Skip to content

Skip to table of contents

আপুনি নিজৰ ‘বিদ্ৰোহী’ ল’ৰা বা ছোৱালীক কেনেকৈ সহায় কৰিব পাৰে?

আপুনি নিজৰ ‘বিদ্ৰোহী’ ল’ৰা বা ছোৱালীক কেনেকৈ সহায় কৰিব পাৰে?

আপুনি নিজৰ ‘বিদ্ৰোহী’ লʼৰা বা ছোৱালীক কেনেকৈ সহায় কৰিব পাৰে?

“তোমাৰ এই ভায়েৰা . . . হেৰুৱা হৈয়ো, পোৱা হʼল; এই কাৰণে . . . আনন্দিত হোৱা।”লূক ১৫:৩২.

১, ২. (ক) কিছুমান খ্ৰীষ্টান যুৱক-যুৱতীয়ে সত্যৰ প্ৰতি কেনে প্ৰতিক্ৰিয়া দেখুৱালে? (খ) তেনে পৰিস্থিতিত পিতৃ-মাতৃ আৰু লʼৰা-ছোৱালীয়ে কেনে অনুভৱ কৰিব পাৰে?

 যদি লʼৰা-ছোৱালীয়ে “মই সত্যত নাথাকোঁ” বুলি কয়, এনেধৰণৰ বাক্যই খ্ৰীষ্টান পথত চলিবলৈ সঠিকভাৱে প্ৰতিপালন কৰিবলৈ চেষ্টা কৰা ঈশ্বৰলৈ ভয় ৰাখোঁতা পিতৃ-মাতৃৰ বাবে কিমান যে হৃদয় বিদাৰক হʼব! আন কিছুমান লʼৰা-ছোৱালীয়ে কোনো অভিপ্ৰায় প্ৰকাশ নকৰাকৈ সত্যৰ পথ ‘ভটিয়াই যায়।’ (ইব্ৰী ২:১) বহুতে আকৌ যীচুৱে দৃষ্টান্তত উল্লেখ কৰা সেই বিদ্ৰোহী পুতেকৰ দৰে, যিজনে নিজৰ পিতৃৰ ঘৰ ত্যাগ দি নিজৰ সম্পত্তি লৈ দূৰ দেশলৈ যাত্ৰা কৰিছিল।—লূক ১৫:১১-১৬.

সৰহভাগ খ্ৰীষ্টান পিতৃ-মাতৃয়ে যদিও তেনে সমস্যাৰ সম্মূখীন হোৱা নাই, কিন্তু যিসকলে হৈছে তেওঁলোকৰ দুখ সঁচাকৈ অসহনীয়। ইয়াত কেৱল পিতৃ-মাতৃসকলে কেৱল দুখী হৈছে এনে নহয়, কিন্তু যুৱক-যুৱতীসকলেও তেওঁলোকৰ জীৱনলৈ অহা বেদনা অনুভৱ কৰিছে। সদায়ে তেওঁলোকৰ বিবেক দংশিত হৈছে। যীচুয়ে তেওঁৰ দৃষ্টান্তত উল্লেখ কৰা বিদ্ৰোহী পুত্ৰজনে “চেতনা পাই” ঘূৰি অহাত তেওঁৰ পিতৃয়ে আনন্দিত হৈছিল। এতেকে পিতৃ-মাতৃ আৰু মণ্ডলীৰ অন্য ভাই-ভনীসকলে তেনে বিদ্ৰোহীসকলক ‘চেতনা পাবলৈ’ কেনেকৈ সহায় কৰিব পাৰে?—লূক ১৫:১৭.

কিছুমানে কিয় সত্যক ত্যাগ কৰে

৩. যুৱক-যুৱতীসকলে কি কাৰণসমূহৰ বাবে খ্ৰীষ্টান মণ্ডলীক ত্যাগ দিব পাৰে?

খ্ৰীষ্টান মণ্ডলীত থাকি হাজাৰ হাজাৰ যুৱক-যুৱতীয়ে খ্ৰীষ্টান মণ্ডলীত যিহোৱাৰ উপাসনা কৰি আনন্দ উপভোগ কৰিছে। তেনেহʼলে কিয় কিছুমানে সত্যক ত্যাগ কৰে? তেওঁলোকে হয়তো ভাবিব পাৰে যে সত্যত থকাৰ বাবে জগতে প্ৰস্তুত কৰা এনে কিবা এটা হেৰুৱাবলগীয়া হৈছে। (২ তীমথিয় ৪:৯, ১০) অথবা তেওঁলোকে ভাবিব পাৰে যে যিহোৱাৰ ৰখীয়াসকল অত্যন্ত নিয়ন্ত্ৰণমূলক। তদুপৰি, দোষী বিবেক, বিপৰীত লিঙ্গৰ প্ৰতি প্ৰবলৰূপে আকৰ্ষিত হোৱা বা সমনীয়াসকলৰ বিচাৰধাৰা অনুসাৰে চলাৰ বাবেও যিহোৱাৰ লোকসকলৰ পৰা আঁতৰি যাব পাৰে। এজন যুৱক বা এগৰাকী যুৱতীয়ে হয়তো তেওঁৰ পিতৃ-মাতৃ আৰু অন্য খ্ৰীষ্টান ব্যক্তিসকলৰ কাৰ্য্যক কপটপূৰ্ণ বুলি গণ্য কৰিও যিহোৱাৰ উপাসনাৰ পৰা বিচলিত হʼব পাৰে।

৪. যুৱক-যুৱতীসকলে সত্য পথৰ পৰা বিচলিত হোৱা মূল কাৰণ কি?

সাধাৰণতে লʼৰা-ছোৱালীৰ বিদ্ৰোহী মনোবৃত্তি আৰু আচাৰ-ব্যৱহাৰে আধ্যাত্মিক দুৰ্বলতা আৰু তেওঁলোকৰ হৃদয়ত কি আছে তাক প্ৰকাশ কৰে। (হিতোপদেশ ১৫:১৩; মথি ১২:৩৪) এজন যুৱক বা এগৰাকী যুৱতীয়ে সত্যক ত্যাগ কৰাৰ যিয়ে কাৰণ নহঁওক কিয়, কিন্তু মূল কাৰণ হৈছে, তেওঁ বা তাই “সত্যৰ তত্ত্ব-জ্ঞান পাবলৈ কেতিয়াও সমৰ্থ” নোহোৱাৰ বাবে তেওঁলোকে তেনে নিৰ্ণয় লয়। (২ তীমথিয় ৩:৭) ওপৰে-ওপৰে যিহোৱাৰ সেৱা কৰাৰ পৰিৱৰ্তে যুৱক-যুৱতীসকলে ঈশ্বৰৰ সৈতে এক নিবিড় সম্পৰ্ক বজাই ৰখা আৱশ্যক। তেনে কৰিবলৈ তেওঁলোকক কিহে সহায় কৰিব?

ঈশ্বৰৰ কাষ চপা

৫. যুৱক ব্যক্তিসকলে ঈশ্বৰৰ সৈতে অটুট সম্বন্ধ গঢ়ি তুলিবলৈ কি কৰা আৱশ্যক?

যাকোবে এইদৰে কৈছিল: “ঈশ্বৰৰ ওচৰলৈ চাপি আহাঁ; তেন্তে তেৱোঁ তোমালোকৰ ওচৰলৈ চাপিব।” (যাকোব ৪:৮) এজন যুৱক ব্যক্তিয়ে তেনে অনুভৱ কৰিবলৈ হʼলে তেওঁ বা তাইক ঈশ্বৰৰ বাক্যৰ প্ৰতি অভিৰুচি বিকাশিত কৰা আৱশ্যক। (গীতমালা ৩৪:৮) প্ৰথমতে, তেওঁ বা তাই “গাখীৰ” অৰ্থাৎ বাইবেলৰ মূল শিক্ষাবোৰ গ্ৰহণ কৰিব। কিন্তু যেনেকৈ ঈশ্বৰৰ বাক্যত তৃপ্তি পাব, তেতিয়া তেওঁ ক্ৰমান্বয়ে “টান আহাৰ” অৰ্থাৎ গম্ভীৰ আধ্যাত্মিক বিষয়বোৰ গ্ৰহণ কৰি পৰিপক্কতালৈ বৃদ্ধি হʼব। (ইব্ৰী ৫:১১-১৪; গীতমালা ১:২) উদাহৰণস্বৰূপে, সম্পূৰ্ণৰূপে জগতৰ অনুসাৰে জীৱন-যাপন কৰা এজন যুৱকে পাছলৈ তেওঁ সেইবোৰক ত্যাগ দি আধ্যাত্মিক বিষয়বোৰৰ প্ৰতি মুল্যাঙ্কণ দেখুৱায়। কিহে তেওঁক ভুল পথ ত্যাগ কৰি সঠিক পদক্ষেপ লোৱাত সহায় কৰিছিল? যেতিয়া তেওঁক সম্পূৰ্ণ বাইবেলখন পঢ়িবলৈ পৰামৰ্শ দিয়া হয়, তেতিয়া তেওঁ নিয়মিতৰূপে বাইবেলখন পঢ়িবলৈ তালিকা বনাইছিল। বাস্তৱতে, নিয়মীয়াকৈ ঈশ্বৰৰ বাক্যক অধ্যয়ন কৰাটো অতি গুৰুত্বপূৰ্ণ, কিয়নো ইয়ে ঈশ্বৰৰ সৈতে এক অটুট সম্বন্ধ গঢ়ি তুলাত সহায় কৰে।

৬, ৭. পিতৃ-মাতৃয়ে লʼৰা-ছোৱালীক ঈশ্বৰৰ বাক্যৰ প্ৰতি আগ্ৰহী কৰি তুলাত কেনেকৈ সহায় কৰিব পাৰে?

পিতৃ-মাতৃসকলে ঈশ্বৰৰ বাক্যৰ প্ৰতি লʼৰা-ছোৱালীৰ হাবিয়াহ গঢ়ি তোলাতো অতি আৱশ্যক! উদাহৰণস্বৰূপে, নিয়মিতৰূপে পৰিয়ালৰ অধ্যয়ন কৰা স্বত্ত্বেও এজনী কিশোৰীয়ে অপৰাধীসকলৰ সৈতে সঙ্গতি কৰিবলৈ ধৰে। তাই পৰিয়ালৰ অধ্যয়নৰ বিষয়ে এইদৰে কৈছিল: “যেতিয়া মোৰ দেউতাই মোক প্ৰশ্ন সুধিছিল, তেতিয়া মই তেওঁক লক্ষ্য নকৰাকৈ উত্তৰবোৰ কেৱল পঢ়ি গৈছিলোঁ।” গতিকে জ্ঞানী পিতৃ-মাতৃসকলে অধ্যয়নৰ বিষয়বোৰ ওপৰে-ওপৰে আলোচনা কৰাৰ পৰিৱৰ্তে, পৰিয়ালক দক্ষতাৰে শিক্ষা দিয়ে। (২ তীমথিয় ৪:২) এজন যুৱক ব্যক্তিয়ে পৰিয়ালৰ অধ্যয়নৰ পৰা আনন্দ লাভ কৰিবলৈ হʼলে, তেওঁ নিশ্চয়ে অধ্যয়নসমূহক নিজৰ জীৱনৰ এটা অপৰিহাৰ্য্য অংশ হিচাবে লোৱা উচিত। লʼৰা-ছোৱালীক অধ্যয়নৰ সময়ত কিয় এনে প্ৰশ্ন সুধা নহয়, যিয়ে তেওঁলোকৰ হৃদয়ত কি আছে তাক প্ৰকাশ কৰিব? তেওঁলোকক অধ্যয়ন কৰা বিষয়বোৰৰ পৰা পোৱা ব্যৱহাৰিক পৰামৰ্শসমূহৰ অনুসাৰে চলিবলৈ উৎসাহিত কৰক। *

তদুপৰি, অধ্যয়নৰ সময়ত শাস্ত্ৰীয় বিষয়বোৰক সজীৱ কৰি তুলক। যদি উপযুক্ত হয় তেনেহʼলে লʼৰা-ছোৱালীক বাইবেলৰ চৰিত্ৰবোৰক অভিনয় কৰি নাটকৰূপে প্ৰস্তুত কৰিবলৈ কওঁক। অধ্যয়নৰ সময়ত যি স্থানত সেই ঘটনাবোৰ ঘটিছিল বুলি আলোচনা কৰা হৈছে তাৰ বিষয়ে কল্পনা কৰিবলৈ সহায় কৰক। আনকি মানচিত্ৰ আৰু তালিকাও ব্যৱহাৰ কৰিব পাৰে। প্ৰকৃততে, তেনেদৰে চমুকৈ কল্পনা কৰি আলোচনা কৰাৰ দ্বাৰা অধ্যয়ন সজীৱ হৈ উঠিব। পিতৃ-মাতৃসকলে যিহোৱাৰ সৈতে থকা তেওঁলোকৰ সম্বন্ধক নিৰীক্ষণ কৰাটোও উত্তম হʼব। যেনেকৈ পিতৃ-মাতৃসকলে যিহোৱাৰ কাষ চাপিব, তেনেকৈ লʼৰা-ছোৱালীকো কৰিবলৈ সহায় কৰিব পাৰে।—দ্বিতীয় বিবৰণ ৬:৫-৭

৮. কেনেকৈ প্ৰাৰ্থনাই এজন ব্যক্তিক ঈশ্বৰৰ কাষ চাপিবলৈ সহায় কৰে?

প্ৰাৰ্থনাৰ দ্বাৰাও ঈশ্বৰৰ কাষ চাপিব পাৰি। উদাৰণস্বৰূপে, এজনী কিশোৰীয়ে বাইবেল সিদ্ধান্তত চলা আৰু তাইৰ অবিশ্বাসী বান্ধৱীসকলৰ সৈতে সঙ্গতি কৰাৰ মাজত প্ৰভেদতাক বাছি উলিয়াবলৈ কঠিন বোধ কৰিছিল। (যাকোব ৪:৪) তেতিয়া তাই কি কৰিলে? তাই এইদৰে কৈছিল: “মই জীৱনত প্ৰথমবাৰ, নিজৰ ভাৱনাক প্ৰকাশ কৰি যিহোৱালৈ প্ৰাৰ্থনা কৰিছিলোঁ।” কিন্তু যেতিয়া তাই খ্ৰীষ্টান মণ্ডলীত এজনী ভাৰসাযুক্ত বান্ধৱী বিচাৰি পালে, তাই অনুভৱ কৰিলে যে ঈশ্বৰে তাইৰ নিবেদনৰ উত্তৰ দিলে। ক্ৰমান্বয়ে তাই অনুভৱ কৰিব ধৰিলে যে যিহোৱাই পথ প্ৰদৰ্শনা দিছে আৰু এইদৰে ঈশ্বৰৰ সৈতে এক নিবিঢ় সম্পৰ্ক গঢ়ি উঠিবলৈ আৰম্ভ হʼল। পিতৃ-মাতৃসকলে নিজৰ প্ৰাৰ্থনা কৰা পদ্ধতিক উন্নত কৰাৰ যোগেদি লʼৰা-ছোৱালীক সহায় কৰিব পাৰে। যেতিয়া একেলগে পৰিয়ালৰ হৈ পিতৃ-মাতৃসকলে প্ৰাৰ্থনা কৰে, তেতিয়া যিহোৱালৈ সম্পূৰ্ণ হৃদয় খুলি প্ৰাৰ্থনা কৰা আৱশ্যক। এইদৰে লʼৰা-ছোৱালীয়ে যিহোৱাৰ সৈতে থকা পিতৃ-মাতৃসকলৰ ব্যক্তিগত সম্বন্ধক স্পষ্টকৈ বুজিব পাৰিব।

দৃঢ়তাৰে ধৈৰ্য্য ধৰক

৯, ১০. বিপথে যোৱা ইস্ৰায়েলসকলৰ সৈতে যিহোৱাই কেনেকৈ চিৰসহিষ্ণুতা গুণক বজাই ৰখাত উত্তম আৰ্হি প্ৰস্তুত কৰিছিল?

যেতিয়া কোনো যুৱক ব্যক্তিয়ে সত্যৰ পৰা বিচলিত হবলৈ আৰম্ভ হয়, তেতিয়া তেওঁ নিজকে আনৰ পৰা পৃথক কৰে। তদুপৰি, পিতৃ-মাতৃয়ে যদি কোনো আধ্যাত্মিক বিষয়সমূহক তেওঁৰ সৈতে আলোচনা কৰিব বিচাৰে, তেনেহʼলে তেওঁ তেওঁলোকক প্ৰতিৰোধ কৰে। তেনে পৰিস্থিতিত পিতৃ-মাতৃয়ে কি কৰিব পাৰে? এই সন্দৰ্ভত যিহোৱাই ইস্ৰায়েল জাতিৰ সৈতে কেনে প্ৰতিক্ৰিয়া দেখুৱাইছিল তাৰ বিষয়ে বিবেচনা কৰক। তেওঁ সেই “ঠৰডিঙীয়া” জাতিক ত্যাগ দিয়াৰ পূৰ্বেই প্ৰায় ৯০০ বছৰলৈকে ধৈৰ্য্যশীল হৈ আচৰণ কৰিছিল। (যাত্ৰাপুস্তক ৩৪:৯; ২ বংশাৱলি ৩৬:১৭-২১; ৰোমীয়া ১০:২১) তেওঁলোকে বাৰে বাৰে “ঈশ্বৰক পৰীক্ষা কৰা” স্বত্ত্বেও যিহোৱাই “দয়ালু” হৈ তেওঁলোকৰ সৈতে আচৰণ কৰি “অনেকবাৰ নিজৰ ক্ৰোধ সামৰি আৰু নিজৰ সমস্ত ক্ৰোধ” দমাই ৰাখিছিল। (গীতমালা ৭৮:৩৮-৪২) যিহোৱাই তেওঁলোকৰ সৈতে নিখুঁতভাৱে আচৰণ কৰিছিল। এতেকে পিতৃ-মাতৃয়ে কৰা সহায়ৰ প্ৰতি যেতিয়া লʼৰা-ছোৱালীয়ে সঠিক প্ৰত্যুত্তৰ নিদিয়ে, তেতিয়া পিতৃ-মাতৃয়ে ধৈৰ্য্যশীল হৈ যিহোৱাৰ প্ৰেমময় আৰ্হিক অনুকৰণ কৰা আৱশ্যক।

১০ চিৰসহিষ্ণুতা বা সহনশীল হোৱাৰ অৰ্থ এইটো নহয় যে “দীৰ্ঘ সময় ধৰি ধৈৰ্য্য ধৰা।” ইয়াৰ অৰ্থ হৈছে বিকাৰগ্ৰস্ত সম্বন্ধক উন্নত কৰিবলৈ আশা ত্যাগ নকৰা। কেনেকৈ চিৰসহিষ্ণুতা দেখুৱা আৱশ্যক এই সম্বন্ধে যিহোৱাই এক উত্তম আৰ্হি প্ৰস্তুত কৰিলে। তেওঁ নিজে আগভাগ লৈ ইস্ৰায়েলসকলৰ ওচৰলৈ “বাৰে বাৰে” তেওঁৰ সংবাদবাহক পঠিয়াইছিল। তেওঁলোকে “দূতবিলাকক খেঁজেলিয়া আৰু তেওঁৰ বাক্য তুচ্ছ” কৰাৰ স্বত্ত্বেও যিহোৱাই “নিজ প্ৰজাবিলাকলৈ . . . মৰম” দেখুৱাইছিল। (২ বংশাৱলি ৩৬:১৫, ১৬) তেওঁ তেওঁলোকক অনুৰোধ কৰি কৈছিল: “তোমালোকে প্ৰতিজনে নিজ নিজ কুপথৰ পৰা আৰু দুষ্টতাৰ পৰা ঘূৰা।” (যিৰিমিয়া ২৫:৪, ৫) কিন্তু যিহোৱাই তেওঁলোকৰ বাবে নিজৰ ধাৰ্ম্মিক স্তৰবোৰত কোনো সলনি কৰা নাছিল। ইয়াৰ পৰিৱৰ্তে ঈশ্বৰে ইস্ৰায়েলজাতিক তেওঁলৈ আৰু তেওঁ কোৱা পথবোৰলৈ ‘ঘূৰি’ আহিবলৈ উৎসাহিত কৰিছিল।

১১. পিতৃ-মাতৃসকলে ঈশ্বৰীয় সিদ্ধান্তবোৰত থিৰে থাকি বিপথে যোৱা লʼৰা-ছোৱালীৰ সৈতে কেনেকৈ চিৰসহিষ্ণুতা বজাই ৰাখিব পাৰে?

১১ ঠিক সেইদৰে পিতৃ-মাতৃসকলেও তেনে পৰিস্থিতিত নিৰুৎসাহিত হৈ হাৰ মনাৰ পৰিৱৰ্তে যিহোৱাৰ দৰে চিৰসহিষ্ণুতা বজাই ৰাখা আৱশ্যক। তেওঁলোকে আশাবাদী হৈ পুনৰ সম্পৰ্ক স্থাপন কৰিবলৈ নিজেই আগভাগ লোৱা আৱশ্যক। তদুপৰি ধাৰ্ম্মিক সিদ্ধান্তবোৰৰ সৈতে চলি থাকি তেওঁলোকে নিজৰ লʼৰা-ছোৱালীক “বাৰে বাৰে” সত্যৰ পথলৈ ঘূৰি আহিবলৈ উৎসাহিত কৰিব পাৰে।

যেতিয়া কোনো নাবালক লʼৰা-ছোৱালীক মণ্ডলীৰ পৰা বহিষ্কাৰ কৰা হয়

১২. যি নাবালক লʼৰা-ছোৱালীয়ে মণ্ডলীৰ পৰা বহিষ্কাৰ হৈছে আৰু এতিয়াও পিতৃ-মাতৃসকলৰ সৈতে আছে, তেনে লʼৰা-ছোৱালীৰ প্ৰতি পিতৃ-মাতৃৰ দায়িত্ব কি?

১২ যদি নাবালক লʼৰা-ছোৱালীয়ে গম্ভীৰ পাপৰ পৰা ঘূৰি আহিবলৈ অনিচ্ছুক হোৱাৰ বাবে বহিষ্কাৰ কৰা হয় আৰু সেই লʼৰা-ছোৱালী পিতৃ-মাতৃৰ ওপৰত নিৰ্ভৰশীল, তেন্তে কি কৰিব পৰা যায়? যিহেতু লʼৰা-ছোৱালীয়ে নাবালক হোৱাৰ বাবে পিতৃ-মাতৃসকলে তেওঁলোকক ঈশ্বৰৰ বাক্যৰ অনুসাৰে শিক্ষা আৰু অনুশাসন দিয়া দায়িত্বৰ পৰা তেতিয়াও মুক্তি হোৱা নাই। কিন্তু তেওঁলোকে কিদৰে নিজৰ দায়িত্ব পূৰণ কৰিব?—হিতোপদেশ ৬:২০-২২; ২৯:১৭.

১৩. পিতৃ-মাতৃসকলে কেনেকৈ লʼৰা-ছোৱালীৰ হৃদয়ৰ কথা জানিবলৈ চেষ্টা কৰা আৱশ্যক?

১৩ যিহেতু বহিষ্কৃত অৱস্থাত লʼৰা-ছোৱালীক প্ৰশিক্ষণ দিয়াতো ইমান সহজ নহয়, কিন্তু তথাপিও তেওঁলোকৰ সৈতে আচুতীয়াকৈ কৰা বাইবেল অধ্যয়নৰ সময়ত তেনে প্ৰশিক্ষণ দিয়াতো উত্তম হʼব। পিতৃ-মাতৃয়ে লʼৰা-ছোৱালীৰ কাঠচিতীয়া মনোবৃত্তিক লক্ষ্য কৰাৰ পৰিৱৰ্তে, তেওঁলোকৰ হৃদয়ত কি আছে তাক জানিবলৈ চেষ্টা কৰা আৱশ্যক। দৰাচলতে তেওঁলোকে আধ্যাত্মিকৰূপে দুৰ্বল হোৱাৰ মুখ্য কাৰণ কি? (হিতোপদেশ ২০:৫) বাইবেলৰ বিষয়বোৰে তেওঁলোকৰ হৃদয় স্পৰ্ষ কৰিবনে? বাইবেলৰ কোনবোৰ শাস্ত্ৰীয় পদ ব্যৱহাৰ কৰিলে তেওঁলোকৰ বাবে কাৰ্য্যকাৰী হʼব পাৰে? এই বিষয়ে পাঁচনি পৌলে এইদৰে আশ্বাস দি কৈছিল: “কিয়নো ঈশ্বৰৰ বাক্য জীয়া, কাৰ্য্য-সাধক, আৰু আটাই দুধৰীয়া তৰোৱালতকৈয়ো চোকা, প্ৰাণ আৰু আত্মা, গাঁঠি আৰু মজ্জা, এই সকলোকে ভেদ কৰালৈকে বিন্ধোতা আৰু মনৰ ভাবনা আৰু অভিপ্ৰায়কো চিনোতা।” (ইব্ৰী ৪:১২) প্ৰকৃততে পিতৃ-মাতৃসকলে লʼৰা-ছোৱালীক পুনৰাই তেনে ভুল নকৰিবলৈ সাধাৰণভাৱে কোৱাৰ ওপৰিও বহুকিছু কৰিব পাৰে। লʼৰা-ছোৱালীক আধ্যাত্মিকৰূপে স্বাস্থ্যবান কৰিবলৈ পিতৃ-মাতৃসকলে দীক্ষা দিয়া আৰু প্ৰতিপালন কৰিবলৈ প্ৰচেষ্টা কৰিব পাৰে।

১৪. বিপথে যোৱা লʼৰা-ছোৱালীক যিহোৱাৰ সৈতে পুনৰ সম্বন্ধ স্থাপন কৰিবলৈ, সৰ্ব্বপ্ৰথমে তেওঁক কেনে পদক্ষেপ লোৱা আৱশ্যক আৰু এই ক্ষেত্ৰত পিতৃ-মাতৃয়ে কেনেকৈ সহায় আগবঢ়াব পাৰে?

১৪ বিপথে যোৱা লʼৰা-ছোৱালীয়ে যিহোৱাৰ সৈতে পুনৰ নিজৰ সম্বন্ধক গঢ়ি তুলা আৱশ্যক। ইয়াৰ বাবে সৰ্ব্বপ্ৰথমে তেওঁ “মন পালটাই ঘূৰি আহাঁ” উচিত। (পাঁচনিৰ কৰ্ম্ম ৩:১৯; যিচয়া ৫৫:৬, ৭) পিতৃ-মাতৃসকলে মন পৰিৱৰ্তন কৰা লʼৰা-ছোৱালীক সহায় আগবঢ়োৱাৰ সময়ত “বিৰোধ কৰিব নালাগে; কিন্তু মৃদুভাৱে শিক্ষা” দিয়া উচিত। (২ তীমথিয় ২:২৪-২৬) তেওঁলোকে লʼৰা-ছোৱালীক বাইবেলৰ অনুসাৰে “অনুযোগ” দিয়া উচিত। গ্ৰীক ভাষাত “অনুযোগ” শব্দৰ অৰ্থ হৈছে “বিশ্বাসজনক প্ৰমাণ দিয়া।” (প্ৰকাশিত বাক্য ৩:১৯; যোহন ১৬:৮) সেয়েহে অনুযোগ দিয়াত লʼৰা-ছোৱালীয়ে লোৱা পাপময় পদক্ষেপ যে বাইবেলৰ সামঞ্জস্যত নহয় তাৰ বিষয়ে প্ৰমাণ দিয়া কাৰ্য্যও সন্মিলিত আছে। এইটো স্বীকাৰযোগ্য যে এনে অনুযোগ দিয়াতো ইমান সহজ নহয়। তথাপিও, যিমান সম্ভৱ পিতৃ-মাতৃসকলে সকলো প্ৰকাৰৰ শাস্ত্ৰীয় কাৰণসমূহ দাঙি ধৰি তেনে লʼৰা-ছোৱালীক বুজিবলৈ সহায় কৰা প্ৰয়োজন। ইয়াৰ ওপৰিও পিতৃ-মাতৃয়ে লʼৰা-ছোৱালীক “বেয়াক ঘিণ কৰা, ভালক ভাল” পাবলৈ সহায় আগবঢ়োৱা উচিত। (আমোচ ৫:১৫) তেতিয়া হয়তো তেনে লʼৰা-ছোৱালীয়ে চয়তানৰ “ফান্দৰূপ ৰাগিৰ পৰা হুচ পাব।”

১৫. বিপথে যোৱা লʼৰা-ছোৱালীয়ে পুনৰাই যিহোৱাৰ সৈতে সম্বন্ধ গঢ়ি তুলিবলৈ প্ৰাৰ্থনাই কেনে ভূমিকা আদায় কৰে?

১৫ বহিষ্কৃত হোৱা লʼৰা-ছোৱালীয়ে যিহোৱাৰ সৈতে তেওঁলোকৰ সম্বন্ধক পুনৰাই গঢ়ি তুলিবলৈ, তেওঁলোকে নিশ্চয়ে প্ৰাৰ্থনা কৰা আৱশ্যক। অৱশ্যে, এসময়ত মণ্ডলীৰ সৈতে সঙ্গতি কৰা কোনো এজন ব্যক্তিয়ে অনিচ্ছুকভাৱে গম্ভীৰ পাপৰ পৰা মন পৰিৱৰ্তন নকৰাকৈ “নিবেদন” কৰা উচিত নহয়। (১ যোহন ৫:১৬, ১৭; যিৰিমিয়া ৭:১৬-২০; ইব্ৰী ১০:২৬, ২৭) কিন্তু পিতৃ-মাতৃসকলে এনে সমস্যাক সমাধান কৰিবলৈ যিহোৱাৰ পৰা জ্ঞান বিচাৰি যাচনা কৰা আৱশ্যক। (যাকোব ১:৫) যদি বহিষ্কৃত লʼৰা-ছোৱালীয়ে মনপালটন কৰাৰ প্ৰমাণ দিয়ে আৰু “উদাৰ চিত্তেৰে কথা” কোৱাত সক্ষম হয়, তেন্তে পিতৃ-মাতৃসকলে তেওঁ কৰা পাপৰ বাবে যিহোৱাৰ পৰা ক্ষমা বিচাৰি প্ৰাৰ্থনা কৰা প্ৰয়োজন। (১ যোহন ৩:২১) এনেধৰণৰ প্ৰাৰ্থনাৰ যোগেদি লʼৰা-ছোৱালীয়ে যিহোৱা যে এজন দয়ালু ঈশ্বৰৰ তাক বুজিব পাৰিব। *যাত্ৰাপুস্তক ৩৪:৬, ৭; যাকোব ৫:১৬.

১৬. বহিষ্কাৰ হোৱা নাবালক লʼৰা-ছোৱালীৰ পৰিয়ালত থকা আন সদস্যসকলক আমি কেনেকৈ সহায় কৰিব পাৰোঁ?

১৬ যদি এজন বাপ্তিষ্মাপ্ৰাপ্ত লʼৰা-ছোৱালীক মণ্ডলীৰ পৰা বহিষ্কাৰ কৰা হয়, তেন্তে মণ্ডলীৰ কোনো সদস্যই “তেওঁৰ সৈতে আলাপ-ব্যৱহাৰ” কৰা উচিত নহয়। (১ কৰিন্থীয়া ৫:১১; ২ যোহন ১০, ১১) এনে কৰিলে তেওঁ “চেতন পাই” যিহোৱাৰ আশ্ৰয়দায়ী সংগঠনলৈ ঘূৰি আহিব পাৰিব। (লূক ১৫:১৭) তদুপৰি, সেই বহিষ্কৃত ব্যক্তিজনে মণ্ডলীলৈ ঘূৰি আহঁক বা নাহঁক, কিন্তু মণ্ডলীৰ সদস্যসকলে তেওঁৰ ঘৰত থকা আন সদস্যসকলক উৎসাহিত কৰা উচিত। আমি তেওঁলোকলৈ “ভ্ৰাতৃ-প্ৰেমকাৰী” আৰু “কোমল চিত্তৰ” হোৱাৰ সুযোগ গ্ৰহণ কৰা আৱশ্যক।—১ পিতৰ ৩:৮, ৯.

আনলোকক কেনেকৈ সহায় কৰিব পাৰি

১৭. আধ্যাত্মিকৰূপে দুৰ্ব্বল হৈ পৰা লʼৰা-ছোৱালীক সহায় কৰাৰ সময়ত মণ্ডলীৰ সদস্যসকলক কি কথা মনত ৰখা উচিত?

১৭ এনেবোৰ লʼৰা-ছোৱালীৰ বিষয়ে, যিসকলে খ্ৰীষ্টান মণ্ডলীৰ পৰা বহিষ্কাৰ হোৱা নাই অথচ বিশ্বাসত দুৰ্ব্বল হৈ পৰিছে? এই সম্পৰ্কে পাঁচনি পৌলে এইদৰে কৈছিল: “এক অঙ্গে দুখ পালে, তাৰে সৈতে সকলো অঙ্গ-প্ৰত্যঙ্গে দুখ পায়।” (১ কৰিন্থীয়া ১২:২৬) তেনে লʼৰা-ছোৱালীৰ প্ৰতি মণ্ডলীৰ আন সদস্যসকলে উপযুক্তৰূপে আগ্ৰহী হোৱা উচিত। বাস্তৱতে তেনে ব্যক্তিসকলে আনকো আধ্যাত্মিকৰূপে দুৰ্ব্বল কৰিব পাৰে, সেইবাবে সতৰ্কতা অৱলম্বন কৰা আৱশ্যক। (গালাতীয়া ৫:৭-৯) উদাহৰণস্বৰূপে, এটা মণ্ডলীত আধ্যাত্মিকৰূপে পৰিপক্ক হোৱা লʼৰা-ছোৱালীয়ে আধ্যাত্মিকৰূপে দুৰ্ব্বল হৈ পৰা আন লʼৰা-ছোৱালীক সহায় কৰাৰ উদ্দেশ্যেৰে জনপ্ৰিয় সঙ্গীতৰ আনন্দ লবলৈ তেওঁলোকক আমন্ত্ৰণ কৰে। সেই লʼৰা-ছোৱালীবোৰে তেওঁলোকৰ আমন্ত্ৰণ স্বীকাৰ কৰি আনন্দ উপভোগ কৰিব ধৰে। কিন্তু পাছলৈ আধ্যাত্মিকৰূপে পৰিপক্ক হোৱা লʼৰা-ছোৱালীয়ে আধ্যাত্মিকৰূপে দুৰ্ব্বল হোৱা লʼৰা-ছোৱালীৰ দ্বাৰা গম্ভীৰভাৱে প্ৰভাৱিত হয় আৰু ক্ৰমান্বয়ে তেওঁলোকেও মণ্ডলীৰ সৈতে সঙ্গতি কৰিবলৈ ত্যাগ দিয়ে। (১ কৰিন্থীয়া ১৫:৩৩; যিহূদা ২২, ২৩) গতিকে আধ্যাত্মিকৰূপে দুৰ্ব্বল হোৱা লʼৰা-ছোৱালীক সুস্থ কৰিবলৈ আধ্যাত্মিক নিৰ্দ্দেশন নোহোৱা সামাজিক সমাবেশে নহয়, কিন্তু সঙ্গতিয়ে তেনেলোকৰ আধ্যাত্মিকতাত বৃদ্ধি কৰিবলৈ সহায় কৰিব। *

১৮. যীচুৰ দৃষ্টান্তত উল্লেখ হোৱা অপব্যয় পুত্ৰৰ পিতাকৰ আৰ্হিক আমি কেনেকৈ অনুকৰণ কৰিব পাৰোঁ?

১৮ এসময়ত মণ্ডলীক ত্যাগ কৰা লʼৰা-ছোৱালীয়ে যেতিয়া পুনৰাই ঘূৰি আহি সভা বা সন্মিলনত উপস্থিত হয়, তেতিয়া আমি কেনে অনুভৱ কৰা আৱশ্যক এই বিষয়ে বিবেচনা কৰক। আমি তেওঁলোকক যীচুৰ দৃষ্টান্তত উল্লেখ কৰা অপব্যয় পুতেকৰ পিতৃৰ দৰে মনোবৃত্তি দেখুৱাই আমন্ত্ৰণ জনোৱাতো উচিত নহʼবনে? (লূক ১৫:১৮-২০, ২৫-৩২) এজন কিশোৰৰ বিষয়ে বিবেচনা কৰক। তেওঁ খ্ৰীষ্টান মণ্ডলী ত্যাগ দিয়ে আৰু পাছলৈ এখন জিলা অধিৱেশনত উপস্থিত হৈছিল। তেওঁ এইদৰে কয়: “মই ভাৱিছিলোঁ যে সকলোৱে মোৰ দৰে ব্যক্তিক অগ্ৰাহ্য কৰিব। কিন্তু ভাই-ভনীসকলে মোৰ ওচৰলৈ আহি কথা-বতৰা পাতিছিল। ইয়াকে দেখি মই অতি প্ৰভাবিত হৈছিলোঁ।” তেওঁ পুনৰাই বাইবেল অধ্যয়ন কৰিবলৈ আৰম্ভ কৰে আৰু পাছলৈ গৈ বাপ্তিষ্মা লয়।

কেতিয়াও হাৰ নামানিব

১৯, ২০. বিদ্ৰোহী লʼৰা-ছোৱালীৰ প্ৰতি আমি কিয় উচিত মনোবৃত্তি বজাই ৰাখা আৱশ্যক?

১৯ এজন ‘বিদ্ৰোহী’ লʼৰা-ছোৱালীয়ে “চেতনা পাই” সত্যৰ পথলৈ ঘূৰি আহিবলৈ হʼলে, পিতৃ-মাতৃসকলৰ বাবে ধৈৰ্য্য ধৰাতোঁ সঁচাকৈ এক প্ৰত্যাহ্বানজনক বিষয় হʼব পাৰে। কিন্তু তথাপিও হাৰ মনা আৱশ্যক নহয়। কিয়নো বাইবেলত কৈছে যে, “কোনো কোনোৱে যিহক পলম কৰা যেন জ্ঞান কৰে, প্ৰভুৱে নিজ প্ৰতিজ্ঞাৰ কথাত তেনে পলম নকৰে; কোনো যেন বিনষ্ট নহয়, কিন্তু সকলো যেন মন-পালটনত প্ৰবৃত্ত হয়।” (২ পিতৰ ৩:৯) যিহোৱাই লোকসকলক মনপলাটন কৰি জীয়াই থকাটো বিচাৰে, তাৰবাবে আমাৰ ওচৰত শাস্ত্ৰীয় প্ৰতিশ্ৰুতি আছে। দৰাচলতে মানৱজাতিয়ে তেওঁৰ সৈতে এক নিবিড় সম্পৰ্ক গঢ়ি তুলাত সহায় কৰিবলৈ নিজেই এক উত্তম পদক্ষেপ ললে। (২ কৰিন্থীয়া ৫:১৮, ১৯) তেওঁ ধৈৰ্য্যশীল হোৱাৰ বাবে লাখ লাখ লোকে “চেতনা পাই” সত্যলৈ ঘূৰি আহাত সম্ভৱ হৈছে।—যিচয়া ২:২, ৩.

২০ এতেকে পিতৃ-মাতৃসকলে ‘বিদ্ৰোহী’ হোৱা তেওঁলোকৰ লʼৰা-ছোৱালীয়ে “চেতনা পাই” ঘূৰি আহিবলৈ প্ৰত্যেকটো শাস্ত্ৰীয় পদ্ধতি প্ৰয়োগ কৰা উচিত নহয়নে বাৰু? আপুনি নিজৰ লʼৰা-ছোৱালীক পুনৰাই ঈশ্বৰৰ পথলৈ উভটাই আনিবলৈ যিহোৱাৰ চিৰসহিষ্ণুতা গুণক অনুকৰণ কৰক। বাইবেলৰ সিদ্ধান্তবোৰক দৃঢ়তাৰে পালন কৰক আৰু তেওঁলৈ প্ৰাৰ্থনা কৰাৰ সময়ত যিহোৱাৰ গুণ অৰ্থাৎ প্ৰেম, ন্যায় আৰু বুদ্ধিক প্ৰতিফলিত কৰক। যিদৰে কঠোৰ হৃদয় থকা বিদ্ৰোহীসকলে যিহোৱাই দিয়া প্ৰেমময় আমন্ত্ৰণক গ্ৰহণ কৰি সত্যলৈ ঘূৰি আহিছে, ঠিক তেনেদৰে বিপথগামী হোৱা আপোনাৰ লʼৰা-ছোৱালীয়েও হয়তো যিহোৱাৰ আশ্ৰয়দায়ক সংগঠনলৈ ঘূৰি আহিব।—লূক ১৫:৬, ৭. (w01 10/1)

[ফুটনোটবোৰ]

^ লʼৰা-ছোৱালীবোৰক কাৰ্য্যকাৰীৰূপে শিক্ষা দিয়াৰ সম্পৰ্কে অতিৰিক্ত পৰামৰ্শৰ বাবে জুলাই ১, ১৯৯৯ চনৰ প্ৰহৰীদুৰ্গ ১৩-১৭ পৃষ্ঠাত চাওঁক।

^ মণ্ডলীৰ সভাসমূহত এজন বহিষ্কৃত ব্যক্তিৰ বাবে ৰাজহুৱাভাৱে কোনো প্ৰাৰ্থনা কৰা নহব। কিয়নো মণ্ডলীৰ আন ভাই বা ভনীয়ে সেই ব্যক্তিজনৰ পৰিস্থিতিৰ বিষয়ে নাজানিবও পাৰে। এই বিষয়ে অক্টোবৰ ১৫, ১৯৭৯ চনৰ প্ৰহৰীবুৰুজ ৩১ পৃষ্ঠাত চাওঁক।

^ এই সন্দৰ্ভত থকা নিৰ্দিষ্ট পৰামৰ্শৰ বিষয়ে জুন ২২, ১৯৭২ চনৰ সচেতন! ১৩-১৬ পৃষ্ঠা; ছেপ্টেম্বৰ ২২, ১৯৯৬ চনৰ সচেতন! ২১-২৩ পৃষ্ঠাত চাওঁক।

আপোনাৰ মনত আছেনে?

• লʼৰা-ছোৱালীয়ে মণ্ডলীক ত্যাগ দিয়াৰ মূল কাৰণ কি হʼব পাৰে?

• যিহোৱাৰ সৈতে লʼৰা-ছোৱালীৰ ব্যক্তিগত সম্পৰ্ক গঢ়ি তুলিবলৈ তেওঁলোকক কেনেদৰে সহায় কৰিব পাৰি?

• বাইবেলৰ সিদ্ধান্তসমূহত দৃঢ় হৈ থাকি পিতৃ-মাতৃসকলে কিয় চিৰসহিষ্ণুতা হোৱা আৱশ্যক?

• মণ্ডলীৰ অন্য সদস্যসকলে ‘বিদ্ৰোহী’ লʼৰা-ছোৱালীক পুনৰাই ঘূৰি অহাত কেনেকৈ সহায় কৰিব পাৰে?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[১৫ পৃষ্ঠাৰ ছবি]

যিহোৱাৰ সৈতে অটুট সম্বন্ধ গঢ়ি তুলিবলৈ নিয়মিতৰূপে বাইবেল অধ্যায়ন কৰা আৱশ্যক

[১৫ পৃষ্ঠাৰ ছবি]

পিতৃ-মাতৃসকলে হৃদয়েৰে কৰা প্ৰাৰ্থনাই লʼৰা-ছোৱালীক যিহোৱাৰ সৈতে থকা পিতৃ-মাতৃৰ অটুট সম্বন্ধক বুজি পাবলৈ সহায় কৰিব

[১৬ পৃষ্ঠাৰ ছবি]

আপোনাৰ লʼৰা বা ছোৱালীয়ে পুনৰাই যিহোৱাৰ পথত ঘূৰি আহিবলৈ উপযুক্ত পদক্ষেপ লোৱা উচিত

[১৭ পৃষ্ঠাৰ ছবি]

যেতিয়া বিদ্ৰোহী লʼৰা-ছোৱালীয়ে “চেতনা পাই” ঘূৰি আহে তেতিয়া তেওঁক আমণ্ত্ৰণ জনাওঁক