Skip to content

Skip to table of contents

যিহোৱাৰ আশীৰ্ব্বাদ আপোনাত ফলিয়াবনে?

যিহোৱাৰ আশীৰ্ব্বাদ আপোনাত ফলিয়াবনে?

যিহোৱাৰ আশীৰ্ব্বাদ আপোনাত ফলিয়াবনে?

“তুমি নিজ ঈশ্বৰ যিহোৱাৰ বাক্যলৈ কাণ দিলে, এই সকলো আশীৰ্ব্বাদ তোমাৰ ওপৰত পৰিব, আৰু তোমাতে ফলিয়াব।”দ্বিতীয় বিবৰণ ২৮:২.

১. ইস্ৰায়েলজাতিয়ে লোৱা কেনে নিৰ্ণয়ৰ ওপৰত যিহোৱাৰ আশীৰ্ব্বাদ আৰু অভিশাপ নিৰ্ভৰ কৰিছিল?

 ইস্ৰায়েল জাতিয়ে অৰণ্যত প্ৰায় ৪০ বছৰ কাল কষ্টকৰ ভ্ৰমণ শেষ কৰাৰ পাছত, তেওঁলোকে মোৱাবৰ সমথল ভূমিত ছাউনি পাতিছিল। প্ৰতিজ্ঞাত দেশ পাবলৈ তেতিয়াও বহুখিনি দূৰত্ব অতিক্ৰম কৰিবলৈ আছিল। সেই সময়ছোৱাত মোচিয়ে বাইবেলত উল্লেখ থকা দ্বিতীয় বিৱৰণ নামৰ কিতাপখন লিখে, যʼত বহু ধৰণৰ আশীৰ্ব্বাদ আৰু অভিশাপ লিপিবদ্ধ কৰা হৈছিল। যদি ইস্ৰায়েলজাতিয়ে “যিহোৱাৰ বাক্যলৈ কাণ দিলে,” তেওঁৰ আশীৰ্ব্বাদসমূহ তেওঁলোকত “ফলিয়াব।” তদুপৰি, যিহোৱাই তেওঁলোকক ‘বিশেষ স্বত্ব থকা ধনস্বৰূপে’ দৃষ্টি কৰি তেওঁলোকৰ সৈতে প্ৰেমেৰে আচৰণ কৰিছিল আৰু তেওঁলোকৰ সপক্ষে নিজৰ ক্ষমতা প্ৰকাশ কৰিবলৈ বিচাৰিছিল। কিন্তু যদি তেওঁলোকে যিহোৱাৰ আজ্ঞাৰ প্ৰতি কাণ নিদিয়ে তেন্তে তেওঁলোকৰ ওপৰত অভিশাপ ফলিয়াব আছিল।—দ্বিতীয় বিবৰণ ৮:১০-১৪; ২৬:১৮; ২৮:২, ১৫.

২. দ্বিতীয় বিবৰণ ২৮:২ পদত উল্লেখ কৰা হিব্ৰু ক্ৰিয়া পদ “কাণ দিলে” আৰু “ফলিয়াব” শব্দৰ অৰ্থ কি?

দ্বিতীয় বিবৰণ ২৮:২ পদত উল্লেখ কৰা হিব্ৰু ক্ৰিয়া পদ “কাণ দিলে” শব্দটোৰ অৰ্থ হৈছে একেৰাহে কাণ দি শুনা। গতিকে যিহোৱাৰ সেৱকসকলে কেতিয়াবাহে কাণ দিয়াৰ পৰিৱৰ্তে সকলো সময়ত কাণ দিয়া আৱশ্যক। তেতিয়াহে তেওঁলোকত যিহোৱাৰ আশীৰ্ব্বাদ ফলিয়াব। ইব্ৰী ভাষাত “ফলিয়াব” শব্দটোক প্ৰায়ে চিকাৰীয়ে চিকাৰ “ধৰা” অৰ্থত বুজাইছে।

৩. আমি কেনেকৈ যিহোচূৱাৰ দৰে হʼব পাৰোঁ আৰু তেনে কৰাটো কিয় অতি আৱশ্যক?

ইস্ৰায়েলজাতিক নেতৃত্ব কৰা যিহোচূৱাই যিহোৱাৰ বাক্যৰ প্ৰতি কাণ দিয়াৰ বাবে বহুতো আশীৰ্ব্বাদ লাভ কৰিছিল। তেওঁ এইদৰে কৈছিল: “যাৰ আৰাধনা কৰিবা, তাক আজি মনোনীত কৰা; . . . কিন্তু মই আৰু মোৰ পৰিয়ালে হলে যিহোৱাৰ আৰাধনা কৰিম।” তেতিয়া লোকবিলাকে উত্তৰ দি এইদৰে কলে: “আমি আন দেৱতাবোৰক পূজা কৰিবৰ নিমিত্তে যে যিহোৱাক ত্যাগ কৰিম, আমাৰ পৰা এনে কথা দূৰ হওক।” (যিহোচূৱা ২৪:১৫, ১৬) তেওঁ সঠিক মনোবৃত্তি ৰখাৰ বাবে তেওঁৰ বয়সীয়া আন সদস্যসকলৰ সৈতে প্ৰতিজ্ঞাত দেশত প্ৰবেশ কৰিবলৈ বিশেষ অধিকাৰ পালে। একেইদৰে আমিও আজি, যিহোচূৱা সময়ত থকা সেই প্ৰতিজ্ঞাত দেশত প্ৰৱেশ কৰা ঈশ্বৰৰ অনুমোদন পোৱা লোকসকলতকৈও এখন বৃহত দেশ অৰ্থাৎ পাৰ্থিৱ পৰমদেশৰ বাবে অপেক্ষা কৰি আছোঁ। তেনে আশীৰ্ব্বাদসমূহ আপোনাত ফলিয়াবনে? নিশ্চয়ে ফলিয়াব, যদি আপুনি যিহোৱাৰ বাক্যৰ প্ৰতি একেৰাহে কাণ দিয়ে। গতিকে আমাৰ বিশ্বাসক দৃঢ় কৰি তুলিবলৈ আঁহক আমি ইস্ৰায়েলসকলৰ ইতিহাস আৰু কিছুমান ব্যক্তিৰ আৰ্হিৰ বিষয়ে বিবেচনা কৰোঁহঁক।—ৰোমীয়া ১৫:৪.

আশীৰ্ব্বাদ নে অভিশাপ পাব বিচাৰে?

৪. যিহোৱাই ৰজা চলোমনে কৰা প্ৰাৰ্থনাৰ অনুসাৰে কি প্ৰদান কৰিলে আৰু আমি তেনেধৰণৰ আশীৰ্ব্বাদত কেনে অনুভৱ কৰা আৱশ্যক?

ইস্ৰায়েলজাতিয়ে ৰজা চলোমনৰ শাসনকালত অতিৰিক্ত আশীৰ্ব্বদসমূহ লাভ কৰিছিল। তদুপৰি তেওঁলোকে সুৰক্ষা আৰু প্ৰচুৰ পৰিমাণে উত্তম বস্তুসমূহ লাভ কৰিছিল। (১ ৰাজাৱলি ৪:২৫) যিহেতু যদিও ৰজা চলোমনৰ ধন-সম্পত্তি উভৈনদী আছিল, তথাপিও তেওঁ ভৌতিক ধন-সম্পত্তিৰে ধনবান হʼবলৈ ঈশ্বৰক নিৱেদন কৰা নাছিল। তাৰ পৰিৱৰ্তে তেওঁ কম বয়সীয়া হোৱাৰ বাবে যিহোৱাৰ পৰা এক আজ্ঞাকাৰী হৃদয় বিচাৰি নিৱেদন কৰিছিল। ফলস্বৰূপে যিহোৱাই তেওঁক অধিক জ্ঞান আৰু বুদ্ধিৰে আশীৰ্ব্বাদ কৰিছিল। ইয়ে ৰজা চলোমনক ভাল বেয়া নিৰ্ণয় লবলৈ আৰু সঠিকভাৱে ন্যায় কৰিবলৈ সহায় কৰিছিল। যদিও ঈশ্বৰে তেওঁক ভৌতিক ধন-সম্পত্তি আৰু কৃতিত্ব প্ৰদান কৰিছিল, কিন্তু ডেকা ৰজা চলোমনে আধ্যাত্মিক উপহাৰকহে অধিক মূল্যাঙ্কণ কৰিছিল। (১ ৰাজাৱলি ৩:৯-১৩) গতিকে আমাৰ ওচৰত অধিক ধন-সম্পত্তি থাকক বা নাথাকক, আমাক যিহোৱাই আধ্যাত্মিৰূপে ধনবান কৰাৰ বাবে আমি তেওঁৰ প্ৰতি কিমান যে কৃতজ্ঞ!

৫. ইস্ৰায়েল আৰু যিহূদাৰ লোকসকলে যিহোৱাৰ প্ৰতি কাণ নিদিয়াৰ বাবে কেনে পৰিণাম ভোগীবলগা হৈছিল?

আনহাতে ইস্ৰায়েলজাতিয়ে যিহোৱাৰ আশীৰ্ব্বাদৰ প্ৰতি মূল্যাঙ্কণ দেখুৱাত বিফল হʼল। তেওঁলোকে যিহোৱাৰ বাক্যৰ প্ৰতি কাণ নিদিয়াৰ বাবে তেওঁলোকে অভিশাপৰ পাত্ৰ হʼল। পৰিণামস্বৰূপে, ইস্ৰায়েল আৰু যিহূদাৰ লোকসকলে শত্ৰুৰ দ্বাৰা পৰাজয় হʼল আৰু তেওঁলোকক বন্দী কৰি নিয়া হʼল। (দ্বিতীয় বিবৰণ ২৮:৩৬; ২ ৰাজাৱলি ১৭:২২, ২৩; ২ বংশাৱলি ৩৬:১৭-২০) এই পৰিণামৰ পৰা তেওঁলোকে জানিব পাৰিলেনে যে যিহোৱাৰ আশীৰ্ব্বাদ কেৱল সেইসকলত ফলিয়াই যিসকলে তেওঁৰ বাক্যৰ প্ৰতি কাণ দিয়ে? সা.যু.পূ. ৫৩৭ চনত যিসকলে নিজ দেশলৈ উভটি আহিছিল, তেওঁলোকে “জ্ঞানৰ অন্তঃকৰণ লাভ” কৰিবলৈ যিহোৱাৰ বাক্যৰ প্ৰতি কাণ দিবলৈ পুনৰ সুযোগ পাইছিল।—গীতমালা ৯০:১২.

৬. (ক) যিহোৱাই কিয় তেওঁৰ লোকসকলৰ ওচৰত হগ্‌গয় আৰু জখৰিয়া ভৱিষ্যতবক্তাক পঠিয়াইছিল? (খ) ঈশ্বৰে ভৱিষ্যতবক্তা হগ্‌গয়ৰ যোগেদি কেনেধৰণৰ বাৰ্ত্তাক বৰ্ণনা কৰিছিল?

এই উভটি অহা যিহূদীসকলে এটা বেদী নিৰ্ম্মাণ কৰি পুনৰাই যিৰূচালেম মন্দিৰৰ দেৱাল নিৰ্ম্মাণ কৰিবলৈ আৰম্ভ কৰিলে। কিন্তু যেতিয়া বিৰোধীসকলৰ পৰা বাধা আহিব ধৰিলে, তেতিয়া তেওঁলোকে নিৰুৎসাহী হৈ নিৰ্ম্মাণকাৰ্য্য বন্ধ কৰিলে। (ইজ্ৰা ৩:১-৩, ১০; ৪:১-৪, ২৩, ২৪) ইয়াৰ ওপৰিও তেওঁলোকে ভৌতিক বস্তুক প্ৰথমস্থান দিবলৈ ধৰিলে। এইবাবে যিহোৱাই হগ্‌গয় আৰু জখৰিয়া নামৰ তেওঁৰ ভৱিষ্যতবক্তাক সত্য উপাসনাৰ প্ৰতি লোকসকলক পুনৰ উৎসাহিত কৰিবলৈ পঠিয়াইছিল। ভৱিষ্যতবক্তা হগ্‌গয় যোগেদি যিহোৱাই এইদৰে কৈছিল: “এই গৃহটি উচ্ছন্ন হৈ পৰি থকা স্থলত, তোমালোক নিজে ওপৰত কাঠ লগোৱা নিজ নিজ ঘৰত এতিয়া বাস কৰিবৰ সময় নে? . . . তোমালোকে নিজ নিজ আচৰণ ভাবি চোৱা। তোমালোকে অধিক সিচি অলপ চপাইছা; তোমালোকে আহাৰ কৰিছা, কিন্তু তৃপ্ত নোহোৱা; . . . বেচৰ নিমিত্তে কাম কৰা মানুহে বিন্ধা থকা থৈলাত থবলৈহে বেচ পায়।” (হগ্‌গয় ১:৪-৬) ভৌতিক বস্তুৰ বাবে অধ্যাত্মিক বিষয়বোৰক ত্যাগ কৰা অৰ্থ হৈছে যিহোৱাৰ আশীৰ্ব্বাদৰ পৰা বঞ্চিত হোৱা।—লূক ১২:১৫-২১.

৭. “তোমালোকে নিজ নিজ আচৰণ ভাবি চোৱা,” বুলি যিহোৱাই কিয় যিহূদীসকলক কৈছিল?

যিহূদীসকলে দৈনন্দিন চিন্তাত ইমানেই ডুব গʼল যে তেওঁলোকে বৰষুণ আৰু ফলদায়ক বতৰত ফলিওৱা যিহোৱাৰ আশীৰ্ব্বাদৰ বিষয়ে পাহৰি গʼল। প্ৰকৃততে এই সকলোবোৰ আশীৰ্ব্বাদৰ বাবে তেওঁলোকে বিৰোধিতাৰ সম্মুখীন হোৱাৰ স্বত্ত্বেও ঈশ্বৰলৈ আজ্ঞাকাৰী হৈ ধৈৰ্য্য ধৰিব লাগিছিল। (হগ্‌গয় ১:৯-১১) এই সন্দৰ্ভে দিয়া পৰামৰ্শ কিমান যে উপযুক্ত আছিল, যʼত এইদৰে কোৱা হৈছিল: “তোমালোকে নিজ নিজ আচৰণ ভাবি চোৱা!” (হগ্‌গয় ১:৭) দৰাচলতে যিহোৱাই তেওঁলোকক এইদৰে কৈছিল: ‘তোমালোকে অসাৰ্থকৰূপে পথাৰত কৰা পৰিশ্ৰম আৰু উচ্ছন্ন হৈ পৰি থকা মোৰ উপাসনাৰ গৃহটিৰ মাজত থকা পাৰ্থ্যকতাক বিবেচনা কৰি চোৱা!’ যিহোৱাৰ ভৱিষ্যতবক্তাই কোৱা এই প্ৰেৰিত বাক্যক শুনা যিহূদীসকলক মন্দিৰ নিৰ্ম্মাণ কৰিবলৈ উৎসাহিত কৰি তুলিলে আৰু ফলস্বৰূপে সা.যু.পূ. ৫১৫ চনত মন্দিৰ নিৰ্ম্মাণ কাৰ্য্য সম্পূৰ্ণ হʼল।

৮. মলাখীৰ দিনত যিহোৱাই যিহূদীসকলক কি কৰিবলৈ উপদেশ দিছিল আৰু কিয়?

পাছলৈ ভৱিষ্যতবক্তা মলাখীৰ দিনত যিহূদীসকলৰ আধ্যাত্মিক অৱস্থাত পুনৰাই আন্দোলিত হʼল আৰু যিহোৱালৈ অস্বীকাৰযুক্ত বলিদান আগবঢ়াবলৈ ধৰিলে। (মলাখী ১:৬-৮) সেইবাবে যিহোৱাই তেওঁলোকক ভঁৰালৰ দশম ভাগ আনি পৰীক্ষা কৰি চাবলৈ উপদেশ দি কʼলে যে তেওঁলোকলৈ তেওঁ আকাশৰ দুৱাৰ মুকলি কৰিব নে নকৰিব আৰু ঠায়ে নধৰাকৈ তেওঁলোকলৈ আশীৰ্ব্বাদ বৰ্ষাব নে নবৰ্ষাব। (মলাখী ৩:১০) তেওঁলোক কিমান যে নিৰ্ব্বোধ ব্যক্তি আছিল! কিয়নো তেওঁলোকে যদি ঈশ্বৰৰ বাক্যৰ প্ৰতি কাণ দিয়া হʼলে প্ৰচুৰ মাত্ৰাত যিহোৱাৰ আশীৰ্ব্বাদ লাভ কৰিব পাৰিলেহেঁতেন।—২ বংশাৱলি ৩১:১০.

৯. বাইবেলত উল্লেখ কৰা কোন তিনিজন ব্যক্তিৰ জীৱনিৰ বিষয়ে আমি বিবেচনা কৰিম?

তদুপৰি, ইস্ৰায়েলৰ ইতিহাসৰ অৰ্থাৎ বাইবেলত পোৱা ১ ৰাজাৱলি নামৰ কিতাপখনত এনে কিছুমান ব্যক্তিৰ বিষয়ে উল্লেখ কৰিছে, যিসকলে যিহোৱাৰ পৰা আশীৰ্ব্বাদ অথবা অভিশাপ পাইছিল। আঁহক আমি বিবেচনা কৰি চাওঁ যে বোৱজ, নাবল আৰু হান্না নামৰ এই তিনিজন ব্যক্তিৰ পৰা কি শিকিব পাৰোঁ। এওঁলোকৰ বিষয়ে আমি ৰূথ আৰু ১ চমূৱেল ১:১–২:২১ আৰু ১ চমূৱেল ২৫:২-৪২ পদত পঢ়িবলৈ পাওঁ।

বোৱজে যিহোৱাৰ বাক্যৰ প্ৰতি কাণ দিছিল

১০. বোৱজ আৰু নাবলৰ মাজত কেনে সমান্তৰালতা আছিল?

১০ যদিও বোৱজ আৰু নাবল, এই দুজন ব্যক্তিয়ে একেই সময়ত বাস কৰা নাছিল, তথাপিও তেওঁলোকে কিছুমান ক্ষেত্ৰত প্ৰায় একেই আছিল। উদাহৰণস্বৰূপে, এওঁলোক দুয়োজনেই যিহূদাৰ বাসিন্দা হোৱা ওপৰিও চহকী জমিদাৰ আৰু দৰিদ্ৰলোকক সহায় কৰিব পৰা বিশেষ অধিকাৰ আছিল।

১১. বোৱজে কেনেকৈ প্ৰকাশ কৰি দেখুৱালে যে তেওঁ যিহোৱাৰ বাক্যৰ প্ৰতি কাণ দিছিল?

১১ বোৱজ ইস্ৰায়েলৰ বিচাৰকৰ্ত্তাসকলৰ সময়ত বাস কৰিছিল। তেওঁ আনক সন্মান কৰিছিল আৰু তেওঁৰ বাবে ধান দোৱাসকল অতি আদৰৰ পাত্ৰ আছিল। (ৰূথ ২:৪) তেওঁ ব্যৱস্থাৰ অনুসাৰে দৰিদ্ৰসকলৰ বাবে শস্য দোৱাৰ সময়ত কিছুমান শস্য এৰি দিছিল। (লেবীয়া পুস্তক ১৯:৯, ১০) যেতিয়া ৰূথে তাইৰ বৃদ্ধা শাহু আই নয়মীক প্ৰতিপালন কৰিবৰ অৰ্থে কৰ্তব্যনিষ্ঠাৰে ভৌতিক বস্তুৰ যোগাৰ ধৰাৰ বিষয়ে শুনে, তেতিয়া বোৱজে কেনে পদক্ষেপ লৈছিল? তেওঁ নিজৰ মানুহবিলাকক আদেশ দি কৈছিল যে তেওঁলোকে যাতে ৰূথলৈ বিশেষ অনুগ্ৰহ দেখুৱাই আৰু তেওঁৰ শস্য পথাৰত যেন শস্য বুটলিবলৈ দিয়ে। বোৱজে তেওঁৰ বাক্য আৰু মৰমীয়াল কাৰ্য্যৰে প্ৰকাশ কৰিলে যে তেওঁ এজন ঈশ্বৰৰ বাক্যৰ প্ৰতি কাণ দিয়া ব্যক্তি। সেইবাবে তেওঁ যিহোৱাৰ পৰা অনুমোদন আৰু আশীৰ্ব্বাদ লাভ কৰিছিল।—লেবীয়া পুস্তক ১৯:১৮; ৰূথ ২:৫-১৬.

১২, ১৩. (ক) বোৱজে, ঈশ্বৰৰ যি মুকলি কৰা ব্যৱস্থাৰ প্ৰতি কিদৰে গভীৰ আদৰ দেখুৱালে? (খ) বোৱজত কেনেদৰে ঈশ্বৰৰ আশীৰ্ব্বাদ ফলিয়ালে?

১২ বোৱজে ঈশ্বৰৰ যি মুকলি কৰা ব্যৱস্থাক নিস্বাৰ্থতাৰে পালন কৰি, উত্তমৰূপে প্ৰমাণ কৰিলে যে তেওঁ ঈশ্বৰৰ বাক্যৰ প্ৰতি কাণ দি শুনিছিল। বোৱজে নয়মীৰ মৃত্যু স্বামী ইলীমেলকৰ বংশক বজাই ৰাখিবৰ বাবে সকলো ধৰণৰ প্ৰচেষ্টা কৰিছিল। যেনে, মোচিৰ ব্যৱস্থাৰ অনুসাৰে এজনী সন্তানহীন তিৰোতাৰ পুৰুষৰ মৃত্যু হোৱাৰ পাছ সেই তিৰোতাই পুনৰাই আত্মীয়-কুটুম্বৰ কোনো ব্যক্তিৰ সৈতে বিবাহ কৰিব লাগিছিল, যাতে জন্ম হোৱা তাইৰ সন্তানে সেই বংশক বজাই ৰাখিব পাৰে। (দ্বিতীয় বিবৰণ ২৫:৫-১০; লেবীয়া পুস্তক ২৫:৪৭-৪৯) নয়মী বৃদ্ধ হোৱাৰ বাবে তাই সন্তান উৎপন্ন কৰাৰ ক্ষমতা হেৰুৱাই পেলাইছিল, সেইবাবে ৰূথক এই বিবাহৰ বাবে প্ৰস্তুত কৰিছিল। বোৱজ ইলীমেলকৰ আত্মীয় ব্যক্তি হোৱাৰ বাবে নয়মীক সহায় কৰাৰ অৰ্থে ৰূথক নিজৰ ভাৰ্য্যা হিচাপে গ্ৰহণ কৰি সেই নিয়মৰ পালন কৰিলে। পাছলৈ তেওঁলোকৰ সন্তান ওবেদক নয়মীৰ বংশ আৰু ইলীমেলকৰ জন্মগত উত্তৰাধিকাৰী হিচাপে গণ্য কৰা হৈছিল।—ৰূথ ২:১৯, ২০; ৪:১, ৬, ৯, ১৩-১৬.

১৩ নিস্বাৰ্থৰে যিহোৱাৰ নিয়মক পালন কৰাৰ বাবে বোৱজৰ ওপৰত আশীৰ্ব্বাদ ফলিয়ালে। তেওঁলোকৰ সন্তান ওবেদৰ যোগেদি বোৱজ আৰু ৰূথে যীচুৰ আদি-পুৰুষ হবলৈ বিশেষ অধিকাৰ পালে। (ৰূথ ২:১২; ৪:১৩, ২১, ২২; মথি ১:১, ৫, ৬) বোৱজে নিস্বাৰ্থৰে কৰা কাৰ্য্যৰ পৰা আমি এইটো শিকিব পাৰিলোঁ যে যিসকলে ঈশ্বৰৰ ব্যৱস্থাক পালন কৰি আনৰ প্ৰতি প্ৰেমেৰে কাৰ্য্য কৰে, তেওঁলোকত যিহোৱাৰ আশীৰ্ব্বাদ ফলিয়ায়।

নাবলে যিহোৱাৰ বাক্যৰ প্ৰতি কাণ নিদিলে

১৪. নাবল এজন কেনেধৰণৰ ব্যক্তি আছিল?

১৪ ইয়াৰ বিপৰীতে নাবলে যিহোৱাৰ বাক্যৰ প্ৰতি কাণ দিয়াত বিফল হʼল। তেওঁ ঈশ্বৰৰ এই ব্যৱস্থাক উলঙ্ঘন কৰিলে, যʼত এইদৰে কোৱা হৈছিল: “নিজ ওচৰ-চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰিবা।” (লেবীয়া পুস্তক ১৯:১৮) তেওঁ এজন আধ্যাত্মিক ব্যক্তি নাছিল, কিন্তু “কঠিন-মনা” আৰু “দুষ্ট” আছিল। আনকি তেওঁৰ দাসবিলাকেও তেওঁক “দুৰ্জন মানুহ” হিচাপে দৃষ্টি কৰিছিল। সেয়েহে তেওঁৰ নামৰ অৰ্থ সঠিকভাৱে তেওঁত প্ৰযোজ্য হৈছিল, কিয়নো নাবল নামৰ অৰ্থ আছিল “মুৰ্খ” বা “মুৰ্খতা” আৰু সেই অনুসাৰে তেওঁ জীৱন-যাপন কৰিছিল। (১ চমূৱেল ২৫:৩, ১৭, ২৫) যিহোৱাৰ অভিষিক্ত ৰজা দায়ুদে এবাৰ যেতিয়া নাবলৰ পৰা সহায় বিচাৰিছিল, তেতিয়া তেওঁ কেনেদৰে প্ৰতিক্ৰিয়া দেখুৱাইছিল?—১ চমূৱেল ১৬:১৩.

১৫. দায়ুদৰ সৈতে নাবলে কেনে আচৰণ কৰিলে আৰু তাৰ বিপৰীতে তেওঁৰ ভাৰ্য্যা অবীগলে কেনেদৰে কাৰ্য্য কৰিছিল?

১৫ এবাৰ দায়ুদ আৰু তেওঁৰ লোকসকলে নাবলৰ মেৰৰ জাকক লুটকাৰীসকলৰ হাতৰ পৰা ৰক্ষা কৰিছিল। ইয়াৰ বিষয়ে নাবলৰ এজন মেৰ ৰক্ষীয়াই এইদৰে কৈছিল: “তেওঁবিলাক দিনে-ৰাতিয়ে আমাৰ চাৰিওফালে গড়স্বৰূপ হৈ আছিল।” যেতিয়া দায়ুদে কিছুমানলোকক খাদ্য-সামগ্ৰী বিচাৰি নাবলৰ ওচৰত পঠিয়ালে তেতিয়া তেওঁ তেওঁবিলাকক “কটু কথা কৈ” খেদি পঠিয়াইছিল। (১ চমূৱেল ২৫:২-১৬) নাবলৰ তেনে ব্যৱহাৰত দায়ুদে অতি ক্ৰোধিত হৈ নাবলৰ সৈতে আৰু তেওঁৰ লোকসকলক বধ কৰাৰ উদ্দেশ্যেৰে প্ৰায়ে ৰাওনা হৈছিল। এই কথা গম পাই নাবলৰ ভাৰ্য্যা অবীগলে খাদ্য-সামগ্ৰী লৈ দায়ুদৰ সৈতে সাক্ষাৎ কৰিবলৈ আহিল। অবীগলৰ এই কাৰ্য্যই বহুতৰ জীৱনৰ ওপৰিও দায়ুদক ৰক্তদোষী হোৱাৰ পৰা ৰক্ষা কৰিছিল। কিন্তু নাবল হʼলে দিনে-দিনে নিৰ্দয় আৰু লোভৰ পথত অধিকৈ চলিবলৈ ধৰিলে। ঠিক দহ দিনমানৰ পাছত তেওঁৰ কি দশা হʼল তাৰ বিষয়ে আমি বাইবেলত এইদৰে পঢ়িবলৈ পাওঁ: “যিহোৱাই নাবলক আঘাত কৰিলত, তেওঁ মৰিল।”—১ চমূৱেল ২৫:১৮-৩৮.

১৬. আমি কেনেকৈ নাবলে লোৱা পথক ত্যাগ কৰি বোৱজৰ আৰ্হিৰ অনুসাৰে চলিব পাৰোঁ?

১৬ বোৱজ আৰু নাবলৰ মাজত কিমান যে ভিন্নতা আছিল! গতিকে আঁহক আমি নাবলৰ দৰে স্বাৰ্থপৰ আৰু কঠোৰ হোৱাৰ পৰিৱৰ্ত্তে বোৱজৰ দৰে নিস্বাৰ্থ আৰু দয়ালু হবলৈ চেষ্টা কৰোঁহঁক। (ইব্ৰী ১৩:১৬) আমি পাঁচনি পৌলৰ এই পৰামৰ্শক পালন কৰাৰ দ্বাৰা এই কাৰ্য্য কৰিব পাৰোঁ, যʼত এইদৰে কোৱা হৈছে: “শুভক্ষণ পালে, সকলোলৈ, বিশেষকৈ পৰিয়ালস্বৰূপ বিশ্বাস কৰাবিলাকলৈ হিতজনক কৰ্ম্ম কৰোঁহঁক।” (গালাতীয়া ৬:১০) বৰ্তমান সময়ত যীচুৰ “অন্য মেৰ” অৰ্থাৎ পাৰ্থীৱ জীৱনৰ আশা থকা খ্ৰীষ্টানসকলে স্বৰ্গীয় জীৱনৰ আশা থকা ১,৪৪,০০০ জনৰ বাকী থকা লোকসকলৰ প্ৰতি হিতজনক কাৰ্য্য কৰাৰ বিশেষ অধিকাৰ পাইছে। (যোহন ১০:১৬; ১ কৰিন্থীয়া ১৫:৫০-৫৩; প্ৰকাশিত বাক্য ১৪:১, ৪) তেওঁলোকৰ তেনে প্ৰেমময় কাৰ্য্যক যীচুৱে তেওঁলৈ কৰা কাৰ্য্য যেন দৃষ্টি কৰে আৰু এই উত্তম কাৰ্য্যই তেওঁলোকলৈ যিহোৱাৰ প্ৰচুৰ আশীৰ্ব্বাদ কঢ়িয়াই আনিছে।—মথি ২৫:৩৪-৪০; ১ যোহন ৩:১৮.

হান্নাৰ ওপৰত অহা পৰীক্ষা আৰু আশীৰ্ব্বাদসমূহ

১৭. হান্নাই কেনেধৰণৰ পৰীক্ষাৰ সম্মুখীন হৈছিল আৰু পিনিন্নাই কেনে মনোবৃত্তি দেখুৱাইছিল?

১৭ ঈশ্বৰলৈ ভয় ৰাখোঁতা হান্না নামৰ মহিলা গৰাকীৰ ওপৰতো যিহোৱাৰ আশীৰ্ব্বাদ ফলিয়াইছিল। তাই লেবী বংশৰ ইল্‌কানা নামৰ এজন পুৰুষৰ সৈতে বিবাহ কৰি নিজৰ স্বামীৰ সৈতে ইফ্ৰয়িম পৰ্ব্বতৰ দাঁতিত বাস কৰিছিল। ইল্‌কানাৰ পিনিন্ন নামৰ আন এগৰাকী পত্নীও আছিল। কিয়নো মোচিৰ নিয়মত এজনীতকৈ অধিক তিৰোতা বিয়া কৰি ৰাখিবলৈ অনুমতি দিয়া হৈছিল। সময় অতিক্ৰম কৰাৰ লগে লগে পিনিন্নাই কেইবাটি সন্তানৰ মাতৃ হʼল আৰু হান্না হʼলে নিঃসন্তান হৈ থাকিল। সেইসময়ত এজনী ইস্ৰায়েলী তিৰোতাৰ বাবে নিঃসন্তান হোৱাটো এক অপমানজনক বিষয় আছিল। (১ চমূৱেল ১:১-৩; ১ বংশাৱলি ৬:১৬, ৩৩, ৩৪) তদুপৰি, পিনিন্নাই হান্নাক শান্ত্বনা দিয়াৰ পৰিৱৰ্তে তাইৰ প্ৰতি দুব্যৱহাৰ কৰিবলৈ ধৰিলে, সেইবাবে তাই মনত অধিকৈ বেজাৰ পালে। প্ৰত্যেকবাৰে এই পৰিয়ালে চীলোত যিহোৱাৰ গৃহলৈ গৈছিল আৰু পিনিন্নাই “বছৰে বছৰে” তাইক অধিক কষ্ট দিবলৈ ধৰিলে। (১ চমূৱেল ১:৪-৮) হান্নাৰ বাবে কিমান যে অসহনীয় পৰীক্ষা আৰু আনহাতে পিনিন্না কিমান যে নিষ্ঠুৰ তিৰোতা আছিল! তথাপিও হান্নাই কেতিয়াও যিহোৱাক দোষ দিয়া নাছিল আৰু যিহোৱাৰ উপাসনাৰ বাবে চীলোত উপস্থিত নোহোৱাকৈ নাছিল। অৱশেষত তাইৰ ওপৰত এক মহান আশীৰ্ব্বাদ ফলিয়ালে।

১৮. হান্নাই কেনেধৰণৰ আৰ্হি প্ৰস্তুত কৰিলে?

১৮ বৰ্তমান সময়ত যিসকলে আনৰ দ্বাৰা বেদনা সহন কৰিবলগীয়া হয়, তেওঁলোকলৈ হান্নাই এক উত্তম আৰ্হি প্ৰস্তুত কৰিলে। তেনে পৰিস্থিতিবোৰত নিজকে অকলশৰীয়াকৈ ৰাখি সমস্যাৰ সমাধান কৰিব পৰা নাযায়। (হিতোপদেশ ১৮:১) তদুপৰি, তাই পৰীক্ষাসমূহৰ বাবে ঈশ্বৰৰ বাক্যৰ শিক্ষা শুনিবলৈ লোকসকলে একগোট হোৱা স্থানত উপস্থিত হʼবলৈ থকা অভিলাষক ত্যাগ দিয়া নাছিল। এইদৰে তাই আধ্যাত্মিকত দৃঢ় হৈ থাকিল। হান্নাই কৰা সুন্দৰ প্ৰাৰ্থনাৰ যোগেদি তাইৰ আধ্যাত্মিকতা প্ৰকাশ পালে, যিটো ১ চমূৱেল ২:১-১০ পদত লিপিবদ্ধ কৰাই ৰখা হʼল। *

১৯. আধ্যাত্মিক বিষয়বোৰৰ প্ৰতি আমি কেনেকৈ মূল্যাঙ্কণ দেখুৱাব পাৰোঁ?

১৯ আধুনিক সময়ৰ যিহোৱাৰ সেৱক অৰ্থাৎ আমি উপাসনাৰ বাবে কোনো তম্বু ব্যৱহাৰ নকৰোঁ। তথাপিও আমি হান্নাৰ নিচিনাকৈ আধ্যাত্মিক বিষয়বোৰৰ প্ৰতি মূল্যাঙ্কণ দেখুৱাব পাৰোঁ। উদাহৰণস্বৰূপে, আমি খ্ৰীষ্টান সভা, সন্মিলন আৰু অধিবেশনসমূহত উপস্থিত হৈ আধ্যাত্মিক বিষয়বোৰৰ প্ৰতি গভীৰ মূল্যাঙ্কণ দেখুৱাব পাৰোঁ। আঁহক আমি তেনে উপলক্ষ্যবোৰত উপস্থিত থাকি এজনে আনজনক যিহোৱাৰ সত্য উপাসনাৰ বাবে উৎসাহিত কৰোঁহঁক। কিয়নো ঈশ্বৰে আমাক “নিৰ্ভয়ে তেওঁৰ আৰাধনা কৰি, সৰলতা আৰু ধাৰ্ম্মিকতাৰে” উপাসনা কৰিবলৈ সুযোগ দিলে।—লূক ১:৭১, ৭২; ইব্ৰী ১০:২৪, ২৫.

২০, ২১. হান্নাই প্ৰকাশ কৰা ঈশ্বৰীয় ভক্তিৰ বাবে তাই কেনে পুৰস্কাৰ লাভ কৰিলে?

২০ যিহোৱাই হান্নাৰ ঈশ্বৰীয় ভক্তি দেখি অতি সন্তুষ্ট হʼল আৰু তাইক প্ৰচুৰ পৰিমাণে আশীৰ্ব্বাদ কৰিলে। পৰিয়ালৰ বছেৰেকীয়া যাত্ৰাত চীলোলৈ গৈ এবাৰ তাই অতি দুখ আৰু ক্ৰন্দন কৰি এইদৰে কৈছিল: “হে বাহিনীবিলাকৰ যিহোৱা, তুমি যদি তোমাৰ বেটীৰ দুখলৈ দৃষ্টি কৰি মোক সোঁৱৰণ কৰা, আৰু তোমাৰ বেটীক নাপাহৰি এটি পুত্ৰ-সন্তান দিয়া, তেন্তে মইও সি জীয়াই থাকেমানে যিহোৱাৰ উদ্দেশে তাক দিম; আৰু তাৰ মূৰত খুৰ লগোৱা নহব।” (১ চমূৱেল ১:৯-১১) যিহোৱাই হান্নাৰ প্ৰাৰ্থনা শুনিলে আৰু চমূৱেল নামৰ এটি পুত্ৰ সন্তানেৰে আশীৰ্ব্বাদ কৰিলে। পিয়াহ এৰাৰ পাছত হান্নাই চমূৱেলক চীলোলৈ নিছিল, যাতে তেওঁ তম্বুত থাকি ঈশ্বৰৰ সেৱা কৰিব পাৰে।—১ চমূৱেল ১:২০, ২৪-২৮.

২১ এইদৰে হান্নাই চমূৱেলৰ সম্বন্ধে কৰা নিজ প্ৰতিজ্ঞাৰ অনুসৰি কাৰ্য্য কৰি ঈশ্বৰৰ প্ৰতি প্ৰেম প্ৰকাশ কৰিলে। গতিকে বিবেচনা কৰক যে হান্না আৰু ইল্‌কানাৰ পুত্ৰ চমূৱলে তম্বুত থাকি যিহোৱাৰ সেৱা কৰাৰ যোগেদি তেওঁলোকলৈ কিমান যে মহান আশীৰ্ব্বাদ কঢ়িয়াই আনিছিল! ঠিক একেইদৰে বৰ্তমান সময়ত বহুতো খ্ৰীষ্টান পিতৃ-মাতৃৰ লʼৰা-ছোৱালীয়ে পূৰ্ণ সময়ৰ অগ্ৰগামী, বেথেল সেৱা বা আন প্ৰকাৰে যিহোৱাৰ সেৱাত লাগি থকাৰ বাবে, তেওঁলোকে কিমান যে আনন্দিত আৰু আশীৰ্ব্বাদৰ ভাগী হৈছে।

যিহোৱাৰ বাক্যলৈ কাণ দি থাকা!

২২, ২৩. (ক) যদি আমি ঈশ্বৰৰ বাক্যৰ প্ৰতি কাণ দিওঁ, তেন্তে কিহৰ বাবে নিশ্চিত হʼব পাৰোঁ? (খ) পৰৱৰ্তী লেখত কিহৰ বিষয়ে আলোচনা কৰা হʼব?

২২ যদি আমি যিহোৱাৰ বাক্যৰ প্ৰতি কাণ দিওঁ, তেনেহʼলে কিহৰ বাবে নিশ্চিত হʼব পাৰোঁ? আমি যদি সম্পূৰ্ণ হৃদয়েৰে যিহোৱাক প্ৰেম আৰু আমাৰ সমৰ্পণ কৰা অনুসাৰে কাৰ্য্য কৰোঁ, তেতিয়া আধ্যাত্মিকতাত শক্তিশালী হʼব পাৰিম। তেনেদৰে জীৱন-যাপন কৰা অৰ্থ হৈছে অনেক পৰীক্ষাৰ সম্মুখীন হোৱা। তেতিয়াহে যিহোৱাৰ আশীৰ্ব্বাদ আমাত বৃহতভাৱে ফলিয়াব, যাক আমি কল্পনা কৰিব নোৱাৰোঁ।—গীতমালা ৩৭:৪; ইব্ৰী ৬:১০.

২৩ ভৱিষ্যতে ঈশ্বৰৰ লোকসকসকলে বহুতো আশীৰ্ব্বাদৰ ভাগী হʼব। যিহোৱাৰ বাক্যৰ প্ৰতি কাণ দিয়াৰ যোগেদি ‘এক বৰ লোকসমূহে’ আহিবলগীয়া ‘মহাক্লেশত’ উদ্ধাৰ পায় ঈশ্বৰে স্থাপিত কৰা নতুন পৃথিৱীৰ অধিকাৰী হʼব। (প্ৰকাশিত বাক্য ৭:৯-১৪; ২ পিতৰ ৩:১৩) তাত যিহোৱাই তেওঁৰ সমূদায় লোকৰ সম্পূৰ্ণ ইচ্ছা পূৰণ কৰিব। (গীতমালা ১৪৫:১৬) পৰৱৰ্তী লেখত আলোচনা কৰা হʼব যে যিসকলে যিহোৱাৰ বাক্যৰ প্ৰতি কাণ দিয়ে তেওঁলোকে বৰ্তমান সময়ত ‘ওপৰৰ পৰা অহা সকলো উত্তম দান আৰু সকলো সিদ্ধ বৰৰ’ দ্বাৰা কেনেকৈ আশীৰ্ব্বাদ লাভ কৰিছে।—যাকোব ১:১৭. (w01 9/15)

[ফুটনোট]

^ যেতিয়া কুমাৰী মৰিয়মে জানিব পাৰিলে যে তাই মচীহৰ মাতৃ হোৱাৰ বিশেষ অধিকাৰ পাইছে, তেতিয়া তাইও হান্নাৰ দৰে প্ৰায় একেইভাৱে প্ৰাৰ্থনা কৰিছিল।—লূক ১:৪৬-৫৫.

আপুনি কেনেদৰে উত্তৰ দিব?

• ঈশ্বৰীয় আশীৰ্ব্বাদৰ সম্পৰ্কে ইস্ৰায়েলৰ ইতিহাসৰ পৰা আমি কি শিক্ষা লাভ কৰিব পাৰোঁ?

• বোৱজ আৰু নাবলৰ মাজত কি পাৰ্থক্য আছিল?

• হান্নাই প্ৰস্তুত কৰা আৰ্হিক আমি কেনেকৈ অনুকৰণ কৰিব পাৰোঁ?

• আমি কিয় যিহোৱাৰ বাক্যৰ প্ৰতি কাণ দিয়া আৱশ্যক?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[১৮ পৃষ্ঠাৰ ছবি]

ৰজা চলোমনে জ্ঞানযুক্ত মন পাবলৈ প্ৰাৰ্থনা কৰিছিল আৰু যিহোৱাই তেওঁক জ্ঞানী হʼবলৈ আশীৰ্ব্বাদ কৰিলে

[২০ পৃষ্ঠাৰ ছবি]

বোৱজে আনৰ প্ৰতি সন্মান আৰু দয়াৰে আচৰণ কৰিছিল

[২৩ পৃষ্ঠাৰ ছবি]

যিহোৱাত সম্পূৰ্ণ ভাৰসা ৰখাৰ বাবে হান্নাই অনেক আশীৰ্ব্বাদৰ ভাগী হʼল