Skip to content

Skip to table of contents

আপুনি এই জগতখনক এখন উত্তম স্থানলৈ পৰিৱৰ্তন কৰিব পাৰিবনে?

আপুনি এই জগতখনক এখন উত্তম স্থানলৈ পৰিৱৰ্তন কৰিব পাৰিবনে?

আপুনি এই জগতখনক এখন উত্তম স্থানলৈ পৰিৱৰ্তন কৰিব পাৰিবনে?

“চৰকাৰে সমাজখনক পুনৰ সংযোগ কৰিব নোৱাৰে। কিয়নো চৰকাৰসমূহে পৰম্পৰাগত নৈতিকতাক পুনৰ স্থাপন কৰাত অক্ষম। সকলোতকৈ উত্তম চৰকাৰেও প্ৰণয়লীলা বা বিবাহ, লʼৰা-ছোৱালীৰ বাবে পিতৃসকলক দায়ী, এসময়ত অযোগ্য বা লাজৰ বিষয় বুলি মনা বিষয়বোৰকো আঁতৰ কৰিব নোৱাৰে . . . বৃহতভাৱে থকা অনৈতিকতাৰ সমস্যাবোৰক আইনে সম্পূৰ্ণৰূপে সমাধান কৰিব নোৱাৰে।”

 আমেৰিকা চৰকাৰৰ এজন ভূতপূৰ্ব্ব কত্তৃপক্ষই কোৱা এই কথাষাৰৰ সৈতে আপুনি সন্মত হʼবনে? যদি হয়, তেনেহʼলে বৰ্তমান সময়ত হোৱা লোভ, পৰিয়ালৰ সদস্যৰ মাজত প্ৰকৃত প্ৰেমৰ হ্ৰাস, অনৈতিকতা, অজ্ঞানতা আৰু আন আন ক্ষতিকৰ কাৰণসমূহে সমাজখনক অৱনতি কৰাৰ ফলত উৎপন্ন হোৱা অনেক সমস্যাক কেনেকৈ সমাধান কৰিব বুলি আপুনি ভাবে? কিছুমানে অনুভৱ কৰে যে ইয়াৰ কোনো সমাধান নাই, সেইবাবে তেওঁলোকে যিমান পাৰে নিজৰ জীৱনটোক ব্যস্ত কৰি ৰাখে। আন কিছুমানে আশা কৰে যে নিশ্চয়ে এদিন এনে এজন অলৌকিক আৰু সপ্ৰতিভাশীল অথবা এজন ধাৰ্ম্মিক নেতা আহিব, যিজনে তেওঁলোকক সঠিক পথ-প্ৰদৰ্শনৰ নিৰ্দ্দেশনা দিব।

বাস্তৱতে আজিৰ পৰা দুহেজাৰ বছৰৰ পূৰ্বেই লোকসকলে যীচু খ্ৰীষ্টক তেওঁলোকৰ ৰজা হিচাবে নিযুক্ত কৰিব বিচাৰিছিল, কিয়নো তেওঁলোকে ভাবিছিল যে তেওঁক ঈশ্বৰে পঠিয়াইছে আৰু তেওঁৱেই শাসন কৰিবলৈ উপযুক্ত। যিয়েই নহওঁক, যীচুৱে তেওঁলোকৰ অভিপ্ৰায়ক বুজিব পাৰি কোনো পলম নকৰাকৈ সেই ঠাই ত্যাগ কৰিছিল। (যোহন ৬:১৪, ১৫) পাছলৈ তেওঁ ৰোমান শাসনকৰ্ত্তাক এইদৰে কৈছিল যে, “মোৰ ৰাজ্য এই জগতৰ নহয়।” (যোহন ১৮:৩৬) বৰ্তমান সময়ত, তথা-কথিত যীচুৰ অনুগামীসকলৰ কিছুমান ধৰ্ম্মীয় গুৰুৱে যীচুৰ দৰে পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁলোকৰ কিছুমানে জগতখনক এক উত্তম স্থানলৈ পৰিৱৰ্তন কৰিবলৈ এই জগতৰ শাসকসকলক নিৰ্দ্দেশনা দিছে অথবা ৰাজনৈতিকত নিজেই জড়িত হৈছে। যদি আমি ১৯৬০ আৰু ১৯৭০ চনলৈ উভটি যাওঁ, তেনেহʼলে এই ধৰ্ম্মীয় গুৰুসকলে কৰা কাৰ্য্যবোৰক স্পষ্টকৈ দেখিবলৈ পাম।

এই জগতখনক উন্নত কৰিবলৈ ধৰ্ম্মই প্ৰচেষ্টা কৰা

১৯৬০ চনৰ পাছৰ ভাগত, লেটিন আমেৰিকাত থকা নিৰ্দ্দিষ্ট কিছুমান ধৰ্ম্মতত্ত্ববিদে দৰিদ্ৰ আৰু নিপীড়ত লোকৰ হৈ সংগ্ৰাম কৰিলে। তদুপৰি, তেওঁলোকে সেই সংগ্ৰামত সাফল্যতা লাভ কৰিবলৈ ধৰ্ম্মতত্ত্ববিদ স্বাধীনতা বিকাশিত কৰিলে, যাৰ যোগেদি তেওঁলোকে বাইবেলত কোৱা অনুসাৰে যীচুক উদ্ধাৰকৰ্ত্তাৰূপে নহয়, কিন্তু ৰাজনীতিজ্ঞ আৰু অৰ্থনৈতিক হিচাবে দাঙি ধৰিলে। আমেৰিকা যুক্তৰাষ্ট্ৰত থকা গীৰ্জাসমূহৰ কিছুমান ধৰ্ম্মগুৰুৱে নিম্নগামী নৈতিকতাৰ প্ৰতি অধিককৈ চিন্তিত হৈ এটা সংগঠন স্থাপন কৰিলে যাক মৰেল মেজৰিটি বুলি কোৱা হৈছিল। ইয়াৰ মুখ্য উদ্দেশ্য আছিল, ৰাজনৈতিক ব্যক্তিসকলৰ যোগেদি পৰিয়ালৰ কল্যাণৰ অৰ্থে বিধি-বিধান স্থাপন কৰা। ঠিক একেইদৰে ইছলাম ধৰ্ম্মাৱলীৰ দেশসমূহতো লোকসমূহে দুৰ্নীতিক বাধা দিবলৈ চেষ্টা কৰে আৰু অধিকমাত্ৰাত কোৰাণত থকা পৰামৰ্শক নিবিড়ভাৱে অনুকৰণ কৰিবলৈ উৎসাহিত কৰে।

এনেধৰণৰ ধৰ্ম্মীয় প্ৰচেষ্টাৰ যোগেদি এই জগতখনক এক উত্তম স্থানলৈ পৰিৱৰ্ত্তন কৰিব পৰা যাব বুলি আপুনি বিশ্বাস কৰেনে? প্ৰমাণসমূহে দেখুৱাইছে যে নৈতিকতাৰ মূল্য একেৰাহে হ্ৰাস হৈছে, আন আন দেশৰ ওপৰিও ধৰ্ম্মতত্ত্ববিদ প্ৰবল হোৱা দেশবোৰতো ধনী আৰু দৰিদ্ৰ মাজত থকা ব্যৱধান ক্ৰমান্বয়ে বৃদ্ধি পাইছে।

কিয়নো মৰেল মেজৰিটি নামৰ সংগঠনটোৱে আমেৰিকা যুক্তৰাষ্ট্ৰত ইয়াৰ মুখ্য উদ্দেশ্যক প্ৰস্তুত কৰাত বিফল হʼল আৰু ইয়াৰ প্ৰতিষ্ঠাতা জেৰী ফলৱেলে ১৯৮৯ চনত এই সংগঠনটোক ভঙ্গ কৰিলে। আন আন সংগঠনে ইয়াৰ স্থান ললে। যিয়েই নহওঁক কিয়, “মৰেল মেজৰিটি” উক্তিটোৰ প্ৰচলনকৰ্ত্তা পৌল ৱেৰিচে খ্ৰীষ্টিয়ানিটী টুডে নামৰ আলোচনীখনত এইদৰে লিখিছিল: “যদিও আমাৰ লোকসকলে ৰাজনৈতিকত স্থান পাইছিল, কিন্তু তেওঁলোকে আমি গুৰুত্ব বুলি বিশ্বাস কৰা চুক্তিবোৰক কাৰ্য্যত পৰিণত কৰাত বিফল হʼল।” তেওঁ এইদৰেও লিখিছিল: “পৰম্পৰাগত ৰীতি-নীতিবোৰ আগতকৈও অধিক বৃহতভাবে নিম্নগামী হʼল। আমি পতন হোৱা ঐতিহাসিক পৰম্পৰাগত ৰীতি-নীতিবোৰত অধিকৈ সাঙ্গোৰ খাই পৰিছিলোঁ, সেই পতন ইমানেই অধিক আছিল যে ৰাজনৈতিককো অভিভূত কৰিছিল।”

সাংবাদিক আৰু লিখক কাৰ্ল থমাচে, ৰাজনৈতিকৰ জড়িয়তে সমাজৰ প্ৰধান অভাৱক পূৰণ কৰিবলৈ কৰা প্ৰচেষ্টাৰ প্ৰতি নিজৰ দৃষ্টিভঙ্গী প্ৰকাশ কৰি এইদৰে কৈছিল: “প্ৰকৃত পৰিৱৰ্তন কোনো নিৰ্বাচনী বা ৰাজনৈতিকত সাল-সলনি কৰা যোগেদি নহয়, কিন্তু কেৱল হৃদয়ৰ পৰা আহে। কিয়নো আৰ্থিক আৰু ৰাজনৈতিক আমাৰ প্ৰধান সমস্যা নহয়, ইয়াৰ প্ৰধান সমস্যা হৈছে নৈতিক আৰু আধ্যাত্মিক।

আপুনি এনে এখন জগতৰ নৈতিক আৰু আধ্যাত্মিকতাক কি দৰে সমাধান কৰিব, যʼত কোনো নীতি-নিয়ম নাই আৰু লোকসমূহে নিজেই ভাল-বেয়া নিৰ্ণয় লয়? যদি কোনো প্ৰভাৱশালী আৰু ভাল—অভিপ্ৰায় ৰখা—ধৰ্ম্মৰ হোৱা বা নোহোৱা—লোকে এই জগতখনক প্ৰকৃততে উত্তম স্থানলৈ পৰিৱৰ্তন কৰাত সক্ষম হয়, তেনেহʼলে কোনসকলে কৰিব পাৰিব? আমি ইয়াৰ উত্তৰ পৰৱৰ্তী অধ্যায়ত বিচাৰি পাম। দৰাচলতে আমি যীচুৱে মোৰ ৰাজ্য এই জগতৰ নহয় বুলি কোৱা বাক্যশাৰীৰ পৰা ইয়াৰ উত্তৰ বিচাৰি পাম। (w01 10/15)

[২ পৃষ্ঠাৰ স্বীকৃতিপ্ৰাপ্ত ছবিসমূহ]

COVER: Dirty water: WHO/UNICEF photo; globe: Mountain High Maps® Copyright © 1997 Digital Wisdom, Inc.

[৩ পৃষ্ঠাৰ স্বীকৃতিপ্ৰাপ্ত ছবিসমূহ]

লʼৰা-ছোৱালী: UN photo; গোলক: Mountain High Maps® Copyright © 1997 Digital Wisdom, Inc.