Skip to content

Skip to table of contents

যিহোৱাৰ জ্ঞানত আনন্দিত হোৱা

যিহোৱাৰ জ্ঞানত আনন্দিত হোৱা

যিহোৱাৰ জ্ঞানত আনন্দিত হোৱা

“যিবিলাকে ঈশ্বৰৰ বাক্য শুনি পালন কৰে, তেওঁবিলাকহে ধন্য।”—লূক ১১:২৮.

১. যিহোৱাই আদম আৰু হৱাক নিৰ্দ্দেশনা দিবলৈ কেতিয়াৰ পৰা আৰম্ভ কৰিছিল?

 যিহোৱাই মানৱজাতিক প্ৰেম কৰে আৰু তেওঁলোকৰ হিতৰ প্ৰতি অতি আগ্ৰহী। সেইবাবে তেওঁ যে তেওঁলোকক নিৰ্দ্দেশনা দিয়ে তাকে জানি আচৰিত হোৱাৰ কোনো কাৰণ নাই। তেওঁৰ এই নিৰ্দ্দেশনা এদন বাগিছাৰ পৰাই আৰম্ভ হৈছিল। আদিপুস্তক ৩:৮ পদত আদম আৰু হৱাৰ সৈতে ঘটা এটা ঘটনাৰ সম্পৰ্কে এইদৰে কৈছে: “পাছে ঈশ্বৰ যিহোৱাই দিনৰ জুৰ পৰা সময়ত বাৰীৰ মাজত অহা-যোৱা কৰা শব্দ সিবিলাকে শুনিবলৈ পালে।” কিছুমানে হয়তো কʼব পাৰে যে, প্ৰত্যেক দিনা সেই সময়ছোৱাত আদমক নিৰ্দ্দেশনা দিয়াতো যিহোৱাৰ দস্তুৰ আছিল। যিয়েই নহওঁক বাইবেলে স্পষ্টকৈ কৈছে যে যিহোৱাই আদমক কেৱল নিৰ্দ্দেশনা দিছিল এনে নহয়, কিন্তু মানুহে কেনেকৈ তেওঁৰ উদ্দেশ্যক বহন কৰিব পাৰে, এই বিষয়ে শিক্ষাও প্ৰদান কৰিছিল।—আদিপুস্তক ১:২৮-৩০.

২. প্ৰথম মানৱ দম্পতীয়ে কেনেকৈ নিজকে যিহোৱাৰ নিৰ্দ্দেশনাৰ পৰা বঞ্চিত কৰিলে আৰু তাৰ কি পৰিণাম হʼল?

যিহোৱাই আদম আৰু হৱাক সমূদায় পৃথিৱী আৰু তাত থকা সকলো জীৱ-জন্তুৰ ওপৰত শাসন কৰিবলৈ অধিকাৰ দিছিল। কিন্তু কেৱল এটা ক্ষেত্ৰতহে তেওঁলোকক নিষেধ কৰিছিল আৰু সেই নিষেধজ্ঞা আছিল বাৰীৰ মাজত থকা ভাল বেয়া জ্ঞান দিওঁতাৰ বৃক্ষৰ ফল যেন তেওঁলোকে নাখায়। কিন্তু চয়তানৰ দ্বাৰা প্ৰলোভিত হৈ তেওঁলোকে ঈশ্বৰৰ এই আজ্ঞাক উলংঘন কৰিলে। (আদিপুস্তক ২:১৬, ১৭; ৩:১-৬) তেওঁলোকে নিজৰ বাবে কি ভাল আৰু কি বেয়া, এই নিৰ্ণয় লৈ স্বাধীন হৈ কাৰ্য্য কৰিবলৈ বাচি ললে। তেওঁলোকে অজ্ঞানীৰূপে তেনে পদক্ষেপ লোৱাৰ বাবে নিজকে প্ৰেমময় সৃষ্টিকৰ্ত্তাৰ নিৰ্দ্দেশনাৰ পৰা বঞ্চিত কৰিলে। ফলস্বৰূপে, তেওঁলোকে নিজলৈ আৰু আহিবলগীয়া সতি-সন্ততিৰ বাবে ভয়ানক পৰিণাম কঢ়িয়াই আনিলে। ক্ৰমান্বয়ে আদম আৰু হৱা বৃদ্ধ হʼবলৈ ধৰিলে আৰু শেষত তেওঁলোকৰ মৃত্যু হʼল। তেওঁলোকৰ পুনৰুত্থান হোৱাৰ কোনো আশা নাথাকিল। তদুপৰি তেওঁলোকৰ সন্তান-সন্ততিবিলাকেও উত্তৰাধিকাৰ হিচাপে পাপ আৰু মৃত্যু লাভ কৰিলে।—ৰোমীয়া ৫:১২.

৩. যিহোৱাই কয়িনক কিয় নিৰ্দ্দেশনা দিছিল আৰু কয়িনে তাৰ প্ৰতি কেনে প্ৰতিক্ৰিয়া দেখুৱালে?

এদন বাগিছাত আদম আৰু হৱাই ঈশ্বৰৰ বিৰোধ কৰাৰ স্বত্ত্বেও, যিহোৱাই মানুহক একেৰাহে নিৰ্দ্দেশনা দি আছিল। যেতিয়া তেওঁলোকৰ প্ৰথম পুত্ৰ কয়িনে পাপৰ দুৱাৰদলিত ভৰি দিছিল, তেতিয়া যিহোৱাই তেওঁক সেই পথ ত্যাগ কৰি “উত্তম কাৰ্য্য” কৰাৰ সম্পৰ্কে সতৰ্ক কৰিছিল। কিন্তু কয়িনে এই প্ৰেমময় পৰামৰ্শ অগ্ৰাহ্য কৰিলে আৰু নিজৰ ভায়েক হেবলক হত্যা কৰিলে। (আদিপুস্তক ৪:৩-৮) এইদৰে পৃথিৱীত থকা এই তিনিজন মানৱ প্ৰাণীয়ে তেওঁলোকৰ লাভৰ অৰ্থে দিয়া জীৱন দিওঁতা ঈশ্বৰৰ নিৰ্দ্দেশনাৰ অনুসাৰে চলিবলৈ ত্যাগ দিলে। (যিচয়া ৪৮:১৭) এই অবাধ্যতা যিহোৱাৰ বাবে কিমান যে হৃদয় বিদাৰক বিষয় আছিল!

প্ৰাচীন সময়ত থকা বিশ্বাসী ব্যক্তিসকলকো যিহোৱাই নিজৰ জ্ঞান প্ৰদান কৰিছিল

৪. আদমৰ সতি-সন্ততিৰ সম্পৰ্কে যিহোৱাৰ কেনে নিশ্চয়তা আছিল আৰু তেওঁলোকক কেনে আশাদায়ক সংবাদ প্ৰদান কৰিলে?

যদিও যিহোৱাৰ ওচৰত মানৱজাতিক নিৰ্দ্দেশনা নিদিবলৈ সকলো কাৰণ আছিল, তথাপিও তেওঁ তেনে নকৰিলে। কিয়নো তেওঁ নিশ্চিত আছিল যে আদমৰ কিছুমান সন্তান-সন্ততিয়ে বুদ্ধিমানৰূপে যিহোৱাৰ নিৰ্দ্দেশনাক পালন কৰিব। সেইবাবে যেতিয়া আদম আৰু হৱাক তেওঁলোকে কৰা কাৰ্য্যৰ বাবে দণ্ডাজ্ঞা দিছিল, তেতিয়া তেওঁ ভাৱী “বংশৰ” বিষয়ে উল্লেখ কৰিছিল। সেই ভাৱী বংশই সৰ্প অৰ্থাৎ চয়তানৰ বিৰোদ্ধে থিয় হʼব আৰু যথাসময়ত তাৰ মূৰ গুড়ি কৰিব। (আদিপুস্তক ৩:১৫) “যিবিলাকে ঈশ্বৰৰ বাক্য শুনি পালন কৰে,” তেওঁবিলাকৰ বাবে এই ভৱিষ্যতবাণী এক আনন্দৰ সংবাদ আছিল।—লূক ১১:২৮.

৫, ৬. সা.যু. প্ৰথম শতাব্দীৰ পূৰ্বেই যিহোৱাই কিদৰে তেওঁৰ লোকসকলক নিৰ্দ্দেশনা দিছিল আৰু ই তেওঁলোকৰ বাবে কেনেকৈ লাভদায়ক আছিল?

যিহোৱাই প্ৰাচীন সময়ত থকা বিশ্বাসী লোকসকল যেনে, নুহ, অব্ৰাহাম, ইচহাক, যাকোব আৰু ইয়োবক তেওঁৰ উদ্দেশ্যৰ বিষয়ে জনাইছিল। (আদিপুস্তক ৬:১৩; যাত্ৰাপুস্তক ৩৩:১; ইয়োব ৩৮:১-৩) পাছলৈ যিহোৱাই মোচিৰ দ্বাৰা সেই সকলোবোৰ নিৰ্দ্দেশনা ইস্ৰায়েল জাতিক বিধি-ব্যৱস্থা হিচাপে প্ৰদান কৰিলে। মোচিৰ এই বিধি-ব্যৱস্থাসমূহ তেওঁলোকৰ বাবে বিভিন্ন দিশত লাভদায়ক বুলি প্ৰমাণিত হʼল। উদাহৰণস্বৰূপে, তেওঁলোকে এই ব্যৱস্থাক পালন কৰি নিজকে অন্যজাতিৰ পৰা পৃথকে থাকি ঈশ্বৰৰ বিশেষ লোক বুলি পৰিচয় দিছিল। তদুপৰি, ঈশ্বৰে ইস্ৰায়েসকলক আশ্বাস দিছিল যে যদি তেওঁলোকে ব্যৱস্থাৰ অনুসাৰে চলে, তেন্তে কেৱল যে ভৌতিকৰূপে আশীৰ্ব্বাদ লাভ কৰিব এনে নহয়, কিন্তু আধ্যাত্মিকতা, ৰাজ্যৰ পুৰোহিত আৰু পবিত্ৰ জাতি হিচাপে আশীৰ্ব্বাদ লাভ কৰিব। ইয়াৰ ওপৰিও সেই বিধি-ব্যৱস্থাই তেওঁলোকৰ স্বাথ্য সুস্থ থাকিবলৈ খাদ্য আৰু পৰিষ্কাৰ-পৰিছন্নতাৰ বিষয়েও মাৰ্গ-দৰ্শন দিছিল। তদুপৰি, যিহোৱাই তেওঁলোকক আজ্ঞা উলংঘন কৰাৰ বাবে ভোগীবলগীয়া ভয়ানক পৰিণামৰ বিষয়েও কৈছিল।—যাত্ৰাপুস্তক ১৯:৫, ৬; দ্বিতীয় বিবৰণ ২৮:১-৬৮.

সময় অতিক্ৰম কৰাৰ লগে-লগে আন-আন প্ৰেৰিত লিখনিসমূহো বাইবেলত সংযোগ কৰা হʼল। ঐতিহাসিক বৃত্তান্তবোৰে ব্যাখ্যা কৰিছে যে যিহোৱাই ইস্ৰায়েলজাতিৰ সৈতে কেনে আচৰণ কৰিছিল। গীতমালা পুস্তকত তেওঁৰ গুণসমূহৰ বিষয়ে অতি সুন্দৰকৈ বৰ্ণনা কৰিছে। ভৱিষ্যতবাণীৰ পুস্তকবোৰত ভৱিষ্যতে পূৰ্ণ হʼবলগীয়া যিহোৱাৰ উদ্দেশ্যৰ বিষয়ে বৰ্ণনা কৰা হʼল। সেয়েহে প্ৰাচীন সময়ৰ বিশ্বাসী লোকসকলে সেইবোৰক অধ্যয়ন কৰি তাৰ অনুসাৰে জীৱন-যাপন কৰিছিল। এই সন্দৰ্ভত এজন লিখকে এইদৰে কৈছিল: “তোমাৰ বাক্য মোৰ ভৰিৰ নিমিত্তে প্ৰদীপস্বৰূপ, আৰু মোৰ পথৰ দীপ্তিস্বৰূপ।” (গীতমালা ১১৯:১০৫) এতেকে যিসকলে শুনিবলৈ ইচ্ছুক আছিল, যিহোৱাই তেওঁলোকক শিক্ষা আৰু জ্ঞান দিবলৈ প্ৰৱন্ধ কৰিছিল।

পোহৰ দীপ্তিময় হৈছে

৭. যদিও যীচুৱে বহুতো আচৰিত কৰ্ম্ম কৰিছিল, তথাপি তেওঁক কিৰূপে জনা গৈছিল আৰু কিয়?

প্ৰথম শতাব্দীৰ সময়ছোৱাৰ পাছত যিহূদী ধৰ্ম্মগুৰুসকলে সেই বিধি-ব্যৱস্থাত মানুহৰ নীতি-নিয়মবোৰক সংযোগ কৰিলে। সেই বিধি-ব্যৱস্থাক দুৰ্ব্যৱহাৰ কৰি শিক্ষা দিব ধৰিলে। এনে শিক্ষাই লোকসকলক জ্ঞান দিয়াৰ পৰিৱৰ্তে তেওঁলোকলৈ গধুৰ বোজা হৈ পৰিল, কিয়নো সেই বিধি-ব্যৱস্থাত মানুহৰ নীতি-নিয়মবোৰ জড়িত হৈ আছিল। (মথি ২৩:২-৪) কিন্তু সা.যু. ২৯ চনত যীচুৱে মচীহৰূপে প্ৰকট হয় আৰু প্ৰচাৰ অভিযান আৰম্ভ কৰে। তেওঁৰ এই অভিযানত কেৱল মানৱজাতিৰ বাবে নিজৰ জীৱন বলিদানৰূপে দিয়াই নহয়, কিন্তু “সত্যৰ বিষয়ে সাক্ষী” দিলে। যদিও তেওঁ বহুতো আচৰিত কৰ্ম্ম কৰিছিল, তথাপিও তেওঁক এজন “শিক্ষক” ৰূপেহে জনা গৈছিল। তেওঁৰ শিক্ষাই লোকসকলৰ বাবে ৰশ্মিৰ দৰে কাৰ্য্য কৰিছিল, কিয়নো সেই লোকসকলে আধ্যাত্মিক অন্ধকাৰৰ মাজত আছিল। সেইবাবে যীচুৱে নিজৰ বিষয়ে এইদৰে কৈছিল: “মই জগতৰ পোহৰ।”—যোহন ৮:১২; ১১:২৮; ১৮:৩৭.

৮. প্ৰথম শতাব্দীত কেনেধৰণৰ পুস্তকসমূহ অনুপ্ৰেৰিত হৈ লিখা হৈছিল আৰু সেইবোৰৰ দ্বাৰা প্ৰাৰম্ভিক খ্ৰীষ্টানসকলে কেনেকৈ লাভ প্ৰাপ্ত কৰিলে?

পাছলৈ, যীচুৰ জীৱনীৰ বিষয়ে লিখা চাৰিখন পাঁচনিসকলৰ পুস্তক আৰু পাঁচনিৰ কৰ্ম্মৰ পুস্তকত যীচুৰ মৃত্যুৰ পাছত খ্ৰীষ্টীয় ধৰ্ম্ম বিয়পি পৰা সম্পৰ্কে ব্যাখ্যা কৰা হʼল। আচলতে সেইবোৰ যীচুৰ শিষ্যসকলে প্ৰেৰিত হৈ লিখা পত্ৰ আছিল আৰু ঠিক একেইদৰে প্ৰকাশিত বাক্য নামৰ ভৱিষ্যতবাণীৰ পুস্তকখনো লিখা হৈছিল। এই সকলোবোৰ পুস্তকক ইব্ৰী শাস্ত্ৰৰ সৈতে একলগ কৰি সম্পূৰ্ণ বাইবেলখন গঠন কৰা হʼল। খ্ৰীষ্টানসকলে এই অনুপ্ৰেৰিত পুস্তকৰ পুথিভঁৰালৰ দ্বাৰা “সকলো পবিত্ৰ লোকে সত্য যেন বহল, দীঘল, ওখ আৰু দৰ অনুভৱ” পোৱাত সহায় পালে। (ইফিচীয়া ৩:১৪-১৮) তেওঁলোকে “খ্ৰীষ্টৰ মন” পাবলৈ সক্ষম হʼল। (১ কৰিন্থীয়া ২:১৬) তথাপিও, প্ৰথম শতব্দীৰ খ্ৰীষ্টানসকলে যিহোৱাৰ উদ্দেশ্যৰ সৈতে জড়িত থকা সকলোবোৰ বিষয় বুজিব পৰা নাছিল। এই সম্পৰ্কে পাঁচনি পৌলে তেওঁৰ সঙ্গী উপাসকসকললৈ এইদৰে লিখিছিল: “কিয়নো এতিয়া আমি দৰ্পণত দেখাৰ দৰে, অস্পষ্টকৈ দেখিছোঁ।” (১ কৰিন্থীয়া ১৩:১২) তেনেধৰণৰ দৰ্পণে কেৱল পৰিলেখকহে প্ৰকাশ কৰে, কিন্তু সকলোবোৰ বৰ্ণনা নকৰে। ঈশ্বৰৰ বাক্য সম্পূৰ্ণৰূপে প্ৰকাশ হʼবলৈ এতিয়াও বাকী আছে।

৯. এই “শেষ-কালৰ” সময়ত কেনেধৰণৰ জ্ঞানৰ বৃদ্ধি হৈছে?

আজি আমি এনে এক যুগত অৰ্থাৎ ‘শেষকালত’ জীয়াই আছোঁ আৰু এই কালক “ভয়ঙ্কৰ সময় উপস্থিত” হোৱাৰ সৈতে চিহ্নিত কৰা হৈছে। (২ তীমথিয় ৩:১) ভৱিষ্যতবক্তা দানিয়েলে সেই সময়ত “জ্ঞান বৃদ্ধি হব” বুলি ভৱিষ্যতবাণী কৰিছিল। (দানিয়েল ১২:৪) যিহেতু যিহোৱা হৈছে মহান নিৰ্দ্দেশনা দিয়া ঈশ্বৰৰ, সেইবাবে তেওঁ নম্ৰ ব্যক্তিসকলক তেওঁৰ বাক্যৰ বিষয়ে বুজিবলৈ সহায় কৰে। সেয়েহে আজি বহু সংখ্যক লোকে এইটো বুজিব পাৰিছে যে ১৯১৪ চনত যীচুৱে অদৃশ্যৰূপে স্বৰ্গত ৰজাৰ দায়িত্বভাৰ গ্ৰহন কৰিলে। তেওঁলোকে এইটোও জানে যে যীচুৱে অতি সোনকালে এই জগতৰ দুষ্টতাক উছন্ন কৰি আমাৰ পৃথিৱীখনক এক সুন্দৰ পৰমদেশলৈ ৰূপান্তৰিত কৰিব। সেইহেতুকে বৰ্তমান সময়ত ৰাজ্যৰ শুভবাৰ্ত্তা সমুদায় পৃথিৱীত প্ৰচাৰ কৰা হৈছে।—মথি ২৪:১৪.

১০. শতাব্দী জুৰি লোকসলকে যিহোৱাৰ নিৰ্দ্দেশনাৰ প্ৰতি কেনে প্ৰতিক্ৰিয়া দেখুৱালে?

১০ বাস্তৱতে, ইতিহাসে প্ৰমাণ দিছে যে যিহোৱাই আদমে পাপ কৰাৰ সময়ৰ পৰাই তেওঁৰ ইচ্ছা আৰু উদ্দেশ্যৰ বিষয়ে মানুহক নিৰ্দ্দেশনা দি আহিছে। বাইবেলৰ বৃত্তান্তসমূহে উল্লেখ কৰিছে যে যিসকলে তেওঁৰ ঈশ্বৰীয় জ্ঞানৰ অনুসাৰে জীৱন-যাপন কৰিছিল, তেওঁলোকে আশীৰ্ব্বাদ লাভ কৰিছিল। তদুপৰি বাইবেলে এইটোও কৈছে যে যিসকলে তেওঁৰ নিৰ্দ্দেশনাক অগ্ৰাহ্য কৰিলে, তেওঁলোকৰ অৱস্থা আদম আৰু হৱাৰ দৰে হʼল। পাছলৈ, যীচুৱে ইয়াৰ তুলনা দুই ধৰণৰ লাক্ষণিক পথৰ সৈতে কৰিলে। যিসকলে ঈশ্বৰৰ বাক্যৰ প্ৰতি অগ্ৰাহ্য কৰে, তেওঁলোকে সেই বহল আৰু মুকলি পথত চলে আৰু যিয়ে তেওঁলোকক সৰ্ব্বনাশলৈ লৈ যায়। আনটো হৈছে, যিসকলে ঈশ্বৰৰ বাক্যৰ প্ৰতি মনোযোগ দিয়ে আৰু তাৰ অনুসৰি জীৱন-যাপন কৰে, তেওঁলোকে সেই ঠেক পথেদি চলে আৰু সেই পথে তেওঁলোকক অনন্ত জীৱনলৈ পৰিচালিত কৰে।—মথি ৭:১৩, ১৪.

আমাৰ ওচৰত যি আছে তাৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰা

১১. আমি প্ৰাপ্ত কৰা বাইবেলৰ জ্ঞান আৰু ইয়াত উল্লেখ কৰা শিক্ষাবোৰত থকা আমাৰ বিশ্বাসে কিহৰ প্ৰমাণ দিয়ে?

১১ যিসকলে জীৱনৰ পথত চলিবলৈ ইচ্ছা কৰে, আপুনিও তেওঁলোকৰ মাজৰ এজন নে? যদি হয়, তেন্তে নিসন্দেহে আপুনিও সেই পথত চলি থাকিবলৈ ইচ্ছা কৰিব। আপুনি কেনেকৈ সেই পথত চলি থাকিব পাৰিব? আপুনি নিজৰ জীৱনত বাইবেলৰ সত্য শিকি পোৱা আশীৰ্ব্বাদসমূহক নিতৌ আৰু প্ৰশংসনীয়ভাৱে প্ৰকাশ কৰক। দৰাচলতে শুভবাৰ্ত্তাৰ প্ৰতি সঠিক প্ৰতিক্ৰিয়া দেখুৱাই তাক গ্ৰহণ কৰাটোৱে হৈছে ঈশ্বৰৰ পৰা লাভ কৰা আশীৰ্ব্বাদৰ এটা প্ৰমাণ। ইয়াৰ বিষয়ে যীচুৱে তেওঁৰ পিতৃলৈ কৰা প্ৰাৰ্থনাত উল্লেখ কৰি এইদৰে কৈছিল: “হে পিতৃ, স্বৰ্গ আৰু পৃথিবীৰ প্ৰভু, তুমি জ্ঞানী আৰু বুদ্ধিমন্ত লোকৰ পৰা এইবোৰ কথা গুপুতে ৰাখি, শিশুবিলাকৰ আগত প্ৰকাশ কৰিলা, এই নিমিত্তে তোমাক ধন্যবাদ দিওঁ।” (মথি ১১:২৫) যিহেতু মাছমৰীয়া আৰু কৰ লওঁতাসকলে যীচুৱে দিয়া শিক্ষাক বুজি পালে, কিন্তু শিক্ষিত ধৰ্ম্মগুৰুসকলে হʼলে বুজিব নোৱাৰিলে। আগলৈ যীচুৱে এইদৰে কৈছিল: “মোক পঠোৱা পিতৃয়ে আকৰ্ষণ নকৰিলে, কোনেও মোৰ ওচৰলৈ আহিব নোৱাৰে; আৰু শেষৰ দিনা মই তেওঁক তুলিম।” (যোহন ৬:৪৪) যদি আপুনি বাইবেলৰ জ্ঞান গ্ৰহণ কৰে আৰু তাত উল্লেখ কৰা শিক্ষাবোৰক পালন কৰে, তেন্তে ই এইটোৱে প্ৰমাণ কৰিব যে যিহোৱাই আপোনাক আকৰ্ষিত কৰিলে। ইয়াকে জানি আপুনি আনন্দিত নহʼবনে বাৰু!

১২. বাইবেলে আমাক কি কি বিষয়সমূহত জ্ঞান প্ৰদান কৰিছে?

১২ বাইবেল অৰ্থাৎ ঈশ্বৰৰ বাক্যত পৰিত্ৰাণ কৰা সত্য আৰু জ্ঞান লাভ কৰাত সহায় কৰাৰ ক্ষমতা আছে। সেয়েহে, যিসকলে বাইবেলৰ অনুসাৰে জীৱন-যাপন কৰে, তেওঁলোকে অন্ধবিশ্বাস, ভুল শিক্ষা আৰু সমাজে তুচ্ছজ্ঞান কৰা কোটি কোটি লোকক স্বাধীনতা প্ৰদান কৰে। উদাহৰণস্বৰূপে, যেতিয়া আমাৰ কোনো আপোনজনৰ মৃত্যু হয়, তেতিয়া সেই ব্যক্তিজনৰ আত্মাই যাতনাত ভূগে বা আমাক কষ্ট দিব বুলি কৰা ভয়ৰ পৰা স্বাধীন হʼবলৈ সহায় কৰিলে। (যিহিষ্কেল ১৮:৪) তদুপৰি বাইবেলৰ সত্যই আমাক দুষ্ট স্বৰ্গদূতসকলৰ বিষয়ে বুজাত সহায় কৰি প্ৰেতাত্মাবাদ ফান্দৰ পৰা ৰক্ষা কৰিলে। যিসকলে নিজৰ আপোনজনক মৃত্যুত হেৰুৱালে, তেওঁলোকৰ বাবে পুনৰত্থানৰ শিক্ষাই সান্ত্বনা প্ৰদান কৰে। (যোহন ১১:২৫) তদুপৰি বাইবেলৰ ভৱিষ্যতবাণীসমূহে দেখুৱাইছে যে আমি জগতৰ ধ্বংসৰ একেবাৰে চৰম অৱস্থাত আছোঁ আৰু আমাক আশ্বাস দিছে ঈশ্বৰৰ প্ৰতিজ্ঞাসমূহ ভৱিষ্যতে নিশ্চয়ে পূৰ্ণ হʼব। এইবিলাকে অনন্তজীৱন জীয়াই থাকিবলৈ আমাক অধিক আশাবান কৰি তুলে।

১৩. ঈশ্বৰৰ বাক্যক পালন কৰি আমি শাৰীৰিকভাৱে কেনেকৈ লাভবান হʼব পাৰোঁ?

১৩ বাইবেলত উল্লেখ কৰা ঈশ্বৰীয় সিদ্ধান্তসমূহে আমাক এনেধৰণে জীৱন-যাপন কৰিবলৈ শিক্ষা দিয়ে যাৰ দ্বাৰা আমি শাৰীৰিকভাৱে লাভবান হʼব পাৰোঁ। উদাহৰণস্বৰূপে, আমাক শাৰীৰিকভাৱে হানি কৰা বস্তু যেনে, ধঁপাত আৰু অন্য নিচাজাতীয় পদাৰ্থৰ পৰা কেনেকৈ আঁতৰি থাকিব পাৰোঁ, এই বিষয়ে শিক্ষা প্ৰদান কৰিছে। তদুপৰি ই আমাক কয় যে আমি কেনেকৈ অত্যাধিক মদ্যপান কৰাৰ পৰা আঁতৰি থাকিব পাৰোঁ। (২ কৰিন্থীয়া ৭:১) ঈশ্বৰৰ নৈতিক নিয়মবোৰ পালন কৰি আমি যৌন সংক্ৰামক ৰোগৰ পৰা নিজকে ৰক্ষা কৰিব পাৰোঁ। (১ কৰিন্থীয়া ৬:১৮) আমি ঈশ্বৰৰ পৰামৰ্শবোৰ পালন কৰাৰ যোগেদি ধন লোভীয়া হৈ নিজৰ মানসিক শান্তি হেৰুৱাৰ পৰা আঁতৰি থাকিব পাৰোঁ। (১ তীমথিয় ৬:১০) নিজৰ জীৱনত ঈশ্বৰৰ বাক্যসমূহক পালন কৰি আপুনি শাৰীৰিকভাৱে কেনেকৈ লাভবান হৈছে?

১৪. পবিত্ৰ আত্মাই আমাৰ জীৱনটোক কেনেদৰে প্ৰভাৱিত কৰি তুলে?

১৪ যদি আমি ঈশ্বৰৰ বাক্যৰ অনুসাৰে জীৱন-যাপন কৰোঁ, তেন্তে যিহোৱাই আমাক পবিত্ৰ আত্মা প্ৰদান কৰিব। তেতিয়া আমি খ্ৰীষ্টৰ দৰে ব্যক্তিত্ব, দয়া আৰু কৰুণা আদিৰ দৰে গুণসমূহ বিকাশিত কৰিব পাৰিম। (ইফিচীয়া ৪:২৪, ৩২) তদুপৰি ঈশ্বৰৰ আত্মাই আমাত প্ৰেম, আনন্দ, শান্তি, চিৰসহিষ্ণুতা, মৰম, মঙ্গলভাব, বিশ্বাস, মৃদু-ভাব আৰু ইন্দ্ৰিয়-দমন আদি গুণবোৰোও উৎপন্ন কৰে। (গালাতীয়া ৫:২২, ২৩) এই গুণসমূহে আমাক আন ব্যক্তি, আমাৰ পৰিয়ালৰ সদস্যসকলৰ সৈতে আনন্দয়ম, আৰু এক অৰ্থপূৰ্ণ সম্পৰ্ক গঢ়ি তুলাত সহায় কৰিব। ইয়ে আমাক সমস্যাসমূহত সাহসী হৈ সন্মূখীন হʼবলৈ আন্তৰিক শক্তি প্ৰদান কৰে। এতেক পবিত্ৰ আত্মাই আপোনাৰ জীৱনক কেনেকৈ উত্তমতালৈ পৰিচালতি কৰিছে এই বিষয়ে বিবেচনা কৰিছেনে?

১৫. আমি যেতিয়া ঈশ্বৰৰ ইচ্ছাৰ অনুসাৰে চলিবলৈ আৰম্ভ কৰোঁ তেতিয়া আমি কেনেকৈ লাভবান হʼম?

১৫ যেতিয়া আমি ঈশ্বৰৰ ইচ্ছাৰ অনুসাৰে চলোঁ, তেতিয়া ঈশ্বৰৰ সৈতে থকা আমাৰ সম্বন্ধ অধিক শক্তিশালী হয়। আমি অধিকৈ নিশ্চত হʼব পাৰোঁ যে ঈশ্বৰে আমাক বুজি পায় আৰু প্ৰেম কৰে। তদুপৰি আমাৰ অভিজ্ঞতাবোৰে আমাক বুজাত সহায় কৰে যে যিহোৱাই কঠিন পৰিস্থিতিসমূহত আমাক সহায় কৰে। (গীতমালা ১৮:১৮) আমি বিবেচনা কৰিব পাৰোঁ যে তেওঁ সচাঁকৈ আমাৰ প্ৰাৰ্থনাবোৰ শুনে। (গীতমালা ৬৫:২) ক্ৰমান্বয়ে আমি তেওঁৰ মাৰ্গ-দৰ্শনত ভৰসা আৰু বিশ্বাস কৰি নিশ্চিত হʼব পাৰোঁ যে সেইবোৰ আমাৰ লাভৰ অৰ্থেহে প্ৰদান কৰা হৈছে। তদুপৰি, ঈশ্বৰে নিজৰ নিযুক্তি সময়ত তেওঁৰ বিশ্বাসী লোকসকলক পৰিপূৰ্ণ অৱস্থা আৰু উপহাৰস্বৰূপে অনন্তকালৰ জীৱন প্ৰদান কৰিব বুলি আমালৈ আঁচৰিত আশা আছে। (ৰোমীয়া ৬:২৩) গতিকে সকলোবোৰৰ লাভ উঠাবলৈ হʼলে, যাকোবে লিখা এই বাক্যশাৰীলৈ মন কৰা উচিত। তেওঁ এইদৰে কৈছিল: “ঈশ্বৰৰ ওচৰলৈ চাপি আহাঁ, তাতে তেৱোঁ তোমালোকৰ ওচৰলৈ চাপিব।” (যাকোব ৪:৮) আপুনি যেনেকৈ তেওঁৰ কাষ চাপিছেহি, আপোনাৰ সম্পৰ্ক যিহোৱাৰ সৈতে শক্তিশালী হৈছে বুলি অনুভৱ কৰিব পাৰিছেনে?

বাইবেলৰ সত্য হৈছে এক বহুমূলীয়া সম্পদ

১৬. প্ৰথম শতাব্দীত কিছুমান খ্ৰীষ্টান ব্যক্তিয়ে তেওঁলোকৰ জীৱনত কেনে সাল-সলনি কৰিলে?

১৬ প্ৰথম শতাব্দীৰ অভিষিক্ত খ্ৰীষ্টানসকলৰ বিষয়ে স্মৰণ কৰাই পাঁচনি পৌলে এইদৰে কৈছিল যে এসময়ত তেওঁলোকৰ কিছুমানে ব্যভিচাৰী, দেৱপূজক, পৰস্ত্ৰীগামী, সুখাভিলাষী, পুংমৈথুনী, চোৰ, লুভীয়া, মতলীয়া, নিন্দক, বা অপহাৰক কাৰ্য্য কৰা লোক আছিল। (১ কৰিন্থীয়া ৬:৯-১১) কিন্তু বাইবেলৰ পৰা পোৱা সত্য জ্ঞানে তেওঁলোকৰ জীৱনলৈ গম্ভীৰভাৱে পৰিৱৰ্ত্তন আনিলে। তেওঁলোকে নিজকে “ধুই যেন শুদ্ধ” কৰিলে। গতিকে কল্পনা কৰক যে যদি আপুনি বাইবেলৰ পৰা সত্যক নজনা হʼলে, আপোনাৰ জীৱনটো কেনে হʼলহেতেঁন। সঁচাকৈ, বাইবেলৰ সত্যই হৈছে এক বহুমূলীয়া সম্পদ। যিহোৱাই যে আমাক নিৰ্দ্দেশনা দিয়ে এই বিষয়ে জানি আমি আনন্দিত নহওঁনে বাৰু!

১৭. খ্ৰীষ্টান সভাসমূহৰ দ্বাৰা যিহোৱাৰ সাক্ষীসকললৈ কেনে আধ্যাত্মিক আহাৰৰ যোগান ধৰা হয়?

১৭ ইয়াৰ ওপৰিও বিভিন্ন জাতিৰে গঠিত ভাতৃত্ব সমাজক আশীৰ্ব্বাদ হিচাপে পোৱাৰ বিষয়ে বিবেচনা কৰক! তদুপৰি “বিশ্বাসী বুদ্ধিমান দাসে” বিভিন্ন ভাষাত বাইবেল আধাৰিত আলোচনী, বাইবেলৰ প্ৰবন্ধ কৰি উচিত সময়ত আধ্যাত্মিক আহাৰৰ যোগান ধৰিছে। (মথি ২৪:৪৫-৪৭) ২০০০ চনত হোৱা মণ্ডলীৰ ঈশ্বৰ-শাসিত সভাবোৰত বহুতো দেশত যিহোৱাৰ সাক্ষীসকলে বাইবেলৰ হিব্ৰু শাস্ত্ৰ অৰ্থাৎ পুৰণি নিয়মৰ অন্তৰ্গত থকা আঠখন মুখ্য পুস্তকক আলোচনা কৰিলে। তেওঁলোকে ইনচ্যাইট্‌ অন দা স্ক্ৰিপচাৰ পৰা বাইবেলৰ ৪০ জন ব্যক্তিৰ চৰিত্ৰৰ বিষয়ে আলোচনা কৰিলে। তেওঁলোকে সৰ্বশ্ৰেষ্ঠ মানৱ যিজন কেতিয়াবা জীৱিত আছিল নামৰ কিতাপখনৰ প্ৰায় চাৰিভাগৰ এক অংশ আৰু দানিয়েল ভৱিষ্যতবাণী প্ৰতি মনোযোগ দিয়ক! নামৰ কিতাপখনৰ সম্পূৰ্ণ অধ্যয়ন কৰিলে। ইয়াৰ বাজেও তেওঁলোকে প্ৰহৰীদুৰ্গ আলোচনীখনৰ ৫২ টা খণ্ডৰ পৰা ৩৬ টা অতিৰিক্ত লেখসমূহৰ অধ্যয়ন কৰিলে। তদুপৰি, আমাৰ ৰাজ্য পৰিচৰ্য্যাৰ ১২ টা খণ্ডৰ আৰু বিভিন্ন বিষয়ৰ ওপৰত আধাৰিত কৰি সপ্তাহিকৰূপে দিয়া ৰাজহুৱা ভাষণৰ পৰাও আধ্যাত্মিকৰূপে সতেজ হৈছিল। আধ্যাত্মিক জ্ঞানৰ সম্পদ প্ৰদান কৰাৰ বাবে কিমান যে মূল্যবান প্ৰৱন্ধৰ যোগান ধৰা হৈছিল!

১৮. আমি খ্ৰীষ্টান মণ্ডলীৰ দ্বাৰা কেনেকৈ লাভবান হৈছোঁ?

১৮ গোটেই বিশ্বজুৰী থকা ৯১,০০০ খনতকৈ অধিক মণ্ডলীত ভাই-ভনীসকলৰ সৈতে সঙ্গতি আৰু সভাবোৰৰ যোগেদি উৎসাহিত আৰু সমৰ্থন কৰিবলৈ প্ৰবন্ধ কৰা হৈছে। ইয়াৰ ওপৰিও আধ্যাত্মিকৰূপে পৰিপক্ক খ্ৰীষ্টানসকলে ইচ্ছুক হৈ নিতৌ কৰা আধ্যাত্মিক সহায় আৰু তেওঁলোকৰ সমৰ্থনৰ দ্বাৰা আমি আনন্দিত হৈছোঁ। (ইফিচীয়া ৪:১১-১৩) সঁচাকৈ, আমি বাইবেলৰ সত্য জ্ঞান লাভ কৰাৰ যোগেদি বৃহৎভাৱে লাভবান হৈছোঁ। ইয়াৰ ওপৰিও আমি যিহোৱাক সেৱা কৰাৰ বিষয়ে জনাবলৈ পায় আনন্দিত হৈছোঁ। গতিকে এই বাক্যশাৰী কিমান যে সত্য যাৰ বিষয়ে গীতমালাৰ লিখকে এইদৰে প্ৰকাশ কৰিছিল: “যি জাতিৰ ঈশ্বৰ যিহোৱা, সেই জাতি ধন্য।”—গীতমালা ১৪৪:১৫. (w01 7/1)

আপুনি কেনেদৰে উত্তৰ দিব?

• প্ৰথম শতাব্দীত যিহোৱাই কোন ব্যক্তিসকলক নিৰ্দ্দেশনা দিছিল?

• প্ৰথম শতাব্দীত ঈশ্বৰৰ বাক্য কেনেকৈ দীপ্তিময় হৈছিল? আধুনিক সময়টো তেনেদৰে হৈছেনে?

• যিহোৱাৰ বাক্যৰ অনুসাৰে জীৱন-যাপন কৰিলে কেনেধৰণৰ আশীৰ্ব্বাদসমূহ লাভ কৰিব পাৰি?

• আমি ঈশ্বৰৰ জ্ঞানত কিয় আনন্দিত হওঁ?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[৯ পৃষ্ঠাৰ ছবি]

যিহোৱাই তেওঁৰ উদ্দেশ্যৰ বিষয়ে মোচি, নুহ আৰু অব্ৰাহামক জনালে

[৯ পৃষ্ঠাৰ ছবি]

বৰ্তমান সময়ত যিহোৱাই তেওঁৰ বাক্যৰ দ্বাৰা দীপ্তি প্ৰদান কৰিছে

[১০ পৃষ্ঠাৰ ছবি]

আমি আশীৰ্ব্বাদ হিচাপে পোৱা বিভিন্ন জাতিৰে গঠিত ভাতৃত্ব সমাজৰ বিষয়ে বিবেচনা কৰক!