Skip to content

Skip to table of contents

ঈশ্বৰে অনুমতি দিয়া দুখ-কষ্টৰ অন্তৰ সময় একেবাৰে কাষ চাপিল

ঈশ্বৰে অনুমতি দিয়া দুখ-কষ্টৰ অন্তৰ সময় একেবাৰে কাষ চাপিল

ঈশ্বৰে অনুমতি দিয়া দুখ-কষ্টৰ অন্তৰ সময় একেবাৰে কাষ চাপিল

 আজি সকলো স্থানতে দুখ-কষ্টৰে ভৰি থকা দেখা গৈছে। কিছুমানে আকৌ নিজৰ বিপদ নিজেই চপাই লয়। তেওঁলোকে যৌন সংক্ৰামক ৰোগ বা ধুম্ৰপান আৰু নিচা জাতীয় পদাৰ্থৰ দ্বাৰা উৎপন্ন হোৱা ৰোগত আক্ৰান্ত হৈছে। তদুপৰি তেওঁলোকে হয়তো খোৱা-বোৱাৰ প্ৰতি অৱহেলা কৰাৰ বাবে বিভিন্ন প্ৰকাৰৰ শাৰীৰিক সমস্যাৰ সন্মূখীন হয়। তথাপিও, বেছিভাগ লোকে যুদ্ধ, জাতিগত হিংসা, দৰিদ্ৰতা আৰু ৰোগ আদিৰ দৰে ক্লেশত ভোগীবলগীয়া হৈছে। তদুপৰি, মানুহে বৃদ্ধ অৱস্থা আৰু মৃত্যুক নিজৰ নিয়ন্ত্ৰণত কৰিব পৰা নাই।

কিন্তু বাইবেলত কৈছে যে “ঈশ্বৰ প্ৰেম।” (১ যোহন ৪:৮) তেন্তে, কিয় এজন প্ৰেমী ঈশ্বৰে ইমান বছৰ ধৰি মানুহক দুখ-কষ্ট ভোগীবলৈ অনুমতি দিছে? কেতিয়া তেওঁ এই পৰিস্থিতিবোৰৰ প্ৰতিকাৰ সাধিব? এই প্ৰশ্নবোৰৰ উত্তৰ পাবলৈ হʼলে প্ৰথমতে আমাক মানৱ সম্বন্ধে থকা ঈশ্বৰৰ উদ্দেশ্যক পৰীক্ষা কৰা উচিত। ইয়ে আমাক বুজাত সহায় কৰিব যে ঈশ্বৰে কিয় দুখ-কষ্টৰ অনুমতি দিছে আৰু তেওঁ ভৱিষ্যতে কি কৰিব।

উপহাৰ হিচাপে পোৱা স্বতন্ত্ৰ ইচ্ছা

যিহোৱাই মানৱজাতিক কেৱল উত্তম শৰীৰ আৰু মগজুৰ সৈতে নিৰ্ম্মাণ কৰিছিল এনে নহয়, ইয়াৰ ওপৰিও তেওঁলোকক বহু কিছু কৰিবলৈ সৃষ্টি কৰিছিল। ঈশ্বৰে আদম আৰু হৱাক বুদ্ধিহীন যন্ত্ৰমানৱৰ দৰেও সৃষ্টি কৰা নাছিল। ঈশ্বৰে তেওঁলোকক স্বতন্ত্ৰ ইচ্ছাৰে সৈতে সৃষ্টি কৰিছিল। সেইয়া আছিল তেওঁলোকৰ বাবে এক উত্তম দান যাৰ বিষয়ে বাইবেলে এইদৰে কৈছে: “পাছে ঈশ্বৰে নিজে নিৰ্ম্মাণ কৰা সকলোকে চাই অতি উত্তম দেখিলে।” (আদিপুস্তক ১:৩১) সঁচাকৈ, “তেওঁৰ কৰ্ম্ম সম্পূৰ্ণ শুদ্ধ” আছিল। (দ্বিতীয় বিবৰণ ৩২:৪) আমি সকলোৱে এই উপহাৰক প্ৰশংসা কৰোঁ, সেইবাবে আনে আমাৰ ইচ্ছাৰ ওপৰত অধিকাৰ চলোৱাটো কোনেও নিবিচাৰোঁ

কিন্তু ইয়াৰ অৰ্থ এইটো আছিল নে যে উপহাৰস্বৰূপে পোৱা এই দানৰ বাবে কোনো সীমা বন্ধা নাছিল? এই সন্দৰ্ভত প্ৰাচীন কালত থকা খ্ৰীষ্টানসকললৈ যিহোৱাৰ বাক্যই এইদৰে কৈছিল: “তোমালোক স্বাধীন লোকৰ দৰে হোৱা; কিন্তু সেই স্বাধীনতাক দুষ্টতাৰ ঢাকনি নকৰিবা, বৰং ঈশ্বৰৰ দাসবিলাকৰ দৰে হোৱা।” (১ পিতৰ ২:১৬) গতিকে জনসাধাৰণৰ লাভৰ বাবে এই দান অৱশ্যেই সীমাবদ্ধ হোৱা উচিত। সেই উপহাৰৰ পৰিসীমা নিয়মৰ ওপৰত আধাৰিত আছিল। অন্যথা বিশৃঙ্খলতাৰ সৃষ্টি হʼলহেঁতেন।

সেই দান কোনজনৰ নিয়মৰ ওপৰত আধাৰিত?

স্বাধীনতাৰ সঠিক পৰিসীমা কোনে নিৰ্দ্ধাৰণ কৰিব পাৰিলেহেঁতেন? এই প্ৰশ্নটোৰ উত্তৰৰ সৈতে বৰ্তমান সময়ত ঈশ্বৰে অনুমতি দিয়া দুখ-কষ্টৰ মূল কাৰণসমূহ জড়িত আছে। যিহেতু মানৱজাতিৰ সৃষ্টিকৰ্ত্তা হৈছে ঈশ্বৰ, সেয়েহে কেনে আজ্ঞা পালন কৰিলে তেওঁলোকৰ আৰু আনৰ হিত হʼব, এই বিষয়ে ঈশ্বৰে ভালকৈ জানে। এই বিষয়ে বাইবেলে এইদৰে কৈছে: “তোমাৰ মুক্তিদাতা ইস্ৰায়েলৰ পবিত্ৰ জনা যিহোৱাই এই কথা কৈছে, তোমাৰ উপকাৰৰ অৰ্থে তোমাক শিক্ষা দিওঁতা তুমি যাব লগীয়া বাটেদি তোমাক নিওঁতা তোমাৰ ঈশ্বৰ যিহোৱা ময়েই।”—যিচয়া ৪৮:১৭.

বাস্তৱতে এক মুখ্য বিষয় হৈছে: মানৱজাতিক ঈশ্বৰৰ পৰা স্বাধীন হৈ জীৱন-যাপন কৰিবলৈ সৃষ্টি কৰা নাছিল। ইয়াৰ বিপৰীতে ঈশ্বৰে এইদৰে সৃষ্টি কৰিলে যাতে মানৱে ঈশ্বৰৰ নিয়মৰ অধীনত থাকি শান্তি আৰু সফলতা লাভ কৰিব পাৰে। এই সন্দৰ্ভত ঈশ্বৰৰ ভৱিষ্যতবক্তা যিৰিমিয়াই এইদৰে কৈছিল: “হে যিহোৱা, মই জানো যে, মানুহৰ গতি নিজ অধিকাৰত নাথাকে; নিজ খোজ স্থিৰ কৰিবলৈ খোজ চলাওঁতা জনৰ শক্তি নাই।”—যিৰিমিয়া ১০:২৩.

ঈশ্বৰে মানৱক তেওঁৰ প্ৰাকৃতিক নিয়মৰ ওপৰত নিৰ্ভৰ কৰি চলিবলৈ সৃষ্টি কৰিলে। উদাহৰণস্বৰূপে যেনেকৈ সকলো বস্তু মাধ্যাকৰ্ষণ শক্তিৰ ওপৰত কেন্দ্ৰ কৰি ক্ৰিয়াশীল হয়। একেইদৰে মানৱজাতিকো নৈতিক নিয়মসমূহৰ অধীনত থাকি সমাজখনক ঐক্যতাৰ জৰীৰে বান্ধি ৰাখিবলৈ সৃষ্টি কৰিলে। এই সকলোবোৰ ঈশ্বৰে তেওঁলোকৰ ভালৰ বাবেহে কৰিলে, সেয়েহে ঈশ্বৰৰ বাক্যই এইদৰে কৈছে: “তুমি সমস্ত মনেৰে সৈতে যিহোৱাত ভাৰসা কৰা; তোমাৰ নিজ বিবেচনাত তুমি নিৰ্ভৰ নকৰিবা।”—হিতোপদেশ ৩:৫.

গতিকে মানৱ পৰিয়ালে কেতিয়াও ঈশ্বৰৰ অধিনস্থৰ পৰা মুক্ত হৈ সফলতাৰে নিজকে চলাব নোৱাৰে। কিয়নো ঈশ্বৰৰ পৰা স্বাধীন হৈ তেওঁলোকে সামাজ, আৰ্থিক, ৰাজনৈতিক আৰু ধৰ্ম্মত ইজনৰ-সিজনৰ প্ৰতি বিদ্ৰোহ ভাৱ উৎপন্ন কৰে আৰু বাইবেলৰ অনুসৰি তেওঁলোক “এজনে আনজনৰ ওপৰত তাৰ অপকাৰলৈ ক্ষমতা পায়।”—উপদেশক ৮:৯.

পৰিস্থিতি কেনেকৈ বেয়ালৈ পৰিণত হʼল?

ঈশ্বৰে আমাৰ প্ৰথম পিতৃ-মাতৃ আদম আৰু হৱাক সম্পূৰ্ণ সিদ্ধৰূপে সৃষ্টি কৰিছিল। সেইবাবে তেওঁলোকৰ ওচৰত সিদ্ধ শৰীৰ আৰু মন আছিল। তদুপৰি তেওঁলোকে ঘৰৰূপী সুন্দৰ বাগিছাত থাকিবলৈ সুযোগ পাইছিল। তেওঁলোকে ঈশ্বৰৰ নিয়মৰ অধীনত থকা হʼলে চিৰকাললৈকে সিদ্ধ আৰু সুখেৰে থাকিব পাৰিলেহেঁতেঁন আৰু এসময়ত গোটেই পৃথিৱীখন সিদ্ধ সন্তান-সন্ততিৰে পূৰ্ণ কৰি তেওঁলোকে পিতৃ-মাতৃ হোৱাৰ গৌৰৱ অৰ্জন কৰিব পাৰিলেহেঁতেঁন। ইয়াৰ ওপৰিও সমুদায় সিদ্ধ মানৱে পৰমদেশত চিৰ-শান্তিৰে জীৱন নিৰ্বাহ কৰিব পাৰিলেহেঁতেঁন। এইটোৱেই যিহোৱা ঈশ্বৰৰ মানৱজাতিৰ প্ৰতি উদ্দেশ্য আছিল।—আদিপুস্তক ১:২৭-২৯; ২:১৫.

কিন্তু আমাৰ প্ৰথম মানৱ পিতৃ-মাতৃয়ে এই সুযোগ হেৰুৱাই পেলালে। তেওঁলোকে ঈশ্বৰৰ পৰা স্বাধীন হৈ সফল হʼব পাৰিব বুলি ভুল সিদ্ধান্ত ললে। তেওঁলোকে লাভ কৰা স্বাধীন ইচ্ছাৰ দ্বাৰাই ঈশ্বৰৰ নিয়ম উলঙ্ঘন কৰিলে। (আদিপুস্তক, ৩ অধ্যায়।) তেওঁলোকে ঈশ্বৰৰ শাসনভাৰৰ অধীনত থাকিবলৈ অস্বীকাৰ কৰাৰ দ্বাৰা নিজৰ সিদ্ধ জীৱন হেৰুৱাই পেলালে। সেয়েহে বাইবেলে কৈছে: “ইবিলাক তেওঁৰ সন্তান নহয়, এয়েই তেওঁবিলাকৰ কলঙ্ক; ইবিলাক বিপথগামী আৰু কুটীল বংশ।”—দ্বিতীয় বিবৰণ ৩২:৫.

যিদিনা তেওঁলোকে ঈশ্বৰৰ আজ্ঞাক উলঙ্ঘন কৰিলে সেই দিনাৰ পৰাই তেওঁলোকৰ শৰীৰ আৰু মন অধঃপতন হʼব ধৰিলে। কিয়নো সকলো জীৱনৰ উৎস হৈছে যিহোৱা ঈশ্বৰ। (গীতমালা ৩৬:৯) তেওঁৰ পৰা আঁতৰ হৈ প্ৰথম মানৱ দম্পতীয়ে নিজলৈ অসিদ্ধতা আৰু মৃত্যু কঢ়িয়াই আনিলে। (আদিপুস্তক ৩:১৯) আদম আৰু হৱাই ঈশ্বৰৰ আজ্ঞা উলঙ্ঘন কৰি তাৰ ফলস্বৰূপে যি পালে তাক তেওঁলোকৰ সন্তান-সন্ততিক উত্তৰধিকাৰ ৰূপে দান কৰিলে। তেওঁলোকে নিজৰ সন্তান-সন্ততিক কি দান কৰিলে? সেই দান আছিল অসিদ্ধতা আৰু মৃত্যু। এই সম্পৰ্কে পাঁচনি পৌলে এইদৰে লিখিছিল: “এতেকে যেনেকৈ এজন মানুহৰ দ্বাৰাই পাপ, পাপৰ দ্বাৰাই মৃত্যু জগতত সোমাল, আৰু পাপ কৰাত, সেই মৃত্যু সকলো মানুহলৈ ব্যাপি গল,”—ৰোমীয়া ৫:১২.

কাৰ ওচৰত শাসন কৰিবলৈ অধিকাৰ আছে?

যেতিয়া আদম আৰু হৱাই ঈশ্বৰৰ বিৰোদ্ধে পাপ কৰিলে, তেতিয়া তেওঁলোকে যিহোৱাৰ সাৰ্ব্বভৌমত্ব অথাৎ তেওঁ শাসন কৰা অধিকাৰক প্ৰত্যাহ্বান জনালে। যদি যিহোৱাই ইচ্ছা কৰা হʼলে তেওঁলোকক সেই মুহূৰ্ত্ততে ধ্বংস কৰি পুনৰ নতুন মানৱ দম্পতীৰ সৃষ্টি কৰিব পাৰিলেহেঁতেন। কিন্তু তেনে কৰা হʼলে তেওঁৰ সাৰ্ব্বভৌমত্ব অৰ্থাৎ কোনে শাসন কৰিবলৈ উপযুক্ত আৰু মানৱজাতিৰ বাবে কি উত্তম, এই প্ৰশ্নটোৰ সমাধান পোৱা নʼগলহেঁতেঁন। কিন্তু ইয়াৰ বিপৰীতে মানৱজাতিক তেওঁৰ অধীনৰ পৰা স্বাধীন হৈ সমাজ গঠন কৰি নিজ ইচ্ছাৰ অনুসাৰে চলিবলৈ অনুমতি দিলে, যাতে তেওঁলোকে ঈশ্বৰৰ পৰা স্বাধীন হৈ উত্তমভাৱে শাসন কৰিব পাৰে নে নোৱাৰে তাৰ প্ৰমাণ দিব পাৰে।

কিন্তু মানৱজাতিৰ হাজাৰ-হাজাৰ বছৰ শাসনকালৰ বুৰঞ্জীয়ে কি প্ৰমাণ কৰিলে? ইয়ে এইটো প্ৰমাণ কৰিলে যে মানুহে শতাব্দীৰ পাছত শতাব্দী ধৰি বিভিন্ন প্ৰকাৰৰ সমাজ, অৰ্থনৈতিক, ৰাজনৈতিক আৰু ধাৰ্মিক অনুষ্ঠানবোৰ স্থাপন কৰিলে, কিন্তু কোনো সফলতা পোৱা নগʼল। তদুপৰি গোটেই পৃথিৱীখনত দুষ্টতা ভৰি পৰিছে। দৰাচলতে বৰ্তমান আমাৰ সময়ত ‘দুষ্ট আৰু প্ৰবঞ্চকবিলাকে লোকৰ ভ্ৰান্তি জন্মাই আৰু নিজেও ভ্ৰান্ত হৈ, অধিক অধিককৈ মন্দ হৈছে।’—২ তীমথিয় ৩:১৩.

বিশং শতাব্দীত বিজ্ঞান আৰু উদ্যোগীক প্ৰতিষ্ঠানসমূহে অধিকৈ অগ্ৰগতি লাভ কৰা দেখা গʼল। আনহাতে গোটেই ইতিহাসে এইটো প্ৰমাণ কৰিলে যে মানুহৰ দুখ-কষ্ট অধিকৈহে বৃদ্ধি পালে। চিকিৎসা বিজ্ঞানে যিমানেই উন্নতি নকৰক কিয়, ঈশ্বৰৰ নিয়ম আজিও সত্যৰূপে প্ৰমাণিত হৈছে: মানুহে জীৱনৰ উৎস যি ঈশ্বৰ, তেওঁৰ পৰা আঁতৰাৰ বাবেহে

ৰোগ, বৃদ্ধ অৱস্থা আৰু মৃত্যু হৈছে। গতিকে এইটো কিমান স্পষ্টকৈ প্ৰামাণিত হʼল যে ‘মানুহৰ গতি নিজ অধিকাৰত নাই’!

যিহোৱাৰ সাৰ্ব্বভৌমত্বক প্ৰতিষ্ঠা কৰা হʼল

এই শোকাবহ পৰিস্থিতিসমূহে চিৰকালৰ বাবে প্ৰমাণ কৰিলে যে ঈশ্বৰৰ পৰা স্বাধীন হৈ মানৱে কেতিয়াও সফলতাৰে শাসন কৰিব নোৱাৰে। কেৱল ঈশ্বৰৰ শাসনে মানৱজাতিৰ বাবে সুখ, শান্তি, উত্তম স্বাস্থ্য আৰু সুৰক্ষা প্ৰদান কৰিব পাৰে। তদুপৰি, যিহোৱাৰ চিৰস্থায়ী সত্য বাক্য অৰ্থাৎ পবিত্ৰ বাইবেলে দৰ্শাইছে যে আমি, মানৱ শাসনৰ একেবাৰে “শেষ-কালত” জীয়াই আছোঁ। (২ তীমথিয় ৩:১-৫) এতেকে যিহোৱাই অনুমতি দিয়া দুখ-কষ্ট আৰু দুষ্টতাৰ শেষৰ সময় একবাৰে চৰম সীমাত উপনীত হৈছে।

অতি সোনকালে ঈশ্বৰে মানৱজাতিৰ কাৰ্য্যত হস্তক্ষেপ কৰিব। এই সন্দৰ্ভত বাইবেল এইদৰে কৈছে: “সেই ৰজাবিলাকৰ কালত স্বৰ্গৰ ঈশ্বৰে এক ৰাজ্য স্থাপন কৰিব; সেয়ে কেতিয়াও বিনষ্ট নহব, আৰু সেই ৰাজ্যৰ ভাৰ আন জাতিৰ হাতত দিয়া নহব; কিন্তু সেয়ে সেই আটাই ৰাজ্য ভাঙি সংহাৰ কৰি নিজে চিৰকাললৈকে থাকিব।”—দানিয়েল ২:৪৪.

বাইবেলৰ মূল বিষয় হৈছে, যিহোৱাৰ স্বৰ্গীয় ৰাজ্যই তেওঁৰ সাৰ্ব্বভৌমত্বাৰ দোষ নিবাৰণ কৰিব। আনকি যীচুৱেও এই পৃথিৱীত থকা সময়ত তেওঁৰ শিক্ষাত ইয়াক মূল বিষয় হিচাপে ব্যৱহাৰ কৰিছিল। সেইবাবে তেওঁ কব পাৰিলে যে “আৰু সকলো জাতিলৈ সাক্ষ্য হবলৈ, ৰাজ্যৰ এই শুভবাৰ্ত্তা গোটেই জগততে ঘোষণা কৰা হব; তেতিয়াহে শেষ হব।”—মথি ২৪:১৪.

যেতিয়া ঈশ্বৰৰ শাসনে মানৱ শাসনক ধ্বংস কৰিব, তেতিয়া কোনবিলাকে উদ্ধাৰ পাব আৰু কোনবিলাকৰ ধ্বংস হʼব? এই প্ৰশ্নটোৰ উত্তৰ দি হিতোপদেশ ২:২১, ২২ পদত এইদৰে উল্লেখ কৰিছে: “কাৰণ সৰল লোকবিলাকে দেশত নিবাস কৰিব, আৰু সিদ্ধ লোকবিলাক তাত অৱশিষ্ট থাকিব; কিন্তু দুষ্টবোৰক দেশৰ পৰা উচ্ছন্ন কৰা হব, আৰু বিশ্বাস-ঘাতকবোৰক দেশৰ পৰা উঘলা যাব।” তদুপৰি, গীতমালা লিখকেও প্ৰৰিত হৈ এইদৰে গীত গান কৰি কৈছিল: “কাৰণ অলপতে দুষ্ট লোক নাইকিয়া হব . . . কিন্তু নম্ৰবিলাক পৃথিবীৰ অধিকাৰী হব, আৰু প্ৰচুৰ শান্তিত হৰ্ষিত হব। ধাৰ্ম্মিকবিলাক পৃথিবীৰ অধিকাৰী হব, আৰু তাত সৰ্ব্বতিকাললৈকে বাস কৰিব।”—গীতমালা ৩৭:১০, ১১, ২৯.

এক সুন্দৰ নতুন পৃথিৱী

এই দুষ্ট ৰীতি-ব্যৱস্থাৰ অন্তত উদ্ধাৰ পোৱাসকলে ঈশ্বৰৰ ৰাজ্যৰ অধীনত এক সুন্দৰ পৃথিৱীত প্ৰৱেশ কৰিব। বৰ্তমান সময়ত থকা এই দুষ্টতা আৰু দুখ-কষ্টৰে পৰিপূৰ্ণ হৈ থকা জগতখন চিৰ দিনৰ বাবে আঁতৰাই পেলোৱা হʼব। ঈশ্বৰে সেই উত্তৰজীৱিসকলক নিৰ্দ্দেশন দিব আৰু সময় অতিক্ৰম কৰা লগে লগে “সমুদ্ৰ যেনেকৈ পানীৰে ঢকা, তেনেকৈ পৃথিবী যিহোৱা বিষয়ক জ্ঞানেৰে পৰিপূৰ্ণ হব।” (যিচয়া ১১:৯) এই উন্নত আৰু যথাৰ্থ শিক্ষাই ঐক্যতাপূৰ্ণ মানৱজাতিলৈ শান্তি কঢ়িয়াই আনিব। সেইসময়ত কোনো প্ৰকাৰৰ যুদ্ধ, হত্যা, অপৰাধ, বলৎকাৰ, ডকাইতি আদি নাথাকিব।

সেই নতুন পৃথিৱীত আজ্ঞাকাৰী মানৱজাতিয়ে আচৰিত ধৰণে শাৰীৰিকৰূপে লাভবান হʼব। ঈশ্বৰ শাসনৰ বিদ্ৰোহ কৰাৰ ফলত উৎপন্ন হোৱা সকলো প্ৰকাৰৰ দুষ্টতাক আঁতৰোৱা হʼব। ভৱিষ্যতে কোনো অসিদ্ধতা, ৰোগ, বৃদ্ধ অৱস্থা আৰু মৃত্যু নাথাকিব, কিয়নো এই সকলোবোৰ অতীত হৈ পৰিব। বাইবেলে আমাক আশ্বাস দি কৈছে: “মই নৰিয়া, এই বুলি নগৰ-নিবাসীয়ে নকব, তাত থকা লোকবিলাকৰ অপৰাধ ক্ষমা কৰা হব।” তদুপৰি বাইবেলে এইদৰে প্ৰতিজ্ঞা কৰিছে যে “সেই কালত অন্ধবিলাকৰ চকু খোলা হব, আৰু কলাবোৰৰ কাণ মুকলি হব। সেই কালত খোৰাই হৰিণীৰ দৰে ডেও দিব, আৰু বোবাবিলাকৰ জিবাই গান কৰিব; কিয়নো অৰণ্যত জল আৰু মৰুভূমিত জুৰিবোৰ ওলাব।” (যিচয়া ৩৩:২৪; ৩৫:৫, ৬) কিযে এক আনন্দময় দিন হʼব যেতিয়া আমি চিৰকাললৈকে উত্তম স্বাস্থ্যৰ সৈতে জীয়াই থাকিম!

ঈশ্বৰৰ এই প্ৰেমময় নিৰ্দ্দেশনাৰ অধীনত নতুন পৃথিৱীৰ বাসিন্দাসকলে নিজৰ শক্তি আৰু নিপুণতাক ব্যৱহাৰ কৰি গোটেই পৃথিৱীখন সুন্দৰ পৰমদেশেলৈ পৰিণত কৰাত কাৰ্য্য কৰিব। সেইসময়ত দৰিদ্ৰ, ভোকাতুৰ আৰু ঘৰ-বাৰী নথকা লোকসকলৰ বাবে যিচয়াৰ ভৱিষ্যতবাণী পূৰ্ণ হʼব। সেই ভৱিষ্যতবাণীত এইদৰে কোৱা হৈছিল: “আৰু লোকবিলাকে ঘৰ সাজি তাৰ ভিতৰত বাস কৰিব, আৰু দ্ৰাক্ষাবাৰী পাতি তাৰ ফল ভোগ কৰিব। অন্যে বাস কৰিবলৈ তেওঁবিলাকে ঘৰ নাসাজিব, অন্যে ভোগ কৰিবলৈ তেওঁবিলাকে বাৰী নাপাতিব; কিয়নো গছৰ আয়ুস যিমান, মোৰ প্ৰজাবিলাকৰ আয়ুসো সিমান হব, আৰু মোৰ মনোনীত লোকবিলাকে নিজ নিজ হাতেৰে কৰা কাৰ্য্যৰ ফল বহুকাললৈকে ভোগ কৰিব।” (যিচয়া ৬৫:২১, ২২) ইয়াৰ ওপৰিও, বাইবেলে কৈছে, “কিন্তু প্ৰতিজনে নিজ নিজ দ্ৰাক্ষালতাৰ আৰু ডিমৰু গছৰ তলত বহিব, আৰু কোনেও সিহঁতক ভয় নলগাব।”—মীখা ৪:৪.

ঈশ্বৰৰ প্ৰেমময় তত্ত্বাৱধান আৰু আজ্ঞাকাৰীতা মানৱজাতিয়ে কৰা কাৰ্য্যৰ এক সুন্দৰ পৰিণাম গোটেই পৃথিৱীখনতে দেখিবলৈ পোৱা যাব। কিয়নো বাইবেলে পুনৰাই আশ্বাস দি কৈছে: “অৰণ্য আৰু নিৰ্জন ঠাই আনন্দিত হব, আৰু মৰুভূমি উল্লাসিত হৈ গোলাপ ফুলৰ নিচিনা প্ৰফুল্লিত হব. . . . কিয়নো অৰণ্যত জল আৰু মৰুভূমিত জুৰিবোৰ ওলাব।” (যিচয়া ৩৫:১ ৬) গীতমালাৰ লিখকৰ এই বাক্যশাৰীও পূৰ্ণতা হোৱা দেখা যাব, যʼত কোৱা হৈছে: “পৃথিবীত পৰ্ব্বতবোৰৰ টিঙত প্ৰচুৰ শস্য হব।”—গীতমালা ৭২:১৬.

কিন্তু মৃত্যু হোৱা হাজাৰ হাজাৰ লোকৰ কি হʼব? যিসকলে ঈশ্বৰৰ স্মৰণত আছে সেই সকলো লোক পুনৰাই জী উঠিব, কিয়নো বাইবেলে প্ৰতিজ্ঞা কৰিছে যে “ধাৰ্ম্মিক অধাৰ্ম্মিক, এই দুবিধ লোকৰ পুনৰুত্থান হব।” (পাঁচনিৰ কৰ্ম্ম ২৪:১৫) নিসন্দেহ, মৃত্যুসকলক পুনৰাই জীৱিত কৰা হʼব। তেওঁলোকক ঈশ্বৰৰ ৰাজ্যৰ সম্বন্ধে থকা সত্যক শিকোৱা হʼব আৰু চিৰকাললৈকে জীয়াই থাকিবলৈ সুযোগ পাব।—যোহন ৫:২৮, ২৯.

হাজাৰ হাজাৰ বছৰ ধৰি মানৱজাতিৰ এই দুখ-কষ্ট, ৰোগ আৰু মৃত্যু ভোগী থকা পৰিস্থিতিক যিহোৱাই চিৰকালৰ বাবে আঁতৰাই পেলাব। তাৰ পাছত কোনো প্ৰকাৰৰ ৰোগ, শাৰীৰিক বা মানসিক অক্ষমতা আৰু মৃত্যু নাথাকিব। কিয়নো ঈশ্বৰে “তেওঁবিলাকৰ চকুৰ পৰা আটাই চকু-লো মচি গুচাব; তাতে মৃত্যু আৰু নহব; শোক, বা ক্ৰন্দন, বা বেদনাও আৰু নহব; প্ৰথমবোৰ গুচিল।”—প্ৰকাশিত বাক্য ২১:৩, ৪.

এইদৰে ঈশ্বৰে চিৰকালৰ বাবে দুখ-কষ্টক সম্পূৰ্ণকৈ আঁতৰ কৰিব। তেওঁ সম্পূৰ্ণৰূপে এই দুষ্ট-ব্যৱস্থাক ধ্বংস কৰি এক নতুন ব্যৱস্থাৰ স্থাপন কৰিব যʼত “ধাৰ্ম্মিকতা নিবাস কৰে।” (২ পিতৰ ৩:১৩) এইটো সঁচাকৈ এক আনন্দৰ শুভবাৰ্ত্তা নহয়নে বাৰু! ইয়াত কোনো সন্দেহ নাই যে আমি সকলোৱে সেই নতুন পৃথিৱীলৈ আগ্ৰহেৰে বাট চাই আছোঁ। ইয়াৰ বাবে আমাক দীৰ্ঘ সময়লৈকে অপেক্ষা কৰিব নালাগিব। কিয়নো বাইবেলত পোৱা ভৱিষ্যতবাণীসমূহৰ পূৰ্ণতাই প্ৰমাণ কৰিছে যে সেই নতুন পৃথিৱীখন অতি সোনকালে স্থাপন কৰা হʼব আৰু ঈশ্বৰে অনুমতি দিয়া দুখ-কষ্টৰ সময় একেবাৰে চৰম সীমাত উপনীত হʼল।—মথি ২৪:৩-১৪. (w01 5/15)

[৬ পৃষ্ঠাৰ বক্স]

মানৱ শাসনৰ বিফলতা

মানৱ শাসনকালৰ বিষয়ে হেলমট্‌ চহমিট্‌ নামৰ এজন ভূতপূৰ্ব জাৰ্মান প্ৰধান সচিবে এইদৰে কৈছিল: “আমি অৰ্থাৎ মানৱে . . . কেৱল পক্ষপাতী হৈ জগতত শাসনভাৰ চলাওঁ আৰু ইয়াৰ পৰিণাম প্ৰায়ে বেয়ালৈ ঢাল খায় . . . আমি কেতিয়াও সম্পূৰ্ণ শান্তিৰে শাসনভাৰ চলোৱা নাই।” ১৯৯৯ চনত প্ৰকাশ পোৱা মানৱ বিকাশ ৰিপৰ্টে (হিউমেন ডিভেলপমেণ্ট্‌ ৰিপৰ্ট) এইদৰে কৈছিল: “সকলো দেশৰ ৰিপৰ্টে দেখুৱাইছে যে ৰাষ্ট্ৰবিপ্লৱৰ সৈতে সামাজিক পতন, অত্যাধিক হিংসা আৰু অপৰাধ বৃদ্ধি হৈছে। . . . ইয়াৰ লগতে গোটেই বিশ্বখনতে বিশৃংলতাৰ বৃদ্ধি আৰু ৰাষ্ট্ৰীয়বাদৰ সমস্যাৰ উৎপন্ন হোৱা দেখা গৈছে।”

[৬ পৃষ্ঠাৰ ছবি]

“কিন্তু নম্ৰবিলাক পৃথিবীৰ অধিকাৰী হব, আৰু প্ৰচুৰ শান্তিত হৰ্ষিত হব।”—গীতমালা ৩৭:১১.

[৫ পৃষ্ঠাৰ স্বীকৃতিপ্ৰাপ্ত ছবিসমূহ]

ওপৰৰ পৰা তৃতীয় নম্বৰৰ ছবিখন, মাক আৰু সন্তান: FAO photo/B. Imevbore; একেবাৰে তলত দেখুৱা বিস্ফোৰণৰ ছবিখন: U.S. National Archives photo