“এজন বন্ধুৰ প্ৰহাৰ”
“এজন বন্ধুৰ প্ৰহাৰ”
পাঁচনি পৌলে গালাতীয়াত মণ্ডলীত থকা খ্ৰীষ্টানসকলক কিছু সংশোধন প্ৰদান কৰাৰ আৱশ্যকতাক চিনাক্ত কৰিব পাৰিছিল। সেয়েহে তেওঁ কোনো আক্ষেপ নকৰাকৈ এইদৰে সুধিছিল: “তেন্তে তোমালোকক সত্য কথা কোৱাত মই তোমালোকৰ শত্ৰু হলোঁ নে?”—গালাতীয়া ৪:১৬.
পৌলে ‘সত্য কথা কোৱাৰ’ বাবে শত্ৰু হোৱা নাছিল। আচলতে তেওঁ বাইবেলৰ সিদ্ধান্তৰ অনুসাৰে কাৰ্য্য কৰিছিল। কিয়নো বাইবেলত এইদৰে কোৱা হৈছিল: “বন্ধুৰ প্ৰহাৰ বিশ্বাসৰ যোগ্য।” (হিতোপদেশ ২৭:৬) তেওঁ নিশ্চয়ে জানিছিল যে ভুল কৰা ব্যক্তিসকলক যদি তেওঁ অনুশাসন দিয়াত অৱেহেলা কৰে, তেন্তে তেওঁলোকে যিহোৱাৰ প্ৰেমৰ পৰা আঁতৰি যাব। (ইব্ৰী ১২:৫-৭) সেইবাবে তেওঁৰ হৃদয়ে মণ্ডলীৰ দীৰ্ঘসময়ৰ লাভৰ বাবে ইচ্ছুক হৈ সংশোধন কৰিবলৈ পিছ পৰা নাছিল।
বৰ্তমান সময়ত যিহোৱাৰ সাক্ষীসকলে “সকলো জাতিকে শিষ্য কৰি, . . . [যীচুৱে দিয়া] যি যি আদেশ . . . সেই সকলোকে পালন কৰিবলৈ তেওঁবিলাকক শিক্ষা” দিয়া আজ্ঞাক পালন কৰিছে। এইদৰে কাৰ্য্য কৰি সৰল মনৰ খ্ৰীষ্টানসকলে বাইবেলৰ সত্যৰ যোগেদি ভুল ৰীতি-নীতি আৰু অখ্ৰীষ্টীয় কাৰ্য্যবোৰক প্ৰকাশ কৰাত কোনো অৱেহেলা কৰা নাই। (মথি ১৫:৯; ২৮:১৯, ২০; ১ কৰিন্থীয়া ৬:৯, ১০) তদুপৰি তেওঁলোকে লোকসকলৰ শত্ৰু হোৱাৰ বিপৰীতে সকলোৰে সৈতে বন্ধু হৈ পৰিছে।
সেই ঈশ্বৰীয় দীপ্তিৰ বিষয়ে গীতমালা লিখকে এইদৰে লিখিছিল: “ধাৰ্ম্মিক লোকে মোক প্ৰহাৰ কৰক, সেয়ে দয়াহে; আৰু তেওঁ মোক অনুযোগ কৰক, সেয়ে মোৰ মূৰত দিয়া তেলৰ নিচিনা হব; মোৰ মূৰে তাক অগ্ৰাহ্য নকৰক।”—গীতমালা ১৪১:৫. (w01 6/15)