Skip to content

Skip to table of contents

বাইবেলখনৰ সম্পৰ্কে বুজিবলৈ সহায় কৰক

বাইবেলখনৰ সম্পৰ্কে বুজিবলৈ সহায় কৰক

বাইবেলখনৰ সম্পৰ্কে বুজিবলৈ সহায় কৰক

 বাইবেলখন হৈছে এখন অসাধাৰণ কিতাপ। ইয়াৰ লিখকসকলে দাবী কৰে যে তেওঁলোকে ঈশ্বৰৰ দ্বাৰা প্ৰেৰিত হৈ বাইবেলখন লিখিছিল। বাস্তৱতে এই সম্বন্ধে পোৱা প্ৰমাণসমূহেও তেওঁলোকৰ দাবীক সঁচা বুলি প্ৰমাণ দিয়ে। (২ তীমথিয় ৩:১৬) আন-আন বিষয়বোৰৰ সম্পৰ্কে বৰ্ণনা কৰাৰ ওপৰিও, বাইবেলে কয় যে আমি কʼৰ পৰা আহিলোঁ, আমি কিয় ইয়াত আছোঁ আৰু আমি কʼলৈ গৈ আছোঁ। গতিকে বাইবেলখন হৈছে সঁচাকৈ বিবেচনা কৰিবলগীয়া এখন উপযুক্ত কিতাপ!

হয়তো আপুনিও বাইবেলখন পঢ়িবলৈ চেষ্টা কৰিছিল, কিন্তু ইয়াৰ বিষয়বোৰৰ সম্পৰ্কে বুজিব নোৱাৰিলে। সম্ভৱতঃ আপুনি হয়তো নাজানে যে আপোনাৰ প্ৰশ্নবোৰৰ সঠিক উত্তৰ বাইবেলৰ পৰা কেনেকৈ বিচাৰিব পাৰি। কেৱল আপুনিয়েই যে বিমোৰত পৰিছে এনে নহয়। আপোনাৰ দৰে প্ৰথম শতাব্দীতো এজন কুচ-দেশীয় ব্যক্তিয়েও বিমোৰত পৰিছিল। সেই ব্যক্তিজনে যিৰূচালেমৰ পৰা নিজৰ দেশ অৰ্থাৎ কুচ দেশলৈ ৰথেৰে উভটি যোৱা পথত, প্ৰায় সাতশ বছৰৰ পূৰ্বেই লিখা বাইবেলৰ যিচয়া নামৰ পুস্তকখন উচ্চস্বৰে পঢ়িছিল।

হঠাতে ফিলিপ নামৰ এজন ব্যক্তিয়ে তেওঁৰ ৰথৰ কাষেৰে দৌৰি আহি তেওঁক উদ্দেশ্য কৰি মাতিলে। ফিলিপ এজন যীচুৰ শিষ্য আছিল। তেওঁ সেই কুচ-দেশীয় ব্যক্তিজনক এইদৰে সুধিলে: “আপুনি যি পঢ়িছে তাক বুজিছে নে?” তাতে সেই ব্যক্তিজনে উত্তৰ দি কলে: “কোনো এজনে মোক বুজাই নিদিলে, মই কেনেকৈ বুজিম?” তাৰ পাছত তেওঁ ফিলিপক ৰথত উঠিবলৈ নিৱেদন কৰিলে। ফিলিপে তেওঁক সেই পঢ়া অংশটো বুজাই দিলে আৰু “যীচুৰ শুভবাৰ্ত্তা প্ৰচাৰ কৰিলে।”—পাঁচনিৰ কৰ্ম্ম ৮:৩০-৩৫.

প্ৰাচীন সময়ত যেনেকৈ ফিলিপে সেই কুচ-দেশীয় ব্যক্তিক ঈশ্বৰৰ বাক্যৰ বিষয়ে বুজাই দিছিল, একেইদৰে বৰ্তমান সময়তো যিহোৱাৰ সাক্ষীসকলে লোকসকলক বাইবেলৰ বিষয়ে বুজিবলৈ সহায় কৰে। তেওঁলোকে আপোনাকো সহায় কৰিবলৈ আনন্দ অনুভৱ কৰে। সাধাৰণতে শৃঙ্খলাবদ্ধভাৱে মুখ্য শিক্ষাসমূহৰ সৈতে বাইবেলখন অধ্যয়ন কৰিলে লাভজনক হয়। (ইব্ৰী ৬:১) যেনেকৈ আপুনি উন্নতি কৰিব, পাঁচনি পৌলে কোৱাৰ দৰে “টান আহাৰ” গ্ৰহণ কৰা অৰ্থাৎ সত্যৰ গভীৰ বিষয়সমূহক বুজিব পাৰিব। (ইব্ৰী ৫:১৪) আপুনি বাইবেলখন পঢ়াৰ ওপৰিও যদি ইয়াৰ ওপৰত আধাৰিত কৰি প্ৰকাশ কৰা আন আন প্ৰকাশনসমূহ পঢ়ে, তেনেহʼলে সেই প্ৰকাশনবোৰে আপোনাক বাইবেলৰ বিভিন্ন বিষয়সমূহক বুজাত সহায় কৰিব।

এই অধ্যয়ন সাধাৰণতে আপোনাৰ সুবিধাজনক স্থান আৰু সময়ৰ অনুসৰি কৰা হয়। কিছুমানে টেলিফোনৰ দ্বাৰাও এই অধ্যয়ন কৰে। এই অধ্যয়ন স্কুল বা কলেজৰ দৰে কোনো ক্লাচ ৰুমত কৰা নহয়; কিন্তু, ইয়াৰ বিপৰীতে এই অধ্যয়ন আপোনাৰ সম্পূৰ্ণকৈ নিজস্ব পৰিস্থিতি, পৰিবেশ আৰু শিক্ষাগত অৰ্হতাৰ অনুসৰি কৰা হয়। তদুপৰি এই অধ্যয়নৰ বাবে কোনো ফিচ লোৱা নহয়। (মথি ১০:৮) ইয়াৰ বাবে আপুনি কোনো পৰীক্ষাত বহিব নালাগে আৰু লাজতো পৰিব নালাগে। এই অধ্যয়নৰ দ্বাৰা আপোনাৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া হʼব আৰু আপুনি ঈশ্বৰৰ সৈতে এক নিবিড় সম্বন্ধ গঢ়ি তুলিব পাৰিব। গতিকে আপুনি কিয় সম্পূৰ্ণকৈ বাইবেলখন অধ্যয়ন কৰিব লাগে? এই সম্পৰ্কে কিছুমান কাৰণক বিবেচনা কৰক, কিয়নো এই অধ্যয়নে আপোনাৰ জীৱনলৈ আনন্দ কঢ়িয়াই আনিব পাৰে। (w01 7/1)