Skip to content

Skip to table of contents

“শান্তি বিচাৰি, তাক খেদি যাওক”

“শান্তি বিচাৰি, তাক খেদি যাওক”

“শান্তি বিচাৰি, তাক খেদি যাওক”

“যদি হব পাৰে, তেন্তে তোমালোকৰ সাধ্য অনুসাৰে সকলো মানুহে সৈতে মিলেৰে থাকিবা।”ৰোমীয়া ১২:১৮.

১, ২. মানুহে স্থাপন কৰা শান্তি যে স্থায়ী নহয় তাৰ কিছুমান কাৰণ কি?

 দুৰ্বল ভেঁটি, পচি যোৱা খুটা আৰু উৱলি যোৱা মূধচ থকা এটা জৰা-জীৰ্ণ ঘৰৰ বিষয়ে কল্পনা কৰক। আপুনি সেই ঘৰটোত থাকিবলৈ বিচাৰিবনে? নিশ্চয়ে নিবিচাৰিব। যদিও সেই ঘৰটোক নতুনকৈ ৰং কৰি সুন্দৰকৈ সজোৱা হয় তথাপিও আপুনি জানে যে সোনকালে বা পলমকৈ হলেও ইয়াৰ এদিন পতন হʼব।

ঠিক তেনেদৰে এই জগতত শান্তি স্থাপন কৰা কাৰ্য্যকো সেই জৰা-জীৰ্ণ ঘৰটোক ৰং কৰাৰ সৈতে তুলনা কৰিব পাৰি। কিয়নো এই শান্তি দুৰ্বল ভেঁটি অৰ্থাৎ মানুহৰ প্ৰতিজ্ঞা আৰু পৰিকল্পনাৰ ওপৰত আধাৰিত, যিসকলৰ “সঙ্কল্পবোৰ নষ্ট” হয়। (গীতমালা ১৪৬:৩) এই সন্দৰ্ভত ইতিহাসে সাক্ষী দিছে যে তেওঁলোকৰ বাবে আজি এই জগতত ৰাষ্ট্ৰ, জাতি আৰু ধৰ্ম্মৰ মাজত বিৰোধীতাই বাঁহ লোৱা দেখিবলৈ পোৱা গৈছে। এইটো সঁচা যে অলপ সময়ৰ বাবে শান্তি স্থাপন হয়। কিন্তু সেই শান্তি কেনেধৰণৰ? যদি দুখন ৰাষ্ট্ৰৰ মাজত যুদ্ধ হয়, তেতিয়া হয়তো এখন ৰাষ্ট্ৰ পৰাজয় হোৱাৰ বাবে অথবা দুখন ৰাষ্ট্ৰই হয়তো যুদ্ধৰ ফলত কোনো লাভ নোহোৱাত, শান্তি স্থাপন কৰিব লগা হয়। সেইটো কেনেধৰণৰ শান্তি বুলিব পাৰি? ই এনে এক শান্তি যʼত হিংসা, ঘৃণা আৰু সন্দেহ জড়িত আছে, যিয়ে তেতিয়াও যুদ্ধৰ বাবে পৰিচালিত কৰিব পাৰে। আন অৰ্থত কবলৈ গʼলে সেই শান্তি অল্পকালৰ বাবে হয়। যাৰ তুলনা আমি জৰা-জীৰ্ণ ঘৰখনক ৰং দি সুন্দৰ কৰাৰ সৈতে কৰিব পাৰোঁ, যিটো স্থায়ী নহয়।—যিহিষ্কেল ১৩:১০.

৩. ঈশ্বৰৰ লোকসকলৰ মাজত থকা শান্তি মানুহে স্থাপন কৰা শান্তিতকৈ কিয় পৃথক?

যিয়েই নহওঁক, এইটো সঁচা যে এই যুদ্ধগ্ৰস্ত পৃথিৱীত প্ৰকৃত শান্তি স্থাপন কৰাটো সম্ভৱ নহয়। তেনেহʼলে চিৰস্থায়ী শান্তি কʼত পাব পাৰোঁ? প্ৰকৃত খ্ৰীষ্টানসকলৰ মাজত, যিসকলে যীচুৰ পদচিহ্নত চলিবলৈ প্ৰাণপণে চেষ্টা কৰিছে। (১ কৰিন্থীয়া ১১:১; ১ পিতৰ ২:২১) এই প্ৰকৃত খ্ৰীষ্টানসকলৰ মাজত স্থায়ী শান্তি বিৰাজ কৰাটো দেখা গৈছে। কিয়নো তেওঁলোকে বিভিন্ন জাতি, পৃষ্ঠভূমিৰ হোৱাৰ স্বত্ত্বেও শান্তিৰ যি স্ৰোতা যিহোৱাৰ সৈতে এক শান্তিময় সম্বন্ধ বজাই ৰাখিছে আৰু এই সম্বন্ধ যীচুৱে দিয়া মুক্তিপণ বলিদানৰ ওপৰত আধাৰিত। তেওঁলোকে লাভ কৰা শান্তি মানুহৰ নহয় কিন্তু ঈশ্বৰৰ পৰা পোৱা এক উপহাৰ। (ৰোমীয়া ১৫:৩৩; ইফিচীয়া ৬:২৩, ২৪) তেওঁলোকে এইবাবে এই উপহাৰ লাভ কৰিছে, কিয়নো তেওঁলোকে “শান্তিৰাজ” যীচুৰ অধীন হৈ “প্ৰেম আৰু শান্তি আকৰ ঈশ্বৰৰ” উপাসনা কৰে।—যিচয়া ৯:৬; ২ কৰিন্থীয়া ১৩:১১.

৪. এজন খ্ৰীষ্টান ব্যক্তিয়ে কেনেকৈ শান্তি বিচাৰি, তাক “খেদি” যাব পাৰে?

অপৰিপূৰ্ণ মানুহৰ মাজত শান্তি কেতিয়াও আপুনা-আপুনি নাহে। সেয়েহে পিতৰে কৈছিল যে প্ৰত্যেক খ্ৰীষ্টান ব্যক্তিয়ে “শান্তি বিচাৰি, তাক খেদি যাওক।” (১ পিতৰ ৩:১১) আমি কেনেকৈ শান্তিক খেদি যাব পাৰোঁ? প্ৰাচীন সময়ত কৰা এটা ভৱিষ্যতবাণীয়ে এই প্ৰশ্নটোৰ উত্তৰ দিছে। যিহোৱাই যিচয়া ভৱিষ্যতবক্তাৰ দ্বাৰা এইদৰে কৈছিল: “তোমাৰ সন্তানবিলাক যিহোৱাৰ দ্বাৰাই শিক্ষিত হব, আৰু তোমাৰ সন্তানবিলাকৰ পৰমশান্তি হব।” (যিচয়া ৫৪:১৩; ফিলিপীয়া ৪:৯) বাস্তৱতে যিহোৱাৰ শিক্ষাৰ অনুসাৰে জীৱন-যাপন কৰিলেহে প্ৰকৃত শান্তি পোৱা যায়। তদুপৰি, শান্তিৰ সৈতে “প্ৰেম, আনন্দ, . . . চিৰসহিষ্ণুতা, মৰম, মঙ্গলভাব, বিশ্বাস, মৃদু-ভাব, ইন্দ্ৰিয়-দমন,” এই সকলোবোৰ হৈছে ঈশ্বৰৰ পবিত্ৰ আত্মাৰ ফল। (গালাতীয়া ৫:২২, ২৩) গতিকে যিজন ব্যক্তি উগ্ৰ, অশান্ত, দয়াহীন, দুষ্ট, অবিশ্বাসী, ক্ৰোধী বা ইন্দ্ৰিয়-দমন নকৰে, তেওঁ কেতিয়াও এই শান্তি লাভ কৰিব নোৱাৰে।

“সকলো মানুহে সৈতে মিলেৰে থাকিবা”

৫, ৬. (ক) শান্তিপ্ৰিয় হোৱা বা শান্তিত থকাৰ মাজত কি পাৰ্থক্য আছে? (খ) খ্ৰীষ্টানসকলে কাৰ সৈতে শান্তিত থকা আৱশ্যক?

শান্তি শব্দটোৰ অৰ্থ হৈছে “সুস্থিৰ অৱস্থা বা প্ৰশান্ত।” এনেধৰণৰ অৰ্থ বিভিন্ন প্ৰকাৰৰ পৰিস্থিতিৰ বাবে ব্যৱহাৰিক হʼব পাৰে, যʼত নেকি কোনো মতবিৰোধীতা নাই। আনকি এজন মৃত ব্যক্তিকো সুস্থিৰ অৱস্থাত আছে বুলি কʼব পাৰি! এজন ব্যক্তিয়ে প্ৰকৃত শান্তি লাভ কৰিবলৈ হʼলে তেওঁ কেৱল শান্তিপূৰ্ণ হোৱাটোৱেই যথেষ্ট নহয়। এই সন্দৰ্ভত যীচুৱে তেওঁৰ পৰ্ব্বতীয়া উপদেশত এইদৰে কৈছিল: “মিলন্‌কাৰীবিলাক ধন্য; কিয়নো তেওঁবিলাক ঈশ্বৰৰ সন্তান বুলি প্ৰখ্যাত হব।” (মথি ৫:৯) তেওঁ সেই লোকসকলক বৰ্ণনা কৰিছিল যিসকলে পাছলৈ আধ্যাত্মিকৰূপে “ঈশ্বৰৰ সন্তান” আৰু স্বৰ্গত অবিনাশী জীৱন লাভ কৰাৰ সুযোগ আছিল। (যোহন ১:১২; ৰোমীয়া ৮:১৪-১৭) তদুপৰি, যিসকলৰ স্বৰ্গীয় জীৱনৰ আশা নাই কিন্তু তেওঁলোকেও “ঈশ্বৰৰ সন্তানবিলাকৰ প্ৰতাপমূলক মুক্তি পাব।” (ৰোমীয়া ৮:২১) প্ৰকৃততে কেৱল শান্তিপ্ৰিয় লোকসকলহে এই আশা লাভ কৰিব। গ্ৰীক ভাষাত “শান্তিপ্ৰিয়” শব্দৰ আচল অৰ্থ হৈছে “শান্তিস্থাপক।” শান্তিত শান্তিময় হোৱা আৰু শান্তিপ্ৰিয়ৰ মাজত প্ৰায়ে ভিন্নতা আছে। বাইবেলৰ অনুসাৰে শান্তিময় হোৱাৰ অৰ্থ হৈছে, যি ঠাইবিলাকত পূৰ্বতে শান্তিৰ অভাৱ আছিল সেইবোৰত সক্ৰিয়ভাৱে শান্তি বৃদ্ধি কৰা।

এই কথা মনত ৰাখি পাঁচনি পৌলে ৰোম নগৰত থকা মণ্ডলীৰ খ্ৰীষ্টানসকলক এইদৰে পৰামৰ্শ দিছিল: “যদি হব পাৰে, তেন্তে তোমালোকৰ সাধ্য অনুসাৰে সকলো মানুহে সৈতে মিলেৰে থাকিবা।” (ৰোমীয়া ১২:১৮) তেওঁ কোৱা কথাষাৰৰ অৰ্থ এইটো নাছিল যে ৰোমত থকা খ্ৰীষ্টানসকলে কেৱল তেনে স্বভাৱ ৰখাটোৱেই যথেষ্ট। আচলতে পৌলে তেওঁলোকক প্ৰকৃত শান্তি বজাই ৰাখিবলৈ উৎসাহিত কৰিছিল। কিন্তু তেওঁলোকে কাৰ সৈতে শান্তি বজাই ৰাখিব লাগিছিল? দৰাচলতে তেওঁলোকে সকলোৰে সৈতে যেনে—পৰিয়ালৰ সদস্য, সঙ্গী খ্ৰীষ্টান আৰু আনকি সত্যত নথকা লোকসকলৰ সৈতেও শান্তি বজাই ৰাখিব লাগিছিল। তেওঁ ৰোমত থকা খ্ৰীষ্টানসকলক আনৰ সৈতে শান্তি বজাই ৰাখিবলৈও উৎসাহিত কৰিছিল, যিটো ‘তেওঁলোকৰ সাধ্যৰ ওপৰত নিৰ্ভৰ কৰিছিল।’ তেওঁ এইটো কোৱা নাছিল যে তেওঁলোকে শান্তি বজাই ৰাখিবৰ বাবে নিজৰ বিশ্বাসকো ত্যাগ দিয়া আৱশ্যক। ইয়াৰ বিপৰীতে তেওঁলোকে পৰাপক্ষত আনক অকাৰণতে অসন্তুষ্ট নকৰি শান্তিৰে সকলোৰে সৈতে মিলি থকা উচিত আছিল। অৰ্থাৎ তেওঁলোকে মণ্ডলীত থকা বা নথকা সময়তো আনৰ সৈতে তেনে ব্যৱহাৰ কৰিবলৈ লাগিছিল। (গালাতীয়া ৬:১০) এই সন্দৰ্ভত পাঁচনি পৌলে এইদৰে লিখিছিল: “পৰস্পৰ, আৰু সকলোলৈকে সদায় হিতকাৰী হবলৈ যত্ন কৰা।”—১ থিচলনীকীয়া ৫:১৫.

৭, ৮. অবিশ্বাসীসকলৰ সৈতে খ্ৰীষ্টানসকলে কিয় আৰু কেনেকৈ শান্তি বজাই ৰখা উচিত?

যিসকলে সত্যক স্বীকাৰ নকৰে আৰু হয়তো আমাৰ বিৰোধ কৰে, আমি তেওঁলোকৰ সৈতে কেনেকৈ শান্তিত থাকিব পাৰোঁ? এক প্ৰকাৰে আমি নিজকে আনৰ তুলনাত উচ্চ বুলি গণ্য কৰাৰ পৰা আঁতৰি থকা আৱশ্যক। উদাহৰণস্বৰূপে, এজন ব্যক্তিক আমি কথা-বতৰা বা কাৰ্য্যৰে অপমানিত কৰি তেওঁৰ সৈতে শান্তি বজাই ৰখাটো সম্ভৱ নহয়। যদিও যিহোৱাই এই পৃথিৱীৰ সংগঠনসমূহ আৰু জাতিবিলাকক ন্যায় কৰিব, তথাপিও তেওঁলোকক জগৰীয়া কৰি কথা কোৱাৰ আমাৰ কোনো অধিকাৰ নাই। বাস্তৱতে, আমি আনৰ বা আমাৰ বিৰোধীসকলক ন্যায় নকৰোঁ। সেই কাৰণে পৌলে তীতক ক্ৰীতি দ্বীপত থকা খ্ৰীষ্টানসকলক পৰামৰ্শ দি সোঁৱাৰাই দিবলৈ এইদৰে কৈছিল: “কাৰো নিন্দা নকৰি, নিৰ্ব্বিৰোধী আৰু ক্ষান্ত স্বভাৱী হৈ, সকলো মানুহৰ প্ৰতি মৃদুভাৱ” দেখুৱা আৱশ্যক। কিয়নো ক্ৰীতি দ্বীপত থকা খ্ৰীষ্টানসকলে মানৱ অধিকাৰীসকলৰ সৈতে ভাল সম্বন্ধ বজাই নাৰাখিছিল।—তীত ৩:১, ২.

তদুপৰি আমি অবিশ্বাসী ব্যক্তিসকলৰ সৈতে শান্তি বজাই ৰাখি সত্যৰ বিষয়ে নোকোৱাটো আমাৰ বিশ্বাসৰ বাবে হিতজনক বিষয় নহʼব। দৰাচলতে আমি তেনে ব্যক্তিসকলৰ সৈতে সম্বন্ধ বজাই নাৰাখো যিসকলে “সদাচাৰ নষ্ট কৰে।” (১ কৰিন্থীয়া ১৫:৩৩) তথাপিও আমি সকলোকে সন্মান আৰু দয়া কৰা উচিত। এইবাবে পাঁচনি পিতৰে এইদৰে কৈছিল: “পৰজাতিবিলাকে যি বিষয়ত দুষ্কৰ্ম্মকাৰী বুলি তোমালোকৰ বিৰুদ্ধে কথা কয়, সেই বিষয়ত তেওঁবিলাকে তোমালোকৰ সৎকৰ্ম্ম দেখি তাৰ কাৰণে কৃপাদৃষ্টিৰ দিনা যেন ঈশ্বৰৰ স্তুতি কৰে, এই কাৰণে তেওঁবিলাকৰ মাজত তোমালোকৰ আচাৰ-ব্যৱহাৰ উত্তম হওক।”—১ পিতৰ ২:১২.

প্ৰচাৰকাৰ্য্যত শান্তি বজাই ৰাখক

৯, ১০. অবিশ্বাসীসকলৰ সৈতে শান্তিপূৰ্ণ আচৰণ বজাই ৰাখি পাঁচনি পৌলে কেনে আৰ্হি প্ৰস্তুত কৰিলে?

প্ৰথম শতাব্দীৰ খ্ৰীষ্টানসকল সাহসী হোৱাৰ বাবে সকলোতে জনাজাত হৈ পৰিছিল। কিয়নো তেওঁলোকে উৎপীড়নৰ সম্মুখীন হোৱাৰ স্বত্ত্বেও শুভবাৰ্ত্তা প্ৰচাৰ কৰিবলৈ এৰি দিয়া নাছিল। তদুপৰি, তেওঁলোকে মানুহৰ পৰিৱৰ্তে ঈশ্বৰৰ আজ্ঞা পালন কৰিবলৈ দৃঢ় নিৰ্ণয় লৈছিল। (পাঁচনিৰ কৰ্ম্ম ৪:২৯; ৫:২৯) যিয়েই নহওঁক কিয় তেওঁলোকৰ তেনে সাহসপূৰ্ণ নিৰ্ণয়ে, তেওঁলোকক অশিষ্টাচাৰ ব্যক্তি বুলি পৰিচয় দিয়া নাছিল। উদাহৰণস্বৰূপে, পাঁচনি পৌলে তেওঁৰ বিশ্বাসৰ ৰক্ষাৰ অৰ্থে অগ্ৰিপ্প ৰজাৰ সম্মুখত লোৱা পদক্ষেপৰ বিষয়ে বিবেচনা কৰক। অগ্ৰিপ্পক তেওঁৰ সৰু ভনীয়েক বৰ্ণীকীয়ৰ সৈতে অবৈধ যৌন সম্বন্ধ থকাৰ বাবে পাঁচনি পৌলে তেওঁক নৈতিকতাৰ বিষয়ে কোনো ভাষণ দিয়া নাছিল। কিন্তু পৌলে, অগ্ৰিপ্পই সন্মত হোৱা সেই বিষয়সমূহক জোৰ দি উল্লেখ কৰিছিল। কিয়নো অগ্ৰিপ্পই যিহুদীবিলাকৰ ৰীতি-নীতি আৰু আচৰণৰ সম্পৰ্কে জানিছিল আৰু ভাববাদীসকলক বিশ্বাস কৰিছিল।—পাঁচনিৰ কৰ্ম্ম ২৬:২, ৩, ২৭.

১০ পাঁচনি পৌলে কপটপূৰ্ণ হৈ ৰজা অগ্ৰিপ্পক তেনে কথা কৈ মুক্তি লাভ কৰিব বিচাৰিছিলনে? নিশ্চয়ে নহয়। ইয়াৰ পৰিৱৰ্তে তেওঁ নিজৰ পৰামৰ্শ পালন কৰি সত্যৰ বিষয়ে প্ৰচাৰ কৰিছিল। তদুপৰি তেওঁ অগ্ৰিপ্পক কোনো অসত্যও কোৱা নাছিল। (ইফিচীয়া ৪:১৫) কিয়নো তেওঁ এজন শান্তিপ্ৰিয় ব্যক্তি আছিল আৰু জানিছিল যে পৰিত্ৰাণৰ পথত চলিবলৈ কেনেকৈ “সকলোলৈকে সকলো প্ৰকাৰ” হৈ সহায় কৰিব পাৰি। (১ কৰিন্থীয়া ৯:২২) তেওঁৰ মুখ্য উদ্দেশ্য আছিল যীচুৰ বিষয়ে প্ৰচাৰ কৰাৰ তেওঁৰ অধিকাৰক ৰক্ষা কৰা। এজন উত্তম শিক্ষক হিচাপে পাঁচনি পৌলে এনে কিছুমান বিষয়ৰ সম্পৰ্কে উল্লেখ কৰিছিল, যিবিলাকত তেওঁ আৰু অগ্ৰিপ্পই সন্মত আছিল। তেনে কৰাৰ দ্বাৰাই তেওঁ সেই অনৈতিক জীৱন ধাৰণ কৰা ৰজা জনক খ্ৰীষ্টান ধৰ্ম্মৰ বিষয়ে ভালদৰে বুজিবলৈ সহায় কৰিছিল।—পাঁচনিৰ কৰ্ম্ম ২৬:২৮-৩১.

১১. আমি কেনেকৈ প্ৰচাৰকাৰ্য্যত শান্তিপ্ৰিয় হʼব পাৰোঁ?

১১ প্ৰচাৰকাৰ্য্যত আমি কেনেকৈ শান্তিপ্ৰিয় হʼব পাৰোঁ? ইয়াৰ বাবে আমি পাঁচনি পৌলৰ নিচিনাকৈ তৰ্ক-বিতৰ্কৰ পৰা আঁতৰি থকা উচিত। কিন্তু যেতিয়া আমাৰ বিশ্বাস সম্বন্ধে কিবা বিৰোধীতাৰ সম্মুখীন হওঁ, তেতিয়া আমি সাহসী হৈ “ঈশ্বৰৰ বাক্য নিৰ্ভয়ৰূপে কবলৈ” পদক্ষেপ লোৱা উচিত। (ফিলিপীয়া ১:১৪) আচলতে বেছিভাগ সময়ত শুভবাৰ্ত্তা প্ৰচাৰ কৰাটোৱে হৈছে আমাৰ মুখ্য উদ্দেশ্যে। (মথি ২৪:১৪) যদি এজন ব্যক্তিয়ে ঈশ্বৰৰ উদ্দেশ্য সম্বন্ধ থকা সত্যক বুজি পাই তেন্তে তেওঁ মিছা ধৰ্ম্ম আৰু ইয়াৰ সকলো প্ৰকাৰৰ অশুচি অভ্যাসবোৰ ত্যাগ দিব। সেয়েহে পৰাপক্ষত আমি আমাৰ বাৰ্ত্তা শুনোতাসকলৰ আগত ব্যৱহাৰিক বিষয়বোৰ দাঙি ধৰা আৰু তেওঁলোকে কোৱা কথাক মনোযোগেৰে শুনা আৱশ্যক। তদুপৰি যদি আমি এজন বিৰোধী ব্যক্তিৰ সৈতে সতৰ্কতা বজাই ৰাখি আমি ঈশ্বৰৰ বাৰ্ত্তাৰ বিষয়ে কওঁ, তেতিয়াহʼলে তেওঁ হয়তো আমাৰ বাৰ্ত্তাক মনোযোগে শুনিব পাৰে।—২ কৰিন্থীয়া ৬:৩.

পৰিয়ালত শান্তিপ্ৰিয় হওঁক

১২. পৰিয়ালত আমি কেনেকৈ শান্তিপ্ৰিয় হʼব পাৰোঁ?

১২ পাঁচনি পৌলে কৈছিল, যিসকলে বিবাহ কৰিবলৈ ইচ্ছুক তেওঁলোকলৈ “শাৰীৰিক ক্লেশ ঘটিব।” (১ কৰিন্থীয়া ৭:২৮) তেওঁলোকে বহু ধৰণৰ কষ্টৰ সম্মুখীন হʼব লাগিব। ইয়াৰ ওপৰিও, কেতিয়াবা হয়তো স্বামী-স্ত্ৰীৰ মাজত তৰ্ক-বিতৰ্কও হʼব পাৰে। এনে সমস্যাবোৰ কেনেকৈ সমাধান কৰিব পাৰি? তেনে সমস্যাবোৰক শান্তিপ্ৰিয় হৈ সমাধান কৰা উচিত। এজন শান্তিপ্ৰিয় ব্যক্তিয়ে কোনো এটা বাদ-বিবাদক কাজিয়াত পৰিণত হোৱাৰ পৰা ৰক্ষা কৰিব পাৰে। কিন্তু কেনেকৈ? তেওঁলোকে সৰ্বপ্ৰথমে তেওঁলোকৰ নিজ নিজ জীভাক নিয়ণ্ত্ৰণ কৰা আৱশ্যক। যেতিয়া আমি কোনো এজনক অপমানিত বা ইতিকিং কৰি কথা কওঁ, তেতিয়া আমাৰ শৰীৰত থকা এই সৰু অঙ্গই আনৰ বাবে “অশান্ত দুষ্টতা, . . . মৃত্যুজনক বিহেৰে পৰিপূৰ্ণ” হোৱাৰ নিচিনা কাৰ্য্য কৰিব পাৰে। (যাকোব ৩:৮) কিন্তু এজন শান্তিপ্ৰিয় ব্যক্তিয়ে আনক নিৰুৎসাহিত কৰাৰ পৰিৱৰ্তে উৎসাহিত কৰিবলৈ নিজৰ জিভাক ব্যৱহাৰ কৰে।—হিতোপদেশ ১২:১৮.

১৩, ১৪. যেতিয়া আমাৰ কথা-বতৰা বা অনুভূতিয়ে কোনোবা এজনৰ মনত আঘাত কৰে, তেনে সময়ত আমি কেনেকৈ শান্তি বজাই ৰাখিব পাৰোঁ?

১৩ সকলোৱে অপৰিপূৰ্ণ হোৱাৰ হেতুকে কেতিয়াবা আমি কোৱা কথাৰ বাবে পাছলৈ অনুতাপ কৰিবলগীয়া হয়। যেতিয়া এনে হয় তেতিয়া শান্তি স্থাপিত কৰাত পলম নকৰিব। (হিতোপদেশ ১৯:১১; কলচীয়া ৩:১৩) তদুপৰি, কোনো কথাত “বাদ-বিচাৰ” আৰু পাছলৈ “বাগযুদ্ধৰূপ” লোৱাৰ পৰা আঁতৰি থকা উচিত। (১ তীমথিয় ৬:৪, ৫) ইয়াৰ বিপৰীতে আপুনি নিজ বিবাহিতা সঙ্গীৰ ভাৱনাক সন্মান আৰু বুজিবলৈ চেষ্টা কৰক। যদি আপোনাক কোৱা কথাৰ বাবে মনত আঘাত পাইছে, তেন্তে আপুনিও নিজৰ সঙ্গীৰ মনত আঘাত কৰিবলৈ প্ৰতিশোধ লোৱাটো উচিত নহয়। মনত ৰাখক যে “মৃদু উত্তৰে ক্ৰোধ ক্ষান্ত কৰে।”—হিতোপদেশ ১৫:১.

১৪ যথাসময়ত আপুনি হয়তো হিতোপদেশ ১৭:১৪ পদত উল্লেখ কৰা পৰামৰ্শক বিবেচনা কৰিবলগীয়া হʼব পাৰে, যʼত এইদৰে কোৱা কৈছে: “বিবাদৰ আৰম্ভণেই পানীৰ ভেটা ভঙা নিচিনা; এই হেতুকে দ্বন্দ্ব-কাজিয়া নৌ লাগোঁতেই বিবাদ এৰি পেলোৱা।” ইয়াৰ অৰ্থ হৈছে বিবাদে কাজিয়াৰ ৰূপ নোলোৱাৰ আগতে তাৰ পৰা আঁতৰ হোৱা। পাছলৈ যেতিয়া ক্ৰোধে শাম কাটে তেতিয়া আপুনি শান্ত হৈ নম্ৰতাৰে সমস্যাটোৰ সমাধান কৰিবলৈ সক্ষম হʼব। কিছুমান ক্ষেত্ৰত এজন পৰিপক্ক প্ৰাচীনৰ সহায় লোৱাটো বুদ্ধিমতাৰ বিষয় হʼব পাৰে। যেতিয়া বৈবাহিক জীৱনত শান্তি বজাই ৰখাটো কঠিন হৈ পৰে তেতিয়া এনে অনুভৱী আৰু অনুভূতি থকা ব্যক্তিসকলে শীতল বতাহৰ দৰে কাৰ্য্য কৰিব পাৰে।—যিচয়া ৩২:১, ২.

মণ্ডলীত শান্তিপ্ৰিয় হওঁক

১৫. যাকোবৰ অনুসাৰে প্ৰথম শতাব্দীৰ খ্ৰীষ্টানসকলে কেনেধৰণৰ দুষ্ট মনোবৃত্তি দেখুৱাইছিল আৰু তেনেধৰণৰ মনোবৃত্তিক কিয় “পাৰ্থিৱ”, ‘পশুতুল্য’ আৰু “ভৌতিক” বুলি কোৱা হৈছে?

১৫ অতি দুখৰ বিষয় এই যে প্ৰথম শতাব্দীৰ কিছুমান খ্ৰীষ্টানে মণ্ডলীত শান্তি বজাই ৰখাৰ পৰিৱৰ্তে ঈৰ্ষা আৰু দ্বন্দপ্ৰিয় মনোবৃত্তি প্ৰকাশ কৰিছিল। সেইবাবে যাকোবে এইদৰে কৈছিল: “এনে জ্ঞান ওপৰৰ পৰা নামি অহা নহয়, কিন্তু সেয়ে পাৰ্থিব, (পশুতুল্য, NW), আৰু ভৌতিক। কিয়নো যি ঠাইতে ঈৰ্ষা আৰু বিৰোধ থাকে, তাতেই দ্বন্দ আৰু আটাই কুকৰ্ম্ম থাকে।” (যাকোব ৩:১৪-১৬) কিছুমানে বিশ্বাস কৰে যে গ্ৰীক ভাষাত “দ্বন্দ” শব্দটোৰ অৰ্থ হৈছে স্বাৰ্থপৰ অভিলাষ; যেনে, কোনো উচ্চ পদ পোৱাৰ আশাৰে চাতুৰ্য্যৰে কাৰ্য্য কৰা। সেই একেই কাৰণৰ বাবে যাকোবে এনে মনোবৃত্তিক ‘পাৰ্থিৱ, পশুতুল্য, আৰু ভৌতিক’ বুলি উল্লেখ কৰিছিল। দৰাচলতে গোটেই ইতিহাসে প্ৰমাণ কৰিছে যে বিশ্বৰ শাসনকৰ্তাসকলে ক্ষমতা আৰু উচ্চপদ পাবলৈ বনৰীয়া পশুৰ দৰে যুঁজ কৰিলে। প্ৰকৃততে দ্বন্দ হৈছে “পাৰ্থিব” আৰু “পশুতুল্য।” ইয়াক আকৌ “ভৌতিক” বুলিও কোৱা হৈছে। কিয়নো ইয়াৰ আৰম্ভণ এনে এজন স্বৰ্গদূতৰ পৰা হৈছিল যিজনে নিজৰ স্বাৰ্থপৰ অভিলাষক পূৰ কৰাৰ আশাৰে যিহোৱাৰ বিৰোদ্ধে থিয় দিলে আৰু পাছলৈ চয়তান হʼল, যিজনক পিশাসবোৰৰ অধিপতি বুলিও কোৱা হয়।

১৬. প্ৰথম শতাব্দীৰ কিছুমান খ্ৰীষ্টান ব্যক্তিয়ে কেনেকৈ চয়তানৰ দৰে মনোবৃত্তি প্ৰকাশ কৰিছিল?

১৬ যাকোবে খ্ৰীষ্টানসকলক দ্বন্দ মনোবৃত্তি উন্নত কৰাৰ পৰা আঁতৰি থাকিবলৈ আগ্ৰহ কৰিছিল। কিয়নো ই শান্তি পৰিবেশক নষ্ট কৰে। সেয়েহে তেওঁ এইদৰে লিখিছিল: “তোমালোকৰ মাজত ৰণ-যুদ্ধ কʼৰ পৰা হয়? আৰু বিৰোধ নো কʼৰ পৰা হয়? তোমালোকৰ অঙ্গ-প্ৰত্যঙ্গত যুদ্ধ কৰা যি যি সুখাভিলাষ, তাৰ পৰা নহয় নে?” (যাকোব ৪:১) ইয়াত উল্লেখ কৰা ‘অঙ্গ-প্ৰত্যঙ্গত যুদ্ধ কৰা যি যি সুখাভিলাষৰ’ তুলনা পাৰ্থিৱ বস্তু বা উচ্চাকাংক্ষাৰ দ্বাৰা বশিভূত বা প্ৰভাৱিত হোৱা অভিলাষৰ সৈতে কৰা হৈছে। একেইদৰে মণ্ডলীত কিছুমান ব্যক্তিয়ে, যীচুৱে শিষ্যসকলক “সৰু” হʼবলৈ কোৱাৰ বিপৰীতে চয়তানৰ নিচিনাকৈ মহান হʼবলৈ বিচাৰিছিল। (লূক ৯:৪৮) তেনেধৰণৰ মনোবৃত্তিয়ে মণ্ডলীত শান্তি ভঙ্গ কৰিব পাৰে।

১৭. বৰ্তমান সময়ত মণ্ডলীত খ্ৰীষ্টানসকলে কেনেকৈ শান্তি বজাই ৰাখিব পাৰে?

১৭ আজিও, আমি ভৌতিক, ঈৰ্ষা বা স্বাৰ্থপৰ আকাঙ্ক্ষাৰ দৰে থকা মনোবৃত্তিক প্ৰতিৰোধ কৰা উচিত। যদি আমি প্ৰকৃততে এজন শান্তিপ্ৰিয় ব্যক্তি, তেন্তে মণ্ডলীত আনতকৈ অধিক দায়িত্ব লাভ কৰাৰ বিষয়ে নাভাবিম বা তেওঁলোকক আনৰ সম্মুখত অপমানিত নকৰিম। ইয়াৰ ওপৰিও যদি আমাত এনে কিছুমান উল্লেখযোগ্য গুণ আছে, তেন্তে আমি নিজকে আনতকৈ উচ্চ বুলি গণ্য নকৰিম। তদুপৰি আমাৰ দ্বাৰাহে যে কেৱল মণ্ডলীৰ উন্নতি হʼব পাৰে বুলি কৰা বিচাৰ-ধাৰাৰ পৰাও আঁতৰি থাকিম। কিয়নো এনেধৰণৰ মনোবৃত্তিয়ে মণ্ডলীত শান্তি বজাই ৰখাৰ পৰিৱৰ্ত্তে বিভাজন সৃষ্টি কৰে; শান্তিপ্ৰিয় ব্যক্তিসকলে নিজৰ যোগ্যতাত অহঙ্কাৰ নকৰে, কিন্তু ইয়াৰ বিপৰীতে তেওঁলোকে নম্ৰতাৰে নিজৰ যোগ্যতাক ভাই-ভনীসকলৰ সেৱা আৰু যিহোৱাক সন্মানীত কৰিবলৈহে ব্যৱহাৰ কৰে। কিয়নো তেওঁলোকে জানে যে যোগ্যতাই নহয়, কেৱল প্ৰেমেহে প্ৰকৃত খ্ৰীষ্টান হোৱাৰ পৰিচয় দিয়ে।—যোহন ১৩:৩৫; ১ কৰিন্থীয়া ১৩:১-৩.

‘তোমাৰ অধ্যক্ষবিলাকক শান্তিস্বৰূপে নিযুক্ত কৰিম’

১৮. প্ৰাচীনসকলে নিজৰ মাজত কেনেকৈ শান্তি বজাই ৰাখিব পাৰে?

১৮ মণ্ডলীত শান্তি বজাই ৰাখিবলৈ প্ৰাচীনসকলে নেতৃত্ব লয়। এই সন্দৰ্ভত যিহোৱাই তেওঁৰ লোকসকলক এইদৰে কৈছিল: “মই তোমাৰ অধ্যক্ষবিলাকক শান্তিস্বৰূপে, আৰু তোমাৰ কৰগ্ৰাহীবিলাকক ধাৰ্ম্মিকতাস্বৰূপে নিযুক্ত কৰিম।” (যিচয়া ৬০:১৭) এই ভৱিষ্যতবাণীৰ অনুসাৰে খ্ৰীষ্টান ৰখীয়াসকলে নিজৰ আৰু জাকৰ মাজত শান্তি বজাই ৰাখিবলৈ কঠিন প্ৰৰিশ্ৰম কৰে। প্ৰাচীনসকলে, “ওপৰৰ পৰা অহা যি জ্ঞান” যি শান্তিযুক্ত আৰু ক্ষান্তস্বভাৱী হৈ তেওঁলোকৰ মাজত শান্তি বজাই ৰাখিব পাৰে। (যাকোব ৩:১৭) তেওঁলোকে বিভিন্ন পৃষ্ঠভূমি আৰু বিভিন্ন অভিজ্ঞতা থকাৰ বাবে মণ্ডলীত কেতিয়াবা বেলেগ বেলেগ দৃষ্টিভঙ্গী দাঙি ধৰে। কিন্তু ইয়াৰ অৰ্থ এইটোনে যে তেওঁলোকেৰ মাজত শান্তিৰ হ্ৰাস হৈছে? যদিহে সমস্যাবোৰক সঠিকভাৱে সমাধান কৰা হয়, তেনেহʼলে তেওঁলোকৰ মাজত শান্তি বিৰাজ কৰিব। শান্তিপ্ৰিয় ব্যক্তিসকলে নম্ৰতাৰে তেওঁলোকৰ ভাব প্ৰকাশ কৰে আৰু মনোযোগেৰে আনৰ কথা শুনে। এনে ব্যক্তিয়ে নিজৰ অভিপ্ৰায়ৰ অনুসাৰে আনক জোৰ দি কাৰ্য্য কৰিবলৈ কোৱাৰ পৰিৱৰ্তে, ভাইসকলৰো দৃষ্টিভঙ্গীৰ প্ৰতি প্ৰাৰ্থনাপূৰ্বকভাৱে বিবেচনা কৰে। যদি তেওঁলোকৰ দৃষ্টিভঙ্গী বাইবলেৰ অনুসৰি হয়, তেনেহʼলে তেনে দৃষ্টিভঙ্গীক বিবেচনা কৰিব পাৰি। যেতিয়া কোনোৱে তেওঁৰ নিৰ্ণয়ৰ সৈতে সন্মত নহয়, তেনেহʼলে এজন শান্তিপ্ৰিয় ব্যক্তিয়ে বেছিভাগ ভায়ে সন্মত হোৱা নিৰ্ণয়ক সমৰ্থন কৰে। তেনে কৰাৰ দ্বাৰা তেওঁ নিজকে এজন শান্তিপ্ৰিয় ব্যক্তি বুলি পৰিচয় দিয়ে। (১ তীমথিয় ৩:২, ৩) অনুভৱী অধ্যক্ষসকলে জানে যে নিজৰ সিদ্ধান্তক ধৰি ৰখাৰ পৰিৱৰ্তে শান্তি বজাই ৰখাটোহে অতি উত্তম।

১৯. প্ৰাচীনসকলে মণ্ডলীত কেনেকৈ শান্তিপ্ৰিয় হৈ কাৰ্য্য কৰে?

১৯ ইয়াৰ ওপৰিও প্ৰাচীনসকলে মণ্ডলীৰ সদস্যসকলে কৰা প্ৰচেষ্টাক সমৰ্থন কৰাৰ যোগেদি শান্তি বজাই ৰাখে। কেতিয়াবা কিছুমান ভাই-ভনীক নিজৰ বিচাৰ-ধাৰা সলনি কৰা আৱশ্যক হয়। (গালাতীয়া ৬:১) তেনে অৱস্থাত এজন খ্ৰীষ্টান অধ্যক্ষয়ে পোনছাটেই অনুশাসন নিদিয়ে। সাধাৰণতে তেওঁ প্ৰথমে তেওঁলোকৰ কাৰ্য্যৰ প্ৰতি শলাগ লয়। কিয়নো প্ৰেমময় প্ৰাচীনসকলে আনৰ হিত বিচাৰে। অধ্যক্ষসকলে তেওঁলোকৰ সঙ্গী উপাসকসকলে কৰা কঠোৰ পৰিশ্ৰমক প্ৰশংসাৰ দৃষ্টিৰে চাই আৰু তেওঁলোকে যে সদায়েই উত্তম কৰিব তাৰ প্ৰতি সম্পূৰ্ণকৈ ভৰসা কৰে।—২ কৰিন্থীয়া ২:৩, ৪.

২০. যদি সকলোৱে শান্তি বজাই ৰখাত সহযোগ কৰে তেনেহʼলে মণ্ডলীয়ে কেনেকৈ লাভবান হʼব?

২০ এতেকে আমি পৰিয়াল, মণ্ডলী আৰু অবিশ্বাসীসকলৰ সৈতে শান্তি বজাই ৰাখিবলৈ কঠোৰ প্ৰৰিশ্ৰম কৰোঁ। যদি আমি শান্তিপ্ৰিয় ব্যক্তি হবলৈ যত্ন কৰোঁ, তেনেহʼলে মণ্ডলীত আনন্দ বজাই ৰখাত এক অমূল্য অৱদান আগবঢ়াম। একে সময়ত আমি নিজকে বহু প্ৰকাৰে সুৰক্ষা আৰু শক্তিশালী কৰিব পাৰিম। এই বিষয়ে আমি পৰৱৰ্তী লেখত আলোচনা কৰিম। (w01 9/1)

আপোনাৰ মনত আছেনে?

• শান্তিপ্ৰিয় হোৱাৰ অৰ্থ কি?

• অবিশ্বাসীসকলৰ সৈতে আমি কেনেকৈ শান্তিপ্ৰিয় হৈ আচৰণ কৰিব পাৰোঁ?

• পৰিয়ালত শান্তি বজাই ৰখাৰ কিছুমান পদ্ধতি কি কি?

• প্ৰাচীনসকলে মণ্ডলীত কেনেকৈ শান্তি বজাই ৰাখিব পাৰে?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[৯ পৃষ্ঠাৰ ছবি]

শান্তিপ্ৰিয় ব্যক্তিসকলে নিজকে আনতকৈ উচ্চ বুলি গণ্য নকৰে

[১০ পৃষ্ঠাৰ ছবি]

খ্ৰীষ্টানসকলে প্ৰচাৰকাৰ্য্য, মণ্ডলী আৰু ঘৰখনত শান্তি বজাই ৰাখে