আপোনাৰ বৃদ্ধি সকলোতে প্ৰকাশ কৰক
আপোনাৰ বৃদ্ধি সকলোতে প্ৰকাশ কৰক
“সকলোৰে আগত তোমাৰ বৃদ্ধি যেন প্ৰকাশিত হয়, এই কাৰণে এইবোৰ কথাত মনোযোগ কৰা, আৰু এইবোৰত ব্যস্ত থাকা।”—১ তীমথিয় ৪:১৫.
১. এটা ফল পকি কেতিয়া খোৱাৰ বাবে উপযুক্ত হʼব, তাক আপুনি কেনেকৈ কব পাৰিব?
আপুনি পছন্দ কৰা এটা ফল যেনে, আনাৰস, আম বা এটা নাচপতিৰ বিষয়ে কল্পনা কৰক। আপুনি কব পাৰিবনে যে ই কেতিয়া পকিব আৰু খোৱাৰ বাবে উপযুক্ত হʼব? নিশ্চয়ে কব পাৰিব। ইয়াৰ সোৱাদ, বৰণ আৰু স্পৰ্ষ কৰাৰ মাত্ৰকে আপোনাৰ মুখলৈ পানী আহিব। ইয়াৰ এটুকুৰা মুখত দিয়াৰ লগে লগেই আপুনি তৃপ্তি লাভ কৰিব আৰু অহ, কিমান ৰস লগা! কিমান যে মিঠা! ই আপোনাক অতি আনন্দিত আৰু সন্তুষ্টি প্ৰদান কৰিব।
২. এজন ব্যক্তিৰ পৰিপক্কতা কেনেকৈ প্ৰকাশ হয় আৰু ই ব্যক্তিগত সম্বন্ধত কেনেদৰে প্ৰভাৱিত কৰে?
২ একেইদৰে আমি জীৱনৰ বিভিন্ন ক্ষেত্ৰতো আনন্দজনক অভিজ্ঞতাৰ অনুভৱী হৈ সন্তুষ্টি লাভ কৰোঁ। যিদৰে এটা ফল পুৰঠ হʼল নে নাই তাক দেখি অনুমান কৰিব পাৰোঁ। ঠিক তেনেদৰে এজন ব্যক্তিয়ে আধ্যাত্মিকত পৰিপক্ক হয় নে নহয় তাক বিভিন্ন প্ৰকাৰে জানিব পাৰোঁ। কিয়নো সেই ব্যক্তিজনৰ অন্তৰ্দৃষ্টি, বুদ্ধি আৰু জ্ঞানেন্দ্ৰিয়ই তেওঁৰ পৰিপক্কতাৰ পৰিচয় দিব। (ইয়োব ৩২:৭-৯) সেইবাবে যিসকলে নিজৰ মনোবৃত্তি আৰু কাৰ্য্যৰে সেই গুণবোৰৰ প্ৰকাশ কৰে তেনে লোকসকলৰ সৈতে সঙ্গতি কৰাতো সঁচাকৈ এক আনন্দপূৰ্ণ বিষয়।—হিতোপদেশ ১৩:২০.
৩. যীচুৱে তেওঁৰ সময়ত থকা লোকসকলে প্ৰকাশ কৰা পৰিপক্কতাৰ বিষয়ে কেনে বিবৰণী দিছিল?
৩ আনহাতে, এজন ব্যক্তিয়ে হয়তো শাৰীৰিকৰূপে পৰিপক্ক হʼব পাৰে; কিন্তু তেওঁৰ কথা-বতৰা আৰু আচৰণে হয়তো প্ৰকাশ কৰিব যে তেওঁ আধ্যাত্মিক আৰু ভাবাত্মকৰূপে পৰিপক্ক নহয়। উদাহৰণস্বৰূপে, যীচুৱে তেওঁৰ সময়ত বিপথে যোৱা লোকসকলক এইদৰে কৈছিল: “যোহনে আহি ভোজন-পান নকৰিলে; তাতে লোকে কয় সি ভূতে পোৱা। মানুহৰ পুত্ৰই আহি ভোজন-পান কৰিলে; তাতে লোকে কয়, চোৱা, ই খাৱৈচ আৰু মদপী, কৰতোলা আৰু পাপীবোৰৰ বন্ধু।” যদিও সেই লোকসকলে শাৰীৰিকৰূপে পৰিপক্ক আছিল, তথাপিও যীচুৱে তেওঁলোকক ‘সৰু লʼৰাৰ’ সৈতে তুলনা কৰিছিল। সেয়েহে তেওঁ তেওঁলোকৰ সম্পৰ্কে এইদৰে কৈছিল: “জ্ঞান, নিজ কৰ্ম্মৰ দ্বাৰাই অনিন্দনীয় বুলি প্ৰখ্যাত হৈছে।”—মথি ১১:১৬-১৯.
৪. এজন ব্যক্তিৰ বৃদ্ধি আৰু পৰিপক্কতাক কিদৰে প্ৰকাশ পায়?
৪ যীচুৱে কোৱা বাক্যশাৰীয়ে আমাক এজন ব্যক্তিয়ে কৰা কাৰ্য্যত প্ৰকৃত জ্ঞান আৰু পৰিপক্কতা প্ৰকাশ পাইছে নে নাই তাক জনাত সহায় কৰে। এই সন্দৰ্ভত পাঁচনি পৌলে তীমথিয়ে অনুকৰণ কৰিবলগীয়া বিষয়বোৰৰ সম্পৰ্কে এইদৰে পৰামৰ্শ দি কৈছিল: “সকলোৰে আগত তোমাৰ বৃদ্ধি যেন প্ৰকাশিত হয়, এই কাৰণে এইবোৰ কথাত মনোযোগ কৰা, আৰু এইবোৰত ব্যস্ত থাকা।” (১ তীমথিয় ৪:১৫) বাস্তৱতে এজন খ্ৰীষ্টান ব্যক্তিয়ে যে পৰিপক্কতালৈ আগবাঢ়িছে ই সকলোৰে আগত “প্ৰকাশিত” বা স্পষ্টকৈ দেখা পোৱা যায়। খ্ৰীষ্টান পৰিপক্কতা হৈছে দীপ্তিময় হোৱা পোহৰৰ দৰে, ই কোনো অদৃশ্য বা গুপুতে থকা গুণ নহয়। (মথি ৫:১৪-১৬) গতিকে ইয়াত আমি বৃদ্ধি আৰু পৰিপক্কতা প্ৰকাশ পোৱাৰ দুই প্ৰকাৰৰ মুখ্য বিষয়ে আলোচনা কৰিম। সেইয়া হৈছে: (১) জ্ঞান, বুদ্ধি আৰু বুজাত বৃদ্ধি হোৱা; (২) আত্মাৰ ফল প্ৰকাশ পোৱা।
বিশ্বাস আৰু জ্ঞানত ঐক্যতা হোৱা
৫. পৰিপক্কতাৰ পৰিলেখ কি?
৫ বেছিভাগ শব্দকোষত পৰিপক্কতাক এইদৰে বৰ্ণনা কৰিছে যে, ইয়াৰ অৰ্থ হৈছে সম্পূৰ্ণৰূপে বৃদ্ধি হোৱা আৰু শেষ অৱস্থাত বা নিৰ্দ্দিষ্ট মানদণ্ডত উপনীত হোৱা। ওপৰত উল্লেখ কৰা এটা ফলে যেতিয়া প্ৰাকৃতিক নিয়মচক্ৰ অনুসাৰে পকে বা পুৰঠ হয়, তেতিয়া ইয়াৰ আকাৰ, বৰণ, সুগন্ধ আৰু সোৱাদ আদিয়ে ফলটোৰ অৱস্থাৰ বিষয়ে মন্তব্য দিয়ে। সেইবাবে পৰিপক্কতাৰ বাবে প্ৰতিশব্দ শ্ৰেষ্ঠতা, সম্পূৰ্ণতা আৰু সিদ্ধতা ব্যৱহাৰ কৰা হয়।—যিচয়া ১৮:৫; মথি ৫:৪৫-৪৮; যাকোব ১:৪.
৬, ৭. (ক) কিহে প্ৰকাশ কৰিছে যে যিহোৱাই তেওঁৰ উপাসকসকলৰ আধ্যাত্মিক পৰিপক্কতাৰ প্ৰতি অতি আগ্ৰহী? (খ) আধ্যাত্মিক পৰিপক্কতাই কিহৰ সৈতে অটুট সম্পৰ্ক ৰাখে?
৬ যিহোৱাই তেওঁৰ উপাসকসকলে আধ্যাত্মিক পৰিপক্কতাত উপনীত হোৱাৰ প্ৰতি আগ্ৰহী। সেই লক্ষ্যত উপনীত হোৱাত সহায় কৰিবলৈ যিহোৱাই খ্ৰীষ্টান মণ্ডলীত কিছুমান উত্তম প্ৰবন্ধ কৰিছে। এই সন্দৰ্ভত পাঁচনি পৌলে ইফিচীয়াত থকা খ্ৰীষ্টানসকললৈ এইদৰে লিখিছিল: “যেতিয়ালৈকে আমি সকলোৱে ঈশ্বৰৰ পুত্ৰবিষয়ক বিশ্বাসৰ আৰু জ্ঞানৰ ঐক্যত মিলি, সিদ্ধ পুৰুষৰ অৱস্থা, অৰ্থাৎ খ্ৰীষ্টৰ পৰিপূৰ্ণতাৰ বয়সৰ পৰিমাণ নাপাওঁ, তেতিয়ালৈকে পৰিচয্যা-কৰ্ম্ম সাধন কৰিবলৈ, আৰু খ্ৰীষ্টৰ শৰীৰ বৃদ্ধি কৰিবলৈ, পবিত্ৰবিলাকৰ সিদ্ধিৰ অৰ্থে, তেওঁ কিছুমানক পাঁচনি, কিছুমানক ভাববাদী, কিছুমানক শুভবাৰ্ত্তা, কিছুমানক ৰক্ষক আৰু শিক্ষক হবলৈ দিলে; দিয়াতে যেন আমি আৰু শিশু নহওঁ, আৰু মানুহৰ ঠগত, ধূৰ্ত্ততাৰে ভ্ৰান্তিৰ কুকল্পনাৰে ভ্ৰান্ত হৈ ঢলংপলং কৰোৱা, আৰু সকলো বিধ শিক্ষাৰূপ বতাহত ইফাল সিফাললৈ নিয়া নহওঁ।”—ইফিচীয়া ৪:১১-১৪.
৭ এই পদবোৰত পাঁচনি পৌলে বৰ্ণনা কৰি কৈছিল যে ঈশ্বৰে মণ্ডলীত তেনেধৰণৰ আধ্যাত্মিক প্ৰবন্ধৰ যোগান ধৰাৰ কাৰণবোৰ হৈছে, সকলোৱে ‘যথাৰ্থ জ্ঞানৰ ঐক্যতাত মিলিত হোৱা,’ ‘সিদ্ধ পুৰুষৰ অৱস্থাত’ উপনীত হোৱা আৰু “খ্ৰীষ্টৰ পৰিপূৰ্ণতাৰ বয়সৰ পৰিমাণ” লাভ কৰা উচিত। তেতিয়াহে আমি মানুহৰ ঠগত, ধূৰ্ত্তাতাৰে ভ্ৰান্তিৰ কুকল্পনাত ভ্ৰান্ত নহৈ আধ্যাত্মিকৰূপে শিশু হোৱাৰ পৰা বিৰত থাকিম। এইদৰে আমি খ্ৰীষ্টান পৰিপক্কতা আৰু ‘ঈশ্বৰৰ পুত্ৰ বিষয়ক বিশ্বাসৰ আৰু জ্ঞানৰ ঐক্যতাৰ’ মাজত থকা অটুট সম্বন্ধক অনুভৱ কৰিব পাৰিম। পাঁচনি পৌলৰ পৰামৰ্শত এনে বহুতো বিষয় উল্লেখ কৰিছে যাক আমি হৃদয়েৰে পালন কৰা উচিত।
৮. বিশ্বাস আৰু জ্ঞানৰ ‘ঐক্যতাত’ মিলিত হʼবলৈ কিহৰ আৱশ্যক?
৮ সৰ্বপ্ৰথমে, এজন খ্ৰীষ্টান ব্যক্তিক ‘ঐক্যতা’ বজাই ৰাখিবলৈ হʼলে, তেওঁ সঙ্গী উপাসকলৰ বিশ্বাস আৰু জ্ঞানৰ সামঞ্জস্যত কাৰ্য্য কৰিব লাগিব। তেওঁ বাইবেলৰ বিষয়সমূহক বুজাৰ বাবে ব্যক্তিগত মনোভৱ বা নিজস্ব অভিমত দাঙি ধৰা উচিত নহয়। ইয়াৰ পৰিৱৰ্ত্তে তেওঁ, যিহোৱাই নিজৰ পুত্ৰ যীচু খ্ৰীষ্ট আৰু “বিশ্বাসী বুদ্ধিমান দাসৰ” যোগেদি প্ৰকাশ কৰা সত্যক সম্পূৰ্ণৰূপে বিশ্বাস কৰা প্ৰয়োজন। তেতিয়াহে আমি বাইবেল আধাৰিত সাহিত্য, মণ্ডলীৰ সভা, সন্মিলন আৰু অধিবেশনবোৰৰ দ্বাৰা “উচিত সময়ত” প্ৰবন্ধ কৰা আধ্যাত্মিক আহাৰবোৰ নিয়মিতৰূপে লৈ সঙ্গী উপাসকসকলৰ বিশ্বাস আৰু জ্ঞানৰ সামঞ্জস্যত ‘ঐক্যতা’ বজাই ৰাখিব পাৰিম।—মথি ২৪:৪৫.
৯. পাঁচনি পৌলে ইফিচীয়াসকললৈ লিখা পত্ৰত উল্লেখ কৰা “বিশ্বাস” শব্দৰ অৰ্থ কি, ব্যাখ্যা কৰক।
৯ দ্বিতীয়তে, ইয়াত উল্লেখ কৰা “বিশ্বাস” শব্দটোৱে যে খ্ৰীষ্টান বুলি দাবী কৰা প্ৰত্যকজন ব্যক্তিৰ ক্ষেত্ৰত বুজাইছে এনে নহয়, কিন্তু ইয়াৰ বিপৰীতে এই শব্দটো তেনে ব্যক্তিৰ সৈতে সম্বন্ধ আছে যিসকলে সম্পূৰ্ণৰূপে আমাৰ দৰে বিশ্বাস কৰে অৰ্থাৎ সত্যৰ সম্পৰ্কে “বহল, দীঘল, ওখ আৰু দ” জ্ঞান আছে। (ইফিচীয়া ৩:১৮; ৪:৫; কলচীয়া ১:২৩; ২:৭) দৰাচলতে, এজন খ্ৰীষ্টানে কেৱল ‘বিশ্বাসৰ’ কিছু অংশক গ্ৰহণ কৰি কেনেকৈ তেওঁৰ সঙ্গী উপাসকসকলৰ সৈতে ঐক্যতাত মিলিত হʼব পাৰে? ইয়াৰ অৰ্থ হৈছে আমি কেৱল বাইবেলৰ মূল শিক্ষা বা কিছু পৰিমাণে জ্ঞান লোৱাই আমাৰ বাবে যথেষ্ঠ নহয়। বৰঞ্চ যিহোৱাই তেওঁৰ সংগঠনৰ দ্বাৰা প্ৰস্তুত কৰা প্ৰবন্ধসমূহৰ বিষয়ে দকৈ জানিবলৈ আগ্ৰহী হোৱা আৱশ্যক। তদুপৰি, আমি ঈশ্বৰৰ ইচ্ছা আৰু উদ্দেশ্যক সঠিক আৰু সম্পূৰ্ণকৈ বুজিবলৈ চেষ্টা কৰা উচিত। ইয়াৰ সৈতে সন্মিলিত আছে বাইবেল আৰু ইয়াৰ আধাৰিত সাহিত্যবোৰ পঢ়া আৰু অধ্যয়ন কৰা, নিৰ্দ্দেশনাৰ বাবে প্ৰাৰ্থনা, সভাবোৰত নিয়মিতৰূপে উপস্থিত, ৰাজ্য প্ৰচাৰ আৰু শিষ্য বনোৱা কাৰ্য্যত সম্পূৰ্ণৰূপে ভাগ লোৱা।—হিতোপদেশ ২:১-৫.
১০. পাঁচনি পৌলে ইফিচীয়া ৪:১৩ পদত উল্লেখ কৰা ‘যেতিয়ালৈকে আমি পৰিপূৰ্ণতাৰ বয়স নাপাওঁ,’ বুলি কোৱা বাক্যশাৰীৰ বৈশিষ্ট্যতা কি?
১০ তৃতীয়তে, পাঁচনি পৌলে, ‘যেতিয়ালৈকে আমি পৰিপূৰ্ণতাৰ বয়স নাপাওঁ’ বুলি কোৱা বাক্যশাৰীৰ সৈতে সম্বন্ধ থকা তিনিটা লক্ষ্যৰ বিষয়ে ব্যাখ্যা কৰিছিল। ইয়াত “আমি সকলোৱে” বুলি উল্লেখ কৰা উক্তিটোৰ সম্বন্ধে বাইবেলৰ এখন হাত পুথিত এইদৰে বৰ্ণনা কৰা হৈছে যে এই বাক্যফাঁকিৰ অৰ্থ হৈছে, “সকলোৱে এজন এজনকৈ নহয়, কিন্তু একত্ৰিত হৈ কাৰ্য্য কৰা।” আন অৰ্থত কবলৈ গʼলে, আমাৰ সকলোৱে খ্ৰীষ্টান পৰিপক্কতাত উপনীত হʼবলৈ সমস্ত ভাতৃত্ব সমাজৰ প্ৰত্যেকজনে কাৰ্য্য কৰা আৱশ্যক। দি ইন্ট্যাৰ্প্ৰিট্যাৰ্ বাইবেলে এইদৰে মন্তব্য দিছে: “যিদৰে শৰীৰৰ কেৱল এটা অঙ্গেই পৰিপক্কতালৈ আগবাঢ়িব নোৱাৰে ঠিক তেনেদৰে এজন ব্যক্তিয়ে পৃথকে বিশ্বাসৰ সকলো পৰিপূৰ্ণতালৈ পৰিপূৰ্ণ হʼব নোৱাৰে।” সেইবাবে পাঁচনি পৌলে ইফিচীয়াৰ খ্ৰীষ্টানসকলক কৈছিল যে তেওঁলোকে “সকলো পবিত্ৰ” লোকৰ সৈতে থাকি যে বিশ্বাসৰ পৰিপূৰ্ণতা পাবলৈ যেন চেষ্টা কৰে।—ইফিচীয়া ৩:১৮.
১১. (ক) আধ্যাত্মিক পৰিপক্কতালৈ আগবাঢ়িবলৈ কিহৰ আৱশ্যকতা নাই? (খ) আধ্যাত্মিক পৰিপক্কতালৈ উন্নতি কৰিবলৈ আমাক কি কৰা আৱশ্যক?
১১ পাঁচনি পৌলে কোৱা বাক্যশাৰীৰ পৰা স্পষ্টকৈ এইটো বুজিব পৰা যায় যে জ্ঞান আৰু অধিকমাত্ৰত শিক্ষা আহৰণ কৰি কেৱল আধ্যাত্মিক পৰিপক্কতালৈ আগবাঢ়িব পৰা নাযায়। এজন পৰিপক্ক খ্ৰীষ্টানে কেতিয়াও নিজৰ নিপুণতাক আনৰ সৈতে তুলনা নকৰে। বৰঞ্চ, তেওঁ বাইবেলে কোৱাৰ দৰে: “দুপৰলৈকে ক্ৰমে বৃদ্ধি পোৱা অৰুণৰ যি দীপ্তি, ধাৰ্ম্মিকৰ পথ সেই দীপ্তিৰ নিচিনা।” (হিতোপদেশ ৪:১৮) অৱশ্য, এই “পথত” কেৱল এজনহে “দীপ্তিৰ নিচিনা” হৈছে, এনে নহয়। যদি আমি সকলোৱে মিলি ঈশ্বৰৰ বাক্যৰ অৰ্থ বুজিবলৈ একেৰাহে প্ৰচেষ্টা কৰোঁ, তেতিয়াহে আধ্যাত্মিক পৰিপক্কতালৈ আগবাঢ়িব পাৰিম। সেয়েহে আমি সকলোৱে একেৰাহে আগবাঢ়িবলৈ চেষ্টা কৰা আৱশ্যক।—গীতমালা ৯৭:১১; ১১৯:১০৫.
“আত্মাৰ ফল” প্ৰকাশ কৰা
১২. আধ্যাত্মিক বৃদ্ধিত উপনীত হʼবলৈ আমি কিয় আত্মাৰ ফল প্ৰকাশ কৰা আৱশ্যক
১২ ‘বিশ্বাস আৰু জ্ঞানৰ ঐক্যতা’ হোৱা যিমান আৱশ্যক, তেনেদৰে জীৱনৰ বিভিন্ন ক্ষেত্ৰতো ঈশ্বৰৰ আত্মাৰ ফল বিকাশিত কৰা আৱশ্যক। কিয় আৱশ্যক? কিয়নো ইয়াত আমাৰ আধ্যাত্মিক বৃদ্ধি জড়িত আছে। যেনেকৈ ওপৰত আলোচনা কৰা হʼল যে এই বৃদ্ধি কোনো লুকাই থকা বিষয় নহয়, কিন্তু বিশেষ কিছুমান বৈশিষ্ট্যতাৰ যোগেদিহে স্পষ্টকৈ প্ৰকাশ পায়। এই বৈশিষ্ট্যসমূহ আমাৰ বাবে লাভজনক আৰু আনকো উৎসাহিত কৰি তুলে। বাস্তৱতে, আমি আধ্যাত্মিক বৃদ্ধিত উপনীত হʼবলৈ কেৱল এক প্ৰকাৰৰ আচাৰ-ব্যৱহাৰক সংশোধন কৰাটোৱেই যথেষ্ট নহয়। ইয়াৰ বিপৰীতে আমি ঈশ্বৰৰ আত্মাৰ দ্বাৰা পৰিচালিত হৈ আধ্যাত্মিকত উন্নতি কৰিম, তাৰ বাবে আমি আমাৰ মনোবৃত্তি আৰু কাৰ্য্যত শোধন কৰা আৱশ্যক। এই বিষয়ে পাঁচনি পৌলে এইদৰে কৈছিল: “তোমালোকে আত্মাৰে চলা; তাতে কোনোমতে তোমালেকে মাংসৰ অভিলাষ পূৰ নকৰিবা।”—গালাতীয়া ৫:১৬.
১৩. আধ্যাত্মিক পৰিপক্কতালৈ আগবাঢ়ি যোৱাৰ পথত কেনে ধৰণৰ পৰিৱৰ্ত্তন স্পষ্টকৈ দেখা যায়?
১৩ আগলৈ পাঁচনি পৌলে অসংখ্য আৰু “জনাজাত” হোৱা “মাংসৰ কাৰ্য্যবোৰৰ” বিষয়ে উল্লেখ কৰিছিল। এজন ব্যক্তিয়ে সত্যত অহাৰ আগতে তেওঁ হয়তো জগতৰ বিভিন্ন কাৰ্য্যবোৰৰ সৈতে জড়িত আছিল, যাৰ বিষয়ে পাঁচনি পৌলে এইদৰে কৈছিল: “ব্যভিচাৰ, অশুচি কাৰ্য্য, লম্পট-আচৰণ, দেৱপূজা, মায়াকৰ্ম্ম, নানাবিধ শত্ৰুতা, বিবাদ, ঈৰ্ষা, খং-ৰাগ, বিৰোধ, বিভেদ, নানা মত, অসুয়া, মত্ততা, ৰঙ্গৰস, আৰু এইবোৰৰে নিচিনা আন আন কাৰ্য্য।” (গালাতীয়া ৫:১৯-২১) কিন্তু তেওঁ আধ্যাত্মিকৰূপে উন্নতি কৰা লগ-লগেই তেনেবোৰ বিষয়ত অৰ্থাৎ “মাংসৰ কাৰ্য্যবোৰৰ” ওপৰত বিজয় লাভ কৰিলে আৰু “আত্মাৰ ফল” উৎপন্ন কৰিব ধৰিলে। সেই গুণবোৰক স্পষ্টকৈ প্ৰকাশ কৰা অৰ্থ হৈছে যে সেই ব্যক্তিজনে খ্ৰীষ্টান পৰিপক্কতালৈ আগুৱাই গৈছে।—গালাতীয়া ৫:২২.
১৪. “মাংসৰ কাৰ্য্যবোৰ” আৰু “আত্মাৰ ফল” এই দুয়োটা শব্দৰ অৰ্থ কি, বৰ্ণনা কৰক।
১৪ ইয়াত আমি “মাংসৰ কাৰ্য্যবোৰ” আৰু “আত্মাৰ ফল,” এই দুয়োটা বিষয়ে মনত ৰখা আৱশ্যক। ইয়াত উল্লেখ কৰা “ফল” এজন ব্যক্তিৰ কাৰ্য্যৰ পৰিণামক বুজাইছে। আন শব্দত, পৌলে উল্লেখ কৰা পাপময় শৰীৰৰ কাৰ্য্যসমূহৰ পৰিণাম হৈছে এজন ব্যক্তিয়ে ইচ্ছাকৃতভাৱে বা মানৱৰ অসিদ্ধতাৰ দ্বাৰা প্ৰভাৱিত হৈ পাপলৈ পৰিচালিত হোৱা। (ৰোমীয়া ১:২৪, ২৮; ৭:২১- ২৫) আনহাতে, পৌলে কোৱা “আত্মাৰ ফল” কোনো তথাকথিতৰূপে বিকাশিত কৰা ভাল চৰিত্ৰ বা ব্যক্তিত্বক নবুজায়। আচলতে ই হৈছে ঈশ্বৰৰ আত্মা, যি এজন ব্যক্তিৰ ওপৰত প্ৰকৃততে কাৰ্য্য কৰাৰ বাবে ফল উৎপন্ন হয়। যিদৰে এজোপা গছক ভালদৰে যত্ন লোৱাৰ পাছতহে গছজোপাই ফল উৎপন্ন কৰে। ঠিক তেনেদৰে পবিত্ৰ আত্মাই এজন ব্যক্তিৰ ওপৰত কাৰ্য্য কৰাৰ পাছতহে ব্যক্তিজনে নিজৰ জীৱনত আত্মাৰ ফল উৎপন্ন কৰে।—গীতমালা ১:১-৩.
১৫. আমি সকলোবোৰ “আত্মাৰ ফলৰ” ওপৰত ধ্যান দিয়াটো কিয় আৱশ্যক?
১৫ পাঁচনি পৌলে উল্লেখ কৰা “ফল” শব্দটোক বিবেচনা কৰাৰ আন এটা কাৰণ হৈছে, তেওঁ উল্লেখ কৰা আকৰ্ষণীয় গুণসমূহ। * সেই আত্মাই আমি ইচ্ছা কৰা অনুসাৰে বিভিন্ন ফলৰ বাছনি নকৰে। পাঁচনি পৌলে উল্লেখ কৰা গুণসমূহ—প্ৰেম, আনন্দ, শান্তি, চিৰসহিষ্ণুতা, মৰম, মঙ্গলভাব, বিশ্বাস, মৃদু-ভাব আৰু ইন্দ্ৰিয়-দমন। এই সকলোবোৰে একেলগে এজন ব্যক্তিক নতুন খ্ৰীষ্টান ব্যক্তিত্বক ধাৰণ কৰাত সহায় কৰে। (ইফিচীয়া ৪:২৪; কলচীয়া ৩:১০) যদিও আমাৰ ওচৰত এই গুণবোৰ আছে, তথাপিও আমি আমাৰ ব্যক্তিত্ব আৰু প্ৰবৃত্তিত পৌলে উল্লেখ কৰা সকলোবোৰ গুণক বিকাশিত কৰাটো অতি আৱশ্যক। তেনে কৰাৰ দ্বাৰা আমি খ্ৰীষ্টৰ ব্যক্তিত্বক পৰিধান কৰিব পাৰিম।—১ পিতৰ ২:১২, ২১.
১৬. খ্ৰীষ্টান পৰিপক্কতা লাভ কৰিবলৈ হʼলে আমি কেনে লক্ষ্য ৰখা উচিত আৰু কেনেকৈ ইয়াত উপনীত হʼব পাৰি?
১৬ পৌলৰ এই বিবৰণীৰ পৰা আমি খ্ৰীষ্টান পৰিপক্কতাৰ বিষয়ে এক গুৰুত্বপূৰ্ণ পাঠ শিকিবলৈ পালোঁ। গতিকে অত্যাধিক জ্ঞান আহৰণ কৰা বা নিজৰ ব্যক্তিত্বত অসাধাৰণভাৱে সংশোধন কৰাটো আমাৰ লক্ষ্য হোৱাটো উচিত নহয়। কিয়নো ঈশ্বৰৰ আত্মাই আমাৰ জীৱনত এই ফলসমূহ বিকাশিত কৰিব। আমাৰ বিচাৰধাৰা আৰু কাৰ্য্যসমূহে যিমানলৈকে ঈশ্বৰৰ আত্মাৰ দ্বাৰা পৰিচালিত হʼব, আমাৰ আধ্যাত্মিক পৰিপক্কতাও সিমানেই প্ৰকাশ পাব। আমি কেনেকৈ এই লক্ষ্যত উপনীত হʼব পাৰোঁ? ইয়াৰ বাবে আমি আমাৰ মন আৰু হৃদয়ত ঈশ্বৰৰ আত্মাৰ বাবে স্থান দিয়া উচিত। গতিকে আমি নিয়মিতৰূপে সভাত উপস্থিত হোৱা আৰু তাত ভাগ লোৱা আৱশ্যক। তদুপৰি, আমি নিয়মিতৰূপে বাইবেল অধ্যয়ন আৰু ধ্যান কৰি পোৱা সিদ্ধান্তবোৰ আনৰ সৈতে আচৰণ কৰোঁতে, কোনো বিষয়ত নিৰ্ণয় আৰু বাছনি কৰাৰ সময়ত ব্যৱহাৰ কৰা আৱশ্যক। তেতিয়াহে আমাৰ বৃদ্ধি স্পষ্টকৈ প্ৰকাশ পাব।
আপোনাৰ উন্নতি ঈশ্বৰৰ মহিমাৰ বাবে হওঁক
১৭. আমাৰ বৃদ্ধিয়ে কেনেকৈ স্বৰ্গীয় পিতৃৰ যিহোৱাৰ নাম মহিমান্বিত কৰে?
১৭ খ্ৰীষ্টান পৰিপক্কতাই আমাৰ নহয়, কিন্তু আমাক সহায় কৰোতা স্বৰ্গীয় পিতৃ যিহোৱাৰ নাম মহিমা কৰে। যীচুৱে মৃত্যুৰ আগনিশা তেওঁ শিষ্যসকলক এইদৰে কৈছিল: “ইয়াতে, তোমালোকত অধিক ফল ধৰিবলৈ মোৰ পিতৃ মহিমান্বিত হয়; আৰু ইয়াৰেই তোমালোক মোৰ শিষ্য হৈ হৈ যাবা।” (যোহন ১৫:৮) তেওঁলোকে আত্মাৰ ফল আৰু সেৱাকাৰ্য্যত পোৱা ৰাজ্যৰ ফলৰ দ্বাৰা যিহোৱাৰ নাম মহিমা কৰিলে।—পাঁচনিৰ কৰ্ম্ম ১১:৪, ১৮; ১৩:৪৮.
১৮. (ক) বৰ্তমান সময়ত কেনেধৰণৰ আনন্দময় শস্য চপোৱা কাৰ্য্য চলি আছে? (খ) এই শস্য চপোৱা কাৰ্য্যই কেনেধৰণৰ প্ৰত্যাহ্বান সৃষ্টি কৰিছে?
১৮ বৰ্তমান সময়ত, যিহোৱাই তেওঁৰ সেৱকসকলে কৰা গোটেই বিশ্ব জুৰি লাক্ষ্যণিক শস্য চপোৱা কাৰ্য্য অৰ্থাৎ প্ৰচাৰ কাৰ্য্যত আশীৰ্ব্বাদ কৰিছে। উদাহৰণস্বৰূপে প্ৰত্যেক বছৰ প্ৰায় ৩,০০,০০০ জন আগ্ৰহী লোকে নিজকে যিহোৱালৈ সমৰ্পণ কৰি বাপ্তিষ্মা লৈছে। ইয়াত কোনো সন্দেহ নাই যে এই কাৰ্য্যই আমাক আৰু যিহোৱাৰ মন আনন্দিত কৰি তুলিছে। (হিতোপদেশ ২৭:১১) একেৰাহে যিহোৱাৰ মন আনন্দিত আৰু তেওঁৰ নাম মহিমান্বিত কৰিবলৈ, সেই সকলো নতুন ব্যক্তিসকলক বাইবেলে এইদৰে কৈছে যে “তোমালকে খ্ৰীষ্টক, অৰ্থাৎ প্ৰভু যীচুক যেনেকৈ গ্ৰহণ কৰিলা, তেনেকৈ তেওঁতেই চলা; আৰু তেওঁতেই শিপা ধৰি, যেনেকৈ শিক্ষা পাইছিলা, তেনেকৈ তেওঁতে গঁঠা হৈ আৰু বিশ্বাসত থিৰ হৈ” চলা। (কলচীয়া ২:৬, ৭) এই কাৰ্য্য যিহোৱাৰ লোকসকলৰ বাবে দুইধৰণৰ প্ৰত্যাহ্বানজনক বিষয়। প্ৰথমটো হৈছে, যদি আপুনি নতুনকৈ বাপ্তিষ্মা লোৱা ব্যক্তি, তেনেহʼলে ‘সকলোৰে আগত আপোনাৰ বৃদ্ধি যেন প্ৰকাশিত’ কৰা এই প্ৰত্যাহ্বানজনক বিষয়টো গ্ৰহণ কৰিবলৈ প্ৰস্তুত আছেনে? দ্বিতীয়তে, যদি আপুনি কিছু বছৰৰ পৰা সত্যত আছে তেন্তে নতুন ব্যক্তিসকলৰ হিতৰ অৰ্থে থকা প্ৰত্যাহ্বানজনক দায়িত্বটো বহন কৰিবনে? আপোনাৰ বৃদ্ধি স্পষ্টকৈ সকলোৱে দেখা পাবলৈ হʼলে এই দুয়োটা ক্ষেত্ৰত জোৰ দিয়া আৱশ্যক।—ফিলিপীয়া ৩:১৬; ইব্ৰী ৬:১.
১৯. যদি আমি আমাৰ বৃদ্ধি সকলোৰে আগত প্ৰকাশ কৰোঁ তেন্তে কেনে ধৰণৰ বিশেষ অধিকাৰ আৰু আশীৰ্ব্বাদসমূহ লাভ কৰিব পাৰিম?
১৯ যিসকলে নিজৰ বৃদ্ধিক প্ৰকাশ কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰে তেওঁলোকে মহান আশীৰ্ব্বাদসমূহ লাভ কৰিব। পাঁচনি পৌলে তীমথিয়ক বৃদ্ধিৰ বিষয়ে দিয়া পৰামৰ্শলৈ মনোযোগ দিয়ক। তেওঁ এইদৰে কৈছিল: “নিজৰ বিষয়ে আৰু শিক্ষাৰ বিষয়ে সাৱধান হোৱা আৰু এইবোৰত থাকা; কিয়নো ইয়াকে কৰিলে, তুমি নিজৰ আৰু শুনাবিলাকৰো পৰিত্ৰাণ কৰাবা।” (১ তীমথিয় ৪:১৬) আপুনি বৃদ্ধিৰ বাবে কৰা পৰিশ্ৰমৰ দ্বাৰা যিহোৱাৰ নাম মহিমান্বিত কৰাটো আপোনাৰ বাবে এক বিশেষ অধিকাৰ আৰু ইয়াৰ বাবে আপুনি ঈশ্বৰৰ আশীৰ্ব্বাদৰ ভাগী হʼব।(w01 8/1)
[ফুটনোট]
^ ইয়াত ব্যৱহাৰ কৰা “ফলবিলাক” মুল ভাষাত সাধাৰণতে “ফল” বুলি বুজাইছে।—গালাতীয়া ৫:২২, কিংডম ইন্টাৰলিনিয়াৰ ট্ৰানচ্লেইশ্ব্যান্।
আপুনি স্মৰণ কৰিব পাৰেনে?
• কি প্ৰকাৰে আধ্যাত্মিক পৰিপক্কতাক প্ৰকাশ কৰিব পাৰি?
• কেনেধৰণৰ জ্ঞান আৰু শিক্ষাই পৰিপক্কতা প্ৰতিফলিত কৰে?
• “আত্মাৰ ফলে” কেনেকৈ আধ্যাত্মিক বৃদ্ধি প্ৰকাশ কৰে?
• পৰিপক্কতালৈ আগবাঢ়িবলৈ কেনেধৰণৰ প্ৰত্যাহ্বানৰ সম্মুখীন হোৱাৰ আশা কৰিব পাৰি?
[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]
[১৩ পৃষ্ঠাৰ ছবি]
পুৰঠ হোৱা বা পৰিপক্কতাক সকলোৱে দেখা পায়
[১৫ পৃষ্ঠাৰ ছবি]
প্ৰকাশ পোৱা সত্যৰ অনুসাৰে কাৰ্য্য কৰি আমি আমাৰ আধ্যাত্মিক বৃদ্ধিক বিকাশিত কৰোঁ
[১৭ পৃষ্ঠাৰ ছবি]
প্ৰাৰ্থনাই আমাক “আত্মাৰ ফল” বিকাশিত কৰিবলৈ সহায় কৰে