Skip to content

Skip to table of contents

“যদি ঈশ্বৰ আমাৰ সপক্ষ হয়, তেন্তে আমাৰ বিপক্ষ কোন হব পাৰে?”

“যদি ঈশ্বৰ আমাৰ সপক্ষ হয়, তেন্তে আমাৰ বিপক্ষ কোন হব পাৰে?”

“যদি ঈশ্বৰ আমাৰ সপক্ষ হয়, তেন্তে আমাৰ বিপক্ষ কোন হব পাৰে?”

“তেন্তে এইবোৰ কথাত আমি কি কম? যদি ঈশ্বৰ আমাৰ সপক্ষ হয়, তেন্তে আমাৰ বিপক্ষ কোন হব পাৰে?”ৰোমীয়া ৮:৩১.

১. ইস্ৰায়েলজাতিয়ে মিচৰ দেশ ত্যাগ কৰাৰ সময়ত কোনসকলে তেওঁলোকৰ সৈতে যাত্ৰা কৰে আৰু আৰু কিহে তেওঁলোকক তেনে পদক্ষেপ লʼবলৈ উৎসাহিত কৰিলে?

 মিচৰ দেশত ইস্ৰায়েল জাতিয়ে ২১৫ বছৰ দাসত্বৰ বন্ধনত জীৱন কটোৱাৰ পাছত মুকলি হৈ নিজ দেশৰ অভিমুখে ৰাওনা হোৱাৰ সময়ত ‘নানা জাতিৰ লোকসমূহো’ মিচৰ দেশ ত্যাগ কৰি তেওঁলোকৰ সৈতে যাত্ৰা কৰে। (যাত্ৰাপুস্তক ১২:৩৮) এই নানা জাতিৰ লোকসমূহে, যিহোৱাই মিচৰৰ ওপৰত অনা দহোটা ক্লেশ দেখি অতি প্ৰভাৱিত হৈছিল। কিয়নো এই ক্লেশসমূহে স্পষ্টকৈ প্ৰমাণ কৰিছিল যে তেওঁলোকে উপাসনা কৰা দেৱতা মিছা আছিল। তদুপৰি, তেওঁলোকে যিহোৱাই নিজৰ লোকসকলক ক্লেশৰ পৰা ৰক্ষা কৰাও দেখিছিল। (যাত্ৰাপুস্তক ৮:২৩, ২৪) যদিও যিহোৱাৰ উদ্দেশ্যৰ বিষয়ে তেওঁলোকৰ সীমিত জ্ঞান আছিল তথাপিও তেওঁলোকে স্বীকাৰ কৰিছিল যে যিহোৱাই তেওঁৰ লোকসকলক মিচৰৰ পৰা উদ্ধাৰ কৰি নিজৰ শক্তিৰ বাহুল্যতাৰ প্ৰমাণ দিলে।

২. ৰাহাবে ইস্ৰায়েল জাতিৰ চোৰাংচোৱাক কিয় সমৰ্থন কৰিছিল আৰু তাই ইস্ৰায়েল জাতিৰ ঈশ্বৰৰ ওপৰত ৰাখা ভৰসা কিয় অথলে নগʼল?

মিচৰ দেশৰ পৰা ওলাই অহা চল্লিছ বছৰৰ পাছত, ইস্ৰায়েলজাতিয়ে প্ৰতিজ্ঞাত দেশত প্ৰৱেশ কৰা কিছু সময়ৰ পূৰ্বেই মোচিৰ পাছত তেওঁলোকক নেতৃত্ব কৰা যিহোচূৱাই সেই প্ৰতিজ্ঞাত দেশৰ সম্পৰ্কে সংবাদ লবলৈ দুজন চোৰাংচোৱা পঠিয়ালে। তাতে সেই দুজন চোৰাংচোৱাই যিৰীহো নগৰত ৰাহাব নামৰ এগৰাকী তিৰোতাক লগ পায়। সেই তিৰোতা গৰাকীয়ে, যিহোৱাই মিচৰ দেশৰ পৰা ইস্ৰায়েলজাতিক উদ্ধাৰ আৰু ৪০ বছৰ ধৰি তেওঁলোকৰ বাবে কৰা আচৰিত কৰ্ম্মসমূহৰ বিষয়ে শুনিছিল। এতেকে তাই জানিছিল যে যদি তাই সেই মহান ঈশ্বৰৰ আশীৰ্ব্বাদ লাভ কৰিব বিচাৰে, তেনেহʼলে তাই নিশ্চয়ে তেওঁৰ লোকসকলক সহায় আৰু সমৰ্থন কৰা আৱশ্যক। তাই এনে বুদ্ধিমানপূৰ্বক সিদ্ধান্ত লোৱাৰ বাবে যিহূদীসকলে যিৰীহো নগৰ ধ্বংস কৰি অধিকাৰ কৰা সময়ত তাই আৰু তাইৰ পৰিয়ালবৰ্গই ৰক্ষা পালে। কিয়নো যিহোৱাই আচৰিতৰূপে তাইক আৰু তাইৰ পৰিয়ালবৰ্গক ৰক্ষা কৰি এই কথাৰ প্ৰমাণ দিলে যে ঈশ্বৰ তেওঁলোকৰ সৈতে আছিল। ৰাহাবে ইস্ৰায়েল জাতিবিলাকৰ ঈশ্বৰৰ ওপৰত ৰাখা ভৰসা অথলে নগʼল।—যিহোচূৱা ২:১, ৯-১৩; ৬:১৫-১৭, ২৫.

৩. (ক)যীচুৱে পুনৰ নিৰ্ম্মাণ কৰা যিৰীহো নগৰৰ ওচৰত কেনেধৰণৰ আচৰিত কাৰ্য্য কৰিলে আৰু ইয়াকে দেখি যিহূদী ধৰ্ম্মগুৰুসকলে কেনেধৰণৰ প্ৰতিক্ৰিয়া দেখুৱাইছিল? (খ) পাছলৈ বহুতো যিহূদী আৰু অন্যজাতিৰ লোকে কি চিনাক্ত কৰিব পাৰিলে?

যিৰীহো নগৰ পুনৰ নিৰ্ম্মাণ কৰা পঞ্চাদশ শতাব্দীৰ পাছত, সেই নগৰৰ ওচৰত বাস কৰা এজন অন্ধ ভিক্ষুক ব্যক্তিক যীচুৱে আচৰিতেৰূপে আৰোগ্য কৰিছিল। (মাৰ্ক ১০:৪৬-৫২; লূক ১৮:৩৫-৪৩) কিয়নো সেই অন্ধ ব্যক্তিজনে জানিছিল যে ঈশ্বৰে যীচুক আচৰিত কৰ্ম্ম কৰিবলৈ সহায় কৰিছিল। সেয়েহে সেই অন্ধ ব্যক্তিজনে যীচুক তেওঁৰ প্ৰতি দয়া দেখুৱাবলৈ নিৱেদন কৰিছিল। আনহাতে যিহূদী ধৰ্ম্মগুৰু আৰু তেওঁলোকৰ অনুগামীসকলে যীচুৱে কৰা এই আচৰিত কাৰ্য্যক ঈশ্বৰৰ শক্তিৰ প্ৰমাণ বুলি স্বীকাৰ কৰিবলৈ অগ্ৰাহ্য কৰিলে। ইয়াৰ পৰিৱৰ্ত্তে তেওঁলোকে যীচুৱে কৰা কাৰ্য্যত ক্ৰুটি বিচাৰিবলৈ ধৰিলে। (মাৰ্ক ২:১৫, ১৬; ৩:১-৬; লূক ৭:৩১-৩৫) আনকি তেওঁলোকে যীচুক বধ কৰাৰ পাছতো ঈশ্বৰে তেওঁক যে পুনৰাই জীৱিত কৰিলে, ইয়াকো মানিবলৈ অস্বীকাৰ কৰিলে। তদুপৰি তেওঁলোকে যীচুৰ শিষ্যসকলৰ ওপৰত অত্যাচাৰ কৰিবলৈ আৰম্ভ কৰিলে আৰু তেওঁলোকৰ কাৰ্য্য অথাৎ “যীচুৰ নামত কৰা শুভবাৰ্ত্তাৰ কাৰ্য্যত” বাধা জন্মাবলৈ চেষ্টা কৰিলে। কিন্তু, পাছলৈ বহুতো যিহূদী আৰু অন্যজাতিৰ লোকে এই ঘটনাৰ ওপৰত বিশ্বাস কৰে আৰু সত্যৰ পথত চলিবলৈ নিৰ্ণয় লয়। আনহাতে ঈশ্বৰে সেই ধৰ্ম্মাভিমানী যিহূদী গুৰুসকলক ত্যাগ দিয়ে আৰু যীচুৰ নম্ৰ মনৰ শিষ্যসকলক নিজৰ সহায় প্ৰদান কৰে।—পাঁচনিৰ কৰ্ম্ম ১১:১৯-২১.

বৰ্তমান সময়ত ঈশ্বৰে কাক সহায় কৰিছে?

৪, ৫. (ক)কিছুমান লোকে ধৰ্ম্ম বাছনি কৰাৰ সম্পৰ্কে কেনে অনুভৱ কৰে? (খ) এটা সত্য ধৰ্ম্মক বিচাৰি পোৱাৰ সম্পৰ্কে কেনেধৰণৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন হয়?

এটা টিভি কাৰ্য্যক্ৰমত সত্য ধৰ্ম্মৰ ওপৰত ভিত্তি কৰি কৰা প্ৰশ্নৰ উত্তৰ দি এজন ধৰ্ম্মগুৰুৱে এইদৰে কয়: “মোৰ অনুসাৰে এটা ধৰ্ম্মক তেতিয়াহে সত্য বুলি কʼব পাৰি, যেতিয়া এজন ব্যক্তিয়ে সেই ধৰ্ম্মৰ অনুসাৰে জীৱন-যাপন কৰাৰ বাবে তেওঁৰ ব্যক্তিত্বত উন্নতি হয়।” সচাঁকৈ, সত্য ধৰ্ম্মই লোকসকলৰ জীৱন-প্ৰণালী উন্নতি কৰে। কিন্তু এটা ধৰ্ম্মই লোকসকলক উত্তম ব্যক্তি হিচাপে গঢ়ি তুলাতোৱে এই কথাৰ প্ৰমাণ দিয়ে নে যে সেই ধৰ্ম্মত ঈশ্বৰৰ হাত আছে? ই এটা সঁচাকৈ সত্য ধৰ্ম্মৰ পৰিচয় নে?

সকলোৰে ওচৰত ভাল আৰু বেয়া নিৰ্ণয় কৰা আৰু ধৰ্ম্মৰ বাছনি কৰাৰ ব্যক্তিগত অধিকাৰ আছে। কিন্তু এই ব্যক্তিগত অধিকাৰৰ দ্বাৰা যে এজনে সঠিক বাছনি কৰিব পাৰে, ইয়াৰ কোনো আশ্বাস নিদিয়ে। উদাহৰণস্বৰূপে, কিছুমানে ধৰ্ম্মত থকা লোকসকলৰ সংখ্যা, ধন-সম্পত্তি, অনুষ্ঠানিক সমাৰোহ বা তেওঁলোকৰ পৰিয়ালৰ বন্ধন দেখি ধৰ্ম্মৰ বাছনি কৰে। আচলতে ইয়াৰ কোনোটোৱে এটা ধৰ্ম্ম সত্য বা অসত্য ইয়াক নিশ্চিতভাৱে নিৰ্ণয় লʼবলৈ সহায় নকৰে। এই সন্দৰ্ভত উত্থাপন হোৱা এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন হৈছে: কোনটো ধৰ্ম্মই তাৰ অনুগামীসকলক ঈশ্বৰৰ ইচ্ছা পালন কৰিবলৈ শিকাই আৰু স্পষ্টকৈ প্ৰমাণ দিয়ে যে সেই ধৰ্ম্মত ঈশ্বৰীয় অনুমোদন আছে, যাতে তাৰ উপাসকসকলে দৃঢ়ভাৱে কʼব পাৰে “ঈশ্বৰ আমাৰ পক্ষে আছে”?

৬. সত্য আৰু মিছা ধৰ্ম্মক চিনি পোৱাৰ সম্পৰ্কে যীচুৱে কি কৈছিল?

যীচুৱে সত্য ধৰ্ম্ম আৰু মিছা ধৰ্ম্মৰ মাজত থকা পাৰ্থক্যতাক চিনাক্ত কৰা কাৰণ দৰ্শাই এইদৰে কৈছিল: “যিবোৰ ভাঁৰি-কোৱা ভাববাদীয়ে মেৰৰ বেশ ধৰি তোমালোকৰ ওচৰলৈ আহে; কিন্তু ভিতৰে গ্ৰাসকাৰী ৰাংকুকুৰ, সিহঁতলৈ সাৱধান হোৱা। সিহঁতৰ কৰ্ম্মফলৰ দ্বাৰাই তোমালোকে সিহঁতক চিনিবা।” (মথি ৭:১৫, ১৬; মলাখী ৩:১৮) সেইবাবে আহঁক আমি সত্য ধৰ্ম্মক চিনি পোৱাৰ কিছুমান “ফল” বা চিনাক্তকৰণ চিহ্নৰ বিষয়ে আলোচনা কৰোঁহঁক, যিয়ে আমাক কোনটো ধৰ্ম্মত ঈশ্বৰৰ অনুমোদন আছে তাক জানিবলৈ সহায় কৰিব।

ঈশ্বৰীয় অনুমোদন থকা ব্যক্তিসকলক চিনি পোৱাৰ চিনাক্তকৰণ চিহ্ন

৭. কেৱল বাইবেলৰ অনুসাৰে শিক্ষা দিয়াৰ অৰ্থ কি?

তেওঁলোকৰ শিক্ষাসমূহ বাইবেলৰ ওপৰত আধাৰিত। সেইবাবে যীচুৱেও কৈছিল: “এই উপদেশ মোৰ নিজৰ নহয়, মোক পঠোৱা জনাৰহে। যদি কোনোৱে তেওঁৰ ইচ্ছা পালন কৰিবলৈ মনস্থ কৰে, তেন্তে এই উপদেশ ঈশ্বৰৰ পৰা হয়, বা মই নিজৰ পৰা কওঁ, তেওঁ তাক জানিব।” তেওঁ এইদৰেও কৈছিল: “যি কোনো ঈশ্বৰৰ হয়, তেওঁ ঈশ্বৰৰ কথা শুনে।” (যোহন ৭:১৬, ১৭; ৮:৪৭) গতিকে ঈশ্বৰীয় অনুমোদন লাভ কৰিব হʼলে তেওঁলোকে নিশ্চয়ে মানুহৰ বুদ্ধি বা ৰীতি-নীতিৰ অনুসাৰে নহয়, কিন্তু কেৱল ঈশ্বৰৰ বাক্য অনুসাৰে শিক্ষা দিয়া উচিত।—যিচয়া ২৯:১৩; মথি ১৫:৩-৯; কলচীয়া ২:৮.

৮. উপাসনাত কিয় ঈশ্বৰৰ নাম ব্যৱহাৰ কৰা আৱশ্যক?

ঈশ্বৰৰ নাম যে যিহোৱা, তেওঁলোকে তেওঁৰ নামৰ বিষয়ে সকলোকে জনায়। এই বিষয়ে যিচয়া ভৱিষ্যতবক্তাই এইদৰে কৈছিল: “সেই দিনা তোমালোকে কবা, যিহোৱাৰ ধন্যবাদ কৰা, তেওঁৰ নাম লোৱা, আৰু জাতিবিলাকৰ মাজত তেওঁৰ কাৰ্য্যবোৰ প্ৰকাশ কৰা, তেওঁৰ নাম উন্নত বুলি কীৰ্ত্তন কৰা। যিহোৱাৰ উদ্দেশে গান কৰা, কিয়নো তেওঁ উত্তম কৰ্ম্ম কৰিলে; এয়ে সমস্ত পৃথিবীত জনাজাত হওক।” (যিচয়া ১২:৪, ৫) যীচুৱেও তেওঁৰ শিষ্যসকলক এইদৰে প্ৰাৰ্থনা কৰিবলৈ শিকাইছিল: “হে আমাৰ স্বৰ্গত থকা পিতৃ, তোমাৰ নাম পুজনীয় হওক।” (মথি ৬:৯) গতিকে যিহূদী বা অন্যজাতিয়েই নহওঁক কিয় খ্ৰীষ্টানসকলে ‘ঈশ্বৰৰ নামৰ লোক’ হৈ সেৱা সম্পন্ন কৰিছিল। (পাঁচনিৰ কৰ্ম্ম ১৫:১৪) সেইবাবে যিসকলে ‘ঈশ্বৰৰ নামৰ লোক’ হৈ গৌৰৱ কৰিছিল, তাত নিশ্চয়ে ঈশ্বৰে আনন্দিত হৈছিল।

৯. (ক)সত্য ধৰ্ম্মৰ অনুগামীসকলে আনন্দিত হোৱাৰ বৈশিষ্ট্যপূৰ্ণ কাৰণ কি? (খ) মিছা ধৰ্ম্মৰ বিপৰীতে সত্য ধৰ্ম্মৰ লোকসকলৰ অৱস্থাৰ বিষয়ে যিচয়া ভৱিষ্যতবক্তাই কেনেকৈ বৰ্ণনা কৰিছে?

তেওঁলোকে ঈশ্বৰৰ আনন্দময় ব্যক্তিত্বক প্ৰতিফলিত কৰে। “শুভবাৰ্ত্তাৰ” লিখক হোৱা হেতুকে যিহোৱা হৈছে ‘আনন্দময় ঈশ্বৰ।’ (১ তীমথিয় ১:১১) এতেকে তেওঁক উপাসনা কৰা ব্যক্তিসকলে কেনেকৈ নিৰুসাহিত বা অশান্তিত থাকিব পাৰে? প্ৰকৃত খ্ৰীষ্টানসকলে সমস্যা আৰু ক্লেশত থকা স্বত্ত্বেও নিজৰ আনন্দক বজাই ৰাখে কিয়নো তেওঁলোকে নিয়মিতৰূপে আধ্যাত্মিক ভোজৰ আনন্দ লাভ কৰিছে। মিছা ধৰ্ম্মৰ উপাসনা কৰা লোকসকলৰ বিপৰীতে এইদৰে কৈছিল: “এই হেতুকে প্ৰভু যিহোৱাই এই কথা কৈছে, চোৱা, মোৰ দাসবিলাকে হলে ভোজন কৰিব, কিন্তু তোমালোক ভোকত আতুৰ হবা; চোৱা, মোৰ দাসবিলাকে হলে পান কৰিব, কিন্তু তোমালোক পিয়াহত আতুৰ হবা; ‘চোৱা, মোৰ দাসবিলাকে হলে মনত আনন্দ কৰিব, কিন্তু তোমালোকে লাজ পাবা; চোৱা, মোৰ দাসবিলাকে হলে মনৰ সুখত আনন্দ-গান কৰিব, কিন্তু তোমালোকে মনৰ দুখত কাতৰোক্তি কৰিবা, আৰু মন ভগ্ন হোৱাৰ কাৰণে হাহাকাৰ কৰিবা।”—যিচয়া ৬৫:১৩, ১৪.

১০. সত্য ধৰ্ম্মত চলা লোকসকলে কেনেকৈ জগতৰ জ্ঞান লোৱাৰ পৰা আতঁৰি থাকে?

১০ তেওঁলোকৰ আচাৰ-ব্যৱহাৰ আৰু নিৰ্ণয় বাইবেলৰ ওপৰত আধাৰিত। যিহেতু বাইবেলে কৈছে যে “তুমি সমস্ত মনেৰে সৈতে যিহোৱাত ভাৰসা কৰা; তোমাৰ নিজ বিবেচনাত তুমি নিৰ্ভৰ নকৰিবা। তোমাৰ সকলো কাৰ্য্যত তেওঁক স্বীকাৰ কৰা; তাতে তেওঁ তোমাৰ পথবোৰ সমান কৰিব।” (হিতোপদেশ ৩:৫, ৬) ঈশ্বৰে এনেলোকক নিজৰ শক্তি প্ৰদান কৰে যিসকলে মানুহৰ সিদ্ধান্তত নহয়, কিন্তু ঈশ্বৰত ভৰসা ৰাখে। যেনেকৈ এজন ব্যক্তিয়ে ঈশ্বৰৰ বাক্যৰ অনুসাৰে জীৱন-যাপন কৰিবলৈ আগ্ৰহী হʼব, তেওঁ জগতৰ জ্ঞান লোৱাৰ পৰাও আঁতৰি থাকিব।—গীতমালা ১১৯:৩৩; ১ কৰিন্থীয়া ১:১৯-২১

১১. (ক)প্ৰকৃত খ্ৰীষ্টান সদস্যসকলে কিয় ধৰ্ম্মগুৰু আৰু পৰিচাৰক বৰ্গৰ দৰে উচ্চ উপাধি গ্ৰহণ নকৰে? (খ) তেওঁলোকে নিজ জাকৰ বাবে কেনেধৰণৰ আৰ্হি প্ৰস্তুত কৰে?

১১ তেওঁলোক প্ৰথম শতাব্দীৰ খ্ৰীষ্টান মণ্ডলীৰ দৰে সংগঠিত। এই সন্দৰ্ভত যীচুৱে এক সিদ্ধান্তৰ বিষয়ে উল্লেখ কৰি কৈছিল: “কিন্তু তোমালোকে হলে, ৰব্বি বুলি মতা নহবা; কিয়নো এজনা তোমালোকৰ গুৰু আছে, আৰু তোমালোক সকলো ভাই ভাই। পৃথিবীত কাকো পিতৃ বুলি নামাতিবা; কিয়নো এজনা, অৰ্থাৎ স্বৰ্গত থকা জনাই তোমালোকৰ পিতৃ। আৰু তোমালোক আচাৰ্য্য বুলি মতা নহবা; কিয়নো এজনা, অৰ্থাৎ খ্ৰীষ্টই তোমালোকৰ আচাৰ্য্য। কিন্তু তোমালোকৰ মাজত যি জন শ্ৰেষ্ঠ, তেওঁ তোমালোকৰ পৰিচাৰক হব।” (মথি ২৩:৮-১১) গতিকে মণ্ডলীৰ ভাইসকলে অহঙ্কাৰী ধৰ্ম্মগুৰুবিলাকৰ দৰে কোনো পদ গ্ৰহণ নকৰে অথবা তেওঁলোকে নিজকে কোনো পৰিচাৰক বুলি উচ্চ ওপাধি বা স্থানো গ্ৰহণ নকৰে। (ইয়োব ৩২:২১, ২২) যিসকলে ঈশ্বৰৰ জাকক প্ৰতিপালন কৰে তেওঁলোকক কোৱা হৈছিল যে “তোমালোকৰ লগত ঈশ্বৰৰ যি জাক আছে, তাক প্ৰতিপালন কৰা; আৱশ্যকতাৰ কাৰণে নহয়, কিন্তু ইচ্ছাৰে, ঈশ্বৰৰ দৰে; কুচ্ছিত লাভৰ অৰ্থেও নহয় কিন্তু সন্তুষ্ট মনেৰে; আৰু তোমালোকৰ নিৰূপিত অধিকাৰৰ ওপৰত প্ৰভুত্ব নকৰি, জাকৰ আৰ্হি হৈ, তাৰ তত্ত্বাৱধান কৰা।” (১ পিতৰ ৫:২, ৩) প্ৰকৃত খ্ৰীষ্টান ৰখীয়াসকলে আনৰ বিশ্বাসৰ ওপৰত প্ৰভুত্ব হোৱাৰ পৰা বিৰত থাকে। তেওঁলোকে নিজকে যিহোৱাৰ সেৱাত সহকৰ্ম্মী হৈ উত্তম আৰ্হি প্ৰস্তুত কৰিবলৈ চেষ্টা কৰে। (২ কৰিন্থীয়া ১:২৪)

১২. যিসকলে ঈশ্বৰৰ অনুমোদন লাভ কৰিব বিচাৰে, তেওঁলোকক মানৱ অধিকাৰীসকলৰ প্ৰতি ভাৰসাম্য বজাই ৰাখিবলৈ ঈশ্বৰে কেনে আগ্ৰহ কৰিছে?

১২ তেওঁলোকে অধিকাৰীসকলৰ অধিনত থাকে আৰু নিৰপেক্ষতা বজাই ৰাখে। যিজনে “প্ৰধান অধিকাৰীৰ অধিনত” থাকিবলৈ বিফল হয়, তেওঁলোকে ঈশ্বৰীয় শক্তি লাভ কৰিব নোৱাৰে। কিয়? কিয়নো “সেইবোৰ ঈশ্বৰৰ দ্বাৰা নিৰূপিত। এতেকে যিবিলাকে প্ৰতিৰোধ কৰে, তেওঁবিলাকে নিজেই নিজলৈ দণ্ডজ্ঞা আনে।” (ৰোমীয়া ১৩:১, ২) যীচুৱে জানিছিল যে অধিকাৰীসকলক প্ৰতিৰোধ কৰাৰ অৰ্থ ঈশ্বৰক বিৰোধ কৰা। সেয়েহে তেওঁ এইদৰে কৈছিল: “যি কৈচৰৰ তাক কৈচৰক দিয়া; আৰু যি ঈশ্বৰৰ, তাক ঈশ্বৰক দিয়া” (মাৰ্ক ১২:১৭) যিসকলে ঈশ্বৰীয় অনুমোদন পাবলৈ ইচ্ছা কৰে তেওঁলোকে “প্ৰথমে [ঈশ্বৰৰ] ৰাজ্য আৰু ধাৰ্ম্মিকতা বিচৰা” আৱশ্যক। একেই সময়ত দেশৰ আইন আৰু ঈশ্বৰৰ দায়িত্বসমূহক বহন কৰা উচ্চ অধিকাৰীসকলৰ অধীনস্থও হোৱা প্ৰয়োজন। (মথি ৬:৩৩; পাঁচনিৰ কৰ্ম্ম ৫:২৯) যীচুৱে শিষ্যসকলৰ নিৰপেক্ষতা বজাই ৰখাৰ বিষয়ে জোৰ দি এইদৰে কৈছিল: “মই যেনেকৈ জগতৰ নহওঁ, তেওঁবিলাকো তেনেকৈ জগতৰ নহয়।” আগলৈ তেওঁ এইদৰে কৈছিল: “মোৰ ৰাজ্য এই জগতৰ নহয়।”—যোহন ১৭:১৬; ১৮:৩৬.

১৩. ঈশ্বৰৰ লোকসকলৰ চিনাক্তকৰণ চিহ্ন হিচাপে প্ৰেমে কেনে মুখ্য ভূমিকা আদায় কৰে?

১৩ তেওঁলোকে নিস্বাৰ্থৰে ‘সকলোলৈ হিতজনক কৰ্ম্ম’ কৰে। (গালাতীয়া ৬:১০) খ্ৰীষ্টানসকলে সকলো প্ৰকাৰৰ জাতি, ভাষা, কʼলা-বগা বা যিমানেই শিক্ষিত অথবা অশিক্ষিত নহওঁক কিয় সকলোকে নিস্বাৰ্থতাৰে প্ৰেম কৰে। তেওঁলোকৰ সকলোৰে আৰু বিশেষকৈ যিসকলে তেওঁলোকৰ বিশ্বাসৰ সৈতে এক, তেওঁলোকৰ প্ৰতি হিতজনক কৰ্ম্ম কৰি যিহোৱাৰ অনুমোদনৰ প্ৰমাণ দিয়ে। সেইবাবে যীচুৱে কৈছিল: “তোমালোকে যদি পৰস্পৰৰ মাজত প্ৰেম ৰাখা, তেন্তে তোমালোক যে মোৰ শিষ্য, ইয়াক তাৰ দ্বাৰাই সকলোৱে জানিব।”—যোহন ১৩:৩৫; পাঁচনিৰ কৰ্ম্ম ১০:৩৪, ৩৫.

১৪. যিসকলৰ ওপৰত ঈশ্বৰৰ অনুমোদন আছে, তেওঁলোকক জগতে গ্ৰহণ কৰিব বুলি আশা কৰাটো সঠিক হʼবনে? বৰ্ণনা কৰক।

১৪ তেওঁলোকে ঈশ্বৰ উদ্দেশ্যক পূৰ্ণ কৰিবলৈ যিকোনো পৰীক্ষাৰ সন্মূখীন হবলৈ পিছ নুহুঁকে। এই বিষয়ে যীচুৱে তেওঁৰ শিষ্যসকলক আগতীয়াকৈ সতৰ্ক কৰি এইদৰে কৈছিল: “তেওঁবিলাকে যদি মোকেই তাড়না কৰিলে, তেন্তে তোমালোককো তাড়না কৰিব।” (যোহন ১৫:২০; মথি ৫:১১, ১২; ২ তীমথিয় ৩:১২) প্ৰাচীন সময়ত যিসকলে ঈশ্বৰৰ অনুমোদন পাইছিল, তেওঁলোকক সদায়ে সমাজৰ অপ্ৰিয় বুলি দৃষ্টি কৰা হৈছিল। উদাহৰণস্বৰূপে, নোহৰ বিষয়ে বিবেচনা কৰক। তেৱোঁ লোকসকলৰ বাবে অপ্ৰিয় আছিল, কিন্তু নিজৰ বিশ্বাসৰ দ্বাৰা গোটেই জগতক দোষী কৰিলে। (ইব্ৰী ১১:৭) একেইদৰে বৰ্তমান সময়তো যিসকলে ঈশ্বৰৰৰ অনুমোদন লাভ কৰিব বিচাৰে তেওঁলোকে তাড়নাৰ ভয়ত ঈশ্বৰৰ বাক্যৰ সিদ্ধান্তসমূহক পালন কৰাত পিছ নুহুঁকিব। কিয়নো তেওঁলোকে ভালদৰে জানে যে যেতিয়ালৈকে তেওঁলোকে ঈশ্বৰৰ প্ৰতি বিশ্বাসী হৈ থাকিব, লোকসকলে তেওঁবিলাকক “নিন্দা আৰু বিৰোদ্ধে কথা” পাতিব।—১ পিতৰ ২:১২; ৩:১৬; ৪:৪.

প্ৰমাণসমূহক পৰীক্ষা কৰাৰ সময়

১৫, ১৬. (ক)ঈশ্বৰৰ অনুমোদন লাভ কৰা সত্য ধৰ্ম্মক চিনি পাবলৈ কেনেধৰণৰ প্ৰশ্নসমূহে আমাক সহায় কৰে? (খ) বৰ্তমান সময়ত লাখ লাখ লোকে কেনে সিদ্ধান্তত উপনীত হৈছে আৰু কিয়?

১৫ নিজকে সুধক: ‘কোনটো ধৰ্ম্মৰ শিক্ষা, বিশ্বাস আন ধৰ্ম্মতকৈ ভিন্ন আৰু তাৰ লোকসমূহে ঈশ্বৰৰ বাক্যক নিবিড়ভাৱে পালন কৰে? কোনসকলে ঈশ্বৰৰ ব্যক্তিগত নামৰ ওপৰত অধিক গুৰুত্ব দিয়ে আৰু নিজেও সেই নামক নিজৰ চিনাক্তকৰণ চিহ্ন হিচাপে ব্যৱহাৰ কৰে? কোনসকলে আশাবাদী হৈ কয় যে ঈশ্বৰৰ ৰাজ্যইহে কেৱল মানৱজাতিৰ সমস্যাৰ সমাধান কৰিব? জগতৰ লোকসকলে বাইবেলৰ সিদ্ধান্তসমূহক পুৰণি বুলি দৃষ্টি কৰাৰ স্বত্ত্বেও কোনসকলে বাইবেলৰ সিদ্ধান্ত অনুসাৰে জীৱন-যাপন কৰে? কোনটো ধৰ্ম্মৰ লোকসমূহৰ সকলোৱে প্ৰচাৰক, কিন্তু তেওঁলোকৰ মাজত কোনো ধৰ্ম্মগুৰু নাই? কোন ধৰ্ম্মৰ লোকসকলক, যদিও তেওঁলোকে ৰাজনৈতিক কাৰ্য্যত কোনো অংশ গ্ৰহণ নকৰে তথাপিও তেওঁলোকক আইন-শৃংখলতা বজাই ৰখা এক উত্তম নাগৰিক বুলি কোৱা হয়? কোন ধৰ্ম্মৰ লোকসকলে স্বইচ্ছাৰে নিজৰ ধন আৰু সময় ব্যয় কৰি আনক ঈশ্বৰৰ বিষয়ে শিকাত সহায় কৰিছে? এই সকলোবোৰ সঠিক কাৰ্য্য কৰাৰ পাছতো কোনসকলে আজিও ঘৃণা, ঠাট্টা আৰু অত্যাচাৰৰ সন্মূখীন হবলগীয়া হৈছে?’

১৬ গোটেই বিশ্বত আজি লাখ লাখ লোকে এই সত্যতাৰ ওপৰত বিবেচনা কৰি, স্বীকাৰ কৰিছে যে কেৱল যিহোৱাৰ সাক্ষীসকলৰহে ধৰ্ম্ম সত্য। তেওঁলোকে কেনেকৈ এই সিদ্ধান্তত উপনীত হʼল? কিয়নো তেওঁলোকে যিহোৱাৰ সাক্ষীসকলৰ শিক্ষা, আচাৰ-ব্যৱহাৰ আৰু সত্য ধৰ্ম্মৰ ফলত হোৱা ভাল পৰিণামসমূহক লক্ষ্য কৰিহে এনে সিদ্ধান্তত উপনীত হʼল। (যিচয়া ৪৮:১৭) সেয়েহে আজি লাখ লাখ লোকে যিহোৱাৰ সাক্ষীসকলক বাইবেলৰ ভৱিষ্যতবাণী জখৰিয়া ৮:২৩ পদত উল্লেখ কৰা অনুসাৰে এইদৰে কৈছে: “আমি তোমালোকৰ লগত যাম; কিয়নো আমি শুনিছোঁ, ঈশ্বৰ তোমালোকৰ লগত আছে।”

১৭. যিহোৱাৰ সাক্ষীসকলৰ ওচৰতহে কেৱল যিহোৱাৰ অনুমোদন আছে বুলি কোৱাটো কিয় ভুল নহʼব?

১৭ এইটো কোৱা ভুল হবনে যে কেৱল যিহোৱাৰ সাক্ষীসকলৰ ওচৰতে ঈশ্বৰৰ অনুমোদন আছে? অৱশ্যেই নহয়, তেওঁলোকেও মিচৰ দেশত থকা ইস্ৰায়েলৰসকল অথবা প্ৰাৰম্ভিক খ্ৰীষ্টানসকলৰ দৰে একেইদৰে দাবী কৰি কৈছিল যে তেওঁলোকৰ ওচৰত যিহোৱাৰ অনুমোদন আছে। তদুপৰি ঘটনাসমূহে প্ৰমাণ কৰিছে যে তেওঁলোকে যি দাবী কৰিছে সেয়া প্ৰকৃততে সত্য। বৰ্তমান সময়ত যিহোৱাৰ সাক্ষীসকলে প্ৰায় ২৩৫ খন দেশত প্ৰচাৰকাৰ্য্য সম্পন্ন কৰিছে। এই সন্দৰ্ভত যীচুৱে তেওঁৰ প্ৰকৃত শিষ্যসকলে শেষকালত কৰিবলগীয়া কাৰ্য্যৰ বিষয়ে এইদৰে ভৱিষ্যতবাণী কৰিছিল: “সকলো জাতিলৈ সাক্ষ্য হবলৈ, ৰাজ্যৰ এই শুভবাৰ্ত্তা গোটেই জগততে ঘোষণা কৰা হব; তেতিয়াহে শেষ হব।”—মথি ২৪:১৪.

১৮, ১৯. (ক)যিহোৱাৰ সাক্ষীসকলে কৰা প্ৰচাৰ কাৰ্য্যক বন্ধ কৰিবলৈ কিয় কোনো বিৰোধ বা অত্যাচাৰে সফল নহʼব? (খ) গীতমালা ৪১:১১ পদে কেনেকৈ সমৰ্থন কৰিছে যে যিহোৱাৰ সাক্ষীসকলৰ ওচৰত ঈশ্বৰৰ অনুমোদন আছে?

১৮ যিহোৱাৰ সাক্ষীসকলে বিৰোধ বা অত্যাচাৰৰ সন্মূখীন হোৱাৰ স্বত্ত্বেও একেৰাহে এই কাৰ্য্য কৰি থাকিব। যিহোৱাৰ এই কাৰ্য্য নিশ্চয় সম্পন্ন হোৱা উচিত। প্ৰাচীন সময়ত যিসকলে যিহোৱাৰ সাক্ষীসকলে কৰা ঈশ্বৰৰ কাৰ্য্যক বাধা দিবলৈ চেষ্টা কৰিছিল তেওঁলোকে অৱশেষত বিফল হৈছিল। কিয়নো যিহোৱাই প্ৰতিজ্ঞা কৰি কৈছিল: “তোমাৰ বিৰুদ্ধে গঢ়া কোনো অস্ত্ৰ সাৰ্থক নহব, আৰু যি জিবা বিচাৰত তোমাৰ বিৰুদ্ধে উঠিব, তাক তুমি দোষী কৰিবা; যিহোৱাৰ দাসবিলাকৰ এয়ে আধিপত্য, আৰু মোৰ পৰা পোৱা তেওঁবিলাকৰ ধাৰ্ম্মিকতা এই কথা যিহোৱাই কৈছে।”—যিচয়া ৫৪:১৭.

১৯ সেইবাবে যিহোৱাৰ সাক্ষীসকলে তাড়না, অত্যাচাৰৰ সন্মূখীন হোৱাৰ স্বত্ত্বেও আগতকৈ অধিক বলৱান আৰু সক্ৰিয় হৈ যিহোৱাৰ কাৰ্য্য কৰি এই কথাৰ প্ৰমাণ দিছে যে তেওঁলোকে যি কৰিছে তাত ঈশ্বৰে নিশ্চয়ে আনন্দিত হৈছে। এই সন্দৰ্ভত ৰজা দায়ুদে এইদৰে কৈছিল: “মোৰ শত্ৰুৱে মোৰ ওপৰত জয়-ধ্বনি কৰিবলৈ নোপোৱাৰ দ্বাৰাই মই জানিছোঁ, যে, তুমি মোত সন্তোষ পাইছা।” (গীতমালা ৪১:১১; ৫৬:৯, ১১) ভৱিষ্যতেও যিহোৱাৰ শত্ৰুসকলে তেওঁৰ লোকসকলৰ ওপৰত কেতিয়াও জয়লাভ কৰিব নোৱাৰিব! কিয়নো তেওঁলোকৰ পক্ষে তেওঁলোকৰ নেতা অৰ্থাৎ যীচু থিয় হৈ আছে। (w01 6/1)

আপুনি উত্তৰ দিব পাৰিবনে?

•প্ৰাচীনকালত লোকসকলে ঈশ্বৰৰ সহায় লাভ কৰাৰ কি কি উদাহৰণ আছে?

•সত্য ধৰ্ম্মক চিনি পোৱাৰ কিছুমান চিহ্ন কি?

•আপুনি ব্যক্তিগতভাৱে কিয় স্বীকাৰ কৰিছে যে যিহোৱাৰ সাক্ষীসকলক ঈশ্বৰে সহায় কৰিছে?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[২১ পৃষ্ঠাৰ ছবি]

যিসকলে ঈশ্বৰৰ অনুমোদন পাবলৈ ইচ্ছা কৰে, তেওঁলোকৰ শিক্ষা ঈশ্বৰৰ বাক্যৰ ওপৰত আধাৰিত হোৱা উচিত

[২৩ পৃষ্ঠাৰ ছবি]

খ্ৰীষ্টান প্ৰাচীনসকলে নিজ জাকৰ বাবে উত্তম আৰ্হি প্ৰস্তুত কৰে