Skip to content

Skip to table of contents

আপোনাৰ বাবে কোনটো অধিক গুৰুত্বপূৰ্ণ, টকা-পইচা নে আপোনাৰ জীৱন?

আপোনাৰ বাবে কোনটো অধিক গুৰুত্বপূৰ্ণ, টকা-পইচা নে আপোনাৰ জীৱন?

আপোনাৰ বাবে কোনটো অধিক গুৰুত্বপূৰ্ণ, টকা-পইচা নে আপোনাৰ জীৱন?

আপুনি হয়তো কোনো ডকাইতে বন্দুক টোঁৱাই টকা-পইচা দাবী কৰি এইদৰে কোৱা শুনিছে: “টকা দিয়ক অন্যথা নিজৰ প্ৰাণ!” বৰ্তমান সময়ত যিসকল লোকে উন্নতিশীল দেশত বাস কৰিছে তেওঁলোকৰ বেছিভাগেই এনে পৰিস্থিতিৰ সন্মূখীন হবলগীয়া হয়। যিহেতু এই সময়ত কোনো ডকাইতে ধন দাবী কৰা নাই। ইয়াৰ বিপৰীতে সমাজত উচ্চ স্থান পাবলৈ লোকসকলক অধিক ধন-সম্পত্তি গোটোৱাৰহে আৱশ্যকতা হৈছে।

 এই ধৰণৰ প্ৰয়োজনীয়তাই এক নতুন বিষয় আৰু চিন্তাধাৰা উত্থাপন কৰে। ধনেৰে কিমান প্ৰৰ্য্যন্তলৈকে ভৌতিক বস্তু কিনিব পাৰি? আমি সীমিত বস্তুৰে জীৱন-যাপন কৰাটো অসম্ভৱনে? বাস্তৱতে লোকসকলে ভৌতিক বস্তুৰ বেদীত নিজৰ ‘প্ৰকৃত জীৱন’ আহুতি দিয়া নাইনে? টকা-পইচা আমাৰ সুখৰ প্ৰকৃত উৎস হয়নে?

অধিক ধন-সম্পত্তিয়ে মানুহক বলিয়া কৰে

বৰ্তমান সময়ত সকলোৱে ধন-সম্পত্তিৰ প্ৰতি অভিলাষ কৰাটো এটা সাধাৰণ কথা হৈ পৰিছে। তেওঁলোকে ভালেই হওঁক বা বেয়াই হওঁক যিকোনো প্ৰকাৰে ধন-সম্পত্তি লাভ কৰিবলৈ ইচ্ছা কৰে। আজি মানুহে যৌন আৰু খাদ্যতকৈ ধন-সম্পত্তিৰ প্ৰতি অধিক হেঁপাহ কৰাটো দেখা গৈছে। আনকি বৃদ্ধ অৱস্থাটো ধন-সম্পত্তিৰ প্ৰতি থকা অভিলাষৰ অন্ত নহয়। বহুতো ক্ষেত্ৰত দেখা গৈছে যে এজন ব্যক্তিৰ বয়স বাঢ়ি অহাৰ লগে লগে ধন-সম্পত্তিৰ প্ৰতি থকা অভিলাষো বাঢ়ি আহে অথবা ধনেৰে কি কিনিব, কি নিকিনিব তাৰ প্ৰতি বেছি চিন্তা কৰে।

আজিৰ সময়ত ধন-সম্পত্তিৰ প্ৰতি লোভো অধিক বৃদ্ধি হোৱা দেখা গৈছে। এখন প্ৰসিদ্ধ বোলছবিৰ অভিনেতাই এইদৰে কৈছিল: “ধন হৈছে উন্নতিৰ জখলা, সেইবাবে লোভ কৰাটো উত্তম।” যদিও বহুতে ১৯৮০ চনটোক লোভৰ যুগ বুলি উল্লেখ কৰিছিল, কিন্তু সেই বছৰটোৰ পূৰ্বেই আৰু পাছতো ধন-সম্পত্তিৰ প্ৰতি মানুহৰ প্ৰতিক্ৰিয়া অলপহে সলনি হোৱা দেখা গʼল।

ধন-সম্পত্তিৰ প্ৰতি এনে কি নতুন প্ৰতিক্ৰিয়া দেখা গʼল? সেইটো হৈছে মানুহে অধিক ধন-সম্পত্তি লাভ কৰাৰ সুযোগ বিচাৰিব ধৰিলে। গতিকে দেখা গʼল যে মানুহে তেওঁলোকৰ বেছিভাগ সময় অধিক ভৌতিক বস্তুসমূহৰ উৎপাদন আৰু তাক প্ৰাপ্ত কৰাৰ বাবে ধন খৰচ কৰে। আপুনি হয়তো সন্মত হʼব পাৰে যে বৰ্তমান সয়মত মানুহে কল্পনাপ্ৰিয় হৈ অধিক ধন-সম্পত্তি গোটোৱা আৰু ধন ব্যয় কৰাৰ প্ৰতি বেছি আগ্ৰহী।

কিন্তু প্ৰকৃততে তেওঁলোকে সুখীনে? এই প্ৰশ্নৰ উত্তৰ দি বুদ্ধিমান আৰু ধনৱান ৰজা চলোমনে তিনি হাজাৰ বছৰৰ পূৰ্বেই এইদৰে লিখিছিল: “যি মানুহে ৰূপ ভাল পায়, তেওঁ ৰূপত তৃপ্ত নহয়; নাইবা যি মানুহে অধিক ধন-সম্পত্তি ভাল পায়, সি আয়ত তৃপ্ত নহয়। ইও অসাৰ।” (উপদেশক ৫:১০) বৰ্তমান সময়ত সমাজ অধ্যয়নেও সেই একেইদৰে আগ্ৰহপূৰ্ণ মন্তব্য দিছে।

ধন আৰু সুখ

মনকৰিবলগীয়া বিষয় এই যে বৰ্তমান সময়ত ধন-সম্পত্তি একত্ৰিত কৰাৰ অভিলাষে আচলতে মানুহক কোনো সুখ আৰু সন্তুষ্টি প্ৰদান কৰিব পৰা নাই। বহুতো অনুসন্ধানৰ অনুসাৰে এইটো জানিব পৰা গৈছে যে যেতিয়া এজন ব্যক্তিয়ে ধন-সম্পত্তি লাভ কৰি এক নিৰ্দ্দিষ্ট সীমাত উপনীত হয়, তেতিয়া তেওঁ অনুভৱ কৰে যে সুখী হবলৈ হʼলে তেওঁৰ ওচৰত ইয়াতকৈ অধিক ধন-সম্পত্তিৰ আৱশ্যক।

এইদৰে অবাধ গতিত ধন-সম্পত্তিৰ অধিকাৰীয়ে বহুতকে অনিশ্চিত কৰি তুলিছে। তেওঁলোকে এইদৰে কয় যে, ‘আমি প্ৰত্যেকটো নতুন বস্তুক আনন্দ কৰিবৰ অৰ্থে কিনো; কিন্তু এই সকলোবোৰ কিনা আৰু প্ৰাপ্ত কৰা স্বত্ত্বেও আমি কিয় সন্তুষ্ট হৈ সুখী হʼব নোৱাৰোঁ?’

যোনাথন ফ্ৰিড্‌মেনে লিখা হেপ্পী পিপল’ নামৰ কিতাপখনে এইদৰে কৈছে: “এজনে উপাৰ্জন কৰি ধন সংগ্ৰহ কৰাৰ পাছতো তেওঁ সুখী হʼব নোৱাৰে। কিয়নো দৰিদ্ৰসীমাৰ ওপৰত আৰ্জন কৰা ধন আৰু সুখৰ মাজত অলপহে ব্যৱধান আছে।” কিন্তু কিছুমান লোকে জানিব পাৰিছে যে প্ৰকৃততে সুখী হʼবলৈ হʼলে এজন ব্যক্তিয়ে আধ্যাত্মিক, অৰ্থপূৰ্ণ আৰু নৈতিকভাৱে জীৱন-যাপন কৰা আৱশ্যক। তদুপৰি মানুহৰ সৈতে উত্তম সম্বন্ধ আৰু আমাৰ ওচৰত যি আছে তাতে সন্তুষ্ট হবলৈ অহা বাধাবোৰৰ পৰা আঁতৰি থকা প্ৰয়োজন।

বহুতে লক্ষ্য কৰিব পাৰিছে যে বৰ্তমান সময়ৰ সমাজত হোৱা সকলোবোৰ সমস্যাৰ মূল কাৰণ হৈছে সমাজৰ ভিতৰুৱা সমস্যাবোৰক ধন-সম্পত্তি অথবা ভৌতিক বস্তুৰে সমাধান কৰিবলৈ চেষ্টা কৰা। কিছুমান সমাজিক প্ৰবক্তাই নিৰাশবাদ আৰু অসন্তুষ্টতাৰ বিষয়ে সাধাৰণভাৱে প্ৰকাশ কৰি কয় যে, সমাজত থকা বেছিভাগ চহকী মানুহে, নিৰাশবাদ আৰু অসন্তুষ্টতাৰ পৰা হাত হাৰিবলৈ কোনো চিকিৎসকৰ ওচৰলৈ যায় নতুবা জীৱনৰ অৰ্থ আৰু মানসিক শান্তি বিচাৰি কোনো গুৰু অথবা সন্যাসীৰ কাষ চাপে। গতিকে ইয়াৰ পৰা স্পষ্টকৈ দেখা গৈছে যে জীৱনটোক অৰ্থপূৰ্ণ কৰি তুলাত ভৌতিক ধন-সম্পত্তিয়ে কোনো সফলতা আগবঢ়াব নোৱাৰে।

শক্তি আৰু শক্তিহীন ধন-সম্পত্তি

ধৰি লওঁক ধনত শক্তি আছে। ইয়াৰে আপুনি এটা ধুনীয়া ঘৰ, সুন্দৰ পোছাক আৰু আচবাব কিনিব পাৰে। তদুপৰি আপুনি ইয়াৰ দ্বাৰা মিছা প্ৰশংসা, সেৱাপৰায়ণ বা খোচামোদীও কিনিব পাৰে। ইয়াৰ ওপৰিও কিছুমান অস্থায়ী আৰু অনুগ্ৰহ দেখুৱা বন্ধু বনাব পাৰে। কিন্তু এই সকলোবিলাক আপোনাৰ সৈতে সিমান দিনলৈকেহে থাকিব যিমান দিনলৈকে আপোনাৰ ধন বা ভৌতিক সা-সম্পত্তি আছে। কিন্তু তথাপিও আমাৰ জীৱনৰ বাবে আৱশ্যক হোৱা এনে কিছুমান বস্তু আছে যিবোৰক ধন-সম্পত্তিৰে কিনিব নোৱাৰি। যেনে, এজন প্ৰকৃত বন্ধুৰ প্ৰেম, মানসিক শান্তি আৰু আপোনজনাৰ মৃত্যুৰ সময়ত পোৱা শান্ত্বনা। তদুপৰি যিসকলে সৃষ্টিকৰ্ত্তাৰ সৈতে তেওঁলোকৰ সম্বন্ধ বজাই ৰাখিব বিচাৰে, তেওঁলোকেও ধন-সম্পত্তিৰে ঈশ্বৰৰ অনুমোদন কিনিব নোৱাৰে।

উদাহৰণস্বৰূপে ৰজা চলোমনৰ কোনো বস্তুৰে অভাৱ নাছিল। কিন্তু তথাপিও তেওঁ স্বীকাৰ কৰিছিল যে ভৌতিক বস্তুসমূহে চিৰকলীয়া সুখ দিব নোৱাৰে। (উপদেশক ৫:১২-১৫) এটা বেঙ্ক দেৱলীয়া হোৱাৰ বাবে হয়তো ধন হেৰুৱাবলগীয়া হʼব পাৰে। এটা প্ৰচণ্ড ধুমুহাৰ ফলত সা-সম্পত্তি সম্পূৰ্ণকৈ নষ্ট হʼব পাৰে। বীমাই যদিও আপোনাৰ ভৌতিক সা-সম্পত্তিৰ ক্ষতিপূৰণ কৰিব পাৰে, কিন্তু মানসিক ক্ষতিবোৰৰ পূৰণ কৰিব নোৱাৰে। হয়তো এৰাতিৰ ভিতৰতে ষ্টক আৰু চুক্তিপত্ৰসমূহ অৰ্থহীন হৈ বিপুল পৰিমাণৰ ধন-সম্পত্তিৰ হানি হʼব পাৰে। তদুপৰি অধিক ধন আৰ্জন কৰিব পৰা চাকৰি আজি আছে কালিলৈ নহবও পাৰে।

তেতিয়াহʼলে আমি কেনেকৈ ধন-সম্পত্তিৰ প্ৰতি সঠিক মনোবৃত্তি ৰাখিব পাৰোঁ? ধন-সম্পত্তিয়ে আমাৰ জীৱনত কেনে ভূমিকা আদায় কৰা আৱশ্যক? অনুগ্ৰহ কৰি এই বিষয়টোৰ সম্পৰ্কে আগতীয়াকৈ বিবেচনা কৰক যাতে আপুনি এক বহুমূলীয়া বস্তু অৰ্থাৎ “প্ৰকৃত জীৱন” লাভ কৰিব পাৰে। (w01 6/15)

[৪ পৃষ্ঠাৰ ছবি]

ভৌতিক ধন-সম্পত্তিয়ে প্ৰকৃত সুখ দিব নোৱাৰে