Skip to content

Skip to table of contents

যিহোৱাৰ মহান কাৰ্য্যৰ বাবে তেওঁক স্তুতি কৰক!

যিহোৱাৰ মহান কাৰ্য্যৰ বাবে তেওঁক স্তুতি কৰক!

যিহোৱাৰ মহান কাৰ্য্যৰ বাবে তেওঁক স্তুতি কৰক!

‘মোৰ প্ৰাণে যিহোৱাৰ মহিমা বৰ্ণাইছে . . . কিয়নো পৰাক্ৰমী জনাই মোৰ নিমিত্তে মহৎ কৰ্ম্ম কৰিলে।’লূক ১:৪৬-৪৯.

১. কেনে মহৎ কাৰ্য্যবোৰৰ বাবে যিহোৱাই স্তুতি পোৱাৰ যোগ্য?

 যিহোৱাই কৰা মহান কাৰ্য্যৰ বাবে তেওঁ স্তুতি পোৱাৰ যোগ্য। ভৱিষ্যতবক্তা মোচিয়ে যেতিয়া ইস্ৰায়েলসকলক মিচৰৰ দাসত্ব বন্ধনৰ পৰা স্বাধীন হোৱাৰ বিষয়ে সুঁৱৰাই দি এইদৰে কৈছিল: “যিহোৱাই কৰা তেওঁৰ সেইবোৰ মহৎ কৰ্ম্ম তোমালোকে স্ব-চকুৰেই দেখিছিলা।” (দ্বিতীয় বিবৰণ ১১:১-৭) ঠিক একেইদৰে স্বৰ্গদূত গাব্ৰিয়েলে যেতিয়া কুমাৰী মৰিয়মক যীচুৰ জন্মৰ বিষয়ে জনালে, তেতিয়া তাই এইদৰে কৈছিল: ‘মোৰ প্ৰাণে যিহোৱাৰ মহিমা বৰ্ণাইছে . . . কিয়নো পৰাক্ৰমী জনাই মোৰ নিমিত্তে মহৎ কৰ্ম্ম কৰিলে।’ (লূক ১:৪৬-৪৯) এতেকে আমি যিহোৱাৰ সাক্ষী হোৱাৰ বাবে যিহোৱাৰ মহান কাৰ্য্য যেনে, ইস্ৰায়েল জাতিক মিচৰৰ দাসত্বৰ পৰা মুক্তি কৰা আৰু আচৰিতভাৱে তেওঁৰ প্ৰিয় পুত্ৰক মানৱলৈ ৰূপান্তৰ কৰাৰ বাবে তেওঁক স্তুতি কৰোঁ।

২. (ক)আজ্ঞাকাৰী মানৱজাতিৰ বাবে যিহোৱাৰ ‘অনন্ত কালৰ যি অভিপ্ৰায়ৰ’ অৰ্থ কি? (খ) পাত্ম দ্বীপত বৃদ্ধ যোহনে কিহৰ অভিজ্ঞতা প্ৰাপ্ত কৰিছিল?

যিহোৱাই কৰা বেছিভাগ মহান কাৰ্য্যই আজ্ঞাকাৰী মানৱজাতিক মচীহ ৰাজ্য শাসনৰ দ্বাৰা আশীৰ্ব্বাদ কৰা তেওঁৰ ‘অনন্ত কালৰ যি অভিপ্ৰায়ৰ’ সৈতে জড়িত আছে। (ইফিচীয়া ৩:৮-১৩) সেই অভিপ্ৰায় ক্ৰমান্বয়ে তেতিয়া বৃদ্ধি হৈছিল, যেতিয়া বৃদ্ধ পাঁচনি যোহনক দৰ্শনত স্বৰ্গৰ দুৱাৰেদি ভুমুকি মাৰি চাবলৈ দিয়া হৈছিল। তেওঁ তাত তূৰীৰ মাতৰ দৰে কণ্ঠস্বৰ শুনিবলৈ পালে। সেই কণ্ঠস্বৰে তেওঁক এইদৰে কৈছিল: “ইয়ালৈ উঠি আহাঁ: ইয়াৰ পাছত যি যি ঘটিব লাগে, তাক মই তোমাক দেখুৱাওঁ।” (প্ৰকাশিত বাক্য ৪:১) ৰোমান শাসনকৰ্ত্তাৰ দ্বাৰা পাত্ম দ্বীপত দেশান্তৰিত অৱস্থাত থাকোঁতে, “ঈশ্বৰৰ বাক্য আৰু যীচুৰ সাক্ষ্যৰ কাৰণে” যোহনে ‘যীচুৰ পৰা প্ৰকাশিত বাক্য’ পাইছিল। পাঁচনি যোহনে দেখা আৰু শুনা প্ৰকাশিত কৰা বিষয়সমূহৰ বেছিভাগেই ঈশ্বৰৰ অনন্ত কালৰ অভিপ্ৰায়ৰ ওপৰত আধাৰিত আছিল। সেইবাবে তেওঁ অন্তৰ্দৃষ্টি পাই সত্য খ্ৰীষ্টানসকলক যথাসময়ত উৎসাহিত কৰিব পাৰিছিল।—প্ৰকাশিত বাক্য ১:১, ৯, ১০.

৩. যোহনে দৰ্শনত দেখা ২৪ জন প্ৰাচীনে কাক প্ৰতিনিধিত্ব কৰিছে?

যোহনে স্বৰ্গত সেই খোলা দুৱাৰৰ মাজেদি ২৪ জন প্ৰাচীনক ৰজাৰ দৰে মুকুট পিন্ধি ৰাজ সিংহাখনত বহা দেখিলে। তেওঁলোকে ঈশ্বৰৰ আগত আঠু লৈ এইদৰে কৈছিল: ‘হে আমাৰ যিহোৱা ঈশ্বৰ, তুমিয়েই প্ৰশংসা, সমাদৰ আৰু পৰাক্ৰম পোৱাৰ যোগ্য; কিয়নো তুমিয়েই সকলোকে স্ৰজিলা; তোমাৰ ইচ্ছাৰ কাৰণেই সেই সকলো হʼল; সকলো সৃষ্ট হʼল।’ (প্ৰকাশিত বাক্য ৪:১১) যোহনে দেখা সেই প্ৰাচীনসকল, সকলো অৱশিষ্ট জনাক প্ৰতিনিধিত্ব কৰিছে। তেওঁলোকে আত্মিকৰূপে পুনৰত্থান হৈ ঈশ্বৰৰ প্ৰতিজ্ঞাৰ অনুসাৰে উচ্চ স্থানত বহিল। সেই অৱশিষ্টসকলে যিহোৱাই সৃষ্টিত কৰা মহৎ কাৰ্য্যৰ সঙ্গী হʼবলৈ পাই তেওঁক স্তুতি কৰিবলৈ প্ৰেৰিত হʼল। আমিও যিহোৱাৰ “অনন্ত পৰাক্ৰম আৰু ঐশ্বৰিক” স্বভাৱৰ প্ৰমাণ দেখি আচৰিত হওঁ। (ৰোমীয়া ১:২০) আমি যিমানেই তেওঁৰ বিষয়ে শিকিম, সিমানেই তেওঁ কৰা মহান কাৰ্য্যৰ বাবে তেওঁক স্তুতি কৰিবলৈ প্ৰেৰিত হম।

যিহোৱালৈ স্তুতি কঢ়িয়াই আনা মহান কাৰ্য্যবোৰক প্ৰকাশ কৰক!

৪, ৫. কেনেকৈ ৰজা দায়ূদে যিহোৱাৰ স্তুতি গান কৰিছিল তাৰে কিছুমান উদাহৰণ দিয়ক।

গীতমালা লিখক ৰজা দায়ূদে যিহোৱাই কৰা মহান কাৰ্য্যৰ বাবে তেওঁক স্তুতি কৰিছিল। উদাহৰণস্বৰূপে, দায়ূদে এইদৰে গাইছিল: “তোমালোকে চিয়োন-নিবাসী যিহোৱাৰ উদ্দেশে প্ৰশংসাৰ গান কৰা, জাতিবোৰৰ মাজত তেওঁৰ কাৰ্য্যবোৰ প্ৰকাশ কৰা। হে মৃত্যুৰ দুৱাৰৰ পৰা মোক তোলোঁতা জনা, মই যেন তোমাৰ সকলো প্ৰশংসা বৰ্ণাব পাৰিম, এই নিমিত্তে, হে যিহোৱা, মোক কৃপা কৰা, মোক ঘিণাওঁতাবোৰৰ পৰা পোৱা মোৰ ক্লেশলৈ চোৱা; মই চিয়োন-জীয়াৰীৰ দুৱাৰত তোমাৰ পৰিত্ৰাণত আনন্দ কৰিম।” (গীতমালা ৯:১১, ১৩, ১৪) দায়ূদে তেওঁৰ পুত্ৰ চলোমনক মন্দিৰ নিৰ্মাণ কৰা নক্সা দিয়াৰ পাছত, আশীৰ্ব্বাদ কৰিলে আৰু ঈশ্বৰৰ স্তুতি কৰি এইদৰে কলে: “হে যিহোৱা, মহত্ত্ব, পৰাক্ৰম, গৌৰৱ জয়, আৰু প্ৰতাপ তোমাৰেই; . . . হে যিহোৱা, ৰাজ্যও তোমাৰেই, আৰু তুমি সকলোৰে ওপৰত মূৰস্বৰূপে উন্নত। . . . এই হেতুকে হে আমাৰ ঈশ্বৰ, আমি তোমাৰ ধন্যবাদ কৰিছোঁ, আৰু তোমাৰ গৌৰৱান নামৰ প্ৰশংসা কৰিছোঁ।”—১ বংশাৱলি ২৯:১০-১৩.

সেয়েহে শাস্ত্ৰৰ বচনসমূহে বাৰম্বাৰভাৱে আমাক দায়ূদে কৰাৰ দৰে ঈশ্বৰৰ স্তুতি কৰিবলৈ আগ্ৰহ কৰিছে। গীতমালা পুস্তকত লিখা প্ৰায় আধা ভাগ গীত ৰজা দায়ূদে নিজেই লিখিছিল। এই পুস্তকত ঈশ্বৰৰ স্তুতিৰ বিষয়ে বহুতো উক্তি পোৱা যায়। কিয়নো তেওঁ একেৰাহে যিহোৱাক ধন্যাবাদ আৰু তেওঁৰ স্তুতি কৰিছিল। (গীতমালা ৬৯:৩০) তদুপৰি এই গীতসমূহ প্ৰাচীন সময়ত দায়ূদ আৰু আনসকলে ঈশ্বৰৰ দ্বাৰা প্ৰেৰিত হৈ যিহোৱাৰ স্তুতিৰ বাবে ৰচিছিল।

৬. গীতমালাৰ প্ৰেৰিত গীতসমূহ আমাৰ বাবে কেনে লাভজনক?

গীতমালা পুস্তকত উল্লেখ কৰা গীতসমূহ যিহোৱাৰ সেৱকসকলৰ বাবে কিমান যে লাভদায়ক! যেতিয়া আমি যিহোৱাই আমালৈ কৰা মহৎ কাৰ্য্যৰ বাবে তেওঁক ধন্যবাদ দিবলৈ বিচাৰোঁ, তেতিয়া গীতমালা পুস্তকত উল্লেখ কৰা সেই সুন্দৰ উক্তিবোৰ আমাৰ মনলৈ আহিব। প্ৰত্যেক ৰাতিপুৱা টোপনিৰ পৰা সাৰ পাই, আমি এইদৰে কবলৈ প্ৰেৰিত হʼম: “যিহোৱাৰ উদ্দেশে ধন্যবাদ কৰা শুভজনক হে সৰ্ব্বোপৰি জনা, তোমাৰ নামৰ উদ্দেশে স্তুতি গান কৰা শুভজনক, ৰাতিপুৱা তোমাৰ দয়া, প্ৰতি ৰাতি তোমাৰ বিশ্বস্ততা, . . . কিয়নো হে যিহোৱা, তুমি তোমাৰ কৰ্ম্মৰ দ্বাৰাই মোক আনন্দিত কৰিছা; মই তোমাৰ হাতে কৰা কাৰ্য্যত আনন্দ-ধ্বনি কৰিম।” (গীতমালা ৯২:১-৪) যেতিয়া আমাৰ আধ্যাত্মিক পথত অহা বাধাবোৰক সফলতাৰে সন্মূখীন হʼম, তেতিয়া আমি আনন্দিত হৈ প্ৰাৰ্থনাৰ দ্বাৰা ঈশ্বৰৰ স্তুতি গান কৰিম, যিদৰে গীতমালা লিখকেও কৰিছিল। তেওঁ এইদৰে স্তুতি গীত গাইছিল: “আহাঁ, আমি যিহোৱাৰ উদ্দেশে গান কৰোঁহঁক, আমাৰ পৰিত্ৰাণৰ শিলাৰ অৰ্থে আনন্দধ্বনি কৰোহঁক। আহাঁ, আমি ধন্যবাদেৰে তেওঁৰ আগলৈ যাওহঁক, আৰু স্তুতি-গানেৰে তেওঁৰ আগত আনন্দধ্বনি কৰোঁহঁক।”—গীতমালা ৯৫:১, ২.

৭. (ক)খ্ৰীষ্টানসকলে গোৱা গীতত বিশেষকৈ মনকৰিবলগীয়া বিষয় কি? (খ) সভাৰ আৰম্ভণিৰ পৰা লৈ সমাপ্তিৰ লৈকে উপস্থিত থকাৰ এটা কাৰণ কি?

আমি মণ্ডলীৰ সভা, সন্মিলন আৰু অধিৱেশনত প্ৰায়ে উচ্চস্বৰত স্তুতি গীত গান কৰোঁ। মন কৰিবলগীয়া বিষয় হৈছে, এই সকলো চিন্তাধাৰৰ বেছিভাগেই বাইবেলত পোৱা গীতমালা নামৰ ঈশ্বৰৰ প্ৰেৰিত পুস্তকৰ ওপৰত আধাৰিত। বৰ্তমান সময়ত যিহোৱালৈ একেলগে এইধৰণৰ হৃদয়স্পৰ্ষী গীত গান কৰি কিমান যে আনন্দিত হওঁ! ঈশ্বৰৰ স্তুতি গান কৰাতো হৈছে এক উত্তম কাৰণ যাৰ বাবে আমি সভাৰ আৰম্ভণীৰ পৰা লৈ সমাপ্তিৰ লৈকে উপস্থিত থাকোঁ। এইদৰে আমি আমাৰ সঙ্গী সেৱকসকলৰ সৈতে গীত আৰু প্ৰাৰ্থনাৰ দ্বাৰা যিহোৱাৰ স্তুতি কৰোঁ।

“তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা!”

৮. সৰল ভাষাত “হাল্লিলূয়া” শব্দক কেনেকৈ প্ৰকাশ কৰিব পাৰি আৰু ই প্ৰায়ে কি অৰ্থ প্ৰকাশ কৰিবলৈ ব্যৱহাৰ হয়?

যিহোৱাৰ স্তুতি কৰা শব্দটো হিব্ৰু ভাষাৰ “হাল্লিলূয়া” শব্দৰ পৰা আহিছে। ইয়াৰ বেছিভাগ অৰ্থই হৈছে “যিহোৱাৰ প্ৰশংসা কৰা।” উদাহৰণস্বৰূপে, গীতমালা ১৩৫:১-৩ পদত আমাক এইদৰে আগ্ৰহপূৰ্ণ আমন্ত্ৰণ দিছে: “তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা; তোমালোকে যিহোৱাৰ নামৰ প্ৰশংসা কৰা। যিহোৱাৰ গৃহত, আমাৰ ঈশ্বৰৰ গৃহৰ চোতাল কেইখনত থিয় হৈ থকা হে যিহোৱাৰ দাসবিলাক, তেওঁৰ প্ৰশংসা কৰা। তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা, কিয়নো তেওঁ মঙ্গলময়; তেওঁৰ নাম কীৰ্ত্তন কৰা, কিয়নো সেয়ে সুখজনক।”

৯. কিহে আমাক যিহোৱাৰ স্তুতি কৰিবলৈ প্ৰেৰিত কৰিব?

যেনেকৈ আমি যিহোৱাৰ সৃষ্টিত প্ৰকাশ হোৱা তেওঁৰ আচৰিত কাৰ্য্যসমূহৰ বিষয়ে বিবেচনা কৰিম, আমাৰ হৃদয়ে তেওঁক প্ৰশংসা কৰিবলৈ অধিক প্ৰেৰিত হʼব। যেতিয়া আমি প্ৰাচীন সময়ত কৰা যিহোৱাৰ আচৰিত কৰ্ম্মসমূহক প্ৰতিফলিত কৰিম, তেতিয়া আমাৰ হৃদয়ে তেওঁক স্তুতি কৰিব। তদুপৰি যেনেকৈ ঈশ্বৰে মহৎ কাৰ্য্যৰে পূৰ্ণ তেওঁৰ ইচ্ছাৰ বিষয়ে কৰা প্ৰতিজ্ঞাসমূহত ধ্যান কৰিম, আমাৰ হৃদয়ত তেওঁৰ প্ৰতি স্তুতি আৰু প্ৰশংসাৰে ভৰি পৰিব।

১০, ১১. এই সংসাৰত আমাৰ অস্তিত্বই কেনেকৈ ঈশ্বৰৰ স্তুতি কৰিবলৈ যুক্তি প্ৰদান কৰে?

১০ এই পৃথিৱীত আমাৰ অস্তিত্বই হৈছে এটা মুখ্য কাৰণ যাৰ বাবে আমি যিহোৱাক স্তুতি কৰা আৱশ্যক। ৰজা দায়ূদে এইদৰে গীত গাইছিল: “মই তোমাৰ ধন্যবাদ কৰিম; কিয়নো মই ভয়ানক আৰু অদ্ভুতৰূপে নিৰ্ম্মিত হলোঁ; তোমাৰ কাৰ্য্যবোৰ আচৰিত, আৰু তাক মোৰ মনে ভালকৈ জানে।” (গীতমালা ১৩৯:১৪) ইয়াত কোনো সন্দেহ নাই যে আমি “অদ্ভুতৰূপে নিৰ্ম্মিত হলোঁ” আৰু এই বহুমূলীয়া উপহাৰত আমাৰ চকুৱে দেখা পোৱা, কাণৰে শুনা আৰু বিবেচনা কৰা শক্তি জড়িত আছে। এতেকে আমি এইদৰে জীৱন-যাপন কৰা উচিত নহয়নে, যিয়ে আমাক সৃষ্টি কৰোঁতাজনলৈ প্ৰশংসা কঢ়িয়াই আনে? পাঁচনি পৌলেও সেই একেইদৰে নিজৰ অভিমত দি লিখিছিল: “তোমালোকে ভোজন-পান আদি যি যি কৰ্ম্ম কৰা, সকলোকে ঈশ্বৰৰ গৌৰৱৰ অৰ্থে কৰিবা।”—১ কৰিন্থীয়া ১০:৩১.

১১ যদি আমি যিহোৱাক ভাল পাওঁ, তেতিয়াহʼলে আমি সকলো বিষয়তে তেওঁৰ মহিমা কৰিম। যীচুৱেও তেওঁ দিয়া প্ৰথম আজ্ঞাত এইদৰে কৈছিল: “তুমি সকলো হৃদয়, সকলো প্ৰাণ, সকলো চিত্ত, আৰু সকলো শক্তিৰে তোমাৰ [যিহোৱাক NW] প্ৰেম কৰা।” (মাৰ্ক ১২:৩০; দ্বিতীয় বিবৰণ ৬:৫) যিহোৱা হৈছে আমাৰ সৃষ্টিকৰ্ত্তা আৰু “সকলো উত্তম দান আৰু সকলো সিদ্ধ বৰ” প্ৰদান কৰোঁতা। সেইবাবে আমি তেওঁক প্ৰেম আৰু স্তুতি কৰা অতি আৱশ্যক। (যাকোব ১:১৭; যিচয়া ৫১:১৩; পাঁচনিৰ কৰ্ম্ম ১৭:২৮) ইয়াৰ উপৰিও আমাৰ বিবেচনা শক্তি, আধ্যাত্মিক ক্ষমতা আৰু শাৰীৰিক বলৰ উৎস আৰু সামৰ্থ হৈছে যিহোৱা। গতিকে তেওঁ আমাৰ সৃষ্টিকৰ্ত্তা হোৱাৰ বাবে, একমাত্ৰ তেওঁহে আমাৰ প্ৰেম আৰু প্ৰশংসা পোৱা যোগ্য।

১২. আপুনি গীতমালা ৪০:৫ পদত বৰ্ণনা কৰা বিৱৰণী আৰু যিহোৱাৰ মহান কাৰ্য্যৰ বিষয়ে কেনে অনুভৱ কৰে?

১২ যিহোৱাই কৰা তেওঁৰ অগণ্য মহৎ কাৰ্য্যসমূহে তেওঁক প্ৰেম আৰু স্তুতি কৰিবলৈ কাৰণসমূহ প্ৰদান কৰে! এইহেতুকে দায়ূদে এইদৰে গীত গাই প্ৰকাশ কৰিছিল: “হে মোৰ ঈশ্বৰ যিহোৱা, তুমি কৰা আচৰিত কাৰ্য্য অনেক, আৰু আমাৰ পক্ষে হোৱা তোমাৰ সঙ্কল্পও অনেক; তোমাৰ লগত কাৰো তুলনা দিব নোৱাৰি; মই সেইবোৰ বৰ্ণনা কৰি প্ৰকাশ কৰিব খুজিলে, সেইবোৰ অলেখ।” (গীতমালা ৪০:৫) যেনেকৈ দায়ূদে যিহোৱাৰ আচৰিত কাৰ্য্যসমূহ বৰ্ণনা কৰি প্ৰকাশ কৰিব নোৱাৰিলে, ঠিক তেনেদৰে আমিও নোৱাৰোঁ। কিন্তু আঁহক আমি তেওঁৰ মহৎ কাৰ্য্যবোৰত দৃষ্টি কৰি সদায়ে তেওঁৰ স্তুতি কৰোঁহঁক।

মহৎ কাৰ্য্যবোৰ ঈশ্বৰৰ অনন্ত কালৰ অভিপ্ৰায়ৰ সৈতে জড়িত হৈ আছে

১৩. ঈশ্বৰে কৰা মহান কাৰ্য্যৰ সৈতে কেনেকৈ আমাৰ ভৱিষ্যতৰ আশা জড়িত হৈ আছে?

১৩ আমাৰ ভৱিষ্যতৰ আশা যিহোৱাৰ অনন্ত কালৰ অভিপ্ৰায়ৰ সৈতে জড়িত থকা তেওঁৰ মহান প্ৰশংসনীয় কাৰ্য্যৰ সৈতে নিবিড়ভাৱে সাঙ্গোৰ খাই আছে। কিয়নো এদন বাগিছাত আদমে বিদ্ৰোহ কৰাৰ পাছত, যিহোৱাই প্ৰথম আশাযুক্ত ভৱিষ্যতবাণী কৰিলে। তেওঁ সৰ্পৰ ওপৰত দণ্ড ঘোষণা কৰি এইদৰে কʼলে: “মই তোৰে নাৰীৰে মাজত, আৰু তোৰ বংশৰে নাৰীৰ বংশৰে মাজত শত্ৰুভাব উৎপন্ন কৰিম; সি তোৰ মূৰ গুড়ি কৰিব, আৰু তই তাৰ গোৰোৱা গুড়ি কৰিবি।” (আদিপুস্তক ৩:১৫) যিহোৱাই বিশ্বজুৰি হোৱা জলপ্লাৱনৰ দ্বাৰা এখন দুষ্ট জগতক ধ্বংস কৰে। সেই জলপ্লাৱনত তেওঁৰ মহান কাৰ্য্যৰে নোহ আৰু তেওঁৰ পৰিয়ালক ৰক্ষা কৰাৰ পাছত, বিশ্বাসী মানৱৰ হৃদয়ত সেই প্ৰতিজ্ঞাত আশাৰ বীজ ৰোপন কৰিলে। (২ পিতৰ ২:৫) যিহোৱাই বিশ্বাসী ব্যক্তি অব্ৰাহাম আৰু দায়ূদক প্ৰতিজ্ঞা কৰা ভৱিষ্যতবাণীৰ সম্বন্ধে অন্তৰ্দৃষ্টি প্ৰদান কৰি কৈছিল যে তেওঁ সেই বংশৰ দ্বাৰা নিজ প্ৰতিজ্ঞা পূৰ্ণ কৰিব।—আদিপুস্তক ২২:১৫-১৮; ২ চমূৱেল ৭:১২.

১৪. যিহোৱাই মানৱজাতিৰ বাবে মহান কাৰ্য্য কৰি কেনে এক অত্যুত্তম আৰ্হি প্ৰস্তুত কৰিলে?

১৪ যিহোৱাৰ একমাত্ৰ পুত্ৰ আৰু প্ৰতিজ্ঞাত বংশ হৈছে যীচু খ্ৰীষ্ট। সেই প্ৰতিজ্ঞাত বংশৰ মুক্তিপণ বলিদান অৰ্থাৎ মহান কাৰ্য্যৰ দ্বাৰা মানৱজাতিলৈ তেওঁৰ সৰ্ব্বোচ্চ প্ৰকাশ কৰিলে। (যোহন ৩:১৬; পাঁচনিৰ কৰ্ম্ম ২:২৯-৩৬) সেই মুক্তিপণ বলিদানে আদমে হেৰুৱা সম্বন্ধক পুনৰ স্থাপন কৰাৰ আধাৰশিলা কৰিলে। (মথি ২০:২৮; ৰোমীয়া ৫:১১) সৰ্বপ্ৰথমে যিহোৱাই পেন্টাকোষ্ট ৩৩ চনত গঠন হোৱা খ্ৰীষ্টান মণ্ডলীৰ ভাই-ভনীসকলক তেওঁৰ সৈতে মিলনৰ বাবে বাছি ললে। তেওঁলোকে পবিত্ৰ আত্মা পাই গোটেই ঠাইতে প্ৰচাৰ কৰি কʼলে যে যীচুৰ মৃত্যু আৰু পুনৰুত্থানে ঈশ্বৰৰ স্বৰ্গীয় শাসনৰ অধীনত আজ্ঞাকাৰী মানৱজাতিৰ বাবে অনন্তকলীয়া আশীৰ্ব্বাদৰ পথ মুকলি কৰা হৈছে।

১৫. বৰ্তমান আমাৰ দিনত যিহোৱাই কেনেকৈ আচৰিতভাৱে কাৰ্য্য কৰিছে?

১৫ বৰ্তমান সময়ত যিহোৱাই তেওঁৰ অৱশিষ্টজনক আচৰিত প্ৰকাৰে একত্ৰিত কৰিছে। স্বৰ্গত যীচুৰ সৈতে শাসন কৰিবলগীয়া ১, ৪৪, ০০০ জনৰ অৱশিষ্টজনক মোহৰ মাৰা কাৰ্য্য সম্পূৰ্ণ কৰিবলৈ যিহোৱাই এই দুষ্ট জগতখনক ধ্বংস কৰাত পলম কৰিছে। (প্ৰকাশিত বাক্য ৭:১-৪; ২০:৬) তদুপৰি, ঈশ্বৰে এইটো নিশ্চিত কৰিলে যে অৱশিষ্ট খ্ৰীষ্টানসকলে যেন মিছা ধৰ্ম্মৰ বিশ্ব সম্ৰাট ‘মহা-বাবিলৰ’ আধ্যাত্মিক দাসত্ব বন্ধনৰ পৰা মুক্ত হয়। (প্ৰকাশিত বাক্য ১৭:১-৫) ১৯১৯ চনত তেওঁলোকে সেই ‘মহা-বাবিলৰ’ দাসত্ব বন্ধনৰ পৰা মুকলি আৰু ঈশ্বৰীয় সুৰক্ষাৰ অভিজ্ঞতা হোৱা কাৰ্য্যই অৱশিষ্ট সকলক কি কৰিবলৈ প্ৰেৰিত কৰিলে? তেতিয়াৰ পৰাই অৱশিষ্ট সকলে চয়তানৰ দুষ্ট জগতৰ ওপৰত যিহোৱাই আনিবলগীয়া অন্তকলীয়া “মহাক্লেশ” বিষয়ে বাৰে বাৰে ঘোষণা কৰি আহিছে।—মথি ২৪:২১; দানিয়েল ১২:৩; প্ৰকাশিত বাক্য ৭:১৪.

১৬. বৰ্তমান সময়ত বিশ্বজুৰি কৰা প্ৰচাৰকাৰ্য্যৰ দ্বাৰা কি ফল পোৱা গৈছে?

১৬ যিহোৱাৰ অৱশিষ্ট সাক্ষীসকলে উৎসাহী হৈ গোটেই পৃথিৱীত ৰাজ্যৰ প্ৰচাৰ কাৰ্য্যত আগভাগ লৈছে। ইয়াৰ ফলস্বৰূপে যিহোৱাৰ সেৱক অৰ্থাৎ ‘অন্য মেৰৰ’ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। (যোহন ১০:১৬) ইয়াকে দেখি আমি অতি আনন্দিত হৈছোঁ যে এতিয়াও নম্ৰ লোকসকলৰ বাবে যিহোৱাক স্তুতি কৰাৰ সুযোগ মুকলি হৈ আছে। যিসকলে “আহাঁ” বুলি কোৱা আমন্ত্ৰণ হৃদয়েৰে গ্ৰহণ কৰে, তেওঁলোকে অনন্ত কালৰ বাবে যিহোৱাক স্তুতি কৰিবলৈ মহাক্লেশৰ পৰা ৰক্ষা পাব।—প্ৰকাশিত বাক্য ২২:১৭.

হাজাৰ সংখ্যক লোকে জুম বান্ধি সত্য উপাসনালৈ আহিব

১৭. (ক)আমাৰ প্ৰচাৰ কাৰ্য্যৰ সম্পৰ্কে যিহোৱাই কেনে মহান কাৰ্য্য কৰিছে? (খ) জখৰিয়া ৮:২৩ পদত কৰা ভৱিষ্যতবাণী কেনেকৈ পূৰ্ণ হৈছে?

১৭ আজিৰ সময়ত আমাৰ প্ৰচাৰ কাৰ্য্যৰ সম্পৰ্কে যিহোৱাই এক মহান স্তুতিদায়ক কাৰ্য্য সম্পন্ন কৰিছে। (মাৰ্ক ১৩:১০) অলপতে তেওঁ ‘কাৰ্য্যসাধক এখন বৰ দুৱাৰ মুকলি’ কৰিছে। (১ কৰিন্থীয়া ১৬:৯) সেইবাবে, যি ঠাইবিলাকত এসময়ত সত্যৰ বিৰোধীসকল থিয় হৈ আছিল, এতিয়া তেনে ঠাইবিলাকত শুভবাৰ্ত্তা প্ৰচাৰ কৰিবলৈ সম্ভৱ হৈছে। যিসকলে এসময়ত আধ্যাত্মিক আন্ধকাৰত আছিল আজি তেওঁলোকে সেই আমন্ত্ৰণক গ্ৰহণ কৰি যিহোৱাৰ সেৱক হৈছে। তেওঁলোকে এই ভৱিষ্যতবাণী সম্পূৰ্ণ কৰিছে: “বাহিনীবিলাকৰ যিহোৱাই এই কথা কৈছে, সেই দিনা জাতিবিলাকৰ মাজৰ আটাই ভাষা কব পৰা দহ জন লোকে এজন যিহূদী লোকৰ কাপোৰৰ আঁচল ধৰি কব, আমি তোমালোকৰ লগত যাম; কিয়নো আমি শুনিছোঁ, ঈশ্বৰ তোমালোকৰ লগত আছে।” (জখৰিয়া ৮:২৩) ইয়াত উল্লেখ কৰা “তোমালোকৰ” শব্দটো আধ্যাত্মিক ইস্ৰায়েল অৰ্থাৎ বৰ্তমান সময়ত থকা অৱশিষ্ট খ্ৰীষ্টানবৰ্গক বুজাইছে। উল্লেখ কৰা “দহ জন লোকে,” শব্দটো ‘বৰ লোকসমূহক’ বুজাইছে, যিসকলে “ঈশ্বৰৰ ইস্ৰায়েলৰ” সৈতে মিল হৈ “একেটা জাক” গঠিত হৈছে। (প্ৰকাশিত বাক্য ৭:৯, ১০; গালাতীয়া ৬:১৬) গতিকে বহুতে যিহোৱাৰ লোকসকলৰ সৈতে একেলগে পবিত্ৰ সেৱা আগবঢ়োৱাত ভাগ লোৱা দেখিবলৈ পাই আমি কিমান যে আনন্দিত হৈছোঁ!

১৮, ১৯. যিহোৱাই যে প্ৰচাৰ কাৰ্য্যৰ বাবে আশীৰ্ব্বাদ কৰিছে তাৰ কি প্ৰমাণ দেখিবলৈ পোৱা যায়?

১৮ এসময়ত যি দেশবোৰত মিছা ধৰ্ম্ম প্ৰবল হৈ আছিল আৰু শুভবাৰ্ত্তাক কেতিয়াও মান্যতা দিয়া নাছিল, আজি সেই দেশবোৰত সত্য উপাসকৰ আচৰিতৰূপে বৃদ্ধি হোৱা দেখিবলৈ পাই আমি অতি আচৰিত হৈছোঁ। যিহোৱাৰ সাক্ষীসকলৰ চলিত বাৰ্ষিক পুস্তকʼত সেই দেশবোৰক লক্ষ্য কৰক যি দেশবোৰত ১০, ০০০ জন বৃদ্ধি হৈ প্ৰায় ১০, ০০, ০০০ জন প্ৰচাৰকে ৰিপৰ্ট কৰিছে। যিহোৱাই যে ৰাজ্যৰ প্ৰচাৰ কাৰ্য্যক আশীৰ্ব্বাদ কৰিছে, ইয়ে হৈছে তাৰ এটা প্ৰমাণ।—হিতোপদেশ ১০:২২.

১৯ স্বৰ্গীয় পিতৃ যিহোৱাই তেওঁৰ সেৱক অৰ্থাৎ আমাৰ জীৱনত এক উদ্দেশ্য, তেওঁৰ কাৰ্য্য কৰাৰ বাবে আশীৰ্ব্বাদ আৰু এক উজ্জ্বল ভৱিষ্যত প্ৰদান কৰাৰ বাবে আমি তেওঁক স্তুতি আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতেকে আমি সেই ঈশ্বৰীয়া ভৱিষ্যতবাণীসমূহ পূৰ্ণ হোৱাৰ অপেক্ষা কৰি ‘ঈশ্বৰৰ প্ৰেমত নিজকে বান্ধি ৰাখি, অনন্ত জীৱনৰ অৰ্থে’ দৃঢ় নিশ্চয়তা কৰোঁহঁক। (যিহূদা ২০, ২১) আমি বৃহত লোকসমূহৰ প্ৰায় ৬, ০০, ০০০ জনে ঈশ্বৰক স্তুতি কৰা দেখা পাই আনন্দত কিমান যে প্ৰফুল্লিত হৈছোঁ! যিহোৱাৰ আশীৰ্ব্বাদৰ ফলস্বৰূপে অৱশিষ্ট জনা আৰু অন্য মেৰবৰ্গই ২৩৫ খন দেশত অৱস্থিত থকা প্ৰায় ৯১, ০০০ খন মণ্ডলীত একেলগে কাৰ্য্য কৰি আছে। “বিশ্বাসী বুদ্ধিমান দাস” বৰ্গই আমাৰ সকলোকে একেৰাহে আধ্যাত্মিক আহাৰ প্ৰদান কৰি আহিছে। (মথি ২৪:৪৫) ঈশ্বৰ-শাসিত সংগঠনে যিহোৱাৰ সাক্ষীসকলৰ ১১০ টা শাখা কাৰ্য্যলয়ৰ যোগেদি ৰাজ্যৰ কাৰ্য্যত উন্নতিৰ বাবে এক মৰমীয়াল নিৰ্দ্দেশনা দিছে। যিহোৱাই তেওঁৰ লোকসকলক ‘সম্পত্তিৰে আদৰ’ কৰিবলৈ তেওঁলোকৰ হৃদয় প্ৰেৰিত কৰাৰ বাবে আমি তেওঁক ধন্যবাদ কৰোঁ। (হিতোপদেশ ৩:৯, ১০) ইয়াৰ ফলস্বৰূপে প্ৰচাৰ কাৰ্য্যৰ সৈতে জড়িত থকা প্ৰিটিং, আৱশ্যকতাৰ অনুসাৰে বেথল, মিছনাৰী, ৰাজ্য গৃহ আৰু অধিৱেশন ভৱন নিৰ্ম্মাণ কৰাত সম্ভৱ হৈছে।

২০. যিহোৱাই কৰা মহান আৰু প্ৰশংসনীয় কাৰ্য্যৰ প্ৰতি আমি কেনেকৈ প্ৰশংসা দেখুৱা উচিত? (w01 5/15)

২০ যিহোৱাই কৰা তেওঁৰ মহান আৰু আচৰিত কাৰ্য্যসমূহৰ সকলোবোৰৰ বিষয়ে উল্লেখ কৰাটো সম্ভৱ নহয়। কিন্তু কোনেও সম্পূৰ্ণ হৃদয়েৰে যিহোৱাৰ স্তুতি কৰাত একত্ৰিত হোৱাৰ পৰা আঁতৰি থাকিব পাৰনে? অৱশ্যেই নোৱাৰে! সেইবাবে যিহোৱাক প্ৰেম কৰা আমি সকলোৱে এইদৰে কওঁহঁক: “তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা। তোমালোকে আকাশ-মণ্ডলত যিহোৱাৰ প্ৰশংসা কৰা, উচ্চস্থানবোৰত তেওঁৰ প্ৰশংসা কৰা। হে যিহোৱাৰ সকলো দূত, তেওঁৰ প্ৰশংসা কৰা; . . . , হে যুবা আৰু যুৱতীবিলাক, বুঢ়া আৰু লৰাবিলাক, তোমালোক সকলোৱে পৃথিবীত যিহোৱাৰ প্ৰশংসা কৰা। সেইবিলাকে যিহোৱাৰ নামৰ প্ৰশংসা কৰক; কিয়নো অকল তেওঁৰ নামেইহে উন্নত; তেওঁৰ গৌৰৱ পৃথিবী আৰু আকাশ-মণ্ডল জুৰিছে।” (গীত. ১৪৮:১, ২, ১২, ১৩) গতিকে আঁহক আমি সকলোৱে যিহোৱাৰ মহান কাৰ্য্যৰ বাবে এতিয়া আৰু ভৱিষ্যতেও তেওঁৰ স্তুতি কৰি থাকোঁহঁক!

আপুনি কিদৰে উত্তৰ দিব?

•যিহোৱা ঈশ্বৰে কৰা কিছুমান প্ৰশংসনীয় কাৰ্য্য কি কি?

•আমি কিয় যিহোৱাক স্তুতি কৰিবলৈ প্ৰেৰিত হওঁ?

•যিহোৱাই কৰা মহৎ কাৰ্য্যৰ সৈতে আমাৰ আশা কেনেকৈ সংযোগ হৈ আছে?

•ঈশ্বৰৰ ৰাজ্যৰ প্ৰচাৰ কাৰ্য্যৰ সম্পৰ্কে যিহোৱাই কেনেকৈ প্ৰসংশনীয় কাৰ্য্য কৰিছে?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[২০ পৃষ্ঠাৰ ছবি]

আপুনি সম্পূৰ্ণ হৃদয়েৰে যিহোৱাৰ স্তুতি গীত গাইনে?