Skip to content

Skip to table of contents

অব্ৰাহামে বিশ্বাসৰ এক উত্তম আৰ্হি ৰাখিলে

অব্ৰাহামে বিশ্বাসৰ এক উত্তম আৰ্হি ৰাখিলে

অব্ৰাহামে বিশ্বাসৰ এক উত্তম আৰ্হি ৰাখিলে

“বিশ্বাস কৰা সকলোৰে [অব্ৰাহাম] যেন পিতৃ” আছিল।—ৰোমীয়া ৪:১১.

১, ২. (ক) আজি প্ৰকৃত খ্ৰীষ্টানসকলৰ মাজত অব্ৰাহামক কেনেকৈ স্মৰণ কৰা হয়? (খ) তেওঁক কিয় “বিশ্বাস কৰা সকলোৰে” পিতৃ বুলি কোৱা হয়?

 তেওঁ এজন শক্তিশালী ৰাষ্ট্ৰৰ পিতৃ, ভৱিষ্যতবক্তা, ব্যৱসায়ী আৰু অধিনায়ক আছিল। বৰ্তমান সময়ত খ্ৰীষ্টানসকলে তেওঁক উত্তম আৰ্হি ৰখা ব্যক্তিৰূপে স্মৰণ কৰে, কিয়নো তেওঁ নিজৰ দৃঢ় বিশ্বাসৰ বাবে যিহোৱাৰ বন্ধু হʼব পাৰিছিল। (যিচয়া ৪১:৮; যাকোব ২:২৩) সেই ব্যক্তিজনৰ নাম আছিল অব্ৰাহাম আৰু বাইবেলে তেওঁক “বিশ্বাস কৰা সকলোৰে পিতৃ” বুলি পৰিচয় দিছে।—ৰোমীয়া ৪:১১.

ইয়াৰ অৰ্থ এইটোনে যে অব্ৰাহামৰ সময়ৰ পূৰ্বেই জীয়াই থকা হেবল, হনোক আৰু নুহ বিশ্বাসী ব্যক্তি নাছিল? নিশ্চয় নহয়। ইয়াত এইবাবে অব্ৰাহামক বিশ্বাসী বুলি উল্লেখ কৰিছে, কিয়নো ঈশ্বৰে কেৱল তেওঁৰ সৈতে ব্যৱস্থা স্থাপন কৰিছিল যাতে সকলো জাতিয়ে আশীৰ্ব্বাদ লাভ কৰিব পাৰে। (আদিপুস্তক ২২:১৮) সেইবাবে যিসকলে প্ৰতিজ্ঞাত বংশত বিশ্বাস কৰে, তেওঁবিলাকলৈ অব্ৰাহাম লাক্ষ্যণিক পিতৃ হʼল। (গালাতীয়া ৩:৮, ৯) আমি অনুকৰণ কৰিবলৈ তেওঁ দৃঢ় বিশ্বাসৰ আৰ্হি ৰখাৰ বাবে তেওঁক আমি পিতৃ হিচাপে দৃষ্টি কৰোঁ। তেওঁ বিভিন্ন ক্লেশ, পৰীক্ষাৰ সম্মুখীন হোৱাৰ স্বত্ত্বেও গোটেই জীৱন বিশ্বাসী হৈ থাকিল। তদুপৰি, তেওঁ বহু আগতে এক মহান পৰীক্ষাৰ সম্মুখীন হৈছিল। সেই পৰীক্ষাটো আছিল তেওঁৰ নিজৰ পুতেক ইচাকক বলিদান কৰিবলৈ দিয়া আজ্ঞাক পালন কৰা। ইয়াৰ ওপৰিও অব্ৰাহামে বহুতো সৰু সৰু পৰীক্ষাত বিশ্বাসী হৈ থাকি তেওঁৰ বিশ্বাসৰ প্ৰমাণ দিলে। (আদিপুস্তক ২২:১, ২) গতিকে আঁহক আমি তেওঁ সম্মুখীন হোৱা কিছুমান পৰীক্ষাৰ বিষয়ে বিবেচনা আৰু সেইবোৰৰ পৰা কি শিকিব পাৰোঁ, তাক পৰীক্ষা কৰোঁহঁক।

ঊৰ দেশ ত্যাগ কৰিবলৈ দিয়া আজ্ঞা

৩. বাইবেলে অব্ৰামৰ পৃষ্ঠভূমিৰ বিষয়ে কি কৈছে?

আদিপুস্তক ১১:২৬ পদত বাইবেলে প্ৰথমে তেওঁক অব্ৰাম (পাছলৈ অব্ৰাহাম) বুলি উল্লেখ কৰিছিল। সেই পদত অব্ৰাহামৰ বিষয়ে এইদৰে কৈছিল: “তেৰহৰ সত্তৰ বছৰ বয়সৰ সময়ত, তেওঁৰ সন্তান অব্ৰাম, নাহোৰ, আৰু হাৰণ জন্মিল।” অব্ৰামে ঈশ্বৰক ভয় ৰাখোঁতা চেমৰ বংশৰ পৰা আহিছিল। (আদিপুস্তক ১১:১০-২৪) আদিপুস্তক ১১:৩১ পদৰ অনুসাৰে অব্ৰামে তেওঁৰ পৰিয়ালৰ সৈতে কল্‌দীয়াহঁতৰ ঊৰ নগৰত বাস কৰিছিল, যি ফৰাৎ নদীৰ পূৰ্ব দিশত অৱস্থিত আছিল। * তাত তেওঁ তম্বুত বাস কৰা যাযাবৰ লোকৰ নিচিনা নহয় কিন্তু চহকী নগৰ-নিবাসী দৰে বাস কৰিছিল। ঊৰ এনে এখন নগৰ আছিল যʼত বহুমূলীয়া সামগ্ৰীবোৰ কিনিব পৰা বজাৰ আছিল। ৰাস্তাৰ দুইকাষে ১৪ টা কোঠা থকা চূণেৰে ৰং কৰা বৃহত ভৱন আছিল আৰু সেই ভৱনবোৰৰ ভিতৰত লেতেৰা পানী ওলাই যাব পৰাকৈ সুন্দৰকৈ নলা নিৰ্মাণ কৰা হৈছিল।

৪. (ক) সত্য ঈশ্বৰৰ উপাসকসকলৰ বাবে ঊৰ নগৰত থাকি উপাসনা কৰাটো কিয় এক প্ৰত্যাহ্বানজনক বিষয় আছিল? (খ) অব্ৰামে কেনেকৈ যিহোৱাত ভাৰসা কৰাৰ বিষয়ে শিকিব পাৰিলে?

সেই নগৰখন ভৌতিকৰূপে চহকী হোৱাৰ বাবে যিসকলে সত্য উপাসনা কৰিবলৈ বিচাৰিছিল, তেওঁলোকৰ কাৰণে সঁচাকৈ এক প্ৰত্যাহ্বানজনক বিষয় আছিল। তদুপৰি, সেই নগৰখনত মূৰ্ত্তি পূজা আৰু অন্ধবিশ্বাস কৰা লোকসকলেৰে ভৰি আছিল। বাস্তৱেত সেই নগৰখনত চন্দ্ৰ দেৱতা, নানাক পূজা কৰাৰ অৰ্থে পিৰামিড সাদৃশ্যৰে মন্দিৰ নিৰ্ম্মাণ কৰা হৈছিল। নিসন্দেহ, অব্ৰামক তেনে ঘৃণানীয় উপাসনাত ভাগ লোৱাবলৈ হয়তো নিজৰ কিছুমান সম্বন্ধীয় লোকে বহু হেঁচা দিছিল। যিহূদীসকলৰ কিছুমান ৰীতি-নীতিৰ অনুসাৰে অব্ৰামৰ পিতৃ তেৰহ স্বয়ং এজন প্ৰতিমা নিৰ্ম্মাণকাৰী আছিল। (যিহোচূৱা ২৪:২, ১৪, ১৫) যিয়েই নহওঁক, অব্ৰামে মিছা দেৱতাৰ উপাসনা কৰাৰ পৰা আঁতৰি থাকিল। তেওঁৰ পূৰ্ব্বপুৰুষ চেম তেতিয়াও জীয়াই আছিল যাৰ দ্বাৰা তেওঁ সত্য ঈশ্বৰৰ বিষয়ে বহুতো জ্ঞান লাভ কৰিব পাৰিলে। পৰিণামস্বৰূপে অব্ৰামে নেʼনাৰ ওপৰত নহয় সত্য ঈশ্বৰ যিহোৱাৰ ওপৰতহে ভাৰসা ৰাখিলে।—গালাতীয়া ৩:৬.

বিশ্বাসৰ পৰীক্ষা

৫. অব্ৰামে ঊৰ নগৰত থকা সময়ত যিহোৱাই তেওঁক কেনে আজ্ঞা দিছিল?

যিহোৱাই অব্ৰামৰ বিশ্বাস পৰীক্ষা কৰিলে আৰু আজ্ঞা দি এইদৰে কৈছিল: “তুমি নিজ দেশ, নিজ জ্ঞাতি-কুটুম্ব, আৰু নিজ পিতৃৰ ঘৰ ত্যাগ কৰি, মই, যি দেশ তোমাক দেখুৱাম, সেই দেশলৈ বলা। আৰু মই তোমাৰ পৰা এক মহাজাতি উৎপন্ন কৰিম, আৰু তোমাক আশীৰ্ব্বাদ কৰি তোমাৰ নাম খ্যাতিমন্ত কৰিম; তাতে তুমি আশীৰ্ব্বাদৰ আকৰ হবা। যিবিলাকে তোমাক আশীৰ্ব্বাদ কৰে, সিবিলাকক মই আশীৰ্ব্বাদ কৰিম, আৰু তোমাক যি কোনোৱে শাও দিয়ে, তাক মই শাও দিম; আৰু তোমাতেই পৃথিবীৰ সমুদায় গোষ্ঠীয়ে আশীৰ্ব্বাদ পাব।”—আদিপুস্তক ১২:১-৩; পাঁচনিৰ কৰ্ম্ম ৭:২, ৩.

৬. ঊৰ দেশ ত্যাগ দিয়াতো অব্ৰামৰ বাবে প্ৰকৃততে কিয় এক বিশ্বাসৰ বিষয় আছিল?

অব্ৰাম বৃদ্ধ আৰু সন্তানহীন আছিল। গতিকে তেওঁৰ পৰা কেনেকৈ এক “পৰাক্ৰমী জাতি” উৎপন্ন হʼলহেঁতেঁন? তদুপৰি সেই দেশখন আচলতে কʼত অৱস্থিত, যʼত তেওঁক যাবলৈ আজ্ঞা দিয়া হৈছিল? সেই সময়ত যিহোৱাই তেওঁক যাবলগীয়া ঠাইখনৰ বিষয়ে কোনো সূচনা দিয়া নাছিল। সেইবাবে তেওঁক ঊৰৰ দৰে চহকী নগৰখন ত্যাগ কৰি যোৱাটো সঁচাকৈ বিশ্বাসৰ বিষয় আছিল। প্ৰাচীন সময়ৰ সম্পৰ্কে লিখা ফেমেলী, লৱ এণ্ড বাইবেল নামৰ কিতাপখনে এইদৰে কৈছে: “এজন অপৰাধী ব্যক্তিৰ বাবে সকলোতকৈ তাড়নাৰ বিষয় আছিল, যেতিয়া তেওঁক নিজৰ ঘৰখনে ‘সদস্যস্বৰূপে’ গ্ৰহণ কৰিবলৈ অস্বীকাৰ আৰু বহিষ্কাৰ কৰে। . . . সেইবাবে অব্ৰাহামৰ বাবে তেনেধৰণৰ আজ্ঞা পালন কৰাতোঁ সচাঁকৈ এক অসাধাৰণ বিষয় আছিল। যʼত কেৱল তেওঁক নিজৰ দেশেই নহয় কিন্তু জাতি-কুটুম্বকো ত্যাগ দিবলগা হৈছিল।”

৭. বৰ্তমান সময়ত খ্ৰীষ্টানসকলে কেনেকৈ অব্ৰামৰ দৰে পৰীক্ষাসমূহৰ সম্মুখীন হʼব পাৰে?

বৰ্ত্তমান সময়ত খ্ৰীষ্টানসকলেও হয়তো বহু ধৰণৰ পৰীক্ষাৰ সম্মুখীন হʼব পাৰে। আমিও অব্ৰামৰ দৰে ভৌতিক বস্তুবোৰক প্ৰথম স্থান নিদি আধ্যাত্মিক বিষয়বোৰক প্ৰথম স্থান দিয়া আৱশ্যক। (১ যোহন ২:১৬) তদুপৰি, অবিশ্বাসী পৰিয়ালৰ সদস্য, সত্যৰ পৰা বহিষ্কৃত সম্বন্ধীয় ব্যক্তিসকলে আমাক হয়তো হানিকাৰক সঙ্গতিত ভাগী হবলৈ প্ৰলোভিত কৰিব পাৰে। (মথি ১০:৩৪-৩৬; ১ কৰিন্থীয়া ৫:১১-১৩; ১৫:৩৩) কিন্তু এই ক্ষেত্ৰত অব্ৰামে আমাৰ বাবে এক উত্তম আৰ্হি প্ৰস্তুত কৰিলে। তেওঁ যিহোৱাৰ সৈতে থকা বন্ধুত্বক প্ৰথম স্থান দিবলৈ সকলোবোৰ —পৰিয়ালৰ সদস্যৰ সৈতে থকা সম্পৰ্ককো ত্যাগ দিছিল। যদিও তেওঁ নাজানিছিল যে কʼত, কেতিয়া আৰু কেনেকৈ ঈশ্বৰৰ প্ৰতিজ্ঞাবোৰ পূৰ্ণ হʼব। তথাপিও, তেওঁ স্বইচ্ছাৰে প্ৰতিজ্ঞাসমূহৰ ওপৰত নিজৰ সম্পূৰ্ণ ভাৰসা ৰাখিছিল। তেওঁ ৰখা এনে উদাহৰণে বৰ্তমান সময়ত আমাক ঈশ্বৰৰ ৰাজ্যক প্ৰথম স্থানত দিবলৈ কিমান যে উৎসাহিত কৰে!—মথি ৬:৩৩.

৮. অব্ৰামৰ দৃঢ় বিশ্বাসে তেওঁৰ পৰিয়ালক কেনেকৈ প্ৰভাৱিত কৰিলে আৰু খ্ৰীষ্টানসকলে এই উদাহৰণৰ পৰা কি শিকিব পাৰে?

কিন্তু অব্ৰামৰ নিজৰ পৰিয়ালৰ সদস্যকলৰ বিষয়নো কি? বাস্তৱতে অব্ৰামৰ ভাৰ্য্যা চাৰী, আৰু তেওঁৰ ভতিজা লোটে, অব্ৰামৰ বিশ্বাস দেখি অতিশয়ৰূপে প্ৰভাৱিত হৈছিল। সেইবাবে তেওঁলোকেও অব্ৰামৰ সৈতে ঊৰ দেশ ত্যাগ কৰিবলৈ দিয়া ঈশ্বৰৰ আজ্ঞাক পালন কৰিবলৈ প্ৰেৰিত হৈছিল। পিছলৈ তেওঁৰ ভায়েক নাহোৰ আৰু তেওঁৰ কিছুমান পুতেক-জীয়েকেও ঊৰ দেশ ত্যাগ কৰি হাৰণলৈ আহিল, যি ঠাইত তেওঁলোকে যিহোৱাৰ উপাসনা কৰিব ধৰিলে। (আদিপুস্তক ২৪:১-৪, ১০, ৩১; ২৭:৪৩; ২৯:৪, ৫) আনকি অব্ৰামৰ পিতৃ তেৰহও তেওঁৰ পুত্ৰৰ সৈতে যাবলৈ মান্তি হʼল! বাইবেলে তেওঁক পৰিয়ালৰ মুখীয়ালস্বৰূপে ঊৰ ত্যাগ কৰি কানানলৈ যোৱাৰ সিদ্ধান্ত লোৱাৰ বাবে প্ৰসংশা কৰিছে। তেনেদৰে আমিও আত্মীয়-স্বজনক বিবেচনাপূৰ্বক হৈ সাক্ষী দিয়াত সফলতা লাভ কৰি আনন্দিত হওঁনে?

৯. এই বৃহৎ যাত্ৰাৰ বাবে সাজু হʼবলৈ অব্ৰামক কেনেধৰণৰ তৈয়াৰী কৰিবলগা হৈছিল আৰু ইয়াত কেনেবোৰ ত্যাগ সন্মিলিত আছিল?

অব্ৰামে কানানৰ অভিমুখে যাত্ৰা কৰাৰ পূৰ্বেই বহুতো পৰিকল্পনা কৰিবলগা হৈছিল। যেনে, তম্বু, উট, খাদ্য সামগ্ৰী আৰু অন্যান প্ৰয়োজনীয় বস্তু কিনিবৰ বাবে তেওঁৰ সা-সম্পত্তি, বহুমূলীয়া বস্তুসমূহ বেচিবলগা হৈছিল। তেওঁ খৰখেদাকৈ প্ৰস্তুত কৰিবলৈ হয়তো আৰ্থিক লোকচানৰ সম্মুখীন হʼবলগীয়া হৈছিল, কিন্তু তথাপিও তেওঁ যিহোৱাৰ আজ্ঞাক পালন কৰি আনন্দিত হৈছিল। ই কিযে এক আনন্দৰ বিষয় আছিল যেতিয়া অব্ৰামৰ লোকসকলে সকলোবোৰ তৈয়াৰী কৰি ঊৰ নগৰৰ বাহিৰত আহি যাত্ৰাৰ বাবে সাজু হৈছিল! অব্ৰাম আৰু তেওঁৰ লোকসকলে ফৰাৎ নদীয়ে বৈ যোৱা বক্ৰপথক অনুকৰণ কৰি উত্তৰ-পশ্চিম ফালে যাত্ৰা কৰিলে। তেওঁলোকে ১,০০০ কিলোমিটাৰ অতিক্ৰম কৰাৰ কিছু সপ্তাহৰ পাছত উত্তৰ দিশত থকা মেচপতামিয়া অৰ্থাৎ হাৰণ নগৰলৈ আহি বসতি কৰিব ধৰিলে।

১০, ১১. (ক) অব্ৰামে অলপ সময়ৰ বাবে হাৰণত কিয় নিগাজিকৈ বাস কৰিবলগীয়া হৈছিল? (খ) যিসকল খ্ৰীষ্টানৰ নিজৰ বৃদ্ধ পিতৃ-মাতৃক চোৱা-চিতা কৰাৰ দায়িত্ব আছে, তেওঁলোকক কেনেকৈ উৎসাহিত কৰিব পাৰি?

১০ অব্ৰামে হাৰণত স্থায়ীভাৱে থাকিবলগীয়া হৈছিল। কিয়নো তেওঁৰ পিতৃ তেৰহ বৃদ্ধ হোৱাৰ বাবে যাত্ৰা কৰাত অসুবিধা হৈছিল। (লেবীয়া পুস্তক ১৯:৩২) ঠিক তেনেদৰে বৰ্তমান সময়তো বহুতো খ্ৰীষ্টান ব্যক্তিয়ে নিজৰ বৃদ্ধ বা অসুস্থ পিতৃ-মাতৃক চোৱা-চিতা কৰিবলগীয়া হয়, কিছুমানে তেওঁলোকৰ বাবে নিজৰ জীৱনৰ দৈনন্দিন তালিকাত সাল-সলনি কৰে। গতিকে তেনে ব্যক্তিসকলে নিশ্চিত হʼব পাৰে যে তেওঁলোকে কৰা ত্যাগসমূহ “ঈশ্বৰৰ সাক্ষাতে গ্ৰহণীয়।”—১ তীমথিয় ৫:৪.

১১ সময় অতিক্ৰম কৰাৰ লগে লগেই তেৰহ অতিশয়ৰূপে বৃদ্ধ হʼল আৰু “দুশ পাঁচ বছৰ বয়স পাই তেওঁ হাৰণত মৰিল।” পিতৃক হেৰুৱাবলগীয়া হোৱাত অব্ৰামে নিশ্চয়ে শোক কৰিছিল। কিন্তু শোক কৰাৰ সময় উকলি যোৱাৰ পাছত, অব্ৰামে কোনো পলম নকৰাকৈ হাৰণ ত্যাগ কৰিলে। সেই সময়ত “অব্ৰামৰ বয়স পঁয়সত্তৰ বছৰ আছিল। তেওঁৰ ভাৰ্য্যা চাৰীক, আৰু ভতিজা পুতেক লোটক আৰু তেওঁলোকৰ উপাৰ্জিত সকলো ধন সম্পত্তি আৰু হাৰণত পোৱা সকলো মানুহক লৈ যাত্ৰা কৰিব ধৰিলে।”—আদিপুস্তক ১১:৩২; ১২:৪, ৫.

১২. অব্ৰামে হাৰণত থকা সময়ত কি কৰিছিল?

১২ মনকৰিবলগীয়া বিষয় এই যে অব্ৰামে হাৰণত থকা সময়ছোৱাত “ধন সম্পত্তি” গোটাব পাৰিলে। যিহেতু তেওঁ ঊৰ দেশ এৰাৰ সময়ত সকলো ভৌতিক বস্তু ত্যাগ কৰিছিল। কিন্তু হাৰণত তেওঁ পুনৰ এজন ধনী ব্যক্তি হৈ পৰিল। ইয়াত কোনো সন্দেহ নাই যে যিহোৱাই তেওঁক আশীৰ্ব্বাদ কৰিছিল। (উপদেশক ৫:১৯) বৰ্তমান সময়ত যদিও তেওঁ তেওঁৰ লোকসকলক ভৌতিক ধন-সম্পত্তি দিবলৈ প্ৰতিজ্ঞা নকৰে, কিন্তু তথাপিও যি সেৱকসকলে “শুভবাৰ্ত্তাৰ নিমিত্তে ঘৰ বা ভাই-ভনী বা মাতৃ বা পিতৃ বা সন্তান বা মাটি” এৰে যিহোৱাই তেওঁলোকৰ প্ৰয়োজনীয়তাক পূৰণ কৰে। (মাৰ্ক ১০:২৯, ৩০) ইয়াৰ ওপৰিও অব্ৰামৰ ওচৰত বহু ‘মানুহ’ অৰ্থাৎ দাস-দাসী আছিল। তদুপৰি, যিৰূচালেম টাৰগাম আৰু কেলদিয়াৰ শব্দকোষৰ অনুসাৰে তেওঁ এজন ‘ধৰ্ম প্ৰচাৰকো’ আছিল। (আদিপুস্তক ১৮:১৯) আপোনাৰ বিশ্বাসে আপোনাক চুবুৰীয়া, সহকৰ্মী বা সহপাঠীক প্ৰচাৰ কৰিবলৈ প্ৰেৰিত কৰেনে? অব্ৰামে হাৰণত ঈশ্বৰৰ আজ্ঞাক পাহৰি লাহ-বিলাহেৰে জীৱন-যাপন কৰাৰ পৰিৱৰ্তে তেওঁ তেওঁৰ সময়খিনি বুদ্ধিমানেৰে ব্যৱহাৰ কৰিছিল। গতিকে হাৰণ নগৰ ত্যাগ কৰাৰ সময়টো তেওঁ “যিহোৱাৰ কথা অনুসাৰে যাত্ৰা কৰিলে।”—আদিপুস্তক ১২:৪.

ফৰাৎ নদীৰ সিপাৰলৈ যোৱা

১৩. অব্ৰামে কেতিয়া ফৰাৎ নদী পাৰ কৰে আৰু তেওঁ লোৱা এই পদক্ষেপৰ অভিপ্ৰায় কি আছিল?

১৩ আকৌ এবাৰ অব্ৰামে যাত্ৰা আৰম্ভ কৰিলে। এতিয়া তেওঁৰ যাত্ৰী দলে হাৰণৰ পৰা ওলাই গৈ ৯০ কিলোমিটাৰ পশ্চিমলৈ যাত্ৰা কৰিলে অৰ্থাৎ ইউফ্ৰেটিছ নদী পাৰ কৰি হয়তো কৰ্কমিচ নামৰ প্ৰাচীন সময়ৰ বাণিজ্য চহৰখনৰ কোনো এটা স্থানত ৰখিছিল। কৰ্কমিচ এখন প্ৰমুখ স্থান আছিল। * অব্ৰামৰ লোকসকলে কেতিয়া এই নদীখন পাৰ কৰিছিল? বাইবেলে কৈছে যে এইটো যিহূদীসকলে মিচৰৰ দাসত্ব বন্ধনৰ পৰা মুকলি হোৱাৰ ৪৩০ বছৰৰ পূৰ্বেই অৰ্থাৎ নিচান মাহৰ ১৪, সা.যু.পূ. ১৫১৩ চনত ঘটিছিল। এই সম্পৰ্কে যাত্ৰাপুস্তক ১২:৪১ পদত এইদৰে কৈছে: “সেই চাৰি শ ত্ৰিশ বছৰৰ শেষৰ যি দিন, সেই দিনাই যিহোৱাৰ সকলো বাহিনীবিলাক মিচৰ দেশৰ পৰা বাহিৰ হৈ গল।” স্পষ্টৰূপে, অব্ৰামক ইউফ্ৰেটিছ নদী পাৰ কৰিবলৈ দিয়া আজ্ঞা পালন কৰা অৰ্থাৎ সা.যু.পূ. ১৫১৩, নিচান ১৪ তাৰিখৰ পৰাই অব্ৰাহামৰ সৈতে স্থাপন কৰা নিয়মটি কাৰ্য্যকাৰী হয়।

১৪. (ক) অব্ৰামে বিশ্বাসৰ চকুৰে কি দৃষ্টি কৰিব পাৰিছিল? (খ) বৰ্তমান সময়ত ঈশ্বৰৰ লোকসকলে কি অৰ্থত অব্ৰামতকৈ অধিক বুজিবৈল আশীৰ্ব্বাদ লাভ কৰিছে?

১৪ অব্ৰামে ঊৰ নিচিনা এক চহকী নগৰ ত্যাগ দিছিল। কিয়নো তেওঁ এনে এখন নগৰৰ বাবে অপেক্ষা কৰিছিল “যি নগৰৰ স্থাপন আৰু নিৰ্ম্মাণকৰ্ত্তা ঈশ্বৰ,” যʼত ধাৰ্মিকতাই মানৱজাতিৰ ওপৰত শাসন কৰিব। (ইব্ৰী ১১:১০) প্ৰকৃততে, কেৱল এই অলপীয়া সংবাদৰ যোগেদি তেওঁ বুজিব পাৰিছিল যে ঈশ্বৰৰ উদ্দেশ্য হৈছে মৰণশীল মানৱজাতিক উদ্ধাৰ কৰা। কিন্তু আজি আমি ঈশ্বৰৰ উদ্দেশ্যৰ সম্বন্ধে অব্ৰামতকৈ অধিক জ্ঞান লাভ কৰিছোঁ। (হিতোপদেশ ৪:১৮) যি “নগৰৰ” বা ৰাজ্য চৰকাৰৰ বিষয়ে অব্ৰামে অপেক্ষা কৰিছিল আজি সেইখন বাস্তৱিক হৈ উঠিল আৰু ১৯১৪ চনত স্বৰ্গত সেই নগৰৰ স্থাপন হয়। গতিকে আমি আমাৰ বিশ্বাসৰ দ্বাৰা কৰ্ম্ম কৰি যিহোৱাত ভৰসা ৰখাতো উচিত নহবনে?

প্ৰবাসী হৈ প্ৰতিজ্ঞাত দেশত বাস কৰা

১৫, ১৬. (ক) যিহোৱাৰ বাবে বেদী নিৰ্ম্মাণ কৰিবলৈ অব্ৰামক কিয় সাহসী হোৱাৰ আৱশ্যক আছিল? (খ) আজি খ্ৰীষ্টানসকলে কেনেকৈ অব্ৰামৰ দৰে সাহসী হʼব পাৰে?

১৫ আদিপুস্তক ১২:৫, ৬ পদে আমাক এইদৰে কৈছে: “পাছে সিবিলাকে কনান দেশ পালেগৈ। আৰু অব্ৰামে সেই দেশৰ মাজেদি চিখিম নামেৰে ঠাইলৈ গৈ, মোৰিৰ এলোন গছজোপাৰ ওচৰ পালে।” চিখিম নামৰ ঠাইখন যিৰূচালেমৰ উত্তৰে ৫০ কিলোমিটাৰ দূৰত অৱস্থিত আৰু এখন সাৰুৱা উপত্যকা আছিল। সেইবাবে ইয়াক “পৰমদেশৰ পবিত্ৰ ঠাই” বুলি কোৱা হৈছিল। তদুপৰি, “সেই কালত কনানীবিলাক সেই দেশত আছিল।” তেওঁবিলাকে নৈতিকৰূপে ভ্ৰষ্টাচাৰী হোৱাৰ বাবে অব্ৰামে নিজৰ পৰিয়ালটোক নৈতিকৰূপে নিৰাপত্তা দিবলৈ তত্বাৱধান লবলগা হৈছিল।—যাত্ৰাপুস্তক ৩৪:১১-১৬.

১৬ পাছে যিহোৱাই দ্বিতীয় বাৰৰ বাবে অব্ৰামক দৰ্শন দি এইদৰে কৈছিল: “তোমাৰ বংশকেই মই এই দেশ দিম।” কিমান যে এক ৰোমাঞ্চিত বিষয় আছিল! সঁচাকৈ, তেওঁৰ বংশধৰে ভৱিষ্যতে এই আনন্দ উপভোগ কৰিবলৈ, অব্ৰামে প্ৰকৃততে বিশ্বাস কৰিবলগীয়া হৈছিল। অব্ৰামে যে এই কথাত ভাৰসা ৰাখিলে, তাক তেওঁ “দৰ্শন দিয়া যিহোৱালৈ, সেই ঠাইতে এটা যজ্ঞ-বেদি নিৰ্ম্মাণ” কৰি প্ৰমাণ কৰিলে। (আদিপুস্তক ১২:৭) এই সৰ্ন্দভত এজন বাইবেল বিদ্বানে এইদৰে মন্তব্য দিছে: “এনে যজ্ঞ-বেদী নিৰ্ম্মাণ কৰাৰ অৰ্থ হৈছে, সেই ঠাইত বসবাস কৰিবলৈ লোৱা যি প্ৰথাগত নিয়ম আৰু তেনে কৰাৰ দ্বাৰা নিজৰ বিশ্বাস প্ৰকাশ কৰা।” সঁচাকৈ, তেনে যজ্ঞ-বেদী নিৰ্ম্মাণ কৰাটো এক সাহসৰ বিষয় আছিল। নিসন্দেহঃ পাছলৈ এনেধৰণৰ যজ্ঞ-বেদীৰ বিষয়ে নিয়ম চুক্তিৰ ব্যৱস্থাত উল্লেখ কৰা হৈছিল, যি মাটিৰে নিৰ্ম্মাণ কৰা হৈছিল। (যাত্ৰাপুস্তক ২০:২৪, ২৫) গতিকে তেনেধৰণৰ বেদী নিশ্চয়ে কনানীসকলৰ বেদীবোৰতকৈ একেবাৰে ভিন্ন আছিল। অব্ৰাম এজন যিহোৱাৰ সত্য উপাসক হোৱাৰ বাবে ৰাইজৰ আগত তেনেধৰণৰ পদক্ষেপ লোৱাটো সঁচাকৈ এক বিপদজনক কাৰ্য্য আছিল আৰু কিছুমানে তেওঁৰ কাৰ্য্যৰ বিৰোদ্ধে শত্ৰুৰূপেও থিয় হৈছিল। বৰ্তমান সময়ত আমাৰ সম্বন্ধে কি কʼব পাৰি? আমাৰ কিছুমান অৰ্থাৎ বিশেষকৈ যুৱক-যুৱতীসকলে আমি উপাসনা কৰাৰ বিষয়ে নিজৰ ওচৰ-চুবুৰীয়া বা সহপাঠীক জনোৱাৰ পৰা বিৰত থাকেনে? আঁহক আমি সকলোৱে অব্ৰামৰ আৰ্হিক অনুকৰণ কৰি আনৰ আগত নিজকে যিহোৱাৰ সাক্ষীৰূপে পৰিচয় দিবলৈ নুহুঁহকোঁহঁক!

১৭. অব্ৰামে কিদৰে যিহোৱাৰ নামৰ বিষয়ে প্ৰচাৰ কৰিছিল আৰু ইয়ে বৰ্তমান সময়ত খ্ৰীষ্টানসকলক কি কৰিবলৈ স্মৰণ কৰাই দিয়ে?

১৭ তেওঁ যতেই গৈছিল, যিহোৱাৰ উপাসনাক সদায়ে প্ৰথম স্থান দিছিল। “পাছে তেওঁ সেই ঠাই এৰি, বৈৎএলৰ [ঈশ্বৰৰ গৃহ] পূবফালৰ পৰ্ব্বতটো পাই, বৈৎএলক পশ্চিম, আৰু অয়ক পূব কৰি, তাতে তেওঁৰ তম্বু-ঘৰ তৰিলে; সেই ঠাইতো তেওঁ যিহোৱালৈ এটা যজ্ঞ-বেদি নিৰ্ম্মাণ কৰি, যিহোৱাৰ নামেৰে প্ৰাৰ্থনা কৰিলে।” (আদিপুস্তক ১২:৮) ইব্ৰী ভাষাত “যিহোৱাৰ নামেৰে প্ৰাৰ্থনা” কৰাটোক “তেওঁৰ নাম “ঘোষণা (প্ৰচাৰ) কৰাকো বুজায়।” নিসন্দেহঃ, অব্ৰামে সাহসেৰে কনানীসকলৰ মাজত যিহোৱাৰ নামৰ বিষয়ে প্ৰচাৰ কৰিছিল। (আদিপুস্তক ১৪:২২-২৪) ইয়ে আমাৰ কৰ্তব্যৰ বিষয়ে স্মৰণ কৰাই দিয়ে যে আমি যিমান পাৰোঁ সিমানেই আনৰ আগত “তেওঁৰ নাম স্বীকাৰ” কৰোঁহঁক।—ইব্ৰী ১৩:১৪-১৫; ৰোমীয়া ১০:৯-১০.

১৮. কনানীসকলৰ সৈতে অব্ৰামৰ কেনে সম্বন্ধ আছিল?

১৮ অব্ৰামে কোনো স্থানতে স্থায়ীভাৱে বাস কৰা নাছিল। আগলৈ আমি তেওঁৰ বিষয়ে বাইবেলত এইদৰে পঢ়িবলৈ পাওঁ: “তাৰ পাছত অব্ৰামে ক্ৰমে ক্ৰমে দক্ষিণ অঞ্চললৈ,” অৰ্থাৎ যিহূদাৰ পশ্চিমফালে থকা খৰাং অঞ্চললৈ যাত্ৰা কৰিলে। (আদিপুস্তক ১২:৯) অব্ৰাম আৰু তেওঁৰ পৰিয়ালে তেনে যাত্ৰা কৰি থাকি নিজকে যিহোৱাৰ সত্য উপাসক বুলি পৰিচয় দিয়াৰ যোগেদি “নিজে যে পৃথিবীত বিদেশী আৰু প্ৰবাসী, তাক স্বীকাৰ কৰিছিল।” (ইব্ৰী ১১:১৩) এই যাত্ৰাৰ সময়ছোৱাত তেওঁলোকে সদায়ে মূৰ্ত্তিপূজা কৰোঁতা চুবুৰীয়াসকলৰ পৰা আঁতৰি আছিল। ঠিক তেনেদৰে বৰ্তমান সময়ৰ খ্ৰীষ্টানসকলেও ‘জগতৰ ভাগী’ নোহোৱাকৈ থকা উচিত। (যোহন ১৭:১৬) এতেকে আমি আমাৰ সহকৰ্মী আৰু চুবুৰীয়াসকলৰ সৈতে সঙ্গতি কৰোঁতে দয়ালু আৰু সতৰ্কতা বজাই ৰখি তেওঁলোকত থকা জাগতিক আচৰণৰ পৰা আঁতৰি থকা আৱশ্যক। কিয়নো তেওঁলোকত থকা এই জগতৰ আচৰণক ঈশ্বৰে ঘৃণা কৰে।—ইফিচীয়া ২:২, ৩.

১৯. (ক) অব্ৰাম আৰু চাৰীৰ বাবে যাযাবৰৰ জীৱন-যাপন কৰাটো কিয় প্ৰত্যাহ্বানজনক আছিল? (খ) ভৱিষ্যতে অব্ৰামে কেনেধৰণৰ পৰীক্ষাৰ সম্মুখীন হবলগীয়া আছিল?

১৯ অব্ৰাম আৰু চাৰীয়ে যাযাবৰৰ দৰে জীৱন-যাপন কৰাৰ বাবে নিজৰ জীৱন সাল-সলনি কৰিবলগীয়া হোৱাৰ বিষয়টোক আমি সকলোৱে মনত ৰখা উচিত। ঊৰ দেশত থকা বজাৰৰ পৰা বহুমূলীয়া খাদ্ৰ-সামগ্ৰী কিনাৰ পৰিৱৰ্ত্তে তেওঁলোকে লগত লৈ অনা জাকৰ উৎপাদনসমূহ যেনে, গাখীৰ আৰু মাংসক খাদ্য হিচাপে ব্যৱহাৰ কৰিছিল; তেওঁলোকে বিলাসপূৰ্ণ ঘৰত থকাৰ পৰিৱৰ্ত্তে তম্বুত বাস কৰিছিল। (ইব্ৰী ১১:৯) তদুপৰি, অব্ৰামে ব্যস্ততাৰ মাজত দিন অতিবাহিত কৰিছিল। কিয়নো তেওঁ দাস-দাসীসকলক পৰিচালনা আৰু জীৱ-জন্তুবোৰক প্ৰতিপালন কৰিবলগা হৈছিল। ইয়াত কোনো সন্দেহ নাই যে পৰম্পৰাগতৰূপে স্ত্ৰীসকলে ঘৰুৱা কাম কৰাৰ দৰে চাৰীয়েও আটা সনা, পিঠা বনোৱা, আঁৰকাপোৰ বোৱা, বস্ত্ৰ চিলাই কৰা আদিৰ কাৰ্য্যত তদাৰক কৰিছিল। (আদিপুস্তক ১৮:৬, ৭; ২ ৰাজাৱলি ২৩:৭; হিতোপদেশ ৩১:১৯; যিহিষ্কেল ১৩:১৮) কিন্তু তেতিয়াও নতুন নতুন পৰীক্ষাবোৰ তেওঁলোকৰ সন্মূখত আছিল। অতি শীঘ্ৰই অব্ৰাম আৰু তেওঁৰ পৰিয়ালে এনে এক বিপদপন্ন পৰীক্ষাৰ সম্মুখীন হবলগীয়া আছিল! এনে পৰীক্ষাত অব্ৰামে বিশ্বাসত অটল হৈ থাকিব পাৰিলেনে? (w01 8/15)

[ফুটনোটবোৰ]

^ বৰ্তমান সময়ত যদিও ইউফ্ৰেটিছ (ফৰাৎ) নদী ঊৰ নগৰৰ পূৰ্ব দিশত ১৬ কিলোমিটাৰ নিলগত বৈ গৈছে, কিন্তু প্ৰমাণসমূহ দেখুৱাইছে যে প্ৰাচীন সময়ত এই নদীখন ঊৰ দেশৰ পশ্চিম ভাগেৰে বৈ গৈছিল। সেইবাবে অব্ৰামে পাছলৈ কব পাৰিলে যে তেওঁ “নদীৰ সিপাৰৰ” পৰা আহিছিল।—যিহোচূৱা ২৪:৩.

^ বহু শতাব্দীৰ পাছত অচূৰৰ ৰজা দ্বিতীয় অচূৰনাচিৰাপালে কৰ্কমিচৰ ওচৰত থকা ফৰাৎ নদী পাৰ কৰিবলৈ সৰু নাওঁ ব্যৱহাৰ কৰিছিল। কিন্তু অব্ৰামে নদীখন পাৰ কৰিবলৈ কোনো নাওঁ সাজিছিল নে বা তেওঁৰ যাত্ৰী দলে খোজকাঢ়ি নদী পাৰ কৰিছিল এই বিষয়ে বাইবেলত কোনো বৰ্ণনা কৰা নাই।

আপোনাৰ মনত আছেনে?

• অব্ৰামক কিয় “বিশ্বাস কৰা সকলোৰে যেন পিতৃ” বুলি কোৱা হʼল?

• অব্ৰামৰ বাবে কল্‌দীয়াহঁতৰ ঊৰ দেশ ত্যাগ কৰাটো কিয় এক দৃঢ় বিশ্বাসৰ বিষয় আছিল?

• অব্ৰামে কেনেকৈ প্ৰকাশ কৰিলে যে তেওঁ যিহোৱাৰ উপাসনাক প্ৰথম স্থান দিছিল?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[পৃষ্ঠাৰ ক্যাপ্‌শন ২০]

(লেখনিটো সম্পূৰ্ণ ফৰমেটত চাবলৈ, প্ৰকাশনত চাওক)

অব্ৰামৰ যাত্ৰা

ঊৰ

হাৰণ

কৰ্কমিচ

কনান

ভূমধ্যসাগৰ

[স্বীকৃতিপ্ৰাপ্ত ছবিসমূহ]

Pictorial Archive (Near Eastern History) Est. and Survey of Israel দ্বাৰা প্ৰকাশ কৰা মানচিত্ৰখনৰ ওপৰত আধাৰিত

[১৯ পৃষ্ঠাৰ ছবি]

ঊৰ দেশত কটোৱা বিলাসপূৰ্ণ জীৱন-প্ৰণালীক ত্যাগ কৰাৰ বাবে অব্ৰামক দৃঢ় বিশ্বাসৰ আৱশ্যক আছিল

[২২ পৃষ্ঠাৰ ছবি]

তম্বুত বাস কৰাৰ যোগেদি অব্ৰাম আৰু তেওঁৰ পৰিয়ালে “পৃথিবীত বিদেশী আৰু প্ৰবাসী” বুলি সকলোৰে আগত প্ৰকাশ কৰিছিল