বিশ্বাসৰ গুণে নোহে জগতখনক দোষী সাব্যস্ত কৰিলে
বিশ্বাসৰ গুণে নোহে জগতখনক দোষী সাব্যস্ত কৰিলে
আপুনি ঈশ্বৰলৈ ভয় ৰখা নোহ নামৰ এনে এজন ব্যক্তিৰ কাহিনী শুনিছেনে, যিজনে জলপ্ৰলয়ৰ পৰা ৰক্ষা পাবলৈ এখন বৃহত জাহাজৰ নিৰ্ম্মাণ কৰিছিল? তেওঁৰ ঘটনাটো অতি পুৰণি হোৱাৰ স্বত্ত্বেও লাখ লাখ লোকে এই কাহিনীটোৰ সৈতে পৰিচিত। কিন্তু, তথাপিও বহুতে এইটো নাভাবে যে নোহৰ জীৱনীয়ে আমাৰ বাবে কেনে অৰ্থ ৰাখে।
হাজাৰ বছৰৰ আগতেই ঘটা এই পুৰণি ঘটনাটোৰ বিষয়ে আমি কিয় ইচ্ছুক হোৱা উচিত? নোহৰ সময় আৰু আমাৰ সময়ৰ মাজত কিবা সাদৃশ্যতা আছেনে? যদি আছে তেন্তে তেওঁৰ উদাহৰণৰ পৰা আমি কি শিকিব পাৰোঁ?
নুহৰ দিনত জগতখনৰ পৰিস্থিতি
বাইবেলৰ ঘটনা বিবৃতিৰ তালিকাৰ অনুসাৰে নোহৰ জন্ম সা.যু.পূ. ২৯৭০ চনত অৰ্থাৎ আদমৰ মৃত্যু হোৱা ১২৬ বছৰৰ পাছত। তেওঁৰ সময়ত গোটেই জগতখনত অত্যাচাৰেৰে পৰিপূৰ্ণ আৰু বেচিভাগেই তেওঁলোকৰ আদিপুৰুষ আদমৰ পদচিহ্নৰ অনুসাৰে চলিছিল। সেইবাবে, “যিহোৱাই দেখিলে, পৃথিবীত মানুহৰ দুষ্টতা অধিক, আৰু সদায় তাৰ মনৰ চিন্তাৰ সকলো কল্পনা কেৱল মন্দ।”—আদিপুস্তক ৬:৫, ১১, ১২.
মানুহে বিদ্ৰোহ কৰাৰ বাবে যে যিহোৱাই অসন্তুষ্ট হৈছিল এনে নহয়। কিয়নো আদিপুস্তকৰ বৃত্তান্তই এইদৰে কৈছে: “তেতিয়া ঈশ্বৰৰ সন্তানবিলাকে মানুহৰ জীয়াৰীবোৰক ৰূপৱতী দেখি, সিহঁত আটাইৰে পৰা যেয়ে যাক ইচ্ছা কৰিলে. . . . সেই কালত পৃথিবীত নাফিলবিলাক আছিল; আৰু তাৰ পাছতো, ঈশ্বৰৰ সন্তানবিলাকে মানুহৰ জীয়াৰীবোৰত গমন কৰাত সিহঁতে সিবিলাকলৈ সন্তান প্ৰসৱ কৰিলে; সেই সন্তানবিলাক আগৰ কালৰ প্ৰসিদ্ধ বীৰপুৰুষ।” (আদিপুস্তক ৬:২-৪) এই পদসমূহক পাঁচনি পিতৰে কোৱা বিবৃতিৰ সৈতে তুলনা কৰি জানিব পাৰি যে তাত উল্লেখ কৰা “ঈশ্বৰৰ সন্তানবিলাক” আচলতে ঈশ্বৰৰ আজ্ঞা উলঙ্ঘন কৰা স্বৰ্গদূতসকল আছিল। এই স্বৰ্গদূতবিলাকে মানুহ ৰূপ ধাৰণ কৰি মানুহৰ জীয়াৰীবোৰৰ সৈতে অবৈধৰূপে শাৰীৰিক সম্বন্ধৰ স্থাপন কৰাৰ ফলস্বৰূপে নাফিলবিলাকৰ জন্ম হৈছিল, যিসকল বৰ্ণসঙ্কৰ আছিল।—১ পিতৰ ৩:১৯, ২০.
“নাফিল” শব্দৰ অৰ্থ হৈছে “নষ্টকৰোঁতা।” ইয়াত উল্লেখ কৰা নাফিল সেইসকলক বুজাইছে যিসকলে আন ব্যক্তিক নষ্ট কৰে। তেওঁলোক অত্যন্ত নিষ্ঠুৰ চৰিত্ৰৰ ব্যক্তি, তেওঁলোকৰ চৰিত্ৰহীন পিতৃসকলৰ নিচ কাৰ্য্য চদোম আৰু ঘমোৰাই কৰা জঘণ্য পাপৰ দৰে আছিল। (যিহূদা ৬, ৭) তেওঁলোক উভয়ে কৰা কাৰ্য্যৰ দ্বাৰা অতি কম সময়ৰ ভিতৰত সমূদায় পৃথিৱীখনত অত্যন্ত দুষ্টতাৰে ভৰি পৰিছিল।
‘সেই কালৰ মানুহৰ মাজত তেওঁ সিদ্ধ পুৰুষ আছিল’
দুষ্টতা ইমানেই বৃদ্ধি হৈছিল যে অৱশেষত ঈশ্বৰে মানৱজাতিক উচ্ছন্ন কৰিবলৈ ঠিৰাং কৰিলে। কিন্তু সেই বৃত্তান্তত এইদৰে উল্লেখ কৰিছে: “নোহে যিহোৱাৰ দৃষ্টিত অনুগ্ৰহ পালে. . . . সেই কালৰ মানুহৰ মাজত নোহ ধাৰ্ম্মিক আৰু সিদ্ধ পুৰুষ আছিল; আৰু ঈশ্বৰৰ লগত নোহৰ চলাচল আছিল।” (আদিপুস্তক ৬:৮, ৯) ধ্বংসৰ বাবে উপযুক্ত তেনে ভক্তিহীন জগতখনত নুহে কেনেকৈ ‘ঈশ্বৰৰ লগত চলাচল কৰিব পাৰিলে?’
নিসন্দেহ, নোহে তেওঁৰ পিতৃ লেমকৰ পৰা ঈশ্বৰৰ বিষয়ে বহু কিছু জ্ঞান লাভ কৰিব পাৰিছিল, যিজন আদমৰ সমকালীন বিশ্বাসী ব্যক্তি আছিল। যেতিয়া তেওঁ নিজৰ পুতেকক নোহ (নামৰ অৰ্থ হৈছে “বিশ্ৰাম” বা “শান্ত্বনা”) নামেৰে নামকৰণ কৰিছিল তেতিয়া তেওঁ এইদৰে ভবিষ্যতবাণী কৰি কৈছিল: “যিহোৱাই শাও দিয়া ভূমিৰ কাৰণে আমাৰ যি শ্ৰম আৰু হাতৰ ক্লেশ হয়, সেই বিষয়ে ইয়েই আমাক শান্ত্বনা দিব।” ঈশ্বৰে দিয়া শাওৰ পৰা ভূমিক মুকলি কৰি সেই ভৱিষ্যতবাণীক পূৰ্ণ কৰিলে।—আদিপুস্তক ৫:২৯; ৮:২১.
ঈশ্বৰৰ প্ৰতি ভক্তি ৰখাৰ বাবে সকলো পিতৃ-মাতৃৰ প্ৰত্যেক লʼৰা-ছোৱালীয়ে যে আধ্যাত্মিক ব্যক্তি হʼব এনে নহয়, কিয়নো ঈশ্বৰৰ সৈতে এক নিবিড় সম্পৰ্ক বজাই ৰাখিবলৈ তেওঁলোকৰ প্ৰত্যেককে ব্যক্তিগতৰূপে চেষ্টা কৰা আৱশ্যক। নোহে ব্যক্তিগতভাৱে ঈশ্বৰৰ ইচ্ছাৰ অনুসাৰে জীৱন-যাপন কৰি ‘তেওঁৰ সৈতে চলিছিল।’ যিহোৱাৰ বিষয়ে নোহে যি শিকিছিল, সেইবোৰে তেওঁক ঈশ্বৰৰ উপাসনা কৰিবলৈ অনুপ্ৰেৰিত কৰিছিল। যেতিয়া নোহক ঈশ্বৰে নিজৰ উদ্দেশ্য অৰ্থাৎ “সকলো প্ৰাণীৰ অন্তকাল” কাষ চাপাৰ বিষয়ে জনাইছিল, তেতিয়া তেওঁৰ বিশ্বাস বিচলিত হোৱা নাছিল।—আদিপুস্তক ৬:১৩, ১৭.
ইয়াৰ বিপৰীতে তেওঁ কাহানিও নোহোৱা তেনে অভুতপূৰ্বে ধ্বংস যে নিশ্চয়ে আহিব, তাৰ ওপৰত তেওঁ সম্পূৰ্ণৰূপে ভাৰসা কৰিছিল। নোহে যিহোৱাই দিয়া এই আজ্ঞাক পালন কৰিলে, যʼত এইদৰে কোৱা হৈছিল: “তুমি গোফৰ কাঠেৰে এখন জাহাজ নিৰ্ম্মাণ কৰা; আৰু তাৰ ভিতৰত কোঁঠালি কোঁঠালি কৰিবা, আৰু বাহিৰে ভিতৰে শিলাজতুৰে লিপিবা।” (আদিপুস্তক ৬:১৪) নোহৰ বাবে ঈশ্বৰৰ সেই নিৰ্দ্ধাৰিত নিদ্দেৰ্শনাৰ অনুসাৰে চলাটো ইমান সহজ নাছিল। যিয়ে নহওঁক কিয়, “নোহে ঈশ্বৰে আজ্ঞা দিয়াৰ দৰেই সকলোকে কৰিলে।” দৰাচলতে, “তেওঁ সেইদৰে কৰিলে।” (আদিপুস্তক ৬:২২) সেই কাৰ্য্যৰ নিযুক্তিৰ দায়িত্বক তেওঁৰ পত্নী, পুত্ৰ চেম, হাম, যেফৎ আৰু বোৱাৰীয়েকসকলৰ সহায়ৰ দ্বাৰা সম্পূৰ্ণ কৰিলে। তেনে বিশ্বাস প্ৰকাশ কৰাৰ বাবে যিহোৱাই তেওঁক আশীৰ্ব্বাদ কৰিলে। বৰ্তমান সময়ৰ পৰিয়ালসমূহৰ বাবে নোহে কিযে এক উত্তম আৰ্হি প্ৰস্তুত কৰিলে!
সেই জাহাজ নিৰ্ম্মাণ কৰা কাৰ্য্যত কি সন্মিলিত আছিল? যিহোৱাই নোহক কাঠৰে তিনি মহলীয়া এক বৃহত আকাৰৰ পানী নসৰকা জাহাজ নিৰ্ম্মাণ কৰিবলৈ আজ্ঞা দিলে। সেই জাহাজখনৰ দীৰ্ঘতা আছিল ৪৩৭ ফুট, পুতলে ৭৩ ফুট আৰু উচ্চতা আছিল ৪৪ ফুট। (আদিপুস্তক ৬:১৫, ১৬) নোহৰ জাহাজখন, বৰ্তমান সময়ৰ মালবাহী জাহাজবোৰৰ দৰে বস্তু কঢ়িওৱাৰ ক্ষমতা আছিল। কিন্তু সেই জাহাজখন জীৱন-ৰক্ষক হিচাবে প্ৰমাণিত হৈছিল।
কিযে এক বৃহত পৰিকল্পনা হাতত লোৱা হৈছিল! তেনে জাহাজ নিৰ্ম্মাণ কৰিবলৈ হাজাৰ হাজৰ গছ কাটি নিৰ্ম্মাণ স্থানলৈ কঢ়িয়াই নিয়া আৰু সেইবোৰৰ তক্তা কাঠ বা বাতাম হিচাবে আকাৰ দিব লগা আছিল। ইয়াৰ অৰ্থ হৈছে ভাৰ-মঞ্চ বন্ধা, গজাঁল বা শলা, পানী নসৰিকৰ বাবে আলকাতৰা তৈয়াৰ কৰা, বস্তু ৰাখিবলৈ লোৰ বাকচ আৰু সাজ-সাঁজুলি যোগান ধৰা ইত্যাদি। এই কাৰ্য্য কৰিবলৈ হয়তো ব্যৱসায়ীৰ সৈতে বিচাৰ-মীমাংসা, বস্তু আৰু সাহাৰ্য্যসমূহৰ বাবে বেতন দিয়া আৱশ্যক আছিল। সম্ভৱতঃ, ইয়াৰ বাবে নিপুণ কাঠমিস্ত্ৰী ব্যৱহাৰ কৰিবলগা হৈছিল যাতে তেওঁ কাঠবোৰক ঠিকমতে খাপ খোৱাই গজাঁল মাৰি লগ লগাই এক শক্তিশালী জাহাজ নিৰ্ম্মাণ কৰিব পাৰে। ক্ষন্তেক বিবেচনা কৰক যে এই নিৰ্ম্মাণকাৰ্য্য সম্পন্ন কৰিবলৈ প্ৰায় ৫০ বা ৬০ বছৰ সময় লাগিছিল!
দ্বিতীয়তে, নোহক প্ৰচুৰ মাত্ৰাত বিভিন্ন ধৰণৰ খাদ্য-সামগ্ৰী গোটাবলগা আছিল। (আদিপুস্তক ৬:২১) ইয়াৰ ওপৰিও, তেওঁক বিভিন্ন প্ৰকাৰৰ জীৱ-জন্তু একত্ৰিত কৰা আৰু জাহাজত সুমোৱাত নিয়ন্ত্ৰত কৰিবলগা হৈছিল। নোহে ঈশ্বৰৰ আজ্ঞা অনুসাৰে সকলোবোৰ কৰি কাৰ্য্য সম্পন্ন কৰিলে। (আদিপুস্তক ৬:২২) তেওঁৰ ওপৰত যিহোৱাৰ আশীৰ্ব্বাদ থকাৰ বাবে এই সকলোবোৰক সফলতাৰে কৰিব পাৰিলে।
‘ধাৰ্ম্মিকতাৰ এজন প্ৰচাৰক’
জাহাজ নিৰ্ম্মাণকাৰ্য্যৰ ওপৰিও নোহে বিশ্বাসী হৈ এজন “ধৰ্ম্মপ্ৰচাৰক” হিচাপে ঈশ্বৰৰ সেৱা কৰিছিল। কিন্তু লোকসকলে “জলপ্লাৱন আহি সকলোকে উটুৱাই নিনিয়ালৈকে জ্ঞান নাপালে।”—২ পিতৰ ২:৫; মথি ২৪:৩৮, ৩৯.
সেইকালত লোকসকলৰ মাজত আধ্যাত্মিক আৰু নৈতিকতাৰ জ্ঞানৰ হ্ৰাস হোৱাৰ বাবে নোহ আৰু তেওঁৰ পৰিয়ালে চুবুৰীয়াসকলৰ বিদ্ৰূপৰ পাত্ৰ আৰু বিভিন্ন প্ৰকাৰৰ বাধাৰ সম্মুখীন হʼবলগীয়া হৈছিল। নিশ্চই লোকসকলে তেওঁলোকক মস্তিষ্কৰ বিকৃত ঘটা বুলি গণ্য কৰিছিল। তেনে পৰিস্থিতিটো নোহে নিজৰ পৰিয়ালটোক আধ্যাত্মিকৰূপে দৃঢ় হৈ থাকিবলৈ উৎসাহিত আৰু সহায় আগবঢ়াইছিল যাতে তেওঁলোকে অনৈতিক, হিংসা আৰু বিদ্ৰোহী আদি বেয়া পথবোৰৰ পৰা আতঁৰি থাকিব পাৰে। তেওঁ নিজৰ কথা-বতৰা আৰু কাৰ্য্যৰ জড়িয়তে নিজৰ দৃঢ় বিশ্বাসৰ প্ৰমাণ দাঙি ধৰিছিল আৰু এইদৰে তেওঁ জগতখনক দোষী সাব্যস্ত কৰিলে।
জলপ্ৰলয়ত ৰক্ষা পোৱা
ঈশ্বৰে নোহক জল-প্ৰলয় আৰম্ভ হোৱাৰ অলপ দিনৰ আগতেই জাহাজত সোমাবলৈ আদেশ দিছিল। নোহৰ পৰিয়াল আৰু সকলোবোৰ জীৱ-জন্তু লৈ জাহাজত প্ৰবেশ কৰাৰ পাছতে “যিহোৱাই . . . দুৱাৰ বন্ধ কৰিলে।” যেতিয়া জলপ্লাৱন আহিল তেতিয়া সেই আজ্ঞা লঙ্ঘন কৰা মানৱ শৰীৰ ধাৰণ কৰা দূতসকলে নিজৰ শৰীৰ ত্যাগ কৰি বিনাশৰ পৰা ৰক্ষা পৰিল। কিন্তু আন লোকবিলাকৰ সৈতে কি ঘটিল? সেই জাহাজৰ বাহিৰত থকা সকলো জীৱিত প্ৰাণীৰ সৈতে নাফিলবিলাকৰো সমুলিকৈ বিনষ্ট কৰা হʼল! কেৱল নোহ আৰু তেওঁৰ পৰিয়ালেহে সেই জলপ্লাৱনত ৰক্ষা পালে।—আদিপুস্তক ৭:১-২৩.
নোহ আৰু তেওঁৰ পৰিয়ালে চন্দ্ৰামাহৰ অনুসাৰে প্ৰায় এবছৰ দহদিন জাহাজৰ ভিতৰত কটাইছিল। সেই সময়ছোৱাত তেওঁলোকে সময়ৰ প্ৰতি ধ্যান ৰাখি জীৱ-জন্তুক খাদ্য, পানী, মল পৰিষ্কাৰ কৰা কাৰ্য্যত ব্যস্ত হৈ আছিল। আদিপুস্তক কিতাপখনে যিদৰে জাহাজ নিৰ্ম্মাণ কৰা সকলোবোৰ কাৰ্য্যৰ বৃতান্ত দিলে, ঠিক সেইদৰে জলপ্লাৱনত ঘটা সকলোবোৰ ঘটনাৰো সঠিক বিবৰণী দাঙি ধৰিলে।—আদিপুস্তক ৭:১১, ১৭, ২৪; ৮:৩-১৪.
নিসন্দেহ, নোহে জাহাজত থকা সময়ছোৱাত নিজৰ পৰিয়ালৰ সৈতে আধ্যাত্মিক আলোচনা আৰু ঈশ্বৰক ধন্যবাদ কৰিছিল। ইয়াৰ প্ৰমাণস্বৰূপে জলপ্লাৱনৰ পূৰ্বেই হোৱা নোহ আৰু তেওঁৰ পৰিয়ালৰ কাহিনীক ইতিহাসত সংৰক্ষিত কৰি ৰখা হʼল। পুৰুষানুক্ৰমে চলি অহা মৌখিক বা লিখিত ঐতিহাসত উল্লেখ কৰা জলপ্লাৱনৰ সময়ছোৱাত ঘটা তেওঁলোকৰ ভাৰসাযুক্ত ঘটনাৰ বিষয়ে বিবেচনা কৰি লাভবান হʼব পাৰি।
নোহ আৰু তেওঁৰ পৰিয়ালে পুনৰাই পৃথিৱীৰ বুকুত ভৰি থবলৈ পাই কিমান যে আনন্দিত হৈছিল! সৰ্ব্বপ্ৰথমে নোহে নিজৰ পৰিয়ালৰ নিমিত্তে পুৰোহিতৰূপে কাৰ্য্য কৰি এটা যজ্ঞবেদী নিৰ্ম্মাণ কৰিলে, যাতে যিজন যিহোৱা ঈশ্বৰে তেওঁলোকক উদ্ধাৰ কৰিলে তেওঁৰ বাবে বলিদান উৎসৰ্গ কৰিব পাৰে।—আদিপুস্তক ৮:১৮-২০.
“নোহৰ দিন যেনে”
যীচুৱে এইদৰে কৈছিল: “কিন্তু নোহৰ দিন যেনে, মানুহৰ পুত্ৰৰ আগমনো তেনে হব।” (মথি ২৪:৩৭) বৰ্ত্তমান সময়ৰ সত্য খ্ৰীষ্টানসকলে ধৰ্ম্মপ্ৰচাৰক হিচাবে কাৰ্য্য কৰিছে আৰু লোকসকলক মনপালটন কৰিবলৈ উৎসাহিত কৰিছে। (২ পিতৰ ৩:৫-৯) সেই একেই কাৰ্য্যভাৰ সম্পূৰ্ণ কৰাৰ দায়িত্ব আমাকো দিয়াৰ বাবে আমি হয়তো ভাবিব পাৰোঁ যে জলপ্লাৱনৰ পূৰ্বেই নোহৰ মনত কেনে বিচাৰধাৰা আহিছিল। তেওঁ প্ৰচাৰকাৰ্য্যক ব্যৰ্থ বুলি দৃষ্টি কৰিছিলনে? তেওঁ প্ৰচাৰ কাৰ্য্য কৰিবলৈ ভাগৰি পৰিছিলনে? বাইবেলে ইয়াৰ বিষয়ে একো উল্লেখ কৰা নাই। সেয়েহে আমি নোহৰ দৰে ঈশ্বৰৰ সকলো আজ্ঞা পালন কৰা আৱশ্যক।
নোহৰ পৰিস্থিতিৰ নিচিনাকৈ আমাৰ সময়ৰ পৰিস্থিতিটো কোনো ব্যৱহাৰিক পূৰ্ণতা দেখিবলৈ পাইছোঁনে? তেওঁ নানা বিৰোধ আৰু কঠিন পৰিস্থিতিৰ সম্মুখীন হোৱা স্বত্ত্বেও যিহোৱাৰ আজ্ঞাৰ পালন কৰিলে। সেইবাবে যিহোৱাই তেওঁক ধাৰ্মিক ব্যক্তি বুলি গণ্য কৰিব পাৰিলে। নোহৰ পৰিয়ালে এইটো নাজানিছিল যে ঈশ্বৰে কেতিয়া জলপ্লাৱন আনিব। কিন্তু তেওঁলোক সেই জলপ্লাৱন যে নিশ্চয়ে আহিব বুলি নিশ্চিত হৈ আছিল। ঈশ্বৰৰ বাক্য প্ৰতি ৰখা বিশ্বাসে তেওঁত সমস্ত বছৰ কেইটাত পৰিশ্ৰম আৰু ফলহীন প্ৰচাৰকাৰ্য্যত লাগি থাকিবলৈ সহায় কৰিলে। সেয়েহে আমাক এইদৰে কোৱা হৈছে: “বিশ্বাসৰ গুণে নোহে, ভাবী বিষয়ত আদেশ পাই ভয়তে, নিজৰ পৰিয়ালৰ পৰিত্ৰাণৰ অৰ্থে এখন জাহাজ নিৰ্ম্মাণ কৰিলে, আৰু তাৰ দ্বাৰাই জগতক দোষী কৰি, নিজে বিশ্বাসমূলক ধাৰ্ম্মিকতাৰ অধিকাৰী হল।”—ইব্ৰী ১১:৭.
নোহে তেনে দৃঢ় বিশ্বাস কেনেকৈ বিকাশিত কৰিব পাৰিলে? তেওঁ নিশ্চয়ে যিহোৱাৰ বিষয়ে যি যি শিকিছিল সেইবোৰৰ ওপৰত ধ্যান কৰিবলৈ সময় ওলিয়াইছিল আৰু সেই জ্ঞানৰ অনুসাৰে জীৱন-যাপন কৰিছিল। তদুপৰি, ইয়াত কোনো সন্দেহ নাই যে, তেওঁ প্ৰাৰ্থনাৰ যোগেদি ঈশ্বৰৰ সৈতে কথা-বতৰা হৈছিল। দৰাচলতে, তেওঁ যিহোৱাৰ সৈতে ইমানে ভালকৈ পৰিচিত আছিল যে যাৰ বাবে তেওঁ ‘ঈশ্বৰৰ সৈতে চলাচল’ কৰিব পাৰিছিল। পৰিয়ালৰ মূখীয়াল হোৱাৰ বাবে তেওঁ আনন্দেৰে পৰিয়ালৰ প্ৰতি সময় ওলিয়াইছিল আৰু তেওঁলোকৰ প্ৰতি প্ৰেমময়ৰূপে ধ্যান দিছিল। ইয়াত তেওঁৰ পত্নী, তিনিজন পুত্ৰ আৰু তেওঁলোকৰ বোৱাৰীৰ আধ্যাত্মিকতাৰ বিষয়ে তত্বাৱধান লোৱা কাৰ্য্যও সন্মিলিত আছিল।
বৰ্তমান সময়ত নোহৰ নিচিনাকৈ সত্য খ্ৰীষ্টানসকলে জানে যে ঈশ্বৰে অতি সোনকালে এই ভক্তিহীন ৰীতি-ব্যৱস্থাক ধ্বংস কৰিব। যিহেতু আমিও সেই সময় বা দিনৰ বিষয়ে একো নাজানো, কিন্তু সেই বিশ্বাসী আৰু আজ্ঞাকাৰী “ধৰ্ম্মপ্ৰচাৰকৰ” আৰ্হিক অনুকৰণ কৰিলে ইয়াৰ পৰিণামস্বৰূপে “জীৱাত্মাৰ ৰক্ষা লাভ” কৰিব পাৰিম।—ইব্ৰী ১০:৩৬-৩৯. (w01 11/15)
[৩১ পৃষ্ঠাৰ বক্স]
বাস্তৱতে জলপ্লাৱন হৈছিলনে?
নৃতত্ত্ববিদসকলে জলপ্লাৱনৰ সম্বন্ধে সকলো জাতি আৰু কুলৰ পৰা প্ৰায় ২৭০ টা ঐতিহাসিক আখ্যান জমা কৰিলে। ক্লাচ উইচষ্টাৰমন নামৰ এজন বিদ্ধানে এইদৰে কৈছিল: “গোটেই বিশ্বতে সেই জলপ্লাৱনৰ ইতিবৃত্তিৰ বিষয়ে জানে। সৃষ্টিৰ বৃত্তান্তৰ দৰে ইয়ো আমাৰ মুখ্য সংস্কৃতিৰ এটা ভাগ। ই সচাঁকৈ এক আচৰিত বিষয় যে পৃথিৱীৰ সকলো কোণতে সেই বৃহত জলপ্লাৱনৰ বিষয়ে শুনিবলৈ পোৱা যায়।” সেই বিবৰণিটো কি আছিল? ইয়াৰ বিষয়ে এনৰিক গিলবাইটি নামৰ এজন বিবৃতিদাতাই এইদৰে কৈছে: “জলপ্লাৱনৰ বিষয়ে পুৰুষানুক্ৰমে চলি অহা ৰীতি-নীতিত বিভিন্নৰূপে শুনিবলৈ পোৱা যায়। মানুহৰ মাজত বহুলভাবে বিয়পি পৰা এনে বিবৃতিয়ে প্ৰমাণ কৰে যে ই হৈছে ঐতিহাসিকৰূপে এক সত্য।” সত্য খ্ৰীষ্টানসকলৰ বাবে এই বিদ্বানসকলে কোৱা বিভিন্ন মন্তব্যতকৈ সকলোতকৈ গুৰুত্ব পূৰ্ণ বিষয় হৈছে, স্বয়ং যীচুৱে নিজেই মানুহৰ ইতিহাসত হোৱা এই জলপ্লাৱনক এক প্ৰকৃত ঘটনা বুলি উল্লেখ কৰিছিল।—লূক ১৭:২৬, ২৭.
[৩২ পৃষ্ঠাৰ বক্স]
পৌৰাণিক আখ্যানে নাফিলৰ সম্বন্ধে কি কৈছিল?
সাধাৰণতে গ্ৰীক, মিচৰীয়া, ইউগাৰীটিক, হোৰিয়ান আৰু মেচুপতমিয়া ধৰ্ম্মনীতিত সাধু কথাৰূপে এনে এক আখ্যান প্ৰচলিত আছিল যে, যʼত কোৱা হৈছিল দেৱতা আৰু মানৱৰ মাজত হোৱা অবৈধ যৌন সম্পৰ্কৰ ফলস্বৰূপে এনে “বীৰ” বা “উপদেৱতাবোৰৰ” জন্ম হৈছিল। গ্ৰীক ধৰ্ম্মনীতিত উল্লেখ কৰা অনুসাৰে দেৱতাসকল মানুহৰ ৰূপত অতি সুন্দৰ আছিল। সিহঁতে খোৱা, শুৱা, মদিৰা পান, কাজিয়া, চিঞৰ-বাখৰ, প্ৰলোভিত, বলৎকাৰ আৰু যৌন সম্পৰ্ক আদিৰ অভ্যাস কৰিছিল। যদিও তেওঁলোকক পবিত্ৰ বুলি ধৰি লোৱা হৈছিল, কিন্তু সিহঁতে কপট আৰু অপৰাধ কৰাত নিপুণ আছিল। গ্ৰীক যুঁজাৰু আৰ্কিলিয়াৰ বিষয়ে এইদৰে কোৱা হৈছিল যে যদিও তেওঁ এজন ঐশ্বৰিক আৰু মানুহৰ পৰা উৎপন্ন হোৱা অমানবীয় ব্যক্তি আছিল, তথাপিও তেওঁ চিৰকাললৈ জীয়াই থাকিব নোৱাৰিলে। গতিকে এই ধৰ্ম্মনীতিত উল্লেখ কৰা বীৰ বা উপদেৱতাৰ বিষয়ে থকা আখ্যানবোৰৰ হয়তো আদিপুস্তকত প্ৰকাশ কৰা সেই নাফিলবিলাকৰ ওপৰত আধাৰিত আছিল।