Skip to content

Skip to table of contents

আপোনাৰ হৃদয়ক ৰক্ষা কৰক

আপোনাৰ হৃদয়ক ৰক্ষা কৰক

আপোনাৰ হৃদয়ক ৰক্ষা কৰক

“ৰক্ষা কৰিব লগীয়া সকলো বস্তুৰ মাজত, সকলোতকৈ তোমাৰ হৃদয়ক অধিক যত্নেৰে ৰক্ষা কৰা; কিয়নো তাৰে পৰাই জীৱন উৎপন্ন হয়।”হিতোপদেশ ৪:২৩.

১, ২. আমি আমাৰ হৃদয়ক কিয় ৰক্ষা কৰা আৱশ্যক?

 কাৰবিয়ান দ্বীপত থকা এজন বৃদ্ধ ব্যক্তিয়ে এটা প্ৰচণ্ড ধুমুহা হৈ যোৱাৰ পাছত নিজৰ আশ্ৰয়স্থানৰ পৰা চাৰিওফালে দৃষ্টি কৰি বিশাল পৰিমাণে হোৱা ধ্বংস, বহুতো গছ উভালি পৰা, তেওঁৰ ঘৰৰ সম্মুখত থকা পুৰণি গেটখন অদৃশ্য হোৱা দেখিবলৈ পালে। ‘যিহেতু গেটখনৰ কাষত থকা সৰু সৰু গছ-গছনিবোৰ সেই ধূমুহাত ৰক্ষা পালে, কিন্তু গেটখন কেনেকৈ নষ্ট হʼল?’ এইবুলি ভাবি সেই বৃদ্ধ ব্যক্তিজনে প্ৰায়ে আচৰিত হৈছিল। তেওঁ যেতিয়া সেই উভালি নপৰা গছ-গছনিবোৰলৈ লক্ষ্য কৰিলে, তেতিয়া তেওঁ বিচৰা প্ৰশ্নৰ উত্তৰ পালে। কিয়নো সেই গছ-গছনিৰ শিপাবোৰ গভীৰলৈকে গৈছিল, সেইবাবে প্ৰচণ্ড ধূমুহাইও একো অনিষ্ট সাধিব নোৱাৰিলে।

একেইদৰে সত্যত দৃঢ় হৈ থকা যেন লগা এজন সত্য উপাসকে যেতিয়া নিজৰ জীৱনত সম্মুখীন হোৱা কোনো পৰীক্ষাত দৃঢ় হৈ থাকিব নোৱাৰাটো কিমানে যে বেদনাদায়ক বিষয়! সেয়েহে বাইবেলত উপযুক্তভাৱে এইদৰে কোৱা হৈছে: “মানুহৰ মনৰ কল্পনা সৰু কালৰে পৰা মন্দ।” (আদিপুস্তক ৮:২১) ইয়াৰ অৰ্থ হৈছে, যদি আমি আমাৰ হৃদয়ক একেৰাহে নিৰীক্ষণ নকৰোঁ তেনেহʼলে এক উত্তম হৃদয়ো বেয়া হʼব পাৰে। যিহেতু কোনো অসিদ্ধ মানুহে নিজৰ হৃদয়ক প্ৰদূষিত হোৱাৰ পৰা ৰক্ষা কৰিব পৰা ক্ষমতা নাই। সেইবাবে আমি এই পৰামৰ্শক গম্ভীৰভাৱে লোৱা আৱশ্যক: “ৰক্ষা কৰিব লগীয়া সকলো বস্তুৰ মাজত, সকলোতকৈ তোমাৰ হৃদয়ক অধিক যত্নেৰে ৰক্ষা কৰা।” (হিতোপদেশ ৪:২৩) আমি আমাৰ লাক্ষণিক হৃদয়ক কেনেকৈ ৰক্ষা কৰিব পাৰোঁ?

নিয়মীয়াকৈ নিৰীক্ষণ কৰাটো অত্যন্ত আৱশ্যক

৩, ৪. (ক) লাক্ষণিক হৃদয়ৰ সম্পৰ্কে আমি নিজকে কেনেধৰণৰ প্ৰশ্নসমূহ সুধা আৱশ্যক? (খ) আমাৰ লাক্ষণিক হৃদয়ক নিৰীক্ষণ কৰিবলৈ কিহে সহায় কৰিব?

যদি আপুনি এজন চিকিৎসকৰ ওচৰলৈ যায়, তেনেহʼলে সৰ্ব্বপ্ৰথমে তেওঁ আপোনাৰ হৃদয় পৰীক্ষা কৰিব। সাধাৰণতে আপোনাৰ হৃদয়ে এইটো প্ৰকাশ কৰেনে যে আপোনাৰ স্বাস্থ্যই সঠিক পুষ্টিকতা পোৱা নাই? আপোনাৰ ৰক্তচাপ কিমান? আপোনাৰ হাওঁফাওঁৱে সুস্থভাৱে স্পন্দন কৰিছেনে? আপুনি সঠিক পৰিমাণে ব্যায়াম কৰিছেনে? আপোনাৰ হৃদয়ত হেঁচা পৰিছেনে?

প্ৰকৃততে এজন মানৱ হৃদয়ক নিয়মিতৰূপে নিৰীক্ষণ কৰা আৱশ্যক, কিন্তু এটা লাক্ষণিক হৃদয়কো নিৰীক্ষণ কৰা প্ৰয়োজন নে? এই হৃদয়ক যিহোৱাই নিৰীক্ষণ কৰে। (১ বংশাৱলি ২৯:১৭) আমিও তেনেদৰে কৰোঁ, কিন্তু কেনেকৈ? নিজকে এই প্ৰশ্নসমূহ সুধাৰ দ্বাৰা: নিয়মিতৰূপে সভাসমূহত উপস্থিত হৈ আৰু ব্যক্তিগত অধ্যয়ন কৰাৰ যোগেদি মোৰ হৃদয়ে সঠিক পৰিমাণে আধ্যাত্মিক আহাৰ পাইনে? (গীতমালা ১:১, ২; ইব্ৰী ১০:২৪, ২৫) যিহোৱাৰ সংবাদে মোৰ হৃদয়ৰ “হাড়বোৰত বন্ধ কৰা জ্বলি থকা জুই যেন” নে, যিহে মোক প্ৰচাৰ আৰু শিষ্য বনোৱা কাৰ্য্য কৰিবলৈ প্ৰেৰিত কৰে? (যিৰিমিয়া ২০:৯; মথি ২৮:১৯, ২০; ৰোমীয়া ১:১৫, ১৬) যেতিয়া সম্ভৱ হয় তেতিয়া মই নিজকে পূৰ্ণ সময়ৰ প্ৰচাৰ কৰিবলৈ কৰা পদ্ধতিবোৰত উৎসাহিতৰূপে ভাগ লওঁনে? (লূক ১৩:২৪) মই লাক্ষণিক হৃদয়েৰে মোৰ কেনেধৰণৰ অৱস্থাক প্ৰকাশ কৰোঁ? মই তেনেলোকৰ সৈতে সঙ্গতি কৰিব বিচাৰোঁনে যিসকলৰ হৃদয়ে সত্য উপাসনা কৰিবলৈ একত্ৰিত হয়? (হিতোপদেশ ১৩:২০; ১ কৰিন্থীয়া ১৫:৩৩) আঁহক আমি দুৰ্ব্বল হোৱা ক্ষেত্ৰবোৰক ততালিকে চিনাক্ত কৰি সঠিকৰূপে সংশোধন কৰিবলৈ শীঘ্ৰেই পদক্ষেপ লওঁহঁক।

৫. পৰীক্ষাসমূহে আমাৰ বিশ্বাস নিৰীক্ষণ কৰাত কেনে মুখ্য ভূমিকা আদায় কৰে?

আমাৰ জীৱনত প্ৰায়ে বিশ্বাসৰ পৰীক্ষা হয়। এই পৰীক্ষাসমূহে আমাৰ নিজৰ হৃদয়ৰ অৱস্থাক চালি-জাৰি চাবলৈ এটা সুযোগ দিয়ে। ইস্ৰায়েলেবিলাকে প্ৰতিজ্ঞাত দেশত প্ৰবেশ কৰাৰ অধিকাৰ পাইছিল, তেওঁলোকক উদ্দেশ্য কৰি মোচিয়ে এইদৰে কৈছিল: “তোমাৰ ঈশ্বৰ যিহোৱাই তোমাক এই চল্লিশ বছৰ অৰণ্যৰ মাজৰ যি সকলো বাটত তোমাক চলালে, তাক সোঁৱৰা।” (দ্বিতীয় বিবৰণ ৮:২) যেতিয়া অপ্ৰত্যাশিতভাৱে কোনো পৰীক্ষাৰ সম্মুখীন হওঁ, তেতিয়া সেই অৱস্থাত আমাৰ ইচ্ছা, অনুভূতি বা প্ৰতিক্ৰিয়াক দেখি আমি প্ৰায়ে আচৰিত হওঁনে? আচলতে যিহোৱাই অনুমতি দিয়া পৰীক্ষাসমূহে অৱশ্যেই আমাৰ জীৱনধাৰাৰ প্ৰতি সজাগ হবলৈ আৰু সংশোধন কৰিবলৈ এটা সুযোগ প্ৰদান কৰে। (যাকোব ১:২-৪) আমি তেনে পৰীক্ষাসমূহত প্ৰাৰ্থনাপূৰ্বক হৈ প্ৰতিক্ৰিয়া দেখুৱাত বিফল নহওঁহঁক!

আমি কোৱা কথা-বতৰাই কি প্ৰকাশ কৰে?

৬. কেনেধৰণৰ বিষয়সমূহৰ আলোচনাই আমাৰ হৃদয়ৰ অৱস্থাক প্ৰকাশ কৰে?

আমাৰ হৃদয়ত কি আছে তাক আমি কেনেকৈ পৰীক্ষা কৰিব পাৰোঁ? যীচুৱে এইদৰে কৈছিল: “ভাল মানুহে নিজৰ হৃদয়ৰূপ ভাল ভঁৰালৰ পৰা, ভাল দ্ৰব্য উলিয়ায়; কিয়নো মনৰ অধিক ভাবৰ পৰা তাৰ মুখে কথা কয়।” (লূক ৬:৪৫) সাধাৰণতে আমি যি কওঁ, সেই কথা-বতৰাই উত্তমৰূপে প্ৰকাশ কৰে যে আমাৰ হৃদয়ত কি আছে। আমাৰ কথা-বতৰা কেৱল ভৌতিক বস্তুসমূহ আৰু চাকৰিত হোৱা পদোন্নতিৰ ওপৰত আধাৰিত নে? বা আমাৰ কথা-বতৰা আধ্যাত্মিক বিষয় আৰু লক্ষ্যবোৰৰ ওপৰত আধাৰিত নে? আমি আনৰ ক্ৰুটিবোৰক বিজ্ঞাপিত নকৰি প্ৰেমেৰে সেইবোৰক আবৰণ দিওঁনে? (হিতোপদেশ ১০:১১, ১২) আমি আনৰ জীৱনৰ নৈতিক আৰু আধ্যাত্মিক দিশবোৰৰ ওপৰত বেছি গুৰুত্ব নিদি, তেওঁলোকৰ বেয়া দিশবোৰৰ ওপৰত অধিক চৰ্চ্চা কৰোঁনে? এনে কথা-বতৰাই আমাক সঙ্কেত দিয়েনে যে আমি আনৰ ব্যক্তিগত বিষয়সমূহত অন্যায়ভাৱে হস্তক্ষেপ কৰিছোঁ?—১ পিতৰ ৪:১৫.

৭. আমি যোচেফৰ দহজন ককায়েকৰ ঘটনাৰ পৰা আমাৰ হৃদয়ক ৰক্ষা কৰাৰ সম্পৰ্কে কেনে শিক্ষা শিকিব পাৰোঁ?

উদাহৰণস্বৰূপে, এটা ডাঙৰ পৰিয়ালত কি ঘটিছিল তাৰ বিষয়ে বিবেচনা কৰক। যাকোবৰ দহজন ডাঙৰ পুতেকে তেওঁলোকৰ সৰু ভায়েক যোচেফৰ সৈতে ‘মৰমেৰে কথা কব নোৱাৰিলে।’ কিয় নোৱাৰিলে? কিয়নো যোচেফ যাকোবৰ আটাইতকৈ প্ৰিয় আছিল। পাছলৈ যেতিয়া যিহোৱাই যোচেফক সপোনৰ যোগেদি ঈশ্বৰৰ অনুগ্ৰহ প্ৰকাশ কৰিছিল, তেতিয়া তেওঁৰ ককায়েকবিলাকে “আগতকৈও অধিককৈ ঘিণ কৰিলে।” (আদিপুস্তক ৩৭:৪, ৫, ১১) তেওঁলোকে কাঠচিতীয়া হৈ নিজৰ ভায়েক যোচেফক দাসত্ব খাটিবলৈ বিক্ৰি কৰিলে। তাৰ পাছত তেওঁলোকে কৰা ভুল কাৰ্য্যক লুকুৱাবলৈ নিজৰ পিতৃ যাকোবক মনে সজা কাহিনী কʼলে। সেইবাবে যাকোবে তেওঁৰ পুতেক যোচেফক কোনো হিংস্ৰ জন্তুৱে খালে বুলি ভাবিব ধৰিলে। সেই সময়ছোৱাত যোচেফৰ দহজন ককায়েকে নিজৰ হৃদয়ক ৰক্ষা কৰাত বিফল হʼল। যদি আমিও শীঘ্ৰেই আনৰ প্ৰতি কাঠচিতীয়া হওঁ, তেতিয়াহʼলে এনে মনোভাৱে আমাৰ হৃদয়ত থকা ঈৰ্ষা বা চকুচৰহা গুণ প্ৰকাশ কৰেনে? এতেকে সকলো সময়তে সতৰ্কতাৰে আমি কোৱা কথা-বতৰাক নিৰীক্ষণ কৰা আৰু অনুচিত ভাৱধাৰাক ততালিকে ত্যাগ কৰা আৱশ্যক।

৮. যদি আমি মিছা কʼবলৈ বাধ্য হওঁ, তেনে অৱস্থাত আমাক কিহে আমাৰ হৃদয় পৰীক্ষা কৰিবলৈ সহায় কৰিব?

যদিও “ঈশ্বৰে মিছা কোৱা অসাধ্য,” কিন্তু অসিদ্ধ মানুহৰ বাবে মিছা কোৱাটো এটা প্ৰবৃত্তি। (ইব্ৰী ৬:১৮) গীতমালা লিখকে দুখ প্ৰকাশ কৰি এইদৰে কৈছিল যে “সকলো মানুহ মিছলীয়া।” (গীতমালা ১১৬:১১) তদুপৰি, পাঁচনি পিতৰেও মিছাকৈ যীচুক তিনিবাৰ অস্বীকাৰ কৰিছিল। (মথি ২৬:৬৯-৭৫) স্পষ্টৰূপে আমি মিছা নকবলৈ সতৰ্ক হোৱা আৱশ্যক, কিয়নো যিহোৱাই ‘মিছা কথা কোৱা জিবাক’ ঘিণ কৰে। (হিতোপদেশ ৬:১৬-১৯) যদি আমি কেতিয়াবা মিছা কবলৈ বাধ্য হৈছোঁ, তেনেহʼলে তাৰ কাৰণসমূহক বিবেচনা কৰাটো উত্তম হʼব। মানুহলৈ ভয় কৰাৰ বাবে মিছা কোৱা হয়নে? শাস্তি নাপাবলৈ মিছা কোৱা হয়নে? হয়তো নিজৰ সন্মান ৰক্ষাৰ্থে বা সমস্যাৰ সৈতে পোনপটীয়াভাৱে স্বাৰ্থপৰতা জড়িত থকাৰ বাবে মিছা কোৱা হয়নে? যিয়েই নহওঁক কিয়, এইটো কিমান যে সঠিক হʼব যদি আমি আমাৰ ভুলবোৰক নম্ৰভাৱে স্বীকাৰ কৰি যিহোৱাৰ পৰা ক্ষমা আৰু সেই ক্ৰুটিবোৰৰ পৰা জয়ী হʼবলৈ সহায় বিচাৰোঁ! এই ক্ষেত্ৰত আমাক ‘মণ্ডলীৰ বৃদ্ধলোকসকলে’ উত্তমভাৱে সহায় কৰিব পাৰে।—যাকোব ৫:১৪.

৯. আমি কৰা প্ৰাৰ্থনাই আমাৰ হৃদয়ৰ সম্বন্ধে কি প্ৰকাশ কৰিব পাৰে?

যিহোৱাই ডেকা ৰজা চলোমনে জ্ঞান বিচাৰি নিৱেদনা কৰা প্ৰাৰ্থনাৰ উত্তৰ দি এইদৰে কৈছিল: “এয়ে তোমাৰ মনত হৈছে, তুমি ঐশ্বৰ্য্য, কি সম্পত্তি, কি মৰ্য্যদা, . . . নুখুজিলা; . . . এই হেতুকে সেই বুদ্ধি আৰু জ্ঞান তোমাক দিয়া হৈছে; . . . ঐশ্বৰ্য্য, আৰু সন্মানো মই তোমাক দিম।” (২ বংশাৱলি ১:১১, ১২) ৰজা চলোমনে কি বিচাৰিছিল আৰু কি বিচৰা নাছিল যিহোৱাই সেইবোৰ জানিছিল, কিয়নো যিহোৱাই তেওঁৰ হৃদয় অৰ্থাৎ মনত কি আছিল তাক স্পষ্টকৈ বুজিব পাৰিছিল। আমি যিহোৱাৰ সৈতে যোগাযোগ কৰাৰ সময়ত আমাৰ হৃদয়ে কি প্ৰকাশ কৰে? আমি প্ৰাৰ্থনাৰ যোগেদি ঈশ্বৰৰ পৰা জ্ঞান, বুদ্ধি আৰু বিচাৰশক্তি বিচাৰোঁনে? (হিতোপদেশ ২:১-৬; মথি ৫:৩) ঈশ্বৰৰ ৰাজ্যৰ সৈতে সম্বন্ধ থকা বিষয়বোৰক আমাৰ হৃদয়ত প্ৰথম স্থান দিওঁনে? (মথি ৬:৯, ১০) যদি আমাৰ প্ৰাৰ্থনাসমূহ যন্ত্ৰসাদৃশ্য হৈ পৰিছে, তেনেহʼলে এইটো প্ৰকাশ কৰিছে যে আমি যিহোৱাৰ কাৰ্য্যসমূহৰ ওপৰত ধ্যান কৰা আৱশ্যক। (গীতমালা ১০৩:২) প্ৰত্যেকজন খ্ৰীষ্টান উপাসকে তেওঁলোকে কৰা প্ৰাৰ্থনাই কি প্ৰকাশ কৰিছে তাক উপলব্ধি কৰিবলৈ সতৰ্ক হোৱা উচিত।

আমাৰ কাৰ্য্যই কি প্ৰকাশ কৰে?

১০, ১১. (ক) ব্যভিচাৰ কʼৰ পৰা আৰম্ভ হয়? (খ) ‘হৃদয়ত ব্যভিচাৰ নকৰিবলৈ’ আমাক কিহে সহায় কৰিব?

১০ এক প্ৰচলিত প্ৰবাদত এইদৰে কোৱা হৈছে যে, আমি কথাৰে নহয় কাৰ্য্যৰে প্ৰকাশ কৰা উচিত। বাস্তৱতে আমাৰ কাৰ্য্যই আমাৰ হৃদয়ত কি আছে তাক প্ৰকাশ কৰে। উদাহৰণস্বৰূপে, নৈতিকৰূপে আমাৰ হৃদয়ক ৰক্ষা কৰিবলৈ হʼলে কেৱল ব্যভিচাৰৰ পৰা আঁতৰি থকাটোৱেই যথেষ্ট নহয়। ইয়াত বহুকিছু সন্মিলিত হৈ আছে। যীচুৱে নিজৰ পৰ্বতীয়া উপদেশত এইদৰে কৈছিল: ‘যি কোনোৱে তিৰোতা মানুহলৈ কামভাৱে চায়, সি তেতিয়াই হৃদয়ত তাইৰে সৈতে ব্যভিচাৰ কৰিলে।’ (মথি ৫:২৭-২৯) আমি কেনেকৈ হৃদয়েৰে ব্যভিচাৰ কৰাৰ পৰা আঁতৰি থাকিব পাৰোঁ?

১১ এই সংক্ৰান্তত কুলপতি ইয়োবে বিবাহিতা খ্ৰীষ্টান পুৰুষ আৰু স্ত্ৰীসকললৈ এক উত্তম আৰ্হি প্ৰস্তুত কৰিলে। ইয়াত কোনো সন্দেহ নাই যে ইয়োবে স্বাভাৱিকভাৱে যুৱতীসকলৰ সৈতে কথা-বতৰা হৈছিল আৰু তেওঁলোকৰ আৱশ্যকতাত প্ৰেমেৰে সহায় আগবঢ়াইছিল। কিন্তু ঈশ্বৰৰ প্ৰতি অখণ্ডতা বজাই ৰখা এই ব্যক্তিজনৰ মনলৈ কেতিয়াও প্ৰেমাসক্তৰ ইচ্ছা অহা নাছিল। কিয় অহা নাছিল? কিয়নো তেওঁ স্ত্ৰীসকলক কামস্পৃহাৰে থৰ লাগি নাচাবলৈ দৃঢ়ভাৱে সংকল্প লৈছিল। তেওঁ এইদৰে কৈছিল যে, “মোৰ চকুৰে সৈতে নিয়ম স্থাপন কৰিলোঁ; তেন্তে মই ছোৱালীলৈ কেনেকৈ চোৱা হলোঁ?” (ইয়োব ৩১:১) আমিও আমাৰ চকুৰে সৈতে নিয়ম স্থাপন আৰু আমাৰ হৃদয়ক ৰক্ষা কৰিব পাৰোঁ।

১২. আপুনি নিজৰ হৃদয়ক ৰক্ষা কৰিবলৈ লূক ১৬:১০ পদত উল্লেখ কৰা পৰামৰ্শক কেনেকৈ ব্যৱহাৰ কৰিব?

১২ ঈশ্বৰৰ পুত্ৰ যীচুৱে এইদৰে কৈছিল: “যি জন অলপ কথাত বিশ্বাসী তেওঁ অধিকতো বিশ্বাসী; আৰু যি জন অলপ কথাত অযথাৰ্থিক, তেওঁ অধিকতো অযথাৰ্থিক হয়।” (লূক ১৬:১০) অৱশ্যেই, আমি দৈনন্দিন জীৱনতেই হওঁক বা আমাৰ ঘৰুৱা জীৱনৰ নিৰ্জনতাত কৰা কাৰ্য্যই নহওঁক কিয়, আমি কিদৰে আচৰণ কৰোঁ তাক পৰীক্ষা কৰা উচিত। (গীতমালা ১০১:২) যেতিয়া আমি টিভি বা ইন্টানেট চাওঁ, তেতিয়া আমি শাস্ত্ৰত দিয়া এই পৰামৰ্শ: “কিন্তু ব্যভিচাৰ আদি কৰি সকলো অশুচি কৰ্ম্মৰ বা লোভৰ নামো তোমালোকৰ মাজত উচ্চাৰিত নহওক; পবিত্ৰ লোকৰ এয়ে উচিত; আৰু অশ্লিলতা, উন্মত্ত বলকনি, খেঁজেলিওৱা, এনে অনুচিত ব্যৱহাৰো তোমালোকৰ মাজত নহওক,” অনুসৰি কাৰ্য্য কৰোঁনে? (ইফিচীয়া ৫:৩, ৪) টিভিত প্ৰদৰ্শন কৰা হিংসাত্মক বোলছবি বা ভিডিঅ গেমৰ বিষয়ে কি কʼব পাৰি? এই সন্দৰ্ভত গীতমালা লিখকে এইদৰে কৈছিল যে, “যিহোৱাই ধাৰ্ম্মিক লোকক পৰীক্ষা কৰে; কিন্তু দুষ্ট আৰু অত্যাচাৰপ্ৰিয় লোকক তেওঁৰ আত্মাই ঘিণ কৰে।”—গীতমালা ১১:৫.

১৩. আমাৰ হৃদয়ে কৰা কাৰ্য্যই যি প্ৰকাশ কৰে, তাৰ সম্পৰ্কে কি সতৰ্কবাণী দিয়া হৈছে?

১৩ যিৰিমিয়া ভৱিষ্যতবক্তাইও সতৰ্ক কৰি এইদৰে কৈছিল যে, “মন সকলোতকৈ কপটময়, আৰু তাৰ ৰোগ সুস্থ কৰিব নোৱাৰি।” (যিৰিমিয়া ১৭:৯) যেতিয়া আমি আমাৰ ভুলবোৰক অব্যাহতি দিওঁ, ক্ৰুটিবোৰক লাঘব কৰোঁ, অবিবেচকভাৱে নিজৰ গুৰুত্ব ব্যক্তিত্বতক বৃদ্ধি বা নিজৰ কৃতকাৰ্য্যতাত অতিৰঞ্জিত হওঁ, তেতিয়াহʼলে আপোনা-আপুনি আমাৰ হৃদয়ত থকা কপটময় আচৰণ প্ৰকাশ হʼব পাৰে। তেনে অসুস্থ হৃদয় বা মনটোৱে দুই মনেৰেও কথা কʼব পাৰে—মুখৰে এটা কথা, কিন্তু কাৰ্য্যত হʼলে তাৰ বিপৰীত। (গীতমালা ১২:২; হিতোপদেশ ২৩:৭) আমাৰ হৃদয়ে কি প্ৰকাশ কৰিছে, তাক পৰীক্ষা কৰাটো কিমান যে গুৰুত্বপূৰ্ণ!

আমাৰ নিৰ্মল চকু আছেনে?

১৪, ১৫. (ক) চকু নিৰ্মল ৰখাৰ অৰ্থ কি? (খ) চকু নিৰ্মল কৰাৰ যোগেদি আমি আমাৰ হৃদয়ক ৰক্ষা কৰাত কেনেকৈ সহায় হয়?

১৪ যীচুৱে এইদৰে কৈছিল: “চকুৱেই শৰীৰৰ প্ৰদীপ; এই হেতুকে তোমাৰ চকু যদি ভালে থাকে, তেন্তে তোমাৰ গোটেই শৰীৰ দীপ্তিময় হব।” (মথি ৬:২২) নিৰ্মল চকুৱে বিচলিত বা লক্ষ্যভ্ৰষ্ট নোহোৱাকৈ এটা লক্ষ্য বা উদ্দেশ্যত উপনীত হʼব পাৰে। সেয়েহে আমি “প্ৰথমে [ঈশ্বৰৰ] ৰাজ্য আৰু ধাৰ্ম্মিকতাক” বিচাৰাৰ বাবে আমাৰ চকু কেন্দ্ৰীভূত কৰা উচিত। (মথি ৬:৩৩) যদি আমাৰ চকু নিৰ্মল নহয় তেনেহʼলে আমাৰ লাক্ষণিক হৃদয়লৈ কি ঘটিব পাৰে?

১৫ উদাহৰণস্বৰূপে, পৰিয়ালক চোৱা-চিতা কৰিবৰ বাবে কৰা উপাৰ্জনৰ বিষয়ে বিবেচনা কৰক। আমাৰ পৰিয়ালৰ আৱশ্যকতাক পূৰণ কৰাটো হৈছে এজন খ্ৰীষ্টানৰ দায়িত্ব। (১ তীমথিয় ৫:৮) কিন্তু যদি আমি অত্যাধুনিক আৰু উত্তম প্ৰকাৰৰ খাদ্য, কাপোৰ, ঘৰ আৰু বস্তুসমূহৰ বাবে প্ৰলোভিত হওঁ, তেনেহʼলে এই বিষয়ে কি কʼব পাৰি? আমাৰ উপাসনাৰ প্ৰতি তেনে কাৰ্য্যই বাস্তৱতে আমাৰ মন আৰু হৃদয়ক দুই মনৰ নকৰেনে? (গীতমালা ১১৯:১১৩; ৰোমীয়া ১৬:১৮) আমি নিজৰ জীৱনত কেৱল ভৌতিক আৱশ্যকতাসমূহক পূৰণ কৰিবৰ অৰ্থে পৰিয়াল, চাকৰি আৰু ভৌতিক বস্তুসমূহত কিয় ইমান মগ্ন হোৱা উচিত? এইবিষয়ে প্ৰেৰিত বাক্যই কি পৰামৰ্শ দিছে তাক স্মৰণ কৰক। তাত এইদৰে কোৱা হৈছে: “জীৱিকাৰ চিন্তা, মত্ততা, আৰু অপৰিমিত ভোজনৰ দ্বাৰাই তোমালোকৰ হৃদয় যেন ভাৰগ্ৰস্ত নহয়, আৰু ফান্দৰ নিচিনা সেই দিন তোমালোকলৈ যেন অকস্মাতে নাহে, এই কাৰণে তোমালোকে নিজলৈ সাৱধানে থাকিবা। কিয়নো সেই দিন গোটেই পৃথিবীত বসতি কৰা সকলোবিলাকৰ ওপৰলৈ আহিব।”—লূক ২১:৩৪, ৩৫.

১৬. যীচুৱে চকুৰ সম্বন্ধে কেনে পৰামৰ্শ দিছিল আৰু কিয়?

১৬ চকু হৈছে আমাৰ মন আৰু হৃদয়ৰ সৈতে যোগাযোগ কৰা এক মুখ্য মাধ্যম। গতিকে চকুৱে যিহতে কেন্দ্ৰীভূত কৰে, সেয়ে আমাৰ বিচাৰধাৰা, অনুভূতি আৰু কাৰ্য্যত প্ৰভাৱিত কৰিব পাৰে। যীচুৱে, ব্যাখ্যামূলক ভাষাৰে চকুৱে প্ৰলোভিত হোৱা প্ৰভাৱৰ বিষয়ে উল্লেখ কৰি, এইদৰে কৈছিল: “যদি তোমাৰ সোঁ চকুৱে তোমাৰ বিঘিনি জন্মায়, তেন্তে তাক কাঢি তোমাৰ পৰা পেলাই দিয়া; কিয়নো তোমাৰ গোটেই শৰীৰ নৰকত পেলোৱা হোৱাতকৈ, এটা অঙ্গ নষ্ট হোৱাই তোমাৰ ভাল” (মথি ৫:২৯) আমি আমাৰ চকুক অনুচিত দৃষ্টি ৰখাৰ পৰা নিয়ন্ত্ৰণ কৰা আৱশ্যক। উদাহৰণস্বৰূপে, আমি আমাৰ চকুক ভৌতিক বস্তুত কেন্দ্ৰীভূত কৰিবলৈ দিয়া উচিত নহয়, অন্যথা ই আমাত অবৈধ অনুৰাগ আৰু বাঞ্চাক বিকাশিত কৰিব।

১৭. কলচীয়া ৩:৫ পদত উল্লেখ কৰা পৰামৰ্শই আমাৰ হৃদয়ক কেনেকৈ ৰক্ষা কৰিব পাৰে?

১৭ এই বাহ্যিক জগতৰ সৈতে যোগাযোগ কৰাৰ বাবে কেৱল চকুৱে একমাত্ৰ ইন্দ্ৰিয় নহয়। ইয়াৰ ওপৰিও আমাৰ স্পৰ্ষ কৰা আৰু শুনা ইন্দ্ৰিয়সমূহো আছে। আমি শৰীৰৰ আন আন অঙ্গৰ সৈতে সেইবিলাকৰ প্ৰতিও সতৰ্কতা অৱলম্বন কৰা আৱশ্যক। এই বিষয়ে পাঁচনি পৌলে এইদৰে কৈছিল: “তোমালোকে, পৃথিবীত থকা নিজ নিজ অঙ্গ-প্ৰত্যঙ্গস্বৰূপ যি ব্যভিচাৰ, অশুচিতা, কামাভিলাষ, কুঅভিলাষ আৰু লোভ, অৰ্থাৎ দেৱপূজা, সেই সকলোকে মাৰি পেলোৱা।”—কলচীয়া ৩:৫.

১৮. আমি কিমান পৰ্য্যন্তলৈকে অনুচিত বিচাৰধাৰাৰ বিষয়ে বিবেচনা কৰা উচিত?

১৮ আমাৰ মনত কোনো অনুচিত ইচ্ছাই বাঁহ লʼব পাৰে। সাধাৰণতে তেনেধৰণৰ অনুচিত ইচ্ছাই আমাৰ হৃদয়ক প্ৰভাৱিত কৰি প্ৰবলৰূপে বৃদ্ধি পাই আৰু পাছলৈ “সেই কু-অভিলাষে গৰ্ভধাৰণ কৰি, পাপ প্ৰসৱ কৰে।” (যাকোব ১:১৪, ১৫) বহুতে স্বীকাৰ কৰিছে যে এইধৰণৰ কু-অভিলাষে প্ৰায়ে হস্তমৈথুনলৈ পৰিচালিত কৰে। গতিকে আমাৰ মনটোত আধ্যাত্মিকতাৰে পৰিপূৰ্ণ কৰাটো কিমান যে গুৰুত্বপূৰ্ণ! (ফিলিপীয়া ৪:৮) সেইবাবে যেতিয়া আমাৰ মনলৈ কোনো অনুচিত বিচাৰধাৰা আহে তেতিয়া আমি অনতি পলমে তাক অব্যাহতি কৰিবলৈ চেষ্টা কৰা উচিত।

‘সম্পূৰ্ণ চিত্তেৰে যিহোৱাৰ আৰাধনা কৰক’

১৯, ২০. আমি সম্পূৰ্ণ হৃদয়েৰে যিহোৱাক আৰাধনা কৰাত কেনেকৈ সফলতা লাভ কৰিব পাৰোঁ?

১৯ ৰজা দায়ুদে বৃদ্ধসময়ত তেওঁৰ পুত্ৰক এইদৰে কৈছিল: “হে বোপা চলোমন, তুমি তোমাৰ পিতৃৰ ঈশ্বৰক জানিবা; আৰু সৰল চিত্তেৰে ও সন্তুষ্ট মনেৰে তেওঁৰ আৰাধনা কৰিবা, কিয়নো যিহোৱাই সকলোৰে হৃদয় অনুসন্ধান কৰে, আৰু সকলোৰে কল্পনাকো বুজে; তুমি যদি তেওঁক বিচাৰা, তেন্তে তুমি তেওঁক পাবা।” (১ বংশাৱলি ২৮:৯) চলোমনে নিজেই ‘জ্ঞানযুক্ত মনৰ’ বাবে যিহোৱালৈ প্ৰাৰ্থনা কৰিছিল। (১ ৰাজাৱলি ৩:৯) তথাপিও, গোটেই জীৱনছোৱাত নিজৰ হৃদয়ক ৰক্ষা কৰাতো তেওঁৰ বাবে কঠিন হৈ পৰিছিল।

২০ যদি আমি সেই ক্ষেত্ৰত সফলতা লাভ কৰিব বিচাৰোঁ, তেন্তে আমি কেৱল যিহোৱালৈ গ্ৰহণযোগ্য হৃদয় বিকাশিত কৰিম এনে নহয়, কিন্তু নিজৰ হৃদয়কো ৰক্ষা কৰা আৱশ্যক। এই সফলতাত উপনীত হʼবলৈ আমি ঈশ্বৰৰ বাক্যক আমাৰ হৃদয়ৰ “ভিতৰত ৰাখা” আৱশ্যক। (হিতোপদেশ ৪:২০-২২) তদুপৰি, আমাৰ কথা-বতৰা আৰু কাৰ্য্যই কি প্ৰকাশ কৰিছে, ইয়াৰ বাবে আমি হৃদয়ক নিৰীক্ষণ কৰিবলৈ প্ৰাৰ্থনাপূৰ্বকভাৱে বিবেচনা কৰা উচিত। আমি কিমানলৈকে বিবেচনা কৰিব পাৰোঁ অন্যথা যিহোৱাৰ সহায়ৰ যোগেদি আমাত থকা দুৰ্ব্বলতাসমূহ আঁতৰ কৰিব পাৰোঁনে? আমি আমাৰ ইন্দ্ৰিয়সমূহক তন্ন-তন্নকৈ পৰীক্ষা কৰাটো কিমান যে আৱশ্যক! এইদৰে কৰাৰ দ্বাৰা আমি “সকলো বুদ্ধিতকৈ উত্তম যি ঈশ্বৰৰ শান্তি, সেয়ে যীচু খ্ৰীষ্টত [আমাৰ] হৃদয় আৰু মতিক পহৰা” দিম। (ফিলিপীয়া ৪:৬, ৭) সেয়েহে আঁহক আমি সকলোৱে আমাৰ হৃদয়ক সম্পূৰ্ণৰূপে ৰক্ষা কৰি সম্পূৰ্ণ হৃদয়েৰে যিহোৱাক আৰাধনা কৰোঁহঁক। (w01 10/15)

আপোনাৰ মনত আছেনে?

• আমাৰ হৃদয়ক ৰক্ষা কৰাতো কিয় অতি গুৰুত্বপূৰ্ণ?

• আমি পতা কথা-বতৰাক বিশ্লেষণ কৰি কেনেকৈ আমাৰ হৃদয়ক ৰক্ষা কৰিব পাৰোঁ?

• আমি কিয় চকু ‘নিৰ্মল’ ৰখা উচিত?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[২৯ পৃষ্ঠাৰ ছবি]

সাধাৰণতে আমি প্ৰচাৰক্ষেত্ৰত, সভাত, আৰু ঘৰত কিহৰ বিষয়ে কথা-বতৰা পাতোঁ?

[৩১ পৃষ্ঠাৰ ছবি]

নিৰ্মল চকুৱে কেতিয়াও লক্ষ্যভ্ৰষ্ট নহয়