Skip to content

Skip to table of contents

বিশ্বাস কৰাটো আপোনাৰ নিজস্ব অধিকাৰ

বিশ্বাস কৰাটো আপোনাৰ নিজস্ব অধিকাৰ

বিশ্বাস কৰাটো আপোনাৰ নিজস্ব অধিকাৰ

আপুনি নিশ্চয়ে আপোনাৰ ওচৰত বিশ্বাস কৰাৰ অধিকাৰ থকাৰ বাবে যি ইচ্ছা তাকে বিশ্বাস কৰি আনন্দিত হৈছে। সেইবাবে প্ৰায় সকলোৱে তেওঁলোকৰ ওচৰত থকা অধিকাৰৰ অনুসাৰে বিশ্বাস কৰি আনন্দিত হয়। বৰ্তমান এই পৃথিৱীত থকা ৬০০ কোটি লোকে নিজৰ অধিকাৰৰ অনুসাৰে ভিন্ন ভিন্ন বিশ্বাস কৰে। যেনেকৈ সৃষ্টিত বিভিন্ন ৰং, গঠন, আকৃতি, সোৱাদ, গোন্ধ আৰু ধ্বনি পোৱা যায়, তেনেকৈ আমাৰ জীৱনতো বিভিন্ন বিশ্বাসে ভিন্ন ভিন্ন ইচ্ছা, মাদকতা আৰু আনন্দ প্ৰদান কৰে। ইয়াত কোনো সন্দেহ নাই যে এনেধৰণৰ বিভিন্নতাই জীৱনটোক ৰোমাঞ্চিত কৰি তুলে।—গীতমালা ১০৪:২৪.

 যিহেতু ইয়াত আমি সাৱধানতা অৱলম্বন কৰা আৱশ্যক। কিয়নো কিছুমানৰ বিশ্বাস কেৱল ভিন্নই নহয় কিন্তু হানিকাৰকো হয়। উদাহণস্বৰূপে বিশং শতাব্দীত কিছুমানে বিশ্বাস কৰিছিল যে যিহূদী আৰু স্বাধীন পন্থৰ লোকসকলে “খ্ৰীষ্টান সভ্যতাক ধ্বংস কৰি গোটেই জগতখনক তেওঁলোকে ঐক্যতাৰ অধীনত আনিব।” এনে বিশ্বাস প্ৰেট্‌কলচ অৱ দ্যা লাৰ্নড্‌ এলদ্যাৰচ্‌ অৱ জায়ন নামৰ এখন যিহূদী ধৰ্ম্মৰ বিৰোদ্ধে লিখা ট্ৰেক্টখনৰ ওপৰত আধাৰিত আছিল। ট্ৰেক্টখনত সেই পৰিকল্পনাক আৰোপ কৰি কোৱা হৈছিল যে উৎপন্ন কৰা উৎপাদনসমূহত অত্যাধিক কৰ ধাৰ্য্য কৰাৰ যোগেদি বৃহৎভাৱে একচেটিয়া ব্যৱসায়ীৰ অনুপ্ৰেৰণা দিছিল। সেইবাবে ‘অন্যজাতিৰ সম্পত্তি ধ্বংস হোৱাৰ সম্ভাৱনা আছিল’ আৰু ইয়াৰ ওপৰিও ‘অন্যজাতিক পশুৰ দৰে বিবেচনা’ কৰিবলৈ শিক্ষা দিয়াৰ প্ৰণালীক সলনি কৰা হৈছিল। তদুপৰি মুখ্য চহৰসমূহক সংযোগ কৰিবলৈ মাটিৰ তলেৰে চলা ৰেলগাড়ীৰ ব্যৱস্থা কৰিছিল যাতে তাৰ যোগেদি যিহুদী প্ৰাচীনসকলে ‘এবাৰতে বিৰোধীসকলক নিষ্কাশন কৰিব পাৰে।’

বাস্তৱতে এইটো সমূলি অসত্য আছিল। কিয়নো ইয়াক যিহূদী অনুভূতিক প্ৰজ্জ্বলিত কৰিবলৈ তৈয়াৰ কৰা হৈছিল। বৃটিছ সংগ্ৰহালয়ৰ মাৰ্ক জনচ্‌ নামৰ এজন ব্যক্তিয়ে কৈছিল যে এনে অসঙ্গত বিষয়টো ‘প্ৰথমতে নিলগত থকা ৰুছ দেশত ১৯৩০ চনত প্ৰকাশ হোৱা এখন বাতৰিকাকতৰ পৰা আহিছিল। পাছলৈ ইয়াক লণ্ডনত মে’ ৮, ১৯২০ চনৰ দ্যা টাইমচ্‌ নামৰ আলোচনীত প্ৰকাশ কৰা হয়। তাৰ এবছৰৰ পাছত সেই আলোচনীত কোৱা হয় যে প্ৰকাশ কৰা সেই বিষয়টো আচলতে সঁচা নাছিল। কিন্তু সেই সময়ছোৱালৈকে ইতিমধ্যেই অনেক ক্ষতিসাধন হৈছিল। জনচে এইদৰে কৈছিল ‘আচলতে এনেধৰণৰ মিছা বিষয়বোৰক নিৰীক্ষণ কৰাটো ইমান সহজ নহয়।’ কিয়নো এবাৰ লোকসকলে এনেধৰণৰ মিছা, বিষাক্ত আৰু বিপদজনক বিষয়বোৰক বিশ্বাস কৰি লোৱাৰ ফলাফল ধ্বংসাত্মকজনক হয়। যিদৰে ২০ শং শতাব্দীৰ ইতিহাসে প্ৰমাণ দিছে।—হিতোপদেশ ৬:১৬-১৯.

সত্যৰ বিপক্ষে বিশ্বাস

দৰাচলতে আমি ইচ্ছাকৃতভাৱে মিছা বিষয়বোৰক গ্ৰহণ কৰি ভুল বিশ্বাসত পৰিচালিত নহওঁ। কিন্তু বিষয়বোৰক আমি ভুলভাৱে বুজাৰ বাবেহে তেনে হয়। লোকসকলে তেওঁলোকে কৰা কাৰ্য্যক সঠিক বুলি বিশ্বাস কৰাৰ বাবে আজি কিমানজনে অকালতে মৃত্যুক সাবতি লʼবলগীয়া হৈছে? কেতিয়াবা আকৌ আমি এনেই বস্তুবোৰত বিশ্বাস কৰোঁ। এই সংক্ৰান্তত এজন জীৱ-বিজ্ঞানৰ অধ্যাপকে এইদৰে দাঙি ধৰিছে, বৈজ্ঞানিকসকলেও “নিজৰ বিশ্লেষণ আৰু সিদ্ধান্তক প্ৰায়ে উত্তম বুলি বিবেচনা কৰে।” তেওঁলোকৰ বিশ্বাসে তেওঁলোকক বাস্তৱতাক স্বীকাৰ কৰাত বিশৃঙ্খলতা জন্মায় আৰু সংকটজনক সিদ্ধান্ত লৈ আনক বিমোৰত পেলায়। তদুপৰি গোটেই জীৱন তেওঁলোকে নিজৰ ভুল বিশ্বাসক সমৰ্থন কৰিবলৈ ব্যৰ্থভাৱে চেষ্টা কৰে।—যিৰিমিয়া ১৭:৯.

বৰ্তমান সময়তো ধৰ্ম্মীয় বিশ্বাসৰ সৈতে সেই একেইদৰে ঘটিছে। যʼত বহুলভাৱে প্ৰতিবাদৰ কাৰণ দেখিবলৈ পোৱা যায়। (১ তীমথিয় ৪:১; ২ তীমথিয় ৪:৩, ৪) এজন ব্যক্তিয়ে হয়তো গভীৰভাৱে ঈশ্বৰক বিশ্বাস কৰে। তাৰে বিষয়ে আনজনে হয়তো এইবুলি কʼব পাৰে যে, তেওঁৰ কেৱল “অৰ্থহীন ধৰ্ম্মীয় বিশ্বাস আছে।” আন এজন ব্যক্তিয়ে বিশ্বাস কৰে যে আপোনাৰ ওচৰত অমৰ প্ৰাণ আছে, যিটো মৃত্যুৰ পাছত জীয়াই থাকে। কিন্তু ইয়াৰ বিপৰীতে আনসকলে বিশ্বাস কৰে যে যেতিয়া আপোনাৰ মৃত্যুৰ হয়, তেতিয়া সম্পূৰ্ণৰূপে অস্তিত্বহীন হৈ পৰে। বাস্তৱতে এনেধৰণৰ মতবিৰোধী বিশ্বাসবোৰ যে সত্যৰ ওপৰত আধাৰিত, ইয়াক বিশ্বাস কৰাটো অসম্ভৱ। তেন্তে আপুনি বিশ্বাস কৰা বিষয়বোৰ যে প্ৰকৃততে সত্য তাৰ বিষয়ে পৰীক্ষা কৰাটো বুদ্ধিমানৰ কাৰ্য্য নহʼবনে বাৰু? (হিতোপদেশ ১:৫) আপুনি কেনেকৈ পৰীক্ষা কৰিব পাৰে? পৰৱৰ্তী অধ্যায়ত এই বিষটোক আলোচনা কৰা হʼব।(w01 8/1)

[৩ পৃষ্ঠাৰ ছবি]

এই বিষয়টো ১৯২১ চনত “প্ৰেট্‌কলচ অৱ দ্যা লাৰ্নড্‌ এলদ্যাৰচ্‌ অৱ জায়নʼত” প্ৰকাশ কৰা হৈছিল