Skip to content

Skip to table of contents

বিবাহৰ বাবে সঙ্গী বাছনি কৰাৰ ঈশ্বৰীয় মাৰ্গদৰ্শন

বিবাহৰ বাবে সঙ্গী বাছনি কৰাৰ ঈশ্বৰীয় মাৰ্গদৰ্শন

বিবাহৰ বাবে সঙ্গী বাছনি কৰাৰ ঈশ্বৰীয় মাৰ্গদৰ্শন

“মই তোমাক বুদ্ধি দিম; তুমি যাব লগীয়া পথ মই শিকাম; তোমাৰ ওপৰত মই দৃষ্টি ৰাখি পৰামৰ্শ দিম।”গীতমালা ৩২:৮.

১. এখন সফল বিবাহ গঢ়ি তুলিবলৈ কেনেধৰনৰ কাৰণসমূহৰ আৱশ্যক?

 দোলনাৰে খেল দেখুওৱা এজন ক্ৰীড়াবিদে নিজৰ দোলনত উঠি সন্মূখলৈ হাউলি জপিয়াই কৌশলেৰে শূণ্যত গাড়ীৰ চকাটোৰ দৰে সন্মূখলৈ ঘূৰিব ধৰিছে। তেওঁ শূণ্যত কেইবা পাকো ঘূৰাৰ পাছত, হাত মেলি বিপৰীতে থকা আন এজন দোলনত খেল প্ৰদৰ্শন কৰা খেলুৱৈৰ হাতত খামোচি ধৰি এক সুন্দৰ খেল প্ৰদৰ্শন কৰিছে। এহাল দম্পতীয়ো বৰফত স্কেটিং কৰি একেলগে ৰিঙৰ ভিতৰত নিমাজভাৱে ঘূৰি ফুৰিছে। হঠাতে পুৰুষজনে তেওঁৰ সৈতে থকা মহিলাগৰাকীক ওপৰলৈ দলিয়াই দিছে। মহিলা গৰাকীয়ে কেইবা পাকো শূণ্যত ঘূৰি সুন্দৰভাৱে বৰফৰ ওপৰত অৱতৰণ কৰি পুনৰ পুৰুষজনৰ চাৰিওফালে একেৰাহে ঘূৰিব ধৰিছে। এইদৰে তেওঁলোকে সহজে সেই খেল প্ৰদৰ্শন কৰিব পাৰিছে। বাস্তৱতে কোনেও বিনা অভ্যাস, সঠিক সঙ্গী আৰু সঠিক নিৰ্দ্দেশনা নোহোৱাকৈ এনে খেল প্ৰদৰ্শন কৰিব নোৱাৰে। ঠিক একেইদৰে বিবাহৰ ক্ষেত্ৰতো সেই আৱশ্যকতা আছে। যিহেতু ইয়াৰ বাবেও দুয়ো সঙ্গীয়ে মিলিজুলি পৰামৰ্শৰ অনুসাৰে কাৰ্য্য কৰিলে বুদ্ধিমানৰ কাম হʼব। এই সকলোৰে বাবে এক সঠিক পথ প্ৰদৰ্শনৰ আৱশ্যক।

২. (ক)কোনে বিবাহ ব্যৱস্থাৰ স্থাপনা কৰিলে আৰু কি উদ্দেশ্যেৰে? (খ) কেনেকৈ কিছুমান বিবাহৰ প্ৰবন্ধ কৰা হয়?

এজন প্ৰাপ্তবয়স্ক যুৱক বা যুৱতীয়ে নিজৰ বাবে বিবাহ সঙ্গী অৰ্থাৎ জীৱনৰ লগৰী বাছনি কৰাৰ বিষয়ে বিবেচনা কৰাতো স্বাভাৱিক। কিয়নো যিহোৱাই বিবাহ স্থাপনা কৰিলে যাতে পুৰুষ আৰু স্ত্ৰী স্বাভাৱিকৰূপে একেলগে জীৱন-যাপন কৰিব পাৰে। কিন্তু আদমে নিজৰ বাবে বিবাহ সঙ্গীৰ বাছনি কৰা নাছিল। মৰমীয়াল যিহোৱাইহে তেওঁৰ বাবে হৱাক সৃষ্টি কৰিলে। (আদিপুস্তক ২:১৮-২৪) ঈশ্বৰে প্ৰথম মানৱ দম্পতীক সন্তান-সন্ততিৰ জন্ম দি গোটেই পৃথিৱীত মানুহেৰে পূৰ্ণ কৰিবলৈ আজ্ঞা দিলে। যিহোৱাই প্ৰৱন্ধ কৰা বিবাহৰ পাছৰ পৰাই দৰা আৰু কইনাৰ পিতৃ-মাতৃয়ে বা দৰা আৰু কইনাই পিতৃ-মাতৃৰ সন্মতি লৈ বিবাহ কৰিব ধৰিলে। (আদিপুস্তক ২১:২১; ২৪:২-৪, ৫৮; ৩৮:৬; যিহোচূৱা ১৫:১৬, ১৭) যদিও সাধাৰণতে কিছুমান দেশত এতিয়াও বিবাহৰ বাবে মাক-দেউতাকে অথবা বয়স্কলোকে সঙ্গী বাছনি কৰি দিয়ে, কিন্তু কিছুমানে বিবাহৰ বাবে নিজেই নিজৰ সঙ্গী বাছি লয়।

৩. কেনেকৈ বিবাহৰ বাবে সঙ্গী বাছনি কৰা উচিত?

কেনেকৈ বিবাহ সঙ্গীৰ বাছনি কৰা উচিত? কিছুমানে শাৰীৰিক সৌন্দৰ্য্যতা দেখি প্ৰভাৱিত হৈ নিজৰ বাবে বিবাহ সঙ্গী বাছনি কৰে। কিছুমানে নিজৰ অভিলাষ পূৰ্ণ কৰিবলৈ ভৌতিক সা-সম্পত্তি থকা সঙ্গী বাছনি কৰে। কিন্তু বাস্তৱতে এই উভয়ে এক বিবাহত সুখী সম্পৰ্ক গঢ়ি তুলাত সহায় কৰিব পাৰেনে? বাইবেলৰ হিতোপদেশ ৩১:৩০ পদত এইদৰে কৈছে: “লাৱণ্য মিছা, আৰু সৌন্দৰ্য্য অসাৰ; কিন্তু যিহোৱালৈ ভয় ৰখা তিৰোতা প্ৰশংসনীয়।” ইয়াৰ ওপৰিও বিবাহ সঙ্গী বাছনি কৰাৰ সকলোতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হৈছে: যিহোৱাৰ দৃষ্টিভঙ্গী ৰাখি বিবাহ সঙ্গী বাছনি কৰা উচিত।

ঈশ্বৰৰ পৰা এক মৰমীয়াল নিৰ্দ্দেশনা

৪. বিবাহ সঙ্গী বাছনি কৰাৰ বাবে ঈশ্বৰে কেনেকৈ সহায় আগবঢ়ালে?

এই সন্দৰ্ভত প্ৰেমময় পিতৃ যিহোৱাই তেওঁৰ বাক্যৰ জড়িয়তে আমালৈ নিৰ্দ্দেশনা আগবঢ়াইছে। তেওঁ এইদৰে কৈছে: “তোমাৰ উপকাৰৰ অৰ্থে তোমাক শিক্ষা দিওঁতা তুমি যাব লগীয়া বাটেদি তোমাক নিওঁতা তোমাৰ ঈশ্বৰ যিহোৱা ময়েই।” (যিচয়া ৪৮:১৭) এতেকে বাইবেলত বিবাহ সঙ্গী বাছনি কৰাৰ সম্বন্ধে ব্যৱহাৰিক আৰু প্ৰমাণিত নিৰ্দ্দেশনা পোৱাটো আচৰ্য্যজনক কথা নহয়। কিয়নো যিহোৱাই বিচাৰে যে বিবাহ সফল আৰু সুখী হওঁক। সেইবাবে তেওঁ আমালৈ সহায় আগবঢ়ালে যাতে আমি নিৰ্দ্দেশনাসমূহক বুজি সেই অনুসাৰে জীৱন-যাপন কৰিব পাৰোঁ। আমি আমাৰ প্ৰেমময় সৃষ্টিকৰ্ত্তাৰ পৰা এনে নিৰ্দ্দেশনা লাভ কৰাটো বাঞ্চা নকৰোঁনে?—গীতমালা ১৯:৮.

৫. বৈবাহিক জীৱন সুখী কৰিবলৈ কি কৰাটো অতি গুৰুত্বপূৰ্ণ?

যিহোৱাই বৈবাহিক বন্ধন চিৰস্থায়ী হোৱাৰ উদ্দেশ্যেৰে বিবাহ স্থাপনা কৰিছিল। (মাৰ্ক ১০:৬-১২; ১ কৰি. ৭:১০, ১১) সেয়েহে “ব্যভিচাৰত বাজে,” তেওঁ “ভাৰ্য্যা-ত্যাগ ঘিণ” কৰে। (মথি ১৯:৯; মলা. ২:১৩-১৬) গতিকে বিবাহ সঙ্গী বাছনি কৰা কাৰ্য্যক সহজভাৱে লোৱা উচিত নহয়, কিয়নো ই এটা অতি গুৰুত্বপূৰ্ণ পদক্ষেপ। এই বাছনিত এনে বহুতো বিশেষ সিদ্ধান্ত নাই, যিয়ে এখন বিবাহ সুখী বা দুখী কৰে। বৈবাহিক জীৱন সুখী অথবা দুখী হোৱাটো কেনেধৰণৰ সঙ্গীৰ বাছনি কৰা হয় তাৰ ওপৰত নিৰ্ভৰশীল। যদি এজনে ভাল সঙ্গী বাছনি কৰে তেনেহʼলে তেওঁৰ বৈবাহিক জীৱন সুখী হʼব। যদি তেওঁ সঠিক সঙ্গী বাছনি নকৰে তেনেহʼলে তাৰ পৰিণাম একেবাৰে দুখদায়ক হʼব। (হিতোপদেশ ২১:১৯; ২৬:২১) এখন বিবাহ সফল আৰু সুখী কৰিবলৈ বুদ্ধিমানেৰে সঙ্গী বাছনি কৰা আৰু এই বিবাহ বন্ধনক চিৰকালীয়া বন্ধন হিচাপে গণ্য কৰা আৱশ্যক। কিয়নো যিহোৱা হৈছেএই ব্যৱস্থাৰ স্থাপনকৰ্ত্তা, সেইবাবে তেওঁৰ আজ্ঞাৰ অনুসাৰে জীৱন-যাপন কৰিবলৈ চেষ্টা কৰা আৱশ্যক।—মথি ১৯:৬.

৬. যুবা পুৰুষ আৰু স্ত্ৰীয়ে নিজৰ বাবে বিবাহ সঙ্গী বাছনি কৰিবলৈ কিয় সাৱধানতা অৱলম্বন কৰা আৱশ্যক আৰু কেনেকৈ তেওঁলোকে বুদ্ধিমান সিদ্ধান্ত লʼব পাৰে?

যুবা পুৰুষ আৰু স্ত্ৰীয়ে শাৰীৰিক সৌন্দৰ্য্যতা দেখি বা আবেগিক হৈ বিবাহ সঙ্গী বাছনি কৰাটো অনুচিত। কিয়নো তেনে কৰিলে বিবেচনা শক্তি ব্যৱহাৰ কৰি বিবাহ সঙ্গী বাছনি কৰিব নোৱাৰে। কিয়নো সেই কাৰণসমূহে কম সময়ৰ ভিতৰত স্বামী-স্ত্ৰীৰ সম্বন্ধক ধ্বংস বা ঘৃণাভাৱ উৎপন্ন কৰে। (২ চমূৱেল ১৩:১৫) আনহাতে চিৰস্থায়ী প্ৰেমে, আমি নিজকে জানি পোৱাৰ দৰে আমাৰ সঙ্গীকো জানিবলৈ সহায় কৰিব। ইয়াৰ ওপৰিও আমাৰ মনে বিচাৰা অনুসাৰে নহয়, কিন্তু আমাৰ বাবে কি উত্তম তাক বিবেচনা কৰাটো উত্তম হʼব। (যিৰিমিয়া ১৭:৯) সেইবাবে বাইবেলত দিয়া ঈশ্বৰীয় নিৰ্দ্দেশনা আমাৰ বাবে অতি আৱশ্যক। ইয়ে আমাক আমাৰ জীৱনৰ বাবে বুদ্ধিমানৰূপে সিদ্ধান্ত লোৱাত সহায় কৰিব। এই সম্পৰ্কে যিহোৱাৰ হৈ গীতমালা লিখকে এইদৰে কৈছিল: “মই তোমাক বুদ্ধি দিম; তুমি যাব লগীয়া পথ মই শিকাম; তোমাৰ ওপৰত মই দৃষ্টি ৰাখি পৰামৰ্শ দিম।” (গীতমালা ৩২:৮; ইব্ৰী ৪:১২) যিহেতু বিবাহে আমাৰ প্ৰেমৰ আৱশ্যকতাসমূহ পূৰণ কৰে, কিন্তু ই সমস্যাও উৎপন্ন কৰে যাৰ বাবে পৰিপক্ক আৰু বিবেচনাশীল হোৱা আৱশ্যক।

৭. কিয় কিছুমানে বিবাহৰ সঙ্গী বাছনি কৰা সম্পৰ্কে বাইবেল আধাৰিত পৰামৰ্শ গ্ৰহণ কৰিব নিবিচাৰে আৰু তাৰ পৰিণাম কি হয়?

বিবাহ ব্যৱস্থাৰ প্ৰৱৰ্তক কৰোঁতাজনৰ পৰামৰ্শ অনুসাৰে সঙ্গী বাছনি কৰাটো বুদ্ধিমানৰ কাৰ্য্য হʼব। আমি হয়তো পিতৃ-মাতৃ বা খ্ৰীষ্টান প্ৰাচীনসকলে দিয়া বাইবেল আধাৰিত পৰামৰ্শসমূহক স্বীকাৰ কৰাত অগ্ৰাহ্য কৰিব পাৰোঁ। তদুপৰি আমি হয়তো ভাবিব পাৰোঁ যে সেইবোৰ বুজি পোৱাটো কঠিন আৰু আমাৰ হৃদয়ত থকা শক্তিশালী অনুভূতিয়েও ত্যাগ কৰিবলৈ আমাক বাধ্য কৰে। কিন্তু আমি যেতিয়া বাস্তৱিকতাৰ সৈতে সন্মূখীন হʼম, তেতিয়া আমি নিশ্চয়ে আমাৰ ভালৰ হকে দিয়া বুদ্ধিমান পৰামৰ্শসমূহক গ্ৰহণ নকৰাৰ বাবে অনুতাপ কৰিব লাগিব। (হিতোপদেশ ২৩:১৯; ২৮:২৬) আমাৰ বিবাহ সুখী নহʼব পাৰে, লʼৰা-ছোৱালীক চোৱা-চিতা কৰাটো কঠিন হʼব পাৰে আৰু হয়তো আমি সত্যত নথকা ব্যক্তিক বিবাহ সঙ্গীৰ বাছনি কৰিব পাৰোঁ। তেনে বিবাহ সুখী হোৱাৰ পৰিৱৰ্ত্তে কিমান যে দুখদায়ক হʼব!

ঈশ্বৰীয় ভক্তিয়ে হৈছে এখন সফল বিবাহ গঢ়ি তুলাৰ মুখ্য কাৰণ

৮. ঈশ্বৰীয় ভক্তিয়ে বিবাহ বন্ধনক চিৰস্থায়ী আৰু সুখী কৰাত কেনেকৈ সহায় কৰে?

এইটো স্বীকাৰযোগ্য যে অন্তৰঙ্গতাই বিবাহ বন্ধন অটুট কৰে। কিন্তু উভয়ে এজনে-আনজনৰ প্ৰতি মুল্যাঙ্কণ কৰাটো আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়, কিয়নো ইয়ে এখন বিবাহলৈ চিৰকালীয় আনন্দ কঢ়িয়াই আনে। যিহোৱাৰ প্ৰতি ঈশ্বৰীয় ভক্তিয়ে দুয়ো বিবাহিত সঙ্গীৰ বিবাহ বন্ধনত চিৰকলীয়া ঐক্যতা কঢ়িয়াই আনে, আন একোৱেই তেনে কৰিব নোৱাৰে। (উপদেশক ৪:১২) যেতিয়া কোনো খ্ৰীষ্টান দম্পতীয়ে নিজৰ জীৱনত যিহোৱাৰ উপাসনাক মুখ্য স্থান দিয়ে, তেতিয়া তেওঁলোকে আধ্যাত্মিক, মানসিক আৰু নৈতিকৰূপে ঐক্য হয়। তেওঁলোকে একেলগে ঈশ্বৰৰ বাক্য অধ্যয়ন কৰে। তেওঁলোকে একেলগে প্ৰাৰ্থনা কৰে আৰু ইয়ে তেওঁলোকৰ হৃদয় ঐক্যবদ্ধ কৰে। তেওঁলোকে একেলগে খ্ৰীষ্টান সভাবোৰত উপস্থিত হয় আৰু প্ৰচাৰ কাৰ্য্যত একেলগে কাৰ্য্য কৰে। এই সকলোবোৰ সহায়ে আধ্যাত্মিক বন্ধন গঠন কৰে, যিয়ে তেওঁলোকৰ মাজত এক ঘনিষ্ঠ সম্পৰ্ক গঢ়ি তুলে। তদুপৰি সকলোতকৈ মন কৰিবলগীয়া কথা হৈছে, ইয়ে তেওঁলোকলৈ যিহোৱাৰ আশীৰ্ব্বাদ কঢ়িয়াই আনে।

৯. অব্ৰাহামে নিজ পুত্ৰ ইচাহকৰ বাবে বিবাহ সঙ্গী বাছনি কৰিবলৈ কি কৰিলে আৰু তাৰ পৰিণাম কি হʼল?

ঈশ্বৰৰ প্ৰতি গভীৰ ভক্তি থকাৰ বাবে বিশ্বাসী আব্ৰহামে তেওঁৰ পুত্ৰ ইচাহকৰ বাবে বিবাহ সঙ্গী বাছনি কৰি যিহোৱাৰ মন আনন্দিত কৰিব পাৰিলে। তেওঁ নিজৰ বিশ্বাসী দাসক এইদৰে কৈছিল: “মই এই যি কনানীয়া লোকৰ মাজত নিবাস কৰিছোঁ, তুমি মোৰ পুত্ৰৰ নিমিত্তে ইহঁতৰ কোনো ছোৱালী নানি, মোৰ জ্ঞাতিবিলাকৰ ওচৰলৈ গৈ, মোৰ পুত্ৰ ইচ্‌হকলৈ ছোৱালী আনিবলৈ মই তোমাক স্বৰ্গ আৰু পৃথিবীৰো ঈশ্বৰ যিহোৱাৰ নামেৰে শপত কৰাওঁ। . . . যিহোৱাই তোমাৰ আগে আগে নিজ দূত পঠাই দিব; তাতে তুমি মোৰ পুত্ৰৰ নিমিত্তে সেই ঠাইৰ পৰাই ছোৱালী আনিব পাৰিবা।” সঁচাকৈ ৰিবেকা ইচাহকৰ বাবে উল্লেখনীয় পত্নী প্ৰমাণিত হʼল। ইচাহকে তাইক অতিশয় প্ৰেম কৰিছিল।—আদিপুস্তক ২৪:৩, ৪, ৭, ১৪-২১, ৬৭.

১০. স্বামী আৰু স্ত্ৰীয়ে কেনে শাস্ত্ৰীয় দায়িত্বসমূহ পালন কৰা আৱশ্যক?

১০ যদি আমি অবিবাহিত খ্ৰীষ্টান হওঁ, তেনেহʼলে ঈশ্বৰীয় ভক্তিয়ে বিবাহৰ সম্বন্ধে থকা শাস্ত্ৰীয় গুণসমূহ বিকাশিত কৰিবলৈ সহায় কৰিব। স্বামী আৰু স্ত্ৰীয়ে পালন কৰিবলগীয়া দায়িত্বসমূহৰ বিষয়ে পাঁচনি পৌলে এইদৰে লিখিছিল: “হে ভাৰ্য্যাবিলাক, তোমালোক যেনেকৈ প্ৰভুৰ, তেনেকৈ নিজ নিজ স্বামীৰো বশীভূত হোৱা; হে পুৰুষবিলাক, খ্ৰীষ্টে যেনেকৈ মণ্ডলীক প্ৰেম কৰিলে আৰু তাৰ কাৰণে নিজকে শোধাই দিলে, তেনেকৈ তোমালোকেও নিজ নিজ ভাৰ্য্যাক প্ৰেম কৰা; . . . স্বামীবিলাকেও নিজ নিজ ভাৰ্য্যাক, নিজ নিজ শৰীৰ বুলি প্ৰেম কৰা উচিত। . . . তথাপি তোমালোকেও প্ৰতিজনে নিজ নিজ ভাৰ্য্যাক সেই দৰে নিজৰ নিচিনাকৈ প্ৰেম কৰা; কিন্তু ভাৰ্য্যাই স্বামীলৈ ভয় ৰাখক।” (ইফিচীয়া ৫:২২-৩৩) ইয়াত আমি দেখিবলৈ পালোঁ যে পৌলৰ প্ৰেৰিত বাক্যই প্ৰেম আৰু সন্মান দেখুৱাৰ ওপৰত জোৰ দিছে । এই পৰামৰ্শ পালন কৰাৰ সৈতে যিহোৱালৈ ভয় ৰখাটো সন্মিলিত আছে। ইয়াৰ বাবে যিকোনো পৰিস্থিতিত সম্পূৰ্ণ হৃদয়েৰে বাধ্যবাধকতা হোৱাটো আৱশ্যক। যিসকল খ্ৰীষ্টান ভাই-ভনীয়ে বিবাহ কৰাৰ বাবে বিবেচনা কৰিছে তেওঁলোকে এই দায়িত্বভাৰ গ্ৰহণ কৰা উচিত।

কেতিয়া বিবাহ কৰিব তাৰ বাবে নিৰ্ণয় লোৱা

১১. (ক)বিবাহ কৰা উপযুক্ত সময়ৰ বিষয়ে শাস্ত্ৰই কি কৈছে? (খ) কেনে উদাহৰণে প্ৰকাশ কৰিছে যে ১ কৰিন্থীয়া ৭:৩৬ পদত বুদ্ধিমান বিষয় অভিলিখিত কৰা হৈছে?

১১ আমি কেতিয়া বিবাহ কৰিব লাগে তাক জনাটো অতি গুৰুত্বপূৰ্ণ। বিভিন্ন ব্যক্তিৰ বাবে বিবাহৰ উপযুক্ত সময় বেলেগ বেলেগ হʼব পাৰে, কিয়নো ইয়াৰ বাবে শাস্ত্ৰত কোনো বিশেষ বয়স উল্লেখ কৰা নাই। যিহেতু শাস্ত্ৰই দেখুৱাইছে, বিবাহৰ বাবে “ডেকা-কাল পাৰ হৈ” যোৱা লৈকে অপেক্ষা কৰিব লাগে। কিয়নো সেই বয়সত যৌন আবেগ অধিক শক্তিশালী হয়, যিয়ে উত্তম বিবেচনাক ধ্বংস কৰিব পাৰে। (১ কৰিন্থীয়া ৭:৩৬) মিচেল নামৰ এগৰাকী যুৱতীয়ে এইদৰে কয়: “যেতিয়া মই দেখোঁ, মোৰ নাবালক হোৱা বন্ধুবিলাকে তেওঁলোকৰ সমবয়সৰ লʼৰা-ছোৱালীৰ সৈতে প্ৰেম কৰে আৰু বিবাহ কৰিছিল, সেই সময়ত বাইবেলৰ সেই পৰামৰ্শ পালন কৰিবলৈ কঠিন অনুভৱ কৰিছিলোঁ। কিন্তু মই জানিব পাৰিলোঁ যে যিহোৱাই যি পৰামৰ্শ দিয়ে সেইসকলো আমাৰ ভালৰ বাবেহে প্ৰদান কৰে। বিবাহৰ উপযুক্ত সময়লৈ অপেক্ষা কৰাৰ সময়ত, মই যিহোৱাৰ সৈতে থকা মোৰ সম্বন্ধক অটুত কৰিব পাৰিলোঁ আৰু জীৱনত এনে কিছুমান অভিজ্ঞতা লাভ কৰিলোঁ, যিটো নাবালক অৱস্থাত লাভ কৰাটো সম্ভৱ নাছিল। কিছু বছৰৰ পাছত মই বিবাহত বহন কৰিব দায়িত্বসমূহ শিকা আৰু লগতে বিবাহত হʼবলগীয়া সমস্যাসমূহৰ সৈতে কেনেকৈ সফলতাৰে সন্মূখীন হʼব লাগে এই বিষয়ে নিজকে ভালকৈ প্ৰস্তুত কৰিব পাৰিলোঁ।”

১২. কিশোৰ-কিশোৰীসকলে কিয় খৰখেদাকৈ বিবাহৰ সিদ্ধান্ত লোৱাটো উচিত নহয়?

১২ যিসকলে বিবাহৰ বাবে উপযুক্ত বয়স নোহোৱাৰ স্বত্ত্বেও বিবাহ কৰে, পাছলৈ তেওঁলোকে পাইছে যে বয়স বাঢ়ি অহাৰ লগে-লগে তেওঁলোকৰ আৱশ্যকতা আৰু অভিলাষো সলনি হয়। তেতিয়া তেওঁলোকে বুজি পাই যে প্ৰথমতে যিবোৰ বিষয় বাঞ্চনীয় যেন লাগিছিল, এতিয়া সেইবোৰৰ কোনো মূল্য নাই। উদাহৰণস্বৰূপে এগৰাকী কিশোৰীয়ে ১৬ বছৰ বয়সত বিয়া কৰিবলৈ সিদ্ধান্ত লয়। কিয়নো তাইৰ বুঢ়ী আইটা আৰু মাকেও সেই বয়সতে বিয়া কৰিছিল। যেতিয়া তাই ভাল পোৱা লʼৰাজনে আন ছোৱালীৰ সৈতে বিয়া কৰিলে, তেতিয়া তাই আন এজন লʼৰাৰ সৈতে বিয়া হয়। পাছলৈ তাই খৰখেদাকৈ লোৱা নিজৰ সিদ্ধান্তৰ বাবে অনুতাপ কৰিবলগীয়া হয়।

১৩. যিসকলে উপযুক্ত বয়স নোহোৱাকৈ বিবাহ কৰে, আচলতে তেওঁলোকে কেনেবোৰ বিষয়ত কম অনুভৱী?

১৩ যেতিয়া বিবাহৰ বিষয়ে বিবেচনা কৰা হয়, তেতিয়া এই বিষয়টোও মনত ৰখাটো ভাল হʼব যে বিবাহত দুয়োজনে ইজনে সিজনক বুজাবুজি হোৱাতো অতি গুৰুত্বপূৰ্ণ। উপযুক্ত বয়স নোহোৱাকৈ বিবাহ কৰাৰ অৰ্থ হৈছে বহুতো সমস্যাক আমন্ত্ৰণ কৰা। কিয়নো তেনে দম্পতীয়ে সমস্যাসমূহৰ সৈতে সন্মূখীন হʼবলৈ নিজকে প্ৰস্তুত কৰিব নোৱাৰে। তদুপৰি তেওঁলোকে হয়তো বিবাহৰ আৱশ্যকতা আৰু সন্তানক প্ৰতিপালন কৰাৰ সম্পৰ্কে কম অনুভৱী আৰু অপৰিপক্ক। এতেকে যেতিয়া এজন ব্যক্তিয়ে শাৰীৰিক, মানসিক আৰু আধ্যাত্মিকভাৱে চিৰকলীয়া সঙ্গী হʼবলৈ প্ৰস্তুত হয় তেতিয়াহে বিবাহৰ বিষয়ে বিবেচনা কৰা উচিত।

১৪. বিবাহত উৎপন্ন হোৱা সমস্যাবোৰক সমাধান কৰিবলৈ কিহৰ আৱশ্যক?

১৪ এই বিষয়ে পাঁচনি পৌলে কৈছিল যে যিসকলে বিবাহ কৰে, তেওঁলোকলৈ “শাৰীৰিক ক্লেশ ঘটিব।” (১ কৰিন্থীয়া ৭:২৮) এই সমস্যা এইবাবে হয়, কিয়নো তেওঁলোক দুয়োৱে একেবাৰে ভিন্ন ব্যক্তি আৰু তেওঁলোকৰ দৃষ্টিভঙ্গীও বেলেগ। তদুপৰি আমি সকলোৱেই অসিদ্ধ মানৱ হোৱাৰ বাবে শাস্ত্ৰই দিয়া পৰামৰ্শ অনুসাৰে বিবাহত নিজ নিজ ভূমিকা পালন কৰাটো কঠিন হয়। (১ কৰিন্থীয়া ১১:৩; কলচীয়া ৩:১৮, ১৯; তীত ২:৪, ৫; ১ পিতৰ ৩:১, ২, ৭) বিবাহত হোৱা সকলোবোৰ সমস্যাক প্ৰেমেৰে সমাধান কৰিবলৈ বয়সত পৰিপক্ক আৰু আধ্যাত্মিকৰূপে দৃঢ় হোৱা আৱশ্যক।

১৫. পিতৃ-মাতৃসকলে নিজ সন্তানক বিবাহৰ বাবে প্ৰস্তুত কৰিবলৈ কেনে ভূমিকা আদায় কৰিব পাৰে? বৰ্ণনা কৰক।

১৫ পিতৃ-মাতৃয়েও নিজৰ লʼৰা-ছোৱালীক ঈশ্বৰীয় নিৰ্দ্দেশনসমূহ বুজোৱাৰ দ্বাৰা তেওঁলোকক বিবাহৰ বাবে প্ৰস্তুত কৰাত সহায় কৰিব পাৰে। কৌশলতাপূৰ্ণৰে শাস্ত্ৰ আৰু ইয়াৰ আধাৰিত আলোচনীসমূহক ব্যৱহাৰ কৰি

নিজ লʼৰা-ছোৱালীক বিবাহৰ বাবে সিদ্ধান্ত লোৱাত সহায় কৰক। * ব্লোচ্‌ম নামৰ ওঠৰ বছৰীয়া এগৰাকী ভনীয়ে, তাইৰ মণ্ডলীত থকা এজন ডেকা ভাইৰ সৈতে প্ৰেমত পৰে। সেই ভাইজন পূৰ্ণসময়ৰ সেৱক আছিল আৰু তেওঁলোক দুয়োৱে বিয়া কৰিবলৈ বিচাৰিছিল। কিন্তু ভনী গৰাকীৰ পিতৃ-মাতৃয়ে তাইক এবছৰৰ বাবে অপেক্ষা কৰিবলৈ কয়, কিয়নো তেওঁলোকে তাইৰ বয়স তেতিয়াও সৰু বুলি বিবেচনা কৰিছিল। ব্লোচ্‌মে পাছলৈ এইদৰে কয়: “তেওঁলোকৰ সেই বুদ্ধিমান পৰামৰ্শৰ বাবে মই তেওঁলোকৰ প্ৰতি কৃতজ্ঞ হৈছোঁ। কিয়নো সেই বছৰতে মই সেই ভাইজনৰ বেয়া গুণসমূহ দেখিবলৈ পালোঁ, যিবোৰ এজন ভাল বিবাহ সঙ্গীৰ থকা উচিত নহয়। শেষত সেই ডেকা ভাইজনে সত্যক পৰিত্যাগ কৰে। সেই ভাইজনৰ সৈতে যদি মোৰ বিয়া হোৱা হʼলে মোৰ জীৱনত কিমান যে বেদনাদায়ক পৰিস্থিতি হʼলেহেঁতেন। তেনে বুদ্ধিমান পৰামৰ্শ দিয়া পিতৃ-মাতৃ পোৱাটো কিমান যে গৌৰৱৰ বিষয়!”

‘কেৱল প্ৰভুত বিশ্বাস কৰা জনালৈ বিয়া হোৱা’

১৬. (ক)‘প্ৰভুত বিশ্বাস কৰা জনালৈ বিয়া হোৱা’ খ্ৰীষ্টানসকলৰ সন্মূখত কেনে পৰীক্ষা আহিছিল? (খ) যেতিয়া সত্যত নথকা কোনো ব্যক্তিক বিবাহ কৰোৱাৰ প্ৰশ্ন আহে তেতিয়া খ্ৰীষ্টানসকলে কি কৰা আৱশ্যক?

১৬ বিবাহৰ বাবে সঙ্গী বাছনি কৰাৰ সম্পৰ্কে যিহোৱাই স্পষ্টকৈ এইদৰে নিৰ্দ্দেশনা দিছে: ‘কেৱল প্ৰভুত বিশ্বাস কৰা জনালৈ বিয়া হʼব পাৰে।’ (১ কৰিন্থীয়া ৭:৩৯) খ্ৰীষ্টান পিতৃ-মাতৃ আৰু তেওঁলোকৰ লʼৰা-ছোৱালীয়ে এই বিষয়টোক নিৰীক্ষণ কৰিব পাৰে। কিন্তু কেনেকৈ? উদাহৰণস্বৰূপে এজন ডেকা ভাই বা ভনীয়ে বিবাহ কৰিব বিচাৰিছে কিন্তু মণ্ডলীত প্ৰায়ে তেনে কোনো উপযুক্ত ভাই বা ভনী নাই। হয়তো কেতিয়াবা এনে হʼব পাৰে কিছুমান মণ্ডলীত অবিবাহিত ভনীসকলতকৈ ভাইসকলৰ সংখ্যা বেছি বা সেই মণ্ডলীত তেনে কোনো নাই। মণ্ডলীত হয়তো সত্যৰ প্ৰতি আগ্ৰহ থকা যুৱক আছে যি জনে খ্ৰীষ্টান ভনীক বিয়া কৰিব বিচাৰে বা সত্যৰ প্ৰতি আগ্ৰহ থকা যুৱতী আছে যিয়ে খ্ৰীষ্টান ভাইক বিয়া কৰিব বিচাৰে, অথচ তেনে ব্যক্তিসকলে বাপ্তিষ্মা লোৱা নাই, তেওঁলোকৰ ওপৰত যিহোৱাৰ স্তৰসমূহক অস্বীকাৰ কৰাৰ বাবে হেঁচা আহিব পাৰে। এনেধৰণৰ পৰিস্থিতিত আব্ৰাহমৰ আৰ্হিক অনুকৰণ কৰাটো উচিত হʼব। তেওঁ যিহোৱাৰ সৈতে ভাল সম্বন্ধ বজাই ৰখাৰ বাবে অব্ৰাহামে নিশ্চত কৰিছিল যে তেওঁৰ পুত্ৰ ইচহাকে যাতে যিহোৱাৰ উপাসক হোৱা ছোৱালীহে যেন বিয়া কৰায়। ইচহাকেও তেওঁৰ পুত্ৰ যাকোবৰ সৈতে সেই একেইদৰে কৰিলে। এই সকলোবোৰৰ বাবে যথেষ্ট প্ৰচেষ্টা কৰিবলগীয়া হৈছিল, কিন্তু ইয়ে ঈশ্বৰৰ মন আনন্দিত কৰিলে আৰু যিহোৱাই তেওঁলোকক আশীৰ্ব্বাদ কৰিলে।—আদিপুস্তক ২৮:১-৪.

১৭. সত্যত নথকা ব্যক্তিক বিয়া কৰোৱাৰ পৰিণাম কিয় সৰ্বনাশী আৰু ‘প্ৰভুত বিশ্বাস কৰা জনালৈ বিয়া হোৱাৰ’ মুখ্য কাৰণটো কি?

১৭ সত্যত নথকা বহু কম সংখ্যক বিবাহিতা সঙ্গীয়ে সত্যক গ্ৰহণ কৰে।। তথাপিও সত্যত নথকা ব্যক্তিৰ সৈতে বিবাহ হোৱাটো প্ৰায়ে বিপদজনক। যিসকলে একেই বিশ্বাস আৰু স্তৰসমূহক পালন নকৰাৰ সৈতে অসমানভাৱে যোঁতা হয়। (২ কৰিন্থীয়া ৬:১৪) তেওঁলোকৰ কথা-বতৰা আৰু বৈবাহিক সুখত ক্ষতিকৰভাৱে প্ৰভাৱ পৰে। ক্ষন্তেক বিবেচনা কৰক, এগৰাকী খ্ৰীষ্টান ভনীয়ে সভাবোৰত উপস্থিত হৈ আধ্যাত্মিকভাৱে উন্নতি কৰে, কিন্তু তাই ঘৰলৈ গৈ সত্যত নথকা তাইৰ সঙ্গীৰ সৈতে আধ্যাত্মিক বিষয়বোৰক আলোচনা কৰিব নোৱাৰে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হৈছে ‘প্ৰভুত বিশ্বাস কৰা জনালৈ বিয়া’ হোৱাৰ অৰ্থ হৈছে যিহোৱা প্ৰতি বিশ্বাসযোগ্য হোৱা। যেতিয়া আমি ঈশ্বৰৰ বাক্য পালন কৰি “তেওঁৰ দৃষ্টিত যি যি সন্তোষজনক, তাকে কৰোঁ” তেতিয়া আমাৰ হৃদয়ে কেতিয়াও আমাক দোষী সাব্যস্ত নকৰিব।—১ যোহন ৩:২১, ২২.

১৮. বিবাহৰ বিষয়ে বিবেচনা কৰা সময়ত কেনে গুৰুত্বপূৰ্ণ বিষয়ৰ সম্পৰ্কে চিন্তা কৰাটো অতি আৱশ্যক আৰু কিয়?

১৮ যেতিয়া বিবাহৰ বাবে বিবেচনা কৰা হয়, তেতিয়া বিবাহ সঙ্গীৰ চৰিত্ৰ আৰু আধ্যাত্মিক স্থিতিৰ বিষয়ে বিবেচনা কৰাটো অতি গুৰুত্বপূৰ্ণ। এজন খ্ৰীষ্টান ভাই বা ভনীৰ ব্যক্তিত্ব, ঈশ্বৰৰ প্ৰতি প্ৰেম আৰু সম্পূৰ্ণ হৃদয়েৰে তেওঁৰ সেৱা কৰাটো হৈছে বাহ্যিক সৌন্দৰ্য্যতকৈ বহু মূল্যবান। এতেকে যিসকলে নিজৰ দায়িত্ব পালন কৰি আধ্যাত্মিকৰূপে দৃঢ় হৈ বিবাহ সঙ্গীৰ বাবে উপযুক্ত হৈছে তেওঁলোকে ঈশ্বৰীয় আনন্দ উপভোগ কৰে। বিবাহবন্ধন শক্তিশালী কৰিবলৈ দুয়োজন সঙ্গীয়ে ঈশ্বৰৰ প্ৰতি ভক্তি ৰাখি তেওঁৰ নিৰ্দ্দেশনাৰ অনুসাৰে চলা আৱশ্যক। এনে কৰাৰ দ্বাৰা যিহোৱাক আদৰ কৰা হয়। তদুপৰি দৃঢ় আধ্যাত্মিকতাৰ ওপৰত নিৰ্ভৰ কৰি বৈবাহিক জীৱন আৰম্ভ হয় আৰু ইয়ে বিবাহত চিৰস্থায়ী আনন্দ কঢ়িয়াই আনে। (w01 5/15)

[ফুটনোটবোৰ]

^ ফেব্ৰুৱাৰী ১৫, ১৯৯৯ চনৰ প্ৰহৰীদুৰ্গ ৪-৮ পৃষ্ঠা চাওঁক।

আপুনি কিদৰে উত্তৰ দিব?

•বিবাহৰ বাবে উপযুক্ত সঙ্গীৰ বাছনি কৰিবলৈ কিয় ঈশ্বৰীয় নিৰ্দ্দেশনাৰ আৱশ্যক?

•ঈশ্বৰীয় ভক্তিয়ে কেনেকৈ বিবাহবন্ধন অটুট কৰে?

•পিতৃ-মাতৃয়ে কেনেকৈ তেওঁলোকৰ লʼৰা-ছোৱালীক বিবাহৰ বাবে প্ৰস্তুত কৰিব পাৰে?

•‘কেৱল প্ৰভুত বিশ্বাস কৰা জনালৈ বিয়া হোৱা’ কিয় আৱশ্যক?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[২৪ পৃষ্ঠাৰ ছবি]

‘কেৱল প্ৰভুত বিশ্বাস কৰা জনালৈ বিয়া হলে’ ঈশ্বৰে আশীৰ্ব্বাদ কৰে