Skip to content

Skip to table of contents

আপুনি শুনি পাহৰি যোৱা শ্ৰোতা যেন নহয়

আপুনি শুনি পাহৰি যোৱা শ্ৰোতা যেন নহয়

আপুনি শুনি পাহৰি যোৱা শ্ৰোতা যেন নহয়

“কেৱল শুনোতা হৈ নিজক নুভুলাবা, কিন্তু বাক্য পালন কৰোঁতা হোৱা।”যাকোব ১:২২.

১. প্ৰাচীন সময়ত ইস্ৰায়েলসকলে কেনেধৰণৰ আচৰিত কৰ্ম্মৰ অভিজ্ঞতা হোৱাৰ বিশেষ অধিকাৰ পালে?

 প্ৰাচীন সময়ত যিহোৱাই মিচৰত কৰা আচৰিত কৰ্ম্মসমূহক “পাহৰিব নোৱাৰা” এক মহান কাৰ্য্য বুলি কলেও ভুল নহʼব। মিচৰ দেশৰ ওপৰত অনা প্ৰত্যেকটো ক্লেশ সঁচাকৈ আচৰিত আৰু সন্ত্ৰাসজনক আছিল। সেই ক্লেশবোৰৰ পাছত যিহোৱাই আচৰিতৰূপে চূফ সাগৰক দুভাগ কৰি পথ ওলিয়াই ইস্ৰায়েলসকলক মিচৰীয়বিলাকৰ হাতৰ পৰা ৰক্ষা কৰিছিল। (দ্বিতীয় বিবৰণ ৩৪:১০-১২) যদি আপুনি সেই সময়ত উপস্থিত থকা হʼলে, সেই আচৰিত কাৰ্য্য কৰোঁতাজনাক নিশ্চয়ে পাহৰিব নোৱাৰিলেহেঁতেঁন। কিন্তু, গীতমালাৰ লিখকে ইস্ৰায়েলসকলৰ বিষয়ে নিজৰ গীতত এইদৰে প্ৰকাশ কৰিছিল: “যি জনাই মিচৰত মহৎ কাৰ্য্য, হাম দেশত নানা আচৰিত কাৰ্য্য, আৰু চূফ সাগৰৰ দাঁতিত ভয়ানক ক্ৰিয়া কৰিছিল, নিজৰ ত্ৰাণকৰ্ত্তা সেই ঈশ্বৰক সিবিলাকে পাহৰিলে।”—গীতমালা ১০৬:২১, ২২.

২. ইস্ৰায়েলসকলৰ কেনে কাৰ্য্যই প্ৰকাশ কৰিলে যে তেওঁলোকে অতি কম সময়ৰ ভিতৰত যিহোৱাৰ আচৰিত কাৰ্য্যসমূহক পাহৰি গʼল?

তেওঁলোকে চূফ সাগৰৰ মাজেদি পাৰ হৈ যোৱাৰ পাছত “যিহোৱালৈ ভয় কৰি, যিহোৱাক বিশ্বাস কৰিলে।” (যাত্ৰাপুস্তক ১৪:৩১) পাছলৈ ইস্ৰায়েলৰ সন্তানবিলাকে মোচিৰ সৈতে স্তুতি গীত গাবলৈ আৰু মৰিয়াম আৰু অন্য স্ত্ৰীসকলে খঞ্জৰি লৈ নাচিবলৈ আৰম্ভ কৰিলে। (যাত্ৰাপুস্তক ১৫:১, ২০) সঁচাকৈ তেওঁলোকে ঈশ্বৰৰ এই শক্তিশালী কাৰ্য্যৰ দ্বাৰা অতি প্ৰভাৱিত হৈছিল। কিন্তু অতি সোনকালে তেওঁলোকৰ স্মৃতিশক্তি লোপ পোৱাৰ দৰে ঈশ্বৰে কৰা সকলোবোৰ আচৰতি কৰ্ম্মৰ বিষয়ে পাহৰি গʼল। শীঘ্ৰে তেওঁলোকে যিহোৱাৰ প্ৰতি আপত্তিজনক মনোবৃত্তি প্ৰকাশ কৰিলে। তদুপৰি তেওঁলোকে তেওঁলোকৰ কিছুমানে ব্যভিচাৰ আৰু অনৈতিক কাৰ্য্যত লিপ্ত হʼল।—গণনা পুস্তক ১৪:২৭; ২৫:১-৯.

কিহে আমাকো পাহৰাব পাৰে?

৩. আমি অসিদ্ধতা হোৱাৰ বাবে সহজে কি পাহৰি যাব পাৰোঁ?

ইস্ৰায়েলসকলে ঈশ্বৰৰ কাৰ্য্যসমূহৰ প্ৰতি মূল্যাঙ্কন নকৰাৰ বাবে, তেওঁ কৰা সকলোবোৰ কাৰ্য্যক পাহৰি গʼল। একেইদৰে আমাৰ সৈতেও হʼব পাৰে। এইটো সঁচা যে আমি ঈশ্বৰে কৰা আচৰিত কাৰ্য্যসমূহক নিজ চকুৰে দেখা নাই। কিন্তু, আমাৰ জীৱনত ঘটা এনে কিছুমান ঘটনাৰ বাবে যে আমি যিহোৱাৰ সৈতে সম্বন্ধ গঢ়িলোঁ, সেই বিষয়ে কেতিয়াও পাহৰিব নোৱাৰোঁ। আন কিছুমানৰ বাবে সত্য খ্ৰীষ্টান হিচাপে প্ৰাৰ্থনাৰ যোগেদি যিহোৱালৈ নিজকে সমৰ্পণ কৰি পানীত বাপ্তিষ্মা লোৱা সময়ত আনন্দময় হয়। আমাৰ বহুতে নিজৰ জীৱনৰ বিভিন্ন ক্ষেত্ৰত যিহোৱাই কৰা সহায়ৰ অভিজ্ঞতা অনুভৱ কৰি আনন্দিত হৈছে। (গীতমালা ১১৮:১৫) তদুপৰি, আমাৰ সকলোৱে যিহোৱাৰ নিজ পুত্ৰ যীচুৰ বলিদানৰ যোগেদি উদ্ধাৰৰ আশা লাভ কৰিলোঁ। (যোহন ৩:১৬) যিয়ে নহওঁক, আমাৰ অসিদ্ধতা আৰু জীৱনলৈ অহা বিভিন্ন প্ৰকাৰৰ চিন্তাৰ বাবে হয়তো আমি তেওঁ কৰা উত্তম কাৰ্য্যসমূহক সহজে পাহৰি যাব পাৰোঁ।

৪, ৫. (ক)শুনি পাহৰি যোৱা শ্ৰোতা হোৱাৰ ফলত যি বিপদ আহিব পাৰে তাৰ বিষয়ে যাকোবে কেনেকৈ সতৰ্ক কৰিছিল? (খ) যাকোবে নিজৰ উদাহৰণত বৰ্ণনা কৰা আৰ্চিত এজন ব্যক্তিয়ে নিজৰ চেহেৰা চাই পাহৰি যোৱা পৰামৰ্শসমূহক আমি কেনেকৈ প্ৰয়োগ কৰিব পাৰোঁ?

এই সন্দৰ্ভত যীচুৰ সতীয়া ভায়েক যাকোবে খ্ৰীষ্টান ভাইসকললৈ লিখা পত্ৰৰ যোগেদি সতৰ্ক কৰি কৈছিল যে শুনি পাহৰি যোৱা শ্ৰোতা হৈ বিপদত নপৰে যেন। সেইবাবে তেওঁ এইদৰে লিখিছিল: “কেৱল শুনোতা হৈ নিজক নুভুলাবা, কিন্তু বাক্য পালন কৰোঁতা হোৱা। কিয়নো কোনোৱে যদি বাক্য পালন কৰোঁতা নহৈ, কেৱল শুনোতা মাথোন হয়, তেন্তে তেওঁ দৰ্পণত নিজৰ স্বাভাৱিক মুখ দেখা মানুহৰ নিচিনা হয়; কাৰণ তেওঁ নিজকে চাই পেলাই গুচি যায়, তাতে তেওঁ কেনেকুৱা আছিল, তাক তেতিয়াই পাহৰি যায়।” (যাকোব ১:২২-২৪) যাকোবে কোৱা সেই বাক্যশাৰীৰ অৰ্থ কি আছিল?

সাধাৰণতে ৰাতিপূৱা উঠি আমি আৰ্চিত নিজৰ চেহেৰা চাওঁ যাতে আমাৰ চেহেৰা-পাতি ঠিক থাকে। কিন্তু যেনেকৈ আমি বিভিন্ন কামত ব্যস্ত হৈ পৰোঁ তেতিয়া আমি আৰ্চিখনত কি চাইছিলোঁ সেই সকলোবোৰ পাহৰি যাওঁ। ঠিক তেনেদৰে আমাৰ আধ্যাত্মিক ক্ষেত্ৰতো হʼব পাৰে। যেতিয়া আমি ঈশ্বৰৰ বাক্যক দৃষ্টি কৰোঁ, তেতিয়া আমি যিহোৱাই আমাৰ পৰা কি বিচাৰে সেই বিষয়ে বিবেচনা কৰোঁ। আগলৈ যেনেকৈ আমি আমাৰ দুৰ্ব্বলতাসমূহৰ সৈতে সন্মূখীন হʼম, এই জ্ঞানে আমাক আমাৰ ব্যক্তিত্ব সাল-সলনি কৰিবলৈ উৎসাহিত কৰা উচিত। কিন্তু দৈনন্দিন জীৱনৰ কাৰ্য্যসমূহত ব্যস্ত হৈ পৰাৰ বাবে আমি সহজে আধ্যাত্মিক বিষয়সমূহক বিবেচনা কৰিবলৈ পাহৰি যাব পাৰোঁ। (মথি ৫:৩; লূক ২১:৩৪) ইয়াৰ অৰ্থ হৈছে যিহোৱাই আমালৈ কৰা প্ৰেমময় কাৰ্য্যক পাহৰি যোৱা। যদি আমাৰ সৈতেও এনে হয়, তেন্তে সহজে আমি পাপময় প্ৰবৃত্তিলৈ আগবাঢ়িম।

৬. যিহোৱাৰ বাক্যক নাপাহৰিবলৈ কোনটো বাইবেলৰ পদে আমাক সহায় কৰে?

পাঁচনি পৌলে কৰিন্থীয়া মণ্ডলীলৈ লিখা তেওঁৰ প্ৰথম পত্ৰখনত অৰণ্যত থকা সেই অমনোযোগী ইস্ৰায়েলসকলৰ বিষয়ে উল্লেখ কৰিছিল। প্ৰথম শতাব্দীৰ খ্ৰীষ্টানসকলে পাঁচনি পৌলৰ সেই পৰামৰ্শৰ পৰা যেনেকৈ লাভৱান হʼল, বৰ্তমান সময়ত তেনেদৰে আমিও লাভৱান হʼব পাৰোঁ।—১ কৰিন্থীয়া ১০:১-১২.

জগতৰ অভিলাষৰ পৰা আঁতৰি থকা

৭. ইস্ৰায়েলসকলে তেওঁলোকৰ প্ৰতি থকা যিহোৱাৰ প্ৰেমৰ কেনে প্ৰমাণ দেখিবলৈ পালে?

ইস্ৰায়েলসকলৰ বিষয়ে পাঁচনি পৌলে যি কৈছিল, সেই কথাশাৰী বৰ্তমান সময়ৰ খ্ৰীষ্টান সকলৰ বাবেও এক সতৰ্কবাণী হিচাপে কাৰ্য্য কৰে। এই বিষয়ে পাঁচনি পৌলে এইদৰে লিখিছে: “হে ভাইবিলাক, তোমালোকে নজনাকৈ থকা মোৰ ইচ্ছা নাই যে, আমাৰ পূৰ্ব্ব-পুৰুষ সকলোৱেই মেঘৰ তলত আছিল, আৰু সকলোৱেই সাগৰৰ মাজেদি আহিছিল; আৰু সকলোৱেই মেঘ আৰু সাগৰতে মোচিলৈ বাপ্তাইজিত হৈছিল।” (১ কৰিন্থীয়া ১০:১-৪) মোচিৰ সময়ত ইস্ৰায়েলসকলে ঈশ্বৰৰ মহৎ কাৰ্য্যক নিজ চুকুৰে দেখিছিল যʼত বাট দেখুৱালৈ মেঘ-স্তম্ভ আৰু চূফ সাগৰক দুভাগ কৰা কাৰ্য্য সন্মিলিত আছিল। (যাত্ৰাপুস্তক ১৩:২১; ১৪:২১, ২২) সঁচাকৈ ইস্ৰায়েলসকলে তেওঁলোকৰ প্ৰতি থকা যিহোৱাৰ প্ৰেমৰ প্ৰমাণ দেখিবলৈ পালে।

৮. ইস্ৰায়েলসকলে আধ্যাত্মিকৰূপে পাহৰি যোৱা ব্যক্তি হোৱাৰ বাবে কেনে পৰিণামৰ সন্মূখীন হʼল?

আগলৈ পাঁচনি পৌলে এইদৰে কৈছিল: “তথাপি তেওঁবিলাকৰ অধিক ভাগ লোকৰ ওপৰত ঈশ্বৰ সন্তুষ্ট নহল; কিয়নো তাৰ প্ৰমাণ এই যে, তেওঁবিলাকক অৰণ্যতে নিপাত কৰা হল।” (১ কৰিন্থীয়া ১০:৫) কিযে এক দুখৰ বিষয় আছিল! মিচৰ দেশৰ পৰা ওলাই অহা সৰহভাগ ইস্ৰায়েলে নিজৰ দোষৰ বাবে প্ৰতিজ্ঞাত দেশত প্ৰৱেশ কৰিব নোৱাৰিলে। কিয়নো ঈশ্বৰৰ প্ৰতি তেওঁলোকৰ বিশ্বাস হ্ৰাস হোৱাৰ বাবে যিহোৱাই তেওঁলোকক অৰণ্যত মৰিবলৈ এৰি দিলে। (ইব্ৰী ৩:১৬-১৯) ইয়াৰ পৰা আমি কি শিক্ষা পাওঁ? ইয়াকে বিবেচনা কৰি পাঁচনি পৌলে এইদৰে কৈছিল: “তেওঁবিলাকে যেনেকৈ কামনা কৰিছিল আমিও যেন তেনেকৈ মন্দ বিষয়ৰ কামনা নকৰোঁ, এই কাৰণে সেই ঘটনাই আমালৈ আৰ্হি হল।”—১ কৰিন্থীয়া ১০:৬.

৯. যিহোৱাই তেওঁলোকৰ বাবে কেনেধৰণৰ প্ৰৱন্ধ কৰিছিল আৰু তেওঁলোকে তাৰ প্ৰতি কেনে প্ৰতিক্ৰিয়া দেখুৱালে?

তেওঁলোক অৰণ্যত থকাৰ সময়ছোৱাত এনে বহুতো বিষয় আছিল, যাৰ যোগেদি তেওঁলোকে আধ্যাত্মিক বিষয়সমূহত মনোযোগ দিব পাৰিলেহেঁতেন। যেনে, যিহোৱাই তেওঁলোকৰ সৈতে নিয়ম স্থাপন কৰা আৰু তেওঁলোক যিহোৱালৈ সমৰ্পিত জাতি হোৱা। তদুপৰি, যিহোৱাই তেওঁলোকক পুৰোহিত বৰ্গৰ শুদ্ধ উপাসনাৰ বাবে উপাসনাগৃহ, আৰু তেওঁলৈ বলিদান কৰাৰ বিশেষ অধিকাৰ দিছিল। কিন্তু তেওঁলোকে এই অমূল্য আধ্যাত্মিক উপহাৰ আৰু ভৌতিক প্ৰবন্ধসমূহত আনন্দ কৰাৰ পৰিৱৰ্তে অসন্তোষ্ট প্ৰকাশ কৰিলে।—গণনা পুস্তক ১১:৪-৬.

১০. আমি কিয় সদায় ঈশ্বৰক আমাৰ মনত স্থান দিয়া উচিত?

১০ অৰণ্যত থকা ইস্ৰায়েলসকলৰ বিপৰীতে বৰ্তমান সময়ৰ যিহোৱাৰ সাক্ষীসকলে ঈশ্বৰে প্ৰৱন্ধ কৰা লাভসমূহত আনন্দিত হয়। গতিকে, আমি সকলোৱে ব্যক্তিগতৰূপে ঈশ্বৰক নিজৰ জীৱনত প্ৰথম স্থান দিয়া উচিত। যদি আমি তেনে কৰোঁ, তেন্তে ই আমাৰ আধ্যাত্মিক দৃষ্টি আঁৰ কৰি ধৰা স্বাৰ্থপৰ অভিলাষৰ মেঘবোৰক আঁতৰ কৰিবলৈ সহায় কৰিব। আমি এই বৰ্তমান জগতত “ভক্তি-লঙ্ঘন আৰু সাংসাৰিক আভিলাষ অস্বীকাৰ কৰি, গম্ভীৰ, ধাৰ্ম্মিক, আৰু ভক্তিভাৱে এই বৰ্ত্তমান সংসাৰত যেন জীৱন যাপন” কৰিবলৈ নিৰ্ণয় কৰা উচিত। (তীত ২:১২) যিসকলে সৰুৰে পৰা খ্ৰীষ্টান মণ্ডলীৰ সৈতে সঙ্গতি কৰি আহিছে, তেওঁলোকে কেতিয়াও এইদৰে ভবাটো উচিত নহয় যে তেওঁলোকে কিবা ভাল বস্তুৰ পৰা বঞ্চিত হʼবলগীয়া হৈছে। যদিও আমাৰ মনলৈ তেনে বিচাৰধাৰা আহে তেন্তে যিহোৱাই আমালৈ কৰা আচৰিত আশীৰ্ব্বাদসমূহৰ ওপৰত আমাৰ ধ্যান কেন্দ্ৰিত কৰা উচিত।—ইব্ৰী ১২:২, ৩.

সম্পূৰ্ণৰূপে যিহোৱাৰ আজ্ঞাকাৰী হোৱা

১১, ১২. এজন ব্যক্তিয়ে প্ৰকৃততে মূৰ্ত্তিপূজা নকৰাকৈও কেনেকৈ মূৰ্ত্তিপূজা কৰাৰ দোষী হʼব পাৰে?

১১ পাঁচনি পৌলে আন এটা সতৰ্কবাণী দি এইদৰে লিখিছিল: “তেওঁবিলাকৰ মাজৰ কিছুমান যেনেকৈ দেৱপূজক হৈছিল, তোমালোক তেনে নহবা; সেই বিষয়ে এনে লিখা আছে; মানুহবিলাকে ভোজন-পান কৰিবলৈ বহিল, পাছে ধেমালি কৰিবলৈ উঠিল।” (১ কৰিন্থীয়া ১০:৭) ইয়াত পৌলে সেইসময়ত হোৱা ঘটনাৰ বিষয়ে উল্লেখ কৰিছে যেতিয়া ইস্ৰায়েলসকলে হাৰোণক এটা সোণৰ দামুৰি বনাবলৈ বাধ্য কৰিছিল। (যাত্ৰাপুস্তক ৩২:১-৪) যিহেতু আমি এনেধৰণৰ কোনো কাৰ্য্য নকৰিব পাৰোঁ, কিন্তু আমাৰ স্বাৰ্থপৰ অভিলাষবোৰক প্ৰবল হবলৈ অনুমতি দিয়াৰ দ্বাৰা দেৱপূজক হৈ যিহোৱাৰ উপাসনাৰ পৰা আঁতৰ হʼব পাৰোঁ।—কলচীয়া ৩:৫.

১২ আন এক উপলক্ষ্যত পাঁচনি পৌলে কৈছিলে যে কিছুমানে আধ্যাত্মিক বিষয়বোৰৰ পৰিৱৰ্তে ভৌতিক বস্তুৰ প্ৰতি আগ্ৰহী আছিল। তেওঁলোকৰ উদ্দেশ্যে তেওঁ এইদৰে কৈছিল: “তেওঁবিলাক খ্ৰীষ্টৰ [যাতনা স্তম্ভৰ NW] শত্ৰু; তেওঁলোকৰ শেষ-গতি সৰ্ব্বনাশ, আৰু পেটেই তেওঁবিলাকৰ ঈশ্বৰ।” (ফিলিপীয়া ৩:১৮, ১৯) তেওঁলোকৰ উপাসনা কোনো প্ৰতিমাৰ ওপৰত নহয়, কিন্তু ভৌতিক বস্তুৰ প্ৰতি থকা অভিলাষৰ ওপৰত কেন্দ্ৰিত আছিল। ইয়াৰ অৰ্থ এইটো নহয় যে সকলোবোৰ অভিলাষ অনুচিত। কিয়নো যিহোৱাই আমাক আমাৰ আৱশ্যকতাৰ প্ৰতি থকা অভিলাষত আনন্দ কৰিবলৈ সৃষ্টি কৰিলে। কিন্তু যিসকলে ঈশ্বৰৰ পৰিৱৰ্তে ভৌতিক বস্তুৰ প্ৰতি থকা অভিলাষবোৰক প্ৰথম স্থান দিয়ে, আচলতে তেওঁলোকে হৈছে মূৰ্ত্তিপূজক।—২ তীমথিয় ৩:১-৫.

১৩.সোণৰ দামুৰি পোৱালি বনোৱা বিবৰণীৰ পৰা আমি কি শিকিব পাৰোঁ?

১৩ মিচৰ দেশ পৰিত্যাগ কৰাৰ পাছত ইস্ৰায়েলসকলক মূৰ্ত্তিপূজাৰ বিৰুদ্ধে সতৰ্কবাণী দিয়াৰ স্বত্ত্বেও তেওঁলোকে উপাসনাৰ বাবে এটা সোণৰ দামুৰি পোৱালিৰ নিৰ্ম্মাণ কৰিলে। আমি এই বৃতান্তটোৰ পৰা এক গুৰুত্বপূৰ্ণ পাঠ শিকিবলৈ পাওঁ যে ইস্ৰায়েলসকলে ঈশ্বৰৰ পোনপটীয়া নিষেধাজ্ঞাক অমান্য কৰিলে। (যাত্ৰাপুস্তক ২০:৪-৬) তথাপিও, তেওঁলোকে যিহোৱাক নিজৰ ঈশ্বৰ হিচাপে মানিছিল। কিয়নো তেওঁলোকে সেই সোণৰ দামুৰিটোৰ আগত বলিদান কৰি “যিহোৱাৰ উদ্দেশে উৎসৱ” হʼব বুলি ঘোষণা কৰিছিল। এনে কৰাৰ দ্বাৰা তেওঁলোকে নিজকে প্ৰতাৰণা কৰিছিল আৰু ভাবিছিল যে ঈশ্বৰে তেওঁলোকৰ এই অবাধ্যতাক ক্ষমা কৰিব। তেওঁলোকৰ এনে কাৰ্য্যই যিহোৱাক অপমান কৰিলে আৰু যিহোৱাৰ ক্ৰোধ অধিকৈ প্ৰজ্বলিত হʼল।—যাত্ৰাপুস্তক ৩২:৫, ৭-১০; গীতমালা ১০৬:১৯, ২০.

১৪, ১৫. (ক)ইস্ৰায়েলসকলে শুনি পাহৰি যোৱা শ্ৰোতা হোৱাৰ কিয় কোনো কাৰণ নাছিল? (খ) যদি আমি শুনি পাহৰি যোৱা শ্ৰোতা নহবলৈ থিৰাং কৰোঁ, তেনেহʼলে আমাৰ ঈশ্বৰৰ আজ্ঞাবোৰৰ প্ৰতি কেনে দৃষ্টি হোৱা উচিত?

১৪ তেনেধৰণৰ মিছা উপাসনাত ভাগ লোৱাটো এজন যিহোৱাৰ সাক্ষীৰ বাবে এক অসাধাৰণ কাৰ্য্য হʼব। কিন্তু মণ্ডলী থকাৰ স্বত্ত্বেও কিছুমানে হয়তো অন্য প্ৰকাৰে যিহোৱাৰ নিৰ্দ্দেশনাক অস্বীকাৰ কৰিব পাৰে। দৰাচলতে ইস্ৰায়েলসকলেও শুনি পাহৰি যোৱা শ্ৰোতা হোৱাৰ কোনো কাৰণ নাছিল। তেওঁলোকে দহটা আজ্ঞা আৰু মোচিয়ে দিয়া আজ্ঞাৰ বিষয়েও জানিছিল, যʼত কোৱা হৈছিল: “তোমালোকে মোকো লগ কৰি সেৱা কৰিবলৈ, একো নেসাজিবা; তোমালোকৰ নিমিত্তে ৰূপৰ বা সোণৰ দেৱমূৰ্ত্তি নেসাজিবা।” (যাত্ৰাপুস্তক ২০:১৮, ১৯, ২২, ২৩) তথাপিও, তেওঁলোকে সোণৰ দামুৰিটোক উপাসনা কৰিলে।

১৫ একেইদৰে আমাৰ ওচৰতো শুনি পাহৰি যোৱা শ্ৰোতা হোৱাৰ কোনো সঠিক কাৰণ নাই। কিয়নো বাইবেলত দিয়া ঈশ্বৰৰ নিৰ্দ্দেশনাই জীৱনৰ বহুতো ক্ষেত্ৰত পথ পদৰ্শন কৰিছে। উদাহৰণস্বৰূপে, যিহোৱাৰ বাক্যই টকা ধাৰে লৈ তাক পৰিশোধ নকৰাৰ বিষয়ে নিষেধাজ্ঞা দিছে। (গীতমালা ৩৭:২১) লʼৰা-ছোৱালীবিলকক পিতৃ-মাতৃৰ আজ্ঞা মানি চলিবলৈ কোৱা হৈছে আৰু একে সময়ত পিতৃসকলকো নিজৰ সন্তানক “প্ৰভুৰ শিক্ষা আৰু চেতনাত প্ৰতিপালন” কৰিবলৈ আগ্ৰহ কৰা হৈছে। (ইফিচীয়া ৬:১-৪) যিসকল খ্ৰীষ্টান ব্যক্তিয়ে বিবাহ কৰিবলৈ ইচ্ছা কৰে তেওঁলোকক কেৱল “প্ৰভুত বিশ্বাস কৰা যি জনলৈ” বিবাহ কৰিবলৈ আজ্ঞা দিছে আৰু বিবাহিত সেৱসকলক এইদৰে আজ্ঞা দিছে: “সকলোৰে মাজত বিবাহ আদৰণীয়, আৰু তাৰ শৰ্য্যা শুচি হওঁক; কিয়নো ব্যভিচাৰী আৰু পৰস্ত্ৰীগামীবিলাকৰ শোধ-বিচাৰ কৰিব।” (১ কৰিন্থীয়া ৭:৩৯; ইব্ৰী ১৩:৪) যদি আমি শুনি পাহৰি যোৱা শ্ৰোতা নহবলৈ নিৰ্ণয় লওঁ, তেন্তে আমি ঈশ্বৰে দিয়া এই আজ্ঞা আৰু আন আন আজ্ঞাবোৰকো গভীৰতাৰে পালন কৰি সেই অনুসাৰে চলিম।

১৬. সোণৰ দামুৰি পোৱালিটোক উপাসনা কৰাৰ বাবে ইস্ৰায়েলৰ কিছুমানে কেনেধৰণে পৰিণাম ভুগীবলগীয়া হʼল?

১৬ ইস্ৰায়েলসকলে নিজৰ পদ্ধতিৰে উপাসনাৰ কৰাৰ বাবে যিহোৱাই তেওঁলোকৰ উপাসনা স্বীকাৰ নকৰিলে। পৰিণামস্বৰূপে, যিহোৱাই তেওঁলোকৰ ৩০০০ জন লোকক ধ্বংস কৰিলে, হয়তো তেওঁলোকেই সোণৰ দামুৰি বনোৱা আৰু যিহোৱাৰ আজ্ঞাক উলংঘন কৰাত মুখ্য ভূমিকা আদায় কৰিছিল। ভুল কৰা আনসকলে যিহোৱাৰ ক্লেশ ভুগীবলগীয়া হʼল। (যাত্ৰাপুস্তক ৩২:২৮, ৩৫) গতিকে যিসকলে ঈশ্বৰৰ বাক্য অধ্যয়ন কৰে কিন্তু তাৰ অনুসাৰে জীৱন-যাপন নকৰে, তেওঁলোকৰ বাবে কিযে এক উত্তম শিক্ষা!

“ব্যভিচাৰৰ পৰা পলোৱা”

১৭. ১ কৰিন্থীয়া ১০:৮ পদত কেনেধৰণৰ ঘটনাৰ বিষয়ে উল্লেখ কৰা হৈছে?

১৭ এনে এটা ক্ষেত্ৰ আছে যʼত আমি শুনি পাহৰি যোৱা ব্যক্তি হৈ পৰিব পাৰোঁ। সেইয়া হৈছে শাৰীৰিক অভিলাষ যাৰ বিষয়ে পাঁচনী পৌলে এইদৰে কৈছিল: “তেওঁবিলাকৰ কিছুমানে যেনেকৈ ব্যভিচাৰ কৰাত; একে দিনাই একুৰি তিনি হাজাৰ মানুহ মৰা পৰিল, তেনেকৈ আমি ব্যভিচাৰ নকৰোঁহঁক।” (১ কৰিন্থীয়া ১০:৮) ইয়াত পাঁচনি পৌলে, ইস্ৰায়েলসকলে অৰণ্য পথেৰে যাত্ৰা কৰা ৪০ বছৰৰ শেহতীয়া ভাগত মোৱাবৰ সমতল ভূমিত ঘটা ঘটনাৰ বিষয়ে উল্লেখ কৰিছে। কিছু সময়ৰ পূৰ্বেই যিহোৱাই তেওঁলোকক যৰ্দ্দনৰ পূব ভাগত থকা দেশক জয় কৰিবলৈ সহায় কৰিলে, কিন্তু তেওঁলোকৰ কিছুমানে শুনি পাহৰি যোৱা শ্ৰোতা হোৱাৰ বাবে যিহোৱাৰ কাৰ্য্যৰ প্ৰতি মূল্যাঙ্কণ দেখুৱাব নোৱাৰিলে। তেওঁলোকে প্ৰতিজ্ঞাত দেশৰ সীমাত উপস্থিত হৈ যৌন অনৈতিক আৰু পিয়োৰৰ বাল দেৱতাৰ উপাসনাত লিপ্ত হৈ নিজকে অশুদ্ধ কৰিলে। এই কাৰ্য্যত ১০০০ জন লোকে আগভাগ লৈছিল, যাৰ ফলস্বৰূপে প্ৰায় ২৪, ০০০ লোকে প্ৰাণ হেৰুৱাবলগীয়া হʼল।—গণনা পুস্তক ২৫:৯.

১৮. কেনেধৰণৰ আচৰণে যৌন অনৈতিকতালৈ পৰিচালিত কৰিব পাৰে?

১৮ আজিৰ সময়ত যিহোৱাৰ সাক্ষীসকলক উচ্চ নৈতিকতা বজাই ৰখা লোক হিচাপে জনা যায়। কিন্তু যেতিয়া কিছুমান খ্ৰীষ্টান ব্যক্তিৰ অনৈতিক কাৰ্য্য কৰাৰ প্ৰলোভন আহিল, তেতিয়া তেওঁলোকে ঈশ্বৰ আৰু তেওঁৰ সিদ্ধান্তবোৰ পাহৰি গʼল। তেওঁলোকে শুনি পাহৰি যোৱা শ্ৰোতা হৈ পৰিল। প্ৰথমতে হয়তো এই প্ৰলোভনসমূহ ব্যভিচাৰৰ সৈতে কোনো সম্পৰ্ক নথকা যেন বোধ হয়। ই হয়তো অশ্লীল কিতাপ, কৌতুক বা প্ৰেমভিনয় অথবা নৈতিকৰূপে দুৰ্ব্বল ব্যক্তিসকলৰ সৈতে সঙ্গতি কৰা। এনেধৰণৰ সকলো কাৰ্য্যই খ্ৰীষ্টানসকলক পাপময় আচৰণলৈ নিয়ে।—১ কৰিন্থীয়া ১৫:৩৩; যাকোব ৪:৪.

১৯. কেনেধৰণৰ শাস্ত্ৰীয় পৰামৰ্শই আমাক ‘ব্যভিচাৰৰ পৰা পলোৱাত’ সহায় কৰে?

১৯ যেতিয়া আমাৰ ওপৰত এনেধৰণৰ প্ৰলোভন আহে, তেতিয়া আমি যিহোৱাৰ বিষয়ে বিবেচনা কৰিবলৈ ত্যাগ দিব নালাগে। ইয়াৰ পৰিৱৰ্ত্তে আমি নিশ্চয়ে তেওঁৰ বাক্যত দিয়া পৰামৰ্শসমূহক পালন কৰা উচিত। (গীতমালা ১১৯:১, ২) খ্ৰীষ্টান হোৱাৰ বাবে আমি সকলোৱে নৈতিকৰূপে শুদ্ধ থাকিবলৈ মনেপ্ৰাণে চেষ্টা কৰোঁহঁক, কিন্তু যি যিহোৱাৰ আগত গ্ৰহণীয় তাক কৰিবলৈ হʼলে একেৰাহে প্ৰচেষ্টা কৰা উচিত। (১ কৰিন্থীয়া ৯:২৭) ৰোমত থকা খ্ৰীষ্টানসকলৰ বাবে পৌলে এইদৰে লিখিছিল: “তোমালোকৰ আজ্ঞাধীনতাৰ কথা সকলোতে ব্যপ্ত হল। এতেকে মই তোমালোকৰ কথাত আনন্দ কৰোঁ; তথাপি তোমালোকে উত্তম বিষয়ত জ্ঞানী, আৰু মন্দ বিষয়ত যেন শুদ্ধ হোৱা, এই মোৰ বাঞ্ছা।” (ৰোমীয়া ১৬:১৯) যিদৰে ইস্ৰায়েলসকলৰ ২৪, ০০০ জন ঈশ্বৰৰ ক্ৰোধৰ সন্মূখীন হʼল, ঠিক তেনেদৰে অতি সোনকালে ব্যভিচাৰী, আৰু দুষ্টকৰ্ম্ম কৰোঁতাসকলে তেওঁৰ ন্যায়ৰ সন্মূখীন হʼব। (ইফিচীয়া ৫:৩-৬) এতেকে আমি শুনি পাহৰি যোৱা শ্ৰোতা নহৈ একেৰাহে “ব্যভিচাৰৰ পৰা পলোৱা” উচিত।—১ কৰিন্থীয়া ৬:১৭.

যিহোৱাই কৰা প্ৰৱন্ধসমূহৰ প্ৰতি নিতৌ কৃতজ্ঞতা জ্ঞাপন কৰক

২০. ইস্ৰায়েলসকলে কেনেকৈ যিহোৱাক পৰীক্ষা কৰিলে আৰু ইয়াৰ পৰিণাম কি হʼল?

২০ সৰহভাগ খ্ৰীষ্টানে অনৈতিক কাৰ্য্যৰ ওপৰত বিজয়ী হʼব নোৱাৰে। তথাপিও, আমি সতৰ্ক হৈ থকা উচিত যে আমি গ্ৰহণ কৰা জীৱন-প্ৰণালীয়ে যেন ঈশ্বৰক অসন্তোষ্ট নকৰে। পাঁচনি পৌলে পৰামৰ্শ দি এইদৰে কৈছিল: “তেওঁবিলাকৰ কিছুমানে যেনেকৈ পৰীক্ষা কৰাত, সাপৰ দ্বাৰাই বিনষ্ট হল, তেনেকৈ আমি প্ৰভুৰ পৰীক্ষা নকৰোঁহঁক। আৰু তেওঁবিলাকৰ কিছুমানে যেনেকৈ গৰিহণা দিয়াত, তেওঁবিলাক সংহাৰকৰ দ্বাৰাই বিনষ্ট হল, তোমালোকে তেনেকৈ গৰিহণা নিদিবাহঁক।” (১ কৰিন্থীয়া ১০:৯, ১০) ইস্ৰায়েলসকলে, ঈশ্বৰে আচৰিত ৰূপে প্ৰবন্ধ কৰা মান্নাৰ বাবে মোচি, হাৰোণ আৰু স্বয়ং ঈশ্বৰৰ বিৰোদ্ধে আপত্তি কৰিছিল। (গণনা পুস্তক ১৬:৪১; ২১:৫) কি, যিহোৱাই তেওঁলোকৰ ব্যভিচাৰৰ কাৰ্য্যতকৈ আপত্তিজনক কাৰ্য্যত কম অসন্তুষ্ট হৈছিলনে? বাইবেলৰ বিবৰণীৰ পৰা জানিব পৰা যায় যে আপত্তি কৰোঁতাসকলৰ বহুতক সাপে দংশন কৰাৰ বাবে প্ৰাণ হেৰুৱাব লগীয়া হʼল। (গণনা পুস্তক ২১:৬) ইয়াৰ আগৰ বৃতান্তত কৈছে যে প্ৰায় ১৪, ৭০০ জন আপত্তিকাৰীক ধ্বংস কৰা হʼল। (গণনা পুস্তক ১৬:৪৯) গতিকে আঁহক আমি যিহোৱাৰ প্ৰৱন্ধসমূহক অনাদৰ কৰি তেওঁৰ ধৈৰ্য্যক যেন পৰীক্ষা নকৰোঁহঁক।

২১. (ক)পাঁচনি পৌলে নিজৰ পত্ৰত কেনেধৰণৰ উৎসাহিত পৰামৰ্শ আগবঢ়াইছিল? (খ) যাকোব ১:২৫ অনুসাৰে আমি কেনেকৈ প্ৰকৃততে আনন্দিত হʼব পাৰোঁ?

২১ পাঁচনি পৌলে তেওঁৰ সঙ্গী উপাসকললৈ লিখা সতৰ্কবাণীৰ পত্ৰখনত উৎসাহিত কৰি এইদৰে সামৰণি মাৰে: “তেওঁবিলাকলৈ আৰ্হিস্বৰূপে এইবোৰ ঘটিছিল; আৰু, শেষ যুগৰ মানুহ যি আমি, আমাক চেতনা দিবলৈ লিখা আছে। এই কাৰণে যি কোনোৱে থিৰে আছোঁ বুলি ভাবে, তেওঁ যেন নপৰে, তাৰ নিমিত্তে সাৱধান হওক।” (১ কৰিন্থীয়া ১০:১১, ১২) গতিকে ইস্ৰায়েলসকলৰ দৰে আমিও যিহোৱাৰ পৰা বহুতো আশীৰ্ব্বাদ প্ৰাপ্ত কৰিছোঁ। কিন্তু আমি তেওঁলোকৰ নিচিনা শুনি পাহৰি যোৱা শ্ৰোতা হৈ যিহোৱাৰ উত্তম প্ৰৱন্ধসমূহক অনাদৰ কৰা ব্যক্তি হোৱা উচিত নহয়। যেতিয়া জীৱনৰ সমস্যায়ে আমাক ঘেৰি ধৰে, তেতিয়া আহঁক আমি যিহোৱাৰ আচৰিত প্ৰতিজ্ঞাৰ বিষয়ে স্মৰণ কৰোঁহঁক। যিহোৱাৰ সৈতে থকা আমাৰ অটুট বন্ধনক নাপাহৰি আমি যেন নিয়মিতৰূপে ঈশ্বৰৰ ৰাজ্যৰ প্ৰচাৰ কাৰ্য্যত লাগি থাকোঁহঁক।। (মথি ২৪:১৪; ২৮:১৯, ২০) তেনেধৰণৰ পদক্ষেপে আমাক প্ৰকৃত আনন্দ দিব, কিয়নো বাইবেলে এইদৰে প্ৰতিজ্ঞা কৰিছে: “যি কোনোৱে স্বাধীনতাস্বৰূপ সিদ্ধ বিধানলৈ চাপৰি দৃষ্টি কৰে, আৰু চাই থাকে, আৰু শুনি পাহৰোঁতা নহৈ পালন কৰোঁতা হয়, তেওঁহে নিজ কাৰ্য্যত ধন্য হব।”—যাকোব ১:২৫. (w01 6/15)

আপুনি কেনেদৰে উত্তৰ দিব?

•কিহে আমাক শুনি পাহৰি যোৱা শ্ৰোতা ব্যক্তি কৰিব পাৰে?

•যিহোৱাৰ প্ৰতি কিয় সম্পূৰ্ণ আজ্ঞাকাৰীতা হোৱা আৱশ্যক?

•আমি কেনেকৈ ‘ব্যভিচাৰ পৰা পলাব’ পাৰোঁ?

•যিহোৱাই কৰা প্ৰবন্ধসমূহৰ প্ৰতি আমাৰ কেনে মনোবৃত্তি হোৱা উচিত?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[১১ পৃষ্ঠাৰ ছবি]

ইস্ৰায়েলসকলে যিহোৱাই তেওঁলোকৰ বাবে কৰা মহৎ কাৰ্য্যসমূহক পাহৰি গʼল

[১২ পৃষ্ঠাৰ ছবি]

যিহোৱাৰ সাক্ষীসকলে উচ্চ নৈতিকতা বজাই ৰাখিবলৈ দৃঢ় নিৰ্ণয় লৈছে