Skip to content

Skip to table of contents

যিহোৱাৰ সেৱাত আপোনাৰ আনন্দ বজাই ৰাখক

যিহোৱাৰ সেৱাত আপোনাৰ আনন্দ বজাই ৰাখক

যিহোৱাৰ সেৱাত আপোনাৰ আনন্দ বজাই ৰাখক

“তোমালোকে প্ৰভুত সদায় আনন্দ কৰা; পুনৰায় কওঁ, আনন্দ কৰা।”ফিলিপীয়া ৪:৪.

১, ২. কেনেকৈ এজন ভাই আৰু তেওঁৰ পৰিয়ালে সকলোবোৰ হেৰুৱা স্বত্ত্বেও আনন্দ বজাই ৰাখাত সক্ষম হʼল?

 ছেয়েৰা লিঅʼনত বাস কৰা জেমচ্‌ নামৰ এজন ৭০ বছৰীয়া খ্ৰীষ্টান ভায়ে জীয়াই থাকিবলৈ কঠোৰ পৰিশ্ৰম কৰিবলগীয়া হৈছিল। যেতিয়া জেমচে চাৰিটা কোঠা থকা এটা ঘৰ কিনিবৰ বাবে যথেষ্ট ধন গোটাব পাৰিলে তেতিয়া তেওঁ কিমান যে আনন্দিত হৈছিল, এই বিষয়ে কল্পনা কৰক। জেমচ্‌ আৰু তেওঁৰ পৰিয়ালে সেই নতুন ঘৰখনত বাস কৰা কিছু দিনৰ পাছতে সেই দেশত গৃহ যুদ্ধ আৰম্ভ হয় আৰু তেওঁলোকে থকা ঘৰটোক জ্বলাই চাৰ-খাৰ কৰি দিয়া হয়। যদিও তেওঁলোকে ঘৰখন হেৰুৱাবলগীয়া হʼল, কিন্তু তেওঁলোকে আনন্দিত হৈ থাকিল। ঘৰখন হেৰুৱাৰ বাবে কিয় দুখীত নহʼল?

কিয়নো জেমচ্‌ আৰু তেওঁৰ পৰিয়ালে যি হেৰুৱালে তাৰ বাবে নহয়, কিন্তু তেওঁলোকৰ ওচৰত অৱশিষ্ট যি আছিল তাৰ প্ৰতি মনযোগ দিছিল। এই সন্দৰ্ভত জেমচে এইদৰে কৈছিল: “আনকি এই ভয়ানক সময়তো আমি খ্ৰীষ্টান সভাবোৰক বাদ দিয়া নাছিলোঁ। আমি নিয়মিতৰূপে বাইবেল পাঠ, মিলিজুলি প্ৰাৰ্থনা আৰু অৱশিষ্ট বস্তুবোৰক আনৰ সৈতে বিতৰণ কৰিছিলোঁ। তদুপৰি আমি যিহোৱাৰ সৈতে থকা আমাৰ অটুট সম্বন্ধৰ ওপৰত ধ্যান কেন্দ্ৰিত কৰি আনন্দ বজাই ৰখাত সক্ষম হৈছিলোঁ।” গতিকে তেওঁলোকে লাভ কৰা আশীৰ্ব্বাদসমহ, যিহোৱাৰ সৈতে থকা ব্যক্তিগত সম্বন্ধক বিবেচনা কৰি, এই খ্ৰীষ্টান ব্যক্তিসকলে নিতৌ “আনন্দ” কৰাত সক্ষম হʼল। (২ কৰিন্থীয়া ১৩:১১) আচলতে তেওঁলোকে সন্মূখীন হোৱা পৰিস্থিতিত সহন কৰাটো ইমান সহজ নাছিল। কিন্তু তথাপিও তেওঁলোকে যিহোৱাত আনন্দিত হবলৈ আশা নেৰিলে।

৩. প্ৰথম শতাব্দীৰ কিছুমান খ্ৰীষ্টানে কেনেদৰে নিজৰ আনন্দ বজাই ৰাখিব পাৰিলে?

জেমচ্‌ আৰু তেওঁৰ পৰিয়ালৰ নিচিনাকৈ প্ৰথম শতাব্দীৰ খ্ৰীষ্টানসকলেও বিভিন্ন পৰীক্ষাৰ সন্মূখীন হৈছিল। সেইবাবে পাঁচনি পৌলে ইব্ৰী খ্ৰীষ্টানসকলৰ বিষয়ে তেওঁৰ বাক্যত এইদৰে প্ৰকাশ কৰিছিল: “আনন্দৰে তোমালোকৰ সৰ্ব্বস্বৰ অপহৰণ সহন কৰিছিলা।” তদুপৰি পৌলে তেওঁলোকে আনন্দিত হোৱা কাৰণৰ বিষয়ে এইদৰে বৰ্ণনা কৰি কৈছিল: “কিয়নো তোমালোকে . . . অধিক উত্তম আৰু সদায় থকা সম্পত্তি আছে বুলি” জানিছিলা। (ইব্ৰী ১০:৩৪) সঁচাকৈ প্ৰথম শতাব্দীৰ খ্ৰীষ্টানসকলৰ ওচৰত এক দৃঢ় আশা আছিল। তেওঁলোকে ভৱিষ্যতে পাবলগীয়া এনে এক আশা অৰ্থাৎ ঈশ্বৰৰ স্বৰ্গীয় ৰাজ্যৰ “জীৱনৰূপ কিৰীটি” লাভ কৰিবলৈ আশাৰে বাট চাই আছিল যাক কোনেও অপহৰণ কৰিব নোৱাৰে। (প্ৰকাশিত বাক্য ২:১০) গতিকে, বৰ্তমান সময়ত স্বৰ্গ বা পৃথিৱীত জীয়াই থকাৰ আশাই বিপত্তিৰ সময়তো আনন্দ বজাই ৰখাত সহায় কৰিব।

“আশাত আনন্দ কৰা”

৪, ৫. (ক)পাঁচনি পৌলে ৰোমত থকা খ্ৰীষ্টানসকলক দিয়া “আশাত আনন্দ কৰা” এই উপদেশ কিয় কালসঙ্গত আছিল? (খ) কিহে এজন খ্ৰীষ্টান ব্যক্তিক অনন্ত জীৱনৰ আশাৰ পৰা মনোযোগ আঁতৰ কৰিব পাৰে?

অনন্ত জীৱনৰ “আশাত আনন্দ” কৰিবলৈ পাঁচনি পৌলে ৰোম নগৰত থকা খ্ৰীষ্টানসকলক যথাসময়ত উপদেশ দি উৎসাহিত কৰিছিল। (ৰোমীয়া ১২:১২) পাঁচনি পৌলে লিখা এই বাক্যশাৰীৰ পূৰ্ণতা এক দশক পূৰ নোহোৱাৰ পূৰ্বেই ঘটিল, যেতিয়া নেৰু সম্ৰাটে তেওঁলোকৰ ওপৰত উৎপীড়ন কৰিবলৈ আদেশ দিলে। ঈশ্বৰে যে তেওঁলোকক পৰীক্ষাৰ সময়ত শক্তি প্ৰদান কৰিব আৰু প্ৰতিজ্ঞা কৰা জীৱনৰ কিৰীটি যে অৱশ্যেই দিব বুলি ভৰসা ৰাখি তেওঁলোকৰ কিছুমানে মৃত্যুকো আঁকোৱালি লবলৈ পিছ নুহুঁকিল। বৰ্তমান আমাৰ বিষয়েনো কি?

খ্ৰীষ্টান হোৱাৰ হেতুকে আমিও বিভিন্ন পৰীক্ষাৰ সন্মুখীন হʼম। (২ তীমথিয় ৩:১২) তদুপৰি আমি জানো যে আমাৰ সকলোৰে ওপৰত “সময় আৰু দৈবক্ৰম” ঘটিব পাৰে। (উপদেশক ৯:১১) দুৰ্ঘটনাত আমি আমাৰ আপোনজনক হেৰুৱাব পাৰোঁ। এক মাৰত্মাক ৰোগে আমাৰ বন্ধু বা পিতৃ-মাতৃৰো জীৱন লʼব পাৰে। যদি আমি ঈশ্বৰৰ ৰাজ্যৰ ওপৰত আমাৰ ধ্যান কেন্দ্ৰিত নকৰোঁ তেন্তে আমি সেই পৰীক্ষাবোৰৰ সময়ত আধ্যাত্মিক বিপদত পৰিব পাৰোঁ। সেইবাবে আমি নিজকে এই প্ৰশ্ন কৰা আৱশ্যক যে, ‘কি মই “আশাত আনন্দ কৰা” ব্যক্তিনে?’ এই আশাৰ বিষয়ে মই কিমান বিবেচনা কৰোঁ? মই সঁচাকৈ বিশ্বাস কৰোঁনে যে বাস্তৱতে পৃথিৱীখন এখন পৰমদেশলৈ ৰূপান্তিৰত হʼব? মই সেই পৰমদেশত যাব পাৰিমনে? মই এই বৰ্তমানৰ ৰীতি-ব্যৱস্থাৰ ধ্বংসৰ সময়ত সেই একেইভাৱে উৎসাহিত আছোঁনে যেনেকৈ সত্য শিকাৰ সময়ত আছিলোঁ?’ এই শেষৰ প্ৰশ্নটোৱে গম্ভীৰভাৱে বিবেচনা কৰিবলৈ প্ৰেৰিত কৰে। কিয়? কিয়নো যদি আমি বিলাসপূৰ্ণভাৱে জীৱন-যাপন কৰিছোঁ বা এনে ঠাইত বাস কৰিছোঁ, যʼত কোনো যুদ্ধ, আকাল অথবা প্ৰাকৃতিক দুৰ্যোগ হোৱা নাই আৰু উত্তম স্বাস্থ্যৰ আনন্দ উপভোগ কৰিছোঁ, তেনেহʼলে ঈশ্বৰে প্ৰতিজ্ঞা কৰা নতুন পৃথিৱীৰ পৰা আমাৰ ধ্যান বিচলিত হʼব পাৰে।

৬. (ক)পাঁচনি পৌল আৰু চীলে ক্লেশ সন্মুখীনৰ সময়ছোৱাত কিহৰ ওপৰত তেওঁলোকৰ ধ্যান কেন্দ্ৰিত কৰিছিল? (খ) পাঁচনি পৌল আৰু চীলৰ আৰ্হিয়ে বৰ্তমান সময়ত আমাক কেনেকৈ উৎসাহিত কৰে?

ইয়াৰ ওপৰিও পাঁচনি পৌলে ৰোমত থকা খ্ৰীষ্টানসকলক “ক্লেশত সহনীয়” হʼবলৈ পৰামৰ্শ দিছিল। (ৰোমীয়া ১২:১২) যিহেতু পাঁচনি পৌলৰ বাবে ক্লেশ ভোগাতো কোনা নতুন বিষয় নাছিল। এবাৰ তেওঁ দৰ্শনত দেখিছিল যে এজন মাকিদনীয়া মানুহে তেওঁক বিনয় কৰি কৈছিল যে “মাকিদনীয়া দেশলৈ পাৰ হৈ আহি” তাত থকা লোকসকলক যিহোৱাৰ বিষয়ে শিকিবলৈ যেন সহায় কৰে। (পাঁচনিৰ কৰ্ম্ম ১৬:৯) সেইবাবে, পাঁচনি পৌলৰ সৈতে লূক, চীল আৰু তীমথিয় ইউৰোপৰ অভিমুখে যাত্ৰা কৰিলে, যাতে তাত থকা লোকসকলক যিহোৱাৰ বিষয়ে শিকাব পাৰে। তেওঁলোকে এই কাৰ্য্যৰ বাবে কেনে প্ৰতিফল পালে? তেওঁলোকে ক্লেশৰ সন্মূখীন হʼবলগীয়া হʼল! কিয়নো পাঁচনী পৌল, ফিলিপ আৰু চীলে মাকিদনীয়াত প্ৰচাৰকাৰ্য্য কৰা বাবে বন্দীশালত জীৱন কটাবলগীয়া হৈছিল। স্পষ্টৰূপে ফিলিপী নগৰত থকা লোকসকলে কেৱল তেওঁলোকৰ প্ৰচাৰ কাৰ্য্যত আপত্তি কৰিছিল এনে নহয়, কিন্তু প্ৰবল প্ৰতিবাদো কৰিছিল। এনে পৰিস্থিতিৰ সন্মুখীন হোৱাৰ বাবে এই মিছনাৰীসকলে তেওঁলোকৰ আনন্দ হেৰুৱাই পেলাইছিল নে? নিশ্চয়ে নহয়। তেওঁলোকক বেতেৰে কোবোৱাৰ পাছত বন্দীশালত ৰখাৰ সময়ত “মাজনিশা ৰাতি পৌল আৰু চীলে ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰি গীত গাইছিল।” (পাঁচনিৰ কৰ্ম্ম ১৬:২৫, ২৬) এইটো সঁচা যে তেওঁলোকে কোব খোৱাটো আনন্দৰ কথা নাছিল, কিন্তু এই মিছনাৰীসকলে সেই যাতনাৰ ওপৰত কোনো ধ্যান নিদিলে। ইয়াৰ পৰিৱৰ্ত্তে তেওঁলোকে যিহোৱা আৰু তেওঁৰ আশীৰ্ব্বাদসমূহৰ ওপৰত নিজ নিজ ধ্যান কেন্দ্ৰিত কৰিছিল। গতিকে আনন্দিত হৈ “ক্লেশত সহনীয় হৈ,” পৌল আৰু চীলে ফিলিপীয়া নগৰ আৰু আন আন ঠাইত থকা ভাইসকলৰ বাবে এক উত্তম আৰ্হি প্ৰস্তুত কৰিলে।

৭. আমাৰ সমস্যাৰ বিষয়ে জনাই যিহোৱালৈ প্ৰাৰ্থনা কৰা সময়ত তেওঁক কিয় ধন্যবাদ কৰা উচিত?

তদুপৰি পাঁচনি পৌলে এইদৰে লিখিছিল: “প্ৰাৰ্থনাত লাগি থাকা।” (ৰোমীয়া ১২:১২) আপুনি পৰীক্ষাৰ সময়ত প্ৰাৰ্থনা কৰেনে? আপুনি কি বিষয়ে প্ৰাৰ্থনা কৰে? আপুনি হয়তো কোনো বিশেষ সমস্যাৰ বিষয়ে উল্লেখ কৰি ঈশ্বৰৰ সহায় বিচাৰি প্ৰাৰ্থনা কৰে। কিন্তু সেই সময়তো আপুনি যিহোৱাৰ পৰা পোৱা আশীৰ্ব্বাদসমূহৰ বাবে তেওঁক ধন্যবাদ জনাব পাৰে। যেতিয়া কোনো সমস্যা দেখা দিয়ে, তেতিয়া যিহোৱাই আমাৰ বাবে কৰা উত্তম কাৰ্য্যৰ প্ৰতি ধ্যান কেন্দ্ৰিত কৰা উচিত। কিয়নো ইয়ে আমাক “আশাত আনন্দ” কৰিবলৈ সহায় কৰিব। উদাহৰণস্বৰূপে, যেতিয়া ৰজা দায়ুদৰ জীৱনত সমস্যাই বেৰি ধৰিছিল, তেতিয়া তেওঁ এইদৰে নিজৰ মনোভৱ প্ৰকাশ কৰিছিল: “হে মোৰ ঈশ্বৰ যিহোৱা, তুমি কৰা আচৰিত কাৰ্য্য অনেক, আৰু আমাৰ পক্ষে হোৱা তোমাৰ সঙ্কল্পও অনেক; তোমাৰ লগত কাৰো তুলনা দিব নোৱাৰি; মই সেইবোৰ বৰ্ণনা কৰি প্ৰকাশ কৰিব খুজিলে, সেইবোৰ অলেখ।” (গীতমালা ৪০:৫) আমিও যদি ৰজা দায়ুদৰ দৰে যিহোৱাৰ পৰা লাভ কৰা আশীৰ্ব্বাদসমূহৰ ওপৰত নিয়মিতৰূপে ধ্যান দিওঁ, তেন্তে নিশ্চয়ে আনন্দিত হম।

সঠিক মনোবৃত্তি বজাই ৰাখক

৮. এজন খ্ৰীষ্টান ব্যক্তিক পৰীক্ষাৰ সময়ছোৱাত আনন্দিত হৈ থাকিবলৈ কিহে সহায় কৰিব?

যীচুৱে তেওঁৰ শিষ্যসকলক পৰীক্ষাৰ সময়ত সঠিক মনোবৃত্তি বজাই ৰাখিবলৈ উৎসাহিত কৰিছিল। তেওঁ এইদৰে কৈছিল: “যেতিয়া মানুহবিলাকে মোৰ কাৰণে তোমালোকক নিন্দা আৰু তাড়না কৰিব, আৰু তোমালোকৰ অহিতে মিছাকৈ, সকলো প্ৰকাৰ কুকথা কব, তেতিয়া তোমালোক ধন্য।” (মথি ৫:১১) এতেকে এনে কঠিন পৰিস্থিতো আমাৰ ওচৰত আনন্দিত হোৱাৰ কোনো কাৰণ আছেনে? আমাৰ অহিতে অহা বিৰোধবিলাকক সফলতাৰে সন্মূখীন হোৱা কাৰ্য্যই এইটো প্ৰকাশ কৰে যে যিহোৱাৰ পবিত্ৰ আত্মা আমাৰ ওপৰত আছে। এই সম্পৰ্কে পাঁচনি পিতৰে তেওঁৰ সময়ত থকা খ্ৰীষ্টানসকললৈ এইদৰে লিখিছিল: “যদি খ্ৰীষ্টৰ নামৰ নিমিত্তে নিন্দিত হোৱা, তেন্তে তোমালোক ধন্য; কিয়নো গৌৰৱৰ আত্মা, অৰ্থাৎ ঈশ্বৰৰ আত্মা তোমালোকৰ ওপৰত আছে।” (১ পিতৰ ৪:১৩, ১৪) যিহোৱাই তেওঁৰ আত্মাৰ দ্বাৰাই আমাক পৰীক্ষাত সহন কৰি আনন্দিত হʼবলৈ সহায় প্ৰদান কৰিব।

৯. বন্দীশালত থকা সময়ত কিছুমান ভায়ে কেনেকৈ আনন্দিত হোৱা কাৰণ বিচাৰি পালে?

আনকি আমি অত্যন্ত বেয়া পৰিস্থিতিৰ সন্মুখীন হোৱাৰ স্বত্ত্বেও আনন্দিত হোৱা কাৰণ বিচাৰি পাওঁ। উদাহৰণস্বৰূপে এড্‌লফ নামৰ এজন খ্ৰীষ্টান ভাইৰ সেই একেই অভিজ্ঞতা হৈছিল। তেওঁ এনে এখন দেশত বাস কৰিছিল যʼত যিহোৱাৰ সাক্ষীসকলৰ ওপৰত প্ৰতিবন্ধ লগোৱা হৈছিল। এড্‌লফ আৰু তেওঁৰ বহুতো সঙ্গীক আটক কৰা হʼল আৰু দীৰ্ঘ সময়ৰ বাবে কাৰাদণ্ডৰ আদেশ দিয়া হʼল। কিয়নো তেওঁলোকে নিজৰ বাইবেল আধাৰিত বিশ্বাসক ত্যাগ দিবলৈ মান্তি নহʼল। যিহেতু যদিও জেইলত জীৱন-যাপন সহজ নাছিল, তথাপিও তেওঁলোকে পাঁচনি পৌল আৰু চীলৰ দৰে যিহোৱাক ধন্যবাদ কৰিবলৈ কাৰণ বিচাৰি পাইছিল। জেইলত থকা সময়ছোৱাত তেওঁলোকে নিজৰ বিশ্বাসক দৃঢ় কৰিবলৈ আৰু বিভিন্ন খ্ৰীষ্টান গুণ যেনে, উদাৰতা, সহানুভূতি আৰু ভাতৃত্ব প্ৰেম, আদি গুণক বৃদ্ধি কৰাত সহায় পালে। উদাৰণস্বৰূপে, যেতিয়া তেওঁলোকৰ এজনে ঘৰৰ পৰা কোনো টোপোলা পাইছিল তেতিয়া তেওঁলোকে আনৰ সৈতে ভাগ কৰিছিল। কিয়নো তেওঁলোকে সেইবিলাকক “সকলো উত্তম দান আৰু সকলো সিদ্ধ বৰ ওপৰৰ পৰা” অহা যেন দৃষ্টি কৰিছিল। তেনেধৰণৰ কাৰ্য্যই দিওঁতা আৰু লওঁতা এই উভয়ৰে মন আনন্দিত কৰিছিল। গতিকে তেওঁলোকে বন্দীশালত থকা সময়ছোৱাত তেওঁলোকৰ বিশ্বাস দুৰ্ব্বল হোৱাৰ বিপৰীতে অধিক শক্তিশালী হৈছিল।—যাকোব ১:১৭; পাঁচনিৰ কৰ্ম্ম ২০:৩৫.

১০, ১১. এগৰাকী ভনীয়ে কেনেকৈ জেইলত দীৰ্ঘ সময় ধৰি চলা জেৰাৰ সফলতাৰে সন্মূখীন হʼব পাৰিছিল?

১০ আন এটা উদাহৰণৰ বিষয়ে বিবেচনা কৰক। ইলা নামৰ এগৰাকী খ্ৰীষ্টান ভনীয়ে এনে এখন দেশত বাস কৰিছিল যʼত শুভবাৰ্ত্তা প্ৰচাৰ কৰা কাৰ্য্যত প্ৰতিবন্ধ লগোৱা হৈছিল। তাইকো ঈশ্বৰৰ প্ৰতি থকা বিশ্বাস ত্যাগ নকৰাৰ বাবে জেইলত যাবলগীয়া হৈছিল। তাত তাইক প্ৰায় আঠ মাহৰলৈকে একেৰাহে জেৰা কৰা হৈছিল। অৱশেষত তাইৰ ওপৰত দহবছৰৰ বাবে কাৰবাস খাটিবলৈ আজ্ঞা দিয়া হʼল। জেইলত তাইৰ বাহিৰে আন কোনো যিহোৱাৰ সাক্ষী নাছিল।। সেইসময়ত ইলাৰ বয়স কেৱল ২৪ বছৰহে আছিল।

১১ অৱশ্যই, ইলাই যে নিজ যুবা অৱস্থাৰ বেছিভাগ সময় বন্দীশালত কটাবলগীয়া হʼব, তাৰ প্ৰতি তাই দুখিত হোৱা নাছিল। যিহতু তাই নিজৰ পৰিস্থিতিক সলনি কৰিব নোৱাৰে, সেইবাবে তাই নিজৰ দৃষ্টিভঙ্গী সলনি কৰিছিল। লাহে লাহে তাই জেইলখনক ব্যক্তিগতভাৱে প্ৰচাৰ কৰাৰ এলেকা হিচাপে দৃষ্টি কৰিব ধৰিলে। সেয়েহে তাই এইদৰে কৈছিল: “এতিয়াও প্ৰচাৰ কৰিবলৈ বহু বাকী আছে আৰু বছৰবোৰ সোনকালে বাগৰিব ধৰিছে।” বন্দীশালত তাই প্ৰায় পাঁচ বছৰতকৈ অধিক সময় অতিবাহিত কৰাৰ পাছত তাইক পুনৰ জেৰা কৰা হয়। কিন্তু তেতিয়াও তাই বিশ্বাসত দৃঢ় হৈ থাকিল। ইয়াকে দেখি জেৰা কৰা বিষয়া জনে কৈছিল: “আমি তোমাক ৰেহাই দিব নোৱাৰো, কিয়নো তুমি এতিয়াও নিজকে পৰিৱৰ্ত্তন কৰা নাই।” কিন্তু ইলাই দৃঢ় হৈ এইদৰে উত্তৰ দি কৈছিল: “কিন্তু মই নিজকে পৰিৱৰ্ত্তন কৰিলোঁ।” কিয়নো মোৰ বিশ্বাস আগতকৈ অধিক শক্তিশালী হʼল!” পাছলৈ তাই এইদৰে কৈছিল: যদিও আপোনালোকে মোক ৰেহাই দিব নিবিচাৰে, তেতিয়াও মই যিহোৱাৰ সময়লৈকে আগ্ৰহেৰে বাট চাই থাকিম।” চাৰে পাঁচ বছৰ সময় ইলাই জেইলত কটোৱাৰ স্বত্ত্বেও নিজৰ আনন্দক বজাই ৰাখিব পাৰিলে! তাই যিকোনো পৰিস্থিতিৰ মাজত থাকিও কেনেকৈ নিজৰ আনন্দ বজাই ৰাখিব পাৰি, তাক শিকিব পাৰিলে। আপুনি তাইৰ এই উত্তম আৰ্হিৰ পৰা কিবা শিকিব পাৰেনে? (ইব্ৰী ১৩:৫)

১২. এজন খ্ৰীষ্টানে কঠিন পৰিস্থিতিৰ সন্মুখীন হোৱাৰ সময়ত কিহে তেওঁৰ মনৰ শান্তি দিব পাৰে?

১২ আমি ইলাৰ বিষয়ে এই সিদ্ধান্তত উপনীত হোৱা উচিত নহʼব যে তাইৰ ওচৰত অসাধাৰণ উপহাৰ থকাৰ বাবেহে তাই সেই জেৰাৰ সন্মুখীন হʼব পাৰিলে। কাৰাবাস খাটাৰ এমাহ আগৰে পৰা ইলাক জেৰা কৰা হৈছিল। এই সম্পৰ্কে তাই এইদৰে কয়: “আজিও মোৰ সেইবোৰৰ বিষয়ে মনত আছে, ভয়ত মই অতিশয়ৰূপে কম্পিত হৈছিলোঁ আৰু নিজকে মই এজনী অসহায় ঘৰ-চিৰিকা চৰাইৰ দৰে অনুভৱ কৰিছিলোঁ।” তথাপিও যিহোৱাৰ ওপৰত ইলাৰ সম্পূৰ্ণ বিশ্বাস আছিল। তাই যিহোৱাৰ ওপৰত কেনেকৈ অধিক ভৰসা কৰিব পৰা যায়, সেই বিষয়ে শিকিব পাৰিলে। (হিতোপদেশ ৩:৫-৭) পৰিণামস্বৰূপে তাইৰ বাবে

যিহোৱা আগতকৈ অধিক বাস্তৱিক হৈ পৰিল। তাই এইদৰে বৰ্ণনা কৰি কৈছিল: “যিমানবাৰ মই সেই জেৰা কৰা কোঠাত প্ৰৱেশ কৰিছিলোঁ, সিমানবাৰ মোৰ ওপৰত শান্তি অহা যেন অনুভৱ কৰিছিলোঁ। . . . জেৰা যিমানেই ভয়ানক হৈছিল মই সিমানেই অধিক শান্তি অনুভৱ কৰিছিলোঁ।” সেই শান্তিৰ উৎস আছিল যিহোৱা ঈশ্বৰ। এই সম্পৰ্কে পাঁচনি পৌলে এইদৰে কৈছিল: “তোমালোকে একোলৈ চিন্তা নকৰিবা: কিন্তু সকলো বিষয়তে তোমালোকৰ যাচ্‌না, ধন্যবাদযুক্ত প্ৰাৰ্থনা আৰু নিবেদনেৰে ঈশ্বৰৰ আগত জনোৱা হওক। তাতে সকলো বুদ্ধিতকৈ উত্তম যি ঈশ্বৰৰ শান্তি, সেয়ে যীচু খ্ৰীষ্টত তোমালোকৰ হৃদয় আৰু মতিক পহৰা দিব।”—ফিলিপীয়া ৪:৬, ৭.

১৩. পৰীক্ষাৰ সন্মুখীন হোৱাৰ সময়ত যে আমি সহন কৰিব পাৰিম বুলি কিহে আমাক আশ্বাস দিয়ে?

১৩ ইলাই যিহেতু অৱশেষত ৰেহাই পালে। কিন্তু তাই কঠিন পৰিস্থিতিৰ সন্মূখীন হোৱাৰ স্বত্ত্বেও আনন্দ বজাই ৰাখিব পাৰিলে। এই সকলোবোৰ তাই নিজৰ শক্তিৰ দ্বাৰা নহয়, কিন্তু যিহোৱাৰ শক্তিৰ যোগেদি সম্ভৱ হʼল। সেই একে দৰে পাঁচনি পৌলৰ ক্ষেত্ৰটো সঁচা আছিল। তেওঁ এইদৰে কৈছিল: “এতেকে খ্ৰীষ্টৰ শক্তি যেন মোত বাস কৰে, তাৰ নিমিত্তে বৰং মই মহা-আনন্দেৰে মোৰ নানা দুৰ্ব্বলতাত শ্লাঘাহে কৰিম। . . . মই দুৰ্ব্বলতা, অপমান, দৰিদ্ৰতা, তাড়ানা, সঙ্কট, এইবোৰত সন্তুষ্ট হওঁ; কিয়নো যেতিয়া মই দুৰ্ব্বল, তেতিয়াই বলৱান।”—২ কৰিন্থীয়া ১২:৯, ১০.

১৪. বৰ্ণনা কৰক যে কেনেকৈ এজন খ্ৰীষ্টানে কঠিন পৰিস্থিতিৰ সময়তো সঠিক মনোবৃত্তি বজাই ৰাখিব পাৰে?

১৪ বৰ্ত্তমান সময়ত আপুনি যি পৰীক্ষাৰ সন্মূখীন হয়, ই হয়তো ওপৰত উল্লেখ কৰা পৰীক্ষাৰ পৰা কিছু বেলেগ হʼব পাৰে। তথাপিও যেনেকুৱাই পৰীক্ষা নহওঁক কিয় সেইবোৰত সন্মূখীন হোৱাতো সহজ কথা নহয়। উদাহৰণস্বৰূপে, আপুনি যিটো কোম্পানীত কাম কৰে তাৰে মালিকে হয়তো আপোনাৰ কামৰ বাবে আপত্তি কৰিব পাৰে। যিহেতু তাত আন ধৰ্ম্মৰ লোকসকলেও কাম কৰে, তেওঁলোকক কিন্তু একো নকৰে।। আপুনি বৰ্ত্তমান চাকৰি এৰি আন এটা চাকৰি পোৱাটো ইমান সহজ নহয়। সেইসময়ত আপুনি আপোনাৰ আনন্দক কেনেকৈ বজাই ৰাখিব পাৰিব? এড্‌লফ আৰু তেওঁৰ সঙ্গীসকলে বন্দীশালত থকা সময়ত কিদৰে মুখ্য গুণবোৰ উৎপন্ন কৰিবলৈ শিকিলে, তাৰ বিষয়ে স্মৰণ কৰক। ঠিক তেনেদৰে আপুনি কোম্পানীৰ মালিক “কুটিল-মনৰ” ব্যক্তি হোৱা স্বত্ত্বেও সন্তোষ্ট কৰিবলৈ সম্পূৰ্ণ মনেৰে চেষ্টা কৰক। এইদৰে আপুনি খ্ৰীষ্টান গুণসমূহ যেনে, ধৈৰ্য্য আৰু চিৰসহিষ্ণুতা দৰে গুণসমূহ বিকাশিত কৰিব পাৰিব। (১ পিতৰ ২:১৮) তদুপৰি, ইয়াৰ দ্বাৰা আপুনি হয়তো এজন অৰ্থপূৰ্ণ কৰ্ম্মচাৰী হʼব পাৰিব আৰু এদিন তেওঁ নিশ্চয়ে আপোনাৰ এই ক্যৰ্য্যৰ বাবে আপোনাক প্ৰশংসা কৰিব। আঁহক আমি যিহোৱাৰ সেৱাত আনন্দ বজাই ৰখাৰ আন কিছুমান পদ্ধতিৰ বিষয়ে বিবেচনা কৰোঁহঁক।

সৰলভাৱে কৰা জীৱন-যাপনে আনন্দ কঢ়িয়াই আনে

১৫-১৭. এহাল দম্পতীৰ সমস্যাৰ যদিও সম্পূৰ্ণ সমাধান নাছিল, কিন্তু তথাপিও কেনেকৈ তাৰ পৰা ৰেহাই পোৱাৰ বিষয়ে কি শিকিব পাৰিলে?

১৫ আপুনি যʼত আৰু যি চাকৰী কৰে তাত হয়তো সীমিত সুবিধা থাকিব পাৰে। কিন্তু জীৱনৰ আন আন দিশবোৰক হয়তো কিছু পৰিমাণে নিজৰ অধিনত ৰাখিব পাৰে। তলত দিয়া অনুভৱৰ বিষয়ে বিবেচনা কৰক।

১৬ এবাৰ এহাল খ্ৰীষ্টান দম্পতীয়ে এজন প্ৰাচীনক তেওঁলোকৰ সৈতে ৰাতিৰ আহাৰ কৰিবলৈ আমন্ত্ৰণ কৰে। সন্ধ্যাৰ সময়ত সেই ভাইজন আৰু তেওঁৰ পত্নীয়ে, তেওঁলোকে পলমকৈ অনুভৱ কৰা দৈনন্দিন জীৱনৰ হেঁচাৰ বিষয়ে প্ৰাচীনজনক জনায়। তেওঁলোক দুয়োৱে পূৰ্ণ-সময়ৰ চাকৰি কৰিছিল। সেইবাবে তেওঁলোকে আন কাৰ্য্যত সময় অতিবাহিত কৰিব নোৱাৰিছিল। তদুপৰি তেওঁলোকে আন এটা চাকৰি বিচৰাৰো ক্ষমতা নাছিল। তেওঁলোকে কিমান দিনৰ লৈকে এনে পৰিস্থিত থাকিব লাগিব এই বিষয়ে ভাবি চিন্তিত হৈছিল।

১৭ যেতিয়া তেওঁলোক এই সম্পৰ্কে প্ৰাচীন জনৰ পৰা সহায় বিচাৰে, তেতিয়া সেই প্ৰাচীন ভাইজনে তেওঁলোকক কʼলে যে, “নিজৰ জীৱন-যাপনৰ প্ৰণালীক সৰল কৰা।” কিন্তু কেনেকৈ? যিহেতু তেওঁলোকে প্ৰতিদিনে চাকৰিলৈ অহা-যোৱা কৰাৰ বাবে প্ৰায় তিনি ঘন্টা সময় অতিবাহিত কৰিবলগীয়া হয়। প্ৰাচীন ভাইজনে সেই দম্পতী হালক পৰামৰ্শ দি কৈছিল যে তেওঁলোকে চাকৰি কৰা ঠাইৰ ওচৰত ঘৰ লৈ থাকিব পাৰে। এইদৰে কৰিলে প্ৰত্যেকদিনে অহা-যোৱা কৰাৰ বাবে তিনি ঘন্টা অতিবাহিত কৰিব নালাগিব। তদুপৰি তেওঁলোকে ৰাহি হোৱা সময়খিনি আন জৰুৰী কাৰ্য্য বা জীৰণি লʼব পাৰে। যদি দৈনন্দিন কাৰ্য্য প্ৰণালীয়ে আপোনাৰ আনন্দ কাঢ়ি নিছে, তেনেহʼলে তাৰ পৰা ৰেহাই পাবলৈ নিজৰ জীৱনত কোনো সাল-সলনি কৰিব পাৰিবনে?

১৮. কোনো এক সিদ্ধান্ত লোৱাৰ আগতে কিয় গম্ভীৰভাৱে সকলোবোৰ বিষয় বিবেচনা কৰাটো অতি আৱশ্যক?

১৮ জীৱনলৈ অহা হেঁচাক হ্ৰাস কৰাৰ আন এটা পথ হৈছে কোনো এক বিষয়ত সিদ্ধান্ত লোৱাৰ আগতে গভীৰভাৱে বিবেচনা কৰা। উদাহৰণস্বৰূপে, ধৰি লওঁক এজন খ্ৰীষ্টান ভায়ে এনে এখন জটিল নক্সাৰ মানচিত্ৰ লৈ ঘৰ নিৰ্মাণ কৰিবলৈ সিদ্ধান্ত লʼলে, যিখনৰ পৰা আগতে কেতিয়াও ঘৰ বনোৱা নাই। কিন্তু পাছলৈ তেওঁ চিনাক্ত কৰিব পাৰে যে তেওঁ ‘নিজৰ খোজ বিবেচনা’ কৰি আগতেই যদি নিজৰ ঘৰৰ বাবে সঠিক নক্সাৰ বাঁচনি কৰা হʼলে, বহুতো অনাৱশ্যকীয় সমস্যাৰ পৰা হাত হাৰিব পাৰিলেহেঁতেন। (হিতোপদেশ ১৪:১৫) আন এজন খ্ৰীষ্টানে তেওঁৰ সঙ্গী ভাইৰ বাবে লোন লৈছিল আৰু সময়মতে ঘূৰাই দিবলৈ চুক্তি কৰিলে। সেই চুক্তিখনৰ অনুসাৰে যদি ধাৰ লওঁতাজনে সময়মতে ধাৰ পৰিশোধ কৰিব নোৱাৰে, তেনেহʼলে যিজনে ইয়াৰ প্ৰবন্ধ কৰে সেই ধাৰ পৰিশোধ কৰাটো তেওঁৰ দায়িত্ব। প্ৰথম অৱস্থাত সকলোখিনি ভালে কুশলে গʼল, কিন্তু সময় অতিক্ৰম কৰাৰ লগে লগে ধাৰ লওঁতা জনে সময়ত ধাৰ পৰিশোধ কৰিব নোৱাৰিলে। এতেকে ধাৰ দিওঁতাজনে চুক্তিপত্ৰ অনুসাৰে ধাৰ লোৱাত সহায় কৰোঁতাজনক সেই সকলো ধাৰ পৰিশোধ কৰিবলৈ সতৰ্ক কৰিলে। ইয়াৰ বাবে সেই সহায় কৰা ভাইজনে অত্যন্ত হেঁচাত পৰিল। কিন্তু এই ধাৰ লোৱাৰ আগতে যদি সেই সকলোবোৰ বিষয়ে বিবেচনা কৰাহʼলে, সেই সমস্যা উৎপন্ন হʼলহেঁতেঁন নে?—হিতোপদেশ ১৭:১৮.

১৯. কি কি প্ৰকাৰৰে আমাৰ জীৱনলৈ অহা হেঁচাক হ্ৰাস কৰিব পাৰি?

১৯ যেতিয়া আমি ক্লান্ত হৈ পৰোঁ তেতিয়া আমি আমাৰ ব্যক্তিগত বাইবেল অধ্যয়ন কৰা, প্ৰচাৰকাৰ্য্য আৰু সভাত উপস্থিতি হোৱাৰ পৰা বিৰত থাকি আমাৰ ওপৰত থকা হেঁচাক হ্ৰাস কৰি আনন্দ বজাই ৰাখিব পাৰিম বুলি ভবাটো উচিত নহয়। কিয়নো এইবোৰৰ দ্বাৰাহে আমি যিহোৱাৰ পবিত্ৰ আত্মা লাভ কৰি আমাৰ আনন্দ বজাই ৰাখাত সহায় পাম। (গালাতীয়া ৫:২২) তদুপৰি খ্ৰীষ্টান কাৰ্য্যবোৰে আমাক ক্লান্ত কৰাৰ পৰিৱৰ্তে আমাক স্ফুৰ্ত্তিদায়ক কৰি তুলে। (মথি ১১:২৮-৩০) এই স্ফুৰ্ত্তিদায়ক কাৰ্য্য জগতৰ মনোৰঞ্জনতকৈ হাজাৰ গুণে উত্তম আৰু ইয়াৰ ওপৰিও আধ্যাত্মিক ব্যক্তিসকলে আমাক ক্লান্ত নকৰে। আমি যথা সময়ম জীৰণি লৈ পুনৰ সতেজ হবলৈ শিকিব পাৰিম। অলপ বেছি সময়লৈকে জীৰণি লোৱাতো আমাৰ শৰীৰ বাবে লাভদায়ক হʼব পাৰে। জীৱনৰ শেষ সময়ছোৱালৈকে যিহোৱাক সেৱা কৰা এন. এইচ্‌. নʼৰ নামৰ এজন প্ৰশাসন গোষ্ঠীৰ সদস্যই মিছনাৰীসকলৰ উদ্দেশ্যে সদায়ে এইদৰে কৈছিল: “যেতিয়া আপোলোকে নিৰুৎসাহিত হোৱা যেন অনুভৱ কৰে তেন্তে সৰ্ব্বপ্ৰথমে কিছু সময়লৈকে বিশ্ৰাম কৰক। আপুনি ভাবি আচৰতি হʼব যে নিশা ভালদৰে বিশ্ৰাম কৰা পাছত সকলোবোৰ সমস্যাক সমাধান কৰাটো সহজ যেন লাগিব!”

২০. (ক)বৰ্ণনা কৰক যে কি কি প্ৰকাৰে আমি আমাৰ আনন্দ বজাই ৰাখিব পাৰোঁ। (খ) আনন্দিত হোৱাৰ কি কি কাৰণসমূহৰ বিষয়ে আপুনি বিবেচনা কৰিব পাৰে? (১৭ পৃষ্ঠাত দিয়া বক্সত চাওঁক)

২০ “পৰম-ধন্য [আনন্দময়]” ঈশ্বৰক সেৱা কৰিবলৈ খ্ৰীষ্টানসকলৰ ওচৰত এক বিশেষ অধিকাৰ আছে। (১ তীমথিয় ১:১১) ইয়াত আমি শিকিব পালোঁ যে জীৱনলৈ অহা কঠিন পৰিস্থিতিতো আমি আমাৰ আনন্দ বজাই ৰাখিব পাৰোঁ। গতিকে, আঁহক আমি আমাৰ আগত থকা ঈশ্বৰৰ ৰাজ্যৰ ওপৰত আশা, আৱশ্যকতাৰ অনুসৰি আমাৰ দৃষ্টিভঙ্গীক সাল-সলনি আৰু সৰলভাৱে জীৱন-যাপন কৰোঁহঁক। তেতিয়াহে আমি যেনেকুৱাই পৰিস্থতিৰ সন্মূখীন হʼবলগীয় নহওঁক কিয়, আমি পাঁচনি পৌলে কোৱাৰ দৰে কবলৈ পাৰিম। তেওঁ এইদৰে কৈছিল: “প্ৰভুত সদায় আনন্দ কৰা; পুনৰায় কওঁ, আনন্দ কৰা।”—ফিলিপীয়া ৪:৪. (w01 5/1)

এই প্ৰশ্নসমূহৰ বিষয়ে দকৈ চিন্তা কৰক:

•খ্ৰীষ্টানসকলে ঈশ্বৰৰ ৰাজ্যৰ প্ৰতি থকা আশাৰ ওপৰত কিয় দৃঢ়ভাৱে ধ্যান কেন্দ্ৰিত কৰা উচিত?

•কঠিন পৰিস্থিতিৰ সময়তো আনন্দক বজাই ৰাখিবলৈ কিহে আমাক সহায় কৰিব পাৰে?

•আমি কিয় সৰলভাৱে জীৱন-যাপন কৰিবলৈ চেষ্টা কৰা প্ৰয়োজন?

•কেনেবোৰ ক্ষেত্ৰত আমি আমাৰ জীৱন প্ৰণালীক সৰল কৰিব পাৰোঁ?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[১৭ পৃষ্ঠাৰ বক্স]

আনন্দিত হোৱা অতিৰিক্ত কাৰণসমূহ

খ্ৰীষ্টান হোৱা হেতুকে আমাৰ ওচৰত আনন্দিত হোৱাৰ বহুত কাৰণ আছে। তলত দিয়া কাৰণসমূহক বিবেচনা কৰক:

১. আমি যিহোৱাক জানো

২. আমি ঈশ্বৰৰ বাক্যৰ বিষয়ে সত্য শিকিলোঁ।

৩. যীচুত বিশ্বাস ৰখাৰ দ্বাৰা আমি আমাৰ পাপৰ পৰা ক্ষমা পাব পাৰোঁ।

৪. ঈশ্বৰৰ ৰাজ্যই শাসন কৰিছে আৰু অতি সোনকালে এক নতুন পৃথিৱীৰ স্থাপন কৰিব।

৫. যিহোৱাই আমাক আধ্যাত্মিক পৰমদেশলৈ আনিলে।

৬. আমি খ্ৰীষ্টান ভাই-ভনীৰ সৈতে উন্নতজনক সঙ্গতি কৰি আনন্দ লাভ কৰোঁ।

৭. আমাৰ ওচৰত ৰাজ্য প্ৰচাৰ কৰাৰ বিশেষ অধিকাৰ আছে।

৮. আমাৰ কিছু পৰিমাণে শক্তি আছে আৰু আমি জীয়াই আছোঁ।

আপুনি আনন্দ বজাই ৰখাৰ অতিৰিক্ত কাৰণসমূহ উল্লেখ কৰিব পাৰেনে?

[১৩ পৃষ্ঠাৰ ছবি]

পাঁচনি পৌল আৰু চীলে বন্দীশালত থকা সময়তো নিজৰ আনন্দক বজাই ৰাখিছিল।