Skip to content

Skip to table of contents

দান কৰাৰ দ্বাৰা আনন্দিত হওঁক!

দান কৰাৰ দ্বাৰা আনন্দিত হওঁক!

দান কৰাৰ দ্বাৰা আনন্দিত হওঁক!

“গ্ৰহণ কৰাতকৈ দান কৰা ধন্য।”পাঁচনিৰ কৰ্ম্ম ২০:৩৫.

১. দান কৰাত যে যিহোৱাই আনন্দিত হয়, তাক তেওঁ কিদৰে প্ৰকাশ কৰিলে?

 সত্যক জনা আৰু ইয়াৰ যোগেদি পোৱা আশীৰ্ব্বাদসমূহ হৈছে যিহোৱাই কৰা এক বহুমূলীয়া দান। গতিকে যিসকলে যিহোৱাৰ বিষয়ে জানিব পাৰিলে, তেওঁলোকৰ ওচৰত আনন্দিত হোৱাৰ বহুতো কাৰণ আছে। যিদৰে কোনো এক উপহাৰ গ্ৰহণ কৰাটো আনন্দৰ বিষয়, ঠিক তেনেদৰে দিয়াতোও আনন্দৰ বিষয়। সকলোতকৈ উল্লেখনীয় বিষয় হৈছে, যিহোৱাই “সকলো উত্তম দান আৰু সকলো সিদ্ধ বৰ” দিওঁতা আৰু “পৰম-ধন্য” ঈশ্বৰ। (যাকোব ১:১৭; ১ তীমথিয় ১:১১) যিসকলে তেওঁৰ প্ৰতি কাণ দিয়ে আৰু তেওঁৰ আজ্ঞাকাৰী, যিহোৱাই তেওঁলোকক উত্তম শিক্ষা প্ৰদান কৰে। তদুপৰি তেওঁলোকে পিতৃ যিহোৱাৰ সন্তান হোৱাৰ আনন্দ লাভ কৰে।—হিতোপদেশ ২৭:১১.

২. (ক) যীচুৱে কি দান কৰাৰ বিষয়ে উল্লেখ কৰিছিল? (খ) আনক বাইবেলৰ সত্য বিষয়ে শিকাই আমি কেনেধৰণৰ আনন্দ লাভ কৰিব পাৰোঁ?

ঠিক তেনেদৰে যীচুৱেও এই পৃথিৱীত থকা সময়ছোৱাত লোকসকলে তেওঁৰ শিক্ষাক সঠিককৈ গ্ৰহণ কৰা দেখি আনন্দিত হৈছিল। এই সম্পৰ্কে যীচুৱে যি কৈছিল, সেই উক্তিক উদ্ধৃত কৰি পাঁচনি পৌলে এইদৰে কৈছিল: “গ্ৰহণ কৰাতকৈ দান কৰা ধন্য।” (পাঁচনিৰ কৰ্ম্ম ২০:৩৫) আমি কেৱল ইয়াকে দেখি আনন্দিত নহওঁ যে আনে বাইবেলৰ শিক্ষাক গ্ৰহণ কৰিছে আৰু আমাৰ বিশ্বাসৰ সৈতে সন্মত হৈছে। কিয়নো এই শিক্ষাই তেওঁলোকক তাতকৈ অধিক প্ৰকৃত আৰু চিৰকলীয়া লাভ প্ৰদান কৰিব পাৰে, তাকে দেখি আমি অধিক আনন্দিত হওঁ। আমি এই আধ্যাত্মিক দানসমূহ প্ৰদান কৰাৰ দ্বাৰাই লোকসকলক বৰ্তমান সময়ত আৰু আহিবলগীয়া ভৱিষ্যতে লাভবান হʼবলৈ সহায় কৰিব পাৰোঁ।—১ তীমথিয় ৪:৮.

দান কৰা কাৰ্য্যই আনন্দ কঢ়িয়াই আনে

৩. (ক) পাঁচনি পৌল আৰু যোহনে আনক আধ্যাত্মিকৰূপে সহায় প্ৰদান কৰা দ্বাৰা কেনেকৈ আনন্দিত হৈছিল? (খ) বাইবেলৰ অনুসাৰে সন্তানক প্ৰতিপালন কৰাটো কিয় এক প্ৰেমৰ প্ৰতীক বুলি কʼব পাৰি?

যেনেকৈ যিহোৱা আৰু যীচুৱে আধ্যাত্মিক উপহাৰসমূহ দিয়াৰ যোগেদি আনন্দিত হৈছিল, ঠিক তেনেকৈ খ্ৰীষ্টানসকলেও হʼব পাৰে। আনকি পাঁচনি পৌলেও আনক ঈশ্বৰৰ বিষয়ে সত্য শিকাই আনন্দিত হৈছিল। সেইবাবে তেওঁ থিচলনীকীয়া মণ্ডলীলৈ এইদৰে লিখিছিল: “কিয়নো, আমাৰ আশা, বা আনন্দ, বা শ্লাঘাৰ কিৰীটি কি? আমাৰ প্ৰভু যীচুৰ আগমনত তেওঁৰ সাক্ষাতে তোমালোকেই নোহোৱা নে, বাস্তৱিক তোমালোকেই আমাৰ গৌৰব আৰু আনন্দ।” (১ থিচলনীকীয়া ২:১৯, ২০) একেইদৰে, পাচঁনি যোহনে তেওঁৰ আধ্যাত্মিক সন্তানসকলক উদ্দেশ্য কৰি এইদৰে কৈছিল: “মোৰ সন্তানবিলাকে সত্যত চলাৰ বাৰ্ত্তা শুনাতে যি আনন্দ জন্মে; তাতকৈ মোৰ আৰু বৰ আনন্দ নাই।” (৩ যোহন ৪) গতিকে ভাবি চাওঁক যেতিয়া আমাৰ নিজ সন্তানে আধ্যাত্মিক সন্তান হৈ পৰে, তেতিয়া আমি কিমান যে আনন্দিত হওঁ! সন্তানক “প্ৰভুৰ শিক্ষা আৰু চেতনাত প্ৰতিপালন” কৰাৰ দ্বাৰাই পিতৃ-মাতৃসকলে সন্তানৰ প্ৰতি প্ৰেম প্ৰকাশ কৰে। (ইফিচীয়া ৬:৪) কিয়নো তেনে কৰাৰ যোগেদি পিতৃ-মাতৃসকলে তেওঁলোকৰ সন্তানৰ অনন্তকলীয়া হিতৰ বিষয়ে চিন্তা কৰে। সন্তানসকলে যেতিয়া তেওঁলোকৰ শিক্ষাৰ অনুসাৰে চলে, তেতিয়া পিতৃ-মাতৃসকলে অধিক আনন্দ আৰু সন্তুষ্টি অনুভৱ কৰে।

৪. কেনেধৰণৰ অনুভৱে দেখুৱাইছে যে আধ্যাত্মিকৰূপে কৰা দানৰ যোগেদি আনন্দিত হব পৰা?

ডেল নামৰ এগৰাকী পূৰ্ণ-সময়ৰ অগ্ৰগামী ভনী আৰু পাঁচোটা লৰা-ছোৱালীৰ মাতৃৰ বিষয়ে বিবেচনা কৰক। তাই নিজৰ অনুভূতিক প্ৰকাশ কৰি এইদৰে কৈছিল: “মই পাঁচনি যোহনৰ সেই বাক্যশাৰীক ভালকৈ বৰ্ণনা কৰিব পাৰোঁ, কিয়নো আজি মোৰ চাৰিটা লʼৰা-ছোৱালীয়ে ‘সত্যৰ পথত’ চলিছে। মই জানো যে যেতিয়া পৰিয়ালে একত্ৰিত হৈ সত্য উপাসনা কৰে, তেতিয়া ই যিহোৱালৈ আদৰ আৰু মহিমা কঢ়িয়াই আনে। গতিকে মই ইয়াকে দেখি অতি আনন্দিত হওঁ যে যিহোৱাই মোৰ সেই প্ৰচেষ্টাক আশীৰ্ব্বাদ কৰিলে আৰু যাৰ ফলস্বৰূপে আজি তেওঁলোকে সত্যৰ পথত চলি আছে। তদুপৰি, মই আৰু মোৰ পৰিয়ালে পৰমদেশীয় পৃথিৱীত জীয়াই থাকিবলৈ যি আশা পাইছোঁ, সেই আশাই মোক সকলো ধৰণৰ বাধা আৰু পৰীক্ষাত ধৈৰ্য্যৰে সন্মূখীন হবলৈ প্ৰেৰিত কৰিছে।” কিন্তু ই এক দুখৰ বিষয়ে যে তাইৰ এজনী ছোৱালীয়ে সত্যৰ পথত চলি থাকিব নোৱাৰিলে, যিহেতু তাই জাগতিক বিচাৰধাৰাৰ অনুসাৰে চলাৰ বাবে মণ্ডলীয়ে তাইক বহিষ্কাৰ কৰিছিল। তথাপিও, ডেলে সঠিক মনোবৃত্তি বজাই ৰাখি এইদৰে কৈছিল: “মোৰ বিশ্বাস যে তাই এদিন নিজৰ ভুল বুজি যিহোৱাৰ সংগঠনলৈ পুনৰাই ঘূৰি আহিব।” আগলৈ তাই এইদৰে কৈছিল: “কিন্তু মই যিহোৱাৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, যিহেতু মোৰ বেছিভাগ লʼৰা-ছোৱালীয়ে বিশ্বাসী হৈ তেওঁৰ সেৱা কৰি আছে আৰু সেই আনন্দই মোক বিশ্বাসত শক্তিশালী কৰি তুলিছে।”—নহিমিয়া ৮:১০.

চৰস্থায়ী বন্ধুত্ব স্থাপন কৰক

৫. যেতিয়া আমি সম্পূৰ্ণৰূপে শিষ্য বনোৱা কাৰ্য্যত ভাগ লওঁ, তেতিয়া কেনেধৰণৰ জ্ঞানে আমাক সন্তুষ্টি কৰি তুলে?

যীচুৱে তেওঁৰ শিষ্যসকলক নিৰ্দ্দেশনা দিছিল যে তেওঁলোকে যেন লোকসকলক খ্ৰীষ্টান শিষ্য বনাই আৰু যিহোৱা আৰু তেওঁৰ আৱশ্যকতাসমূহৰ বিষয়ে যেন শিক্ষা দিয়ে। (মথি ২৮:১৯, ২০) যিহোৱা আৰু যীচুৱে নিস্বাৰ্থতাৰে লোকসকলক সত্যৰ বিষয়ে শিকিবলৈ সহায় কৰিছিল। তেনেদৰে আমিও শিষ্য বনোৱা কামত ভাগ লৈ প্ৰথম শতাব্দীৰ খ্ৰীষ্টানসকলৰ দৰে যিহোৱা আৰু যীচুক অনুকৰণ কৰি অতি আনন্দিত হব পাৰিম। (১ কৰিন্থীয়া ১১:১) যেতিয়া আমি যিহোৱা আৰু তেওঁৰ পুত্ৰক সহযোগ কৰিম, তেতিয়া আমাৰ জীৱন অৰ্থপূৰ্ণ হৈ পৰিব। “ঈশ্বৰৰ সহকৰ্ম্মী” হিচাপে কাৰ্য্য কৰিবলৈ পোৱাটো আমাৰ বাবে কিমান যে এক বিশেষ অধিকাৰ! (১ কৰিন্থীয়া ৩:৯) তদুপৰি আমি এইটো জানি ৰোমাঞ্চিত অনুভৱ নকৰোঁনে যে শুভবাৰ্ত্তা প্ৰচাৰকাৰ্য্যত স্বৰ্গদূতসকলেও ভাগ লয়?—প্ৰকাশিত বাক্য ১৪:৬, ৭.

৬. যেতিয়া আমি আধ্যাত্মিকৰূপে দান কৰা কাৰ্য্যত ভাগ লওঁ, তেতিয়া কোন আমাৰ বন্ধু হৈ পৰে?

আচলতে, এই আধ্যাত্মিক কাৰ্য্যত ভাগ লৈ আমি কেৱল ঈশ্বৰৰ সহকৰ্ম্মীয়েই নহওঁ, কিন্তু তেওঁৰ সৈতে চিৰস্থায়ী বন্ধুত্বও গঢ়ি উঠে। কিয়নো অব্ৰাহামক তেওঁৰ বিশ্বাসৰ বাবে তেওঁক যিহোৱাৰ বন্ধু বুলি কোৱা হৈছিল। (যাকোব ২:২৩) যেনেকৈ আমি ঈশ্বৰৰ ইচ্ছা পূৰ্ণ কৰিবলৈ চেষ্টা কৰোঁ, তেতিয়া আমিও ঈশ্বৰৰ বন্ধু হৈ পৰোঁ। একেইদৰে আমি যীচুৰো বন্ধু হʼব পাৰোঁ। সেইবাবে যীচুৱে তেওঁৰ শিষ্যসকলক কৈছিল: “কিন্তু মই তোমালোকক বন্ধু বুলিলোঁ; কিয়নো মোৰ পিতৃৰ পৰা যি যি শুনিলোঁ, সেই সকলো তোমালোকক জনালোঁ।” (যোহন ১৫:১৫) বহুতে আকৌ জনা-পৰিচিত ব্যক্তি বা উচ্চ অধিকাৰীসকলৰ বন্ধু হৈ আনন্দ উপভোগ কৰে। কিন্তু আমি বিশ্বব্ৰহ্মাণ্ডৰ সকলোতকৈ মহান দুজন ব্যক্তিৰ সৈতে বন্ধুত্ব স্থাপন কৰি কিমান যে আনন্দিত হʼম!

৭. (ক) কেনেকৈ এগৰাকী মহিলাই প্ৰকৃত বান্ধৱী হʼব পাৰিলে? (খ) আপোনাৰো সেই একেই অভিজ্ঞতা আছেনে?

তদুপৰি, আমি লোকসকলক যিহোৱাৰ বিষয়ে শিকাত সহায় কৰাৰ যোগেদি তেওঁলোকেও আমাৰ বন্ধু হৈ পৰে আৰু ইয়ে আমালৈ বিশেষ আনন্দ কঢ়িয়াই আনে। উদাহৰণস্বৰূপে সযুক্ত ৰাষ্ট্ৰত বাস কৰা জয়েনা নাম এগৰাকী ভনীয়ে থেলমা নামৰ এগৰাকী স্ত্ৰীৰ সৈতে বাইবেল অধ্যয়ন আৰম্ভ কৰে। এই অধ্যয়নৰ বাবে থেলমাই যদিও নিজ পৰিয়ালৰ পৰা নানা বিৰোধিতাৰ সন্মূখীন হৈছিল, কিন্তু তাই সত্যৰ পথত একেৰাহে চলি থাকিবলৈ দৃঢ় নিৰ্ণয় লয়। তাৰ এবছৰৰ পাছত তাই নিজকে যিহোৱালৈ সমৰ্পণ কৰি বাপ্তিষ্মা লয়। আগলৈ জয়েনা নামৰ ভনীগৰাকীয়ে এইদৰে লিখিছিল: “আমাৰ সঙ্গতি ইয়াতে সমাপ্ত নহল; ইয়াৰ পৰিৱৰ্তে এই সঙ্গতি এক গভীৰ বন্ধুত্বলৈ পৰিণত হʼল। আজি প্ৰায় ৩৫ বছৰৰ পাছতো আমাৰ দুয়োৰে বন্ধুত্ব অটুট হৈ আছে। আমি প্ৰায়ে একেলগে প্ৰচাৰ কাৰ্য্যত ভাগ লওঁ আৰু অধিবেশনসমূহলৈ যাওঁ। যথাসময়ত মই ৮০০ কিলোমিটাৰ নিলগত থকা এখন ঠাইলৈ স্থানন্তৰ হʼবলগীয়া হয়। কিন্তু তেতিয়াও থেলমাই নিতৌ মোলৈ হৃদয়স্পৰ্ষী চিঠি পঠিয়াই। চিঠিত তাই কয় যে বাইবেলৰ সত্যক শিকোৱাত ভাল আৰ্হি ৰখা আৰু বান্ধৱী হিচাপে তাই আজিও মোক পাহৰিব পৰা নাই। তদুপৰি তাই কয় যে এনে বান্ধৱী পোৱাটো সঁচাকৈ বিৰল, যাৰ চেষ্টাৰ বাবেহে তাই যিহোৱাৰ বিষয়ে সত্য শিকিব পাৰিলে।”

৮. কেনেধৰণৰ সঠিক মনোবৃত্তিয়ে আমাক প্ৰচাৰকাৰ্য্যত ভাগ লবলৈ সহায় কৰিব?

তেনেধৰণৰ কোনো ব্যক্তিক সাক্ষাৎ কৰি সত্য শিকোৱাৰ আশায়ে, আমাক এনে পৰিস্থিতো সহন কৰিবলৈ সহায় কৰিব যেতিয়া লোকসকলে আমি কোৱা যিহোৱাৰ বাক্যৰ প্ৰতি আগ্ৰহী নহয় বা অলপমাত্ৰত আগ্ৰহী হয়। যদিও তেনে পৰিস্থিতিত আমি বিশ্বাস আৰু ধৈৰ্য্যশীলতা বজাই ৰখাটো প্ৰত্যাহ্বানজনক হʼব পাৰে, তথাপিও, সঠিক মনোবৃত্তিয়ে আমাক তেনে পৰিস্থিতিৰ সন্মূখীন হবলৈ সহায় কৰিব। উদাহৰণস্বৰূপে, গুৱাটেমালাৰ পৰা অহা ফʼচটোৱে নামৰ এজন ভায়ে এইদৰে কৈছিল: “যেতিয়া মই কাৰোবাক সাক্ষী দিওঁ, সেই সময়ত সদায়ে ভাবো যে যাৰ সৈতে মই আলোচনা কৰিছোঁ যদি তেওঁ এজন আধ্যাত্মিক ভাই বা ভনী হৈ পৰিলে কিমান যে ভাল হলেহঁতেঁন। এই কথা মনত ৰাখি মই প্ৰচাৰ কৰোঁ যে অন্ততঃ এনে এজন ব্যক্তি লগ পাম যিজনে যিহোৱাৰ বাক্যৰ বিষয়ে সত্য শিকিবলৈ আগ্ৰহী হʼব। সেই আশাই মোক প্ৰচাৰকাৰ্য্যত একেৰাহে ভাগ লবলৈ আৰু আনন্দ বজাই ৰাখিবলৈ সহায় কৰে।”

স্বৰ্গত ধন জমা কৰা

৯. যীচুৱে স্বৰ্গত ধন জমা কৰাৰ বিষয়ে কি কৈছিল আৰু তাৰ পৰা আমি কি শিকিব পাৰোঁ?

আমাৰ নিজৰ সন্তান বা অন্য ব্যক্তিয়ে নহওঁক কিয়, তেওঁলোকক শিষ্য বনোৱাটো ইমান সহজ নহয়। এই কাৰ্য্যৰ বাবে হয়তো যথেষ্ট সময় আৰু ধৈৰ্য্যৰ আৱশ্যক হʼব পাৰে। সদায় মনত ৰাখা আৱশ্যক যে বহুতে ভৌতিক সম্পত্তি গোটাবলৈ দিনে-ৰাতিয়ে পৰিশ্ৰম কৰিবলৈ আগ্ৰহী, আচলতে এই ভৌতিক সম্পত্তিয়ে তেওঁলোকলৈ প্ৰকৃত সুখ কঢ়িয়াই আনিব নোৱাৰে আৰু তদুপৰি এইবোৰ চিৰস্থায়ী নহয়। গতিকে যীচুৱে তেওঁৰ শ্ৰোতাসকলক কৈছিল যে ভৌতিক ধনৰ পৰিৱৰ্ত্তে আধ্যাত্মিক ধন জমা কৰাটো উত্তম হʼব। সেইবাবে তেওঁ কৈছিল: “যি ঠাইত পোকে আৰু মামৰে ক্ষয় কৰে, আৰু চোৰেও সিন্ধি দি চুৰ কৰে, এনে পৃথিবীত নিজলৈ ধন নাসাঁচিবা; কিন্তু যʼতে পোক আৰু মামৰে ক্ষয় নকৰে, চোৰেও সিন্ধি দি নিনিয়ে, এনে স্বৰ্গত নিজলৈ ধন সাঁচা।” (মথি ৬:১৯, ২০) আধ্যাত্মিক লক্ষ্য অৰ্থাৎ শিষ্য বনোৱাৰ গুৰুত্বপূৰ্ণ কাৰ্য্যত ভাগ লৈ যিহোৱাৰ ইচ্ছাৰ অনুসৰি চলি আমি সন্তুষ্টি লাভ কৰিব পাৰিম। এই সন্দৰ্ভত পাঁচনি পৌলে এইদৰে লিখিছিল: “তোমালোকে দেখুউৱা প্ৰেম আৰু তোমালোকৰ পৰিশ্ৰম যে ঈশ্বৰে পাহৰিব, তেওঁ এনে অধাৰ্ম্মিক নহয়।”—ইব্ৰী ৬:১০.

১০. (ক) যীচুৰ ওচৰত কিয় আধ্যাত্মিক ধন আছিল? (খ) যীচুৱে নিজকে কেনেকৈ সমুদায় মানৱজাতিৰ বাবে দান কৰিলে আৰু ইয়াৰ দ্বাৰাই তেওঁলোক কেনেকৈ লাভবান হʼল?

১০ যদি আমি শিষ্য বনোৱা কাৰ্য্যত কঠিন পৰিশ্ৰম কৰোঁ, তেন্তে আমি যীচুৱে কোৱাৰ অনুসাৰে “স্বৰ্গত নিজলৈ ধন” সাঁচিম। কেৱল ইয়ে আমালৈ প্ৰকৃত আনন্দ কঢ়িয়াই আনিব। যদি আমি নিস্বাৰ্থ হৈ দান কৰোঁ, তেনেহʼলে শেষত আমি সমৃদ্ধিশালী হʼম। ক্ষন্তেক যীচুৰ বিষয়ে বিবেচনা কৰক, তেওঁ বিশ্বাসীৰূপে কোটি কোটি বছৰ যিহোৱাৰ সেৱাত অতিবাহিত কৰি স্বৰ্গত কিমান যে ধন জমা কৰিছিল! তথাপি যীচুৱে কেতিয়াও নিজৰ হিতৰ বাবে ভাবা নাছিল। সেইবাবে পাঁচনি পৌলে তেওঁৰ বিষয়ে এইদৰে লিখিছিল: “[যীচুৱে] আমাৰ পিতৃ ঈশ্বৰৰ ইচ্ছাৰ দৰে, আমাক এই বৰ্ত্তমান মন্দ সংসাৰৰ পৰা উদ্ধাৰ কৰিবলৈ আমাৰ পাপৰ কাৰণে নিজকে দান কৰিলে।” (গালাতীয়া ১:৪) যীচুৱে নিস্বাৰ্থ হৈ কেৱল প্ৰচাৰ কাৰ্য্যই কৰিছিল এনে নহয়, কিন্তু তেওঁ গোটেই মানৱজাতিৰ বাবে নিজৰ জীৱনো বলিদান হিচাপে উৎসৰ্গ কৰিলে যাতে তেওঁলোকেও স্বৰ্গত ধন সাঁচিবলৈ সুযোগ পায়।

১১. আধ্যাত্মিক উপহাৰ ভৌতিক উপহাৰতকৈ কিয় উত্তম?

১১ যিহোৱাৰ বিষয়ে আনক শিকোৱাৰ দ্বাৰা আমি তেওঁলোকক, স্বৰ্গত কেতিয়াও নষ্ট নোহোৱা আধ্যাত্মিক ধন সাঁচিবলৈ সহায় কৰিম। আপুনি কেনেধৰণৰ বহুমূলীয়া উপহাৰ দান কৰিব পাৰে? যদি আপুনি নিজৰ বন্ধুক এটা বহুমূলীয়া ঘড়ী, এখন মটৰ গাড়ী বা এটা ধুনীয়া ঘৰ উপহাৰস্বৰূপে দিয়ে, তেতিয়া নিশ্চয়ে আনন্দিত আৰু কৃতজ্ঞতা হʼব আৰু আপুনিও দান কৰাৰ বাবে আনন্দ উপভোগ কৰিব। কিন্তু, ২০ বছৰ, ২০০ বছৰ বা ২০০০ বছৰৰ পাছত সেই উপহাৰ কেনে অৱস্থাত পৰিণত হʼব? আনহাতে যদি আপুনি নিজকে এজন ব্যক্তিক যিহোৱাৰ বিষয়ে শিকাবলৈ দান কৰে অৰ্থাৎ সহায় কৰে, তেন্তে তেওঁ বা তাই আপুনি দান কৰা সেই উপহাৰৰ পৰা চিৰকাললৈকে লাভবান হʼব পাৰিব।

সত্যৰ প্ৰতি আগ্ৰহ থকা ব্যক্তিসকলক বিচাৰি উলিওয়া

১২. আনক আধ্যাত্মিকৰূপে সহায় কৰিবলৈ বহুতে কেনেকৈ নিজকে দান কৰিলে?

১২ আজি যিহোৱাৰ সাক্ষীসকলে আনন্দিত হৈ এই দান দিয়া কাৰ্য্য গোটেই পৃথিৱীত কৰিছে। হাজাৰ সংখ্যক লোকে নিজৰ ঘৰ-বাৰী এৰি এনে ঠাইবোৰলৈ মিছনাৰী সেৱা কৰিছে যʼত তেওঁলোকে নতুন ভাষা আৰু সংস্কৃতি শিকিব লগা হৈছে। আন ভাই-ভনীসকলে নিজৰ দেশৰে এনে কিছুমান ঠাইলৈ গৈ ৰাজ্য প্ৰচাৰ কৰিছে, যʼত অধিক প্ৰচাৰকৰ আৱশ্যকতা আছে। বহুতে আকৌ নতুন ভাষা শিকিছে, যাৰ দ্বাৰাই তেওঁলোকে অন্য ঠাইবিলাকৰ পৰা আন ভাষা কোৱা লোকসকলক ৰাজ্যৰ বাৰ্ত্তাৰ বিষয়ে কʼবলৈ তেওঁলোকে সুযোগ লাভ কৰিছে। উদাহৰণস্বৰূপে, নিউয়ৰ্কত থকা জাৰছি নামৰ চহৰত এহাল দম্পতীয়ে নিজৰ দুজন পুতেকক দাঙৰ-দীঘল কৰাৰ পাছত তেওঁলোকে অগ্ৰগামী সেৱাত ভাগ লবলৈ আৰু লগতে চীন ভাষা শিকিবলৈ আৰম্ভ কৰে। বৰ্তমান সময়ত তেওঁলোকৰ দুয়োজন পুতেকে মুখ্য কাৰ্য্যলয়ত বেথেলাইট হিচাপে সেৱা কৰি আছে। তিনি বছৰৰ ভিতৰত সেই দম্পতীয়ে ওচৰতে থকা এখন কলেজৰ ৭৪ জন চীন দেশয়ী বিদ্যাৰ্থীৰ সৈতে বাইবেল অধ্যয়ন আৰম্ভ কৰে। আপুনিও অধিক আনন্দ লাভ কৰিবলৈ বিভিন্ন পদ্ধতিৰে প্ৰচাৰ কাৰ্য্যক বিস্তাৰিত কৰি শিষ্য বনোৱা কাৰ্য্য কৰিবলৈ সক্ষম হʼব নে?

১৩. আপুনি যদি আপোনাৰ প্ৰচাৰ কাৰ্য্যক অধিক ফলদায়ক কৰিব বিচাৰে তেনেহʼলে আপুনি কি কৰা উচিত?

১৩ আপুনি হয়তো বাইবেল অধ্যয়ন পৰিচালিত কৰিবলৈ ইচ্ছুক, কিন্তু এতিয়ালৈকে তেনে কৰিবলৈ সুযোগ পোৱা নাই। এইটো সঁচা যে কিছুমান দেশত আগ্ৰহী ব্যক্তিসকলক বিচাৰি পোৱাটো সহজ নহয়। হয়তো যিসকলক আপুনি সাক্ষাৎ কৰিলে তেওঁলোকে বাইবেলৰ প্ৰতি আগ্ৰহী নহবও পাৰে। যদি আপোনাৰ ক্ষেত্ৰতো তেনে হৈছে, তেনেহʼলে এই বিষয়ে নিতৌ আপোনাৰ প্ৰাৰ্থনাৰ দ্বাৰা যিহোৱাক নিৱেদন কৰক। কিয়নো যিহোৱা আৰু যীচু খ্ৰীষ্ট, এই দুয়ো জনাই প্ৰচাৰ কৰ্য্যৰ প্ৰতি অতি আগ্ৰহী আৰু তেওঁলোকে আপোনাক মেৰৰ দৰে লোকসকলক বিচাৰি পাবলৈ সহায় কৰিব। ইয়াৰ ওপৰিও আপুনি আপোনাৰ মণ্ডলীত থকা অনুভৱী ব্যক্তিসকল বা প্ৰচাৰ কাৰ্য্যত অধিক ফলদায়ক হোৱা ভাই-ভনীসকলৰ পৰা পৰামৰ্শ বিচাৰক। তদুপৰি খ্ৰীষ্টান সভাবোৰত দিয়া পৰামৰ্শ আৰু প্ৰশিক্ষণৰ সম্পূৰ্ণ সুবিধা লওঁক। পৰিব্ৰাজক অধক্ষ্য আৰু তেওঁলোকৰ পত্নীসকলৰ পৰা লাভ কৰা পৰামৰ্শ অনুসাৰে কাৰ্য্য কৰক। সকলোতকৈ আৱশ্যকীয় বিষয় হৈছে, আপুনি কেতিয়াও নিৰুৎসাহী নহব। এই বিষয়ে এজন জ্ঞানী ব্যক্তিয়ে এইদৰে লিখিছিল: “তুমি ৰাতিপূৱা তোমাৰ কঠীয়া সিঁচা আৰু গধুলী পৰতো তোমাৰ হাত কোঁচাই নাৰাখিবা; কিয়নো ইটো বা সিটো কোনটো সফল হব, নাইবা দুয়ো একে সমানে উত্তম হব, তাক তুমি নাজানা।” (উপদেশক ১১:৬) একেসময়তে বিশ্বাসী নোহ আৰু যিৰিমিয়াৰ আৰ্হিক বিবেচনা কৰক। যদিও বহুতো কম লোকেহে তেওঁলোকৰ বাৰ্ত্তাৰ প্ৰতি কাণ দিছিল, কিন্তু তথাপি তেওঁলোকে প্ৰচাৰকাৰ্য্যত সফলতা লাভ কৰিছিল। তেওঁলোকৰ এনে কাৰ্য্যই যিহোৱাৰ মন আনন্দিত কৰিছিল।

সম্পূৰ্ণ শক্তি আৰু সামৰ্থ্যৰে কাৰ্য্য কৰা

১৪. যিসকলে ঈশ্বৰৰ সেৱাত গোটেই জীৱন অতিবাহিত কৰিলে, যিহোৱাই তেনে বৃদ্ধ ব্যক্তিসকলৰ প্ৰতি কেনে দৃষ্টি ৰাখে?

১৪ কেতিয়াবা হয়তো আপুনি বিচৰা অনুসাৰে প্ৰচাৰ কাৰ্য্য কৰিবলৈ পৰিস্থিতিয়ে অনুমতি নিদিব পাৰে। উদাহৰণস্বৰূপে, বৃদ্ধ হোৱাৰ বাবে হয়তো আপুনি যিহোৱাৰ সেৱাত অধিক সময় অতিবাহিত কৰিব নোৱাৰে। তেতিয়াও আপুনি সেই জ্ঞানী ব্যক্তিজনে কোৱা কথাশাৰীক মনত ৰাখিব পাৰে। কিয়নো তেওঁ এইদৰে কৈছিল: “ধাৰ্ম্মিকতাৰূপ পথত পোৱা পকা কেশ শোভাৰ কিৰীটিস্বৰূপ।” (হিতোপদেশ ১৬:৩১) তেওঁ গোটেই জীৱন ঈশ্বৰৰ সেৱাত অতিবাহিত কৰাৰ বাবে যিহোৱাই তেওঁৰ কাৰ্য্যত সন্তুষ্ট হয়। আগলৈ সেই শাস্ত্ৰীয় পদে এইদৰে কৈছে: “বৃদ্ধ-অৱস্থালৈকে সেই ময়ে, আৰু চুলি পকা কাললৈকে ময়েই তোমালোকক বম; ময়েই নিৰ্ম্মাণ কৰিলোঁ, আৰু ময়েই লৈ যাম; এনে কি, ময়েই বম আৰু উদ্ধাৰ কৰিম।” (যিচয়া ৪৬:৪) এতেকে আমাৰ মৰমীয়াল পিতৃয়ে কৰা প্ৰতিজ্ঞাবোৰে তেওঁৰ বিশ্বাসী লোকসকলক বল আৰু সামৰ্থ্য প্ৰদান কৰে।

১৫. আপুনি বিশ্বাস কৰেনে যে যিহোৱাই আপোনাৰ পৰিস্থিতিক বুজি পায়? কিয় আপুনি তেনে বিশ্বাস কৰে?

১৫ আপুনি হয়তো বেমাৰ, অবিশ্বাসী সঙ্গীৰ বিৰোধীতা, পৰিয়ালৰ গম্ভীৰ দায়িত্ব বা অন্য কিছুমান সমস্যাৰ সন্মূখীন হʼবলগীয়া হৈছে। কিন্তু, সদায় মনত ৰাখক যে যিহোৱাই আমাৰ পৰিস্থিতি আৰু পৰিসীমাৰ বিষয়ে ভালদৰে জানে আৰু আমি সম্পূৰ্ণ মন আৰু শক্তিৰে তেওঁৰ সেৱা কৰিবলৈ কৰা প্ৰচেষ্টাৰ বাবে তেওঁ আমাক প্ৰেম কৰে। এইটো সঁচা যে আমি যিহোৱাৰ সেৱা আনৰ দৰে অধিক কৰিব নোৱাৰোঁ। (গালাতীয়া ৬:৪) কিন্তু যিহোৱাই জানে যে আমি অপৰিপূৰ্ণ মানৱ, সেইবাবে তেওঁ আমাৰ পৰা বহু অপেক্ষা নকৰে। (গীতমালা ১৪৭:১১) যদি আমি সম্পূৰ্ণ শক্তি আৰু সামৰ্থ্যৰে যিহোৱাৰ সেৱা কৰোঁ, তেন্তে আমি নিশ্চিত হʼব পাৰোঁ যে তেওঁ আমাৰ প্ৰৰিশ্ৰম আৰু বিশ্বাসক বহুমূলীয়া হিচাপে দৃষ্টি কৰে।—লূক ২১:১-৪.

১৬. এজন ব্যক্তিক শিষ্য বনোৱাত কেনেকৈ গোটেই মণ্ডলীয়ে অংশ গ্ৰহণ কৰে?

১৬ সদায় মনত ৰাখক যে শিষ্য বনোৱা কাৰ্য্য সমূহীয়াকৈ কৰা কাৰ্য্য। কিয়নো এটোপাল বৰষুণৰ পানীয়ে যেনেকৈ এজোপা গছক জীয়াই ৰাখিব নোৱাৰে, ঠিক তেনেদৰে আমিও ব্যক্তিগতৰূপে কোনো এজন ব্যক্তিক শিষ্য বনাব নোৱাৰো। এইটো সঁচা যে এজন সাক্ষীয়ে হয়তো এজন আগ্ৰহী ব্যক্তি বিচাৰি বাইবেল অধ্যয়ন কৰিব পাৰে। কিন্তু যেতিয়া সেই আগ্ৰহী ব্যক্তিজনে ৰাজ্যগৃহলৈ আহি সভাত উপস্থিত হয়, তেতিয়া সম্পূৰ্ণ মণ্ডলীয়ে তেওঁক বা তাইক সত্য শিকাত সহায় কৰে। উদাহৰণস্বৰূপে তেওঁ বা তাই ভাতৃত্ব সমাজৰ পৰা পোৱা প্ৰেমত যিহোৱাৰ আত্মাৰ আভাস পায়। (১ কৰিন্থীয়া ১৪:২৪, ২৫) ডেকা, কণ-কণ লʼৰা-ছোৱালী আৰু নতুনকৈ অহা আগ্ৰহী ব্যক্তিসকলে দিয়া উৎসাজনক মন্তব্যৰ যোগেদি স্পষ্টকৈ দেখা পাই যে আমাৰ যুৱক-যুৱতীসকল আৰু কণ-কণ লʼৰা-ছোৱালীবিলাক এই জগতৰ যুৱক-যুৱতী আৰু লʼৰা-ছোৱালীতকৈ সম্পূৰ্ণ পৃথক। আনহাতে মণ্ডলীত থকা বৃদ্ধ আৰু ৰোগী ভাই-ভনীসকলক দেখি নতুন আগ্ৰহী ব্যক্তিসকলে কেনেকৈ ধৈৰ্য্য ধৰিব লাগে তাৰ বিষয়ে শিকিব পাৰে। আমাৰ সকলোৱে বিভিন্ন বয়স বা সীমিত হোৱাৰ স্বত্ত্বেও আগ্ৰহী ব্যক্তিসকলক বাইবেলৰ সত্যক হৃদয়েৰে প্ৰেম কৰিবলৈ আৰু বাপ্তিষ্মা লবলৈ অগ্ৰসৰ হোৱাত এক গুৰুত্বপূৰ্ণ ভূমিকা আদায় কৰে। আমি প্ৰচাৰকাৰ্য্য, পুনৰ সাক্ষাৎ আৰু মণ্ডলীত অহা আগ্ৰহী ব্যক্তিসকলৰ সৈতে কৰা আলোচনাত অতিবাহিত কৰা প্ৰত্যেকটো ঘন্টা আমাৰ বাবে হয়তো অনৰ্থক যেন লাগিব পাৰে। বাস্তৱতে এইটো হৈছে যিহোৱাই সম্পন্ন কৰা কাৰ্য্যৰ এটা মহান ভাগ।

১৭, ১৮. (ক) শিষ্য বনোৱা কাৰ্য্যৰ ওপৰিও আমি আন কেনেধৰণৰ দান কৰা যোগেদি আনন্দিত হʼব পাৰোঁ? (খ) আনন্দেৰে দান কৰা কাৰ্য্যত ভাগ লৈ আমি কাক অনুকৰণ কৰোঁ?

১৭ দৰাচলতে আমি খ্ৰীষ্টান হোৱাৰ হেতুকে শিষ্য বনোৱাৰ এই গুৰুত্বপূৰ্ণ কামৰ ওপৰিও অন্য প্ৰকাৰে দান কৰাৰ যোগেদি আনন্দিত হʼব পাৰোঁ। উদাহৰণস্বৰূপে, সত্য উপাসনাক আগবঢ়াবলৈ আৰু আৱশ্যকতা থকা লোকক সহায় কৰিবৰ নিমিত্তে আমি দান-বৰঙণি দি সহায় কৰিব পাৰোঁ। (লূক ১৬:৯; ১ কৰিন্থীয়া ১৬:১, ২) ইয়াৰ ওপৰিও আমি অতিথিসেৱা কৰাৰ সুযোগ লʼব পাৰোঁ। (ৰোমীয়া ১২:১৩) এতেকে আঁহক আমি “সকলোলৈ, বিশেষকৈ পৰিয়ালস্বৰূপ বিশ্বাস কৰাবিলাকলৈ হিতজনক কৰ্ম্ম কৰোঁহঁক।” (গালাতীয়া ৬:১০) আমি আনক দান কৰাৰ সকলোতকৈ সৰল পদ্ধতিবোৰ হৈছে, পত্ৰ লিখা, টেলিফোনৰ দ্বাৰা কথা-বতৰা হোৱা, কোনো উপহাৰ দিয়া বা কোনো কাৰ্য্যত সহায় কৰা বা কোনো উৎসাহিতজনক বিষয়ে কথা কোৱা।

১৮ দান কৰাৰ যোগেদি প্ৰকাশ কৰিব পাৰোঁ যে আমি আমাৰ স্বৰ্গীয় পিতৃ যিহোৱাক অনুকৰণ কৰোঁ। আমি আমাৰ মাজত থকা ভাতৃত্ব প্ৰেম প্ৰকাশ কৰি খ্ৰীষ্টান চিনাক্তকৰণৰ প্ৰমাণ দিব পাৰোঁ। (যোহন ১৩:৩৫) গতিকে সদায়ে এইবোৰৰ বিষয়ে মনত ৰাখিলে আমি দান কৰাৰ যোগেদি আনন্দ লাভ কৰিবলৈ সহায় কৰিব। (w01 7/1)

আপুনি বৰ্ণনা কৰিব পাৰিবনে?

• যিহোৱা আৰু যীচুৱে আমাক আধ্যাত্মিকৰূপে দান কৰাৰ যোগেদি কেনেকৈ উত্তম আৰ্হি প্ৰস্তুত কৰিলে?

• আমি কেনেকৈ চিৰকলীয়া বন্ধুত্ব স্থাপন কৰিব পাৰোঁ?

• আমাৰ প্ৰচাৰকাৰ্য্যক অধিক ফলদায়ক কৰি তুলিবলৈ হʼলে কেনেধৰণৰ পদক্ষেপ লোৱা উচিত?

• গোটেই মণ্ডলীয়ে দান কৰাৰ যোগেদি কেনেকৈ আনন্দিত হʼব পাৰে?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[১৩ পৃষ্ঠাৰ ছবি]

যেতিয়া লʼৰা-ছোৱালীবিলাকে পিতৃ-মাতৃয়ে দিয়া প্ৰশিক্ষণৰ অনুসাৰে জীৱন-যাপন কৰে, তেতিয়া পিতৃ-মাতৃয়ে অতি আনন্দ আৰু সন্তুষ্টি অনুভৱ কৰে

[১৫ পৃষ্ঠাৰ ছবি]

শিষ্য বনোৱাৰ দ্বাৰা আমি তেওঁলোকৰ সৈতে প্ৰকৃত বন্ধুত্ব গঢ়ি তুলিব পাৰোঁ।

[১৬ পৃষ্ঠাৰ ছবি]

যিহোৱাই আমাক বৃদ্ধ অৱস্থাত শক্তি প্ৰদান কৰে

[১৭ পৃষ্ঠাৰ ছবি]

আমি দান কৰা যদিও অতি সাধাৰণ হয়, কিন্তু ই আমালৈ আনন্দ কঢ়িয়াই আনে