে আমাৰ বাৰ্ত্তাক গ্ৰহণ কৰিছে। আমি এটা কথা মনত ৰাখা উচিত যে মানুহৰ পৰিস্থিতি সদায়ে একে নাথাকে। হয়তো অকস্মাতে হোৱা লোকচান বা সংকটৰ বাবে এজন আত্ম-সন্তোষ্টি ব্যক্তিয়ে নিজৰ জীৱনৰ গভীৰ উদ্দেশ্যৰ বিষয়ে জানিবলৈ আগ্ৰহী হয়। গতিকে সেইসময়ত আপুনি তেনে ‘আধ্যাত্মিকতাত দৰিদ্ৰবিলাকক’ সহায় কৰিবলৈ উপস্থিত থাকিবনে? (মথি ৫:৩) এসময়ত যিসকলে আপুনি কোৱা বাৰ্ত্তাক গ্ৰহণ কৰে, তেওঁলোকৰ ওচৰলৈ পুনৰাই যাবলৈ আঁচনি তৈয়াৰ নকৰে কিয়!

১১, ১২. এখন সৰু চহৰত কি ঘটিল আৰু আমি ইয়াৰ পৰা কি শিকিব পাৰোঁ?

১১ আমি থকা ঠাইবোৰৰো পৰিস্থিতি পৰিৱৰ্তন হʼব পাৰে। উদাহৰণস্বৰূপে, এখন সৰু চহৰত এহাল দম্পতীয়ে তেওঁলোকৰ লʼৰা-ছোৱালীৰ সৈতে বাস কৰিছিল। যেতিয়া যিহোৱাৰ সাক্ষীসকলে তেওঁলোকৰ এলেকাত প্ৰচাৰ কৰে, তেতিয়া প্ৰায় সকলোৰে মুখৰ পৰা শুনিবলৈ পাই যে, “আমি জানিবলৈ আগ্ৰহী নহওঁ!” যদিও কোনোবাই শুভবাৰ্ত্তাৰ প্ৰতি আগ্ৰহী হৈছিল, তেওঁলোকৰ ওচৰ চুবুৰীয়াই নিৰুৎসাহিত কৰাৰ বাবে যিহোৱাৰ সাক্ষীসকলক পুনৰ আমন্ত্ৰণ নকৰিছিল। গতিকে তেনে ক্ষেত্ৰত প্ৰচাৰকাৰ্য্য কৰাটো সঁচাকৈ প্ৰত্যাহ্বানজনক আছিল। তথাপিও, সাক্ষীসকলে সেই এলেকাত প্ৰচাৰ কৰি থাকিল। তাৰ কেনে পৰিণাম পোৱা গʼল?

১২ সময় অতিবাহিত হোৱাৰ লগে লগে সেই ঠাইত বাস কৰা বহুতো লʼৰা-ছোৱালীয়ে ডাঙৰ-দীঘল হৈ বিয়া-বাৰু কৰাই ঘৰ-সংসাৰ পাতিলে। কিন্তু তেওঁলোকৰ কিছুমানে উপলদ্ধি কৰিব ধৰিলে যে তেওঁলোকে জীৱনত ক্ৰমন্বায়ে সুখ-শান্তি হেৰুৱাই পেলাইছে আৰু আন কিছুমানে সত্যক অনুসন্ধান কৰিব ধৰিলে। তেওঁলোকে যিহোৱাৰ সাক্ষীসকলৰ শুভবাৰ্ত্তাক গ্ৰহণ কৰা দ্বাৰা সত্যক বিচাৰি পালে। তাত থকা সৰু মণ্ডলীত সত্য উপাসকৰ সংখ্যা বৃদ্ধি হʼব ধৰিলে। সেই ভাই-ভনীসকলে শুভবাৰ্ত্তাৰ প্ৰতি সঁহাৰি নেদেখুৱাৰ স্বত্ত্বেও প্ৰচাৰ কাৰ্য্যক ত্যাগ নকৰাৰ বাবে এই বৃদ্ধি দেখি কিমান যে আনন্দিত হৈছিল! ঠিক সেইদৰে আমি যদি প্ৰচাৰ কাৰ্য্যত একেৰাহে লাগি থাকোঁ, তেতিয়াহʼলে ই আমালৈ আনন্দ কঢ়িয়াই নানিবনে বাৰু!

সহ-উপাসকসকলে আপোনাক সহায় কৰিব

১৩. যেতিয়া আমি নিৰুসাহিত হৈ পৰোঁ তেতিয়া সান্ত্বনাৰ বাবে কালৈ আশাৰে বাট চোৱা উচিত?

১৩ যেতিয়া দুখৰ ঘন কলা ডাৱৰ বা বিপদে আপোনাক আগুৰি ধৰে, তেনে অৱস্থাত আপুনি কাৰ পৰা সান্ত্বনা লাভ কৰিব পাৰে? বৰ্তমান সময়ত থকা লাখ সংখ্যক যিহোৱাৰ সাক্ষীসকলে তেনে অৱস্থাত সৰ্বপ্ৰথমে যিহোৱালৈ প্ৰাৰ্থনা কৰে, তাৰ পাছত সঙ্গী উপাসকসকলৰ সহায় বিচাৰে। সেইবাবে যীচুৱে পৃথিৱীত থকা সময়ছোৱাত তেওঁ নিজেই তেওঁৰ শিষ্যসকলক সহায় কৰিছিল। তেওঁৰ মৃত্যুৰ আগনিশা যীচুৱে শিষ্যসকলক এইদৰে কৈছিল: “তোমালোক মোৰ সকলো পৰীক্ষাৰ কালত, মোৰ লগত থকা লোক হৈছা।” (লূক ২২:২৮) যদিও তেওঁৰ শিষ্যসকল অসিদ্ধ আছিল, কিন্তু যিহোৱাৰ প্ৰতি তেওঁলোকৰ নিষ্ঠা দেখি যীচুৱে সান্ত্বনা লাভ কৰিছিল। তেনেদৰে আমিও আমাৰ সঙ্গী উপাসকসকলৰ দ্বাৰা বিশ্বাসত দৃঢ় হʼব পাৰোঁ।

১৪, ১৫. মীচেল আৰু ডায়েন নামৰ দম্পতী হালক তেওঁলোকৰ পুত্ৰ যোনাথনৰ মৃত্যুৰ সৈতে সন্মূখীন হʼবলৈ কেনেকৈ সহায় লাভ কৰিলে আৰু তেওঁলোকৰ সেই অভিজ্ঞতাৰ পৰা আপুনি কি শিকিব পাৰিলে?

১৪ মীচেল আৰু ডায়েন নামৰ এহাল খ্ৰীষ্টান বিবাহিতা দম্পতীয়ে জানিব পাৰিলে যে কেনেকৈ খ্ৰীষ্টান ভাই-ভনীসকলে তেওঁলোকলৈ বহুমূলীয়া সহায় আগবঢ়ালে। যোনাথন নামৰ তেওঁলোকৰ ২০ বছৰীয়া পুতেকৰ মগজুত টিউমাৰ হোৱাৰ বাবে চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হয়। চিকিৎসকসকলে তেওঁক বচাবলৈ বহু প্ৰকাৰৰ চেষ্টা কৰিলে। কিন্তু সকলোবোৰ ব্যৰ্থ হʼল, যোনাথনৰ অৱস্থা একেবাৰে বেয়ালৈ ধাল খাব ধৰিলে আৰু পাছদিনা আবেলি তেওঁৰ মৃত্যু হʼল। ইয়াকে দেখি মীচেল আৰু ডায়েনই মানসিকৰূপে ভাঙি পৰে। তাৰ পাছত তেওঁলোকে উপলব্ধি কৰিব পাৰিলে যে ইতিমধ্যে সেৱা সভাত উপস্থিত হোৱাৰ বাবে পলম হৈ গʼল। তথাপিও তেওঁলোকে সান্ত্বনা লাভ কৰিবলৈ, তেওঁলোকৰ সৈতে থকা প্ৰাচীনজনক নিৱেদন কৰে তেওঁ যেন তেওঁলোকৰ সৈতে ৰাজ্যগৃহলৈ যায়। যেতিয়া তেওঁলোকে ৰাজ্যগৃহত প্ৰবেশ কৰে, তেতিয়া যোনাথনৰ মৃত্যুৰ বিষয়ে মণ্ডলীত ঘোষণা কৰা হয়। সভাৰ সমাপ্তিৰ পাছত সকলো ভাই-ভনীয়ে পুত্ৰ হেৰুৱাৰ দুখত ক্ৰন্দন কৰা পিতৃ-মাতৃক সাৱটি ধৰি সান্ত্বনা দিয়ে। পাছলৈ ডাইনে এইদৰে কয়: “আমি একেবাৰে অকলশৰীয়া অনুভৱ কৰিছিলোঁ কিন্তু যেতিয়া ৰাজ্যগৃহত প্ৰৱেশ কৰিলোঁ, ভাই-ভনীসকলৰ পৰা পোৱা সান্ত্বনা বাক্যই আমাক কিমান যে শক্তিশালী কৰি তুলিলে! তেওঁলোকে সম্পূৰ্ণৰূপে আমাৰ মানসিক দুখ দূৰ কৰিব নোৱাৰিলে যদিও আমাক এই পৰিস্থিতিৰ সৈতে সন্মূখীন হʼবলৈ সহায় কৰিলে!”—ৰোমীয়া ১:১১, ১২; ১ কৰিন্থীয়া ১২:২১-২৬.

১৫ মীচেল আৰু ডায়েনৰ ওপৰত অহা সেই বিপত্তিয়ে তেওঁলোকক ভাই-ভনীসকলৰ অধিক কাষ চাপিবলৈ সুযোগ দিলে। ইয়াৰ ওপৰিও তেওঁলোক নিজেও ইজনে-সিজনৰ কাষ চাপি আহিল। এই বিষয়ে মীচেলে এইদৰে নিজৰ মনোভাৱ প্ৰকাশ কৰিলে: “মই কেনেকৈ অধিকৈ মোৰ পত্নীক প্ৰেম কৰিব লাগে তাৰ বিষয়ে শিকিব পাৰিলোঁ। যেতিয়া আমি নিৰুৎসাহি হৈ পৰোঁ তেতিয়া আমি দুয়োজনে একেলগে মিলি যিহোৱাই লোৱা তত্ত্বাৱধানৰ বিষয়ে আলোচনা কৰোঁ।” ডাইনেও এইদৰে কʼলে: “এতিয়া আমাৰ বাবে ঈশ্বৰৰ ৰাজ্যৰ প্ৰতি থকা আশা আগতকৈও দৃঢ় হৈ পৰিল।”

১৬. আমাৰ আৱশ্যকতাৰ বিষয়ে ভাই-ভনীসকলক কিয় সঙ্কোচ নকৰাকৈ জনোৱা উচিত?

১৬ সঁচাকৈ খ্ৰীষ্টান ভাই-ভনীসকলে দুখ-কষ্টৰ সময়ত আমাৰ বাবে “শান্তিজনক” আৰু আনন্দ বজাই ৰাখিবলৈ সহায় প্ৰদান কৰে। (কলচীয়া ৪:১১) অৱশ্যে, এইটো সঁচা যে তেওঁলোকে আমাৰ মনত কি আছে তাক জানিব নোৱাৰে। গতিকে, যেতিয়া আমাক সহায়ৰ প্ৰয়োজন, তেতিয়া কোনো সঙ্কোচ নকৰাকৈ আমি তেওঁলোকক জনোৱা উচিত। তেওঁলোকৰ পৰা পোৱা সহায়ক আমি যিহোৱাই প্ৰদান কৰা সহায় হিচাপে দৃষ্টি কৰি, তাৰ প্ৰতি কৃতজ্ঞ হোৱা আৱশ্যক।—হিতোপদেশ ১২:২৫; ১৭:১৭.

আপোনাৰ মণ্ডলীত থকা ভাই-ভনীসকলক লক্ষ্য কৰক

১৭. এগৰাকী এক জনক মাতৃয়ে কেনেধৰণৰ সমস্যাৰ সন্মুখীন হৈছিল আৰু আমি তাইৰ দৰে থকা আন ভাই-ভনীক কেনে দৃষ্টি কৰা উচিত?

১৭ আপুনি যিমানেই নিবিড়ভাৱে আপোনাৰ সঙ্গী উপাসকলক লক্ষ্য কৰিব সিমানেই তেওঁলোকৰ প্ৰতি কৃতজ্ঞতা হʼব। তেনে ভাই-ভনীৰ সৈতে সঙ্গতি কৰি নিশ্চয়ে আনন্দ লাভ কৰিব। আপোনাৰ মণ্ডলীত থকা ভাই-ভনীসকলক লক্ষ্য কৰক। আপুনি কি দেখিবলৈ পাইছে? আপোনাৰ মণ্ডলীত কোনো এনে ভাই-ভনী আছনে যিসকল এক জনক পিতৃ বা মাতৃ আৰু নিজৰ লʼৰা-ছোৱালীক সত্যত প্ৰতিপাল দিবলৈ কঠোৰ পৰিশ্ৰম কৰিছে? আপুনি সেই ভনী গৰাকীয়ে ৰখা উত্তম আৰ্হিক লক্ষ্য কৰিছেনে? তাই সন্মূখীন হোৱা কিছুমান সমস্যাৰ বিষয়ে বিবেচনা কৰক। উদাহৰণস্বৰূপে জিনয়াইন্‌ নামৰ এগৰাকী এক জনক মাতৃয়ে সন্মূখীন হোৱা কিছুমান সমস্যাৰ বিষয়ে বিবেচনা কৰক, যেনে ভনীগৰাকীয়ে অকলশৰীয়া অনুভৱ কৰা, কৰ্ম্ম ক্ষেত্ৰৰ পৰা অহা অনৈতিক হেঁচা আৰু অত্যন্ত সীমিত অৰ্থৰ সৈতে জীৱন-যাপন কৰা। কিন্তু জিনয়াইনে সন্মূখীন হোৱা আন এক সমস্যাৰ বিষয়ে এইদৰে কৈছিল: “স্বামী নথকাৰ বাবে নিজৰ লʼৰাটোক ঘৰখনৰ মুখীয়ালৰ দায়িত্ব গতাই দিয়া মনোভাৱক স্বীকাৰ নকৰাটো এক প্ৰত্যাহ্বানজনক বিষয় হʼব পাৰে। কিন্তু মোৰ হʼলে এজনী ছোৱালী আছে আৰু মোৰ সমস্যাবোৰ যে তাইৰ বাবে বোজা হোৱা নাই, এই কথা কোৱাতো কঠিন।” তথাপিও ঈশ্বৰলৈ ভয় ৰাখোঁতা হাজাৰ-হাজাৰ এক জনক পিতৃ বা মাতৃসকলৰ নিচিনাকৈ জিনয়াইনো পূৰ্ণ-সময়ৰ চাকৰি কৰে আৰু ঘৰখনৰ যত্ন লয়। তদুপৰি তাই জীয়েকৰ সৈতে বাইবেল অধ্যয়ন কৰে, প্ৰচাৰকাৰ্য্যৰ বাবে প্ৰশিক্ষন দিয়ে আৰু সভালৈ লৈ যায়। (ইফিচীয়া ৬:৪) এই এক জনক মাতৃৰ পৰিয়ালে অখণ্ডতা বজাই ৰাখিবলৈ কৰা প্ৰচেষ্টা দেখি যিহোৱাই কিমান যে আনন্দিত হয়! এনেধৰণৰ ভাই-ভনীসকলক আমাৰ মাজত পাই, আমি আনন্দিত নহওঁনে বাৰু? অৱশ্যেই আমি আনন্দিত হওঁ।

১৮, ১৯. মণ্ডলীৰ সদস্যসকলৰ প্ৰতি আমি কেনেকৈ আমাৰ কৃতজ্ঞতা জ্ঞাপন কৰিব পাৰোঁ, এই বিষয়ে বৰ্ণনা কৰক।

১৮ পুনৰাই আপোনাৰ মণ্ডলীলৈ লক্ষ্য কৰক। আপুনি হয়তো বহুতো স্বামী নথকা বিশ্বাসী ভনী অথবা পত্নী নথকা বিশ্বাসী ভাইক দেখিবলৈ পাব। তেওঁলোকে সভাত ‘উপস্থিত হবলৈ কেতিয়াও নেৰে।’ (লূক ২:৩৭) তেওঁলোকে কেতিয়াবা অকলশৰীয়া অনুভৱ কৰেনে? তেওঁলোকে নিশ্চয়ে নিজৰ আপোনজনক মৃত্যুত হেৰুৱাৰ বাবে অকলশৰীয়া অনুভৱ কৰে! কিন্তু তেওঁলোকে নিজকে যিহোৱাৰ সেৱা আৰু আনৰ হিতৰ বাবে ব্যক্তিগতভাৱে চিন্তা কৰাত নিজকে ব্যস্ত ৰাখে। তেওঁলোকৰ সঠিক মনোবৃত্তিয়ে মণ্ডলীক আনন্দ বজাই ৰখাত কিমান যে সহায় কৰে! উদাহৰণস্বৰূপে, এগৰাকী খ্ৰীষ্টান ভনীৰ কথা বিবেচনা কৰক। যিগৰাকীয়ে ৩০ বছৰতকৈ অধিক সময় ধৰি পূৰ্ণ-সময়ৰ সেৱক হিচাপে যিহোৱাৰ সেৱা কৰি আহিছে। সেই ভনী গৰাকীয়ে এইদৰে কৈছিল: “মই বৃদ্ধ ভাই-ভনীসকলক দেখি অতি আনন্দিত হৈছোঁ। কিয়নো তেওঁলোকে বিভিন্ন পৰীক্ষাৰ সন্মূখীন হোৱা স্বত্ত্বেও বিশ্বাসী হৈ যিহোৱাৰ সেৱা কৰি আছে আৰু ইয়ে মোক আনন্দিত হৈ থকাত অধিক সহায় কৰে।” বাস্তৱতে আমাৰ মাজত থকা এই বৃদ্ধ খ্ৰীষ্টান ভাই-ভনীসকলে মণ্ডলীৰ ডেকা বয়সৰ খ্ৰীষ্টান ভাই-ভনীসকলক অধিক উৎসাহিত কৰি তুলে।

১৯ সভাত উপস্থিত হোৱা সেই নতুন ব্যক্তিসকলৰ বিষয়েনো কি? তেওঁলোকে যি শিকিছে তাক যে হৃদয়েৰে বিশ্বাস কৰিছে, যেতিয়া তেওঁলোকে সভাবোৰত এই কথাৰ প্ৰমাণ দিয়ে তেতিয়া আমি তেওঁলোকৰ দ্বাৰা প্ৰেৰিত নহওঁনে বাৰু? বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ পৰা এতিয়ালৈকে তেওঁলোকে কৰা উন্নতিৰ বিষয়ে বিবেচনা কৰক। যিহোৱাই নিশ্চয়ে তেওঁলোকৰ এনে কাৰ্য্যত সন্তোষ্ট হৈছে। কি আমিও আনন্দিত হোৱা নাই নে? আমি তেওঁলোকে কৰা এনে প্ৰচেষ্টাৰ বাবে প্ৰশংসা কৰোঁনে?

২০. মণ্ডলীৰ প্ৰত্যেকজন সদস্যই কেনেকৈ মণ্ডলীৰ সভাবোৰত এক মহত্বপূৰ্ণ ভূমিকা আদায় কৰে?

২০ আপুনি বিবাহিত, অবিবাহিত বা এক জনক পিতৃ অথবা মাতৃ নে? আপুনি পিতৃহীন (বা মাতৃহীন) লʼৰা-ছোৱালী, এগৰাকী বিধৱা বা এজন বৰলা ব্যক্তি নে? আপুনি অলপতে বা বহু বছৰৰ পৰা মণ্ডলীৰ ভাই-ভনীসকলৰ সৈতে সঙ্গতি কৰিছেনে? সদায়ে এটা কথা মনত ৰাখক যে আপোনাৰ উত্তম আৰ্হিয়ে আমাৰ সকলোকে উৎসাহিত কৰে। যেতিয়া আপুনি গীত গায়, সভাত মন্তব্য দিয়ে আৰু ঈশ্বৰ-শাসিত পৰিচৰ্য্যা স্কুলত নিযুক্তি ভাষণ দিয়ে, তেতিয়া আমি অধিক আনন্দিত হওঁ। সকলোতকৈ গুৰুত্বপূৰ্ণ বিষয় হৈছে, আপোনাৰ কাৰ্য্যই যিহোৱাৰ মন আনন্দিত কৰে।

২১. আমাৰ ওচৰত কেনে কাৰণসমূহ আছে, কিন্তু আমাৰ মনলৈ কেনেধৰণৰ প্ৰশ্নসমূহ উঠে?

২১ সঁচাকৈ, এই কঠিন সময়তো আমি আনন্দময় যিহোৱাৰ সেৱাত আনন্দিত হʼব পাৰোঁ। পাঁচনি পৌলৰ প্ৰেৰিত বাক্যৰ সৈতে সন্মত হবলৈ আমাৰ ওচৰত অনেক কাৰণ আছে, কিয়েনো তেওঁ এইদৰে কৈছিল: “তোমালোকে আনন্দ কৰা, সিদ্ধ হোৱা, শান্ত্বনাযুক্ত হোৱা, . . . তাতে প্ৰেম আৰু শান্তিৰ আকৰ ঈশ্বৰ তোমালোকৰ লগত থাকিব।” (২ কৰিন্থীয়া ১৩:১১) যেতিয়া আমি প্ৰাকৃতিক দুৰ্যোগ, উৎপীড়ন বা আৰ্থিক সমস্যাৰ সন্মুখীন হওঁ, সেইসময়তো আমি আনন্দিত হʼব পাৰোঁনে? তেনে অৱস্থাত আমি কেনেকৈ আমাৰ আনন্দ বজাই ৰাখিব পাৰোঁ? এই প্ৰশ্নসমূহৰ উত্তৰ পৰৱৰ্তী লেখত দিয়া হʼব। (w01 5/1)

[ফুটনোট]

^ ওৱাচ টাৱাৰ বাইবেল এণ্ড ট্ৰেক্ট চোচাইটিৰ দ্বাৰা প্ৰকাশিত ইনচাইট্‌ অন দ্যা স্কিপচাৰ্‌ নাম কিতাপৰ ২ খণ্ড, ১৯ পৃষ্ঠা চাওঁক।

আপুনি উত্তৰ দিব পাৰিবনে?

•আনন্দ শব্দৰ ভাঙনি কেনেদৰে কৰা হৈছে?

•আনন্দ বজাই ৰাখিবলৈ কেনেকৈ সঠিক মনোবৃত্তিয়ে আমাক সহায় কৰিব পাৰে?

•প্ৰচাৰ ক্ষেত্ৰত সঠিক মনোবৃত্তি বজাই ৰাখিবলৈ কিহে আমাক সহায় কৰিব পাৰে?

•কি কি প্ৰকাৰে আপুনি মণ্ডলীৰ ভাই-ভনীসকলৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিব পাৰে?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[১২ পৃষ্ঠাৰ ছবি]

আপোনাৰ মণ্ডলীত থকা খ্ৰীষ্টান ভাই-ভনীসকলে কেনেধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে?