Skip to content

Skip to table of contents

একেৰাহে শস্য চপোৱা কাৰ্য্যত লাগি থাকক!

একেৰাহে শস্য চপোৱা কাৰ্য্যত লাগি থাকক!

একেৰাহে শস্য চপোৱা কাৰ্য্যত লাগি থাকক!

“যিবিলাকে চকু-লোৰে বয়, সিবিলাকে আনন্দেৰে দাব।”—গীতমালা ১২৬:৫.

১. বৰ্তমান সময়তো “শস্যক্ষেত্ৰলৈ বনুৱাবিলাকক পঠাই দিবলৈ, শস্যৰ গৰাকীক” কিয় প্ৰাৰ্থনা কৰা আৱশ্যক?

 যীচুৱে গালীল চহৰত তৃতীয়বাৰ প্ৰচাৰকাৰ্য্য সম্পন্ন কৰাৰ পাছত তেওঁৰ শিষ্যসকলক এইদৰে কৈছিল: “শস্য সৰহ, কিন্তু বনুৱা তাকৰ।” (মথি ৯:৩৭) যিহূদা চহৰতো সেই একেই অৱস্থা হৈছিল। (লূক ১০:২) যিহেতু এই বাক্যফাঁকি প্ৰায় ২০০০ বছৰৰ আগতে বাস কৰা খ্ৰীষ্টানসকলৰ বাবে সত্য আছিল, কিন্তু আজিৰ অৱস্থাৰ বিষয়ে কি কব পাৰি? যোৱা বছৰৰ গোটেই বিশ্বজুৰী সেৱা ৰিপৰ্টৰ অনুসাৰে কেৱল ৬০ লাখ যিহোৱাৰ সাক্ষীসকলে লাক্ষণিকৰূপে শস্য চপোৱা কাৰ্য্যত ভাগ লৈছে। এতিয়াও বিশ্বত প্ৰায় ৬০০ কোটি লোকৰ ভিতৰত অনেক “ৰখীয়া নোহোৱা মেৰৰ নিচিনা, দুঃখিত আৰু ক্লান্ত” হৈ পৰা ব্যক্তি আছে। সেইবাবে যীচুৱে তেওঁৰ শিষ্যসকলক উৎসাহিত কৰি এইদৰে কৈছিল: “এই হেতুকে নিজৰ শস্যক্ষেত্ৰলৈ বনুৱাবিলাকক পঠাই দিবলৈ, শস্যৰ গৰাকীক প্ৰাৰ্থনা কৰা।” এতেকে তাহানি কোৱা বাক্যশাৰী আজিৰ সময়তো একেই সত্যৰূপে দেখা দিছে।—মথি ৯:৩৬, ৩৮.

২. কিহে আমাৰ প্ৰতি লোকসকলৰ ধ্যান আকৰ্ষিত কৰিছে?

সেই শস্যৰ গৰাকী অৰ্থাৎ যিহোৱা ঈশ্বৰে শস্য ক্ষেত্ৰলৈ বনুৱাবিলাকক পঠিয়াই, সেই নিৱেদনৰ উত্তৰ দিলে। গতিকে ঈশ্বৰৰ নিৰ্দ্দেশনাৰ অধীনত তেনে শস্য চপোৱাটো এক আনন্দৰ কাৰ্য্য নহয়নে বাৰু! এই পৃথিৱীৰ জনসংখ্যাৰ তুলনাত যিহোৱাৰ সাক্ষীসকলৰ সংখ্যা নিচেই তাকৰ হোৱাৰ স্বত্বেও আমাৰ এই শিষ্য বনোৱা কাৰ্য্যই সকলোৰে ধ্যান আকৰ্ষিত কৰিছে। আন কিছুমান দেশত যিহোৱাৰ সাক্ষীসকলৰ বিষয়ে বাতৰি মাধ্যমৰ যোগেদি বাৰম্বাৰভাৱে উল্লেখ কৰিছে। টেলিভিচনৰ নাটকত যদি কোনোবাই দুৱাৰ টুকুৰিয়া, তেনেহʼলে আপোনাক এনে বোধ হʼব পাৰে যে যিহোৱাৰ সাক্ষীসকলে আপোনাৰ ঘৰত দুৱাৰ টুকুৰিয়াইছে। নিসন্দেহঃ ২১ তম শতাব্দীত আমাৰ লাক্ষণিক শস্য চপোৱা কাৰ্য্য অৰ্থাৎ খ্ৰীষ্টান কাৰ্য্যসমূহ গোটেই পৃথিৱীত জনাজাত হৈ পৰিছে।

৩. (ক) আমি কেনেকৈ জানিব পাৰোঁ যে প্ৰথম শতাব্দীত কৰা প্ৰচাৰকাৰ্য্যক লোকসকলে লক্ষ্য কৰিছিল? (খ) আমাক প্ৰচাৰকাৰ্য্যৰ বাবে স্বৰ্গদূতসকলে সহায় কৰে বুলি আমি কিয় কʼব পাৰোঁ?

প্ৰথম শতাব্দীতো ৰাজ্যৰ প্ৰচাৰকসকলৰ কাৰ্য্যত লোকসকলৰ চকু পৰিছিল আৰু তেওঁলোকে সেই প্ৰচাৰকসকলক বিভিন্ন ধৰণে অত্যাচাৰ কৰিছিল। সেইবাবে পাঁচনি পৌলে এইদৰে কৈছিল: “বোধ হয়, পাঁচনিবিলাক যি আমি, আমাক ঈশ্বৰে সকলোৰে শেষ, কৰি, মৰণলৈ নিৰূপণ কৰা লোকৰ দৰে দেখুৱালে; কিয়নো জগতৰ আগত, অৰ্থাৎ স্বৰ্গদূত আৰু মানুহবিলাকৰো আগত আমি কৌতুকৰ পাত্ৰ হৈছোঁ।” (১ কৰিন্থীয়া ৪:৯) সেইদৰে, আমিও বিভিন্ন অত্যাচাৰৰ সন্মূখীন হোৱাৰ স্বত্ত্বেও একেৰাহে প্ৰচাৰ কাৰ্য্য কৰাৰ বাবে এই জগতে আমাৰ ওপৰত চকু দিছে আৰু লগতে ই স্বৰ্গদূতসকলৰ বাবেও অতি গুৰুত্বপূৰ্ণ হৈছে। এই সন্দৰ্ভত পাঁচনি যোহনে প্ৰকাশিত বাক্য ১৪:৬ পদত এইদৰে উল্লেখ কৰিছিল: “পাছে আকাশৰ মাজত আন এজন স্বৰ্গদূতক উড়ি ফুৰা দেখিলোঁ; তেওঁ পৃথিবীত বসতি কৰাবিলাকক, অৰ্থাৎ সকলো জাতি, ফৈদ, ভাষা, আৰু লোকবিলাকৰ আগত প্ৰচাৰ কৰিবলৈ অনন্ত শুভবাৰ্ত্তা” পাইছিল। সেইবাবে আমি কব পাৰোঁ যে আমাক এই কাৰ্য্যৰ বাবে ঈশ্বৰৰ স্বৰ্গদূতে সহায় কৰে!—ইব্ৰী ১:১৩, ১৪.

“ঘৃণাৰ পাত্ৰ”

৪, ৫. (ক) যীচুৱে তেওঁৰ শিষ্যসকলক কেনেকৈ সতৰ্ক কৰিছিল? (খ) বৰ্তমান সময়ত যিহোৱাৰ সেৱকসকলে কিয় “ঘৃণাৰ পাত্ৰ” হবলগীয়া হৈছে?

যেতিয়া যীচুৰ শিষ্যসকলক প্ৰচাৰকাৰ্য্য অৰ্থাৎ লাক্ষণিক শস্য চপোৱা কাৰ্য্য কৰিবলৈ পঠোৱা হৈছিল, তেওঁলোকে এই পৰামৰ্শক মনত ৰাখিছিল: “সাপৰ দৰে টেঙৰ, আৰু কপৌৰ নিচিনা হোজা হোৱা।” তদুপৰি যীচুৱে এইদৰে কৈছিল: “কিন্তু মানুহলৈ সাৱধান হোৱা; কিয়নো তেওঁলোকে বিচাৰসভাত তোমালোকক শোধাই দিব, আৰু তেওঁবিলাকৰ নাম-ঘৰবোৰত তোমালোকক কোবাব; দেশাধিপতি আৰু ৰজাবিলাকৰ আগলৈ, তেওঁবিলাক আৰু পৰজাতিবিলাকলৈ সাক্ষ্যৰ অৰ্থে, মোৰ কাৰণে তোমালোকক নিয়া হব। . . . মোৰ নামৰ কাৰণে তোমালোক সকলোৰে ঘৃণাৰ পাত্ৰ হবা; কিন্তু যি জনে শেষলৈকে সহি থাকে, সেই জনেই পৰিত্ৰাণ পাব।”—মথি ১০:১৬-২২.

এইবাবে আজি আমি জগতৰ “ঘৃণাৰ পাত্ৰ” হৈছোঁ, কিয়নো “গোটেই জগত পাপ-আত্মাৰ অধীনত আছে।” সেই পাপ-আত্মা হৈছে দিয়াবল চয়তান, যিজন ঈশ্বৰ আৰু তেওঁৰ সেৱকসকলৰ প্ৰধান শত্ৰু। (১ যোহন ৫:১৯) সেই শত্ৰুবিলাকে যদিও আমাৰ আধ্যাত্মিক উন্নতিক লক্ষ্য কৰে, তথাপিও তেওঁলোকে যিহোৱাক প্ৰশংসা কৰিবলৈ অগ্ৰাহ্য কৰে। তেওঁলোকে আমাৰ আনন্দ আৰু হাঁহি মুখে কৰা শস্য চপোৱা কাৰ্য্যক লক্ষ্য কৰে। তেওঁলোকে আমাৰ ঐক্যতাবদ্ধ দেখি আঁচৰিত হয়! দৰাচলতে তেওঁলোকে নিজৰ দেশত কৰাৰ দৰে যিহোৱাৰ সাক্ষীসকলৰ কাৰ্য্য যেতিয়া আন দেশতো দেখি, অনিচ্ছুকৰ স্বত্ত্বেও স্বীকাৰ কৰিবলৈ বাধ্য হয়। প্ৰকৃততে আমি নিশ্চিত যে যথাসময়ত যিহোৱাই আমাক দিয়া সমৰ্থন আৰু ঐক্যতাৰ উৎসৰ বিষয়ে আমাৰ শত্ৰুসকলক জনাব।—যিহিষ্কেল ৩৮:১০-১২, ২৩.

৬. শস্য চপোৱা কাৰ্য্যত লাগি থাকি আমি কেনে আশ্বাস লাভ কৰোঁ, কিন্তু কেনে প্ৰশ্ন হʼব পাৰে?

সেই শস্যৰ গৰাকীজনে নিজৰ পুত্ৰ যীচু খ্ৰীষ্টক ‘স্বৰ্গত আৰু পৃথিৱীত সকলো ক্ষমতাভাৰ’ গতাই দিলে। (মথি ২৮:১৮) এইদৰে যিহোৱাই শস্য চপোৱাৰ কাৰ্য্য সম্পন্ন কৰিবৰ বাবে স্বৰ্গদূত আৰু “বিশ্বাসী বুদ্ধিমান দাস” বৰ্গক নিৰ্দ্দেশনা দিবলৈ যীচুক ব্যৱহাৰ কৰিলে।। (মথি ২৪:৪৫-৪৭; প্ৰকাশিত বাক্য ১৪:৬, ৭) কিন্তু ব্যক্তিগতৰূপে আমি কেনেকৈ বিৰোধিতাবোৰত সফলতাৰে সন্মূখীন হৈ সেই শস্য চপোৱা কাৰ্য্যত লাগি থাকিব পাৰোঁ?

৭. অত্যাচাৰ বা বিৰোধিতাৰ সন্মূখীন হোৱাৰ সময়ত আমি কেনেধৰণৰ স্থিৰতা বজাই ৰাখা উচিত?

যেতিয়া আমি অত্যন্ত বিৰোধিতাৰ সন্মূখীন হওঁ, তেতিয়া আঁহক আমি পাঁচনি পৌলৰ দৰে স্থিৰতা বজাই ৰাখিবলৈ যিহোৱাৰ সহায় বিচাৰোঁহঁক। এই সম্পৰ্কে পাঁচনি পৌলে এইদৰে লিখিছিল: “নিন্দিত হৈ, আশীৰ্ব্বাদ কৰিছোঁ; তাড়ানা পাই, সহন কৰিছোঁ; ইতিকিং পাই, বিনয় কৰিছোঁ।” (১ কৰিন্থীয়া ৪:১২, ১৩) আমাৰ স্থিৰতা আৰু কৌশলপূৰ্ণতাৰে কৰা প্ৰচাৰকাৰ্য্যক দেখি কেতিয়াবা বিৰোধীসকলৰ মন সলনি হʼব পাৰে।

৮. মথি ১০:২৮ পদত যীচুৱে কোৱাৰ বাক্যশাৰীৰ পৰা আপুনি কেনেধৰণৰ আশ্বাস পাব পাৰে?

আনকি মৃত্যুৱেও আমাৰ এই লাক্ষণিক শস্য চপোৱা কাৰ্য্যত বাধা দিব নোৱাৰে। সেইবাবে আমি নিৰ্ভয়ে সকলোৰে আগত ৰাজ্যৰ বিষয়ে প্ৰচাৰ কৰোঁ। তদুপৰি আমি যীচুৱে দিয়া আশ্বাসৰ পৰা উৎসাহিত হওঁ। তেওঁ এইদৰে কৈছিল: “যিবিলাকে শৰীৰক বধ কৰে, আত্মাক কৰিব নোৱাৰে, তেওঁবিলাকলৈ ভয় নকৰিবা; কিন্তু যি জনাই আত্মা আৰু শৰীৰ, এই দুয়োকো . . . নষ্ট কৰিব পাৰে, তেওঁলৈকে ভয় কৰিবা।” (মথি ১০:২৮) আমি জানো যে আমাৰ স্বৰ্গীয় পিতৃ যিহোৱা হৈছে জীৱনদাতা। গতিকে যিসকলে তেওঁৰ প্ৰতি নিষ্ঠা বজাই ৰাখি শস্য চপোৱা কাৰ্য্য কৰে, ঈশ্বৰে তেনেলোকক প্ৰতিফল দিয়ে।

জীৱন-ৰক্ষক বাৰ্ত্তা

৯. ভবিষ্যতবক্তা যিহিষ্কেলৰ বাৰ্ত্তাৰ প্ৰতি তেওঁৰ সময়ৰ লোকসকলে কেনেধৰণৰ প্ৰতিক্ৰিয়া দেখুৱাইছিল আৰু আমাৰ সময়তো সেই একেইধৰণৰ পৰিস্থিতি কেনেকৈ দেখিবলৈ পোৱা গৈছে?

যেতিয়া ভৱিষ্যতবক্তা যিহিষ্কেলে “বিদ্ৰোহী জাতিবিলাক” অৰ্থাৎ ইস্ৰায়েল আৰু যিহূদাৰ আগত সাহসী হৈ যিহোৱাৰ বাণীৰ প্ৰচাৰ কৰিলে, তেতিয়া তাৰ কিছুমান লোকে তেওঁ কোৱা বাণীক শুনি আনন্দিত হʼল। (যিহিষ্কেল ২:৩) তেওঁবিলাকৰ বিষয়ে যিহোৱাই এইদৰে কৈছিল: “চোৱা, তুমি তেওঁবিলাকৰ গুৰিত সুন্দৰ ডিঙিৰ মানুহৰ, আৰু ভালকৈ বাদ্য কৰিব পৰা লোকৰ মনোহৰ গান যেন্‌হে; কিয়নো তেওঁবিলাকে তোমাৰ বাক্য শুনে, কিন্তু সেইদৰে কাৰ্য্য নকৰে।” (যিহিষ্কেল ৩৩:৩২) সেয়েহে যদিও তেওঁলোকে ভৱিষ্যতবক্তা যিহিষ্কেলৰ বাৰ্ত্তাক শুনিছিল, কিন্তু তাৰ অনুসাৰে কাৰ্য্য কৰা নাছিল। বৰ্তমান সময়ৰ সম্পৰ্কে কি কʼব পাৰি? আজিৰ সময়তো, অভিষিক্ত বৰ্গ আৰু তেওঁলোকৰ সহ-উপাসকসকলে যেতিয়া যিহিষ্কেলৰ দৰে সাহসী হৈ যিহোৱাৰ বাৰ্ত্তাক প্ৰচাৰ কৰে, তেতিয়া কিছুমান লোকে অৱশ্যেই তেওঁলোকৰ বাৰ্ত্তাত উল্লেখ কৰা ঈশ্বৰৰ ৰাজ্যৰ আশীৰ্ব্বাদসমূহৰ বিষয়ে আনন্দেৰে শুনে, কিন্তু তেওঁলোকে সেই বাৰ্ত্তাক গ্ৰহণ কৰি যীচুৰ শিষ্য হৈ শস্য চপোৱা কাৰ্য্য কৰিবলৈ কোনো পদক্ষেপ নলয়।

১০, ১১. বিশং শতাব্দীৰ প্ৰথম ভাগত আমাৰ জীৱন ৰক্ষক বাৰ্ত্তাক ৰাজহুৱাভাৱে প্ৰচাৰ কৰিবলৈ কেনে পদ্ধতি গ্ৰহণ কৰা হৈছিল আৰু তাৰ কেনে পৰিণাম পোৱা গৈছিল?

১০ আনহাতে, বহুতে শস্য চপোৱা কাৰ্য্য অৰ্থাৎ ৰাজ্যৰ বাৰ্ত্তাৰ প্ৰতি সঠিক প্ৰতিক্ৰিয়া দেখুৱাই যিহোৱাৰ সেৱক হৈ ঈশ্বৰৰ ৰাজ্যৰ প্ৰচাৰ কাৰ্য্যত ভাগ লৈছিল। উদাহৰণস্বৰূপে, ১৯২২ চনৰ পৰা ১৯২৮ চনলৈকে হোৱা যিহোৱাৰ অধিবেশনবোৰত চয়তানৰ এই দুষ্ট ৰীতি-ব্যৱস্থাৰ ওপৰত আহিবলগীয়া ধ্বংসৰ বিষয়ে স্পষ্টকৈ ঘোষণা কৰিছিল। সেই অধিবেশনত উল্লেখ কৰা বিষয়সমূহক অনাতাঁৰ কেন্দ্ৰসমূহৰ যোগেদিও প্ৰচাৰ কৰা হৈছিল। তাৰ পাছত, তেওঁলোকে কোটি-কোটি সংখ্যাত আলোচনী ছপা কৰি সেইবোৰক বিতৰণ কৰিলে।

১১ তাৰ পাছত অৰ্থাৎ ১৯৩০ চনৰ পৰা সাক্ষী দিয়া কাৰ্য্যৰ বাবে আন এক পদ্ধতি অৱলম্বন কৰা হয়, সেই পদ্ধতি অনুসাৰে প্ৰচাৰসকলে কোনো এক ৰাজহুৱা ভাষণৰ বিষয়সমূহক ডাঙৰকৈ পোষ্টাৰত লিখি, সেইখনৰ সৈতে পদযাত্ৰা কৰিছিল। প্ৰথমতে, যিহোৱাৰ সাক্ষীসকলে ৰাজহুৱা ভাষণৰ বিষয়ে সকলোকে জনাবলৈ বিজ্ঞাপন পিন্ধিছিল। কিন্তু পাছলৈ, তেওঁলোকে বিজ্ঞাপনবোৰ কঢ়িয়াই লৈ সকলোতে ঘোষণা কৰিছিল। সেই বিজ্ঞাপনবোৰ আছিল “ধৰ্ম্ম হৈছে এটা ফান্দ আৰু ব্যৱসায়ৰ মাধ্যম” আৰু “যিহোৱা ঈশ্বৰ আৰু ৰজা যীচু খ্ৰীষ্টক উপাসনা কৰক।” যেতিয়া তেওঁলোকে পদযাত্ৰা কৰিছিল, অহা-যোৱা কৰা বহুতো লোকৰ ধ্যান আকৰ্ষিত হৈছিল। এই বিষয়ে এজন খ্ৰীষ্টান ভাই যিজনে লণ্ডনত সেই পদযাত্ৰাত নিয়মিতৰূপে ভাগ লৈছিল, তেওঁ এইদৰে কৈছিল: ‘এই কাৰ্য্যই যিহোৱাৰ সাক্ষীসকলক প্ৰখ্যাত কৰি তুলিছিল আৰু তেওঁলোকৰ সাহসৰ প্ৰমাণ দিছিল।’

১২. আমাৰ শুভবাৰ্ত্তাত ঈশ্বৰৰ মহান বিচাৰৰ দিনৰ বিষয়ে ঘোষণা কৰাৰ ওপৰিও এই বাৰ্ত্তাত আৰু কি সন্মিলিত আছে, বৰ্তমান সময়ত কোনোসকলে শুভবাৰ্ত্তা প্ৰচাৰ কৰিবলৈ আগবাঢ়ি আহিছে?

১২ আমি আমাৰ বাৰ্ত্তাত যিহোৱাৰ বিচাৰৰ দিনৰ সম্পৰ্কে কোৱাৰ ওপৰিও ঈশ্বৰৰ ৰাজ্যৰ দ্বাৰা আহিবলগীয়া আশীৰ্ব্বাদসমূহৰ বিষয়ে আনক প্ৰচাৰ কৰোঁ। বৰ্তমান জগতত ঘটি থকা অৱস্থাই আমাক সাহসী হৈ সাক্ষী দিয়া কাৰ্য্যৰ দ্বাৰা আগ্ৰহী ব্যক্তিসকলক বিচাৰি উলিয়াত সহায় কৰে। (মথি ১০:১১) ১৯২০ আৰু ১৯৩০ চনত অভিষিক্ত বৰ্গৰ বাকী থকা বেছিভাগ লোকেই শস্য চপোৱাৰ বাবে স্পষ্টকৈ দিয়া আমন্ত্ৰণৰ প্ৰতি সঁহাৰি জনায়। কিন্তু, ১৯৩৫ চনত হোৱা জিলা অধিবেশনত “এক বৰ লোকসমূহ” বা “অন্য মেৰ” বৰ্গৰ চিনাক্ত আৰু ভৱিষ্যতে তেওঁলোকলৈ সাঁচি থোৱা আঁচৰিত আশীৰ্ব্বাদসমূহৰ বিষয়ে ঘোষণা কৰা হয়। (প্ৰকাশিত বাক্য ৭:৯; যোহন ১০:১৬) তেওঁলোকে ঈশ্বৰৰ ন্যায়ৰ বাৰ্ত্তাক গ্ৰহণ কৰি অভিষিক্ত বৰ্গৰ সৈতে একেলগ হৈ আনক জীৱন-ৰক্ষক শুভবাৰ্ত্তাৰ বিষয়ে কবলৈ আগবাঢ়ি আহিল।

১৩, ১৪. (ক) গীতমালা ১২৬:৫, ৬ পদত উল্লেখ কৰা বাক্যশাৰীৰ পৰা আমি কেনেধৰণৰ সান্ত্বনাবাণী লাভ কৰিব পাৰোঁ? (খ) যদি আমি একেৰাহে শস্য বোৱা আৰু পানী দিয়া কাৰ্য্য কৰোঁ, তেনেহʼলে কেনে পৰিণামৰ আশা কৰিব পাৰোঁ?

১৩ ঈশ্বৰৰ শস্য চপোৱাসকল আৰু বিশেষকৈ যিসকলে অত্যাচাৰৰ সন্মূখীন হৈছে, তেওঁলোকৰ সান্ত্বনাৰ অৰ্থে গীতমালা ১২৬:৫, ৬ পদত এইদৰে কোৱা হʼল: “যিবিলাকে চকু-লোৰে বয়, সিবিলাকে আনন্দেৰে দাব। যি জনে কান্দি কান্দি বব লগীয়া কঠীয়া লৈ যায়, সি অৱশ্যে আনন্দেৰে তেওঁৰ ডাঙৰি লৈ উলটি আহিব।” গীতমালাত উল্লেখ কৰা বোৱা আৰু দোৱা কাৰ্য্যই প্ৰাচীন বাবিলৰ দাসত্ব বন্ধনৰ পৰা মুকলি হৈ নিজ দেশলৈ ঘূৰি অহা অভিষিক্তসকলক যিহোৱাই প্ৰতিপালন কৰা আৰু আশীৰ্ব্বাদ দিয়া কাৰ্য্যৰ সৈতে তুলনা কৰা হৈছে। তেওঁলোকে বাবিলৰ পৰা স্বাধীন হোৱাৰ বাবে অতি আনন্দিত হৈছিল, কিন্তু ৭০ বছৰৰ পাছত ধ্বংস প্ৰাপ্ত নগৰখনলৈ ঘূৰি আহি হয়তো কান্দি কান্দি শস্য বোৱা কাৰ্য্য কৰিবলগীয়া হৈছিল। তথাপিও যিসকলে শস্য বোৱা আৰু পুনৰ নিৰ্ম্মাণ কৰা কাৰ্য্যত ভাগ লৈছিল, শেষত তেওঁলোকে তেওঁলোকৰ পৰিশ্ৰমৰ বাবে আনন্দ আৰু সন্তুষ্টি লাভ কৰিছিল।

১৪ ঠিক সেইদৰে আমি বা আমাৰ সঙ্গী বিশ্বাসীসকলে ধাৰ্ম্মিকতাৰ কাৰণে পৰীক্ষাৰ সন্মূখীন হবলগীয়া হোৱা দেখি হয়তো কান্দিব লাগিব। (১ পিতৰ ৩:১৪) প্ৰথম অৱস্থাত আমাৰ শস্য চপোৱা অৰ্থাৎ পৰিচৰ্য্যা কাৰ্য্যত কোনো সফলতা নোপোৱাৰ বাবে আমি হয়তো সেই কাৰ্য্য কঠিন যেন অনুভৱ কৰিব পাৰোঁ। কিন্তু যদি আমি একেৰাহে বোৱা আৰু পানী দিয়া কাৰ্য্য কৰোঁ, তেতিয়া যথাসময়ত যিহোৱাই তাক আমি বিচৰাতকৈও অধিকৰূপে বৃদ্ধি কৰিব। (১ কৰিন্থীয়া ৩:৬) এই কাৰ্য্যৰ প্ৰমাণসমূহ, আমি আমাৰ বাইবেল আৰু ইয়াৰ আধাৰিত আলোচনীসমূহৰ বিতৰণৰ যোগেদি দেখিবলৈ পাওঁ।

১৫. শস্য দোৱা কাৰ্য্যত বাইবেল আধাৰিত সাহিত্যবোৰক উচিতৰূপে ব্যৱহাৰ কৰাৰ ফলত লাভ কৰা পৰিণামৰ এটা উদাহৰণ দিয়ক।

১৫ এই সক্ৰান্তত আঁহক আমি জীম নামৰ এজন ব্যক্তিৰ বিষয়ে বিবেচনা কৰোঁহঁক। যেতিয়া তেওঁৰ মাতৃৰ মৃত্যুৰ হয় তেতিয়া জীমে তেওঁৰ মাতৃয়ে এৰি থৈ যোৱা সম্পত্তিৰ ভিতৰত জীৱন—কেনেকৈ উৎপত্তি হʼল? ক্ৰমবিকাশৰ নে সৃষ্টিৰ দ্বাৰা? * নাম এখন কিতাপো লাভ কৰে। তেওঁ আগ্ৰহেৰে সেই কিতাপখন পঢ়িবলৈ আৰম্ভ কৰে। এবাৰ তেওঁ বাটত এজন যিহোৱাৰ সাক্ষীসকলৰ সদস্যৰ সৈতে সাক্ষাৎ হয়, সেই সাক্ষীজনে তেওঁৰ সৈতে পুনৰ সাক্ষাৎ কৰিবলৈ বিচাৰে। তেওঁ তাৰ বাবে মান্তি হয় আৰু সেই পুনৰ সাক্ষাতে শেষত তেওঁক বাইবেল অধ্যয়ন কৰিবলৈ পৰিচালিত কৰে। তাৰ পাছত জীমে নিজকে যিহোৱালৈ সমৰ্পণ কৰি বাপ্তিষ্মা লৈ একেৰাহে আধ্যাত্মিকৰূপে উন্নতি কৰিবলৈ ধৰে। তদুপৰি জীমে নিজৰ পৰিয়ালবৰ্গক জনাই যে তেওঁ কিহৰ বিষয়ে শিকিলে। ফলস্বৰূপে তেওঁৰ ভায়েক আৰু ভনীয়েকে সত্য শিকি যিহোৱাৰ সাক্ষী হয়। পাছলৈ জীমে লণ্ডনৰ বেথেলত স্বেচ্ছাকৰ্মী হিচাপে কাম কৰিবলৈ বিশেষ অধিকাৰ লাভ কৰে।

নিৰ্য্যাতনৰ সন্মূখীন হোৱাৰ স্বত্ত্বেও আনন্দিত হোৱা

১৬. (ক) শস্য চপোৱা কাৰ্য্যত কিয় সফলতা পোৱা গৈছে? (খ) শুভবাৰ্ত্তাৰ ফলত উৎপন্ন হোৱা পৰিণামৰ বিষয়ে যীচুৱে কেনে সতৰ্ক বাণী দিছিল, বাস্তৱতে আমি কেনে মনোবৃত্তিৰে লোকসকলক সাক্ষ্যৎ কৰোঁ?

১৬ শস্য চপোৱা কাৰ্য্যত কিয় তেনেধৰণৰ সফলতা পোৱা যায়? কিয়নো অভিষিক্ত বৰ্গ আৰু তেওঁলোকৰ সঙ্গী উপাসকসকলে যীচুৰ এই পৰামৰ্শ মানি চলে, যʼত এইদৰে কোৱা হৈছিল: “আন্ধাৰত মই তোমালোকক যি কওঁ, তাক তোমালোকে পোহৰতে কবা; কাণত যি শুনা, তাক ঘৰৰ ওপৰৰ পৰা ঘোষণা কৰিবা।” (মথি ১০:২৭) যিহেতু আমি নিৰ্য্যাতনৰ সন্মূখীন হোৱাৰ আশা কৰিব পাৰোঁ। সেয়েহে যীচুৱে সতৰ্ক কৰি এইদৰে কৈছিল: “ককায়েকে ভায়েকক আৰু বাপেকে পুতেকক মৰণলৈ শোধাই দিব; আৰু সন্তানবিলাকে মাক-বাপেকৰ অহিতে উঠি, তেওঁলোকক বধ কৰাব।” আগলৈ তেওঁ এইদৰে কৈছিল: “মই পৃথিবীত শান্তি দিবলৈ আহিলোঁ, ইয়াক নাভাবিবা, শান্তি দিবলৈ নহয়, কিন্তু তৰোৱাল দিবলৈহে আহিলোঁ।” (মথি ১০:২১, ৩৪) ইয়াৰ অৰ্থ এইটো নহয় যে যীচুৱে ইচ্ছাকৃতভাৱে পৰিয়ালৰ মাজত অশান্তি সৃষ্টি কৰিবলৈ আহিছিল। দৰাচলতে ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তাৰ বাবেহে কেতিয়াবা তেনে হয়। সেই একেই বাক্য যিহোৱাৰ সাক্ষীসকলৰ বাবেও সত্য। যেতিয়া আমি পৰিয়ালসমূহক সাক্ষাৎ কৰোঁ, তেতিয়া আমাৰ উদ্দেশ্য এইটো নহয় যে পৰিয়ালৰ মাজত অশান্তি সৃষ্টি কৰা। ইয়াৰ বিপৰীতে আমি বিচাৰোঁ যে সকলোৱে যেন আমাৰ বাৰ্ত্তাক গ্ৰহণ কৰে। সেইবাবে আমি পৰিয়ালৰ সকলো সদস্যৰ আগত নম্ৰ আৰু বন্ধুত্বপূৰ্ণৰূপে শুভবাৰ্ত্তাক প্ৰচাৰ কৰোঁ যাতে লোকসকলে “অনন্ত জীৱন পাবলৈ নিৰূপিত” হয়।—পাঁচনিৰ কৰ্ম্ম ১৩:৪৮.

১৭. যিসসকলে যিহোৱাৰ আধিপত্যক স্বীকাৰ কৰিলে, তেওঁলোকে কেনেকৈ নিজকে আনলোকতকৈ পৃথক বুলি পৰিচয় দিলে আৰু তাৰে এটা উল্লেখনীয় উদাহৰণ কি?

১৭ যিসকলে ঈশ্বৰৰ আধিপত্যক স্বীকাৰ কৰে, তেওঁলোকক ৰাজ্যৰ বাৰ্ত্তাই পৃথকে থকাত সহায় কৰে। উদাহৰণস্বৰূপে, জাৰ্মানীত ৰাষ্ট্ৰীয় সমাজবাদৰ সময়ত আমাৰ সঙ্গী ভাই-ভনীসকলে ‘যি কৈচৰৰ, তাক কৈচৰৰ আৰু যি ঈশ্বৰৰ, তাক ঈশ্বৰক দিয়া’ বাক্যশাৰীক পালন কৰি কেনেকৈ নিজকে পৃথক জাতি হিচাপে পৰিচয় দিছিল, তাৰ বিষয়ে বিবেচনা কৰক। (লূক ২০:২৫) যিহোৱাৰ সাক্ষীসকলে বাইবেলৰ সিদ্ধান্ত ভঙ্গ নকৰিবলৈ দৃঢ় হৈ থকাৰ যোগেদি, নামতে মাত্ৰ খ্ৰীষ্টান হোৱা খ্ৰীষ্টজগতৰ ব্যক্তিসকলতকৈ একেবাৰে পৃথক বুলি প্ৰমাণ দিলে। (যিচয়া ২:৪; মথি ৪:১০; যোহন ১৭:১৬) দ্যা নাজী এন্ড দ্যা নিউ ৰিলীজনচ্‌ নামৰ কিতাপখনৰ লেখিকা প্ৰফেচাৰ ক্ৰিচতেন কিঙে এইদৰে মন্তব্য দিছিল: “যিহেতু, যদিও হাজাৰ হাজাৰ যিহোৱাৰ সাক্ষীসকলক বধ কৰা হʼল, তথাপিও নাজী শক্তিয়ে যিহোৱাৰ সাক্ষীসকলৰ ওপৰত বিজয়ী হʼব নোৱাৰিলে। ১৯৪৫ চনত যেতিয়া ৰাষ্ট্ৰীয় সমাজবাদৰ পতন হʼল, তেতিয়াও যিহোৱাৰ সাক্ষীসকলৰ কাৰ্য্য সক্ৰিয় হৈ থাকিল।”

১৮. নিৰ্য্যাতনাৰ সন্মূখীন হোৱা স্বত্ত্বেও যিহোৱাৰ সাক্ষীসকলে কেনেধৰণৰ মনোবৃত্তি বজাই ৰাখিলে?

১৮ যিহোৱাৰ সেৱকসকলে নিৰ্য্যাতনাৰ সন্মূখীন হোৱাৰ সময়ত দেখুৱা মনোবৃত্তি সঁচাকৈ বিৰল। আমাৰ অটল বিশ্বাসক দেখি অধিকাৰীসকলে প্ৰভাৱিত হʼব পাৰে, কিন্তু প্ৰকৃততে তেওঁলোকে আমাৰ উচিত মনোবৃত্তিক দেখি নিশ্চয়ে আচৰিত হয়। উদাহৰণস্বৰূপে, নাজীৰ নিৰ্য্যাতনাত ৰক্ষা পোৱাসকলে তেওঁলোকৰ সৈতে ঘটি যোৱা ঘটনাবোৰৰ বিষয়ে বিবেচনা কৰি বাৰে বাৰে সন্তুষ্টি আৰু আনন্দ প্ৰকাশ কৰিছিল। কিয়নো তেওঁলোকে জানিছিল যে যিহোৱাই তেওঁলোকক “শক্তিৰ বাহুল্যতা” প্ৰদান কৰিলে। (২ কৰিন্থীয়া ৪:৭) আমাৰ মাজত থকা অভিষিক্তসকলৰ আশ্বাস আছে “তেওঁলোকৰ নাম যে স্বৰ্গত” লিখা হʼল। (লূক ১০:২০) সেই হেতুকে তেওঁলোকৰ সহনশীলতাই তেওঁলোকক নিৰুৎসাহিত নহয়, কিন্তু আশাবাদী কৰিলে আৰু একেইদৰে তেওঁলোকৰ সৈতে বিশ্বাসী হৈ শস্য চপোৱা কাৰ্য্য কৰা সহকৰ্ম্মী অৰ্থাৎ যিসকলৰ পৃথিৱীত অনন্ত জীৱনৰ আশা আছে, তেওঁলোকেও সেই একেই অনুভৱ কৰিলে।—ৰোমীয়া ৫:৪, ৫.

শস্য চপোৱা কাৰ্য্যত একেৰাহে লাগি থকা

১৯. খ্ৰীষ্টানসসকলে তেওঁলোকৰ প্ৰচাৰকাৰ্য্যত কেনে ধৰণৰ কাৰ্য্যকৰী পদ্ধতিবোৰ ব্যৱহাৰ কৰিছিল?

১৯ আমি হয়তো ভাবিব পাৰোঁ যে যিহোৱাই এই কাৰ্য্যৰ বাবে আমাক আৰু কিমান সময়ৰলৈকে অনুমতি দিব। একেই সময়ত আমি এইটো মনত ৰখা উচিত যে শস্য চপোৱাসকলে এক বিশেষ পদ্ধতিৰে তেওঁলোকৰ কাৰ্য্য সম্পন্ন কৰে। ঠিক তেনেদৰে আমিও নিশ্চিত হʼব পাৰোঁ যে বিশ্বাসী হৈ উত্তমৰূপে কৰা প্ৰচাৰ কাৰ্য্যই অৱশ্যেই ফলদায়ক হʼব। এই সন্দৰ্ভত পাঁচনি পৌলে তেওঁৰ সঙ্গীসকলক এইদৰে কৈছিল: “বিনয় কৰোঁ, তোমালোক মোৰ অনুকাৰী হোৱা।” (১ কৰিন্থীয়া ৪:১৬) পাঁচনি পৌলে মিলীত নগৰত থকা ইফিচীয়া মণ্ডলীৰ প্ৰাচীনসকলক সাক্ষাৎ কৰি স্মৰণ কৰাই কৈছিল যে তেওঁ “সৰ্ব্বসাধাৰণৰ আগত, আৰু ঘৰে ঘৰে” তেওঁলোকক উপদেশ দিবলৈ পাছ নুহুঁহকিলে। (পাঁচনিৰ কৰ্ম্ম ২০:২০, ২১) সেইবাবে পাঁচনি পৌলৰ সহসঙ্গী তিমথীয়ে তেওঁ শিকোৱা পদ্ধতিবোৰক শিকিব পাৰিলে আৰু কৰিন্থীয়া মণ্ডলীয়েও এই পদ্ধতিৰ সৈতে ভালদৰে অনুগত আছিল। (১ কৰিন্থীয়া ৪:১৭) যিদৰে যিহোৱাই পাঁচনি পৌলৰ উপদেশ দিয়া পদ্ধতিবোৰৰ ওপৰত আশীৰ্ব্বাদ দিলে, তেনেকৈ তেওঁ আমি লোকসকলক লগ পাবলৈ যিকোনো ঠাইলৈ গৈ সাৰ্বজানিকৰূপে কৰা ঘৰে ঘৰে প্ৰচাৰ, পুনৰ সাক্ষাৎ, গৃহ বাইবেল অধ্যয়ন কৰাত নিশ্চয়ে আশীৰ্ব্বাদ দিব।—পাঁচনিৰ কৰ্ম্ম ১৭:১৭.

২০. আধ্যাত্মিক শস্য চপোৱা কাৰ্য্যৰ বিষয়ে যীচুৱে কি উল্লেখ কৰিছিল আৰু বৰ্তমান সময়ত ই কেনেকৈ সঁচা বুলি প্ৰমাণিত হৈছে?

২০ সা.যু. ৩০ চনত যীচুৱে চুখৰ নগৰৰ ওচৰত থকা এগৰাকী চমৰিয়াৰ স্ত্ৰীক সাক্ষী দিয়াৰ পাছত, তেওঁ আধ্যাত্মিক শস্য চপোৱাৰ বিষয়ে উল্লেখ কৰি তেওঁৰ শিষ্যকসকলক এইদৰে কৈছিল: “তোমালোকৰ চকু তুলি পথাৰলৈ চোৱা, এতিয়াও দাবলৈ বগা হৈছে। আৰু যি জনে দায়, সেই জনে বেচ পায়, আৰু অনন্ত জীৱনলৈ শহ চপায়; তাতে ধান বওঁতা, আৰু ধান দাওঁতা, এই দুয়ো একে-লগে আনন্দ কৰে।” (যোহন ৪:৩৪-৩৬) সম্ভৱতঃ, যীচুৱে চমৰিয়াৰ স্ত্ৰীক সাক্ষী দিয়াৰ পাছত বহুতে যে তাইৰ কথা শুনি তেওঁৰ ওপৰত বিশ্বাস কৰিব, এই বিষয়ে তেওঁ আগতিয়াকৈ জানিব পাৰিছিল। (যোহন ৪:৩৯) এই চলিত কেইবছৰত কিছুমান দেশত যিহোৱাৰ সাক্ষীসকলৰ ওপৰত লগোৱা প্ৰতিবন্ধ আঁতৰোৱা বা তেওঁলোকৰ কাৰ্য্যক আইনগতভাৱে স্বীকৃতি দিয়া হৈছে। সেইবাবে শস্য চপোৱাৰ বাবে নতুন পথাৰবোৰ মুকলি হৈছে, যাৰ ফলস্বৰূপে আধ্যাত্মিক শস্য চপোৱা কাৰ্য্যত অধিকৈ অগ্ৰগতি লাভ কৰিছে। দৰাচলতে, বিশ্বজুৰি হোৱা আমাৰ এই কাৰ্য্যত যিহোৱাই প্ৰচুৰ আশীৰ্ব্বাদ কৰিছে, যাৰ বাবে আমি আনন্দিত হৈ শস্য চপোৱা কাৰ্য্যত একেৰাহে ভাগ লৈছোঁ।

২১. আমি কিয় আনন্দিত হৈ একেৰাহে শস্য চপোৱা কাৰ্য্যত লাগি থকা আৱশ্যক?

২১ যেতিয়া পথাৰত শস্য পকে, তেতিয়া শস্য চপোৱাসকলে আগতকৈও গুৰুত্বতাৰে চপোৱা কাৰ্য্য কৰা আৱশ্যক। প্ৰকৃততে, তেওঁলোকে বিনা কোনোপলমে এই কাৰ্য্য কৰা উচিত। সেয়েহে বৰ্তমান সময়ত আমি এই কাৰ্য্যক অধিক গুৰুত্বতা আৰু কঠিন পৰিশ্ৰমৰ দ্বাৰা কৰা আৱশ্যক, কিয়নো আমি একেবাৰে “শেষকালত” জীয়াই আছোঁ। (দানিয়েল ১২:৪) যিহেতু আমি অৱশ্যেই অত্যাচাৰৰ সন্মূখীন হʼম, তথাপিও যিহোৱাৰ সেৱক হিচাপে আমি আগতকৈও অধিক গুৰুত্ব বুজি মহান লাক্ষণিক শস্য চপোৱা কাৰ্য্য কৰা আৱশ্যক। সেইবাবে এইয়া হৈছে আনন্দ কৰাৰ সময়। এতেকে আনন্দিত হৈ শস্য চপোৱা কৰ্ম্মী হিচাপে আঁহক আমি একেৰাহে শস্য চপোৱা কাৰ্য্যত লাগি থাকোঁহক! (w01 7/15)

[ফুটনোট]

^ যিহোৱাৰ সাক্ষীসকলৰ দ্বাৰা প্ৰকাশিত আৰু বিতৰণ।

আপুনি কিদৰে উত্তৰ দিব?

অধিক বনুৱা পঠোৱাৰ নিমিত্তে কৰা প্ৰাৰ্থনাৰ প্ৰতি শস্য ক্ষেত্ৰৰ গৰাকীয়ে কেনেকৈ উত্তৰ দিলে?

আমি “ঘৃণাৰ পাত্ৰ” হোৱাৰ স্বত্ত্বেও কেনেধৰণৰ স্থিৰতা বজাই ৰাখিবলৈ সক্ষম হৈছোঁ?

আমি অত্যাচাৰৰ সন্মূখীন হোৱাৰ স্বত্ত্বেও কিয় আনন্দিত হওঁ?

শস্য চপোৱা কাৰ্য্যক কিয় আগতকৈ অধিক গুৰুত্বতাৰে কৰা আৱশ্যক?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[২৪, ২৫ পৃষ্ঠাৰ ছবি]

এই আধ্যাত্মিক শস্য চপোৱা কাৰ্য্যত ভাগ লোৱাসকলক স্বৰ্গদূতে সহায় কৰে

[২৬ পৃষ্ঠাৰ ছবি]

পদযাত্ৰা কৰি শুভবাৰ্ত্তা ঘোষণা কৰা অভিযানে বহুতৰে ধ্যান আকৰ্ষিত কৰিলে

[২৬ পৃষ্ঠাৰ ছবি]

আমি শস্য ৰোৱা আৰু পানী দিয়া কাৰ্য্য কৰোঁ, কিন্তু ঈশ্বৰহে ইয়াক বৃদ্ধি কৰে