আপুনি কৰা বিশ্বাসক কিয় সত্য বুলি বিশ্বাস কৰে?
আপুনি কৰা বিশ্বাসক কিয় সত্য বুলি বিশ্বাস কৰে?
বিশ্বাস কৰা কাৰ্য্যক এইদৰে বৰ্ণনা কৰিব পাৰি, ই হৈছে “কোনো এক কথা বা বিষয়ক সত্য বুলি মানি লোৱা।” সংযুক্ত ৰাষ্ট্ৰসংঘৰ ইউনিভাৰ্চেল দিক্লাৰেশ্বন অৱ হিউমেন ৰাইট্চ নামৰ এখন দলীলত কোৱা হয় যে সকলো মানুহৰ “নিজৰ বিবেক আৰু ধৰ্ম্মৰ অনুসাৰে বিশ্বাস কৰাৰ অধিকাৰ আছে।” এই অধিকাৰৰ সৈতে তেওঁ বিচৰা অনুসাৰে “বিশ্বাস বা ধৰ্ম্ম সলনি” কৰাটোও জড়িত আছে।
কোনো এজন ব্যক্তিয়ে কিয় তেওঁৰ বিশ্বাস বা ধৰ্ম্ম সলনি কৰিব বিচাৰে? বহুতে সাধাৰণভাৱে এইদৰে কয়: “মোৰ নিজস্ব বিশ্বাস আছে আৰু ইয়াত মই আনন্দিত হৈছোঁ।” দৰাচলতে যিসকলৰ ভুল বিশ্বাস আছে, তেওঁলোকে অনুভৱ কৰে যে তেওঁলোকৰ কাৰ্য্যই আনৰ বাবে অলপহে হানিকাৰক হয়। উদাহৰণস্বৰূপে, কিছুমানে পৃথিৱীখন চেপেটা বুলি বিশ্বাস কৰে, তেওঁলোকৰ তেনে বিশ্বাসে নিজলৈ বা আনৰ বাবে হানিকাৰক নহয়। এই বিষয়ে কিছুমানে কয় যে আমি কেৱল “মানি লোৱা আৱশ্যক যে এইটো ভিন্ন বিশ্বাসৰ বাবে এনে হৈছে, সেইবাবে তৰ্ক কৰা উচিত নহয়।” সদায়ে তেনে কৰাটো বুদ্ধিমানৰ কাৰ্য্য হʼবনে? উদাহৰণস্বৰূপে, যদি এজন ডাক্টৰৰ সহকৰ্ম্মীয়ে এইটো বিশ্বাস কৰে যে এটা মৃত্যুদেহ চোৱাৰ পাছত তেওঁ পোনছাটেই গৈ ৰোগী থকা কোঠাত ৰোগীসকলক চোৱা-চিতা কৰিব পাৰে। কিন্তু তেনে বিশ্বাসত তেওঁৰ সৈতে থকা আন ডাক্টৰজনে সন্মত হʼব নে?
ঠিক একেইদৰে ইতিহাসে প্ৰমাণ কৰিছে যে ভুল বা মিছা বিশ্বাসৰ বাবে যথেষ্ট ক্ষতিসাধন হৈছে। উদাহৰণস্বৰূপে, মধ্য যুগত হোৱা ক্ৰুছেড্ বা ধৰ্মযুদ্ধত হোৱা ভয়াবহ পৰিস্থতিৰ বিষয়ে বিবেচনা কৰক। ধৰ্ম্মগুৰুসকলৰ দ্বাৰা “প্ৰৰিত হৈ ধৰ্ম্মান্ধ লোকসকলে অমানষিকভাৱে বহুতকে হত্যা কৰিলে।” নতুবা অলপতে হোৱা গৃহ-যুদ্ধত আধুনিক সময়ৰ “খ্ৰীষ্টান” বন্দুকধাৰীসকল জড়িত আছিল। “অতীততে হৈ যোৱা ক্ৰুছেড বা ধৰ্ম্মযুদ্ধৰ যুঁজাৰুসকলে তেওঁলোকৰ তৰোৱালক নামকৰণ কৰাৰ দৰে আধুনিক সময়ৰ খ্ৰীষ্টান যোদ্ধাসকলেও নিজৰ নিজৰ বন্দুকৰ নলত সন্ত ব্যক্তিসকলৰ নাম আৰু ৰাইফলৰ কুন্দাত কুমাৰী মৰিয়ামৰ ফটো লগাইছিল। এই ধৰ্ম্মান্ধ ব্যক্তিসকলে বিশ্বাস কৰিছিল যে তেওঁলোকে তেনে কৰি অতি মহান কৰ্ম্ম কৰিছে। ইয়াত কোনো সন্দেহ নাই যে যিসকলে ধৰ্ম্মৰ বাবে সংগ্ৰাম আৰু যুদ্ধত ভাগ লৈছে, আচলতে তেওঁলোকৰ ধৰ্ম্মত কিবা এটা মাৰামত্মকভাৱে ভুল আছে।
প্ৰকাশিত বাক্য ১২:৯; ২ কৰিন্থীয়া ৪:৪; ১১:৩) পাঁচনি পৌলে সতৰ্ক কৰি কৈছিল যে বহুতো ধৰ্ম্মৰ লোকে “বিনাশৰ পাত্ৰ” হʼব, কিয়নো তেওঁলোক চয়তানৰ দ্বাৰা প্ৰবাঞ্চিত হʼল, যিজনে “মিছাৰ সকলো পৰাক্ৰম, আচৰিত চিন আৰু অদ্ভুত লক্ষণযুক্ত আৰু অধৰ্ম্মিকতাৰ সকলো প্ৰবঞ্চনাযুক্ত” দেখুৱায়। আগলৈ তেনেধৰণৰ ব্যক্তিৰ সম্পৰ্কে পৌলে এইদৰে কৈছিল যে, তেওঁলোকে “পৰিত্ৰাণ পাবৰ কাৰণে, যিবোৰে সত্যতালৈ যি প্ৰেম, তাক গ্ৰাহ্য নকৰিলে। আৰু সেই কাৰণেই, যিবোৰে সত্যতাত বিশ্বাস নকৰি অধৰ্ম্মতে সন্তুষ্ট হল।” (২ থিচলনীকীয়া ২:৯-১২) গতিকে আপুনি অসত্যৰ ওপৰত আধাৰিত থকা বিশ্বাসক কেনেকৈ ত্যাগ কৰিব পাৰে? তদুপৰি, আপুনি কিয় বিশ্বাস কৰে যে আপোনাৰ কাৰ্য্য সঠিক?
বৰ্তমান সময়ত মানুহৰ মাজত কিয় ইমান বেমেজালি দেখিবলৈ পোৱা যায়? বাইবেলে এই বিষয়ে উত্তৰ দি এইদৰে কৈছে যে এই সকলো বেমেজালি আৰু বিৰোধীতাবোৰৰ মূল কাৰণ হৈছে চয়তান। কিয়নো সি “গোটেই জগতৰ ভ্ৰান্তি জন্মায়।” (সৰুৰে পৰাই বিশ্বাস কৰি আহিছেনে?
সম্ভবতঃ আপুনি সৰুৰে পৰাই পৰিয়ালে কৰা বিশ্বাসত ডাঙৰ-দীঘল হৈছে। তেনে শিক্ষা লোৱাতো হয়তো উত্তম হʼব পাৰে। কিয়নো ঈশ্বৰে স্বয়ং বিচাৰে যে পিতৃ-মাতৃসকলে তেওঁলোকৰ সন্তানক শিক্ষা দিয়োটো। (দ্বিতীয় বিবৰণ ৬:৪-৯; ১১:১৮-২১) উদাহৰণস্বৰূপে, তীমথিয়ে তেওঁৰ মাতৃ আৰু আইতাকৰ পৰা শিক্ষা লাভ কৰিছিল। (২ তীমথিয় ১:৫; ৩:১৪, ১৫) শাস্ত্ৰত কোৱা হৈছে যে পিতৃ-মাতৃসকলৰ বিশ্বাসক সন্মান কৰিব লাগে। (হিতোপদেশ ১:৮; ইফিচীয়া ৬:১) কিন্তু সৃষ্টিকৰ্ত্তাই আপোনাৰ পিতৃ-মাতৃয়ে কৰা বিশ্বাসক আপুনি চকু বন্ধ কৰি বিশ্বাস কৰাটো বিচাৰেনে? অতীতৰ বংশধৰসকলে কৰাৰ দৰে যদি আপুনিও বিশ্বাস কৰে, তেনেহʼলে বাস্তৱতে তাৰ পৰিণাম ভয়াবাহ হʼব।—গীতমালা ৭৮:৮; আমোচ ২:৪.
যীচুৱে লগ পোৱা চমৰীয়া তিৰোতা গৰাকীও তেওঁৰ উপৰিপিতৃসকলৰ ধৰ্ম্মত বিশ্বাস কৰিছিল। (যোহন ৪:২০) যীচুৱে সেই তিৰোতা গৰাকীয়ে বিশ্বাস কৰা অধিকাৰৰ প্ৰতি সন্মান জনাইছিল আৰু এইদৰে কৈছিল: “তোমালোকে যিহক নাজানা, তাৰ ভজনা কৰা।” কিয়নো তাইৰ বিশ্বাস বহুতো ভুল বিষয়ৰ ওপৰত আধাৰিত আছিল। সেয়েহে যীচুৱে কৈছিল যদি তাই ঈশ্বৰৰ গ্ৰহণীয় অৰ্থাৎ “আত্মাৰে আৰু সত্যেৰে” উপাসনা কৰিব বিচাৰে, তেনেহʼলে তাই নিজৰ বিশ্বাস সলনি কৰিব লাগিব। তাৰ পৰিৱৰ্ত্তে তাই আৰু আন ব্যক্তিসকলে নিজ নিজ অসত্য বিশ্বাসক ত্যাগ দি যীচুৱে কোৱা অনুসৰি চলিবলৈ ইচ্ছা কৰিলে আৰু সময়ত যীচুৰ দ্বাৰা “বিশ্বাসৰ বশৱৰ্তী হল।”—যোহন ৪:২১-২৪, ৩৯-৪১; পাঁচনিৰ কৰ্ম্ম ৬:৭.
বিশেষজ্ঞ ব্যক্তিসকলৰ বিশ্বাস গ্ৰহণ কৰিবলৈ শিক্ষা দিয়া হৈছিলনে?
এই সন্দৰ্ভত বহুতো শিক্ষক আৰু অধিকাৰীসকলে বিশেষ জ্ঞান আহৰণ কৰা বাবে সঁচাকৈ সন্মানীয়। তথাপিও ইতিহাসৰ পাঠত প্ৰসিদ্ধ হোৱা তেনেধৰণৰ বহুতো শিক্ষকৰ শিক্ষা বাস্তৱতে একেবাৰে ভুল বুলি প্ৰমাণিত হৈছে। উদাহৰণস্বৰূপে, গ্ৰীচ দাৰ্শনিক এৰিষ্টʼটলৰ সম্পৰ্কে বেৰটেণ্ড্ ৰাচেল্ নামৰ এজ বুৰঞ্জীবিদে এই কৈছিল যে, “এৰিষ্টʼটলে কিতাপবোৰত লিখা সিদ্ধান্তবোৰ বৰ্তমান সময়ৰ বৈজ্ঞানীক দৃষ্টিভঙ্গীৰে চালে সেইবোৰক গ্ৰহণ কৰাটো কঠিন।” আজিৰ সময়ত অধিকাৰীসকলে তেওঁৰ সিদ্ধান্তসমূহক বেছিভাগ ক্ষেত্ৰতে একেবাৰে ভুল বুলি প্ৰমাণ পাইছে। ১৮৯৫ চনত লৰ্ড কেলভিন নামৰ এজন বৃটিছ বৈজ্ঞানিকে দাবী কৰি নিশ্চয়তাৰে কৈছিল যে “বতাহতকৈ গধুৰ হোৱা বিমানবোৰ উৰণৰ বাবে সম্ভৱ নহয়।” এজন বুদ্ধিমান ব্যক্তিয়ে কেতিয়াও সেই শিক্ষকজনে কোৱা কথাষাৰ সঁচা বুলি অন্ধভাৱে মানি লʼব নোৱাৰে।—গীতমালা ১৪৬:৩.
ঠিক একেইদৰে ধৰ্ম্মক বিশ্বাস কৰাৰ ক্ষেত্ৰতো সাৱধানতা অৱলম্বন কৰা আৱশ্যক। উদাহৰণস্বৰূপে পাঁচনি পৌলৰ কথা বিবেচনা কৰক। তেওঁ যিহূদী ধৰ্ম্মগুৰুসকলৰ পৰা শিক্ষা লাভ কৰিছিল আৰু “[তেওঁৰ] ওপৰ-পুৰুষসকলৰ পৰা পুৰুষে পুৰুষে চলি অহা বিধিলৈ অতিশয় উৎসাহী” আছিল। তেওঁ ওপৰ-পুৰুষসকলৰ বিশ্বাসৰ প্ৰতি উৎসাহী হোৱাৰ বাবে আচলতে তেওঁলৈ সমস্যা সৃষ্টি হৈছিল। যিহে তেওঁক “ঈশ্বৰৰ মণ্ডলীক অধিক পৰিমাণে তাড়না কৰি, তাক লণ্ডভণ্ড” কৰিবলৈ পৰিচালিত কৰিছিল। (গালাতীয়া ১:১৩, ১৪; যোহন ১৬:২, ৩) পৌলে বহুসময়ৰ লৈকে তেনেদৰে অধিক তাড়ানা দি থাকিল। আচলতে তেওঁ ‘জোঙত লাথি মাৰি’ তেনে অসঙ্গত প্ৰভাৱবোৰক প্ৰতিৰোধ কৰি যীচুক বিশ্বাস কৰা আৱশ্যক আছিল। কিন্তু যীচুৱে নাটকীয়ভাৱে পৌলৰ বিশ্বাস সলনি কৰিলে।—পাঁচনিৰ কৰ্ম্ম ৯:১-৬; ২৬:১৪.
বাতৰি মাধ্যমৰ যোগেদি প্ৰভাৱিত হোৱা উচিত নে?
বাতৰি মাধ্যমবোৰে হয়তো আপোনাৰ বিশ্বাসক প্ৰভাৱিত কৰিব পাৰে। কিয়নো বহুতে মাধ্যমবোৰৰ সৈতে কথা-বতৰা হʼবলৈ সুযোগ পোৱাৰ বাবে আনন্দিত হয়, কিয়নো মাধ্যমবোৰে তেওঁলোকক ব্যৱহাৰিক সংবাদ প্ৰদান কৰে। তথাপিও এনে এক শক্তিশালী শক্তি আছে যিয়ে মাধ্যমবোৰক সঘনাই ছলনা কৰি পৰিচালতি কৰে। তেনে সংবাদসমূহে আপোনাৰ বিচাৰধাৰাক প্ৰবঞ্চিত কৰি প্ৰভাৱিত কৰিব পাৰে।
তদুপৰি, অনুষ্ঠাসমূহে বৃহৎভাৱে তেওঁলোকৰ শ্ৰোতাসকলক আকৰ্ষিত কৰিবলৈ আৱেগিক আৰু অসাধাৰণযুক্ত সংবাদ প্ৰস্তুত কৰে। তেনেধৰণৰ সংবাদসমূহৰ বিষয়ে কিছুবছৰৰ পূৰ্বে ৰাইজে কাচিৎহে শুনিবলৈ বা পঢ়িবলৈ পাইছিল, কিন্তু বৰ্তমান সময়ত তেনে সংবাদবোৰ সাধাৰণ হৈ পৰিল। যদিও তেনে সংবাদবোৰ লাহে লাহে পোহৰলৈ আহে, কিন্তু মানুহৰ স্বভাৱক আক্ৰমণ কৰি সেইবোৰক সম্পূৰ্ণকৈ নষ্ট কৰাৰ যোগেদি এক নিশ্চিত স্তৰ স্থাপন কৰে। ক্ৰমান্বয়ে মানুহৰ বিচাৰধাৰা ধ্বংস হয়। তেওঁলোকে “বেয়াক ভাল আৰু ভালক বেয়া” বুলি বিশ্বাস কৰিবলৈ আৰম্ভ কৰে।—যিচয়া ৫:২০; ১ কৰিন্থীয়া ৬:৯, ১০.
বিশ্বাস কৰাৰ এক দৃঢ় আধাৰশিলা বিচাৰি পোৱা
মানুহে দাৰ্শনিকবিদ সকলৰ সিদ্ধান্তত বিশ্বাস কৰা কাৰ্য্যক, আমি বালিত নিৰ্মাণ কৰা ঘৰৰ সৈতে তুলনা কৰিব পাৰোঁ। (মথি ৭:২৬; ১ কৰিন্থীয়া ১:১৯, ২০) তেতিয়াহʼলে আপোনাৰ বিশ্বাস কিহৰ ওপৰত আধাৰিত হোৱা উচিত? যিহেতু ঈশ্বৰে আধ্যাত্মিক বিষয়ত জগতখনত থকা বিষয়বোৰক নিৰীক্ষণ কৰিবলৈ আপোনাক বুদ্ধিজীৱী কৰি সৃষ্টি কৰিলে, গতিকে এইটো যুক্তিসঙ্গত নহʼবনে বাৰু যে তেওঁ আপোনাৰ প্ৰশ্নৰ উত্তৰ সঠিকভাৱে দিব পাৰে? (১ যোহন ৫:২০) নিশ্চয়ে যুক্তিসঙ্গত হʼব! আপুনি কেনেকৈ নিৰ্দ্ধাৰণ কৰিব যে এইটোৱে সত্য, যথাৰ্থ বা প্ৰকৃততে উপাসনা কৰাৰ বিষয়? আমি কোনো সংকোচ নকৰাকৈ কʼব পাৰোঁ যে, কেৱল ঈশ্বৰৰ বাক্য অৰ্থাৎ বাইবেলে এই ক্ষেত্ৰত যুক্তিসঙ্গত আধাৰশিলা দাঙি ধৰিছে।—যোহন ১৭:১৭; ২ তীমথিয় ৩:১৬, ১৭.
কিছুমান লোকে আপোনাক “ক্ষন্তেক ৰওঁক” বুলি কʼব পাৰে। “এইটো সেই ব্যক্তিসকলে নকয়নে যিসকলৰ ওচৰত বাইবেল আছে আৰু এই জগতৰ বিষয়বোৰত অধিক মতবিৰোধ আৰু বেমেজালি জন্মাইছে?” এইটো সঁচা বেছিভাগ ধৰ্ম্মগুৰুসকলে দাবী কৰে যে তেওঁলোকে বাইবেলৰ অনুসাৰে চলিছে, কিন্তু দৰাচলতে তেওঁলোকে বহুতো বিৰোধ আৰু বিভ্ৰান্ত জন্মোৱা অভিপ্ৰায় আগবঢ়ায়। এইটো এইকাৰণে হয়, কিয়নো তেওঁলোকৰ বিশ্বাস বাইবেলৰ ওপৰত আধাৰিত নহয়। পাঁচনি পিতৰে তেওঁলোকক “ভাঁৰিকোৱা ভাববাদীসকল” আৰু ভাঁৰি-কোৱা উপদেশক” বুলি উল্লেখ কৰিছে, যিসকলে “বিনাশৰূপ বিধৰ্ম্ম প্ৰচলিত” কৰে। আগলৈ পিতৰে কৈছিল যে, তেওঁলোকৰ কাৰ্য্যৰ বাবে “সত্যৰ পথ নিন্দিত হব।” (২ পিতৰ ২:১, ২) তদুপৰি পাঁচনি পিতৰে এইদৰে লিখিছিল, “আমি ভাববাদীসকলৰ বাক্য আগতকৈ দৃঢ় হৈ থকা পাইছোঁ; দিন নহয়মানে, আৰু তোমালোকৰ হৃদয়ত প্ৰভাতীয় তৰা উদয় নহয়মানে, আন্ধাৰময় ঠাইত পোহৰ দিয়া।”—২ পিতৰ ১:১৯; গীতমালা ১১৯:১০৫.
বাইবেলে আমাৰ নিজ নিজ বিশ্বাসক ইয়াৰ শিক্ষাৰ সৈতে পৰীক্ষা কৰিবলৈ উৎসাহিত কৰিছে। (১ যোহন ৪:১) এই আলোচনীখনক পঢ়া লাখ-লাখ পাঠকে নিজৰ বিশ্বাসক পৰীক্ষা কৰি জীৱনত স্থিৰতা আৰু উদ্দেশ্য বিচাৰি পাব পাৰে। গতিকে আপুনি বিশ্বাস কৰাৰ পূৰ্বেই বিৰয়া নগৰবাসীৰ দৰে ‘সম্পূৰ্ণ আগ্ৰহেৰে নিতৌ শাস্ত্ৰক নিৰীক্ষণ’ কৰাটো উত্তম হʼব। (পাঁচনিৰ কৰ্ম্ম ১৭:১০-১১) এই ক্ষেত্ৰত যিহোৱাৰ সাক্ষীসকলে আপোনাক সহায় কৰিবলৈ পাই আনন্দিত হʼব। অৱশ্যে বিশ্বাস কৰাৰ বাবে বাছনি কৰিবলৈ আপুনি নিজেই নিৰ্ণয় লʼব লাগিব। এতেকে আপুনি নিশ্চিত হওঁক যে পৰীক্ষা কৰাটো হৈছে বুদ্ধিমানৰ কাৰ্য্য, যিয়ে আপোনাৰ বিশ্বাস কোনো মানুহৰ জ্ঞান আৰু ইচ্ছাৰ ওপৰত নহয় কিন্তু ঈশ্বৰৰ বাক্যৰ ওপৰত গঢ়ি তুলিব।—১ থিচলনীকীয়া ২:১৩; ৫:২১.(w01 8/1)
[১৬ পৃষ্ঠাৰ ছবি]
বাইবেলৰ ওপৰত বিশ্বাস কৰি আপুনি নিশ্চিত হʼব পাৰে