Skip to content

Skip to table of contents

বাস্তৱতে চয়তান অস্তিত্বত আছেনে?

বাস্তৱতে চয়তান অস্তিত্বত আছেনে?

বাস্তৱতে চয়তান অস্তিত্বত আছেনে?

“এটা সময়ত খ্ৰীষ্টান গীৰ্জাৰ বুৰঞ্জীত বেল্‌চবূব বা চয়তান অৰ্থাৎ সকলো দুষ্টতাৰ ৰজাক বাস্তৱ আৰু এক শক্তিশালী ব্যক্তি বুলি বৰ্ণনা কৰিছিল। ঈশ্বৰৰ লোকসকলেও তেওঁক এক প্ৰকৃত আৰু শক্তিশালী ব্যক্তি বুলি বিশ্বাস কৰে; প্ৰাচীন যিহূদী আৰু খ্ৰীষ্টানসকলে বিশ্বাস কৰিছিল যে তেওঁলোকৰ চাৰিওফালে হোৱা অমানৱীয় বা পশুতুল্য দুষ্টতাৰ পৰা চয়তান উৎপন্ন হৈছে। কিন্তু পাছলৈ খ্ৰীষ্টানসকলে জানিব পাৰিলে যে সেই কাল্পনিক চৰিত্ৰ কোনো বাস্তৱ নহয় আৰু তেনে বিচাৰধাৰাই তেওঁলোকক নিঃশব্দে চয়তানক অগ্ৰাহ্য কৰিবলৈ পৰিচালিত কৰিলে।” এই উক্তিটো লুডেৱিক্‌ কেনেডিয়ে লিখা—“অল ইন দ্যা মাইন্ড — এ ফেয়াৰৱেল টু গড্‌,” নামৰ আলোচনীখনত প্ৰকাশ পাইছিল।

 লিখক আৰু সম্প্ৰচাৰক হিচাপে লুডেৱিক্‌ কেনেডিয়ে এইদৰে বৰ্ণনা কৰি কৈছিল যে, শতাব্দী ধৰি খ্ৰীষ্টীয়জগতৰ কোনো এজন ব্যক্তিৰ মনত চয়তানৰ অস্তিত্বৰ বিষয়ে সন্দেহ অহা নাছিল। এই বিষয়ে প্ৰফেচাৰ নৰমেন কহনে এইদৰে কয় যে, ইয়াৰ পৰিৱৰ্তে এটা সময়ত খ্ৰীষ্টীয়জগতে “চয়তান আৰু তাৰ পিশাচবিলাকৰ শক্তি বুলি ভয়ত আতঙ্কিত হৈছিল।” (ইউৰোপচ্‌ ইনাৰ ডিমনচ্‌) এই আতঙ্কিত কেৱল অশিক্ষিত খেতিয়কসকলৰ মাজত সাধাৰণভাৱে প্ৰভাৱিত কৰিছিল এনে নহয়। কিন্তু শিক্ষিত লোকসকলেও প্ৰভাৱিত হৈছিল। সেয়েহে তেওঁলোকে বিশ্বাস কৰিছিল যে চয়তানে কোনো জন্তুৰ ৰূপ ধাৰণ কৰি দুষ্ট আৰু ঘৃণনীয় বিধি-ব্যৱস্থাৰ ওপৰত ৰাজত্ব কৰে। এই বিষয়ে প্ৰফেচাৰ কহিনে এইদৰে কৈছিল যে উদাহৰণস্বৰূপে, “শিক্ষিতসকলে নিজকে জনজাতীয় অশিক্ষিত লোকসকলৰ ভাগ বুলি বিবেচনা নকৰি, ইয়াৰ বিপৰীতে নিজকে জ্ঞানীসকলৰ ভিতৰত সৰ্বোত্তম শ্ৰেণীৰদৰে বিবেচনা কৰিছিল।” এই “সৰ্বোত্তম শ্ৰেণী” অৰ্থাৎ গীৰ্জাৰ শিক্ষিত যাজক বৰ্গই ১৫ শতিকাৰ পৰা ১৭ শতিকালৈ সমস্ত ইউৰোপত যাদু-মন্ত্ৰ অভ্যাস কৰাসকলক বধ কৰাৰ বাবে দায়ী আছিল। গীৰ্জাৰ অধিকাৰীসকলে কৈছিল যে প্ৰায় ৫০,০০০ জন ব্যক্তিক যাদু-মন্ত্ৰ অভ্যাস কৰা বুলি অভিযোগ কৰি কঠোৰ যাতনা দি হত্যা কৰা হৈছিল।

আচৰিত হোৱাৰ কোনো কথা নাই যে চয়তানক বিশ্বাস কৰাৰ ফলত হোৱা তেনেধৰণৰ জঘন্য কাৰ্য্যৰ বাবে, তেনেধৰণৰ বিচাৰধাৰা আৰু চয়তানৰ বিষয়ে বিশ্বাস কৰিবলৈ বহুতে ত্যাগ দিছিল। কিয়নো তেওঁলোকে ভাবে যে সেইবোৰ হৈছে অন্ধবিশ্বাস। ১৭২৬ চনত আনকি দানিয়েল ডেফেও লোকসকলক ইতিকিং কৰি কৈছিল যে চয়তান হৈছে এটা অতি কুৎসিতকাৰ ভয়াবহ প্ৰাণী, যাৰ “বাদুলিৰ দৰে পাখী, মুৰত দুটা শিং, খুৰা ফটা ভৰি, দীঘল নেজ, সাপৰদৰে জীভা আছে।” দানিয়েল ডেফে এইদৰেও কৈছিল যে, এইধৰণৰ বিচাৰধাৰাসমূহ হৈছে “জ্ঞানহীন কথা।” কিয়নো এইবোৰ সাধাৰণতে “চয়তানৰ উপাসনা কৰা বা তাৰ মূৰ্ত্তি নিৰ্মাণ কৰোঁতাসকলে” প্ৰস্তুত কৰিছিল, যি সকলে “নিজে নিৰ্মাণ কৰা চয়তানৰ মূৰ্ত্তিৰ দ্বাৰা জ্ঞানহীন জগতখনক প্ৰবঞ্চনা কৰে।”

আপুনিও সেই একেইদৰে বিবেচনা কৰেনে? আপুনি বিশ্বাস কৰেনে যে “বাস্তৱতে চয়তান হৈছে পাপী মানুহৰ দ্বাৰা নিৰ্মাণ কৰা এটা চৰিত্ৰ?” সেই মন্তব্যটো দ্যা জনদেৰভান পিক্‌ট্ৰিয়েল এনচাইক্লপেডিয়া অৱ দ্যা বাইবেলʼত প্ৰকাশ পাইছিল আৰু বহুতে যি খ্ৰীষ্টান হোৱাৰ দাবী কৰে তেনে ব্যক্তিসকলেও এইদৰে ভাবে। দ্যা দেভীল নামৰ প্ৰকাশনতো জেফ্ৰি বাৰট্‌ন ৰাচেল নামৰ এজন খ্ৰীষ্টীয়জগতৰ তত্ত্ববিদে এইদৰে কৈছিল যে সাধাৰণতে “দিয়াবল অৰ্থাৎ চয়তান আৰু পিশাচবোৰক কূসংস্কাৰ বুলি কʼব পাৰি।”

প্ৰকৃততে কিছুমানে দিয়াবল অৰ্থাৎ চয়তানক বাস্তৱিক ব্যক্তি বুলি বিশ্বাস কৰে। তেওঁলোকে যুক্তি দৰ্শাই কয় যে নিশ্চয়ে এনে কিবা আছে যি মানুহতকৈ উচ্চ। যিজন মানুহৰ বুৰঞ্জীত হোৱা সকলো দুষ্টতাৰ মূল উৎস। এই সম্পৰ্কে ৰাচেলে কৈছিল যে “বিশং শতাব্দীত হোৱা জঘন্য কাৰ্য্যসমূহে দিয়াবল অৰ্থাৎ চয়তানক বিশ্বাস কৰাৰ প্ৰমাণ দাঙি ধৰিছে।” ডন্‌ লুইচ নামৰ এজন লিখকৰ অনুসাৰে বৰ্তমান সময়ত বহুতো শিক্ষিত লোকে এসময়ত “তেওঁলোকৰ অশিক্ষিত পূৰ্বপূৰুষসকলে” কৰা ভয় বা অন্ধবিশ্বাস “ঠাট্টা কৰি উৰুৱাই” দিছিল। কিন্তু এতিয়া তেওঁলোকে “অমানৱীয় দুষ্ট শক্তি আছে বুলি বিশ্বাস কৰে।” এই উক্তিফাঁকি ৰিলিজিয়াছ্‌ চুপাৰষ্টিচন্‌ থ্ৰ দ্যা এজেচ্‌ নামৰ প্ৰকাশনত প্ৰকাশ কৰা হৈছিল।

দৰাচলতে এই সম্পৰ্কে সঁচা কি? বাস্তৱতে দিয়াবল অৰ্থাৎ চয়তান হৈছে সাধাৰণৰূপে কৰা অৰ্থহীন অন্ধবিশ্বাস নে? এই একবিশং শতাব্দীতো কোনোবাই চয়তানৰ বিষয়ে গভীৰভাৱে বিবেচনা কৰেনে?(w01 9/1)

[৪ পৃষ্ঠাৰ ছবি]

গোষ্টোভ ডৰ্‌ৰ এই ছবিখনত, প্ৰাচীন অন্ধবিশ্বাসৰ অনুসাৰে দিয়াবল অৰ্থাৎ চয়তানক অৰ্ধ-মানৱ আৰু অৰ্ধ-পশু হিচাপে অঙ্কিত কৰা হৈছিল

[স্বীকৃতিপ্ৰাপ্ত ছবিসমূহ]

The Judecca—Lucifer/The Doré Illustrations For Dante’s Divine Comedy/Dover Publications Inc.