Skip to content

Skip to table of contents

শেষবাৰৰ বাবে বিজয়ী হ’বলৈ আগবঢ়া!

শেষবাৰৰ বাবে বিজয়ী হ’বলৈ আগবঢ়া!

শেষবাৰৰ বাবে বিজয়ী হʼবলৈ আগবঢ়া!

“তেতিয়া মই চাই এটা বগা ঘোঁৰা দেখিলোঁ, আৰু তাৰ ওপৰত উঠা জনাৰ হাতত ধনু আছিল; আৰু তেওঁক এটা কিৰীটি দিয়া হল; তাতে তেওঁ জয় কৰি কৰি, আৰু জয় কৰিবলৈ ওলাই গল।”প্ৰকাশিত বাক্য ৬:২.

১. পাঁচনি যোহনে দৰ্শনত অদূৰ ভৱিষ্যতে ঘটিবলগীয়া কেনেধৰণৰ ঘটনাৰ বিষয়ে জানিব পাৰিলে?

 ঈশ্বৰৰ দ্বাৰা প্ৰেৰিত হোৱাৰ বাবে পাঁচনি যোহনে অদূৰ ভৱিষ্যতে অৰ্থাৎ ১, ৮০০ বছৰৰ পাছত যীচু যে ৰজা নিযুক্ত হʼব এই বিষয়ে জানিব পাৰিলে। তেওঁ দেখা দৰ্শনৰ বিষয়ে বুজিবলৈ, তেওঁক বিশ্বাসৰ আৱশ্যক আছিল। বৰ্তমান সময়ত আমি জানিব পাৰিলোঁ যে পাঁচনি যোহনে দেখা সেই দৰ্শন ১৯১৪ চনত পূৰ্ণ হʼল। আমি আমাৰ বিশ্বাসৰ দ্বাৰা জানিব পাৰিছোঁ যে “তেওঁ জয় কৰি কৰি, আৰু জয় কৰিবলৈ ওলাই গল।”

২. স্বৰ্গত ৰাজ্য স্থাপন হোৱাত চয়তানে কেনে প্ৰতিক্ৰিয়া দেখুৱালে আৰু ই কিহৰ প্ৰমাণ দিছে?

স্বৰ্গত যেতিয়া ৰাজ্য স্থাপিত হʼল তেতিয়া চয়তানক তাৰ পৰা বহিষ্কাৰ কৰা হʼল। সেয়েহে তাৰ কাল অলপ দেখি সি অধিক ক্ৰুদ্ধিত হৈছে কিয়নো চয়তানে যিমান চেষ্টা কৰিও তাৰ পৰিস্থিতি সলনি কৰিব নোৱাৰে। (প্ৰকাশিত বাক্য ১২:৭-১২) গতিকে, সি জগতৰ পৰিস্থিতিক আগতকৈ অধিক বেয়ালৈ পৰিণত কৰিলে। লাহে লাহে মানৱ সমাজৰ পতন হৈছে। কিন্তু যিহোৱাৰ সাক্ষীসকলে তেওঁলোকৰ নিযুক্ত ৰজাই যে “জয় কৰিবলৈ ওলাই গল,” তাৰ স্পষ্টকৈ প্ৰমাণ দেখিবলৈ পাইছে।

এক নতুন সমাজৰ গঠন

৩, ৪. (ক)ৰাজ্য স্থাপিত হোৱাৰ পৰা খ্ৰীষ্টান মণ্ডলীসমূহত কেনেধৰণৰ সাল-সলনি কৰা হʼল আৰু তাৰ কিয় আৱশ্যক আছিল? (খ) যিচয়া ভৱিষ্যতবাণীত কোৱাৰ অনুসাৰে এই সাল-সলনি কেনে লাভজনক হʼল?

স্বৰ্গত ৰাজ্য স্থাপিত হোৱাৰ লগে লগে খ্ৰীষ্টান মণ্ডলী পুনৰ সংগঠনৰ সৈতে ৰাজ্যৰ কাৰ্য্যসমূহৰো বৃদ্ধি কৰা দায়িত্ব আহি পৰিল। এইটো ঠিক সেইদৰে যিদৰে প্ৰথম শতাব্দীৰ খ্ৰীষ্টানসকলে কৰিছিল। সেইবাবে ১৯৩৮ চনত প্ৰকাশ পোৱা ১ জুন আৰু ১৫ জুনৰ প্ৰহৰীদুৰ্গʼৰ লেখত উল্লেখ কৰিছিল যে কেনেকৈ খ্ৰীষ্টান সংগঠনে কাৰ্য্য কৰা উচিত। পাছলৈ ডিচেম্বৰ ১৫, ১৯৭১ চনৰ প্ৰহৰীদুৰ্গʼত উল্লেখ কৰা “প্ৰশাসন গোষ্ঠী আইনগত নিগমৰ পৰা কেনেকৈ ভিন্ন,” নামৰ লেখত আধুনিক সময়ৰ প্ৰশাসন গোষ্ঠীৰ সম্পৰ্কে অধিক স্পষ্টকৈ বুজাই দিয়া হৈছিল। ১৯৭২ চনত স্থানীয় মণ্ডলীবোৰত সহায় আৰু নিৰ্দ্দেশনা দিবলৈ প্ৰাচীন গোষ্ঠীক নিযুক্ত কৰা হয়।

এনেদৰে পুনৰ গঠিত কৰা সঠিক অধ্যক্ষতাই খ্ৰীষ্টান মণ্ডলীক শক্তিশালী কৰি তুলিলে। তদুপৰি, প্ৰশাসন গোষ্ঠীয়ে প্ৰাচীনসকলক তেওঁলোকৰ দায়িত্ব আৰু বিচাৰ সম্বন্ধীয় প্ৰশিক্ষণ দিবলৈ ব্যৱস্থা কৰিলে। ঈশ্বৰৰ পাৰ্থিৱ সংগঠনৰ হোৱা উন্নতি আৰু ইয়াৰ ফলত হোৱা উত্তম পৰিণামৰ বিষয়ে যিচয়া ৬০:১৭ পদত এইদৰে ভৱিষ্যতবাণী কৰিছিল: “মই পিতলৰ সলনি সোণ, লোহাৰ সলনি ৰূপ, কাঠৰ সলনি পিতল, আৰু মই তোমাৰ অধ্যক্ষবিলাকক শান্তিস্বৰূপে, আৰু তোমাৰ কৰগ্ৰাহীবিলাকক ধাৰ্ম্মিকতাস্বৰূপে নিযুক্ত কৰিম।” সঠিকৰূপে কৰা এই সাল-সলনিৰ বাবে ঈশ্বৰে আশীৰ্ব্বাদ কৰিলে আৰু ইয়ে প্ৰমাণ দিলে যে যিসকলে ৰাজ্যৰ কাৰ্য্যক সম্পূৰ্ণ উৎসাহেৰে সমৰ্থন কৰে তেওঁলোকৰ ওচৰত ঈশ্বৰৰ অনুমোদন আছে।

৫. (ক)যিহোৱাই নিজৰ লোকক আশীৰ্ব্বাদ প্ৰদান কৰাৰ বাবে চয়তানে কেনে প্ৰতিক্ৰিয়া দেখুৱাইছিল? (খ) ফিলিপীয়া ১:৭ পদৰ অনুসাৰে চয়তানৰ ক্ৰুধৰ প্ৰতি যিহোৱাৰ সাক্ষীসকলে কেনে প্ৰতিক্ৰিয়া দেখুৱালে?

ৰাজ্য স্থাপিত হোৱাৰ পাছত যিহোৱাই তেওঁৰ লোকসকলক প্ৰেমপূৰ্বক প্ৰতিপালন আৰু নিৰ্দ্দেশনা দিলে। কিন্তু, এই সকলোবোৰৰ বিষয়ে চয়তান যে অজ্ঞাত আছিল, এনে নহয়। উদাহৰণস্বৰূপে, ১৯৩১ চনলৈকে খ্ৰীষ্টানসকলৰ এই সৰুসমূহক কেৱল বাইবেল বিদ্যাৰ্থী হিচাপে সকলোৱে জানিছিল। কিন্তু পাছলৈ যিচয়া ৪৩:১০ পদত উল্লেখ কৰা অনুসাৰে যিহোৱাৰ সাক্ষী নাম ধাৰণ কৰে। তেতিয়া চয়তানে কোনো কাৰণ থাকক বা নাথাকক পৃথিৱীৰ চাৰিওফালে থকা খ্ৰীষ্টানসকলৰ ওপৰত অত্যাচাৰ কৰিব ধৰিলে। সাধাৰণতে যিবোৰ দেশত ধৰ্ম্মক স্বতন্ত্ৰতা দিয়া হৈছে তেনেবোৰ দেশ অৰ্থাৎ সংযুক্ত ৰাষ্ট্ৰ, কানাডা আৰু জাৰ্মানী দৰে দেশবোৰতো যিহোৱাৰ সাক্ষীসকলৰ ধৰ্ম্মক আইনগতভাৱে স্বীকৃতি দিবলৈ সংঘৰ্ষ কৰিবলগীয়া হৈছিল। ১৯৮৮ চনত সংযুক্ত ৰাষ্ট্ৰৰ উচ্চতম ন্যায়লয় ৭১ টা মোকৰ্দ্দমাৰ সৈতে যিহোৱাৰ সাক্ষীসকলৰ বিষয়েও পুনৰ নিৰীক্ষণ কৰে আৰু তাৰে দুই ভাগৰ তিনি ভাগেই তেওঁলোকৰ সপক্ষে ৰায় দিয়ে। প্ৰথম শতাব্দীৰ খ্ৰীষ্টানসকলৰ দৰে আজিও গোটেই বিশ্বত যিহোৱাৰ সাক্ষীসকলে “শুভবাৰ্ত্তাৰ পক্ষে উত্তৰ আৰু প্ৰমাণ দিবলৈ” আইনগতভাৱে সংঘৰ্ষ কৰিবলগীয়া হৈছে।—ফিলিপীয়া ১:৭.

৬. যিহোৱাৰ লোকসকলক আগবঢ়াত কোনো প্ৰতিবন্ধ আৰু নিষেধাজ্ঞাই বাধা দিব পাৰিলেনে? বৰ্ণনা কৰক।

দ্বিতীয় বিশ্ব যুদ্ধৰ বাবে প্ৰস্তুতি চলি থকা সময়ছোৱা অৰ্থাৎ ১৯৩০ চনত তিনিখন স্বেচ্ছাচাৰী চৰকাৰ, যেনে, জাৰ্মানী, স্পেইন আৰু জাপানে যিহোৱাৰ সাক্ষীসকলৰ কাৰ্য্যত প্ৰতিবন্ধ লগাইছিল। কিন্তু ২০০০ চনত সেই তিনিখন দেশত যিহোৱাৰ সাক্ষীসকলৰ প্ৰচাৰকৰ সংখ্যা প্ৰায় ৫ লাখলৈ বৃদ্ধি হʼল। এই সংখ্যা ১৯৩৬ চনত গোটেই বিশ্বত থকা যিহোৱাৰ সাক্ষীসকলৰ সংখ্যাতকৈ দহ গুণে অধিক আছিল! ইয়াৰ পৰা স্পষ্টকৈ দেখা গʼল যে বিজয়ী নেতা যীচু খ্ৰীষ্টৰ অধিনত যিহোৱাৰ লোকসকলৰ আগবঢ়া কাৰ্য্যক কোনো প্ৰতিবন্ধ আৰু নিষেধাজ্ঞাই বাধা দিব নোৱাৰে।

৭. কেনেধৰণৰ অসাধাৰাণ ঘটনা ১৯৫৮ চনত ঘটিল আৰু তেতিয়াৰে পৰা কি নাটকীয় পৰিৱৰ্ত্তন দেখা গৈছে?

এই কথাৰ প্ৰমাণস্বৰূপে নিউয়ৰ্ক চহৰত ১৯৫৮ চনত হোৱা ইশ্বৰীয় ইচ্ছা অন্তৰাষ্ট্ৰীয় অধিৱেশনৰ উপস্থিতৰ সংখ্যা আছিল ২, ৫৩, ৯২২ জন, যি সংখ্যা আগৰ অধিৱেশনসমূহতকৈও অধিক আছিল। ১৯৭০ চনৰলৈকে পূব জাৰ্মানীৰ বাহিৰে আন তিনিখন দেশত যিহোৱাৰ সাক্ষীসকলৰ ওপৰত লগোৱা প্ৰতিবন্ধ উঠাই লোৱা হʼল। কিন্তু সমস্ত চোভিয়েট ৰুছিয়া আৰু ইয়াৰ চুবুৰীয়াত থকা ৱৰ্ছ নামৰ ৰাজ্যত তেতিয়াও যিহোৱাৰ সাক্ষীসকলৰ ওপৰত প্ৰতিবন্ধ আছিল। কিন্তু আজি সেই কমিউনিষ্ট দেশবোৰত পাঁচ লাখতকৈ অধিক যিহোৱাৰ সাক্ষী আছে।

৮. যিহোৱাই নিজৰ লোকসকলক আশীৰ্ব্বাদ কৰাত কি পৰিণাম দেখিবলৈ পোৱা গʼল আৰু এই বিষয়ে ১৯৫০ চনৰ প্ৰহৰীদুৰ্গ আলোচনীয়ে কেনে মন্তব্য দিছিল?

যিহোৱাৰ সাক্ষীসকলে একেৰাহে “[ঈশ্বৰৰ] ৰাজ্য আৰু ধৰ্ম্মিকতাক বিচৰা” বাবে যিহোৱাই তেওঁলোকৰ এই বৃদ্ধিত আশীৰ্ব্বাদ কৰিলে। (মথি ৬:৩৩) এই ক্ষেত্ৰত যিচয়াৰ এই ভৱিষ্যতবাণী পূৰ্ণ হোৱা দেখা গʼল, যʼত কোৱা হৈছিল: “যি সৰু, হাজাৰ হৈ উঠিব; আৰু যি ক্ষুদ্ৰ, সি বলৱান জাতি হৈ উঠিব; মই যিহোৱাই উচিত সময়ত ইয়াক সাম্ফল কৰিবলৈ বেগী হম।” (যিচয়া ৬০:২২) কিন্তু, তেতিয়াও অন্তৰ সময় হোৱা নাছিল। কিয়নো তাৰ কিছু বছৰৰ পাছতে ৰাজ্যৰ শাসনৰ সমৰ্থনকাৰীসকলৰ সংখ্যা ১৭, ৫০, ০০০ জনলৈ বৃদ্ধি হʼল। তেওঁলোকে স্বইচ্ছাৰে যিহোৱাৰ সাক্ষীসকলৰ লগত সংযোগ হয় আৰু এওঁলোকৰ বিষয়ে ১৯৫০ চনৰ প্ৰহৰীদুৰ্গʼত এইদৰে মন্তব্য দিছিল: “এতিয়া ঈশ্বৰে এটা নতুন সমাজৰ গঠন কৰিছে, . . . এওঁলোকে আহিবলগীয়া হৰমাগিদোনৰ মাজেৰে অতিক্ৰম কৰিব। . . . ‘নতুন পৃথিৱীত’ . . . ঈশ্বৰ-শাসিত হিচাপে সংগঠিত আৰু সংগঠনৰ পদ্ধতিসমূহক জনাত প্ৰথম ব্যক্তি হʼব।” সমাপ্তিত সেই লেখত এইদৰে কোৱা হয়: “আমি সকলোৱে দৃঢ়ভাৱে এক নতুন সমাজৰ বাবে একেলগে সংগঠিত হʼবলৈ আগোৱাই গৈছোঁ!”

৯. যোৱা কিছু বছৰত যিহোৱাৰ সাক্ষীসকলে শিকা কাৰ্য্যবোৰ কেনেকৈ লাভদায়ক হিচাপে প্ৰমাণিত হʼল?

এই উঠি অহা নতুন সমাজখনে বুজিব পাৰিলে যে বৰ্তমান আৰু সম্ভৱত হৰমাগিদোনৰ পাছৰ সময়ছোৱাৰ বাবে তেওঁলোকৰ এই পুনৰ স্থাপনা কাৰ্য্য বহু মূল্যৱান। উদাহৰণস্বৰূপে, যিহোৱাৰ সাক্ষীসকলে বৃহৎ অধিবেশন আয়োজন কৰা, আপাতকালীন সময়ত বিনা কোনো পলমে সাহাৰ্য্য আগবঢ়োৱা আৰু ঘৰ নিৰ্মাণ কৰাৰ বিষয়ে শিকিবলৈ পাৰিলে। যিহোৱাৰ সাক্ষীসকলে কৰা এনে ক্যাৰ্য্যবোৰক দেখি বহুতে প্ৰশংসা আৰু আদৰ কৰিলে।

ভুল ধাৰণাসমূহক দূৰ কৰা

১০, ১১. বৰ্ণনা কৰি কওঁক যে যিহোৱাৰ সাক্ষীসকলৰ ওপৰত লগোৱা মিছা অভিযোগক কেনেকৈ আঁতৰোৱা হʼল।

১০ আজিও এনে কিছুমান লোক আছে যিসকলে যিহোৱাৰ সাক্ষীসকলক সমাজৰ শত্ৰু বুলি মিছা অভিযোগ দিয়ে। কিয়নো যিহোৱাৰ সাক্ষীসকলে বাইলেবেলত দিয়া আজ্ঞাক পালন কৰে, যেনে, ৰক্ত সঞ্চাৰণ, ধুম্ৰপান নকৰা, নিৰপক্ষেতা আৰু উচ্চ নৈতিকতা বজাই ৰাখা। কিন্তু ৰাইজে তেওঁলোকৰ এনেধৰণৰ পদক্ষেপবোৰক সন্মান আৰু আদৰৰ দৃষ্টিৰে লক্ষ্য কৰাত বৃদ্ধি পাইছে। উদাৰণস্বৰূপে, পʼলেণ্ডত থকা যিহোৱাৰ সাক্ষীসকলৰ কাৰ্য্যালয়লৈ এগৰাকী চিকিৎসকে টেলিফোনৰ যোগেদি জনাই যে তাই আৰু তাইৰ আন সঙ্গীসকলে, পʼলেণ্ডত দৈনিক ডিজেন-নিক-জাচুদনি নামৰ এখন কাকতৰ লেখত প্ৰকাশ পোৱা তেজ সঞ্চাৰণৰ বিষয়ে কেইবা ঘন্টা ধৰি আলোচনা কৰে। তাই এইদৰে কয় “মই ব্যক্তিগতভাৱে অনুভৱ কৰিছোঁ যে চিকিৎসালয়বোৰত তেজক ভুলভাৱে ব্যৱহাৰ কৰা হয়। এইটো নিশ্চয়ে সলনি হোৱা উচিত। মই এইটো দেখি আনন্দিত হৈছোঁ যে অন্ততঃ এজনে এই বিষয়টোৰ ওপৰত বিতংকৈ কʼব পাৰে। মই এই বিষয়ে জানিবলৈ অধিক আগ্ৰহী হৈছোঁ।”

১১ যোৱা বছৰত চিকিৎসা সম্বন্ধীয় এখন সন্মিলনত ইউৰোপ, ইজ্ৰায়েল, কানাডা আৰু সংযুক্ত ৰাষ্ট্ৰৰ পৰা অহা মেডিকেল বিশেষজ্ঞসকলে তেজ সঞ্চাৰণ নকৰাকৈ কিদৰে এজন ৰোগীক চিকিৎসা কৰিব পাৰে, এই বিষয়ে আলোচনা কৰিছিল। ছুইট্‌জাৰলেণ্ডত অৱস্থিত হোৱা সেই সন্মিলনত উল্লেখ কৰা হৈছিল যে জনপ্ৰিয় মতামতৰ বিপৰীতে তেজ সঞ্চাৰণ গ্ৰহণ কৰা ৰোগীসকলৰ মৃত্যুৰ সংখ্যা তেজ নোলোৱা ৰোগীসকলৰ সংখ্যাতকৈ অধিক। তদুপৰি, যিহোৱাৰ সাক্ষীসকলৰ ৰোগীসকলে তেজ সঞ্চাৰণ গ্ৰহণ নকৰাৰ বাবে তেজ সঞ্চাৰণ কৰা ৰোগীসকলকতকৈ সোনকালে আৰোগ্য আৰু খৰচো কম হয়

১২. যিহোৱাৰ সাক্ষীসকলে ৰাজনৈতিক বিষয়ত নিৰপেক্ষতা বজাই ৰখাৰ সম্পৰ্কে প্ৰমুখ ব্যক্তিসকলে কেনে মন্তব্য দিছিল তাৰ এটা উদাহৰণ দাঙি ধৰক।

১২ দ্বিতীয় বিশ্ব যুদ্ধৰ আগত আৰু যুদ্ধৰ সময়ছোৱাত বিশেষকৈ নাজীৰ সময়ত যিহোৱাৰ সাক্ষীসকলে নিৰপেক্ষতা বজাই ৰখাৰ বাবে বহুতে তেওঁলোকৰ সপক্ষে মন্তব্য দিছিল। নবেম্বৰ ৬, ১৯৯৬ চনত, যিহোৱাৰ সাক্ষীসকলে জাৰ্মানীত থকা ৰাভেন্সব্ৰুক নামৰ যাতনা শিবিৰৰ ওপৰত তৈয়াৰ কৰা যিহোৱাৰ সাক্ষীসকলে নাজী অত্যাচাৰত বিশ্বাসত দৃঢ় থকা নামৰ ভিডিঅখনৰ সপক্ষে বহুতে মন্তব্য দিয়ে। এপ্ৰিল ১৮, ১৯৯৮ চনত আটাইতকৈ জঘন্যৰূপে অত্যাচাৰ কৰা বাৰজেন-বেলজেন নামৰ যাতনা শিবীৰৰ সম্পৰ্কে লৱেৰ চেক্সনীত থকা ৰাজনৈতিক শিক্ষা কেন্দ্ৰৰ এজন অধিকৰ্তা ডা. উল্ফগেঙ চেলে এইদৰে কয়: “ইতিসাহত আটাইতকৈ প্ৰভাৱিত বিষয় এই যে যিহোৱাৰ সাক্ষীসকলে গীৰ্জাৰ সদস্যসকলতকৈও অধিক দৃঢ়ভাৱে নাজীবাদক প্ৰত্যাখ্যান কৰিছিল। . . . যিহোৱাৰ সাক্ষীসকলৰ শিক্ষা আৰু ধৰ্ম্মৰ বিষয়ে আমি যিয়ে ধাৰণা নাৰখোঁ কিয়, নাজীৰ সময়ত তেওঁলোকে বিশ্বাসত দৃঢ় হৈ থকাটো সঁচাকৈ প্ৰশংসনীয়।”

১৩, ১৪. (ক)প্ৰথম শতাব্দীৰ খ্ৰীষ্টানসকলৰ সময়ত কোন জন ব্যক্তিয়ে তেওঁলোকৰ সপক্ষে মতামত দিছিল যাৰ বিষয়ে কোনেও আশা কৰা নাছিল? (খ) বৰ্তমান সময়ত যিহোৱাৰ সাক্ষীসকলৰ সপক্ষে মতামত দিয়া লোকসকলৰ বিষয়ে কিছুমান উদাহৰণ দাঙি ধৰক।

১৩ যেতিয়া এক বিতৰ্কমূলক বিষয়ত প্ৰমুখ ব্যক্তিসকল বা ন্যায়লয়ে যিহোৱাৰ সাক্ষীসকলৰ সপক্ষে ৰায় দিয়ে, তেতিয়া তেওঁলোকৰ প্ৰতি থকা ভুল ধাৰণা আঁতৰ হয় আৰু সাক্ষীসকলক আদৰ আৰু সন্মানৰ দৃষ্টিৰে চাবলৈ ধৰিলে। এসময়ত যিসকলে যিহোৱাৰ সাক্ষীসকলৰ বাৰ্ত্তাৰ বিষয়ে শুনিবলৈ অনিচ্ছুক আছিল, তেওঁলোকে এতিয়া সেই বাৰ্ত্তাক আগ্ৰহেৰে শুনে। সেইবাবে যিহোৱাৰ সাক্ষীসকলে তেওঁলোকৰ সপক্ষে কোৱা প্ৰমুখ ব্যক্তিসকল বা ন্যায়লয়ৰ মতামতক আদৰ কৰে আৰু তেনে ব্যক্তিসকলক প্ৰশংসা কৰে। ইয়ে আমাক প্ৰথম শতাব্দীত যিৰূচালেমত ঘটা এটা ঘটনাৰ বিষয়ে সোঁৱৰাই দিয়ে। যেতিয়া যিহূদীসকলৰ মহাসভায়ে খ্ৰীষ্টানসকলৰ প্ৰচাৰকাৰ্য্যত প্ৰতিবন্ধ লগাবলৈ বিচাৰিলে, তেতিয়া “সকলো মানুহৰ মাজত সন্মান পোৱা বিধানৰ অধ্যাপক” গমলীয়েল নামেৰে এজন ব্যক্তিয়ে সতৰ্ক কৰি এইদৰে কৈছিল: “হে ইস্ৰায়েলীয়া মানুহবিলাক, তোমালোকে সেই মানুহ কেইজনক কি কৰিবলৈ উদ্যত হৈছা, সেই বিষয়ে সাৱধান হোৱা; সেই মানুহ কেইজনক একো নকৰি এৰি দিয়া; কিয়নো এই আলচ বা কৰ্ম্ম যদি মানুহৰ পৰা হয়, তেন্তে সেয়ে লোপ পাব; কিন্তু যদি ঈশ্বৰৰ পৰা হয়, তেন্তে তোমালোকে তেওঁলোকক লুপ্ত কৰিব নোৱাৰিবা; আৰু তোমালোক জানোচা ঈশ্বৰৰ আহিতে যুদ্ধকাৰী হোৱাগৈ।”—পাঁচনিৰ কৰ্ম্ম ৫:৩৩-৩৯.

১৪ গমলীয়েলৰ দৰে কিছুমান ব্যক্তিয়ে অলপতে যিহোৱাৰ সাক্ষীসকলক ধৰ্ম্মীয় স্বাধীনতা দিয়াৰ সপক্ষে মন্তব্য দিয়ে। উদাৰণস্বৰূপে, স্বতন্ত্ৰতা আৰু ধৰ্ম্মীয় বিশ্বাসৰ অন্তঃৰাষ্ট্ৰীয় পৰিষদৰ ভূতপূৰ্ব সভাপতিয়ে এইদৰে কৈছিল: “কোনো এটা ধৰ্ম্মৰ অধিকাৰসমূহক, কেৱল ইয়াকে দৃষ্টি কৰি তিৰস্কাৰ কৰিব নালাগে যে ই সমাজৰ বাবে গ্ৰহণযোগ্য আৰু আদৰণীয় নহয়।” তদুপৰি, লেইপজীগ বিশ্ববিদ্যালয়ত ধৰ্ম্মৰ বিজ্ঞানৰ ওপৰত অধ্যয়ন কৰা এজন অধ্যাপকে, জাৰ্মান চৰকাৰে তথা-কথিত ধৰ্ম্মীয় পন্থাৰ ওপৰত জাৰি কৰা তদন্তৰ সম্পৰ্কে এক গুৰুত্বপূৰ্ণ প্ৰশ্ন কৰি এইদৰে সুধিছিল: “আটাইতকৈ প্ৰচলিত দুটা ধৰ্ম্মৰ [ৰোমান কেথেলিক আৰু লুথেৰান গীৰ্জা] বাহিৰে কেৱল সৰু সৰু ধৰ্ম্মবিলাকৰ ওপৰত কিয় তদন্ত চলোৱা উচিত?” এই প্ৰশ্নটোৰ উত্তৰ দি ভূতপূৰ্ব জাৰ্মান অধিকাৰীয়ে এইদৰে কয়: “ইয়াত কোনো সন্দেহ নাই যে গীৰ্জাৰ ধৰ্ম্মান্ধ লোকসকলে পৰ্দাৰ আঁৰত থাকি ৰাজনৈতিক চৰকাৰক তেনে সিদ্ধান্ত লবলৈ আজ্ঞা দিছিল।”

আমি মুক্তিৰ বাবে কাক ভাৰসা কৰিব পাৰোঁ?

১৫, ১৬. (ক)গমলীয়েলে কৰা প্ৰচেষ্টা কিয় সম্পূৰ্ণৰূপে কাৰ্য্যকাৰী নহʼল? (খ) যীচুৰ সপক্ষে ৰায় দিয়া তিনিজন প্ৰসিদ্ধ ব্যক্তিৰো প্ৰচেষ্টা কিয় সীমিত আছিল?

১৫ গমলীয়েলে কোৱা সেই কথাষাৰৰ অৰ্থ এইটো আছিল যে যি কাৰ্য্য ঈশ্বৰৰ পৰা হৈছে, ই কেতিয়াও বিফল নহয়। নিসন্দেহ, তেওঁৰ এইদৰে মহা-সভাত কোৱাৰ বাবে সচাঁকৈ প্ৰথম শতাব্দীৰ খ্ৰীষ্টানসকলৰ বাবে লাভদায়ক প্ৰমাণিত হʼল। কিন্তু তেওঁলোকে যীচুৱে কোৱা সেই কথাষাৰো পাহৰি যোৱা নাছিল, কিয়নো তেওঁ কৈছিল যে তেওঁৰ অনুগামীসকলে অত্যাচাৰৰ সন্মূখীন হʼব। যদিও গমলীয়েলৰ কাৰ্য্যই ধৰ্ম্মগুৰুসকলৰ পৰিকল্পনাক বিফল কৰিলে, কিন্তু শিষ্যসকলৰ ওপৰত অহা অত্যাচাৰক আঁতৰাব নোৱাৰিলে। কিয়নো আগলৈ আমি এইদৰে পঢ়িবলৈ পাওঁ: “তাতে তেওঁবিলাক তেওঁৰ কথাত সন্মত হল; আৰু পাঁচনিবিলাকক মাতি আনি কোবাই, যীচুৰ নামেৰে কোনো কথা কবলৈ হাক দি এৰি দিলে।”—পাঁচনিৰ কৰ্ম্ম ৫:৪০.

১৬ যেতিয়া যীচুক অত্যাচাৰ কৰা হৈছিল তেতিয়া পন্তীয় পীলাতে তেওঁৰ কোনো ভুল নেদেখি, ৰেহাই দিবলৈ চেষ্টা কৰিছিল। কিন্তু তেওঁ সফল নহʼল। (যোহন ১৮:৩৮, ৩৯; ১৯:৪, ৬, ১২-১৬) আনকি সেই মহাসভাৰ নীকদীম আৰু অৰিমাথিয়া নগৰৰ যোচেফ নামৰ দুজন ব্যক্তিও যীচুৰ সপক্ষে কোৱাৰ স্বত্ত্বেও তেওঁৰ ওপৰত হোৱা অত্যাচাৰক আঁতৰাব নোৱাৰিলে। (লূক ২৩:৫০-৫২; যোহন ৭:৪৫-৫২; ১৯:৩৮-৪০) এতেকে মানুহবিলাকে যিহোৱাৰ সাক্ষীসকলৰ সপক্ষে লোৱা পদক্ষেপবোৰ হৈছে সীমিত। কিয়নো যিদৰে জগতে যীচুক ঘৃণা কৰিলে, ঠিক তেনেদৰে তেওঁৰ শিষ্যসকলো ঘৃণাৰ পাত্ৰ হʼব। কেৱল যিহোৱাইহে এই সকলোবোৰৰ পৰা আমাক মুক্তি দিব পাৰে।—পাঁচনিৰ কৰ্ম্ম ২:২৪.

১৭. যিহোৱাৰ সাক্ষীসকলে কেনে সঠিক দৃষ্টিভঙ্গী ৰাখে, কিন্তু তেওঁলোকে অত্যাচাৰৰ সন্মূখীন হোৱাৰ স্বত্ত্বেও প্ৰচাৰ কাৰ্য্য কৰিবলৈ কিয় এৰি দিয়া নাই?

১৭ আচলতে, যিহোৱাৰ সাক্ষীসকলে একেৰাহে অত্যাচাৰৰ সন্মূখীন হৈছে। এই অত্যাচাৰসমূহ তেতিয়াহে উপশম ঘটিব যেতিয়া চয়তানৰ এই ৰীতি-ব্যৱস্থাক ধ্বংস কৰা হʼব। মন কৰিবলগীয়া কথা এই যে যিহোৱাৰ সাক্ষীসকলে অত্যন্ত অত্যাচাৰৰ সন্মূখীন হোৱা স্বত্ত্বেও যীচুৱে ৰাজ্যৰ শুভবাৰ্ত্তা প্ৰচাৰ কৰিবলৈ দিয়া আজ্ঞা পালন কৰিবলৈ এৰি দিয়া নাই। তেওঁলোকৰ এই কাৰ্য্যত ঈশ্বৰৰ অনুমোদন থকাৰ বাবে এই কাৰ্য্য কৰিবলৈ তেওঁলোকে কেনেকৈ এৰি দিব পাৰে? তদুপৰি, তেওঁলোকে সাহসৰ বাবে তেওঁলোকৰ নেতা যীচুৰ ওপৰত ভৰসা কৰে, কিয়নো এই ক্ষেত্ৰত তেওঁ এক উত্তম উদাহৰণ প্ৰস্তুত কৰিলে।—পাঁচনিৰ কৰ্ম্ম ৫:১৭-২১, ২৭-৩২.

১৮ ভৱিষ্যতে যিহোৱাৰ সাক্ষীসকলে কেনেধৰণৰ কঠিন পৰিস্থিতিৰ সন্মূখীন হʼব, কিন্তু তেওঁলোকে কেনে ফলাফল পাবলৈ নিশ্চিত হৈ আছে?

১৮ বাস্তৱতে, আৰম্ভণীৰে পৰাই সত্য ধৰ্ম্মই কঠোৰ অত্যাচাৰৰ সন্মুখীন হৈ আহিছে। অতি শীঘ্ৰেই মাগোগ দেশৰ গʼগে যিহোৱাৰ সাক্ষীসকলক চাৰিওফালৰ পৰা আক্ৰমণ কৰিব কিয়নো চয়তানৰ ধ্বংসৰ সময় একেবাৰে কাষ চাপিল। কিন্তু সত্য ধৰ্ম্ম ৰক্ষা পাব। (যিহিষ্কেল ৩৮:১৪-১৬) এই বিষয়ে বাইবেলে এইদৰে কৈছে: ‘গোটেই জগতৰ ৰজাসকলে’ চয়তানৰ পক্ষে হৈ “মেৰ পোৱালিৰে সৈতে যুদ্ধ কৰিব, কিন্তু মেৰ পোৱালীয়ে তেওঁলোকক জয় কৰিব; কিয়নো তেওঁ প্ৰভুৰো প্ৰভু, ৰজাৰো ৰজা।” (প্ৰকাশিত বাক্য ১৬:১৪; ১৭:১৪) যিহেতু আমাৰ ৰজা যীচুৱে শেষবাৰৰ বাবে বিজয়ী হʼবলৈ আগবাঢ়িব আৰু অতি শীঘ্ৰেই “তেওঁ জয় কৰি কৰি, আৰু জয় কৰিবলৈ ওলাই” যাব। তেওঁৰ সৈতে আগবঢ়াটো কিযে এক বিশেষ অধিকাৰ, অতি সোনকালে যিহোৱাৰ সেৱকসকক পুনৰ কোনেও বিৰোধ নকৰিব বুলি জানি তেওঁলোকে এইদৰে কʼব: “ঈশ্বৰ আমাৰ সপক্ষে আছে”!—ৰোমীয়া ৮:৩১; ফিলিপীয়া ১:২৭, ২৮. (w01 6/1)

আপুনি বৰ্ণনা কৰিব পাৰিবনে?

•ৰাজ্য স্থাপিত হোৱাৰ পৰাই যিহোৱাই খ্ৰীষ্টান মণ্ডলীবোৰক শক্তিশালী কৰি তুলিবলৈ কি কৰিলে?

•যীচুৱে বিজয় প্ৰাপ্ত কৰাত বাধা দিবলৈ চয়তানে কি চেষ্টা কৰিলে আৰু তাৰ কেনে পৰিণাম হʼল?

•যিহোৱাৰ সাক্ষীসকলৰ সপক্ষে কোৱা ব্যক্তিসকলৰ প্ৰতি আমি কেনেধৰণৰ সন্তোলিত দৃষ্টিকোণ বজাই ৰখা উচিত?

•অতি শীঘ্ৰেই চয়তানে কি কৰিব আৰু তাৰ কেনে পৰিণাম হʼব?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[২৬ পৃষ্ঠাৰ ছবি]

অধিবেশনসমূহে যিহোৱাৰ লোকসকলে আগবঢ়াৰ প্ৰমাণ দিছে

[২৪ পৃষ্ঠাৰ ছবি]

দ্বিতীয় বিশ্ব যুদ্ধৰ সময়ত সাক্ষীসকলে নিৰপেক্ষতা বজাই ৰাখাৰ বাবে এতিয়ালৈকে যিহোৱাৰ নাম মহিমান্বিত হৈ আছে