Skip to content

Skip to table of contents

আপোনাক এক প্ৰশিক্ষিত বিবেকৰ আৱশ্যক

আপোনাক এক প্ৰশিক্ষিত বিবেকৰ আৱশ্যক

আপোনাক এক প্ৰশিক্ষিত বিবেকৰ আৱশ্যক

নিউজলেণ্ডৰ ৯০১ নম্বৰৰ যাত্ৰীবাহী বিমানখনত থকা যাত্ৰী আৰু কৰ্ম্মচাৰীসকলক কোৱা হʼল যে তেওঁলোকক দক্ষিণ মেৰু অঞ্চলৰ ওপৰেদি নিয়া হʼব, যিটো তেওঁলোকৰ বাবে এক স্মৰণীয় দিন। গতিকে যাত্ৰীসকলে নিজৰ নিজৰ কেমেৰা সাজু কৰিলে আৰু সকলোৰে মন ৰোমাঞ্চিত হৈ পৰিল। ডি চি-১০ অৰ্থাৎ তিনিটা ইঞ্জিন যুক্ত বিমানখনে অতি কম উচ্চতাৰে তুষাৰ অঞ্চলেদি উৰিব ধৰিলে, যাতে যাত্ৰীসকলে মনোৰম দৃশ্যৰ আনন্দ উপভোগ কৰিব পাৰে।

 বিমানখনত কেপ্টেইন আৰু ১৫ বছৰৰ সময়ছোৱাত ১১,০০০ ঘন্টা বিমান উৰোৱাৰ অভিজ্ঞতা থকা এজন পাইলট আছিল। বিমানখন আকাশ পথেৰে উৰা মৰাৰ আগতেই পাইলটজনে বিমানখনৰ কম্পিউটাৰৰ কোঠাত সাৱধানে প্ৰবেশ কৰিলে। কিন্তু কম্পিউটাৰত উপলব্ধ থকা নিৰ্দ্দেশবোৰ যে সঠিক নাছিল, এই বিষয়ে তেওঁ অজ্ঞাত আছিল। গতিকে নিশ্চিন্ত হৈ তেওঁ ৬০০ মিটাৰ উচ্চতাৰে যাত্ৰীবাহী বিমানখন ডাৱৰৰ মাজেদি উৰিব ধৰিলে। কিন্তু কিছু দূৰ যাত্ৰা কৰাৰ পাছত সেই বিমানখনে সক্ৰিয় আগ্নেয়গিৰি থকা ইৰেবোছ পৰ্ব্বতৰ সৈতে খুন্দা খাই দুৰ্ঘটনাগ্ৰস্ত হয়। পৰিণামস্বৰূপে বিমানখনত থকা ২৫৭ জন যাত্ৰীয়ে নিজৰ প্ৰাণ হেৰুৱাব লগা হয়।

বৰ্তমান সময়ত বিমানবোৰে যেনেকৈ আকাশমাৰ্গত পথ-প্ৰদৰ্শনৰ বাবে কম্পিউতাৰ ওপৰত নিৰ্ভৰশীল, ঠিক তেনেদৰে মানৱজাতিয়ে জীৱনৰ পথত মাৰ্গ-দৰ্শনৰ বাবে তেওঁলোকৰ বিবেকৰ ওপৰত নিৰ্ভৰ কৰে। আমাৰ বিবেকৰ সম্বন্ধে সেই দুৰ্ঘটনাগ্ৰস্ত যাত্ৰীবাহী ৯০১ নম্বৰ বিমানখনৰ পৰা আমি এক শক্তিশালী শিক্ষা পাওঁ। উদাহৰণস্বৰূপে, যিদৰে বিমানখনৰ সুৰক্ষা-ব্যৱস্থা সঠিকৈ দিশ নিয়ন্ত্ৰণ পদ্ধতি আৰু কাৰ্য্য প্ৰণালীৰ ওপৰত নিৰ্ভৰ কৰে, ঠিক তেনেদৰে আমাৰ নৈতিক, শাৰীৰিক আৰু আধ্যাত্মিক কল্যাণো শুদ্ধ নৈতিকতাৰ দ্বাৰা পৰিচালিত হোৱা বিবেকৰ ওপৰত নিৰ্ভৰশীল।

দুখৰ বিষয় এই যে বৰ্তমানৰ এনে উপদেশমূলক বিষয়বোৰক কোনো বিলম্ব নকৰাকৈ হেয়জ্ঞান কৰে। আমেৰিকাৰ এগৰাকী অধ্যাপিকাই এইদৰে কৈছিল: “আজি আমি এনেবোৰ লʼৰা-ছোৱালীৰ বিষয়ে জানো যি, বিলাকে লিখিব-পঢ়িব নাজানে আৰু ভূগোলৰ বিষয়ত কোনো জ্ঞান নাই। তদুপৰি, তেওঁলোকে ভাল-বেয়াৰ মাজত কি পাৰ্থক্য আছে তাকো কʼব নোৱাৰে। নিৰক্ষৰতা আৰু অঙ্কশাস্ত্ৰ নজনা শিক্ষা ব্যৱস্থাৰ সমস্যাৰ তালিকাখনৰ সৈতে আমি গম্ভীৰভাৱে থকা নৈতিক বেমেজালিবোৰকো নিশ্চয়ে অন্তৰ্ভূক্ত কৰা উচিত।” সেই অধ্যাপিকা গৰাকীয়ে এইদৰেও কয় যে, “আজি ডেকা লোকসকলে নৈতিকভাৱে অনিশ্চয়তাৰ পৰিস্থিতিৰ মাজত জীয়াই আছে। যদি তেওঁলোকৰ কোনো এজনক ভাল-বেয়া বিষয়ে শুধা হয়, তেনেহʼলে আপুনি তেওঁলোকৰ কিছুমানৰ পৰা বিমূঢ়তা পেলোৱা অভিমত, কিছুমানে হয়তো এই বিষয়ত নিৰুত্তৰ আৰু আন কিছুমানৰ পৰা আশঙ্কাযুক্ত উত্তৰ পাব। . . . তেওঁলোকে কলেজত গৈ শিক্ষিত হোৱাৰ পৰিৱৰ্তে অধিক বেয়ালৈহে ঢাল খাইছে।”

এনে বিভ্ৰান্তি হোৱাৰ এটা কাৰণ হৈছে নৈতিক অপেক্ষিকতাবাদ। কিয়নো প্ৰসিদ্ধ হোৱা তেনে সিদ্ধান্তসমূহ হৈছে আচলতে কোনো ব্যক্তিগত বা সংস্কৃতিক অভিৰুচিৰ ওপৰত আধাৰিত। কল্পনা কৰি চাওঁক, যদি এখন বিমানৰ পাইলটজনে কম্পিউটাৰত স্পষ্টকৈ উপলব্ধ থকা নিৰ্দ্দেশনসমূহৰ অনুসাৰে নাযায়, কিন্তু অনিশ্চিত আৰু কেতিয়াবা হঠাতে একেলগে অদৃশ্য হোৱা নিৰ্দেশবন্তিৰ দ্বাৰা দিশ নিৰ্ণয় কৰা হʼলে কি হʼলহেতেঁন! নিশ্চয়ে ইৰেবোছ পৰ্ব্বতত খুন্দা খাই দুৰ্ঘটনাগ্ৰস্ত হোৱা সেই বিমানখন দৰে দশা হʼব। ঠিক তেনেদৰে, নিৰ্দ্ধাৰিত নৈতিক সিদ্ধান্তসমূহক ত্যাগ কৰি জগতৰ সিদ্ধান্তসমূহৰ অনুসাৰে চলাৰ বাবে আজি পৰিয়ালৰ কোটি কোটি লোকে এইডছ বা আন যৌনজনিত সংক্ৰামক ৰোগৰ দ্বাৰা পীড়িত হৈ ধ্বংস, শোকাবহ অৱস্থা, আৰু মৃত্যুৰ সম্মুখীন হৈছে।

নৈতিক সাদৃশ্য থকা বিষয়বোৰ বহুতৰে বিশুদ্ধ যেন বোধ হʼব পাৰে। কিন্তু বাস্তৱতে সেইবোৰক অনুকৰণ কৰাৰ বাবে তেওঁলোকে প্ৰাচীন নীনবিয়া বাসীৰ দৰে “সোঁ হাত আৰু বাওঁ হাতৰ মাজত প্ৰভেদ কৰিব নোৱাৰে।” একেইদৰে নৈতিক সাদৃশ্য থকা বিষয়বোৰ অনুসৰি চলি ধৰ্ম্মত্যাগী ইস্ৰায়েলসকলে “বেয়াক ভাল আৰু ভালক বেয়া” বুলি কৈছিল।—যোনা ৪:১১; যিচয়া ৫:২০.

সেইবাবে, আমি এনে নিয়ম-ব্যৱস্থা আৰু সিদ্ধান্তসমূহক অনুকৰণ কৰাটো উত্তম নহবনে, যাৰ দ্বাৰা আমাৰ বিবেকে সঠিকভাৱে মাৰ্গ-দৰ্শন লাভ কৰিব পাৰে? লাখ-লাখ লোকে বিচাৰি পাইছে যে বাইবেলে কেৱল উপযুক্তভাৱে তেওঁলোকৰ এই আৱশ্যকতাক পূৰ্ণ কৰিছে। নৈতিকতাৰ পৰা আৰম্ভ কৰি প্ৰশিক্ষণৰ নিয়ম প্ৰণালী আৰু লʼৰা-ছোৱালীৰ প্ৰশিক্ষণ দিয়াৰ পৰা লৈ ঈশ্বৰৰ উপাসনা কৰা লৈকে জড়িত থকা সকলোবোৰ বিষয়কে বাইবেলে অতি গম্ভীৰ বুলি প্ৰকাশ কৰিছে। (২ তীমথিয় ৩:১৬, ১৭) শতাব্দী ধৰি ইয়াৰ উপদেশবোৰ ভৰসাযুক্ত বুলি প্ৰমাণিত হৈছে। কিয়নো বাইবেলত উল্লেখ কৰা নৈতিক সিদ্ধান্তসমূহক আমাৰ মহান অধিকাৰী অৰ্থাৎ সৃষ্টিকতা যিহোৱাই নিজেই মানৱজাতিক প্ৰদান কৰিছে। সেয়েহে অনিশ্চিত নৈতিকতাৰ সৈতে জীৱন-যাপন কৰাৰ বাবে আমাৰ ওচৰত কোনো কাৰণ নাই।

যিয়ে নহওঁক, বৰ্তমান সময়ত আমাৰ বিবেকে আগতকৈয়ো অধিক আক্ৰমণৰ সম্মুখীন হবলগা হৈছে। এইটো কেনেকৈ হৈছে? আমি আমাৰ বিবেকক কেনেকৈ ৰক্ষা কৰিব পাৰোঁ? এই সম্পৰ্কে আমি আমাৰ বিবেকক আক্ৰমণ কৰা উৎস আৰু তাৰ পদ্ধতিবোৰৰ বিষয়ে জ্ঞান লোৱাটো উত্তম হʼব। পূৰৱৰ্তী লেখত এই বিষয়ে আলোচনা কৰা হʼব। (w01 11/01)