Skip to content

Skip to table of contents

চয়তান কোনো অন্ধবিশ্বাস নহয়

চয়তান কোনো অন্ধবিশ্বাস নহয়

চয়তান কোনো অন্ধবিশ্বাস নহয়

“বাইবেলত পোৱা নতুন নিয়মৰ প্ৰত্যকটো ভাগেই ঈশ্বৰৰ ভাল কাৰ্য্য আৰু চয়তানে পৰিচালনা কৰা বেয়া কাৰ্য্যসমূহৰ মাজত থকা বৃহত প্ৰাৰ্থক্যসমূহক বৰ্ণনা কৰিছে। এই পাৰ্থক্য নতুন নিয়মক লিখা এজন বা দুজন লিখকৰ লিখনিতেহে মাথোন প্ৰকাশ পাইছে এনে নহয়, সাধাৰণতে . . . নতুন নিয়মৰ সকলো প্ৰমাণসমূহে স্পষ্টকৈ এই পাৰ্থ্যক্যতাৰ সপক্ষে প্ৰমাণ দাঙি ধৰিছে। চয়তান হৈছে এজন বাস্তৱিক ব্যক্তি আৰু সদায়ে ঈশ্বৰ আৰু তেওঁৰ সেৱকসকলৰ বিৰোধী হিচাপে থিয় হয়।”—“দ্যা নিউ বাইবেল ডিক্সেনেৰী।”

 তেতিয়াহʼলে যিসকলে তথা-কথিত খ্ৰীষ্টান আৰু বাইবেলক বিশ্বাস কৰা বুলি দাবী কৰে, তেওঁলোকে দিয়াবল অৰ্থাৎ চয়তানক বাস্তৱিক ব্যক্তি বুলি কিয় স্বীকাৰ নকৰে? বাস্তৱতে, তেওঁলোকে বাইবেলক ঈশ্বৰৰ বাক্য বুলি স্বীকাৰ কৰিবলৈ অগ্ৰাহ্য কৰে। (যিৰিমিয়া ৮:৯) বাইবেলৰ লিখকসকলৰ সম্পৰ্কে তেওঁলোকে এইদৰে কয় যে, আচলতে সেই লিখকসকলে ঈশ্বৰৰ সত্যক প্ৰকাশ কৰাৰ পৰিৱৰ্তে তেওঁলোকৰ চাৰিওফালে থকা দৰ্শনশাস্ত্ৰক প্ৰকাশ কৰিলে। উদাহৰণস্বৰূপে, অন বিয়িং এ খ্ৰীষ্টান নামৰ প্ৰকাশনত ধৰ্ম্মতত্ত্ববিদ হন্স্‌ কুৱেনে এইদৰে লিখিছিল: “প্ৰাচীন সময়ৰ ইহুদীধৰ্ম্মত চয়তান আৰু ইয়াৰ পিশাচসমূহৰ কাল্পনিক বিচাৰধাৰাবোৰ . . . বাবীলৰ পৌৰাণিক কথাৰ পৰা আহিছিল আৰু পিছলৈ এই ভাৱধাৰাবোৰ বাইবেলত পোৱা নতুন নিময়ত অন্তৰ্ভূক্ত কৰা হয়।”

কিন্তু বাইবেলখন কেৱল সাধাৰণ মানুহে লিখা বাক্য নহয়; এইখন সঁচাকৈ হৈছে ঈশ্বৰৰ প্ৰেৰিত বাক্য। সেইবাবে ইয়াত চয়তানৰ বিষয়ে যি কোৱা হৈছে তাক গভীৰতাৰে বিবেচনা কৰাতোঁ উত্তম হʼব।—২ তীমথিয় ৩:১৪-১৭; ২ পিতৰ ১:২০, ২১.

যীচুৱে চয়তানৰ সম্পৰ্কে কি বিশ্বাস কৰিছিল?

যীচুৱে বিশ্বাস কৰিছিল যে চয়তান হৈছে এজন বাস্তৱিক ব্যক্তি। যীচুৱে তেওঁৰ ভিতৰত থকা কোনো ব্যক্তিৰ দ্বাৰা পৰীক্ষিত হোৱা নাছিল। আচলতে তেওঁক এজন বাস্তৱ ব্যক্তিয়ে আক্ৰমণ কৰিছিল, যিজনক এই “জগতৰ অধিপতি” বুলি কোৱা হয়। (যোহন ১৪:৩০; মথি ৪:১-১১) যীচুৱে বিশ্বাস কৰিছিল যে চয়তানৰ দুষ্ট কাৰ্য্যসমূহত আন আত্মিক প্ৰাণীবোৰেও সহযোগ কৰে। সেইবাবে যীচুৱে “ভূতে পোৱা” ব্যক্তিসকলক সুস্থ কৰিছিল। (মথি ১২:২২-২৮) তদুপৰি, এ ৰেচনেলষ্টি এনচাইক্লোপেডিয়া নামৰ এখন নাস্তিকবাদী আলোচনীয়ে এইদৰে কয়: “যীচু আৰু তেওঁৰ শিষ্যসকলে দিয়াবল অৰ্থাৎ চয়তানৰ অস্তিত্বক কেনেকৈ স্বীকাৰ কৰিলে, এই বিষয়ে ভাবি ধৰ্ম্মতত্ত্ববিদসকলে প্ৰায়ে বিমোৰত পৰে।” যেতিয়া যীচুৱে চয়তান আৰু তাৰ পিশাচবোৰৰ বিষয়ে উল্লেখ কৰিছিল, তেতিয়া তেওঁ বাবিলৰ পৌৰাণিক শিক্ষাৰ পৰা অহা অন্ধবিশ্বাসৰ বিষয়ে উল্লেখ কৰা নাছিল। দৰাচলতে যীচুৱে জানিছিল যে সেইবোৰ বাস্তৱতে অস্তিত্বত আছে।

যীচুৱে তেওঁৰ সময়ত থকা ধৰ্ম্মগুৰুসকলক উদ্দেশ্য কৰি চয়তানৰ বিষয়ে কোৱা কথাশাৰীক বিবেচনা কৰাৰ যোগেদি আমি দিয়াবল অৰ্থাৎ চয়তানৰ বিষয়ে বহু কিছু শিকিব পাৰোঁ। যীচুৱে ধৰ্ম্মগুৰুসকলক এইদৰে কৈছিল: “তোমালোকৰ পিতৃ চয়তানৰ পৰাহে তোমালোক হলা; আৰু তোমালোকৰ সেই পিতৃৰ অভিলাষ পূৰ কৰিবলৈহে ইচ্ছা কৰা। সি আদিৰে পৰা নৰ-বধী, আৰু সত্যত নাথাকে; কিয়নো তাত সত্য নাই। সি যেতিয়া মিছা কয়, তেতিয়া নিজৰ পৰাহে কয়; কিয়নো সি মিছলীয়া, আৰু তাৰ বাপেক।”—যোহন ৮:৪৪.

উল্লেখ কৰা শাস্ত্ৰপদৰ অনুসাৰে গ্ৰীক ভাষাত দিয়াবল শব্দৰ মুল অৰ্থ হৈছে “প্ৰবঞ্চক” অৰ্থাৎ “মিছলীয়া, আৰু তাৰ বাপেক।” ঈশ্বৰে সৃষ্টি কৰা আত্মিক প্ৰাণীসকলৰ ভিতৰত তেওঁৱেই প্ৰথম ব্যক্তি আছিল যিজনে এদন বাগিছাত মিছা মাতিছিল। কিয়নো এদন বাগিছাত যিহোৱাই আমাৰ প্ৰথম মানৱ পিতৃ-মাতৃ অৰ্থাৎ আদম আৰু হৱাক কৈছিল যে, তেওঁলোকে যি দিনাই ভাল-বেয়া জ্ঞান দিওঁতা ফলটো খাব, সেই দিনাই তেওঁলোকে ‘অৱশ্যে মৰিব।’ কিন্তু চয়তানে সৰ্পৰ যোগেদি আদম আৰু হৱাক কʼলে যে দৰাচলতে ঈশ্বৰে কোৱা সেই কথা সঁচা নহয়। (আদিপুস্তক ২:১৭; ৩:৪) সেইবাবে চয়তানক উপযুক্তভাৱে পুৰণি সাপ বুলি কোৱা হয়।—প্ৰকাশিত বাক্য ১২:৯.

দিয়াবল অৰ্থাৎ চয়তানে ভাল-বেয়া জ্ঞান দিওঁতা বৃক্ষৰ বিষয়ে মিছা মাতিলে। ঈশ্বৰে যি বৃক্ষৰ ফল খাবলৈ বাধা দিছিল, সেই সম্পৰ্কে চয়তানে বাদ-বিবাদ কৰি কৈছিল আচলতে তেনে কৰাটো যিহোৱাৰ বাবে উপযুক্ত নাছিল; তদুপৰি চয়তানে অভিযোগ কৰি কৈছিল যে ঈশ্বৰে নিজৰ শক্তিক অপব্যৱহাৰ কৰিছে। আদম আৰু হৱাক চয়তানে কʼলে যে দৰাচলতে তেওঁলোকে সেই ফল খাই “ঈশ্বৰৰ নিচিনা ভাল বেয়া জানোতা” হৈ নিজেই ভাল-বেয়া নিৰ্ণয় লʼব পাৰিব। এইদৰে চয়তানে তেওঁলোকৰ সম্মুখত স্বাধীন নৈতিক ইচ্ছা অৰ্থাৎ সম্পূৰ্ণ নিজস্বকৈ নিৰ্ণয় লোৱাৰ বিষয়ে দাঙি ধৰিলে। (আদিপুস্তক ৩:১-৫) এইদৰে চয়তানে পোনপটীয়াকৈ ঈশ্বৰৰ তেওঁৰ ধাৰ্ম্মিক শাসনৰ ওপৰত এক গুৰুত্বপূৰ্ণ প্ৰশ্ন দাঙি ধৰিলে। সেইকাৰণে যিহোৱা ঈশ্বৰে সেই গুৰুত্বপূৰ্ণ প্ৰশ্নটোক সমাধান কৰিবলৈ সময়ৰ অনুমতি দিলে। ইয়াৰ অৰ্থ হৈছে চয়তানক কিছুসময়ৰ বাবে জীয়াই থাকিবলৈ অনুমতি দিলে। এতিয়া চয়তানৰ সময় একেবাৰে কমি আহিছে। (প্ৰকাশিত বাক্য ১২:১২) তথাপিও চয়তানে মিছা কৈ মানৱজাতিক ঈশ্বৰৰ বিমুখে পৰিচালনা কৰিবলৈ একেৰাহে চেষ্টা চলাই আহিছে। উদাহৰণস্বৰূপে, চয়তানে নিজৰ শিক্ষাক বিস্তাৰিত কৰিবলৈ যীচুৰ সময়ত অধ্যাপক আৰু ফৰীচীসকলক ব্যৱহাৰ কৰিছিল।—মথি ২৩:১৩, ১৫.

যীচুৱে এইদৰেও কৈছিল যে, দিয়াবল হৈছে “আদিৰে পৰা নৰ-বধী” আৰু সি “সত্যত নাথাকে।” ইয়াৰ অৰ্থ এইটো নহয় যে যিহোৱাই চয়তানক “নৰ-বধী” কৰি সৃষ্টি কৰিছিল। তদুপৰি, যিসকলে ঈশ্বৰৰ বিৰোধ কৰে তেওঁলোকক নৰকত যাতনা দিবলৈ ঈশ্বৰে কোনো কুৎসিতকাৰ প্ৰাণীৰ সৃষ্টি কৰা নাছিল। বাইবেলত উল্লেখ কৰা “নৰক” চয়তানৰ বাসস্থান নহয়। এইটো হৈছে মানৱজাতিৰ সাধাৰণ কবৰ।—পাঁচনিৰ কৰ্ম্ম ২:২৫-২৭; প্ৰকাশিত বাক্য ২০:১৩, ১৪.

আৰম্ভণীতে দিয়াবল অৰ্থাৎ চয়তান “সত্যত” আছিল। তেওঁ যিহোৱাৰ স্বৰ্গীয় পৰিয়ালত ঈশ্বৰৰ এজন সিদ্ধ আত্মিক পুত্ৰ হিচাপে আছিল। কিন্তু সি ‘সত্যত নাথাকিল।’ সি নিজেই মিছা কোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰি নিজৰ বাবে পথ যুগুত কৰিলে। ‘আদিতে সি’ ঈশ্বৰৰ আত্মিক পুত্ৰ অৰ্থাৎ স্বৰ্গদূত হিচাপে স্বৰ্গত আছিল। কিন্তু নিজেই স্বইচ্ছাৰে যিহোৱাৰ বিৰোধ কৰিলে, আদম আৰু হৱাকো মিছা কʼলে। মোচিৰ সময়তো চয়তানে তেনেবোৰ লোকক পছন্দ কৰিছিল যিসকলে যিহোৱাৰ বিৰুদ্ধে থিয় হৈছিল। তেওঁলোকৰ বিষয়ে আমি এইদৰে পঢ়িবলৈ পাওঁ: “ইবিলাক তেওঁৰ বিৰুদ্ধে ভ্ৰষ্টাচাৰী লোক; ইবিলাক তেওঁৰ সন্তান নহয়, এয়েই তেওঁবিলাকৰ কলঙ্ক; ইবিলাক বিপথগামী আৰু কুটীল বংশ।” (দ্বিতীয় বিবৰণ ৩২:৫) একেইদৰে আমি চয়তানকো কʼব পাৰোঁ। যেতিয়া সি কৰা বিৰোধীতাই আদম, হৱা আৰু তেওঁলোকৰ সমস্ত সন্তান-সন্ততিলৈ মৃত্যু কঢ়িয়াই আনিলে, তেতিয়া সি “নৰ-বধী” হৈ পৰিল।—ৰোমীয়া ৫:১২.

অৱজ্ঞাকাৰী স্বৰ্গদূতসকল

আন আন স্বৰ্গদূসকলে ঈশ্বৰৰ বিৰোধ কৰি চয়তানৰ সৈতে যোগ দিলে। (লূক ১১:১৪, ১৫) এই স্বৰ্গদূতবিলাকে “নিজ বাসস্থান ত্যাগ কৰিলে,” আৰু নুহৰ দিনত ‘মানুহৰ জীয়াৰীবোৰৰ’ সৈতে যৌন সম্বন্ধ উপভোগ কৰিবলৈ মানৱৰূপ ধাৰণ কৰিছিল। (যিহূদা ৬; আদিপুস্তক ৬:১-৪; ১ পিতৰ ৩:১৯, ২০) এইদৰে চয়তানে “আকাশৰ তৰাবোৰৰ তিনি ভাগৰ এভাগ” অৰ্থাৎ অলপ সংখ্যক স্বৰ্গদূতক নিজৰ সৈতে যোগ কৰিলে।—প্ৰকাশিত বাক্য ১২:৪.

বৃহতভাৱে সাঙ্কেতিক অৰ্থত লিখা প্ৰকাশিত বাক্য নামৰ কিতাপখনত চয়তানক “এটা ৰঙা বৰ নাগ” বুলি বৰ্ণনা কৰিছে। (প্ৰকাশিত বাক্য ১২:৩) কিয় তেনেদৰে বৰ্ণনা কৰিছে? ইয়াৰ অৰ্থ এইটো নহয় যে চয়তানৰ বাস্তৱতে এটা কদাকাৰ শৰীৰ আছে। আচলতে আমি নাজানোঁ যে আত্মিক প্ৰাণীৰ দেহৰ গঠন কেনেকুৱা। এই ক্ষেত্ৰত চয়তান আন স্বৰ্গদূতসকলতকৈ পৃথক নহয়। যিহেতু চয়তানক “এটা ৰঙা বৰ নাগ” বুলি কোৱাটো এইবাবে উপযুক্ত হʼব, কিয়নো সি হৈছে হিংস্ৰ, ভয়লগা, শক্তিশালী আৰু ধ্বংসকাৰী আত্মিক প্ৰাণী।

ঈশ্বৰে চয়তান আৰু পিশাচবিলাকক কটকটীয়াকৈ সীমাবদ্ধ কৰি ৰাখিলে। সেয়েহে তেওঁলোকে নুহৰ সময়ত মানুহৰ ৰূপ ধাৰণ কৰাৰ দৰে পুনৰ কোনো ৰূপ ধাৰণ কৰিব নোৱাৰে। ১৯১৪ চনত স্বৰ্গত ঈশ্বৰৰ ৰাজ্য স্থাপন হোৱাৰ লগে লগেই যীচুৱে তেওঁলোকক স্বৰ্গৰ পৰা বহিষ্কাৰ কৰি পৃথিৱীলৈ পেলাই দিলে।—প্ৰকাশিত বাক্য ১২:৭-৯.

চয়তান হৈছে এজন ঘোৰ শত্ৰু

চয়তান হৈছে ঈশ্বৰৰ এজন ঘোৰ শত্ৰু। সেইবাবে সি “গুজৰি থকা সিংহৰ দৰে . . . কাক কেনেকৈ গ্ৰাস কৰিব পাৰিব, তাৰ উপায় বিচাৰি ফুৰিছে।” (১ পিতৰ ৫:৮) সি আমাৰ অসিদ্ধ শৰীৰত বাস কৰা কোনো নিৰ্দিষ্ট ৰূপ নোহোৱা দুষ্ট বিচাৰধাৰাসমূহ নহয়। এইটো সঁচা যে আমি সদায়েই আমাৰ পাপী মনোবৃত্তিবোৰৰ বিপক্ষে যুদ্ধ কৰিবলগীয়া হয়। (ৰোমীয়া ৭:১৮-২০) আচলতে আমাৰ সেই যুদ্ধ “এই আন্ধকাৰৰ জগতপতি আৰু স্বৰ্গীয় ঠাইবোৰত দুষ্টতাৰ আত্মিক দলবোৰৰ সৈতে হৈছে।”—ইফিচীয়া ৬:১২.

চয়তানে কিমানলৈকে তাৰ সাম্ৰাজ্য বিস্তাৰিত কৰিলে? এই বিষয়ে পাঁচনি যোহনে এইদৰে কৈছে যে, ‘গোটেই জগত পাপ-আত্মাৰ অধীনত আছে।’ (১ যোহন ৫:১৯) এইটো সঁচা যে আমি কেতিয়াও চয়তানৰ দ্বাৰা হাইৰাণ হʼবলৈ অথবা তেওঁৰ প্ৰতি থকা অন্ধবিশ্বাসবোৰৰ ভয়ত অকামিলা হʼব নিবিচাৰোঁ। গতিকে চয়তানে সত্যৰ প্ৰতি আমাক অন্ধ আৰু ঈশ্বৰৰ প্ৰতি থকা আমাৰ অখণ্ডতাক ভঙ্গ কৰা প্ৰচেষ্টাত সফল নহবলৈ আমি সদায়ে সতৰ্ক হৈ থকাতো বুদ্ধিমানৰ কাৰ্য্য হʼব।—ইয়োব ২:৩-৫; ২ কৰিন্থীয়া ৪:৩, ৪.

যিসকলে ঈশ্বৰৰ ইচ্ছাৰ অনুসাৰে চলে, তেওঁলোকক যে চয়তানে সদায়ে অমানুষিকভাৱে অত্যাচাৰ কৰে এনে নহয়। কোনো কোনো সময়ত চয়তানে নিজেই “দীপ্তিময় দূতৰ বেশ ধৰে।” সেইহেতুকে পাঁচনি পৌলে খ্ৰীষ্টানসকলক এই বিপদৰ সম্পৰ্কে সতৰ্ক কৰি এইদৰে লিখিছিল: “সেই সৰ্পে যেনেকৈ তাৰ ধুৰ্ত্ততাৰে হৱাক ভুলাইছিল, তেনেকৈ, খ্ৰীষ্টলৈ তোমালোকৰ যি সৰলতা আৰু শুদ্ধতা, তাৰ পৰা তোমালোকৰ মন কিজানি কোনো প্ৰকাৰে ভ্ৰষ্ট হয়, এই মোৰ ভয়।”—২ কৰিন্থীয়া ১১:৩, ১৪.

আমি ‘সিদ্ধ হৈছোঁ বুলি জানি বিশ্বাসত দৃঢ় হৈ, তাক প্ৰতিৰোধ কৰা’ আৱশ্যক। (১ পিতৰ ৫:৮, ৯; ২ কৰিন্থীয়া ২:১১) আমি চয়তানৰ হাতৰ পুতলা নহʼবলৈ তন্ত্ৰ-মন্ত্ৰৰ সৈতে সম্পৰ্ক থকা সকলো প্ৰকাৰৰ কাৰ্য্যৰ পৰা আঁতৰি থকা উচিত। (দ্বিতীয় বিবৰণ ১৮:১০-১২) ইয়াৰ বাবে আমি ঈশ্বৰৰ বাক্যক ভালদৰে অধ্যয়ন কৰা আৱশ্যক, কিয়নো চয়তানেও যীচুক পৰীক্ষা কৰাৰ সময়ত বাৰে বাৰে ঈশ্বৰৰ বাক্যৰ বিষয়ে উল্লেখ কৰিছিল। (মথি ৪:৪, ৭, ১০) ঈশ্বৰলৈ পবিত্ৰ আত্মা বিচাৰি প্ৰাৰ্থনা কৰক। সেই পবিত্ৰ আত্মাৰ ফলসমূহে আপোনাক চয়তানে উন্নত কৰা শাৰীৰিক কাৰ্য্যসমূহৰ পৰা আঁতৰি থকাত সহায় কৰিব। (গালাতীয়া ৫:১৬-২৪) তদুপৰি, যেতিয়া আপুনি চয়তান আৰু পিশাচবোৰৰ পৰা কোনো প্ৰকাৰে হেঁচা অনুভৱ কৰে, তেতিয়া যিহোৱালৈ একান্তমনে প্ৰাৰ্থনা কৰক।—ফিলিপীয়া ৪:৬, ৭.

আমি দিয়াবল অৰ্থাৎ চয়তানলৈ ভয় কৰাৰ কোনো কাৰণ নাই। কিয়নো যিহোৱাই প্ৰতিজ্ঞা কৰিছে যে তেওঁ চয়তানৰ সকলো কাৰ্য্যৰ পৰা আমাক ৰক্ষা কৰিব। (গীতমালা ৯১:১-৪; হিতোপদেশ ১৮:১০; যাকোব ৪:৭, ৮) এই বিষয়ে পৌলে এইদৰে কৈছিল যে, “প্ৰভুত আৰু তেওঁৰ শক্তিৰ পৰাক্ৰমত বলৱন্ত হোৱা।” তেতিয়াহে আপুনি “চয়তানৰ নানাবিধ কুকল্পনাৰ সম্মুখত থিৰে” থাকিব পাৰিব।—ইফিচীয়া ৬:১০, ১১. (w01 9/1)

[৫ পৃষ্ঠাৰ ছবি]

চয়তান যে এজন বাস্তৱিক ব্যক্তি তাক যীচুৱে জানিছিল

[৬ পৃষ্ঠাৰ ছবি]

‘গোটেই জগত পাপ-আত্মাৰ অধীনত আছে’

[স্বীকৃতিপ্ৰাপ্ত ছবিসমূহ]

NASA photo

[৭ পৃষ্ঠাৰ ছবি]

নিয়মীয়াকৈ ঈশ্বৰৰ বাক্যক অধ্যয়ন আৰু প্ৰাৰ্থনাত লাগি থাকি চয়তানক প্ৰতিৰোধ কৰক