Skip to content

Skip to table of contents

পাঠকসকলৰ প্ৰশ্ন

পাঠকসকলৰ প্ৰশ্ন

পাঠকসকলৰ প্ৰশ্ন

 যিহোৱাই প্ৰবন্ধ কৰা বলিদানৰ যোগেদি যে আমাৰ পাপ ক্ষমা কৰাৰ কথা মনত ৰাখি, খ্ৰীষ্টানসকলে কিয় মণ্ডলীৰ প্ৰাচীনসকলৰ আগত নিজৰ পাপ স্বীকাৰ কৰা আৱশ্যক?

ৰজা দায়ূদে বৎ-চেবাৰ সৈতে গম্ভীৰ পাপ কৰাৰ স্বত্ত্বেও তেওঁৰ পাপ ক্ষমা কৰা হৈছিল, কিয়নো দায়ূদে সম্পূৰ্ণ হৃদয়েৰে অনুতাপ কৰিছিল। যেতিয়া ভৱিষ্যতবক্তা নাথনে দায়ূদৰ ওচৰলৈ যোৱাত তেওঁ নিজৰ পাপক লুকাই নাৰাখিলে। আগলৈ, ইয়াৰ বিষয়ে তেওঁ এইদৰে কৈছিল: “মই যিহোৱাৰ বিৰুদ্ধে পাপ কৰিলোঁ।”—২ চমূৱেল ১২:১৩.

যিহেতু যিহোৱাই কেৱল সম্পূৰ্ণ হৃদয়েৰে অনুতাপ কৰোঁতাজনক গ্ৰহণ কৰে এনে নহয়, কিন্তু তেওঁৰ বাবে প্ৰেমময় সহায়ো আগবঢ়ায়, যাতে পাপ কৰোঁতাজনে আধ্যাত্মিকৰূপে সুস্থ হʼব পাৰে। ৰজা দায়ূদৰ সময়ত যিহোৱাই নাথনৰ যোগেদি তেওঁলৈ সহায় আগবঢ়াইছিল। বৰ্তমান সময়তো খ্ৰীষ্টান মণ্ডলীৰ প্ৰাচীনসকলে আধ্যাত্মিক সহায় আগবঢ়ায়। এই সম্পৰ্কে পাঁচনি যাকোবে এইদৰে লিখিছিল: “কোনোবা নৰিয়া পৰিছে নে? তেওঁ মণ্ডলীৰ বৃদ্ধলোকক মাতক; পাছে তেওঁবিলাকে প্ৰভুৰ নামেৰে তেওঁৰ গাত তেল ঘঁহি, তেওঁৰ কাৰণে প্ৰাৰ্থনা কৰক। তাতে বিশ্বাসমূলক প্ৰাৰ্থনাই সেই নৰিয়াজনক সুস্থ কৰিব, আৰু প্ৰভুৱে তেওঁক তুলিব; আৰু যদিও তেওঁ পাপ কৰিলে, তথাপি ক্ষমা কৰা যাব।”—যাকোব ৫:১৪, ১৫.

এজন অনুভৱী প্ৰাচীনে হৃদয়েৰে অনুতাপ কৰা পাপীজনক দুখ লঘু কৰিবলৈ অধিক সহায় কৰিব পাৰে। প্ৰাচীনসকলে যিহোৱাক অনুকৰণ কৰাৰ প্ৰচেষ্টা কৰি সেই পাপ কৰোঁতাজনলৈ সহায় আগবঢ়ায়। যদিও সেই ব্যক্তিজনক প্ৰাচীনসকলে দৃঢ় অনুশাসন দিবলগীয়া থাকিলেও, কেতিয়াও কঠোৰতাৰে আচৰণ নকৰে। ইয়াৰ বিপৰীতে তেওঁলোকে দয়াৱান হৈ সেই ব্যক্তিজনৰ কাৰ্য্যকাৰী আৱশ্যকতাসমূহৰ বিষয়ে বিবেচনা কৰে। তেওঁলোকে ধৈৰ্য্যশীল হৈ ঈশ্বৰৰ বাক্যৰ যোগেদি সেই ব্যক্তিজনে কৰা ভুল কাৰ্য্যক সংশোধন কৰিবলৈ চেষ্টা কৰে। (গালাতীয়া ৬:১) যদিও এজন ব্যক্তিয়ে স্বইচ্ছাৰে নিজৰ পাপ স্বীকাৰ নকৰে, তথাপিও প্ৰাচীনসকলে নাথনে দায়ূদৰ সৈতে কৰাৰ দৰে সেই ব্যক্তিজনৰ ওচৰলৈ গৈ তেওঁৰ পাপৰ বিষয়ে জনায় আৰু তেওঁক অনুতাপ কৰিবলৈ প্ৰেৰিত কৰিব পাৰে। প্ৰাচীনসকলে কৰা এনে সহায়ে সেই ব্যক্তিজনক পুনৰাই তেনে পাপ নকৰিবলৈ আৰু পাপৰ পৰিণাম অধিক বেয়ালৈ ধাল খোৱাৰ পৰা ৰক্ষা কৰে।—ইব্ৰী ১০:২৬-৩১.

এজন ব্যক্তিয়ে তেওঁ কৰা পাপ স্বীকাৰ কৰোৱাটো সহজ নহয়, কিয়নো তেওঁ হয়তো ক্ষমা বিচাৰিবলৈ লজ্জিত অনুভৱ কৰিব পাৰে। ইয়াৰ বাবে সাহসী হোৱা আৱশ্যক। উদাহৰণস্বৰূপে, এজন ব্যক্তিয়ে মণ্ডলীত থকা প্ৰাচীনৰ আগত নিজৰ গম্ভীৰ পাপ স্বীকাৰ কৰা বিফলতাৰ বিষয়ে এইদৰে কৈছিল: “মই এনে অনুভৱ কৰিছিলোঁ যে মোৰ হৃদয়ত হোৱা যন্ত্ৰণা কেতিয়াও দূৰ নহʼব। সেইবাবে মই প্ৰচাৰকাৰ্য্যত অধিকৈ ভাগ লৈছিলোঁ, কিন্তু মোৰ হৃদয়ে মোক তেতিয়াও দংশন কৰিছিল।” সেই ব্যক্তিজনে ভাবিছিল যে ঈশ্বৰৰ আগত নিজৰ পাপ স্বীকাৰ কৰাটোৱেই যথেষ্ট। কিন্তু আচলতে সিমানেই যথেষ্ট নাছিল, কিয়নো ৰজা দায়ূদৰ দৰে তেৱোঁ একেইদৰে অনুভৱ কৰিছিল। (গীতমালা ৫১:৮, ১১) এতেকে যিহোৱাই প্ৰবন্ধ কৰা প্ৰাচীন দ্বাৰা প্ৰেমময় সহায় গ্ৰহণ কৰাটো কিমান যে উত্তম! (w01 6/1)