Skip to content

Skip to table of contents

আপুনি টকা-পইচাৰ প্ৰতি কেনেকৈ সঠিক দৃষ্টিভঙ্গী বজাই ৰাখিব পাৰে?

আপুনি টকা-পইচাৰ প্ৰতি কেনেকৈ সঠিক দৃষ্টিভঙ্গী বজাই ৰাখিব পাৰে?

আপুনি টকা-পইচাৰ প্ৰতি কেনেকৈ সঠিক দৃষ্টিভঙ্গী বজাই ৰাখিব পাৰে?

টকা-পইচা আৰু ধন-সম্পত্তিৰ প্ৰতি প্ৰেম আৰু হেঁপাহ কৰাটো কোনো ডাঙৰ কথা নহয় অথবা সেইবোৰ বৰ্তমান সময়ত ঘটা কোনো নতুন ঘটনা নহয়। প্ৰাচীন সময়ৰ পৰাই মানুহে টকা-পইচাক মোহ আৰু ধন-সম্পত্তিৰ প্ৰতি হাবিয়াস কৰি আহিছে। গতিকে বাইবেলত অৰ্থাৎ ঈশ্বৰে ইস্ৰায়েল জাতিক দিয়া ব্যৱস্থাত এইদৰে কৈছিল: “তুমি লোকৰ ঘৰলৈ লোভ নকৰিবা . . . বা তেওঁৰ আন কোনো বস্তুলৈকে লোভ নকৰিবা।”—যাত্ৰাপুস্তক ২০:১৭.

 যীচুৰ সময়তো মানুহবিলাকে টকা-পইচাৰ প্ৰতি মোহ আৰু ধন-সম্পত্তিৰ প্ৰতি হেঁপাহ কৰাটো সাধাৰণভাৱে দেখা গৈছিল। উদাহৰণস্বৰূপে যীচুৱে এজন “বৰ ধনী” ব্যক্তিৰ সৈতে হোৱা কথো-পকথনক বিবেচনা কৰক। “যীচুৱে . . . তেওঁক কলে, এতিয়াও এটা বিষয়ত তোমাৰ ক্ৰটি আছে; তোমাৰ যি যি আছে আটাইকে বেচি দৰিদ্ৰবিলাকক বিলাই দিয়া, তেহে স্বৰ্গত তোমাৰ ধন হব; এই কথা শুনি, তেওঁ শোকাতুৰ হল, কিয়নো তেওঁ বৰ ধনী আছিল।”—লূক ১৮:১৮-২৩.

টকা-পইচাৰ প্ৰতি সঠিক দৃষ্টিভঙ্গী

যদি বাইবেলত টকা-পইচা বা ইয়াৰ ব্যৱহাৰৰ প্ৰতি নিষেধাজ্ঞা দিয়া হʼলে, এইটো ভুল হʼলহেঁতেন। ইয়াৰ বিপৰীতে বাইবেলে কৈছে যে টকা-পইচাই আমাক দৰিদ্ৰ হোৱাৰ পৰা ৰক্ষা কৰে আৰু লোকসকলক তেওঁলোকৰ প্ৰয়োজনীয় অভাৱক পূৰ্ণ কৰে। এই সম্পৰ্কে ৰজা চলোমনে এইদৰে লিখিছিল: “কিয়নো ধন যেনে ৰক্ষক, প্ৰজ্ঞাও তেনে ৰক্ষক।” আৰু “আমোদৰ কাৰণে ভোজ পতা হয়, আৰু দ্ৰাক্ষাৰসে জীৱনক হৰ্ষিত কৰে আৰু ধন সৰ্ব্বসাধক।”—উপদেশক ৭:১২; ১০:১৯.

যিহোৱাই সঠিকভাৱে কৰা টকা-পইচাৰ ব্যৱহাৰক অনুমোদন দিয়ে। উদাহৰণস্বৰূপে, যীচুৱে এইদৰে কৈছিল: “তোমালোকে অযথাৰ্থ ধনেৰে নিজলৈ বন্ধু লাভ কৰা।” (লূক ১৬:৯) আমি ঈশ্বৰৰ সৈতে বন্ধুত্ব স্থাপন কৰিবলৈ সত্য উপাসনাৰ অগ্ৰগতি কাৰ্য্যৰ বাবে কৰা দানো সন্মিলিত হৈ আছে। ৰজা চলোমনেও নিজ পিতৃ দায়ূদৰ আৰ্হিক অনুকৰণ কৰি যিহোৱাৰ বাবে মন্দিৰ নিৰ্ম্মাণ কৰিবলৈ প্ৰচুৰমাত্ৰাত ধন আৰু বহুমূলীয়া বস্তু দান কৰিছিল। খ্ৰীষ্টানসলক দিয়া আনটো আজ্ঞা হৈছে, যিসকলক ভৌতিক সহায়ৰ আৱশ্যক তেওঁলোকক সহায় কৰা। এই বিষয়ে পাঁচনি পৌলে এইদৰে কৈছিল: “পবিত্ৰবিলাকৰ অভাৱ দূৰ কৰা কথাত, তেওঁবিলাকৰ সহভাগী হোৱা; অতিথি-সেৱাত ৰত হোৱা।” (ৰোমীয়া ১২:১৩) এই কাৰ্য্যত প্ৰায়ে কিছু টকা-পইচা দান কৰাটো জড়িত আছে। টকা-পইচাৰ প্ৰতি থকা মোহৰ বিষয়ে কি কʼব পৰা যায়?

‘ৰূপৰ প্ৰতি আসক্ত হোৱা’

‘ধন লোভ,’ বা প্ৰকৃত অৰ্থত ‘ৰূপৰ প্ৰতি আসক্ত।’ এই বিষয়ে পাঁচনি পৌলে সঙ্গী খ্ৰীষ্টান তীমথিয়লৈ লিখা পত্ৰত বিস্তৃতভাৱে আলোচনা কৰিছিল। পৌলে কোৱা উপদেশ বাক্য আমি ১ তীমথিয় ৬:৬-১৯ পদত পঢ়িবলৈ পাওঁ। তেওঁ ‘ধন লোভক’ ভৌতিক বস্তুৰ প্ৰতি বিবেচনা কৰাৰ এক মুখ্য বিষয় বুলি মন্তব্য দিছিল। আমি বৰ্তমান সময়ৰ সমাজে টকা-পইচাৰ ওপৰত জোৰ দিয়া কথা মনত ৰাখি, পাঁচনি পৌলৰ প্ৰেৰিত উপদেশবোৰক সাৱধানে পৰীক্ষা কৰা প্ৰয়োজন। এইধৰণৰ নিৰীক্ষণে আমাক “প্ৰকৃত জীৱন ধাৰণ কৰিবলৈ” নিশ্চয়ে সহায় কৰিব।

পাঁচনি পৌলে সতৰ্ক কৰি এইদৰে কৈছিল: “ধন-লোভেই সকলো মন্দৰ মূল; তালৈ আকাঙ্ক্ষা কৰি, কোনো কোনো মানুহে বিশ্বাসৰ পৰা ভ্ৰান্ত হৈ, যাতনাৰূপ শলাৰে নিজকেই শালিলে।” (১ তীমথিয় ৬:৯, ১০) এই বাক্যশাৰী বা এই পদে এইটো কোৱা নাই যে ধন হৈছে অনিষ্টকৰ। তদুপৰি পৌলেও এইটো কোৱা নাছিল যে ধন হৈছে “সকলো মন্দৰ” মুখ্য কাৰণ বা ধনে সকলোবোৰ সমস্যাৰ সৃষ্টি কৰে। তেওঁ কোৱা কথাষাৰৰ অৰ্থ আছিল যদিও ধনৰ লোভ কৰাটো একমাত্ৰ কাৰণ নহয়, কিন্তু এটা কাৰণ যিয়ে “সকলো মন্দৰ মূল।”

লোভীয়া হোৱাৰ পৰা আঁতৰি থকা

বাস্তৱতে পৌলৰ সতৰ্কবাণী আৰু শাস্ত্ৰই ধনক তুচ্ছ বা নিন্দা কৰা নাই। যি খ্ৰীষ্টানে ধনৰ প্ৰতি লোভ কৰিবলৈ আৰম্ভ কৰে, তেওঁহে সকলো প্ৰকাৰৰ সমস্যাক আমন্ত্ৰণ কৰে আৰু বিশ্বাসৰ পথৰ পৰা পিচলি পৰে। প্ৰকৃততে পৌলে কলচীয়া মণ্ডলীত থকা খ্ৰীষ্টানসকলক কোৱা কথাষাৰ এক অনিবাৰ্য্য সত্য। তেওঁ এইদৰে কৈছিল: “পৃথিবীত থকা নিজ নিজ অঙ্গ-প্ৰত্যঙ্গস্বৰূপ যি . . . কুঅভিলাষ আৰু লোভ, অৰ্থাৎ দেৱপূজা, সেই সকলোকে মাৰি পেলোৱা।” (কলচীয়া ৩:৫) কুঅভিলাষ, লোভ অথবা ‘ধনৰ লোভ,’ কেনেকৈ দেৱপূজা কৰাৰ সমান হয়? ইয়াৰ অৰ্থ এইটোনে যে এটা ডাঙৰ ঘৰ, এখন নতুন মটৰ গাড়ী, অধিক দৰমহা পোৱা চাকৰি বিচৰাটো ভুল? অৱশ্যেই নহয়, কিয়নো ইয়াৰ কোনোটোৱেই আপুনা-আপুনিকৈ হানিকাৰক হʼব নোৱাৰে। গতিকে প্ৰশ্ন হৈছে: এই বস্তুবোৰক বিচৰা ব্যক্তিজনৰ মনোবৃত্তি কি আৰু সঁচাকৈ তেওঁক এই বস্তুবোৰৰ আৱশ্যকনে?

সাধাৰণতে মানুহে এনে বস্তুবিলাকৰ প্ৰতি অভিলাষ আৰু লোভ কৰাটোক আমি খাদ্য ৰান্ধিবলৈ জলোৱা একুৰা সৰু জুই আৰু অৰণ্য ধ্বংস কৰা এক প্ৰকাণ্ড জুইৰ সৈতে তুলনা কৰিব পাৰোঁ। স্ফুৰ্তিদায়ক আৰু সঠিকভাৱে অভিলাষ কৰাটো হৈছে উন্নতজনক। ইয়ে আমাক ফলদায়ক কাৰ্য্য কৰিবলৈ প্ৰেৰিত কৰে। হিতোপদেশ ১৬:২৬ পদত কৈছে: “পৰিশ্ৰমী লোকৰ খাবৰ হেপাহেই তাক পৰিশ্ৰম কৰায়; কিয়নো তাৰ পেটৰ ভোকে তাক উদ্গায়।” কিন্তু লোভ হৈছে বিপদজনক আৰু হানিকাৰক। এনে অভিলাষক নিয়ন্ত্ৰণ কৰাটো কঠিন।

লোভক নিয়ন্ত্ৰণ কৰাটো হৈছে এক গুৰুত্বপূৰ্ণ বিষয়। ধন-সম্পত্তিয়ে আমাৰ অভাৱ পূৰণ কৰেনে নাইবা অভাৱে ধন-সম্পত্তি পূৰণ কৰে? সেইবাবে পাঁচনি পৌলে ‘লুভীয়া ব্যক্তিক দেৱপূজক’ বুলি কৈছিল। (ইফিচীয়া ৫:৫) কোনো এটা বস্তুৰ বাবে লোভ কৰাৰ অৰ্থ হৈছে আমি নিজকে আমাৰ ইচ্ছাৰ অধিনত এৰি দিয়া, যিয়ে আমাৰ ওপৰত প্ৰভুতা কৰে, ইয়ে আমাৰ ঈশ্বৰ হৈ পৰে আৰু আমি তাৰ উপাসনা কৰোঁ। ইয়াৰ বিপৰীতে যিহোৱাই এইদৰে কৈছিল: “মোৰ আগত তোমাৰ আন কোনো দেৱতা নেথাকক।”—যাত্ৰাপুস্তক ২০:৩.

লোভীয়া হোৱাটোৱে এইটোও প্ৰকাশ কৰে যে আমি আমাৰ আৱশ্যকতাসমূহ পূৰণ কৰিবলৈ কৰা ঈশ্বৰৰ প্ৰতিজ্ঞাত ভৰসা নকৰোঁ। (মথি ৬:৩৩) অৱশেষত লোভে আমাক ঈশ্বৰৰ পৰা আঁতৰাই নিয়ে। এই অৰ্থত লোভক ‘দেৱপূজা’ কৰা সৈতে তুলনা কৰিছে। সেয়েহে পৌলে স্পষ্টকৈ এই সম্পৰ্কে দিয়া সতৰ্কবাণীৰ বাবে আচৰিত হোৱাৰ কোনো কাৰণ নাই!

যীচুৱেও লোভৰ সম্পৰ্কে পোনচাটেই সতৰ্ক কৰিছিল। তেওঁ আমাৰ ওচৰত নথকা বস্তুৰ প্ৰতি হাবিয়াহ নকৰিবলৈ আজ্ঞা দি এইদৰে কৈছিল: “সকলো লোভৰ পৰা নিজকে ৰাখি, সাৱধানে থাকিবা; কিয়নো উপচি পৰিলেও, মানুহৰ জীৱন তেওঁৰ সম্পত্তিৰে নহয়।” (লূক ১২:১৫) যীচুৱে কোৱা এই বাক্যশাৰী অনুসাৰে লোভ হৈছে নিৰ্ব্বোধ বিশ্বাসৰ ওপৰত আধাৰিত আৰু তেনে লোভীয়া ব্যক্তিয়ে, জীৱনত যিমানেই টকা-পইচা নাথাকক কিয় তেওঁ সদায়ে বিবেচনা কৰে যে আনৰ কিমান টকা-পইচা আছে, সমাজত তেওঁৰ স্থান কি, তেওঁ কিমান ক্ষমতাশালী বা আন আন ক্ষেত্ৰসমূহৰ বিষয়েনো কি। এতেকে আৰ্জন কৰা যি কোনো বিষয়তে এজন ব্যক্তি লোভীয়া হʼব পাৰে। আমি হয়তো ভাবিব পাৰোঁ যে যদি সেই বস্তুটো পাওঁ, তেনেহʼলে মোৰ অভাৱ পূৰণ হʼব। কিন্তু বাইবেল আৰু মানুহৰ অভিজ্ঞতাই প্ৰমাণ কৰিছে যে একমাত্ৰ ঈশ্বৰে আমাৰ অভাৱক পূৰণ কৰিব পাৰে। এই বিষয়ে যীচুৱে তেওঁৰ শিষ্যসকলৰ সৈতে আলোচনা কৰিছিল।—লূক ১২:২২-৩১.

বৰ্তমান সময়ত কিনা-বেচা কৰা সমাজে লোভক আগতকৈও অধিকৈ বঢ়াই তুলিছে। ফলস্বৰূপে এনে সমাজত থকা যি কোনো ব্যক্তিয়ে বিশ্বাস কৰে যে তেওঁলোকৰ ওচৰত যি আছে সেয়ে তেওঁলোকৰ বাবে যথেষ্ট নহয়। তেওঁলোকক এতিয়াও অধিক, ডাঙৰ আৰু আটাইতকৈ ভাল বস্তুটোৰ প্ৰয়োজন। এইটো সঁচা যে আমি এই জগতখনক সলনি কৰিব নোৱাৰোঁ, কিন্তু আমি এনেবোৰ বিৰোদ্ধাত্মক জগতৰ মনোবৃত্তিক কেনেকৈ প্ৰতিৰোধ কৰিব পাৰোঁ?

লোভৰ বিপক্ষে সন্তুষ্ট

পাঁচনি পৌলে লোভৰ বিপক্ষে থকা সন্তোষ্টিৰ বিষয়ে উল্লেখ কৰি এইদৰে কৈছিল: “কিন্তু, আমাৰ অন্ন-বস্ত্ৰ থাকিলে তাৰেই আমি সন্তুষ্ট হৈ থাকিম।” (১ তীমথিয় ৬:৮) এই বৃতান্তত উল্লেখ কৰা “অন্ন-বস্ত্ৰ” উক্তিটো আচলতে আমাৰ প্ৰকৃততে হোৱা আৱশ্যকতা যেন লাগিছে। বহুতে টেলিভিছনৰ কাৰ্য্যক্ৰমত এনে বিলাসী ঘৰবোৰত বাস কৰা অভিনেতা, অভিনেত্ৰীসকলক দেখি তেনে ঘৰবিলাত থাকিবলৈ হেঁপাহ কৰে। এইদৰে তেওঁলোকে কেতিয়াও সন্তুষ্ট হʼব নোৱাৰে।

অৱশ্যে, ইয়াৰ অৰ্থ এইটো নহয় যে যিহোৱাৰ উপাসকসকলে ইচ্ছা কৰি দৰিদ্ৰভাৱে জীৱন-যাপন কৰিব। (হিতোপদেশ ৩০:৮, ৯) পৌলে এই বিষয়ে কৈছিল যে আচলতে দৰিদ্ৰতা তাক কোৱা হয়, যিজনৰ ওচৰত খাবলৈ খাদ্য, পিন্ধিবলৈ বস্ত্ৰ আৰু থাকিবলৈ ঘৰ নাই। আনহাতে আমাৰ ওচৰত যদি সেইবোৰ আছে, তেতিয়াহʼলে আমি সন্তোষ্ট হোৱাৰ মুল কাৰণ আছে।

পৌলে এইদৰে নিজেই প্ৰকৃত সন্তুষ্টি লাভ কৰিব পাৰিছিলনে? মাত্ৰ খাদ্য, বস্ত্ৰ আৰু ঘৰ থাকিলেই সন্তুষ্টি প্ৰাপ্ত কৰিব পৰা যায়নে? ইয়াৰ বিষয়ে পৌলে নিজে অনুভৱ কৰিছিল, কিয়নো তেওঁ এসময়ত ধনৱান, যিহূদী সমপ্ৰদায়ৰ উচ্চ অধিকাৰী আৰু ৰোম দেশৰ বাসিন্দা আছিল। সেইবাবে তেওঁ জানিছিল যে মাত্ৰ এই তিনিটা বস্তু থাকিলেই সন্তুষ্টি প্ৰাপ্ত কৰিব পৰা নাযায়। (পাঁচনিৰ কৰ্ম্ম ২২:২৮; ২৩:৬; ফিলিপীয়া ৩:৫) পৌলে মিছনাৰী কাৰ্য্য কৰি থকাৰ সময়ত নিজেও অত্যন্ত দৰিদ্ৰতাৰ সন্মূখীন হৈছিল। (২ কৰিন্থীয়া ১১:২৩-২৮) এনে সকলোবোৰ পৰিস্থিতিতো তেওঁ সন্তুষ্ট হʼবলৈ শিকিব পাৰিলে। তেওঁ কেনেকৈ শিকিব পাৰিলে?

“অভাৱত থাকিবলৈ মই শিক্ষিত হলোঁ”

পৌলে ফিলিপীয়ালৈ লিখা চিঠিখনত এইদৰে কৈছিল: “মই সৰু হৈ থাকিবলৈ জানো, উপচয় ভোগ কৰিবলৈকো জানো; এক এক বিষয়কৈ সকলো বিষয়তে তৃপ্ত হবলৈ আৰু ক্ষুধিত হবলৈ, উপচয় ভোগ কৰিবলৈ আৰু অভাৱত থাকিবলৈ মই শিক্ষিত হলোঁ।” (ফিলিপীয়া ৪:১২) পৌল কিমান যে আশাবাদী আৰু আত্মপ্ৰত্যশীল আছিল! এই বাক্যফাঁকি লিখা সময়ত তেওঁ যে সৰলতাৰে জীৱন-যাপন কৰিছিল, বুজিব পৰা যায়। সেই সময়ত পৌল ৰোমত বন্দী হৈ আছিল!—ফিলিপীয়া ১:১২-১৪.

এই বাক্যশাৰীয়ে শক্তিশালীৰূপে কেৱল ভৌতিক সা-সম্পত্তিয়েই নহয়, কিন্তু বিভিন্ন পৰিস্থিতিতো সন্তুষ্টি হোৱাৰ গম্ভীৰ যথাৰ্থতাক বৰ্ণনা কৰিছিল। কিয়নো চৰম অৱস্থাত থকা ধন-সম্পত্তি অথবা দৰিদ্ৰতাই, এই দুয়োটা পৰিস্থিতত আমি কাক প্ৰথমস্থান দিওঁ, তাৰ প্ৰমাণ দেখিবলৈ পোৱা যায়। পৌলে আধ্যাত্মিক ধনৰ বিষয়ে উল্লেখ কৰিছিল যিয়ে তেওঁক ভৌতিক বস্তুৰ অভাৱ হোৱাৰ স্বত্ত্বেও সন্তোষ দিছিল। সেয়েহে তেওঁ এইদৰে কৈছিল: “মোক শক্তি দিয়া [ঈশ্বৰত] থাকি, মই সকলো বিষয়ত বলৱান হৈছোঁ।” (ফিলিপীয়া ৪:১৩) পৌলে নিজৰ কম বা বেছি পৰিমাণৰ ভৌতিক সম্পত্তি, ভাল অথবা বেয়া পৰিস্থিতিৰ ওপৰত ধ্যান কেন্দ্ৰিত নকৰি, তেওঁৰ আৱশ্যকতাক পূৰ কৰিবৰ বাবে ঈশ্বৰলৈ বাট চাইছিল। ফলস্বৰূপে তেওঁ সন্তুষ্টি লাভ কৰিছিল।

পৌলে ৰখা এই আৰ্হি বিশেষকৈ তীমথিয়ৰ বাবে অতি গুৰুত্বপূৰ্ণ আছিল। পৌলে অনুৰোধ কৰি কৈছিল যে ডেকা ব্যক্তিসকলে ঈশ্বৰীয় ভক্তি অনুসাৰে জীৱন-যাপন কৰি ধন-সম্পত্তিৰ পৰিৱৰ্তে ঈশ্বৰৰ সৈতে নিবিড় সম্পৰ্ক গঢ়ি তুলা আৱশ্যক। পৌলে এইদৰেও কৈছিল: “কিন্তু, হে ঈশ্বৰৰ মানুহ, তুমি এই সকলোৰে পৰা পলোৱা; আৰু ধাৰ্ম্মিকতা, ভক্তি, বিশ্বাস, প্ৰেম, ধৈৰ্য্য, মৃদুভাৱ, এইবোৰক খেদি যোৱা।” (১ তীমথিয় ৬:১১) যদিও সেই কথাফাঁকি তীমথিয়ক উদ্দেশ্য কৰি কোৱা হৈছিল, কিন্তু তথাপিও সেই সকলোলৈ প্ৰৰ্যোজ্য হয় যিসকলে যিহোৱাক আদৰ কৰিব আৰু আনন্দিত হʼব বিচাৰে।

ইফিচীয়া মণ্ডলীত ধনৱান বিশ্বাসী লোকসকল থকাৰ বাবে আন খ্ৰীষ্টানসকলৰ দৰে তীমথিয়কো লোভৰ পৰা আঁতৰি থকাৰ আৱশ্যকতাৰ বিষয়ে পৌলে তেওঁলৈ লিখিছিল। (১ তীমথিয় ১:৩) পৌলে উন্নতিশীল হোৱা এই বাণিজ্যিক কেন্দ্ৰলৈ গৈ খ্ৰীষ্টৰ শুভবাৰ্ত্তা প্ৰচাৰ কৰি বহুতকে সত্যলৈ আনিছিল। সেইবাবে ইয়াত কোনো সন্দেহ নাই যে প্ৰাচীন সময়ৰ ধনৱান ঈশ্বৰৰ ভক্তৰ দৰে আজিও খ্ৰীষ্টান মণ্ডলীবোৰত কিছুমান ধনৱান উপাসক দেখিবলৈ পোৱা যায়।

এতেকে ১ তীমথিয় ৬:৬-১০ পদত কোৱা দীপ্তিময় শিক্ষাৰ অনুসাৰে প্ৰশ্ন হৈছে: যিসকলৰ ওচৰত প্ৰয়োজনতকৈ অধিক ধন-সম্পত্তি আছে, তেওঁলোকে ঈশ্বৰক আদৰ কৰিবলৈ কি কৰা উচিত? পৌলে কৈছিল যে তেওঁলোকে নিজৰ মনোবৃত্তিক পৰীক্ষা কৰিবলৈ আৰম্ভ কৰা আৱশ্যক। কিয়নো ধনে এজনক আত্মসন্তুষ্টি কৰাৰ গুণ আছে। এই সন্দৰ্ভত পৌলে এইদৰে কৈছিল: “যিবিলাক ইহলোকত ধনৱন্ত, তেওঁবিলাকক এই আজ্ঞা দিয়া যে, তেওঁবিলাক উচ্চমান নহওক, আৰু তেওঁবিলাকে ধনৰ অনিশ্চয়তাত ভাৰসা নকৰি, যি ঈশ্বৰে, আমি ভোগ কৰিবলৈ সকলোকে বাহুল্যৰূপে আমাক দিছে, সেই ঈশ্বৰত ভাৰসা কৰক।” (১ তীমথিয় ৬:১৭) গতিকে যিসকল ধনৱন্ত তেওঁলোকে নিজৰ ধন-সম্পত্তিক ভৰসা কৰাৰ পৰিৱৰ্ত্তে, তেওঁলোকে সকলো ধন-সম্পত্তিৰ প্ৰবন্ধকৰ্ত্তা ঈশ্বৰক ভৰসা কৰা আৱশ্যক।

কিন্তু অধিককৈ উন্নতিৰ জখলাত উঠাৰ মনোবৃত্তি হৈছে নিজৰ স্বাৰ্থ পূৰ কৰা। যি সকল খ্ৰীষ্টান ধনৱান, তেওঁলোকে আজি নতুবা কাইলৈ তেওঁলোকৰ ধন-সম্পত্তি ব্যয় কৰিব লাগিব। পৌলে তেওঁলোকলৈ এইদৰে কৈছিল: “সৎকৰ্ম্ম কৰি, উত্তম কৰ্ম্মৰূপ ধনত ধনৱন্ত হওক; বিলাই দিবলৈ আৰু ভগাই লবলৈকো ইচ্ছুক হওক।”—১ তীমথিয় ৬:১৮, ১৯.

“প্ৰকৃত জীৱন”

পাঁচনি পৌলে ভৌতিক বস্তুসমূহৰ সম্পৰ্কে দিয়া পৰামৰ্শক আমি নিজেই গভীৰভাৱে বিবেচনা কৰা আৱশ্যক। কিয়নো ঈশ্বৰৰ বাক্যই এইদৰে কৈছে: “ধনৱানৰ ধন-সম্পত্তিয়েই তাৰ দৃঢ় নগৰ; আৰু সেয়ে তাৰ মানত ওখ গড়স্বৰূপ।” (হিতোপদেশ ১৮:১১) অৱেশষত ধনৱানসকলৰ সুৰক্ষা কেৱল কাল্পনিক আৰু প্ৰতাৰণাপূৰ্ণ হয়। সেয়েহে আমি আমাৰ জীৱনত ঈশ্বৰৰ অনুমোদন পোৱাৰ পৰিৱৰ্তে, ধন-সম্পত্তিৰ ওপৰত ধ্যান কেন্দ্ৰিত কৰাটো একেবাৰে ভুল।

অনিশ্চয়তাৰ ভৌতিক সা-সম্পত্তিয়ে আমাৰ আশাক দুৰ্ব্বল কৰে। প্ৰকৃততে আমাৰ আশা নিশ্চয়ে এনে কোনো শক্তিশালী বস্তুত নিৰ্ভৰ, অৰ্থপূৰ্ণ আৰু চিৰকলীয়া হোৱা আৱশ্যক। খ্ৰীষ্টানসকলৰ আশা আমাৰ সৃষ্টিকৰ্ত্তা ঈশ্বৰ যিহোৱা আৰু তেওঁ প্ৰতিজ্ঞা কৰা অনন্ত জীৱনৰ ওপৰত আধাৰিত। কিয়নো ধনে আমাৰ বাবে আনন্দ আৰু উদ্ধাৰ কিনিব নোৱাৰে। একমাত্ৰ ঈশ্বৰৰ ওপৰত ৰখা বিশ্বাসে এইধৰণৰ আশা প্ৰদান কৰিব পাৰে।

সেইবাবে আমি ধনী হওঁক বা দুখীয়া, আঁহক আমি এনে জীৱন-যাপন কৰোঁহঁক যিয়ে আমাক “ঈশ্বৰলৈ ধনৱান” হোৱাত সহায় কৰিব। (লূক ১২:২১) সৃষ্টিকৰ্ত্তাৰ অনুমোদন পোৱা ধনতকৈ আন একোৱে মূল্যৱান হʼব নোৱাৰে। এতেকে আমি সকলোৱে ‘প্ৰকৃত জীৱন ধাৰণ কৰিবলৈ পৰকালৰ নিমিত্তে নিজৰ অৰ্থে উত্তম ভিত্তিমূলস্বৰূপ ধন সাঁচোহঁক।’—১ তীমথিয় ৬:১৯. (w01 6/15)

[৭ পৃষ্ঠাৰ ছবি]

পাঁচনি পৌলে সন্তুষ্ট হʼবলৈ শিকিলে

[৮ পৃষ্ঠাৰ ছবি]

আমাৰ ওচৰত যি আছে, তাৰ দ্বাৰা আমি সুখী আৰু সন্তুষ্টি হʼব পাৰোঁ