Skip to content

Skip to table of contents

মানুহে দুখ-কষ্ট ভোগীবলগীয়া হোৱাৰ কাৰণসমূহ

মানুহে দুখ-কষ্ট ভোগীবলগীয়া হোৱাৰ কাৰণসমূহ

মানুহে দুখ-কষ্ট ভোগীবলগীয়া হোৱাৰ কাৰণসমূহ

 “হেঈশ্বৰ মানৱজাতিৰ কিয় এনে দশা হৈছে?” এছিয়া মাইনৰত ভয়ানক ভূমিকম্প হোৱাৰ পাছত আটাইতকৈ প্ৰচলিত বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাত ডাঙৰ আখৰত এই প্ৰশ্নটো দেখিবলৈ পোৱা গʼল। সেই বাতৰি কাকতখনত এনে এখন ছবি আছিল, যʼত দেখুৱা হৈছিল এজন ব্যাকুল পিতৃয়ে ধ্বংসপ্ৰাপ্ত ঘৰখনৰ পৰা আহত হোৱা নিজৰ ছোৱালীজনীক ওলিয়াই আনিছিল।

আজি হাজাৰ হাজাৰ লোকৰ হৃদয় বিদাৰক ক্ৰন্দন, অসহনীয় বেদনা আৰু আপোনজনাৰ মৃত্যুৰ কাৰণ হৈছে যুদ্ধ, ক্লেশ, মহামাৰী আৰু প্ৰাকৃতিক দুৰ্যোগ। ইয়াৰ ওপৰিও বৰ্তমান সময়ত মহিলাসকলক বলৎকাৰ, কণ-কণ লʼৰা-ছোৱালীৰ সৈতে দুব্যৱহাৰ আৰু আন আন অপৰাধসমূহো অধিক মাত্ৰাত বৃদ্ধি হোৱা দেখা গৈছে। তদুপৰি এটা ভয়াবহ দুৰ্ঘটনাৰ ফলত অসংখ্য জনৰ আহত আৰু নিহত হোৱা আৰু হাজাৰ হাজাৰ লোকে ভয়ানক ৰোগ, বৃদ্ধ অৱস্থা, আপোনজনাৰ মৃত্যুত মানসিক কষ্ট ভোগীবলগীয়া হোৱাৰ বিষয়ে বিবেচনা কৰক।

ইতিহাসৰ অনুসাৰে ২০ শং শতাব্দীত মানৱজাতিয়ে আটাইতকৈ জঘন্যভাৱে বেয়া পৰিস্থিতিৰ সন্মূখীন হʼবলগীয়া হʼল। উদাহৰণস্বৰূপে ১৯১৪ চনৰ পৰা ১৯১৮ চনলৈকে হোৱা প্ৰথম বিশ্ব যুদ্ধত প্ৰায় এক কোটি সৈনিকৰ মৃত্যু হৈছিল। ইয়াৰ ওপৰিও কিছুমান ঐতিহাসিক লেখকে কৈছে যে সেই যুদ্ধত বহুতো অসামৰিক লোকেও মৃত্যুবৰণ কৰিলে। দ্বিতীয় বিশ্ব যুদ্ধত পাঁচ কোটি লোকৰ মৃত্যু হʼল, যʼত সন্মিলিত আছিল সৈনিক, অসামৰিক, নিৰাশ্ৰয় হোৱা বৃদ্ধ, পুৰুষ, স্ত্ৰী আৰু কণ-কণ লʼৰা-ছোৱালী। বাস্তৱতে কʼবলৈ গʼলে যোৱা শতাব্দীত কোটি কোটি লোকে ৰাষ্ট্ৰীয়তাবাদ, বিপ্লৱ, জাতিগত সংঘৰ্ষ, আকাল, আৰু দৰিদ্ৰতাৰ বলি হৈছিল। ২০ শং শতাব্দীৰ ঐতিহাসিক ভুচিত্ৰাৱলীৰ অনুসাৰে ১৮ কোটিতকৈ অধিক লোকে এনে “ভয়ানক পৰিস্থিতিৰ” বাবে মৃত্যুবৰণ কৰিবলগীয়া হʼল।

১৯১৮/১৯১৯ চনত হোৱা স্পেনিছ ইনফ্লুয়েনঞ্জাৰ ফলত প্ৰায় ২০ লাখ লোকে মৃত্যুক সাৱটি লʼলে। যোৱা দুই শতাব্দী ধৰি প্ৰায় ১. ৯ কোটি লোকে এইডছ ৰোগত নিজৰ জীৱন হেৰুৱালে আৰু ৩. ৫ কোটি লোকে এইডছ ৰোগৰ ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে। প্ৰায় ৬ লাখ কণ-কণ লʼৰা-ছোৱালীয়ে এইডছ ৰোগৰ ফলত নিজৰ পিতৃ-মাতৃক হেৰুৱাব লগা হʼল। আনহাতে অসংখ্য নৱজাত শিশুৱে মাকৰ গৰ্ভত থাকোতেই এইডছৰ দ্বাৰা আক্ৰান্ত হোৱাৰ বাবে মৃত্যুবৰণ কৰিছে।

লʼৰা-ছোৱালীবিলাকে বিভিন্ন প্ৰকাৰে আটাইতকৈ বেছি পীড়িত হৈছে। ১৯৯৫ চনৰ শেষৰফালে ইংলেণ্ডৰ মেনচেষ্টাৰ গাৰড়িয়েনʼত প্ৰকাশ কৰা এটা লেখত ইউনাইটেড নেশ্বন ছিলড্ৰেন ফাণ্ডে এইদৰে কৈছিল: “পূৰ্বৱৰ্তী শতাব্দীবোৰত হোৱা যুদ্ধৰ ফলত, ২০ লাখ লʼৰা-ছোৱালীয়ে মৃত্যুবৰণ কৰে, ৪০ পৰা ৫০ লাখে পঙ্গু, ১. ২ কোটিয়ে আশ্ৰয়হীন, ১০ লাখতকৈ অধিকে ঘাতমাউৰা বা পিতৃ-মাতৃৰ পৰা পৃথক, আৰু ১ কোটি লʼৰা-ছোৱালীয়ে মানসিক ৰোগৰ বলি হৈছিল।” তদুপৰি জানিব পৰা অনুসাৰে গোটেই পৃথিৱীত প্ৰত্যেক বছৰত ৪-৫ কোটি গৰ্ভপাত কৰা হয়।

ভৱিষ্যতে পৰিস্থিতি কেনে হʼব?

বহুতে কয় যে ভৱিষ্যতে ভয়াবহ পৰিস্থিতিয়ে দেখা দিব। এদল বৈজ্ঞানীকে এইদৰে কয়: “মানহে পৃথিৱীখনক এইদৰে নষ্ট কৰিছে . . . এটা সময়ত কোনো প্ৰাণীয়ে জীয়াই থাকিব নোৱাৰিব। আনকি সেই সময়ছোৱাত পাঁচ জনৰ ভিতৰত এজন ব্যক্তিয়ে সম্পূৰ্ণৰূপে দৰিদ্ৰতাৰ সন্মুখীন আৰু দহ জনৰ ভিতৰত এজনে পুষ্টিহীনতাৰ ফলত হোৱা ৰোগৰ দ্বাৰা আক্ৰান্ত হʼব।” সেয়েহে এতিয়াৰে পৰা বৈজ্ঞানীকসকলে ভৱিষ্যতে কি হʼব তাৰ বিষয়ে গোটেই মানৱজাতিক সৰ্তক কৰি কৈছে: “যদি আমি এই পৃথিৱীত জীয়াই থাকিবলৈ ইচ্ছা কৰিছোঁ তেন্তে এক বৃহত আকাৰৰ পৰিৱৰ্ত্তন কৰিব লাগিব আৰু সেইয়া হৈছে দুষ্টতাক আমাৰ পৰা দূৰ কৰা।”

কিয় ঈশ্বৰে অত্যাধিক দুখ-কষ্ট আৰু দুষ্টতাৰ অনুমতি দিছে? এইবোৰ শেষ কৰিবলৈ তেওঁৰ উদ্দেশ্য কেনেকৈ সন্মিলিত আছে? কেতিয়া? (w01 5/15)

[৩ পৃষ্ঠাৰ স্বীকৃতিপ্ৰাপ্ত ছবিসমূহ]

ছবিখনৰ একেবাৰে ওপৰত দেখুৱা হুইল চেয়াৰত বহা ব্যক্তি: UN/DPI Photo 186410C by P.S. Sudhakaran; মাজত দেখুৱা অনাহাৰে থকা লʼৰা-ছোৱালী: WHO/OXFAM; একেবাৰে তলত দেখুৱা হাড়ে-ছালে লগা ব্যক্তি: FAO photo/B. Imevbore