Skip to content

Skip to table of contents

ল’ৰা-ছোৱালীক প্ৰশিক্ষণ দিয়াত যিহোৱাৰ আৰ্হিক অনুকৰণ কৰক

ল’ৰা-ছোৱালীক প্ৰশিক্ষণ দিয়াত যিহোৱাৰ আৰ্হিক অনুকৰণ কৰক

লʼৰা-ছোৱালীক প্ৰশিক্ষণ দিয়াত যিহোৱাৰ আৰ্হিক অনুকৰণ কৰক

“পিতৃয়ে শাস্তি নিদিয়া, এনে কোন পুত্ৰ আছে?”ইব্ৰী ১২:৭.

১, ২. আজি পিতৃ-মাতৃসকলৰ বাবে নিজৰ লʼৰা-ছোৱালীক প্ৰতিপালন কৰাটো কিয় কঠিন বিষয় হৈ পৰিছে?

 জাপানত কিছুবছৰৰ আগতে বয়স্কলোকৰ সাক্ষাৎকাৰ গ্ৰহণ কৰাত প্ৰায় আধা শতাংশ বয়স্কলোকে কয় য়ে, পিতৃ-মাতৃ আৰু লʼৰা-ছোৱালীৰ মাজত প্ৰায়ে কম পৰিমাণে কথা-বতৰা হয় আৰু নিজৰ লʼৰা-ছোৱালীক তেওঁলোকৰ ইচ্ছামতে চলিবলৈ এৰি দিয়া দেখা গৈছে। আন এক অনুসন্ধানৰ অনুসাৰে চাৰিভাগৰ এভাগ লোকে নিজৰ সন্তানৰ সৈতে কেনে আচৰণ কৰিব লাগে তাক তেওঁলোকে নাজানে। আনকি মধ্যপ্ৰাচ্য দেশবোৰতো তেনে হোৱাটো সাধাৰণ কথা হৈ পৰিছে। তদুপৰি, ট্ৰনট্‌ ষ্টাৰ নামৰ এখন বাতৰিকাকতে কয় যে “কানাডাৰ বহুতো পিতৃ-মাতৃয়ে কেনেকৈ নিজৰ লʼৰা-ছোৱালীক উত্তমৰূপে প্ৰতিপালন কৰিব লাগে তাৰ বাবে নিশ্চিত নহয়।” পৃথিৱীৰ চাৰিওফালে দেশবোৰত লʼৰা-ছোৱালীক প্ৰতিপালন কৰাতো পিতৃ-মাতৃসকলৰ বাবে এক কঠিন বিষয় হৈ পৰিছে।

লʼৰা-ছোৱালীক প্ৰতিপালন কৰাতোঁ পিতৃ-মাতৃসকলৰ বাবে ই কিয় এক গম্ভীৰ বিষয় হৈ পৰিছে? ইয়াৰ মুখ্য কাৰণ হৈছে, কিয়নো বাইবেলে কৈছে যে আজি আমি “শেষ-কালত” জীয়াই আছোঁ। (২ তীমথিয় ৩:১) তদুপৰি, বাইবেলে কৈছে যে, “মানুহৰ মনৰ কল্পনা সৰু কালেৰে পৰা মন্দ।” (আদিপুস্তক ৮:২১) বিশেষকৈ অভিজ্ঞতা নথকা যুৱক-যুৱতীসকলে “গুজৰি থকা সিংহ” অৰ্থাৎ চয়তানৰ আক্ৰমণৰ চিকাৰ হৈছে। (১ পিতৰ ৫:৮) সেইবাবে, খ্ৰীষ্টান পিতৃ-মাতৃসকলৰ বাবে নিজৰ লʼৰা-ছোৱালীক “প্ৰভুৰ শিক্ষা আৰু চেতনাত প্ৰতিপালন” কৰাতো প্ৰত্যাহ্বানজনক হৈ পৰিছে। (ইফিচীয়া ৬:৪) তেনেহʼলে পিতৃ-মাতৃসকলে নিজৰ লʼৰা-ছোৱালীক ঈশ্বৰৰ পৰিপক্ক সেৱক হৈ “ভাল-বেয়া বিষয় নিৰ্ণয় কৰাত” কেনেকৈ সহায় কৰিব পাৰে?—ইব্ৰী ৫:১৪.

৩. লʼৰা-ছোৱালীক সফলতাৰে প্ৰতি-পালন কৰাৰ বাবে কিয় পিতৃ-মাতৃসকলৰ প্ৰশিক্ষণ আৰু পথ-প্ৰদৰ্শনৰ আৱশ্যক?

এই সন্দৰ্ভত জ্ঞানী ৰজা চলোমনে কৈছিল যে “লৰাৰ মনত অজ্ঞানতা বন্ধ হৈ থাকে।” (হিতোপদেশ ১৩:১; ২২:১৫) লʼৰা-ছোৱালীৰ হৃদয়ৰ পৰা তেনে অজ্ঞানতাক আতঁৰাবলৈ পিতৃ-মাতৃসকলে প্ৰেমেৰে অনুশাসন দিয়া উচিত। তেওঁলোকে সদায়েই যে তেনে অনুশাসনৰ অনুসাৰে চলিবলৈ মান্তি হʼব এনে নহয়। বাস্তৱতে যিয়েই উপদেশ নিদিয়ক কিয় তেওঁলোকে প্ৰায়ে অপমান বোধ কৰে। গতিকে পিতৃ-মাতৃসকলে কেনেদৰে “লৰাক তাৰ চলিবলগীয়া পথৰ অনুসাৰে শিক্ষা” দিব লাগে সেই বিষয়ে শিকা উচিত। (হিতোপদেশ ২২:৬) লʼৰা-ছোৱালী তেনে অনুশাসনৰ অনুসাৰে চলাৰ অৰ্থ হৈছে, তেওঁলোকৰ বাবে জীৱন। (হিতোপদেশ ৪:১৩) পিতৃ-মাতৃসকলে নিজৰ লʼৰা-ছোৱালীক কেনেদৰে প্ৰশিক্ষণ দিয়া আৱশ্যক এই বিষয়ে জনাটো কিমান যে গুৰুত্বপূৰ্ণ!

অনুশাসন—ইয়াৰ অৰ্থ কি

৪. সাধাৰণতে বাইবেলৰ অনুসৰি “অনুশাসনৰ” অৰ্থ কি?

কিছুমান পিতৃ-মাতৃয়ে অনুশাসন দিয়া মানে মৌখিক, শাৰীৰিক আৰু মানসিকৰূপে উৎপীড়ন কৰা বুলি ভাবি ভয় কৰি নিজৰ সন্তানক অনুশাসন দিয়াৰ পৰা বিৰত থাকে। আমি তেনেধৰণৰ কোনো ভয় ৰখা উচিত নহয়। কিয়নো বাইবেলৰ অনুসৰি অনুশাসন দিয়াৰ অৰ্থ কোনো ধৰণৰ দুব্যৱহাৰ বা উৎপীড়নৰ দৰে কাৰ্য্য কৰাক নুবুজায়। সাধাৰণতে গ্ৰীক শব্দত “অনুশাসনৰ” অৰ্থ হৈছে নিৰ্দ্দেশন, শিক্ষা, সংশোধন আৰু সময় অনুযায়ী প্ৰেমেৰে শাসন কৰা।

৫. যিহোৱাই তেওঁৰ লোকসকলৰ সৈতে কৰা ব্যৱহাৰক বিবেচনা কৰাটো কিয় লাভদায়ক?

এই ক্ষেত্ৰত তেনেধৰণৰ অনুশাসন দিয়াত যিহোৱাই এক উত্তম আৰ্হি প্ৰস্তুত কৰিলে। পাঁচনি পৌলে যিহোৱাক মানৱীয় পিতৃৰ সৈতে তুলনা কৰি এইদৰে কৈছিল: “পিতৃয়ে শাস্তি নিদিয়া, এনে কোন পুত্ৰ আছে? . . . তেওঁবিলাকে হলে, যেনেকৈ উচিত দেখিছিল, তেনেকৈ অলপ দিনৰ নিমিত্তে শাস্তি দিছিল; কিন্তু তেওঁ হলে, আমাৰ হিতৰ কাৰণে, অৰ্থাৎ আমি যেন তেওঁৰ পবিত্ৰতাৰ ভাগী হওঁ, তাৰ কাৰণে শাস্তি দিছে।” (ইব্ৰী ১২:৭-১০) দৰাচলতে আমি পবিত্ৰ আৰু শুদ্ধতা বজাই ৰাখিবৰ বাবেহে যিহোৱাই আমাক অনুশাসন দিয়ে। গতিকে লʼৰা-ছোৱালীক প্ৰশিক্ষণ দিয়া ক্ষেত্ৰত, আমি যিহোৱাই তেওঁৰ লোকসকলক দিয়া অনুশাসনৰ পৰা বহু কিছু শিকিব পাৰোঁ।—দ্বিতীয় বিবৰণ ৩২:৪; মথি ৭:১১; ইফিচীয়া ৫:১.

প্ৰেম—ই হৈছে এক অনুপ্ৰেৰিত কৰা শক্তি

৬. যিহোৱাৰ প্ৰেমক অনুকৰণ কৰাতো পিতৃ-মাতৃসকলৰ বাবে কিয় সহজ নহয়?

পাঁচনি যোহনে কৈছে যে “ঈশ্বৰ প্ৰেম।” গতিকে যিহোৱাই সদায়ে প্ৰেমেৰে অনুপ্ৰানিত হৈ শিক্ষা প্ৰদান কৰে। (১ যোহন ৪:৮; হিতোপদেশ ৩:১১, ১২) ইয়াৰ অৰ্থ এইটোনে যিসকল পিতৃ-মাতৃয়ে তেওঁলোকৰ সন্তানক প্ৰেম কৰে, কেৱল তেওঁলোকৰ বাবেহে যিহোৱাৰ আৰ্হিক অনুকৰণ কৰাতো সহজ? অৱশ্যেই নহয়। কিয়নো ঈশ্বৰৰ প্ৰেম মুল প্ৰেমৰ সিদ্ধান্তৰ ওপৰত আধাৰিত। এজন গ্ৰীক বিদ্বানে এইদৰে কৈছিল যে, “সাধাৰণতে প্ৰেম সদায়ে স্বভাৱিক প্ৰবৃত্তি অনুসাৰে আহে, এনে নহয়।” ঈশ্বৰে আবেগপূৰ্ণৰ দ্বাৰা প্ৰভাৱিত নহয়। তেওঁ সদায়ে নিজৰ লোকসকলৰ হিতৰ বিষয়ে চিন্তা কৰে।—যিচয়া ৩০:২০; ৪৮:১৭.

৭, ৮. (ক) যিহোৱাই তেওঁৰ লোকসকলৰ সৈতে আচৰণ কৰোঁতে মুখ্য প্ৰেমক প্ৰকাশ কৰাৰ যোগেদি কেনে আৰ্হি দাঙি ধৰিলে? (খ) বাইবেলৰ সিদ্ধান্তৰ অনুসাৰে লʼৰা-ছোৱালীক নিৰ্ণয় লোৱাত সহায় আগবঢ়োৱা সময়ত পিতৃ-মাতৃসকলে যিহোৱাক কেনেকৈ অনুকৰণ কৰিব পাৰে?

উদাহৰণস্বৰূপে, যিহোৱাই ইস্ৰায়েল জাতিৰ প্ৰতি প্ৰকাশ কৰা প্ৰেমৰ সম্বন্ধে বিবেচনা কৰক। নৱগঠিত ইস্ৰায়েল ৰাষ্ট্ৰৰ প্ৰতি যিহোৱাই দেখুৱা প্ৰেমৰ সাদৃশ্যতা দি মোচিয়ে সুন্দৰকৈ এইদৰে বৰ্ণনা কৰিছিল: “যি ঈগল চৰাইয়ে নিজৰ পোৱালিয়ে উড়িবলৈ বাহ লৰায়, সিহঁতৰ ওপৰত ঘূৰে, সেই ঈগল চৰাইৰ নিচিনাকৈ তেওঁ নিজৰ ডেউকা মেলি তাক তুলি, নিজ ডেউকাৰ ওপৰত তাক বৈ নিলে। যিহোৱাই অকলে [যাকোবক] লৈ গল।” (দ্বিতীয় বিবৰণ ৩২:৯, ১১, ১২) ঈগল চৰাইয়ে বাহত থকা পোৱালীবোৰক উড়িবলৈ শিকাবৰ বাবে “বাহ লৰায়” আৰু নিজৰ পাখি মেলি জোকাৰৰে উঢ়িবলৈ শিকাই। যেতিয়া পোৱালীবোৰ ওখ স্থানত অৱস্থিত থকা বাহঁৰ পৰা বাহিৰ হৈ উড়িবলৈ চেষ্টা কৰে আৰু মাটিত পৰিবলৈ ধৰোতেই “ওপৰত ঘূৰি” ফুৰা মাকজনীয়ে তাক ‘নিজৰ ডেউকাত’ তুলি ধৰে। ঠিক তেনেদৰে যিহোৱায়েও নতুনকৈ গঠিত হোৱা ইস্ৰায়েল ৰাষ্ট্ৰৰ সৈতে প্ৰেমেৰে আচৰণ কৰিছিল। তেওঁ ইস্ৰায়েলৰ লোকসকলক মোচিৰ ব্যৱস্থা দিছিল। (গীতমালা ৭৮:৫-৭) যেতিয়া ইস্ৰায়েলসকলে কোনো বিপদৰ সম্মুখীন হৈছিল, তেতিয়া তেওঁলোকক বিপদৰ পৰা ৰক্ষা কৰিবলৈ তেওঁলোকৰ প্ৰতি আগ্ৰহপূৰ্ণ দৃষ্টি ৰাখিছিল।

খ্ৰীষ্টান পিতৃ-মাতৃসকলে কেনেকৈ যিহোৱাৰ প্ৰেমক অনুকৰণ কৰিব পাৰে? সৰ্ব্বপ্ৰথমে, তেওঁলোকে নিজৰ লʼৰা-ছোৱালীক ঈশ্বৰৰ বাক্যত উল্লেখ হোৱা সিদ্ধান্ত আৰু স্তৰবোৰৰ বিষয়ে শিক্ষা দিয়া উচিত। (দ্বিতীয় বিবৰণ ৬:৪-৯) লʼৰা-ছোৱালীক তেনে শিক্ষা দিয়াৰ উদ্দেশ্য হৈছে, তেওঁলোকে যাতে বাইবেলৰ সিদ্ধান্তৰ অনুসাৰে নিৰ্ণয় লবলৈ শিকিব পাৰে। তেনে কৰাৰ দ্বাৰা মৰমীয়াল পিতৃ-মাতৃয়ে তেওঁলোকৰ ওপৰত ঈগল চৰাইটোৰ দৰে ঘূৰি নিৰীক্ষণ কৰে যে, তেওঁলোকৰ লʼৰা-ছোৱালীয়ে কিদৰে সিদ্ধান্তসমূহ প্ৰয়োগ কৰিবলৈ শিকিছে। লʼৰা-ছোৱালীৰ বয়স বাঢ়ি অহাৰ লগে লগে অধিক স্বতন্ত্ৰতা লাভ কৰে, কিন্তু যেতিয়া বিপদৰ সম্মুখীন হয়, তেতিয়া পিতৃ-মাতৃয়ে ঈগল চৰাইটোৰ নিচিনাকৈ তেওঁলোকক ‘নিজৰ ডেউকাত তুলি ধৰে।’ ইয়াত কেনেধৰণৰ বিপদৰ সম্মুখীন হোৱাৰ বিষয়ে কোৱা হৈছে?

৯. প্ৰেমময় পিতৃ-মাতৃসকলে বিশেষকৈ কেনেধৰণৰ বিপদৰ প্ৰতি সতৰ্কতা অৱলম্বন কৰা উচিত? বৰ্ণনা কৰক।

যিহোৱাই ইস্ৰায়েল জাতিক বেয়া লোকসকলৰ সৈতে সঙ্গতি কৰাৰ পৰিণামৰ বিষয়ে সতৰ্ক কৰি দিছিল। (গণনা পুস্তক ২৫:১-১৮; ইজ্ৰা ১০:১০-১৪) বৰ্তমান সময়ত বেয়া আচৰণ কৰোঁতাসকলৰ সৈতে সঙ্গতি কৰাতো সাধাৰণ বিষয় হৈ পৰিছে। (১ কৰিন্থীয়া ১৫:৩৩) এতেকে এইক্ষেত্ৰত খ্ৰীষ্টান পিতৃ-মাতৃসকলে যিহোৱাৰ উত্তম আৰ্হিক অনুকৰণ কৰা উচিত। উদাহৰণস্বৰূপে, লিচা নামৰ এগৰাকী ১৫ বছৰীয়া ছোৱালীৰ বিষয়ে বিবেচনা কৰক। তাই এনে এজন লʼৰাৰ প্ৰেমত পৰিছিল, যিজনে তাইৰ পৰিয়ালৰ নৈতিক আৰু আধ্যাত্মিক বিষয়ৰ একেবাৰে বিপৰীতে চলিছিল। তাই এইদৰে কয়: “অতি কম সময়ৰ ভিতৰতে মোৰ আচাৰ-ব্যৱহাৰত হোৱা পৰিৱৰ্তন মোৰ পিতৃ-মাতৃৰ চকুত পৰে। কোনো পলম নকৰাকৈ তেওঁলোকে মোক সংশোধন কৰে আৰু আন সময়ত তেওঁলোকে মোক প্ৰেমেৰে উৎসাহিত কৰিব ধৰে।” তেওঁলোকে লিচাৰ সৈতে একেলগে বহি অতি মনোযোগেৰে তাইৰ কথা শুনে আৰু তেনে পদক্ষেপৰ পৰা আঁতৰ নহʼলে কেনেধৰণৰ গম্ভীৰ পৰিণামৰ সম্মুখীন হʼব, তাক বুজিবলৈ সহায় কৰিছিল। *

উত্তমৰূপে কথোপকথন কৰক

১০. যিহোৱাই ইস্ৰায়েল জাতিৰ সৈতে কথোপকথন কৰি কেনে উত্তম আৰ্হি প্ৰস্তুত কৰিলে?

১০ লʼৰা-ছোৱালীক সফলতাৰে প্ৰশিক্ষণ দিবলৈ পিতৃ-মাতৃসকলে এক উত্তম কথোপকথন কৰিবলৈ চেষ্টা কৰা আৱশ্যক। কিয়নো যিহোৱাই যদিও আমাৰ মনৰ সকলো কথা জানে তথাপিও তেওঁৰ সৈতে কথোপকথন কৰিবলৈ আমাক উৎসাহিত কৰিছে। ইস্ৰায়েলৰ লোকসকলক ব্যৱস্থা দিয়াৰ পাছত যিহোৱাই লেবীসকলক শিক্ষক হিচাবে মনোনীত কৰিলে আৰু ইয়াৰ ওপৰিও জাতিসকলৰ আগত যুক্তি দেখুৱাই সংশোধন কৰিবলৈ ঈশ্বৰে ভৱিষ্যতবক্তাসকলক পঠিয়াইছিল। তদুপৰি, তেওঁ তেওঁলোকৰ প্ৰাৰ্থনা শুনিবলৈও আগ্ৰহী আছিল।—২ বংশাৱলি ১৭:৭-৯; গীতমালা ৬৫:২; যিচয়া ১:১-৩, ১৮-২০; যিৰিমিয়া ২৫:৪; গালাতীয়া ৩:২২-২৪.

১১. (ক) পিতৃ-মাতৃয়ে নিজ লʼৰা-ছোৱালীৰ সৈতে কেনেকৈ উত্তমৰূপে কথোপকথন কৰিব পাৰে? (খ) লʼৰা-ছোৱালীৰ সৈতে কথোপকথন কৰাৰ সময়ত পিতৃ-মাতৃসকলে কিয় মনোযোগেৰে শুনা উচিত?

১১ নিজ লʼৰা-ছোৱালীৰ সৈতে কথোপকথন কৰিবলৈ হʼলে পিতৃ-মাতৃসকলে কেনেকৈ যিহোৱাৰ আৰ্হিক অনুকৰণ কৰিব পাৰে? সৰ্ব্বপ্ৰথমে পিতৃ-মাতৃসকলে তেওঁলোকৰ লʼৰা-ছোৱালীৰ সৈতে কটাবলৈ সময় উলিওৱা আৱশ্যক। কিন্তু পিতৃ-মাতৃসকলে নভৱা-নিচিন্তাকৈ এনেধৰণৰ বিদ্ৰূপজনক মন্তব্য দিয়া উচিত নহয়, যেনে “মই ভাবিছিলোঁ ই এটা গম্ভীৰ বিষয় বুলি, এই সামান্য কথাটোৰ বাবে গোটেই ঘৰখন মূৰত তুলি লোৱাৰ কোনো প্ৰয়োজন নাই;” “এইটো এটা অৰ্থহীন বিষয়;” “তোমাৰ জানিবলৈ এতিয়াও বয়স হোৱা নাই, বাৰু তুমি মোৰ পৰা কি বিচৰা?” (হিতোপদেশ ১২:১৮) জ্ঞানী পিতৃ-মাতৃসকলে নিজৰ সন্তানৰ মনৰ কথা জানিবলৈ মনোযোগেৰে তেওঁলোকে কোৱা কথাৰ প্ৰতি কাণ দিবলৈ অভ্যাসত পৰিণত কৰে। যদি পিতৃ-মাতৃয়ে সৰু বুলি ভাবি লʼৰা-ছোৱালীৰ কথা শুনিবলৈ অৱহেলা কৰে, তেনেহʼলে লʼৰা-ছোৱালীয়ে ডাঙৰ হৈ পিতৃ-মাতৃৰ কথা শুনিবলৈ অৱহেলা কৰিব। এই ক্ষেত্ৰত যিহোৱাই তেওঁ লোকসকলৰ প্ৰতি কাণ পাতিবলৈ আগ্ৰহী হৈ এক উত্তম আৰ্হি প্ৰস্তুত কৰিলে। তেওঁ নম্ৰলোকৰ প্ৰাৰ্থনাৰ প্ৰতি কাণ দিয়ে।—গীতমালা ৯১:১৫; যিৰিমিয়া ২৯:১২; লূক ১১:৯-১৩.

১২. পিতৃ-মাতৃসকলৰ কি গুণে লʼৰা-ছোৱালীক তেওঁলোকৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক বজাই ৰখাত সমীবৰ্ত্তী হʼবলৈ সহায় কৰে?

১২ যিহোৱাৰ ব্যক্তিত্বই কেনেকৈ লোকসকলক তেওঁৰ কাষ চাপিবলৈ সহায় কৰে তাৰ বিষয়ে বিবেচনা কৰক। উদাহৰণস্বৰূপে, প্ৰাচীনকালত ৰজা দায়ুদে বেৎচিবাৰ সৈতে ব্যাভিচাৰ কৰি এক গভীৰ পাপ কৰিলে। তদুপৰি, অপৰিপূৰ্ণ হোৱাৰ হেতুকে ৰজা দায়ুদে নিজৰ জীৱনত আন বহুতো পাপ কৰিছিল। তথাপিও, তেওঁ অনুতাপ কৰি প্ৰাৰ্থনাৰ যোগেদি যিহোৱাৰ পৰা ক্ষমা বিচাৰিবলৈ কেতিয়াও পিছ পৰা নাছিল। নিঃসন্দেহ, যিহোৱাৰ প্ৰেম আৰু দয়াৰ বাবে পুনৰাই তেওঁৰ কাষ চাপিব পাৰিলে। (গীতমালা ১০৩:৮) পিতৃ-মাতৃসকলেও তেনেধৰণৰ ঈশ্বৰীয় গুণসমূহ যেনে, দয়া আৰু সহানুভূতি দেখুৱাই লʼৰা-ছোৱালীক উত্তমৰূপে কথোপকথন কৰাত সহায় কৰিব পাৰে।—গীতমালা ১০৩:১৩; মলাখী ৩:১৭.

যুক্তিসঙ্গত হওঁক

১৩. যুক্তিসঙ্গত হোৱাত কি সন্মিলিত হৈ আছে?

১৩ লʼৰা-ছোৱালীৰ প্ৰতি কাণ দিয়াৰ সময়ত পিতৃ-মাতৃসকলে যুক্তিসঙ্গত আৰু “ওপৰৰ পৰা অহা জ্ঞান” প্ৰতিফলিত কৰা উচিত। (যাকোব ৩:১৭) এই সন্দৰ্ভত বাইবেলত কৈছে: “তোমালোকৰ [যুক্তিসঙ্গত, NW] সকলো মানুহৰ আগত বিদিত হওক।” (ফিলিপীয়া ৪:৫) কিন্তু যুক্তিসঙ্গত হোৱাৰ অৰ্থ কি? গ্ৰীক ভাষাত “যুক্তিসঙ্গত” শব্দৰ এইদৰে ভাঙনি কৰিছে: “ব্যৱস্থাৰ লিখিত বিষয়বোৰত নেৰানেপেৰাকৈ লাগি নথকা।” নৈতিক আৰু আধ্যাত্মিক স্তৰবোৰত দৃঢ় হৈ থকাৰ সময়ত পিতৃ-মাতৃসকলে কেনেকৈ যুক্তিসঙ্গত হʼব পাৰে?

১৪. যিহোৱাই লোটৰ সৈতে আচৰণ কৰোঁতে কিদৰে যুক্তিসঙ্গত হোৱাৰ প্ৰকাশ কৰিলে?

১৪ যিহোৱাই যুক্তিসঙ্গত হোৱাৰ সম্বন্ধে এক উত্তম আৰ্হি প্ৰস্তুত কৰিলে। (গীতমালা ১০:১৭) যিহোৱাই লোট আৰু তেওঁৰ পৰিয়ালক ধ্বংস হʼবলগীয়া চদোম নগৰখন এৰি যাবলৈ আজ্ঞা দিয়াত তেওঁ “পলম কৰি” আছিল। পাছলৈ স্বৰ্গদূতে তেওঁক পৰ্ব্বতীয়া এলেকাত পলাই যাবলৈ কোৱাৰ স্বত্ত্বেও, তেওঁ এইদৰে উত্তৰ দি কৈছিল: “কিন্তু মই পৰ্ব্বতটোলৈ পলাই যাব নোৱাৰোঁ . . . চাওকচোন, সৌখন নগৰলৈকে [চোৱৰ] পলাবলৈ ওচৰ, আৰু সি সৰুও; তালকৈ পলাবলৈ আজ্ঞা দিয়ক; সি জানো সৰু নহয়?” ইয়াকে শুনি যিহোৱাই কেনে প্ৰতিক্ৰিয়া দেখুৱাইছিল? তেতিয়া উত্তৰ দি এইদৰে কʼলে: “বাৰু, মই এই বিষয়েও তোমালৈ অনুগ্ৰহ কৰি, সেই যি নগৰৰ কথা কৈছা, তাক মই উচ্ছন্ন নকৰোঁ।” (আদিপুস্তক ১৯:১৬-২১, ৩০) যিহোৱাই লোটৰ অনুৰোধ মানিবলৈ আগ্ৰহী হৈছিল। এতেকে যিহোৱাই তেওঁৰ বাক্য বাইবেলত দিয়া স্তৰসমূহক পিতৃ-মাতৃসকলেও নিবিড়ভাৱে পালন কৰা আৱশ্যক। যদি বাইবেলৰ কোনো সিদ্ধান্ত ভঙ্গ হোৱা নাই তেন্তে পিতৃ-মাতৃসকলেও নিজৰ লʼৰা-ছোৱালীৰ অনুৰোধক মানি লোৱাতো বুদ্ধিমান কাৰ্য্য হʼব।

১৫, ১৬. যিচয়া ২৮:২৪, ২৫ পদত উল্লেখ কৰা দৃষ্টান্তটোৰ পৰা পিতৃ-মাতৃসকলে কেনে শিক্ষা লাভ কৰিব পাৰে?

১৫ যুক্তিসঙ্গত হোৱাৰ অৰ্থ হৈছে, লʼৰা-ছোৱালীৰ হৃদয়ক প্ৰস্তুত কৰা, যাতে তেওঁলোকে পৰামৰ্শ গ্ৰহণ কৰিব পাৰে। দৃষ্টান্তস্বৰূপে ভৱিষ্যতবক্তা যিচয়াই যিহোৱাক খেতিয়ক হিচাবে তুলনা কৰি এইদৰে কৈছিল: “গুটি ববৰ নিমিত্তে জানো খেতিয়কে সদায় হাল বায়? তেওঁ জানো সদায় খলি কাটে? আৰু নিজৰ মাটিৰ চপৰা জানো সদায় ভাঙে? মাটি সমান কৰাৰ পাছত তেওঁ জানো কাল-জীৰা নবয়, আৰু ভোগ-জীৰা নিসিচে? আৰু শাৰী শাৰী কৰি ঘেঁহু আৰু নিৰূপিত ঠাইত বৱ, আৰু তাৰ কিনাৰে কিনাৰে জনাৰ ধান জানো নবয়?”—যিচয়া ২৮:২৪, ২৫.

১৬ যিহোৱাই ‘গুটি ববৰ নিমিত্তে হাল বায়’ আৰু ‘মাটিৰ চপৰা ভাঙে।’ অৰ্থাৎ তেওঁ অনুশাসন দিয়াৰ পূৰ্বেই তেওঁ লোকসকলৰ হৃদয়ক প্ৰস্তুত কৰে। পিতৃ-মাতৃসকলে অনুশাসন দিয়াৰ সময়ত নিজৰ লʼৰা-ছোৱালীৰ হৃদয়ত কেনেকৈ ‘হাল বোৱাৰ’ দৰে কাৰ্য্য কৰিব পাৰে? এজন পিতৃয়ে নিজৰ চাৰি বছৰীয়া পুত্ৰক অনুশাসন দিয়াৰ সময়ত যিহোৱাৰ আৰ্হিক অনুকৰণ কৰিছিল। এদিনাখন তেওঁৰ পুতকে চুবুৰীয়াত থকা আন লʼৰাক ঘুচিয়ালে। প্ৰথমতে দেউতাকে তেওঁৰ পুতেকৰ কথা অতি মনোযোগেৰে শুনিলে যেতিয়া সি চুবুৰীয়াত থকা লʼৰাজনক ঘুচিয়াৰ কাৰণ বৰ্ণনা কৰিলে। তাৰ পাছত দেউতাকে পুতেকৰ হৃদয়ত ‘হাল বোৱাৰ’ নিচিনাকৈ এটা গল্প কʼলে, যʼত অত্যাচাৰী পশুৰ দ্বাৰা আঘাত হোৱা এটি সৰু লʼৰাও সন্মিলিত আছিল। সেই গল্প শুনাৰ পাছত পুতকে কলে যে সেই অত্যাচাৰী পশুটোক নিশ্চয়ে শাস্তি দিয়া আৱশ্যক। দেউতাকে তেনেদৰে পুতেকৰ হৃদয়ত ‘হাল’ বোৱাৰ দ্বাৰাই সি চুবুৰীয়াৰ লʼৰাটোক যে অত্যাচাৰী হৈ ঘুচিয়ালে, তেনে কৰাটো তাৰ পক্ষে ঠিক হোৱা নাই তাক পুতেকে বুজি পোৱাত সহজ হৈ পৰিল।—২ চমূৱেল ১২:১-১৪.

১৭. যিচয়া ২৮:২৬-২৯ পদত অনুশাসনৰ সম্বন্ধে পিতৃ-মাতৃসকলক কেনে পৰামৰ্শ আগবঢাইছে?

১৭ ভৱিষ্যতবক্তা যিচয়াই যিহোৱাই দিয়া অনুশাসনৰ তুলনাক খেতিয়কে কৰা আন এটা কাৰ্য্যৰ সৈতে কৰিছিল আৰু সেইয়া আছিল মৰণা মৰা পদ্ধতি। এজন খেতিয়কে ধান মৰণা মৰাৰ সময়ত চাউলৰ পৰা পতান বেলেগ কৰিবলৈ বিভিন্ন প্ৰকাৰৰ সঁজুলি ব্যৱহাৰ কৰে। যেনে, কলা জীৰাৰ বাবে লাঠি, জীৰাৰ বাবে টাঙোন, কিন্তু খেৰৰ পৰা ধান পৃথক কৰিবলৈ মৈ বা গৰু ব্যৱহাৰ কৰা হয়। তথাপিও খেতিয়কে ধানবোৰ গুড়ি হোৱা পৰ্য্যন্ত গছকি নাথাকে। ঠিক তেনেদৰে যিহোৱায়েও তেওঁৰ লোকসকলৰ মাজৰ পৰা ঘৃণিত বস্তুবোৰক আঁতৰাবলৈ, পৰিস্থিতিৰ অনুসৰি বিভিন্ন প্ৰকাৰৰ অনুশাসন ব্যৱহাৰ কৰিছিল। কিন্তু তেওঁ কেতিয়াও অতি কঠোৰ বা হিংসাত্মাকভাৱে আচৰণ কৰা নাছিল। (যিচয়া ২৮:২৬-২৯) কিছুমান লʼৰা-ছোৱালীয়ে পিতৃ-মাতৃয়ে এবাৰ বুজনি দিওঁতেই বুজি পাই। আন কিছুমানক বাৰে বাৰে বুজাবলগীয়া হয় আৰু তেতিয়াও আন কিছুমানক হয়তো খঙেৰে বুজাবলগীয়া হয়। কিন্তু যুক্তিসঙ্গত হোৱা পিতৃ-মাতৃয়ে নিজৰ লʼৰা-ছোৱালীক আৱশ্যক অনুসাৰে অনুশাসন প্ৰদান কৰিব।

পৰিয়াল অধ্যায়নক আনন্দময় কৰি তুলক

১৮. পিতৃ-মাতৃসকলে নিয়মিতৰূপে পৰিয়ালৰ অধ্যয়ন কৰিবৰ বাবে কেনেকৈ সময় উলিয়াব পাৰে?

১৮ লʼৰা-ছোৱালীক প্ৰশিক্ষণ দিয়া সকলোতকৈ উত্তম পদ্ধতিটো হৈছে নিয়মীয়াকৈ পৰিয়ালৰ অধ্যয়ন কৰা আৰু নিতৌ বাইবেলৰ আলোচনা কৰা। নিয়মিতৰূপে কৰা পৰিয়াল অধ্যয়ন প্ৰায়ে কাৰ্য্যকাৰী হিচাপে প্ৰমাণিত হয়। কিন্তু যদি ইয়াক সুবিধা বা শেষ মুহূৰ্তৰ বাবে এৰি দিয়া হয়, তেন্তে ই কেতিয়াও কাৰ্য্যকাৰী হিচাপে প্ৰমাণিত নহয়। গতিকে পিতৃ-মাতৃসকলে অধ্যয়নৰ বাবে “সুসময়ক কিনি” লʼব লাগে। (ইফিচীয়া ৫:১৫-১৭) কিন্তু নিযুক্ত সময়ৰ অনুসাৰে গোট খোৱাটো সকলোৰে বাবে এক প্ৰত্যাহ্বানজনক বিষয় হʼব পাৰে। উদাহৰণস্বৰূপে, এজন পৰিয়ালৰ পিতৃয়ে অনুভৱ কৰে যে ডাঙৰ হৈ অহা লʼৰা-ছোৱালীৰ বিভিন্ন তালিকাৰ বাবে গোটেই পৰিয়ালটো একত্ৰিত হʼবলৈ কাচিৎহে সময় পাইছিল। তথাপিও, তেওঁলোকে সদায়েই মণ্ডলীৰ সভাৰ পৰা অহাৰ পাছত ৰাতি গোটেই পৰিয়ালটো একত্ৰিত হৈছিল। কিয়নো দেউতাকজনে মণ্ডলীৰ সভাৰ পৰা ঘূৰি অহাৰ পাছত নিশাৰ সময়খিনি পৰিয়ালৰ অধ্যয়নৰ বাবে বাছি লৈছিল। তেনে পদক্ষেপ লোৱাৰ বাবে ই অতি কাৰ্য্যকাৰীৰূপে প্ৰমাণিত হʼল। আজি তেওঁৰ দুজন পুতেক আৰু এজনী জীয়েকে বাপ্তিষ্মা লৈ যিহোৱাৰ সেৱক হিচাপে সেৱা কৰি আছে।

১৯. পিতৃ-মাতৃসকলে পৰিয়াল অধ্যয়ন কৰা সময়ত কেনেকৈ যিহোৱাৰ আৰ্হিক অনুকৰণ কৰিব পাৰে?

১৯ আপুনি শাস্ত্ৰীয় কিছুমান বিষয়ক কেৱল ওপৰে-ওপৰে বিবেচনা কৰিলেই যথেষ্ট হʼব, এনে নহয়। কিয়নো যিহোৱাই উভটি অহা ইস্ৰায়েল জাতিক নিজৰ ব্যৱস্থাক পুৰোহিতসকলৰ যোগেদি ‘ব্যাখ্যা আৰু অৰ্থ ভাঙনি কৰি’ বুজাই দিবলৈ “পাঠ কৰিলে আৰু . . . তাৰ অৰ্থ উলিয়াই দিলে।” (নহিমিয়া ৮:৮) সাতটা লʼৰা-ছোৱালীয়ে যিহোৱাৰ প্ৰতি প্ৰেম বজাই ৰাখিবলৈ সহায় কৰা এজন সফল পৰিয়ালৰ পিতৃয়ে, পৰিয়ালৰ অধ্যয়ন আৰম্ভৰ কৰাৰ পূৰ্বেই সদায়ে কিছুসময়ৰ বাবে নিজৰ কোঠালৈ গৈ প্ৰত্যেকজন লʼৰা-ছোৱালীৰ আৱশ্যক হোৱা বিষয়বোৰক প্ৰস্তুত কৰিছিল। এইদৰে তেওঁ লʼৰা-ছোৱালীৰ বাবে পৰিয়ালৰ অধ্যন আনন্দময় কৰি তুলিছিল। এই বিষয়ে তেওঁৰ এজন ডাঙৰ পুতেকে এইদৰে কৈছিল: “আমাৰ পৰিয়াল অধ্যয়ন সদায়েই আনন্দজনক হৈছিল। সেইবাবে আমি বাহিৰত খেলি থকা সময়ত যদি আমাক পৰিয়ালৰ অধ্যয়নৰ বাবে মাত দিয়া হয়, আমি কোনো পলম নকৰাকৈ বল বেট এৰি অধ্যয়নৰ বাবে দৌৰি আহোঁ। কিয়নো সপ্তাহটোৰ ভিতৰত সেই দিনটোৱে আছিল আমাৰ বাবে অতি আনন্দৰ দিন।”

২০. লʼৰা-ছোৱালীক অতি উত্তমৰূপে শিক্ষা দিয়া স্বত্ত্বেও কেনেধৰণৰ সমস্যাৰ সম্মুখীন হোৱাৰ সম্ভাৱনা থাকিব পাৰে?

২০ গীতমালা লেখকে এইদৰে কৈছিল: “চোৱা, সন্তানবিলাক যিহোৱাই দিয়া আধিপত্য, আৰু গৰ্ভফল তেৱেঁই দিয়া পুৰস্কাৰ।” (গীতমালা ১২৭:৩) গতিকে লʼৰা-ছোৱালীবিলাকক সঠিকমতে প্ৰশিক্ষণ দিবলৈ প্ৰচেষ্টা আৰু সময় অতিবাহিত কৰিলে, ইয়াৰ যোগেদি তেওঁলোকে অনন্ত জীৱনৰ পথত চলিবলৈ সক্ষম হʼব। সেইটো কিমান যে এক উত্তম প্ৰতিফল হʼব! এতেকে পিতৃ-মাতৃসকল, নিজৰ লʼৰা-ছোৱালীক প্ৰশিক্ষণ দিয়াৰ সময়ত নিবিড়ভাৱে যিহোৱাৰ আৰ্হিক অনুকৰণ কৰক। যদিও পিতৃ-মাতৃসকলক “প্ৰভুৰ শিক্ষা আৰু চেতনাত” নিজ লʼৰা-ছোৱালীবিলাকক প্ৰতিপালন কৰাৰ দায়িত্ব দিয়া হৈছে, কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে তেওঁলোকে সদায়ে সফলতা লাভ কৰিব। (ইফিচীয়া ৬:৪) কেতিয়াবা উত্তমৰূপে প্ৰতিপালন কৰাৰ স্বত্ত্বেও কিছুমান লʼৰা-ছোৱালীয়ে বিদ্ৰোহী হৈ পৰে আৰু যিহোৱাক সেৱা কৰিবলৈ ত্যাগ দিব পাৰে। তেনে অৱস্থাত কি কৰিব পাৰি? এই বিষয়ে পৰৱৰ্তী লেখত আলোচনা কৰা হʼব। (w01 10/1)

[ফুটনোট]

^ এই লেখত বা পূৰ্ববৰ্তী লেখত উল্লেখ কৰা অনুভৱবোৰ আপোনাৰ দেশৰ সংস্কৃতিৰ সৈতে হয়তো মিল নাখাবও পাৰে। কিন্তু ইয়াত দিয়া সিদ্ধান্তবোৰ আপোনাৰ সংস্কৃতিৰ অনুসাৰে কেনেকৈ খাপ খাব পাৰে, তাক জানিবলৈ চেষ্টা কৰক।

আপুনি কেনেদৰে উত্তৰ দিব?

দ্বিতীয় বিবৰণ ৩২:১১, ১২ পদত উল্লেখ কৰা যিহোৱাৰ প্ৰেমৰ আৰ্হিক পিতৃ-মাতৃসকলে কেনেকৈ অনুকৰণ কৰিব পাৰে?

• যিহোৱাই ইস্ৰায়েল জাতিৰ সৈতে কৰা কথোপকথনৰ পৰা আপুনি কি শিকিলে?

• যিহোৱাই লোটৰ অনুৰোধলৈ কাণ দিয়াৰ পৰা আমি কেনে শিক্ষা লাভ কৰিব পাৰোঁ?

যিচয়া ২৮:২৪-২৯ পদত লʼৰা-ছোৱালীবিলাকক অনুশাসন দিয়াৰ সম্বন্ধে আপুনি কি শিক্ষা লাভ কৰিব পাৰিলে?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[৮, ৯ পৃষ্ঠাৰ ছবি]

মোচিয়ে, যিহোৱাই তেওঁৰ লোকসকলক দিয়া প্ৰেমময় প্ৰশিক্ষণক ঈগল চৰায়ে নিজৰ পোৱালীক দিয়া প্ৰশিক্ষণৰ সৈতে তুলনা কৰিছিল

[১০ পৃষ্ঠাৰ ছবি]

পিতৃ-মাতৃসকলে নিজৰ লʼৰা-ছোৱালীৰ সৈতে সময় অতিবাহিত কৰা আৱশ্যক

[১২ পৃষ্ঠাৰ ছবি]

“সপ্তাহটোৰ ভিতৰত সেই দিনটো এক আনন্দয়ময় দিন আছিল”