Skip to content

Skip to table of contents

এখন সুখী জগতৰ মাপকাঠী

এখন সুখী জগতৰ মাপকাঠী

এখন সুখী জগতৰ মাপকাঠী

টাইমছ্‌ নামৰ আলোচনীখনে এইদৰে কৈছিল: “মানৱজাতিৰ মাজত সকলোতকৈ শক্তিশালী ব্যক্তিত্ব থকা ব্যক্তিজন—কেৱল দুহাজাৰ বছৰেই নহয় সমুদায় মানৱ ইতিহাসতে প্ৰসিদ্ধ আছিল। তেওঁৰ নাম আছিল নাচৰতীয়া যীচু। পৃথিৱীত থকা সময়ছোৱাত হাজাৰ হাজাৰ নম্ৰমনৰ লোকে তেওঁক কেৱল শ্ৰেষ্ঠই নহয়, কিন্তু আনৰ বাবে চিন্তিত হোৱা ব্যক্তি বুলিও স্বীকাৰ কৰিছিল। সেইবাবে তেওঁক তেওঁলোকৰ ৰজা নিযুক্ত কৰিবলৈ লোৱা নিৰ্ণয়টো কোনো আচৰিত বিষয় নাছিল। (যোহন ৬:১০, ১৪, ১৫) যেনেকৈ পূৰ্ববতী লেখত উল্লেখ কৰা হʼল যে তেওঁ কোনো প্ৰকাৰৰ ৰাজনৈতিকত ভাগী নহবলৈ সেই স্থানৰ পৰা আঁতৰি গৈছিল।

 অন্ততঃ তিনিটা মুখ্য কাৰণৰ বাবে যীচুৱে তেনে পদক্ষেপ লৈছিল। সেই কাৰণসমূহ আছিল: মানুহে নিজেই শাসন কৰিবলৈ বাছি লোৱা অৰ্থাৎ মানৱ শাসকসকলৰ ওপৰত তেওঁৰ পিতৃৰ দৃষ্টিভঙ্গী; তেওঁ জানিছিল যে মানুহে উত্তমৰূপে শাসন কৰা প্ৰচেষ্টাৰ বিপৰীতে কিছুমান অদৃশ্য শক্তিশালী শক্তিয়ে কাৰ্য্য কৰে; আৰু স্বৰ্গীয় চৰকাৰৰ যোগেদি সমুদায় পৃথিৱীখনত শাসন কৰা ঈশ্বৰৰ উদ্দেশ্য। এই তিনটা বিষয়ক নিবিড়ভাৱে পৰীক্ষা কৰাৰ দ্বাৰা আমি জানিব পাৰিম যে মানুহে এই জগতখনক উত্তম স্থানলৈ পৰিৱৰ্তন কৰাত কিয় বিফল হৈছে। তদুপৰি, আমি এইটো দৃষ্টি কৰিম যে কেনেকৈ সফলতা পোৱা যাব।

মানুহে নিজেই শাসন কৰাৰ অধিকাৰ আছেনে?

আদিতে যেতিয়া ঈশ্বৰে মানুহক সৃষ্টি কৰিছিল তেতিয়া তেওঁলোকক সকলো জীৱ-জন্তুৰ ওপৰত অধিকাৰ চলাবলৈ ক্ষমতা দিছিল। (আদিপুস্তক ১:২৬) কিন্তু তেওঁলোকে স্বয়ং ঈশ্বৰৰ সাৰ্ব্বভৌমত্বৰ অধীনত আছিল। প্ৰথম পুৰুষ আৰু স্ত্ৰীয়ে আজ্ঞাকাৰী হৈ “ভাল বেয়া জ্ঞান দিওঁতাৰ বৃক্ষৰ” ফল খোৱাৰ পৰা আঁতৰি থাকি ঈশ্বৰৰ অধীনস্থ হʼব লাগিছিল। (আদিপুস্তক ২:১৭) কিন্তু দুখৰ বিষয় এই যে, আদম আৰু হৱাই তেওঁলোকৰ স্বাধীন নৈতিক ইচ্ছাক দুব্যৱহাৰ কৰি ঈশ্বৰৰ আজ্ঞাক লঙ্ঘন কৰিলে। তেওঁলোকে কেৱল নিষেধজ্ঞা কৰা ফলটো চোৰ কৰি খালে এনে নহয়, কিন্তু ঈশ্বৰৰ সাৰ্ব্বভৌমত্বৰো বিৰোধ কৰিলে। দ্যা নিউ যিৰূচালেম বাইবেলʼত উল্লেখ কৰা আদিপুস্তক ২:১৭ পদৰ ফুটনোটৰ অনুসাৰে আদম আৰু হৱাই “সম্পূৰ্ণ স্বাধীন নৈতিক ইচ্ছাক গ্ৰহণ কৰাৰ দ্বাৰা মানুহে তেওঁলোকৰ সৃষ্টিকৰ্ত্তাৰ স্থানক অস্বীকাৰ কৰিলে . . . তেওঁলোকে ঈশ্বৰৰ সাৰ্ব্বভৌমত্বৰ বিৰোধ কৰি প্ৰথম পাপ কৰিলে।”

যিহেতু গুৰুত্বৰ নৈতিক বিষয় জড়িত থকাৰ বাবে ঈশ্বৰে আদম, হৱা আৰু তেওঁলোকৰ লʼৰা-ছোৱালীক নিজ নিজ জীৱনৰ পথ বাছি লৈ ভাল-বেয়া নিৰ্ণয় কৰাৰ নিজ মানদণ্ড স্থাপন কৰিলে। (গীতমালা ১৪৭:১৯, ২০; ৰোমীয়া ২:১৪) তেতিয়াৰ পৰা মানৱজাতিয়ে নিজে নিৰ্ণয় লোৱাৰ পৰীক্ষণ আৰম্ভ হʼল। তেওঁলোকে সফলতা লাভ কৰিব পাৰিলেনে? হাজাৰ হাজাৰ বছৰ অতিক্ৰম কৰাৰ পাছত মানৱ বুৰঞ্জীলৈ দৃষ্টি কৰি এইটো কব পৰা যায় যে, তেওঁলোকে নোৱাৰিলে! কিয়নো উপদেশক ৮:৯ পদত এইদৰে বৰ্ণনা কৰিছে: “এজনে আন জনৰ ওপৰত তাৰ অপকাৰলৈ ক্ষমতা পায়।।” মানুহে নিজেই শাসন কৰি পোৱা দুখজনক পৰিণামৰ বিষয়ে যিৰিমিয়া ১০:২৩ পদত কোৱা সত্যতাক প্ৰমাণ কৰিলে, যʼত এইদৰে কোৱা হৈছে: “হে যিহোৱা, মই জানো যে, মানুহৰ গতি নিজ অধিকাৰত নাথাকে; নিজ খোজ স্থিৰ কৰিবলৈ খোজ চলাওঁতা জনৰ শক্তি নাই।” ইতিহাসে প্ৰমাণ কৰিলে যে ঈশ্বৰৰ অবিহনে মানুহে সফলতাৰে শাসন কৰিবলৈ ক্ষমতা নাই।

এই বিষয়ে যীচুৱেও একমত আছিল। কিয়নো ঈশ্বৰৰ পৰা স্বাধীন হোৱা কাৰ্য্যক যীচুৱেও অভিশপ্ত বুলি দৃষ্টি কৰিছিল। সেয়েহে তেওঁ এইদৰে কৈছিল যে, “নিজ ইচ্ছাৰে একো নকৰোঁ . . . মই সদায় [ঈশ্বৰৰ] সন্তোষজনক কৰ্ম্ম কৰোঁ।” (যোহন ৪:৩৪; ৮:২৮, ২৯) মানুহৰ পৰা শাসনভাৰ গ্ৰহণ কৰাটো ঈশ্বৰৰ ইচ্ছাৰ সামঞ্জস্যত নহয়, সেইবাবে যীচুৱেও সেই শাসনভাৰ গ্ৰহণ কৰিবলৈ বিবেচনা কৰা নাছিল। ইয়াৰ অৰ্থ এইটো নহয় যে তেওঁ সঙ্গী মানৱক সহায় কৰিবলৈ আগ্ৰহী নাছিল। ইয়াৰ বিপৰীতে, মানৱজাতিয়ে ভৱিষ্যতে মহান আনন্দ লাভ কৰিবলৈ তেওঁ নিজৰ সম্পূৰ্ণ শক্তিৰে সহায় কৰিছিল। তদুপৰি, তেওঁ মানৱজাতিৰ বাবে নিজৰ প্ৰাণ আহুতি দিলে। (মথি ৫:৩-১১; ৭:২৪-২৭; যোহন ৩:১৬) কিন্তু যীচুৱে জানিছিল যে মানুহৰ ওপৰত ঈশ্বৰৰ সাৰ্ব্বভৌমত্ব প্ৰতিষ্ঠা কৰিবলৈ তেতিয়াও ঈশ্বৰৰ সময় হোৱা নাছিল, কিয়নো “প্ৰত্যেক বিষয়ৰেই এক এক সময় আছে।” (উপদেশক ৩:১; মথি ২৪:১৪, ২১, ২২, ৩৬-৩৯) এদন বাগিছাত হোৱা ঘটনাৰ বিষয়ে স্মৰণ কৰক, আমাৰ আচল পিতৃ-মাতৃয়ে নিজকে এনে এক দুষ্ট আত্মিক প্ৰাণীৰ অধীন কৰিছিল, যিজনে সৰ্পৰ যোগেদি দৃশ্যমান হৈ কথা কৈছিল। ইয়ে আমাক দ্বিতীয়টো কাৰণলৈ পৰিচালিত কৰে, যাৰ বাবে যীচুৱে ৰাজনৈতিকত ভাগ লোৱাৰ পৰা আঁতৰি আছিল।

এই জগতৰ অদৃশ্য শাসক

বাইবেলে আমাক এইদৰে কৈছে যে চয়তানক যীচুৱে দণ্ডৱতে প্ৰণাম কৰাৰ বিনিময়ত, সি “জগতৰ সকলো ৰাজ্য আৰু সেইবোৰৰ ঐশ্বৰ্য্য” দিব বুলি প্ৰস্তাৱ দিছিল। (মথি ৪:৮-১০) দৰাচলতে চয়তানে যীচুক এই জগতৰ শাসক হʼবলৈ আমন্ত্ৰণ জনাইছিল। কিন্তু যীচুৱে চয়তানৰ সেই পৰীক্ষাৰ ফান্দত নপৰিলে। বাস্তৱতে সেইটো পৰীক্ষাৰ বিষয় আছিল নে? সঁচাকৈ চয়তানে তেনে সুন্দৰ দান দিব পাৰিলেহেঁতেঁন নে? অৱশ্যেই পাৰিলেহেঁতেঁন, কিয়নো যীচুৱে নিজেই চয়তানক “জগতৰ অধিপতি” বুলি কৈছিল আৰু পাঁচনি পৌলেও চয়তানক ‘এই যুগৰ দেৱতা’ বুলি আখ্যা দিছে।—যোহন ১৪:৩০; ২ কৰিন্থীয়া ৪:৪; ইফিচীয়া ৬:১২.

নিসন্দেহ, যীচুৱে জানিছিল যে চয়তানে আচলতে মানৱজাতিৰ উন্নতিৰ প্ৰতি কোনো আগ্ৰহী নহয়। সেয়েহে তেওঁ চয়তানক “নৰ-বধী” আৰু “মিছলীয়া আৰু সকলো প্ৰবঞ্চনাৰ পিতৃ” বুলি কৈছিল। (যোহন ৮:৪৪, দ্যা এমপ্লিফাই বাইবেল) প্ৰকৃততে এই জগতখন দুষ্ট আত্মাৰ “অধীনত” আছে, যি কেতিয়াও সুখী নহয়। (১ যোহন ৫:১৯) কিন্তু এই অধিকাৰ চয়তানে চিৰকালৰ বাবে নিজৰ হাতত ৰাখিব নোৱাৰিব। কিয়নো এতিয়া যীচু হৈছে এক শক্তিশালী আত্মিক প্ৰাণী আৰু অতি সোনকালে চয়তান আৰু ইয়াৰ ব্যৱস্থাক সম্পূৰ্ণৰূপে উচ্ছন্ন কৰিব।—ইব্ৰী ২:১৪; প্ৰকাশিত বাক্য ২০:১-৩.

চয়তানে স্বয়ং জানে যে অতি শীঘ্ৰেই তেওঁৰ শাসনকালৰ অন্ত হʼব। সেয়েহে সি নোহৰ দিনৰ জলপ্লাৱনত কৰা দৰে পৰিৱৰ্তন হʼব নোৱাৰাকৈ নৈতিকতাহীন কৰি মানুহক আশাহীন কৰি তুলিছে। (আদিপুস্তক ৬:১-৫; যিহূদা ৬) এই বিষয়ে প্ৰকাশিত বাক্য ১২:১২ পদত এইদৰে কৈছে: “পৃথিৱী আৰু সমুদ্ৰ, তোমালোকৰ সন্তাপ হব; কিয়নো চয়তান তোমালোকৰ তালৈ নামি গল; আৰু তাৰ কাল অলপ দেখি, সি অতি ক্ৰুদ্ধ হৈছে।” পূৰ্ণ হোৱা বাইবেলৰ ভৱিষ্যতবাণী আৰু জগতৰ ঘটনাসমূহে চিহ্নিত কৰিছে যে আমি সেই ‘কাল অলপৰ’ একেবাৰে দুৱাৰ-দলিত উপস্থিত হলোঁহি। (২ তীমথিয় ৩:১-৫) এই জগতৰ সকলো দুৰ্গতিৰ পৰা উপশম পোৱাৰ সময় একেবাৰে কাষ চাপিল।

এনে এখন চৰকাৰ যিয়ে আনন্দ কঢ়িয়াই আনে

যীচুৱে এইজগতৰ ৰাজনৈতিকত জড়িত হোৱাৰ পৰা আঁতৰি থকাৰ তৃতীয়টো কাৰণ আছিল, কিয়নো তেওঁ জানিছিল যে ভৱিষ্যতে এটা সময় নিৰ্ধাৰিত কৰা আছে। যেতিয়া ঈশ্বৰে সমুদায় মানৱজাতিৰ ওপৰত শাসন কৰিবলৈ এখন স্বৰ্গীয় চৰকাৰ স্থাপন কৰিব, বাইবেলত সেই চৰকাৰক ঈশ্বৰৰ ৰাজ্য বুলি কোৱা হৈছে আৰু এইটোৱে যীচুৱে শিক্ষা দিয়াৰ মুখ্য বিষয় আছিল। (লূক ৪:৪৩; প্ৰকাশিত বাক্য ১১:১৫) সেইবাবে তেওঁ নিজৰ শিষ্যসকলক সেই ৰাজ্য আহিবলৈ প্ৰাৰ্থনা কৰিবলৈ শিকাইছিল, কিয়নো একমাত্ৰ সেই ৰাজ্য শাসনৰ অধীনতহে ‘যেনেকৈ স্বৰ্গত, তেনেকৈ পৃথিৱীত ঈশ্বৰৰ ইচ্ছা পূৰ হʼব।’ (মথি ৬:৯, ১০) আপুনি হয়তো এইদৰে ভাবি আচৰিত হʼব যে, ‘যদি সমস্ত পৃথিৱীখনত এই ৰাজ্যই শাসন কৰে, তেতিয়া মানুহে নিৰ্মাণ কৰা চৰকাৰবোৰ কি হʼব?’

আমি ইয়াৰ উত্তৰ দানিয়েল ২:৪৪ পদত পঢ়িবলৈ পাওঁ। তাত এইদৰে কোৱা হৈছে: “সেই ৰজাবিলাকৰ কালত স্বৰ্গৰ ঈশ্বৰে এক ৰাজ্য স্থাপন কৰিব; সেয়ে কেতিয়াও বিনষ্ট নহব, আৰু সেই ৰাজ্যৰ ভাৰ আন জাতিৰ হাতত দিয়া নহব; কিন্তু সেয়ে সেই আটাই [মানুহে নিৰ্মাণ কৰা] ৰাজ্য ভাঙি সংহাৰ কৰি নিজে চিৰকাললৈকে থাকিব।” ঈশ্বৰৰ ৰাজ্যই এই পাৰ্থিৱ শাসনক কিয় “সংহাৰ” কৰিব? কিয়নো এই শাসনবোৰে অৰ্থাৎ চয়তানে এদন বাগিছাত উন্নত কৰা স্বয়ং-নিৰ্ণয় লোৱা মনোবৃত্তিয়ে চিৰস্থায়ীভাবে ঈশ্বৰক বিৰোধ কৰিব। তদুপৰি, মানুহৰ সকলো চেষ্টাৰ বিৰোদ্ধে কাৰ্য্য কৰাসকলে নিজেই চিৰকালৰ বাবে সৃষ্টিকৰ্ত্তাক বিৰোধ কৰাৰ মনোবৃত্তি গ্ৰহণ কৰিছে। (গীতমালা ২:৬-১২; প্ৰকাশিত বাক্য ১৬:১৪, ১৬) এতেকে আমি নিজকে সোধা আৱশ্যক যে, ‘আমি ঈশ্বৰৰ শাসনৰ সপক্ষে নে বিপক্ষে আছোঁ?’

আপুনি কাৰ আধিপত্যৰ বাছনি কৰিব?

যীচুৱে লোকসকলক শাসনৰ বিষয়ে নিৰ্ণয় লোৱাত সহায় কৰিবলৈ তেওঁৰ শিষ্যসকলক এই ৰীতি-ব্যৱস্থাৰ অন্ত হোৱাৰ পূৰ্বেই “সকলো জাতিলৈ সাক্ষ্য হবলৈ, ৰাজ্যৰ এই শুভবাৰ্ত্তা গোটেই জগততে” প্ৰচাৰ কৰিবলৈ আজ্ঞা দিছিল। (মথি ২৪:১৪) বৰ্তমান সময়ত ঈশ্বৰৰ ৰাজ্যৰ প্ৰচাৰকাৰী হিচাবে কোনসকলে গোটেই বিশ্বত জনাজাত হৈ পৰিছে? কেৱল যিহোৱাৰ সাক্ষীসকল। কিয়নো তেওঁলোকে ইংৰাজী ভাষাৰ আলোচনীসমূহৰ বেটুপাটত বহু সময়ৰ আগৰে পৰা “ঈশ্বৰৰ ৰাজ্যৰ ঘোষণা কৰা” বুলি ছপা কৰি আহিছে। বৰ্তমান সময়ত ২৩০ খনতকৈও অধিক দেশত প্ৰায় ৬০ লাখ জন যিহোৱাৰ সাক্ষীয়ে লোকসকলক সেই ৰাজ্যৰ যথাৰ্থ জ্ঞান লোৱাত সহায় কৰিছে। *

ৰাজ্যৰ অধীনত থকাসকলৰ বাবে আশীৰ্ব্বাদ

যীচুৱে ঈশ্বৰৰ ইচ্ছাৰ অনুসাৰে সকলো কাৰ্য্য কৰিছিল। সেইবাবে আমি স্বাধীনতা আৰু এই ব্যৱস্থাৰ অৱস্থাসমূহক ৰাজনৈতিক পথেৰে উন্নত কৰিবলৈ কাৰ্য্য কৰাৰ পৰিৱৰ্তে, ঈশ্বৰৰ ৰাজ্যৰ প্ৰতি আগ্ৰহী কৰি তুলাত কঠোৰ পৰিশ্ৰম কৰা আৱশ্যক। কিয়নো কেৱল সেই ৰাজ্যই এই জৰা-জীৰ্ণ জগতৰ অৱস্থাক ঠিক কৰিব পাৰে। যীচুৱে বিশ্বাসী হৈ থকাৰ বাবে পুৰস্কাৰ হিচাবে স্বৰ্গত সেই ৰাজ্যৰ ৰজা নিযুক্ত হʼল। তেওঁ অধীন হোৱাৰ বাবে কিমান যে অপূৰ্ব পুৰস্কাৰৰ ভাগী হʼল!—দানিয়েল ৭:১৩, ১৪.

বৰ্তমান সময়ত যিসকলে যীচুক অনুকৰণ কৰি ঈশ্বৰৰ ৰাজ্যক প্ৰথম স্থান দিছে আৰু নিজকে ঈশ্বৰৰ ইচ্ছাৰ অধীন কৰিছে, তেওঁলোকে এক অপূৰ্ব উপহাৰ অৰ্থাৎ ঈশ্বৰৰ ৰাজ্যৰ অধীন হোৱাৰ সুন্দৰ সুযোগ লাভ কৰাৰ আনন্দ উপভোগ কৰিছে। (মথি ৬:৩৩) এই প্ৰেমময় শাসনৰ অধীনত তেওঁলোকে অনন্ত জীৱনৰ আশাৰ সৈতে সিদ্ধ মানৱলৈ পৰিণত হʼব। (প্ৰকাশিত বাক্য ২১:৩, ৪) ১ যোহন ২:১৭ পদত এইদৰে কৈছে: “জগত আৰু তাৰ আভিলাষ গুচি যাব লাগিছে; কিন্তু যি জনে ঈশ্বৰৰ ইচ্ছা পালন কৰে, তেওঁ চিৰকাললৈকে থাকে।” চয়তান আৰু তাৰ সঙ্গীসকল বিনষ্ট হোৱাৰ লগে-লগেই এই পৃথিৱীখন এক সুন্দৰ পৰমদেশলৈ ৰূপান্তৰ হʼব, যʼত কোনো জাতীয়তাবাদ, ভ্ৰষ্টাচাৰী বাণিজ্যিক প্ৰণালী আৰু মিছা ধৰ্ম্ম নাথাকিব। তেনে পৃথিৱীত অনন্তকাল থকাতো কিমান যে আনন্দৰ বিষয় হʼব!—গীতমালা ৩৭:২৯; ৭২:১৬.

স্পষ্টৰূপে, ঈশ্বৰৰ ৰাজ্যই হৈছে এখন সুখী জগতৰ প্ৰকৃত মাপকাঠী আৰু সেয়েহে ঘোষণা কৰা ইয়াৰ বাৰ্ত্তাক উপযুক্তৰূপে শুভবাৰ্ত্তা বুলি কোৱা হয়। যদি আপুনি এতিয়ালৈকে সেই বাৰ্ত্তা শুনা নাই, তেনেহʼলে শুভবাৰ্ত্তা শুনিবলৈ যিহোৱাৰ সাক্ষীসকলক কিয় আমন্ত্ৰণ নকৰে? (w01 10/15)

[ফুটনোট]

^ ঈশ্বৰৰ ৰাজ্যক সমৰ্থন কৰিবলৈ যিহোৱাৰ সাক্ষীসকলে কোনো ৰাজনৈতিকত ভাগ নলয় বা স্থানীয় শাসকসকলে কিছুমান দেশত প্ৰতিবন্ধ বা নিৰ্য্যাতনা দিয়াৰ স্বত্ত্বেও বিৰোধ নকৰে। (তীত ৩:১) ইয়াৰ বিপৰীতে তেওঁলোকে যীচুৱে আৰু তেওঁৰ শিষ্যসকলে প্ৰথম শতাব্দীত কৰাৰ দৰে এক সঠিক মনোবৃত্তি ৰাখি আধ্যাত্মিক আৰু অৰাজনৈতিক অৱদান আগবঢ়ায়। যিহোৱাৰ সাক্ষীসকলে বিভিন্ন সম্প্ৰদায়ৰ লোকসকলক বাইবেলৰ স্ফুৰ্তিদায়ক ধাৰ্ম্মিকতা যেনে, ঘৰখনত প্ৰেম, সাধুতা, নৈতিক শুদ্ধতা আৰু উত্তম কৰ্ম্ম কৰিবলৈ আগ্ৰহী কৰি তুলে। প্ৰাথমিকতে যিহোৱাৰ সাক্ষীসকলে লোকসকলক বাইবেল সিদ্ধান্তৰ শিক্ষা দিবলৈ চেষ্টা কৰে আৰু মানৱজাতিৰ সমস্যাসমূহক সমাধান কৰাৰ একমাত্ৰ আশা হিচাপে ঈশ্বৰৰ ৰাজ্যলৈ আশাৰে বাট চাই।

[৫ পৃষ্ঠাৰ ছবি]

ইতিহাসে প্ৰমাণ দিছে যে মানুহে ঈশ্বৰৰ অবিহনে সফলতাৰে শাসন কৰিব নোৱাৰে

[৫ পৃষ্ঠাৰ ছবি]

চয়তান বৰ্তমান “জগতৰ” শাসক হোৱাৰ বাবে যীচুক “জগতৰ সকলো ৰাজ্য” দিয়াৰ প্ৰস্তাব আগবঢ়াব পাৰিলে

[৭ পৃষ্ঠাৰ ছবি]

ঈশ্বৰৰ ৰাজ্যৰ অধীনত এই পৃথিৱীখনক এখন সুন্দৰ স্থানলৈ ৰূপান্তৰ কৰা হʼব বুলি যীচুৱে লোকসকলক শিক্ষা দিছিল