আপুনি কৃতজ্ঞ আৰু আনন্দিত হওঁক
আপুনি কৃতজ্ঞ আৰু আনন্দিত হওঁক
এখন কানাডিয়ান বাতৰিকাকত, ক্লেগেৰী হেৰাল্ড্ত এইদৰে কোৱা হৈছিল যে, “মানুহে কৃতজ্ঞ হোৱাটো হৈছে, আবেগিক হোৱাৰ এক মুখ্য অনুভৱ।” হেৰাল্ডে এই কথাফাঁকি, এখন প্ৰাথমিক বিদ্যালয়ৰ কিছুমান ন-বছৰীয়া ছাত্ৰ-ছাত্ৰীক তেওঁলোকৰ শিক্ষকে কৃতজ্ঞতা হোৱাৰ বিষয়ে লিখিবলৈ কোৱা লিখনিৰ পৰা তুলি লৈছিল। এজন ছাত্ৰই এইদৰে কৈছিল যে ‘তেওঁৰ পৰিয়ালে তেওঁক ভালদৰে চোৱা-চিতা কৰাৰ’ বাবে তেওঁ কৃতজ্ঞতা জ্ঞাপন কৰিছে। এজনী ছাত্ৰীয়েও কৃতজ্ঞতা প্ৰকাশ কৰি কয় যে, “তেওঁলোকে মোক সুৰক্ষা প্ৰদান কৰিছে, সুস্থ কৰি ৰাখিছে, চোৱা-চিতা কৰিছে, খাবলৈ আহাৰ যোগান ধৰিছে, স্নেহ কৰিছে আৰু মোৰ মা-দেউতাই তেনেদৰে নকৰাহʼলে মই জীয়াই থাকিব নোৱাৰিলোঁহেঁতেন।”
প্ৰকৃততে অকৃতজ্ঞতাই স্থায়ী অসন্তুষ্টিলৈ পৰিচালিত কৰে। এই সন্দৰ্ভত দাৰ্শনিক আৰু ধৰ্ম্মতত্ত্ববিদ জে. আই. পেকাৰে এইদৰে কয় যে, “আমাক, ঈশ্বৰ আৰু ইজনে-সিজনৰ অন্তৰঙ্গতাৰ ওপৰত নিৰ্ভশীল হৈ জীয়াই থাকিবলৈ সৃষ্টি কৰা হৈছে।” এই বাক্যশাৰীয়ে আমাক বহু শতাব্দীৰ আগেয়ে বাইবেলত উল্লেখ কৰা এক বুদ্ধিমান পৰামৰ্শৰ বিষয়ে সোঁৱৰাই দিয়ে। যʼত এইদৰে কোৱা হৈছিল: “তোমালোক . . . কৃতজ্ঞ হোৱা।” (কলচীয়া ৩:১৫) আনে কৰা সহায়ৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰাৰ যোগেদি এক নিবিড় সম্বন্ধ গঢ়ি তুলিব পাৰি।
তদুপৰি, এজনে আনজনৰ প্ৰতি মূল্যাঙ্কণ আৰু কৃতজ্ঞতা জ্ঞাপন কৰাৰ যোগেদি প্ৰকাশ কৰোঁ যে আমি যিহোৱাৰ প্ৰতি কৃতজ্ঞ হৈছোঁ আৰু তেওঁ আমাৰ কাৰ্য্যক লক্ষ্য কৰে। কিয়নো বাইবেলে এইদৰে কৈছে: “যিহোৱালৈ যিবিলাকৰ মন সিদ্ধ, সিবিলাকৰ পক্ষে নিজকে বলৱান দেখুৱাবৰ নিমিত্তে, তেওঁৰ চকু পৃথিবীৰ চাৰিওফালে ভ্ৰমণ কৰে।” (২ বংশাৱলি ১৬:৯) গতিকে যিসকলে তেওঁৰ নামক প্ৰেম কৰে, ঈশ্বৰে আশ্বাস দিছে যে তেওঁ তেওঁলোকক কেতিয়াও নাপাহৰে আৰু তেৱোঁ তেওঁলোকক প্ৰেম কৰে। (ইব্ৰী ৬:১০) অৱশ্যেই কৃতজ্ঞ হোৱাৰ বাবে আমাৰ ওচৰত উপযুক্ত কাৰণ আছে, কিয়নো যিহোৱাই প্ৰদান কৰা গুণসমূহক নিতৌ প্ৰতিফলিত কৰাৰ যোগেদি তেওঁৰ মন প্ৰফুল্লিত হʼব আৰু আমিও সুখী হʼব পাৰোঁ। এই সম্বন্ধে হিতোপদেশ ১৫:১৩ পদত এইদৰে কোৱা হৈছে: “আনন্দিত মনে মুখ প্ৰফুল্লিত কৰে।” (w01 9/1)