Skip to content

Skip to table of contents

শস্যক্ষেত্ৰৰ বনুৱাবিলাক আনন্দিত হওঁক!

শস্যক্ষেত্ৰৰ বনুৱাবিলাক আনন্দিত হওঁক!

শস্যক্ষেত্ৰৰ বনুৱাবিলাক আনন্দিত হওঁক!

তেতিয়া তেওঁ নিজৰ শিষ্যবিলাকক কলে, শস্য সৰহ, কিন্তু বনুৱা তাকৰ। এই হেতুকে নিজৰ শস্যক্ষেত্ৰলৈ বনুৱাবিলাকক পঠাই দিবলৈ, শস্যৰ গৰাকীক প্ৰাৰ্থনা কৰা।”—মথি ৯:৩৭, ৩৮.

১. কিহে আমাক একেৰাহে যিহোৱাৰ ইচ্ছাক সম্পন্ন কৰিবলৈ সহায় কৰে?

 যেতিয়া বাপ্তিষ্মা লোৱা দিনৰ বিষয়ে স্মৰণ কৰোঁ, যদিও আমাৰ বাপ্তিষ্মা লোৱা বহু বছৰ হৈছে তথাপি এজন যিহোৱাৰ সাক্ষী হোৱা হেতুকে এনে লাগে যেন যোৱা কালিহে আমি বাপ্তিষ্মা লৈছোঁ। তেতিয়া যিহোৱাৰ স্তুতি কৰাটো আমাৰ সমৰ্পিত জীৱনৰ এক মুখ্য ভাগ হৈ পৰে। আমি যেনেকৈ আনক ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে কবলৈ আৰু তেওঁলোকে তাক গ্ৰহণ কৰিবলৈ সময় অতিবাহিত কৰোঁ, তেতিয়াৰে পৰা আমাৰ জীৱনত যিহোৱালৈ সেৱা আগবঢ়োৱাটো মুখ্য ভাগ হৈ পৰে। (ইফিচীয়া ৫:১৫, ১৬) এতিয়া আমাৰ এনে লাগিছে যে সময় দ্ৰুতগতিত আগবাঢ়িছে আৰু আমি ব্যস্ত হোৱাৰ স্বত্ত্বেও “প্ৰভুৰ কাৰ্য্যত উপচি” পৰিবলৈ এতিয়াও যেথেষ্ট কাৰ্য্য আছে। (১ কৰিন্থীয়া ১৫:৫৮) সমস্যাৰ সন্মূখীন হোৱা স্বত্ত্বেও যিহোৱাৰ সেৱা কৰি আমি আনন্দিত হʼম।—নহিমিয়া ৮:১০.

২. আমাৰ লাক্ষণিকৰূপে শস্য গোটোৱা কাৰ্য্যত কিহে আনন্দিত কৰি তুলিছে?

আমি খ্ৰীষ্টান হোৱাৰ হেতুকে লাক্ষণিকৰূপে শস্য চপোৱা কামৰ সৈতে জড়িত হৈ আছোঁ। যীচুৱে অনন্ত জীৱনৰ বাবে ব্যক্তিসকলক গোটোৱা কাৰ্য্যক শস্য চপোৱা কাৰ্য্যৰ সৈতে তুলনা কৰিছিল। (যোহন ৪:৩৫-৩৮) যিহেতু আমিও সেই একেই শস্য গোটোৱা কামত জড়িত হৈ আছোঁ। এতেকে এই ক্ষেত্ৰত আমি আপোনালোকক প্ৰাচীন সময়ৰ খ্ৰীষ্টানসকলে প্ৰচাৰ কাৰ্য্যত ভাগ লৈ আনন্দ প্ৰাপ্ত কৰা অনুভৱক বিবেচনা কৰিবলৈ উৎসাহিত কৰিছোঁ। এতিয়া আমি বৰ্তমান সময়ত লাক্ষণিক শস্য গোটোৱা কাৰ্য্যত ভাগ লৈ আনন্দিত হোৱাৰ তিনিটা কাৰণক আলোচনা কৰিম। সেই কাৰণসমূহ হৈছে (১) আমাৰ আশাদায়ক বাৰ্ত্তা, (২) অনুসন্ধান কৰা কাৰ্য্যত সফলতা লাভ কৰা আৰু (৩) শস্য চপোৱা কাৰ্য্যত ধৈৰ্য্যশীল হোৱা।

শস্য চপোৱা বনুৱাৰ দৰে পঠোৱা হʼল

৩. যীচুৰ প্ৰাচীন শিষ্যসকলে কেনে ক্ষেত্ৰত আনন্দ লাভ কৰিছিল?

প্ৰথম শতাব্দীত বনুৱাসকল বিশেষকৈ, সা.যু. ৩৩ চনত যীচুৰ ১১ জন পাঁচনিয়ে পুনৰুত্থিত হোৱা যীচুক সাক্ষাৎ কৰিবলৈ গালীল চহৰত থকা এটা পৰ্ব্বতৰ অভিমুখে গৈছিল, তেতিয়া তেওঁলোকৰ জীৱনত কিমান যে পৰিৱৰ্ত্তন ঘটিছিল! (মথি ২৮:১৬) সেই সময়ছোৱাত তাত হয়তো “পাঁচ শতকৈ অধিক ভাইবিলাক” উপস্থিত হৈছিল। (১ কৰিন্থীয়া ১৫:৬) তেতিয়া যীচুৱে তেওঁলোকক আজ্ঞা দি এইদৰে কৈছিল: “এই হেতুকে তোমালোক যোৱা; আৰু সকলো জাতিকে শিষ্য কৰি, পিতৃ, পুত্ৰ, আৰু পবিত্ৰ আত্মাৰ নামেৰে তেওঁবিলাকক বাপ্তাইজ কৰা; আৰু মই যি যি আদেশ তোমালোকক দিলোঁ, সেই সকলোকে পালন কৰিবলৈ তেওঁবিলাকক শিক্ষা দিয়া।” (মথি ২৮:১৯, ২০) খ্ৰীষ্টৰ অনুগামীসকলে তাড়নাৰ সন্মূখীন হোৱাৰ স্বত্ত্বেও, ঠায়ে ঠায়ে মণ্ডলীবোৰ স্থাপিত কৰাৰ অভিজ্ঞতা লাভ কৰি শস্য চপোৱাৰ কাৰ্য্যত অতি আনন্দিত হৈছিল। সময় অতিক্ৰম কৰাৰ লগে-লগে “আকাশ-মণ্ডলৰ তলত থকা গোটেই সৃষ্টিৰ আগত শুভবাৰ্ত্তা প্ৰচাৰ কৰা হʼল।”—কলচীয়া ১:২৩; পাঁচনিৰ কৰ্ম্ম ১:৮; ১৬:৫.

৪. যীচুৱে কেনে পৰিস্থিতিত তেওঁৰ শিষ্যসকলক প্ৰচাৰ কৰিবলৈ পঠিয়াইছিল?

যীচুৱে তেওঁৰ পৰিচৰ্য্যাৰ প্ৰাথমিক ভাগত ১২ জন পাঁচনিক উপদেশ দি “স্বৰ্গৰাজ্য ওচৰ হল,” বুলি ঘোষণা কৰিবলৈ গালীল চহৰলৈ পঠাইছিল। (মথি ১০:১-৭) আনকি তেওঁ নিজেও “সকলো নগৰ আৰু গাৱঁত ফুৰি ফুৰি, তেওঁলোকৰ নামঘৰত উপদেশ দিলে, ৰাজ্যৰ শুভবাৰ্ত্তা প্ৰচাৰ কৰিলে আৰু সকলো বিধৰ নৰিয়া সুস্থ কৰিলে।” যীচুৱে লোকসমূহক দেখি তেওঁলোকৰ প্ৰতি পুতৌ জাগিছিল, কিয়নো তেওঁলোকে “ৰখীয়া নোহোৱা মেৰৰ নিচিনা দুখিত আৰু ক্লান্ত হৈ” পৰিছিল। (মথি ৯:৩৫, ৩৬) সেয়েহে তেওঁ প্ৰেৰিত হৈ শিষ্যসকলক এইদৰে কৈছিল: “শস্য সৰহ, কিন্তু বনুৱা তাকৰ। এই হেতুকে নিজৰ শস্যক্ষেত্ৰলৈ বনুৱাবিলাকক পঠাই দিবলৈ, শস্যৰ গৰাকীক প্ৰাৰ্থনা কৰা।” (মথি ৯:৩৭, ৩৮) তেওঁ এইবাবে তেনে প্ৰাৰ্থনা কৰিবলৈ কৈছিল, কিয়নো পৃথিৱীত তেওঁৰ পৰিচৰ্য্যা শেষ হʼবলৈ অৰ্থাৎ তেওঁৰ মৃত্যুলৈ ছমাহ বাকী আছিল আৰু তেতিয়াও যিহূদাত প্ৰচাৰ কাৰ্য্য সম্পূৰ্ণ হোৱা নাছিল। (লূক ১০:২) এই দুয়োটা উপলক্ষতে যীচুৱে তেওঁৰ শিস্যসকলক শস্য চপোৱা বনুৱাৰ দৰে পঠিয়াইছিল।—মথি ১০:৫; লূক ১০:৩.

আমাৰ আশাদায়ক বাৰ্ত্তা

৫. আমি কেনেধৰণৰ বাৰ্ত্তাক প্ৰচাৰ কৰোঁ?

বৰ্তমান সময়ত আমি যিহোৱাৰ সেৱক হিচাপে তেনেধৰণৰ শস্য চপোৱা কাৰ্য্যত আনন্দিত হৈ ভাগ লওঁ। কিয়নো আনন্দিত হোৱাৰ এটা কাৰণ হৈছে, নিৰুৎসাহিত আৰু ক্লান্ত হৈ পৰা ব্যক্তিসকলক আমি আশাদায়ক বাৰ্ত্তা প্ৰদান কৰোঁ। প্ৰথম শতাব্দীৰ যীচুৰ শিষ্যসকলৰ দৰে আমি “ৰখীয়া নোহোৱা মেৰৰ নিচিনা, দুঃখিত আৰু ক্লান্ত হৈ” পৰা লোকক এনে আশাদায়ক বাৰ্ত্তাৰ বিষয়ে কোৱাটো আমাৰ বাবে এক বিশেষ অধিকাৰ!

৬. প্ৰথম শতাব্দীত পাঁচনিবিলাকে কেনেধৰণৰ কাৰ্য্যত ভাগ লৈছিল?

প্ৰথম শতাব্দীৰ মাজ ভাগত পাঁচনি পৌলেও শুভবাৰ্ত্তা প্ৰচাৰ কৰাত ব্যস্ত আছিল। কিয়নো তেওঁৰ শস্য চপোৱা কাৰ্য্য নিশ্চয়ে ফলদায়ক আছিল। সেয়েহে তেওঁ সা.যু. ৫৫ চনত কৰিন্থীয়াত থকা খ্ৰীষ্টানসকললৈ এইদৰে লিখিছিল: “হে ভাইবিলাক, যি শুভবাৰ্ত্তা মই তোমালোকৰ আগত প্ৰচাৰ কৰিলোঁ, তাকে তোমালোকক জনাইছোঁ; তাক তোমালোকে গ্ৰাহ্য কৰিলা, আৰু তাতে থিৰেও আছা।” (১ কৰিন্থীয়া ১৫:১) ইয়াৰ দ্বাৰা এইটো জানিব পৰা যায় যে প্ৰথম শতাব্দীৰ পাঁচনি আৰু অন্য খ্ৰীষ্টানসকলে লাক্ষণিক শস্য চপোৱাত পৰিশ্ৰমী আছিল। যিহেতু সা.যু. ৭০ চনলৈকে কিমানজন শিষ্য জীৱিত আছিল এই বিষয়ে যদিও বাইবেলত কোৱা নাই, তথাপিও আমি জানিব পাৰিলোঁ যে পাঁচনি যোহনে তাৰ ২৫ বছৰৰ পাছতো প্ৰচাৰ কৰিছিল।—প্ৰকাশিত বাক্য ১:৯.

৭, ৮. কেনেধৰণৰ আশাদায়ক বাৰ্ত্তাৰ বিষয়ে যিহোৱাৰ সাক্ষীসকলে আগতকৈ অধিক গুৰুত্ব দি ঘোষণা কৰিছে?

কিন্তু খ্ৰীষ্টীয়জগতৰ সময়ছোৱাত পাদুৰিবৰ্গ অৰ্থাৎ “ধৰ্ম্ম-পৰিত্যাগ” কৰা ব্যক্তিসকলে প্ৰভুত্ব কৰিবলৈ ধৰিলে। (২ থিচলনীকীয়া ২:৩) কিন্তু ১৯ শতাব্দীৰ শেষৰ ফালে যীচুৰ মূল শিক্ষাৰ অনুসাৰে জীৱন-যাপন কৰিবলৈ চেষ্টা কৰা ব্যক্তিসকলে ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে ঘোষণা কৰা আশাদায়ক বাৰ্তাক প্ৰচাৰ কৰিবলৈ আগভাগ ললে। দৰাচলতে, জুলাই, ১৯৭৯ চনত তেওঁলোকে প্ৰকাশ কৰা আলোচনীখনৰ শিৰোনামা আছিল “খ্ৰীষ্টৰ উপস্থিতিৰ প্ৰচাৰ কৰা,” “খ্ৰীষ্টৰ ৰাজ্যৰ ঘোষণা কৰা” বা “যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা।”

যীচু খ্ৰীষ্টৰ দ্বাৰা ১৯১৪ চনত ঈশ্বৰৰ স্বৰ্গীয় ৰাজ্য স্থাপন কৰা হʼল। সেইবাবে আমি আজি আগতকৈও অধিক গুৰুত্ব দি আশাদায়ক বাৰ্ত্তাক প্ৰচাৰ কৰিছোঁ। কিয় কৰিছোঁ? কিয়নো সেই ৰাজ্যই বৰ্তমান সময়ত অস্তিত্বত থকা দুষ্ট ৰীতি-ব্যৱস্থাক ধ্বংস কৰিব। (দানিয়েল ২:৪৪) এতেকে ইয়াতকৈ অধিক উত্তম বাৰ্ত্তা আৰু কি হʼব পাৰে? তদুপৰি “মহাক্লেশ” অহাৰ পূৰ্বেই আমি এই ৰাজ্যৰ বিষয়ে ঘোষণা কৰাতো আমাৰ বাবে এক অতি আনন্দৰ বিষয় নহয়নে বাৰু?—মথি ২৪:২১; মাৰ্ক ১৩:১০.

অনুসন্ধান কৰা কাৰ্য্যত সফলতা লাভ কৰা

৯. যীচুৱে তেওঁৰ শিষ্যসকলক কেনেধৰণৰ নিৰ্দ্দেশন দিছিল আৰু লোকসমূহে ৰাজ্যৰ বাৰ্ত্তাৰ প্ৰতি কেনে প্ৰতিক্ৰিয়া দেখুৱাইছিল?

আনন্দিত হোৱাৰ দ্বিতীয়টো কাৰণ হৈছে, আগ্ৰহী লোকসকলক অনুসন্ধান কৰি যীচুৰ শিষ্য বনায় আমাৰ সৈতে শস্য চপোৱা কাৰ্য্যত চামিল কৰাত আমি সফলতা লাভ কৰিছোঁ। এই সন্দৰ্ভত সা.যু. ৩১-৩২ চনত যীচুৱে নিজৰ শিষ্যসকলক আজ্ঞা দি এইদৰে কৈছিল: “তোমালোকে যি কোনো নগৰত বা গাৱঁত সোমোৱা, তাত কোন মানুহ যোগ্য, ইয়াৰ বিচাৰ লবা; আৰু তাৰ পৰা ওলাই নোযোৱামানে তাতে থাকিবা।” (মথি ১০:১১) সকলোৱে যে শিষ্যসকলৰ এই বাৰ্ত্তাক আগ্ৰহেৰে গ্ৰহণ কৰিছিল এনে নহয়। তথাপিও, যীচুৰ শিষ্যসকলে যʼতে লোকসকলক লগ পাইছিল উৎসাহেৰে প্ৰচাৰকাৰ্য্য কৰিছিল।

১০. পাঁচনি পৌলে যোগ্য ব্যক্তিসকলক বিচাৰি উলিয়াবলৈ কেনেধৰণৰ অনুসন্ধান চলাইছিল?

১০ যীচুৰ মৃত্যু আৰু পুনৰুত্থানৰ পাছত শিষ্যসকলে যোগ্য ব্যক্তিসকলক দৃঢ়তাৰে একেৰাহে বিচাৰিবলৈ ধৰিলে। উদাহৰণস্বৰূপে, পাঁচনি পৌলে নামঘৰৰ যিহূদী আৰু এথেনৰ বজাৰত উপস্থিত থকা লোকসকলক যুক্তি দৰ্শাই প্ৰচাৰ কৰিছিল। যেতিয়া তেওঁ গ্ৰীছ চহৰৰ আৰেয়পাগ নামৰ এখন ঠাইত প্ৰচাৰ কৰিলে তেতিয়া “কিছুমান মানুহে তেওঁৰ লগ লৈ বিশ্বাস কৰিলে। তেওঁলোকৰ মাজত আৰেয়পাগৰ দিয়নুচিয়, আৰু দামাৰী নামেৰে এজনী তিৰোতা, আৰু লগত আন কিছুমানো আছিল।” পৌলে যি যি ঠাইলৈ গৈছিল, সেই সকলো ঠাইতে “সৰ্ব্বসাধাৰণৰ আগত, আৰু ঘৰে ঘৰে” প্ৰচাৰ কৰি উত্তম আৰ্হি ৰাখিলে।—পাঁচনিৰ কৰ্ম্ম ১৭:১৭, ৩৪; ২০:২০.

১১. কিছু বছৰৰ আগতে প্ৰচাৰকাৰ্য্যক ফলদায়ক কৰি তুলিবলৈ কেনেধৰণৰ পদ্ধতি গ্ৰহণ কৰা হৈছিল?

১১ অভিষিক্ত বৰ্গই ১৯ শতাব্দী শেষ হোৱা কিছু সময়ৰ পূৰ্বেই সাহসী হৈ আগ্ৰহী লোকসকলক অনুসন্ধান কৰি উলিয়াত ব্যস্ত হৈ পৰিল। সেয়েহে ১৮৮১ চনৰ জুলাই/আগষ্ট মাহত প্ৰকাশিত হোৱা জাইন ওৱাচ টাৱৰ নামৰ আলোচনীত উল্লেখ কৰা “প্ৰচাৰ কৰিবলৈ অভিষিক্ত কৰা হʼল” নামৰ লেখত এইদৰে কৈছিল: “ৰাজ্যৰ এই শুভবাৰ্ত্তা হৈছে . . . ‘নম্ৰ ব্যক্তিসকলৰ’ বাবে। কিয়নো যিসকলে এই বাৰ্ত্তাক শুনিবলৈ আগ্ৰহী আৰু সক্ষম তেওঁলোকে যীচু খ্ৰীষ্টৰ সৈতে সংযোগ হৈ স্বৰ্গ জীৱনৰ উত্তৰধিকাৰী হʼব।” সেইবাবে শস্যক্ষেত্ৰৰ বনুৱাসকলে সদায়ে এনেধৰণৰ ব্যক্তিসকলক সাক্ষাৎ কৰিছিল, যিসকলে গীৰ্জা ত্যাগ দিছিল। তদুপৰি তেওঁলোকক শাস্ত্ৰীয় পদবোৰৰ ওপৰত আধাৰিত এখন ট্ৰেক্ট দিয়া হৈছিল, যিয়ে আগ্ৰহীলোকক সঠিক মনোবৃত্তিক বিকাশিত কৰিবলৈ সহায় কৰে। তেনেধৰণে পদ্ধতি গ্ৰহণ কৰি সাক্ষী দিয়াত সফলতা পোৱাৰ বিষয়ে নিৰীক্ষণ কৰি, মে, ১৯০৫ চনৰ প্ৰহৰীদুৰ্গ নামৰ আলোচনীত শস্য চপোৱা বনুৱাসকলক দেওবাৰে ৰাতিপূৱা “ঘৰে-ঘৰে” গৈ ট্ৰেক্ট বিতৰণ কৰিবলৈ উৎসাহিত কৰা হৈছিল।

১২. আমি প্ৰচাৰকাৰ্য্যক কেনেকৈ ফলদায়ক কৰি তুলিব পাৰোঁ? বৰ্ণনা কৰক।

১২ কিন্তু অলপতে আমি কেৱল ঘৰে-ঘৰে গৈ ব্যক্তিসকলক সাক্ষাৎ কৰাৰ ওপৰিও আন আন স্থানত উপস্থিত থকা লোকসকলক প্ৰচাৰ কৰিছোঁ। ইয়াৰ ফলস্বৰূপে এনে ব্যক্তিসকলৰ সৈতে লগ পাবলৈ সক্ষম হৈছোঁ, যিসকলক সাধাৰণতে ছুটি বা চাকৰিৰ বাবে ঘৰত লগ পোৱা নাযায়। এই সন্দৰ্ভত ইংলেণ্ডত হোৱা এক অভিজ্ঞতাৰ বিষয়ে বিবেচনা কৰক। এগৰাকী যিহোৱাৰ সাক্ষী ভনী আৰু তাইৰ সৈতে থকা সহ-উপাসকে সদায়ে লক্ষ্য কৰিছিল যে ভ্ৰমণকাৰীসকলে বাছৰে যাত্ৰা কৰি সাগৰৰ পাৰলৈ আহিছিল আৰু তাত গোটেই দিনটো কটাই আবেলি নিজ নিজ ঘৰলৈ উভটি গৈছিল। এদিনাখন তেওঁলোকে অলপ সাহস কৰি, সেই বাছখনত প্ৰবেশ কৰি যাত্ৰীসকলক প্ৰহৰীদুৰ্গ আৰু সচেতন! নামৰ আলোচনী বিতৰণ কৰে। এইদৰে এমাহত তেওঁলোকে ২২৯ খন আলোচনী বিতৰণ কৰিবলৈ সক্ষম হয়। আগলৈ তেওঁলোকে এইদৰে কয়: “এতিয়া আমি সাগৰৰ পাৰত, বাণিজ্য এলেকা বা কঠিনতা সন্মূখীন হোৱাৰ সম্ভৱনা থকা এলেকাবোৰতো গৈ নিৰ্ভয়ে প্ৰচাৰ কৰোঁ। কিয়নো আমি জানো যে যিহোৱা সদায়ে আমাৰ সৈতে আছে।” তেওঁলোক দুয়োৱে আলোচনী প্ৰবাহ আৰু বাইবেল অধ্যয়নৰ আৰম্ভ আৰু সহযোগী অগ্ৰগামী সেৱক হিচাপে কাৰ্য্য কৰিলে।

১৩. কিছুমান এলেকাত প্ৰচাৰ কৰিবলৈ কেনেধৰণৰ সাল-সলনি কৰিবলগা হয়?

১৩ একেৰাহে যোগ্য ব্যক্তিসকলক বিচাৰি উলিয়াবলৈ কৰা কাৰ্য্যৰ বাবে, কিছুমান এলেকাত হয়তো আমাৰ প্ৰচাৰ কৰা সময় সাল-সলনি কৰিবলগীয়া হʼব পাৰে। যদিও বহুতো ভাই-ভনীৰ বাবে দেওবাৰৰ ৰাতিপূৱা প্ৰচাৰকাৰ্য্যত ভাগ লোৱাটো হয়তো অভ্যাস হৈ পৰিছে, কিন্তু সেই সময়ছোৱাত গৃহস্থই শুই থকাৰ বাবে ফলদায়ক ৰূপে প্ৰমাণিত হোৱা নাই। সেইবাবে তেওঁলোকে প্ৰচাৰ কৰা সময়ৰ সাল-সলনি কৰি আবেলি সময়ত বা সভাৰ সমাপ্তিৰ পাছত গৈ প্ৰচাৰকাৰ্য্যত ভাগ লৈ আগ্ৰহীলোকক বিচাৰি উলিয়াত সফলতা পাইছে। তেনে পদক্ষেপ লোৱাৰ বাবে যোৱা বছৰত গোটেই বিশ্বত ৰাজ্য প্ৰচাৰকৰ সংখ্যা ২.৩ শতাংশলৈ বৃদ্ধি পালে। এনে কাৰ্য্যই শস্যৰ গৰাকীজনলৈ গৌৰৱ কঢ়িয়াই আনিছে আৰু আমাৰ হৃদয়কো আনন্দিত কৰি তুলিছে।

শস্য চপোৱা কাৰ্য্যত ধৈৰ্য্যশীল হোৱা

১৪. আমি প্ৰস্তুত কৰা বাৰ্ত্তাৰ যোগেদি কেনেধৰণৰ মনোবৃত্তি প্ৰকাশ কৰোঁ আৰু কিয়?

১৪ শস্য চপোৱা কাৰ্য্যত আনন্দিত হোৱাৰ তৃতীয়টো কাৰণ হৈছে ধৈৰ্য্যশীল হোৱা। এই সন্দৰ্ভত যীচুৱে এইদৰে কৈছিল: “ঘৰত সোমাওঁতে, তেওঁক মঙ্গলবাদ কৰিবা। আৰু সেই ঘৰ যদি যোগ্য হয়, তেন্তে তোমালোকলৰ কুশল তাৰ ওপৰত থাকক।” (মথি ১০:১২, ১৩) মূলতে হিব্ৰু আৰু গ্ৰীক ভাষাত মঙ্গলবাদ কৰাৰ অৰ্থ হৈছে ‘তোমালোকৰ কুশল তেওঁৰ ওপৰত থাকক।’ এনে মনোবৃত্তিয়ে আমাক আনৰ ওচৰত গৈ শুভবাৰ্ত্তা প্ৰচাৰ কৰিবলৈ নিৰ্দ্দেশনা দিয়ে। আমি আশা কৰোঁ যে তেওঁলোকে আমাৰ বাৰ্ত্তাৰ প্ৰতি যেন সঠিক মনোবৃত্তি দেখুৱায়। যিসকলে তেনে মনোবৃত্তি দেখুৱাই তেওঁলোকে মন পৰিৱৰ্ত্তন কৰি ভুল পথৰ পৰা উভটি আহি ঈশ্বৰৰ ইচ্ছা অনুসাৰে জীৱন-যাপন কৰিব। এই পৰিৱৰ্ত্তনে তেওঁলোকক অনন্ত জীৱনলৈ পৰিচালিত কৰিব।—যোহন ১৭:৩; পাঁচনিৰ কৰ্ম্ম ৩:১৯; ১৩:৩৮, ৪৮; ২ কৰিন্থীয়া ৫:১৮-২০.

১৫. যেতিয়া কোনোবাই আমাৰ প্ৰচাৰকাৰ্য্যৰ প্ৰতি সঠিক মনোবৃত্তি নেদেখুৱাই, তেতিয়া আমি কেনেকৈ ধৈৰ্য্যশীল হʼব পাৰোঁ?

১৫ যেতিয়া কোনোবাই আমাৰ বাৰ্ত্তাৰ প্ৰতি সঠিক মনোবৃত্তি নেদেখুৱাই, সেই সময়ত আমি কেনেকৈ ধৈৰ্য্যশীল হʼব পাৰোঁ? এই সম্পৰ্কে যীচুৱে নিৰ্দ্দেশনা দি এইদৰে কৈছিল: “কিন্তু যদি যোগ্য নহয়, তেন্তে সেই কুশল তোমালোকলৈ উলটি আহক।” (মথি ১০:১৩) আনকি লূকৰ বৃত্তান্তও যীচুৱে তেওঁৰ ৭০ জন শিষ্যক দিয়া নিৰ্দ্দেশনাৰ বিষয়ে দাঙি ধৰি এইদৰে কৈছিল: “যদি তাত কুশলৰ পাত্ৰ থাকে, তেন্তে তোমালোকৰ কুশল তাৰ ওপৰত থাকিব; কিন্তু যদি নাই, তেন্তে তোমালোকলৈ উলটি আহিব।” (লূক ১০:৬) যেতিয়া আমি আনৰ ওচৰলৈ গৈ অতি সন্মান আৰু আদৰেৰে শুভবাৰ্ত্তাক প্ৰচাৰ কৰোঁ আৰু যদি কোনো গৃহস্থই ইয়াৰ প্ৰতি সঠিক মনোবৃত্তি নেদেখুৱাই, তেন্তে আমাৰ শান্তিদায়ক শুভবাৰ্ত্তা আমালৈ ‘উলটি আহে’। গৃহস্থৰ এনে মনোবৃত্তিয়ে আমাত থকা যিহোৱাৰ পবিত্ৰ আত্মাৰ ফল যি শান্তি তাক কাঢ়ি নিব নোৱাৰে।—গালাতীয়া ৫:২২, ২৩.

শস্য চপোৱা বনুৱাসকলৰ বাবে এক উত্তম লক্ষ্য

১৬, ১৭. (ক) আমি কেনে লক্ষ্য ৰাখি পুনৰ সাক্ষাৎ কৰা উচিত? (খ) যিসকলৰ মনত বাইবেলক আধাৰিত কৰি বহুধৰণৰ প্ৰশ্ন আছে, আমি তেওঁলোকক কেনেকৈ সহায় কৰিব পাৰোঁ?

১৬ আমি শস্য চপোৱা বনুৱা হোৱাৰ বাবে লোকসকলক অনন্ত জীৱনলৈ একত্ৰিত কৰা কাৰ্য্যত ভাগ লৈ অতি আনন্দিত হৈছোঁ। গতিকে যেতিয়া এজন ব্যক্তিয়ে সঠিক মনোবৃত্তি দেখুৱাই অধিক শিকিবলৈ ইচ্ছা প্ৰকাশ কৰে আৰু নিজকে “কুশলৰ পাত্ৰ” বুলি পৰিচয় দিয়ে, তেতিয়া ই আমাৰ বাবে কিমান যে আনন্দৰ কাৰণ হয়! কোনো এজন আগ্ৰহী ব্যক্তিৰ মনত হয়তো এনেধৰণৰ বহুতো প্ৰশ্ন থাকিব পাৰে, যিবিলাকৰ উত্তৰ প্ৰথম সাক্ষাততে দিয়াটো সম্ভৱ নহয়। তদুপৰি প্ৰথমবাৰৰ সাক্ষাৎ দীঘলীয়া কৰাটো উচিত নহয়। এনে অৱস্থাত কি কৰিব পৰা যায়? এই ক্ষেত্ৰত আমি আজিৰ পৰা প্ৰায় ৬০ বছৰৰ আগতে এখন পুস্তিকাত উল্লেখ কৰাৰ দৰে লক্ষ্য ৰাখিব পাৰোঁ।

১৭ সেই পুস্তিকাখনৰ নাম আছিল মডেল ষ্টাডি, ইয়াক তিনিটা খণ্ডত ১৯৩৭ চনৰ পৰা ১৯৪১ চনলৈ প্ৰকাশ কৰা হৈছিল। সেই পুস্তিকাখনৰ তৃতীয় খণ্ডত এইদৰে কোৱা হৈছিল: “সকলো যিহোৱাৰ সাক্ষীয়ে বাইবেলৰ পৰা আৰ্হিস্বৰূপে অধ্যয়ন প্ৰস্তুত কৰি দেখুৱাবলৈ সাজু থকা আৱশ্যক।” আগলৈ সেই পুস্তিকাখনত এইদৰে কোৱা হৈছিল: “সকলো [ৰাজ্যৰ] প্ৰচাৰকে শুভবাৰ্ত্তাৰ প্ৰতি আগ্ৰহী থকা লোকসকলক সকলো প্ৰকাৰে সহায় কৰিবলৈ পৰিশ্ৰম কৰা উচিত। তদুপৰি তেনে ব্যক্তিসকলৰ ওচৰলৈ পুনৰাই গৈ, [পুনৰ সাক্ষাৎ কৰি] তেওঁৰ বিভিন্ন প্ৰশ্নসমূহৰ উত্তৰ . . . , আৰু যিমান সোনকালে পাৰে . . . তেওঁৰ সৈতে আৰ্হিস্বৰূপে অধ্যয়ন আৰম্ভ কৰা উচিত।” বাস্তৱতে, আগ্ৰহী হোৱা গৃহস্থৰ সৈতে নিয়মীয়াকৈ বাইবেল অধ্যয়ন কৰিবলৈ আমাৰ লক্ষ্য হোৱা উচিত। * এতেকে আগ্ৰহী ব্যক্তিসকলৰ সৈতে বন্ধুত্বপূৰ্ণ আৰু প্ৰেমময় আচৰণ কৰাৰ দ্বাৰা তেওঁৰ সৈতে কৰা বাইবেল অধ্যয়নক অধিক কাৰ্য্যকাৰী কৰি তুলিব পাৰোঁ।

১৮. আগ্ৰহী ব্যক্তিসকলক যীচুৰ শিষ্য হবলৈ আমি কেনেকৈ সহায় কৰিব পাৰোঁ?

১৮ বৰ্তমান সময়ত জ্ঞান যি অনন্ত জীৱনলৈ লৈ যায় নামৰ কিতাপখন আৰু ঈশ্বৰে আমাৰ পৰা কি বিচাৰে? নামৰ ব্ৰচাৰখনৰ দ্বাৰা আমি অধিক ফলদায়কৰূপে বাইবেল অধ্যয়নৰ পৰিচালনা কৰি আগ্ৰহী ব্যক্তিসকলক শিষ্য হবলৈ সহায় কৰিব পাৰোঁ। যেনেকৈ আমি আমাৰ মহান শিক্ষক যীচু খ্ৰীষ্টক অনুকৰণ কৰিবলৈ চেষ্টা কৰিম। আমাৰ বাইবেল বিদ্যাৰ্থীসকলেও আমাত থকা শান্তি, আনন্দ, সৰলতাপূৰ্ণ আচৰণ আৰু যিহোৱাৰ সিদ্ধান্ত, তেওঁৰ নিৰ্দ্দেশনাৰ প্ৰতি দেখুৱা গভীৰ শ্ৰদ্ধাৰ বিষয়ে শিকিব পাৰিব। ইয়াৰ ওপৰিও যেতিয়া আমি তেওঁলোকৰ প্ৰশ্নবোৰৰ উত্তৰ বিচাৰি উলিওৱাত সহায় কৰোঁ, তেতিয়া তেওঁলোকক আনে কৰা তেনেধৰণৰ প্ৰশ্নসমূহৰ উত্তৰ দিবলৈও শিকোৱা আৱশ্যক। (২ তীমথিয় ২:১, ২; ১ পিতৰ ২:২১) আমি লাক্ষণিকৰূপে শস্য চপোৱা বনোৱা হিচাপে যোৱা সেৱা বছৰত গড় হিচাপে ৪৭,৬৬,৬৩১ জন আগ্ৰহীলোকে বাইবেল অধ্যয়ন কৰাৰ বিষয়ে শুনি নিশ্চয়ে আনন্দিত হʼব পাৰোঁ। আমি বিশেষকৈ এইবাবে আনন্দিত হʼব পাৰিম, কিয়নো সেই লাক্ষণিক শস্য চপোৱা বনুৱা অৰ্থাৎ ব্যক্তিগতৰূপে আগ্ৰহীলোকৰ সৈতে বাইবেল অধ্যয়ন পৰিচালনা কৰাসকলৰ ভিতৰত আমিও এজনা।

শস্য চপোৱা কাৰ্য্যত আনন্দ বজাই ৰাখক

১৯. যীচুৰ পৰিচৰ্য্যা কালত আৰু তাৰ অলপ পাছতে হোৱা শস্য চপোৱা কাৰ্য্যত আনন্দিত হোৱাৰ কিয় উচিত কাৰণ আছিল?

১৯ যীচুৰ পৰিচৰ্য্যাৰ কালত আৰু তাৰ অলপ পাছতে হোৱা শস্য চপোৱা কাৰ্য্যত আনন্দিত হোৱাৰ উচিত কাৰণসমূহ আছিল। কিয়নো তেতিয়ালৈকে বহুতে শুভবাৰ্ত্তাৰ প্ৰতি সঠিক মনোবৃত্তি দেখুৱাইছিল। বিশেষকৈ সা.যু. ৩৩ চনত, আনন্দিত হোৱাৰ এক প্ৰমুখ কাৰণ আছিল, কিয়নো পেন্টাকোষ্টৰ সময়ত প্ৰায় ৩,০০০ জন লোকে পাঁচনি পিতৰৰ নিৰ্দ্দেশন অনুকৰণ কৰি যিহোৱাৰ পবিত্ৰ আত্মা পাই ঈশ্বৰৰ আধ্যাত্মিক ইস্ৰায়েলৰ ভাগ হৈ পৰিছিল। তদুপৰি, তেওঁলোকৰ সংখ্যা প্ৰতিদিনে বৃদ্ধি পাইছিল আৰু “প্ৰভুৱে দিনে দিনে পৰিত্ৰাণ পোৱাবিলাকক তেওঁবিলাকৰ লগত লগ লগাই” থোৱাৰ বাবে তেওঁলোকে আনন্দত উপচি পৰিল।—পাঁচনিৰ কৰ্ম্ম ২:৩৭-৪১, ৪৬, ৪৭; গালাতীয়া ৬:১৬; ১ পিতৰ ২:৯.

২০. আমাৰ শস্য চপোৱা কাৰ্য্যত কিহে আমাক অতি আনন্দিত কৰি তুলিছে?

২০ সেই সময়ত ভৱিষ্যতবক্তা যিচয়াই কৰা এই ভৱিষ্যতবাণীৰ পূৰ্ণতা হʼল, যʼত তেওঁ এইদৰে কৈছিল: “তুমি সেই জাতিক বৃদ্ধি কৰিলা, তুমি তেওঁবিলাকৰ আনন্দ বঢ়ালা; শস্য দোৱা সময়ত আনন্দ কৰাৰ, আৰু লুটদ্ৰব্য ভাগ-বাঁটি লোৱা সময়ত উল্লাস কৰাৰ দৰে তেওঁবিলাকে তোমাৰ সাক্ষাতে আনন্দ কৰে।” (যিচয়া ৯:৩) যিহেতু বৰ্তমান সময়ত আমি ‘বৃদ্ধি হোৱা জাতি’ অৰ্থাৎ অভিষিক্তসকলৰ সংখ্যা সম্পূৰ্ণ হোৱা দেখিবলৈ পাইছোঁ। কিন্তু তথাপিও আমি অতি আনন্দিত হৈছোঁ, কিয়নো দিনে দিনে শস্য চপোৱা বনুৱাসকলৰ সংখ্যাত বৃদ্ধি পাইছে।—গীতমালা ৪:৭; জখৰিয়া ৮:২৩; যোহন ১০:১৬.

২১. পৰৱৰ্ত্তী লেখত কিহৰ বিষয়ে আলোচনা কৰা হʼব?

২১ আমাৰ ওচৰত নিশ্চয়ে শস্য চোপোৱা কাৰ্য্যত আনন্দ বজাই ৰাখিবলৈ উচিত কাৰণসমূহ আছে। আমাৰ আশাদায়ক বাৰ্ত্তা, যোগ্য ব্যক্তিসকলক বিচাৰি উলিয়াবলৈ কৰা প্ৰচেষ্টা আৰু ধৈৰ্য্যশীল মনোবৃত্তি, এই সকলোৱে আমি অৰ্থাৎ শস্য চপোৱা বনুৱাসকললৈ আনন্দ কঢ়িয়াই আনিছে। তথাপিও, সকলোৱে যে সেই বনুৱাসকলৰ শস্য চপোৱা কাৰ্য্যৰ প্ৰতি সঠিক প্ৰতিক্ৰিয়া দেখুৱাব এনে নহয়। সেয়েহে “ঈশ্বৰৰ বাক্য আৰু যীচুৰ সাক্ষ্য” দিয়াৰ বাবে পাঁচনি যোহনে পাত্ম দ্বীপত কাৰাবাস খাটিবলগীয়া হৈছিল। (প্ৰকাশিত বাক্য ১:৯) আমিও তাড়না আৰু বিৰোধিতাৰ সন্মূখীন হʼব পাৰোঁ, কিন্তু সেই সময়ত আমি কেনেকৈ আমাৰ আনন্দ বজাই ৰাখিব পাৰোঁ? যিসকলে আমাৰ প্ৰচাৰকাৰ্য্যৰ প্ৰতি সঠিক মনোবৃত্তি নেদেখুৱাই, তেনে পৰিস্থিতিত আমি কেনেকৈ সফলতাৰে সন্মূখীন হʼব পাৰোঁ? পৰৱৰ্ত্তী লেখত শাস্ত্ৰীয় পদৰ সাহৰ্য্য আগবঢ়াই এই প্ৰশ্নসমূহৰ উত্তৰ দিয়া হʼব।(w01 7/15)

[ফুটনোট]

^ প্ৰথমতে, যিবোৰ স্থানত আগ্ৰহী ব্যক্তিসকলে সমূহীয়াকৈ উপস্থিত হৈছিল, সেইবোৰ ঠাইত বাইবেল অধ্যয়ন পৰিচালনা কৰা হৈছিল। কিন্তু পাছলৈ, প্ৰত্যেক ব্যক্তি আৰু পৰিয়ালৰ সৈতে ব্যক্তিগতৰূপে অধ্যয়ন কৰিবলৈ ধৰিলে।—যিহোৱাচ্‌ উইট্‌নেচেচ—প্ৰক্লেইমাৰচ্‌ অৱ গড্‌চ কিংডম নামৰ কিতাপখনৰ ৫৭৪ পৃষ্ঠা চাওঁক।

আপুনি উত্তৰ দিব পাৰিবনে?

• লাক্ষণিক শস্য চপোৱা কাৰ্য্যই কিহক চিত্ৰিত কৰিছে?

• আমি কেনেধৰণৰ বাৰ্ত্তা ঘোষণা কৰোঁ?

• শিষ্য বনোৱা কাৰ্য্যত আমি কিয় সফলতা লাভ কৰিব পাৰিছোঁ?

• শস্য চপোৱা কাৰ্য্যত আমি কেনেকৈ ধৈৰ্য্যশীলতা বজাই ৰাখিব পাৰোঁ?

• শস্য চপোৱা বনুৱা হিচাপে আমি কিয় আনন্দিত হোৱা আৱশ্যক?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[২০ পৃষ্ঠাৰ ছবি]

প্ৰথম আৰু বিশং শতাব্দীত হোৱা প্ৰচাৰকাৰ্য্য

[২১ পৃষ্ঠাৰ ছবি]

পাঁচনি পৌলৰ দৰে বৰ্তমান সময়ত থকা লাক্ষণিক শস্য চপোৱা বনুৱাসকলে লোকসকলক শুভবাৰ্ত্তা দিবলৈ সকলো প্ৰকাৰে চেষ্টা কৰিছে

[২১ পৃষ্ঠাৰ ছবি]

ধৈৰ্য্যশীল হৈ শুভবাৰ্ত্তাৰ প্ৰচাৰ কৰা