Skip to content

Skip to table of contents

“বাস্তৱতে ঈশ্বৰে মানুহক নৰকৰ অগ্নিৰ দ্বাৰা শাস্তি দিয়েনে?”

“বাস্তৱতে ঈশ্বৰে মানুহক নৰকৰ অগ্নিৰ দ্বাৰা শাস্তি দিয়েনে?”

“বাস্তৱতে ঈশ্বৰে মানুহক নৰকৰ অগ্নিৰ দ্বাৰা শাস্তি দিয়েনে?”

 “আপুনি ধৰ্ম্মতত্ত্বৰ বিষয়ে শিক্ষা গ্ৰহণ কৰিছেনে?”

এই প্ৰশ্নটোৱে জয়েল্‌ আৰু কাৰ্ল নামৰ দুজন ব্যক্তিক আচৰিত কৰি তুলে। এই দুজন ডেকা ব্যক্তিয়ে নিউয়ৰ্কৰ ব্ৰুকলিন নামৰ চহৰত থকা যিহোৱাৰ সাক্ষীসকলৰ মুখ্য কাৰ্য্যলয়ত স্বেচ্ছাকৰ্ম্মী হিচপে কাৰ্য্য কৰে। এদিনাখন তেওঁলোকে ওচৰত থকা এখন বুকস্টললৈ গৈছিল, তাত জয়েলে এখন বাইবেলৰ নিৰ্ঘন্ট নিৰীক্ষণ কৰি আছিল আৰু কাৰ্লে তেওঁক প্ৰচাৰ ক্ষেত্ৰত গৃহস্থৰ সৈতে হোৱা এটা আলোচনাৰ বিষয়ে ব্যাখ্যা কৰিছিল। এনেতে এজন ব্যক্তিয়ে তেওঁলোকৰ কাষলৈ আহিল, যিজনে তেওঁলোকৰ কথা-বতৰা শুনি আছিল।

সেই ব্যক্তিজনে সেই দুজন যুৱক ভায়ে ধৰ্ম্মতত্ত্বৰ শিক্ষা লৈছে নে নাই, এই বিষয়ে গুৰুত্ব নিদি তেওঁলোকৰ ওপৰতহে ব্যক্তিগতভাৱে বিবেচনা কৰিছিল। তেওঁ সেই ভাই দুজনক এইদৰে কৈছিল: “মই এজন যিহূদী হওঁ, মোৰ কিছুমান খ্ৰীষ্টান বন্ধুয়ে মোক কʼলে যে যিহূদীসকলে যীচুক অস্বীকাৰ কৰাৰ বাবে ময়ো নৰকৰ অগ্নিত যাতনা ভূগিব লাগিব। এই বিষয়টোৱে মোৰ মনত বৰকৈ আমনি কৰিছে। কিয়নো এজন দয়ালু ঈশ্বৰে এনে ধৰণৰ শাস্তি দিয়াটো ন্যায়সঙ্গত নহয়। ঈশ্বৰে মানুহক নকৰকৰ অগ্নিত দগ্ধ হʼবলৈ দণ্ডাজ্ঞা দিয়েনে?”

জয়েল্‌ আৰু কাৰ্লে এই সৰল মনৰ ব্যক্তিজনক কয় যে তেওঁলোকে গভীৰভাৱে বাইবেলখন অধ্যয়ন কৰে। পাছত তেওঁলোকে সেই ব্যক্তিজনক শাস্ত্ৰৰ পৰা দেখুৱাই যে মৃত্যুবিলাকৰ কোনো চেতনা নাই আৰু মৃত্যুবিলাকৰ অৱস্থাক শুই থকা এজন ব্যক্তিৰ সৈতে তুলনা কৰিব পাৰি। তেওঁলোক পুনৰুত্থানৰ বাবে অপেক্ষা কৰি আছে। তেওঁলোকে কাহানিও তেনেধৰণৰ হৃদয় বিদাৰক যাতনা পোৱা বা নৰকৰ অগ্নিত জ্বলি থকা নাই। (গীতমালা ১৪৬:৩, ৪; উপদেশক ৯:৫, ১০; দানিয়েল ১২:১৩; যোহন ১১:১১-১৪, ২৩-২৬) প্ৰায় ৪৫ মিনিটলৈকে ব্যক্তিজনে সেই দুজন ডেকা ভাইৰ সৈতে আলোচনা কৰাৰ পাছত, তেওঁৰ নিজৰ ঠিকনা দি জয়েল্‌ আৰু কাৰ্লক এই বিষয়টোৰ ওপৰত অধিক সংবাদ দিবলৈ অনুৰোধ কৰে।

দৰাচলতে নৰক যদি এখন অগ্নিৰে যাতনা দিয়াৰ স্থান হোৱা হʼলে, কোনো এজনে তালৈ গৈ যাতনা ভূগিবলৈ ইচ্ছা কৰিলেহেঁতেঁন নে? এই বিষয়ে বিশ্বাসী ইয়োবে এইদৰে কৈছিল: “কোনে মোক নৰকত তোমাৰ ক্ৰোধ মাৰ নাযায়মানে লুকুৱাই ৰাখিব?” (ইয়োব ১৪:১৩, ডোৱে ভাৰচন্‌) বাস্তৱতে, ইয়োবে তেনেধৰণৰ স্থান আছে বুলি কেতিয়াও বিশ্বাস কৰা নাছিল। ইয়াৰ পৰিৱৰ্ত্তে তেওঁক তাত লুকুৱাই ৰাখিবলৈ বিনয় কৰিছিল। মৃত্যু হৈছে এক অস্তিত্বহীন অৱস্থা আৰু বাইবেলত উল্লেখ কৰা নৰক হৈছে, মানৱজাতিৰ সাধাৰণ সমাধি বা কবৰ।

যদি আপুনি মৃত্যুৰ পাছত আমালৈ কি ঘটে আৰু তাৰ পাছত কি আশা আছে, এই বিষয়ে অধিক জানিব বিচাৰিছে তেন্তে তলত দিয়া আমন্ত্ৰণটোক গ্ৰহণ কৰক।