Skip to content

Skip to table of contents

সৎকৰ্ম্ম কৰিবলৈ এৰি নিদিব

সৎকৰ্ম্ম কৰিবলৈ এৰি নিদিব

সৎকৰ্ম্ম কৰিবলৈ এৰি নিদিব

“সৎকৰ্ম্ম কৰি কৰি আমি নিৰুৎসাহ নহওঁক; কিয়নো আমি ক্লান্ত নহলে, উচিত সময়ত দাবলৈ পাম।”গালাতীয়া ৬:৯.

১, ২. (ক) ঈশ্বৰক সেৱা কৰিবলৈ কিয় ধৈৰ্য্যশীল হোৱা আৱশ্যক? (খ) অব্ৰাহামে নিজৰ ধৈৰ্য্যশীলতাক কিদৰে প্ৰকাশ কৰিলে আৰু কিহে তেওঁক ধৈৰ্য্যশীল হʼবলৈ সহায় কৰিছিল?

 যিহোৱাৰ সাক্ষী হোৱাৰ হেতুকে আমি ঈশ্বৰৰ ইচ্ছা অনুসাৰে চলি আনন্দিত হওঁ। তদুপৰি আমি শিষ্য বনোৱা “যুৱলি” লৈ সতেজ অনুভৱ কৰোঁ। (মথি ১১:২৯) তথাপিও, যিহোৱাৰ সৈতে যীচুক সেৱা কৰাতো ইমান সহজ নহয়। এই সম্পৰ্কে পাঁচনি পৌলে তেওঁৰ সঙ্গী খ্ৰীষ্টানসকলক স্পষ্টকৈ এনেদৰে কৈছিল: “তোমালোকে ঈশ্বৰৰ ইচ্ছা পালন কৰি প্ৰতিজ্ঞাৰ ফল যেন পোৱা, এই নিমিত্তে ধৈৰ্য্যত তোমালোকৰ প্ৰয়োজন আছে।” (ইব্ৰী ১০:৩৬) যিহোৱাৰ সেৱা কৰাতো এক প্ৰত্যাহ্বানজনক বিষয়, সেইবাবে ধৈৰ্য্য ধৰাতো অতি আৱশ্যক।

এই সত্যতক অব্ৰাহামৰ জীৱনীয়ে প্ৰমাণ কৰি দেখুৱালে। কিয়নো বহুবাৰ তেওঁ সঙ্কটজনক আৰু পীড়াদায়ক পৰিস্থিতিৰ সন্মুখীন হবলগীয়া হৈছিল। ঊৰৰ নিচিনা চহকী আৰু বিলাসী দেশ ত্যাগ কৰা লগে লগে সমস্যাৰ আৰম্ভণ হʼল। অতি কম সময়ৰ ভিতৰত তেওঁক আকাল, চুবুৰীয়াসকলৰ পৰা অহা অত্যাচাৰ, কথমপি নিজ পত্নী ৰক্ষা পোৱা, তেওঁৰ কিছুমান আত্মীয়-স্বজনে ঘৃণা কৰা আৰু মৰাত্মক যুদ্ধৰ দৰে পৰিস্থিতিৰ সন্মুখীন হবলগা আছিল। ইয়াৰ ওপৰিও, ভৱিষ্যতে তেওঁৰ ওপৰত ডাঙৰ ডাঙৰ পৰীক্ষা আহিলগা আছিল। তথাপিও, তেওঁ সৎকৰ্ম্ম কৰিবলৈ এৰি দিয়া নাছিল। সকলোতকৈ মনকৰিবলগীয়া বিষয় এই যে আমাৰ দৰে তেওঁৰ ওচৰত সম্পূৰ্ণ বাইবেলখন নাছিল। যিয়ে নহওঁক, তেওঁ বাইবেলত উল্লেখ কৰা প্ৰথম ভৱিষ্যতবাণীৰ বিষয়ে জানিছিল, যʼত ঈশ্বৰে এইদৰে কৈছিল: “মই তোৰে নাৰীৰে মাজত, আৰু তোৰ বংশৰে নাৰীৰ বংশৰে মাজত শত্ৰুভাব উৎপন্ন কৰিম; সি তোৰ মূৰ গুড়ি কৰিব, আৰু তই তাৰ গোৰোৱা গুড়ি কৰিবি।” (আদিপুস্তক ৩:১৫) যিহেতু অব্ৰাহামৰ দ্বাৰা সেই বংশ আহিবলগা আছিল, সেইবাবে নিশ্চয়ে তেওঁ সেই প্ৰতিজ্ঞাত বংশৰ শত্ৰু অৰ্থাৎ চয়তানৰ ধ্যান আকৰ্ষিত কৰিছিল। ইয়াত কোনো সন্দেহ নাই যে সেই সত্যতাই অব্ৰাহামক হাঁহিমুখে সকলোবোৰ পৰীক্ষাত সহন কৰিবলৈ সহায় কৰিছিল।

৩. (ক) যিহোৱাৰ লোকসকলে বৰ্তমান সময়ত কিয় পৰীক্ষাৰ অপেক্ষা কৰিব পাৰে? (খ) গালাতীয়া ৬:৯ পদত উল্লেখ কৰা বাক্যশাৰীয়ে আমাক কেনেকৈ উৎসাহিত কৰিছে?

বৰ্তমান সময়ৰ যিহোৱাৰ সেৱকসকলেও যে পৰীক্ষাৰ সম্মুখীন হʼব লাগিব, সেই বিষয়ে অপেক্ষা কৰা উচিত। (১ পিতৰ ১:৬, ৭) প্ৰকাশিত বাক্য ১২:১৭ পদে আমাক সতৰ্ক কৰি কৈছে যে চয়তানে অৱিশিষ্ট লোকৰ সৈতে “যুদ্ধ” কৰি আছে। তদুপৰি সি ‘অন্য মেৰ’ বৰ্গৰ লোকসমূহৰ ওপৰতো ক্ৰুধিত হৈছে, কিয়নো তেওঁলোকে অৱশিষ্ট লোকৰ সৈতে এক ঘনিষ্ঠ সম্পৰ্ক বজাই ৰাখিছে। (যোহন ১০:১৬) গতিকে খ্ৰীষ্টানসকলে ৰাজহুৱা প্ৰচাৰকাৰ্য্যত বিৰোধীতাৰ সম্মুখীন হোৱাৰ ওপৰিও তেওঁলোকে নিজৰ ব্যক্তিগত জীৱনত কষ্টকৰ হেঁচাৰ সম্মুখীন হʼব পাৰে। সেয়েহে পাঁচনি পৌলে আমাক উৎসাহিত কৰি এইদৰে কৈছিল: “সৎকৰ্ম্ম কৰি কৰি আমি নিৰুৎসাহ নহওঁক; কিয়নো আমি ক্লান্ত নহলে, উচিত সময়ত দাবলৈ পাম।” (গালাতীয়া ৬:৯) যদিও চয়তানে আমাৰ বিশ্বাস ধ্বংস কৰিবলৈ প্ৰাণপণে প্ৰচেষ্টা চলাইছে, আমি বিশ্বাসাত দৃঢ় হৈ তাক প্ৰতিৰোধ কৰা উচিত। (১ পিতৰ ৫:৮, ৯) আমি বিশ্বাসী হৈ সেইবোৰৰ সৈতে সম্মুখীন হৈ কেনে পৰিণামৰ আশা কৰিব পাৰিম? যাকোব ১:২, ৩ পদত এইদৰে বৰ্ণনা কৰিছে: “হে মোৰ ভাইবিলাক, তোমালোকে যেতিয়া নানাবিধ পৰীক্ষাত পৰা, তেতিয়া তোমালোকৰ বিশ্বাসৰ পৰীক্ষাই যে ধৈৰ্য্য জন্মায়, ইয়াকে জানি, তাক অতি আনন্দৰ বিষয় যেন মানিবা।”

সম্মুখবৰ্তী আক্ৰমণ

৪. চয়তানে কেনেকৈ ঈশ্বৰৰ লোকসকলৰ ঐক্যতাক ভঙ্গ কৰিবলৈ সম্মুখবৰ্তী আক্ৰমণ কৰে?

যিদৰে অব্ৰাহামে গোটেই জীৱন ‘নানাবিধ পৰীক্ষাৰ’ সম্মুখীন হৈছিল, তেনেকৈ এজন খ্ৰীষ্টান ব্যক্তিৰো হয়তো নানাবিধ পৰীক্ষাৰ অভিজ্ঞতা হʼব পাৰে। উদাহৰণস্বৰূপে, অব্ৰাহামে চিনাৰ পৰা অহা শত্ৰুসকলৰ সৈতে যুদ্ধ কৰিবলগীয়া হৈছিল। (আদিপুস্তক ১৪:১১-১৬) সেইবাবে চয়তানেও যে আমাক অত্যাচাৰৰ যোগেদি সম্মুখবৰ্তী আক্ৰমণ কৰা দেখি আমি আচৰিত হোৱা উচিত নহয়। দ্বিতীয় বিশ্ব যুদ্ধ শেষ হোৱাৰ পাছত বহুতো দেশে যিহোৱাৰ সাক্ষীসকলৰ শৈক্ষিক কাৰ্য্যক চৰকাৰীভাৱে নিষিদ্ধ কৰে। উদাহৰণস্বৰূপে, ২০০১ চনৰ যিহোৱাৰ সাক্ষীসকলৰ বাৰ্ষিক পুস্তকত কৈছে যে অংগোলাত থকা খ্ৰীষ্টানসকলে তেওঁলোকৰ শত্ৰুসকলৰ পৰা অহা অত্যাচাৰত ধৈৰ্য্যশীলতাৰে সম্মুখীন হৈছিল। যিহোৱাৰ ওপৰত তেওঁলোকে ভাৰসা ৰাখি প্ৰচাৰকাৰ্য্যক বন্ধ কৰিবলৈ মান্তি নহল! তেওঁলোকে সেই শত্ৰুসকলক অত্যাচাৰ বা বিৰোধীতাৰে প্ৰত্যুত্তৰ দিলে এনে নহয়, কিন্তু গোপনে প্ৰচাৰ কাৰ্য্য কৰাত একেৰাহে লাগি থাকিল।—মথি ২৪:১৪.

৫. খ্ৰীষ্টান যুৱক-যুৱতীসকলে স্কুলত কেনেকৈ তাড়নাৰ সন্মুখীন হʼব লগীয়া হয়?

আমালৈ অহা অত্যাচাৰে যে সদায়ে শাৰীৰিক ক্ষতিসাধন কৰিব এনে নহয়। উদাহৰণস্বৰূপে, অৱশেষত অব্ৰাহামৰ দুটি সন্তান অৰ্থাৎ ইশ্মায়েল আৰু ইচ্‌হাক জন্ম হʼল। আদিপুস্তক ২১:৮-১২ পদত কৈছে যে এটা উপলক্ষ্যত ইশ্মায়েলে ইচ্‌হাকক “পৰিহাস” কৰিছিল। এই সম্পৰ্কে পাঁচনি পৌলে গালাতীয়া মণ্ডলীলৈ লিখা পত্ৰত কৈছিল যে তেনেধৰণৰ পৰিহাস কৰাটো কোনো সাধাৰণ বিষয় নাছিল, দৰাচলতে ইশ্মায়েলে ইচ্‌হাকক তাড়না কৰিছিল। বাস্তৱতে সেইটো এটা গম্ভীৰ বিষয় আছিল! (গালাতীয়া ৪:২৯) সহপাঠীসকলৰ ঠাট্টা আৰু শত্ৰুবিলাকে মৌখিকভাৱে কৰা প্ৰহাৰকো তাড়না বা অত্যাচাৰ বুলি উল্লেখ কৰিব পাৰি। স্কুলৰ সহপাঠীৰ দ্বাৰা পীড়িত হোৱা ৰাইন নামৰ এজন ডেকা খ্ৰীষ্টান ভাইৰ বিষয়ে বিবেচনা কৰক। তেওঁ এইদৰে কৈছিল: “বাছেৰে স্কুললৈ যাবলৈ কেৱল ১৫ মিনিট সময় লাগে, কিন্তু সেই সময়ছোৱা মোক ১ ঘন্টা যেন বোধ হয়। কিয়নো মোৰ সহপাঠীসকলে চিগাৰেট লাইটাৰে কগজত লগোৱা ক্লিপবোৰক গৰম কৰি মোক আঘাত কৰিছিল।” তেওঁলোকে তেনে কৰাৰ কি কাৰণ আছিল? আগলৈ তেওঁ এইদৰে কৈছিল: “কিয়নো মই বাইবেলৰ যোগেদি প্ৰশিক্ষিত হোৱাৰ বাবে মই তেওঁলোকৰ বেয়া কাৰ্য্যবোৰত ভাগ নলৈছিলোঁ।” যিয়ে নহওঁক, পিতৃ-মাতৃয়ে তেওঁক সহায় কৰাৰ বাবে তেওঁ বিশ্বাসী হৈ তেনে পৰীক্ষাবোৰত সফলতাৰে সম্মুখীন হʼব পাৰিছিল। যুৱক-যুৱতীসকল, আপোনালোকৰ সহপাঠী বা সমনীয়া লোকৰ ফালৰ পৰা অহা হেঁচাৰ বাবে নিৰুৎসাহিত হৈ পৰিছেনে? তথাপিও আপুনি পৰাজয় স্বীকাৰ নকৰিব! যদি আপুনি বিশ্বাসী হৈ তাড়নাত সহনশীল হয়, তেনেহʼলে আপোনাৰ যীচুৱে কোৱা এই বাক্যশাৰীৰ পূৰ্ণতাৰ অভিজ্ঞতা হʼব। তেওঁ এইদৰে কৈছিল: “যেতিয়া মানুহবিলাকে মোৰ কাৰণে তোমালোকক নিন্দা আৰু তাড়না কৰিব, আৰু তোমালোকৰ অহিতে মিছাকৈ, সকলো প্ৰকাৰ কুকথা কব, তেতিয়া তোমালোক ধন্য।”—মথি ৫:১১.

দৈনন্দিন জীৱনৰ চিন্তা-ধাৰা

৬. বৰ্তমান সময়ত খ্ৰীষ্টান ভাই-ভনীসকলৰ সম্বন্ধত কিহে বাধা উৎপন্ন কৰিব পাৰে?

আমি সম্মুখীন হোৱা বেছিভাগ পৰীক্ষাই আমাৰ দৈনন্দিন জীৱনৰ চিন্তা-ধাৰাৰ পৰা উৎপন্ন হয়। যেনেকৈ, অব্ৰাহাম আৰু তেওঁৰ ভাগিন লোটৰ মেৰ ৰখীয়াসকলৰ মাজত সৃষ্টি হোৱা বিবাদৰ বাবে অব্ৰাহামে স্বয়ং মানসিকৰূপে কষ্ট অনুভৱ কৰিবলগা হৈছিল। (আদিপুস্তক ১৩:৫-৭) ঠিক তেনেদৰে, বৰ্তমান সময়ত বিভিন্ন পৃষ্ঠভূমি আৰু চকুচৰহা মনোবৃত্তি থকাৰ বাবে ভাই-ভনীসকলৰ সম্বন্ধ ছেদ বা খ্ৰীষ্টান মণ্ডলীত অশান্তিৰ সৃষ্টি হʼব পাৰে। “কিয়নো যি ঠাইতে ঈৰ্ষা আৰু বিৰোধ থাকে, তাতেই দ্বন্দ আৰু আটাই কুকৰ্ম্ম থাকে।” (যাকোব ৩:১৬) গতিকে অব্ৰাহামৰ দৰে আমিও সৎকৰ্ম্ম কৰিবলৈ এৰি নিদি, মণ্ডলীত শান্তি বজাই ৰাখোঁ আৰু আনৰ হিতৰ বিষয়ে চিন্তা কৰোঁ।—১ কৰিন্থীয়া ১৩:৫; যাকোব ৩:১৭.

৭. (ক) যদি এজন ব্যক্তিয়ে কোনো সঙ্গী উপাসকৰ দ্বাৰা মানসিকৰূপে আঘাত পাইছে, তেন্তে তেওঁ কি কৰা আৱশ্যক? (খ) আনৰ সৈতে সঠিক সম্পৰ্ক বজাই ৰাখিবলৈ অব্ৰাহামে কেনে আৰ্হি প্ৰস্তুত কৰিলে?

যেতিয়া আমাক কোনো সঙ্গী উপাসকে অন্যায় কৰে তেতিয়া হয়তো শান্তি পৰিবেশ বজাই ৰখাটো প্ৰত্যাহ্বানজনক হʼব পাৰে। এই সন্দৰ্ভত হিতোপদেশ ১২:১৮ পদত এইদৰে কৈছে: “কোনো কোনোৱে অবিবেচনাৰূপে অস্ত্ৰাঘাতস্বৰূপ কথা কয়; কিন্তু জ্ঞানৱানবিলাকৰ জিবা সুস্থজনক।” আনকি অবিবেচনাৰূপে কোৱা কথাইও মনত দকৈ আঘাত দিব পাৰে। যদি আমি কোনো এজনৰ বিষয়ে মিছা কওঁ বা তেওঁৰ অহিতে পৰচৰ্চা কৰোঁ তেতিয়াহʼলে সেই ব্যক্তিজনে মনত অধিক বেদনা পাব। (গীতমালা ৬:৬, ৭) কিন্তু তেতিয়াও এজন খ্ৰীষ্টান ব্যক্তিয়ে মানসিকৰূপে আঘাট পোৱাৰ বাবে সৎকৰ্ম্ম কৰিবলৈ এৰি দিয়াতো উচিত নহয়! যদি আপুনি তেনে পৰিস্থিতিৰ সম্মুখীন হৈছে তেন্তে আঘাত কৰা জনৰ সৈতে নম্ৰতাৰে কথা পাতি সমস্যটোক সমাধান কৰিবলৈ আগভাগ লওঁক। (মথি ৫:২৩, ২৪; ইফিচীয়া ৪:২৬) সেই ব্যক্তিজনক ক্ষমা কৰিবলৈ ইচ্ছুক হওঁক। (কলচীয়া ৩:১৩) তেনে কৰাৰ দ্বাৰা আমি নিজৰ আৰু তেওঁৰ ভাবনাক সুস্থ কৰাত আৰু আমাৰ সম্বন্ধক পুনৰাই গঢ়ি তুলাত সক্ষম হʼম। অব্ৰাহামেও লোটৰ প্ৰতি আক্ৰোহভাৱ নাৰাখিলে। সেইবাবে যেতিয়া লোট আৰু তেওঁৰ পৰিয়ালবৰ্গই বিপদত পৰিছিল তেতিয়া অব্ৰাহামে কোনো পলম নকৰাকৈ তেওঁলোকক উদ্ধাৰ কৰিবলৈ পদক্ষেপ লৈছিল।—আদিপুস্তক ১৪:১২-১৬.

নিজেই নিজলৈ পৰীক্ষা চপাই লোৱা

৮. (ক) এজন খ্ৰীষ্টান ব্যক্তিয়ে কেনেকৈ নিজকে ‘যাতনাৰূপ শলাৰে শালিব’ পাৰে? (খ) অব্ৰাহামে ভৌতিক বস্তুৰ প্ৰতি ভাৰসাম্য কিয় বজাই ৰাখিব পাৰিল?

বাস্তৱতে কিছুমান পৰীক্ষা আমি নিজেই চপাই লওঁ। উদাহৰস্বৰূপে, যীচুৱে তেওঁৰ শিষ্যসকলক এইদৰে কৈছিল: “যি ঠাইত পোকে আৰু মামৰে ক্ষয় কৰে, আৰু চোৰেও সিন্ধি দি চুৰ কৰে, এনে পৃথিবীত নিজলৈ ধন নাসাঁচিবা।” (মথি ৬:১৯) কিন্তু কিছুমান ভাই-ভনীয়ে ঈশ্বৰৰ ৰাজ্যৰ পৰিৱৰ্তে ভৌতিক বস্তুবোৰক প্ৰথম স্থান দিয়াৰ বাবে তেওঁলোকে “যাতনাৰূপ শলাৰে নিজকেই শালিলে।” (১ তীমথিয় ৬:৯, ১০) ইয়াৰ বিপৰীতে অব্ৰাহামে যিহোৱাৰ মন আনন্দিত কৰিবলৈ সকলো প্ৰকাৰৰ ভৌতিক বস্তুক ত্যাগ কৰিছিল। বাইবেলে তেওঁৰ সম্পৰ্কে এইদৰে কৈছে: ‘বিশ্বাসৰ গুণে, তেওঁ বিদেশীৰ দৰে, প্ৰতিজ্ঞাৰ দেশত প্ৰবাসী হৈ, সেই একে প্ৰতিজ্ঞাৰ সহধিকাৰী ইচ্‌হাক আৰু যাকোবৰ সহিত তম্বুত বাস কৰিছিল; কিয়নো যি নগৰৰ স্থাপন আৰু নিৰ্ম্মাণকৰ্ত্তা ঈশ্বৰ, ভিত্তিমূল থকা সেই নগৰলৈ তেওঁ অপেক্ষা কৰিছিল।’ (ইব্ৰী ১১:৯, ১০) অব্ৰামে ভৱিষ্যতৰ “নগৰ” বা ঈশ্বৰৰ চৰকাৰৰ ওপৰত ৰখা বিশ্বাসে তেওঁক ধন-সম্পত্তিৰ অভিলাষৰ পৰা আঁতৰাই ৰাখিলে। আমিও তেনে কৰাতো বুদ্ধিমানৰ কাৰ্য্য নহবনে বাৰু?

৯, ১০. (ক) উচ্চ স্থান পোৱাৰ মনোবৃত্তিয়ে আমাক কেনেকৈ পৰীক্ষাত পেলাব পাৰে? (খ) আজি এজন খ্ৰীষ্টান ভায়ে কেনেকৈ নিজকে “আটাইতকৈ সৰু” হিচাপে কাৰ্য্য কৰিব পাৰে?

আন এটা ক্ষেত্ৰৰ বিষয়ে বিবেচনা কৰক। এই বিষয়ে বাইবেলে দৃঢ় নিৰ্দ্দেশনা দি এইদৰে কৈছে: “কিয়নো কোনোৱে একো নহৈয়ো, যদি নিজকে বৰ মানে, তেন্তে তেওঁ নিজকেই ভুলায়।” (গালাতীয়া ৬:৩) তদুপৰি, আমাক কোৱা হৈছে যে “বিৰোধ বা অনৰ্থক দৰ্পেৰে একো নকৰিবা; কিন্তু নম্ৰভাবে প্ৰত্যেকে নিজতকৈ অন্যক উত্তম বুলি মানিবা।” (ফিলিপীয়া ২:৩) কিছুমানে এই পৰামৰ্শ অনুসাৰে চলাত বিফল হৈ নিজকে পৰীক্ষাত পেলাইছে। তেওঁলোকে “উত্তম কৰ্ম্মলৈ ইচ্ছা” কৰাৰ পৰিৱৰ্তে প্ৰমুখ স্থান পাবলৈ ইচ্ছা কৰে। ফলস্বৰূপে যেতিয়া তেওঁলোকে মণ্ডলীত কোনো বিশেষ অধিকাৰ নাপাই তেতিয়া তেওঁলোক নিৰুৎসাহি আৰু অসন্তুষ্ট হৈ পৰে।—১ তীমথিয় ৩:১.

১০ এই ক্ষেত্ৰত অব্ৰাহামে ‘নিজকে বৰ বুলি বিবেচনা নকৰি’ এক উত্তম আৰ্হি প্ৰস্তুত কৰিলে। (ৰোমীয়া ১২:৩) যেতিয়া তেওঁ মল্কিচেদকৰ সম্মুখত থিয় হৈছিল, তেতিয়া তেওঁক ঈশ্বৰে দিয়া উচ্চ অৱস্থাৰ অনুসাৰে কাৰ্য্য কৰা নাছিল। কিন্তু তাৰ পৰিৱৰ্ত্তে অব্ৰাহামে মল্কিচেদকক বস্তুৰ দহ ভাগৰ এভাগ দি তেওঁক এজন পুৰোহিত আৰু তেওঁতকৈ মহান বুলি গণ্য কৰিছিল। (ইব্ৰী ৭:৪-৭) ঠিক তেনেদৰে বৰ্তমান সময়ৰ খ্ৰীষ্টানসকলেও নিজকে সকলোতকৈ মহান বুলি লক্ষ্য কৰাৰ পৰিৱৰ্তেন “আটাইতকৈ সৰু” বুলি গণ্য কৰা আৱশ্যক। (লূক ৯:৪৮) যদি প্ৰাচীনসকলে আপোনাক কোনো বিশেষাধিকাৰ দিয়া নাই, তেনেহʼলে সাধুতাৰে নিজকে পৰীক্ষা কৰি চাওঁক যে কেনেকৈ ব্যক্তিত্ব বা আন ক্ষেত্ৰবোৰত উন্নতি কৰিব পাৰে। বিশেষ অধিকাৰৰ প্ৰতি আপুনি বিৰক্তি হৈ পৰাৰ পৰিৱৰ্তে, আপোনাৰ ওচৰত যি আছে তাত সম্পূৰ্ণকৈ আনন্দিত হৈ আনক যিহোৱাৰ বিষয়ে শিকাত সহায় কৰক। সঁচাকৈ, “ঈশ্বৰে উপযুক্ত সময়ত তোমালোকক যেন উন্নত কৰে, . . . নিজক তেওঁৰ পৰাক্ৰমী হাতৰ অধীনত নত কৰা।”—১ পিতৰ ৫:৬.

অদৃশ্য বস্তুৰ ওপৰত বিশ্বাস কৰা

১১, ১২. (ক) মণ্ডলীৰ কিছুমানে কেনেকৈ সেই গুৰুত্বতাক হেৰুৱাব পাৰে? (খ) অব্ৰাহামে নিজৰ সম্পূৰ্ণ জীৱন ঈশ্বৰৰ প্ৰতিজ্ঞাৰ ওপৰত নিৰ্ভৰ কৰি কেনেকৈ এক উত্তম আৰ্হি প্ৰস্তুত কৰিলে?

১১ আন এটা পৰীক্ষা হৈছে, এই দুষ্ট ৰীতি-ব্যৱস্থাৰ ধ্বংস অতি পলম হোৱা যেন বোধ হʼব পাৰে। কিন্তু ২ পিতৰ ৩:১১ পদৰ অনুসাৰে খ্ৰীষ্টানসকলক “ঈশ্বৰৰ সেই দিনৰ আগমনৰ অপেক্ষা আৰু আকাঙ্ক্ষা কৰি” থাকিবলৈ উৎসাহিত কৰা হৈছে। যিহেতু বহুতে সেই ‘দিনৰ’ বাবে অনেক বছৰ, শতাব্দী ধৰি অপেক্ষা কৰি আহিছে। ফলস্বৰূপে, কিছুমানে অপেক্ষা কৰিবলগীয়া হোৱাত নিৰুৎসাহিত হৈ ইয়াৰ প্ৰতি থকা গুৰুত্বতাক হেৰুৱাব পাৰে।

১২ এই সম্পৰ্কে আকৌ এবাৰ অব্ৰাহামৰ উদাহৰণক বিবেচনা কৰক। যদিও যিহোৱাই কৰা প্ৰতিজ্ঞা তেওঁৰ জীৱন কালত পূৰ্ণ হোৱাৰ কোনো সম্ভৱনা নাছিল, তথাপিও তেওঁ যিহোৱাৰ প্ৰতিজ্ঞাৰ ওপৰত নিৰ্ভৰ কৰি গোটেই জীৱন অতিবাহিত কৰিলে। প্ৰকৃততে, তেওঁ নিজৰ পুত্ৰ ইচ্‌হাক ডাঙৰ হোৱালৈকে জীয়াই আছিল। কিন্তু তেওঁৰ বংশ “আকাশৰ তৰাবোৰৰ আৰু সাগৰৰ তিৰত থকা বালিৰ দৰে” হʼবলৈ তেতিয়াও বহু শতাব্দী বাকী আছিল। (আদিপুস্তক ২২:১৭) ইয়াকে দেখি অব্ৰাহাম নিৰুৎসাহিত বা বিৰক্ত অনুভৱ কৰা নাছিল। এই সম্পৰ্কে পাঁচনি পৌলে অব্ৰাহাম আৰু আন আন বিশ্বাসী ব্যক্তিসকলৰ বিষয়ে এইদৰে কৈছিল: “সেই সকলো বিশ্বাসত মৰিল; তেওঁবিলাকে প্ৰতিজ্ঞাবোৰৰ ফল নাপালে; কিন্তু দূৰৈতে সেইবোৰক দেখি নমস্কাৰ কৰিছিল; আৰু নিজে যে পৃথিবীত বিদেশী আৰু প্ৰবাসী, তাক স্বীকাৰ কৰিছিল।”—ইব্ৰী ১১:১৩.

১৩. (ক) বৰ্তমান সময়ৰ খ্ৰীষ্টানসকলক কিয় “প্ৰবাসী” সৈতে তুলনা কৰা হৈছে? (খ) যিহোৱাই এই ৰীতি-ব্যৱস্থাক কিয় ধ্বংস কৰিব?

১৩ অব্ৰাহামে, “দূৰ” ভৱিষ্যতে পূৰ হবলগীয়া ঈশ্বৰৰ প্ৰতিজ্ঞাত নিৰ্ভৰ কৰি নিজৰ সম্পূৰ্ণ জীৱন কটালে। বৰ্তমান সময়ত সেই প্ৰতিজ্ঞাৰ পূৰ্ণতাৰ সময় একেবাৰে কাষ চাপি আহিল, গতিকে আমি সেই প্ৰতিজ্ঞাসমূহৰ ওপৰত তেওঁতকৈ অধিক ভৰসা কৰাটো উচিত নহবনে বাৰু! আমিও অব্ৰাহামৰ দৰে চয়তানৰ এই জগতত নিজকে “প্ৰবাসী” বুলি ভাবি লাহ-বিলাসৰ জীৱন নিৰ্বাহ কৰাৰ পৰা আঁতৰি থকা আৱশ্যক। প্ৰকৃততে আমাৰ সকলোৱে বিচাৰে যে শীঘ্ৰেই এই “সকলোৰ শেষ ওচৰ” চাপক। (১ পিতৰ ৪:৭) তেনে বিচাৰাৰ কাৰণ হৈছে, হয়তো আমি গম্ভীৰ ৰোগত ভোগীছোঁ বা গভীৰভাৱে আৰ্থিক সমস্যাৰ সম্মুখীন হৈছোঁ। গতিকে আমি মনত ৰখা উচিত যে যিহোৱাই কেৱল আমাক তেনেধৰণৰ পৰিস্থিতিৰ পৰাই মুক্ত কৰিব এনে নহয়, কিন্তু তাৰ সৈতে তেওঁ নিজৰ নামো পবিত্ৰকৃত কৰিব। (যিহিষ্কেল ৩৬:২৩; মথি ৬:৯, ১০) সেই ধ্বংস অৱশ্যেই হʼব কিন্তু আমি বিচাৰা অনুসাৰে নহয়, যিহোৱাই নিজৰ উদ্দেশ্য অনুসৰি তাক আনিব।

১৪. ঈশ্বৰে দেখুৱা দীৰ্ঘ-সষ্ণুতা, খ্ৰীষ্টানসকলৰ বাবে কেনেকৈ লাভজনক?

১৪ এইটো মনত ৰাখক যে “প্ৰভুৱে নিজ প্ৰতিজ্ঞাৰ কথাত তেনে পলম নকৰে; কোনো যেন বিনষ্ট নহয়, কিন্তু সকলো যেন মন-পালটনত প্ৰবৃত্ত হয়, তেওঁ এনে ইচ্ছা কৰি, তোমালোকলৈ দীৰ্ঘ-সহিষ্ণু হয়।” (২ পিতৰ ৩:৯) মনকৰক যে ঈশ্বৰে আপোনাৰ আৰু খ্ৰীষ্টান মণ্ডলীৰ সদস্যসকলৰ প্ৰতি “দীৰ্ঘ-সহিষ্ণু।” স্পষ্টৰূপে আমাৰ মাজত থকা কিছুমানক “তেওঁৰ আগত নিষ্কলঙ্ক আৰু নিৰ্দ্দোষী হৈ” থিয় দিবলৈ পৰিৱৰ্তন আৰু সাল-সলনি কৰিবলৈ অধিক সময়ৰ আৱশ্যক। (২ পিতৰ ৩:১৪) ঈশ্বৰে আমালৈ “দীৰ্ঘ-সহিষ্ণু” হোৱাৰ বাবে আমি তেওঁৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰা উচিত নহয়নে?

প্ৰতিৰোধ হোৱাৰ স্বত্ত্বেও আনন্দ বজাই ৰাখা

১৫. পৰীক্ষা আৰু অত্যাচাৰৰ সম্মুখীন হোৱাৰ স্বত্ত্বেও যীচুৱে কেনেকৈ নিজৰ আনন্দ বজাই ৰাখিব পাৰিলে আৰু তেওঁৰ আৰ্হিক অনুকৰণ কৰি বৰ্তমান সময়ৰ খ্ৰীষ্টানসকলে কেনেকৈ লাভবান হʼব পাৰে?

১৫ বৰ্তমান সময়ৰ খ্ৰীষ্টানসকলে অব্ৰাহামৰ আৰ্হিৰ পৰা বহু শিক্ষা লাভ কৰিব পাৰে। কিয়নো তেওঁ বিশ্বাসী হোৱাৰ ওপৰিও ধৈৰ্য্যশীল, সাহসী, বুদ্ধিয়ক আৰু নিস্বাৰ্থপৰ আছিল। তদুপৰি, তেওঁ যিহোৱাৰ উপাসনাক নিজৰ জীৱনত প্ৰথম স্থান দিছিল। এই ক্ষেত্ৰত আমি সকলোতকৈ উত্তম উদাহৰণ ৰখা ব্যক্তি অৰ্থাৎ যীচুৰ বিষয়ে স্মৰণ কৰিব পাৰোঁ। কিয়নো তেৱোঁ বহুতো পৰীক্ষা আৰু অত্যাচাৰৰ সম্মুখীন হোৱাৰ স্বত্ত্বেও নিজৰ আনন্দ হেৰুৱা নাছিল। কেনেকৈ তেওঁ নিজৰ আনন্দ বজাই ৰাখিব পাৰিলে? কিয়নো তেওঁ ভৱিষ্যতৰ আশাৰ প্ৰতি নিজৰ ধ্যান কেন্দ্ৰিত কৰিছিল। (ইব্ৰী ১২:২, ৩) সেইবাবে পাঁচনি পৌলে এইদৰে প্ৰাৰ্থনা কৰিছিল: “তোমালোকে এক মনেৰে এক মুখেৰে আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ পিতৃ ঈশ্বৰক গৌৰাৱান্বিত কৰিবা।” (ৰোমীয়া ১৫:৫) আমিও তেনেধৰণৰ সঠিক মনোবৃত্তি ৰাখি চয়তানৰ পৰা অহা সকলো প্ৰকাৰৰ বাধাবোৰত আনন্দেৰে সম্মুখীন হʼব পাৰিম।

১৬. যেতিয়া সমস্যাৰ কোনো অন্ত নোহোৱা যেন বোধ হয় তেতিয়া আমি কি কৰিব পাৰোঁ?

১৬ যেতিয়া সমস্যাৰ কোনো অন্ত নোহোৱা যেন বোধ হয়, তেতিয়া এটা কথা মনত ৰখা উচিত যে যিহোৱাই অব্ৰাহামক প্ৰেম কৰিছিল আৰু তেওঁ আপোনাকো প্ৰেম কৰে। গতিকে তেওঁ বিচাৰে যে আমি সমস্যাবোৰৰ সৈতে সফলতাৰে সম্মুখীন হোৱাতো। (ফিলিপীয়া ১:৬) আপুনি সম্পূৰ্ণ মনেৰে তেওঁক ভাৰসা কৰক আৰু নিশ্চিত হওঁক যে তেওঁ আপোনালৈ “শক্তিৰ অতিৰিক্ত পৰীক্ষা ঘটিবলৈ নিদিব; কিন্তু যাতে তোমালোকে সহিব পাৰিবা, তাৰ কাৰণে পৰীক্ষাই সৈতে সাৰিবৰ উপায়ো কৰিব।” (১ কৰিন্থীয়া ১০:১৩) প্ৰত্যেকদিনা ঈশ্বৰৰ বাক্য পঢ়াতো নিজৰ অভ্যাসত পৰিণত কৰক। (গীতমালা ১:২) ধৈৰ্য্যশীল হʼবলৈ প্ৰাৰ্থনাৰ যোগেদি একেৰাহে যিহোৱাৰ পৰা সহায় বিচাৰক। (ফিলিপীয়া ৪:৬) কিয়নো ঈশ্বৰে “তেওঁত খোজাবিলাকক পবিত্ৰ আত্মা” প্ৰদান কৰে। (লূক ১১:১৩) যিহোৱাই বাইবেল আধাৰিত সাহিত্যবোৰৰ যোগেদি প্ৰচুৰমাত্ৰাত আধ্যাত্মিক আহাৰৰ যোগান ধৰিছে। সেই আহাৰ গ্ৰহণ কৰি আপুনি সম্পূৰ্ণকৈ আধ্যাত্মিকৰূপে শক্তিশালী হওঁক। তদুপৰি আপুনি মণ্ডলীত থকা ভাই-ভনীসকলৰ পৰা সহায় বিচাৰক। (১ পিতৰ ২:১৭) আপুনি নিয়মিতৰূপে সভাবোৰত উপস্থিত হোৱাৰ দ্বাৰা পৰীক্ষাবোৰত সফলতাৰে সম্মুখীন হবলৈ উৎসাহিত হʼব। (ইব্ৰী ১০:২৪, ২৫) ইয়াকে জানি আনন্দিত হওঁক যে আপোনাৰ ধৈৰ্য্য আৰু নিষ্ঠাই যিহোৱাৰ অনুমোদন আৰু তেওঁৰ মনক আনন্দিত কৰিবলৈ পৰিচালিত কৰিব!—হিতোপদেশ ২৭:১১; ৰোমীয়া ৫:৩-৫.

১৭. খ্ৰীষ্টানসকলে নিৰাশ হৈ সৎকৰ্ম্ম কৰিবলৈ এৰি দিয়াতো কিয় উচিত নহয়?

১৭ ঈশ্বৰে অব্ৰাহামক নিজৰ “মিতিৰ” দৰে প্ৰেম কৰিছিল। (যাকোব ২:২৩) তথাপিও তেওঁৰ জীৱনলৈ এটা পাছত আনটো পৰীক্ষা আৰু অত্যাচাৰ আহিছিল। সেয়েহে, এই “শেষকালত” খ্ৰীষ্টানসকলে তাতকৈ অধিক সমস্যাৰ সম্মুখীন হোৱাৰ বাবে অপেক্ষা কৰিব পাৰে। দৰাচলতে বাইবেলে আমাক সতৰ্ক কৰি এইদৰে কৈছে যে “দুষ্ট আৰু প্ৰবঞ্চকবিলাকে লোকৰ ভ্ৰান্তি জন্মাই আৰু নিজেও ভ্ৰান্ত হৈ, অধিক অধিককৈ মন্দ হৈ যাব।” (২ তীমথিয় ৩:১, ১৩) সেইবাবে আমি নিৰাশ হৈ পৰাৰ পৰিৱৰ্ত্তে এইটো মনত ৰখা উচিত যে চয়তানৰ এই ৰীতি-ব্যৱস্থাৰ ধ্বংস একেবাৰে কাষ চাপি আহিল। যীচুৱেও আমাক সোঁৱৰাই দি এইদৰে কৈছিল যে “যি জনে শেষলৈকে সহি থাকে, সেই জনেই পৰিত্ৰাণ পাব।” (মথি ২৪:১৩) সেইহেতুকে আপুনি ‘সৎকৰ্ম্ম কৰিবলৈ এৰি নিদিব!’ আপুনি অব্ৰাহাম আৰু আন-আন বিশ্বাসী লোকসকলৰ আৰ্হিক অনুকৰণ কৰক, কিয়নো তেওঁলোকে “বিশ্বাস আৰু চিৰসহিষ্ণুতাৰ দ্বাৰাই প্ৰতিজ্ঞাবোৰৰ উত্তৰাধিকাৰী হল।”—ইব্ৰী ৬:১২. (w01 8/15)

আপুনি কেনেদৰে উত্তৰ দিব?

• বৰ্তমান সময়ৰ যিহোৱাৰ লোকসকলে কিয় পৰীক্ষাত সম্মুখীন হোৱাৰ বাবে অপেক্ষা কৰিব পাৰে?

• চয়তানে কেনেকৈ সম্মুখবৰ্তী আক্ৰমণ কৰে?

• খ্ৰীষ্টাসকলৰ মাজত থকা ব্যক্তিগত বিবাদবোৰ কেনেকৈ সমাধান কৰিব পাৰি?

• আত্মমৰ্য্যাদা আৰু অহঙ্কাৰে কেনেকৈ সমস্যাৰ সৃষ্টি কৰিব পাৰে?

• অব্ৰাহামে কেনেকৈ ঈশ্বৰৰ প্ৰতিজ্ঞাসমূহৰ পূৰ্ণতালৈ অপেক্ষা কৰি এক উত্তম আৰ্হি প্ৰস্তুত কৰিলে?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[৩১ পৃষ্ঠাৰ ছবি]

অব্ৰাহামে, “দূৰ” ভৱিষ্যতে পূৰ হবলগীয়া ঈশ্বৰৰ প্ৰতিজ্ঞাত নিৰ্ভৰ কৰি নিজৰ সম্পূৰ্ণ জীৱন কটালে