Skip to content

Skip to table of contents

যিহোৱাই আমাক আমাৰ আয়ুসৰ কাল গণনা কৰিবলৈ শিক্ষা দিছে

যিহোৱাই আমাক আমাৰ আয়ুসৰ কাল গণনা কৰিবলৈ শিক্ষা দিছে

যিহোৱাই আমাক আমাৰ আয়ুসৰ কাল গণনা কৰিবলৈ শিক্ষা দিছে

“আমি জ্ঞানৰ অন্তঃকৰণ লাভ কৰিব পৰাকৈ, আমাৰ আয়ুসৰ কাল গণনা কৰিবলৈ শিক্ষা দিয়া।।”গীতমালা ৯০:১২.

১. “আমাৰ আয়ুস কাল” কেনেকৈ গণনা কৰিব লাগে তাৰ বাবে কিয় যিহোৱাৰ সহায় বিচৰা আৱশ্যক?

 যিহোৱা হৈছে আমাৰ সৃষ্টিকৰ্তা আৰু জীৱনৰ উৎস। (গীতমালা ৩৬:৯; প্ৰকাশিত বাক্য ৪:১১) গতিকে তেওঁৰ বাহিৰে কোনেও আমাক আয়ুসৰ কালৰ বিষয়ে বুদ্ধিমানৰূপে গণনা কৰিবলৈ শিক্ষা দিব নোৱাৰে। গীতমালাৰ লিখকে এনেদৰে প্ৰাৰ্থনা কৰিছিল: “আমি জ্ঞানৰ অন্তঃকৰণ লাভ কৰিব পৰাকৈ, আমাৰ আয়ুসৰ কাল গণনা কৰিবলৈ শিক্ষা দিয়া।।” (গীতমালা ৯০:১২) সেই প্ৰাৰ্থনাৰ বিষয়ে আমি গীতমালা ৯০ অধ্যায়ত পঢ়িবলৈ পাওঁ যাক ধ্যানপূৰ্বকৰূপে বিবেচনা কৰা উচিত। প্ৰথমতে, আহঁক আমি এই ঈশ্বৰ-প্ৰেৰিত গীতৰ বিষয়ে চমুকৈ বিবেচনা কৰোঁহঁক।

২. (ক) গীতমালা ৯০ অধ্যায়ৰ লিখক কোন আৰু সম্ভৱত কেতিয়া ইয়াক লিখা হৈছিল? (খ) গীতমালা ৯০ অধ্যায় আমাৰ জীৱনৰ দৃষ্টিভঙ্গীত কেনে প্ৰভাৱিত কৰা উচিত?

গীতমালা ৯০ অধ্যায়ত উল্লেখ কৰা লিখনিৰ বাক্যশাৰীক “মোচিৰ প্ৰাৰ্থনা বুলি কোৱা হৈছে, যিজনে এজন সত্য ঈশ্বৰৰ উপাসক আছিল।” যিহেতু গীতমালা লিখকে মানৱৰ অস্থায়ী জীৱনৰ বিষয়ে উল্লেখ কৰিছে। সম্ভৱত, ইস্ৰায়েলজাতিয়ে মিচৰ দেশৰ পৰা ওলাই আহি ৪০ বছৰ ধৰি অৰণ্যত থকা সেই সময়ছোৱাত এই গীতসমূহক ৰচা হৈছিল যেতিয়া হাজাৰ হাজাৰ জনে অবিশ্বাসী হোৱাৰ বাবে মৃত্যুক সাবটি লʼবলগীয়া হৈছিল। (গণনা পুস্তক ৩২:৯-১৩) যিয়ে নহওঁক কিয়, গীতমালা ৯০ অধ্যায়ত অসিদ্ধ মানৱ জীৱনৰ অল্প কালৰ বিষয়ে উল্লেখ কৰা হৈছে। সেয়েহে আমি আমাৰ জীৱনৰ কালছোৱাক বুদ্ধিমানৰূপে ব্যৱহাৰ কৰা উচিত।

৩. গীতমালা ৯০ অধ্যায়ত উল্লেখ কৰা মুখ্য বিষয়বোৰ কি?

গীতমালা ৯০ অধ্যায় ১ ৰ পৰা ৬ পদত চিনাক্ত কৰিছে যে যিহোৱা হৈছে আমাৰ অনন্তকলীয়া বাসস্থান। সেই একেই অধ্যায়ৰ ৭ ৰ পৰা ১২ পদত কোৱা হৈছে যে যিহোৱাৰ গ্ৰহণযোগ্য হবলৈ হʼলে আমি কেনেধৰণৰ জীৱন-যাপন কৰা উচিত। আকৌ ১৩ পদৰ পৰা১৭ পদত কোৱা হৈছে যে আমি যিহোৱাৰ মহান দয়া আৰু আশীৰ্ব্বাদ লাভ কৰিবলৈ আগ্ৰহী হোৱা উচিত। প্ৰকৃততে সেই অধ্যায়ত যিহোৱাৰ সেৱকসকলে অভিজ্ঞতা হোৱা ব্যক্তিগত অনুভৱসমূহৰ বিষয়ে ভৱিষ্যতবাণী কৰা নাছিল। তথাপিও, আমি ব্যক্তিগতভাৱে সেই উল্লেখিত বাক্যসমূহক প্ৰাৰ্থনাপূৰ্বকৰূপে হৃদয়েৰে গ্ৰহণ কৰা উচিত। গতিকে আহঁক আমি এই গীতমালা ৯০ অধ্যায়টোক সেই সমৰ্পিত ব্যক্তিসকলৰ দৃষ্টিভঙ্গীৰে বিবেচনা কৰোঁহঁক।

যিহোৱা হৈছে আমাৰ “প্ৰকৃত বাসস্থান”

৪-৬. যিহোৱাই আমাৰ বাবে কেনেকৈ ‘এক প্ৰকৃত বাসস্থান’ স্বৰূপ হৈছে?

গীতমালাৰ লিখকে এইদৰে ব্যাখ্যা কৰিছে: “হে প্ৰভু, তুমিয়েই পুৰুষে পুৰুষে আমাৰ বাসস্থান হৈ আহিছা। পৰ্ব্বতবোৰ উৎপন্ন হোৱাৰ আগেয়ে, তুমি পৃথিবী আৰু জগত সৃজন কৰাৰ পূৰ্ব্বে, অনাদি কালৰ পৰা অনন্ত কাললৈকে তুমিয়েই ঈশ্বৰ।”গীতমালা ৯০:১, ২.

যিহোৱা হৈছে আমাৰ বাবে “অনাদী কালৰ ঈশ্বৰ” আৰু এক “প্ৰকৃত বাসস্থান” অৰ্থাৎ আধ্যাত্মিক আশ্ৰয়স্থল। (ৰোমীয়া ১৬:২৬) তেওঁ হৈছে আমাৰ “প্ৰাৰ্থনা শুনোতা” ঈশ্বৰ তদুপৰি, তেওঁ আমাক সহায় কৰিবলৈ সদায়ে সাজু থকাৰ বাবে আমি সুৰক্ষিত অনুভৱ কৰোঁ। (গীতমালা ৬৫:২) সেয়েহে আমাৰ সকলো চিন্তা-ধাৰা তেওঁৰ পুত্ৰৰ যোগেদি আমি তেওঁক গতাই দিওঁ। কিয়নো তেওঁ হৈছে, ‘সকলো বুদ্ধিতকৈ উত্তম যি ঈশ্বৰৰ শান্তি, আমাৰ হৃদয় আৰু মতিক পহৰা দিয়ে।’—ফিলিপীয়া ৪:৬, ৭; মথি ৬:৯; যোহন ১৪:৬, ১৪.

আমি যিহোৱাৰ পৰা আধ্যাত্মিক সুৰক্ষা লাভ কৰোঁ কিয়নো তেওঁ হৈছে লাক্ষণিকৰূপে আমাৰ “প্ৰকৃত বাসস্থান।” তদুপৰি, তেওঁ আমাৰ বাবে ‘ভিতৰৰ কোঁঠালি’ অৰ্থাৎ মণ্ডীলৰ ভাই-ভনীসকলৰ সঙ্গতিৰ প্ৰবন্ধ কৰিছে, যাক আধ্যাত্মিক স্বৰ্গৰ সৈতে তুলনা কৰিব পাৰোঁ। সেই আধ্যাত্মিক স্বৰ্গত প্ৰেমময় অধ্যক্ষসকল থাকে, যিসকলে আমাক বৃহতভাৱে সুৰক্ষা প্ৰদান কৰে। (যিচয়া ২৬:২০; ৩২:১, ২; পাঁচনিৰ কৰ্ম্ম ২০:২৮-২৯) তদুপৰি, আমাৰ মাজত এনে কিছুমান পৰিয়াল থাকিব পাৰে, যিসকলে বহু বছৰ ধৰি যিহোৱাৰ সেৱা আৰু তেওঁক ব্যক্তিগতভাৱে ‘পুৰুষে পুৰুষে এক প্ৰকৃত বাসস্থান স্বৰূপে অনুভৱ কৰি আহিছে।’

৭. কি অৰ্থত পৰ্ব্বতবোৰ “উৎপন্ন” আৰু পৃথিৱী “সৃজন” হোৱাক বুজাইছে?

যিহোৱাই ‘পৰ্ব্বতবোৰ উৎপন্ন হোৱাৰ আগেয়ে, পৃথিৱী আৰু জগত সৃজন কৰাৰ পূৰ্ব্বেই’ বিদ্যামান আছিল। মানৱ দৃষ্টিভঙ্গীৰে চাবলৈ গলে এইটো জানিব পৰা যায় যে এই পৃথিৱীত থকা সকলো প্ৰকাৰৰ আকৃতি, ৰসায়ন আৰু জটিল কাৰ্য্য-প্ৰণালীবোৰ উৎপন্ন কৰিবলৈ ভালেমান প্ৰচেষ্টাৰ আৱশ্যক হৈছিল। গীতমালাৰ লিখকে উল্লেখ কৰা “পৰ্ব্বতবোৰ উৎপন্ন হোৱাৰ আগেয়ে” আৰু “পৃথিৱীৰ সৃজন হোৱাৰ পূৰ্ব্বে,” বাক্যশাৰীৰ যোগেদি যিহোৱাই সৃষ্টি কৰা কাৰ্য্যৰ প্ৰতি গভীৰ সন্মান প্ৰকাশ কৰিছে। তেনেদৰে আমিও তেওঁৰ কাৰ্য্যৰ প্ৰতি সন্মান আৰু কৃতজ্ঞতা জ্ঞাপন কৰা উচিত নহয়নে বাৰু?

যিহোৱাই আমাক সহায় কৰিবলৈ সদায়ে সাজু থাকে

৮. যিহোৱাৰ সম্বন্ধে উল্লেখ কৰা “অনাদি কালৰ পৰা অনন্ত কাললৈকে” বাক্যফাঁকিৰ অৰ্থ কি?

গীতমালাৰ ৰচোঁতাই এইদৰে গাইছিল: “অনাদি কালৰ পৰা অনন্ত কাললৈকে তুমিয়েই ঈশ্বৰ।” ইয়াত উল্লেখ হোৱা “অনাদি কাল,” সেই বস্তুবোৰক নিৰ্দ্দেশিত কৰিছে যিবোৰৰ অন্ত আছে কিন্তু নিৰ্দিষ্ট কোনো কালৰ বিষয়ে স্পষ্টিকৰণ কৰা নাই। (যাত্ৰাপুস্তক ৩১:১৬, ১৭; ইব্ৰী ৯:১৫) গীতমালা ৯০:২ পদ আৰু অন্য হিব্ৰু শাস্ত্ৰই উল্লেখ কৰা “অনাদি কালৰ” অৰ্থ হৈছে “অনন্তকাল।” (উপদেশক ১:৪) আমাৰ মনে কেতিয়াও বুজিব নোৱাৰে যে কেনেকৈ ঈশ্বৰে আদিৰে পৰা অস্তিত্বত আছে। তথাপিও, যিহোৱাৰ কোনো আৰম্ভণী আৰু অন্ত নাই। (হবক্কুক ১:১২) তেওঁ সদায়েই জীৱিত থাকিব আৰু আমাক সহায় কৰিবলৈ আগ্ৰহী।

৯. মানুহ অস্তিত্বত অহা এহাজাৰ বছৰ কালৰ সময়ছোৱাক গীতমালা লিখকে ঈশ্বৰৰ দৃষ্টিক কিমান সময় বুলি উল্লেখ কৰিছিল?

মানৱজাতি অস্তিত্বত অহা এহাজাৰ বছৰ কালৰ সময়ছোৱাৰ যে সৃষ্টিকৰ্ত্তাৰ দৃষ্টিত একেবাৰে ক্ষন্তেকীয়া সময় এই বিষয়ে লিখিবলৈ গীতমালাৰ লিখকে প্ৰেৰিত হৈছিল। তেওঁ ঈশ্বৰক সম্বোধিত কৰি এইদৰে কৈছিল: “তুমি মানুহক ধূলিলৈ ওভটাওঁতা, আৰু তুমি কোৱা, যে, হে মনুষ্য-সন্তানবিলাক, উভটি যোৱা। কিয়নো তোমাৰ দৃষ্টিত হাজাৰ বছৰ যোৱাকালিৰ নিচিনা, আৰু ৰাতিৰ এক প্ৰহৰৰ সমান।”গীতমালা ৯০:৩, ৪.

১০. ঈশ্বৰে কেনেকৈ মানুহক ‘ধুলিলৈ উভটি’ যাবলৈ আজ্ঞা দিব পাৰিলে?

১০ মানুহ হৈছে মৰণশীল আৰু ঈশ্বৰে তেওঁলোকক “ধূলিলৈ ওভটি” যাবলৈ আজ্ঞা দিছে। সেয়েহে মানুহে মানুহ গুড়ি বা ধূলিসৎ হোৱা বস্তুৰ দৰে পুনৰাই “মাটিলৈ উলটি” যায়। যিহোৱাই এইদৰে কৈছিল: “তুমি ধূলি মাথোন, পুনৰায় ধূলিলৈকে উলটি যাবা।” (আদিপুস্তক ২:৭; ৩:১৯) এই বাক্যফাঁকি ধনী বা দুখীয়া, বলৱান বা দুৰ্ব্বল সকলোৰে বাবে প্ৰযোজ্য হয়, কিয়নো অসিদ্ধ মানৱৰ ‘ভিতৰৰ কোনো এজনেও নিজ ভাইক কোনো প্ৰকাৰে মুক্ত কৰিব নোৱাৰিব।’ (গীতমালা ৪৯:৬-৯) কিন্তু, ‘ঈশ্বৰে নিজৰ একমাত্ৰ পুত্ৰক দান কৰিলে যাতে যি কোনোৱে তেওঁত বিশ্বাস কৰে, তেওঁ নষ্ট নহয় কিন্তু অনন্ত জীৱন পায়।’ গতিকে আমি ঈশ্বৰে কৰা এই প্ৰবন্ধৰ বাবে কিমান যে কৃতজ্ঞতা জ্ঞাপন কৰা উচিত!—যোহন ৩:১৬; ৰোমীয়া ৬:২৩.

১১. আমি কিয় কব পাৰোঁ যে আমাৰ বাবে দীৰ্ঘকাল যেন লগা সময় ঈশ্বৰৰ দৃষ্টিত নিচেই কম ?

১১ মথুচেলহে সৰ্ব্বমুঠ ৯৬৯ বছৰ জীয়াই থকাৰ স্বত্ত্বেও যিহোৱাৰ দৃষ্টিত এদিনতকৈ কম সময় জীয়াই আছিল। (আদিপুস্তক ৫:২৭) ঈশ্বৰৰ বাবে এহাজাৰ বছৰ কাল যোৱা কালিৰ অৰ্থাৎ ২৪ ঘন্টা সময়ৰ সমান। এহাজাৰ বছৰক গীতমালাৰ লিখকে এইদৰেও তুলনা কৰি কৈছিল যে ই হৈছে ঈশ্বৰৰ বাবে নিশাৰ মধ্য প্ৰহৰৰ চাৰি ঘন্টাৰ দৰে।। (বিচাৰকৰ্ত্তাবিলাক ৭:১৯) স্পষ্টকৈ আমি অনুমান কৰা অন্তহীন দীৰ্ঘকাল সৃষ্টিকৰ্ত্তা যিহোৱাৰ দৃষ্টিত নিচেই কম সময়।

১২. ঈশ্বৰে কেনেকৈ মানৱজাতিক ‘উটাই নিছে?’

১২ অৱশ্যে অন্তহীন ঈশ্বৰৰ সম্মুখত মানুহৰ আয়ুস কাল একেবাৰে কম। গীতমালাৰ লিখকে এইদৰে কৈছিল: “তুমি সিহঁতক ধলৰ দৰে উটাই নিয়া, সিহঁত সপোন যেন হয়; ৰাতিপুৱা সিহঁত ঠন ধৰা ঘাঁহৰ নিচিনা হয়; ৰাতি পুৱালেই সেয়ে প্ৰফুল্লিত হয় আৰু জক্‌মকায়; গধূলি হলেই সেয়ে কটা গৈ শুকাই যায়।।” (গীতমালা ৯০:৫, ৬) ঈশ্বৰে ধলত ‘উটাই নিয়াৰ’ দৰে মোচিয়ে হাজাৰ হাজাৰ ইস্ৰায়েলে অৰণ্য ভূমিত মৃত্যু মুখত পৰা দেখিছিল। গীতমালাৰ এই ভাগটোত (নিউ ইন্টাৰনেচেল ৱাৰজনে) এইদৰে প্ৰকাশ কৰিছে: “তুমি সিহঁতক মৃত্যুৰ টোপনিত উটাই নিয়া।” আনহাতে অসিদ্ধ মানৱৰ আয়ুস কাল “সপোন যেন” অৰ্থাৎ কেৱল এৰাতিৰ টোপনিৰ সৈতে তুলনা কৰা হৈছে।

১৩. আমি কেনেকৈ “ঠন ধৰা ঘাঁহৰ” নিচিনা আৰু ই আমাৰ বিচাৰ-ধাৰাক কেনেকৈ প্ৰভাৱিত কৰা উচিত?

১৩ আমাৰ জীৱনটো হৈছে ‘ৰাতিপূৱা ঠন ধৰা ঘাঁহৰ নিচিনা’ কিন্তু গধূলি হোৱাৰ লগে লগে সূৰ্য্যৰ তাপত শুকাই যায়। সচাঁকৈ জীৱনটো হৈছে অস্থায়ী যি আবেলি পৰত শুকাই যোৱা ঘাঁহৰ নিচিনা। গতিকে আহঁক আমি আমাৰ এই মূল্যৱান জীৱনটোক যেন এনেই অতিবাহিত নকৰোঁহঁক। বৰঞ্চ, এই ৰীতি-ব্যৱস্থাত আমি আমাৰ জীৱনৰ বাকী কালছোৱাক কেনেকৈ কটাব পাৰোঁ তাৰ বাবে ঈশ্বৰৰ নিৰ্দেশনালৈ বাট চাওঁহঁক।

যিহোৱাই “আমাৰ আয়ুসৰ কাল গণনা কৰিবলৈ” সহায় কৰে

১৪, ১৫. গীতমালা ৯০:৭-৯ পদটো ইস্ৰায়েলসকলৰ ওপৰত কেনেকৈ পূৰ্ণ হʼল?

১৪ পুনৰাই ঈশ্বৰক সম্বোধিত কৰি গীতমালাৰ লিখকে এইদৰে লিখিছিল: “তোমাৰ ক্ৰোধত আমি বিনষ্ট হওঁ, আৰু তোমাৰ কোপত আমি ব্যাকুল হওঁ। তুমি আমাৰ অপৰাধবোৰ তোমাৰ সম্মুখত থৈছা, আমাৰ গুপুত পাপবোৰ তোমাৰ মুখৰ দীপ্তিত ৰাখিছা। কিয়নো তোমাৰ ক্ৰোধত আমাৰ সকলো দিন হ্ৰাস হৈ গৈছে; আমি নিজৰ আয়ুসৰ বছৰবোৰ, বৰ্ণনা কৰা কাহিনীৰ দৰে শেষ কৰোঁ।”গীতমালা ৯০:৭-৯.

১৫ অবিশ্বাসী ইস্ৰায়েলীসকলে ‘ঈশ্বৰৰ ক্ৰোধত বিনষ্ট হʼল।’ তেওঁলোকে ‘তেওঁৰ ক্ৰোধত ব্যাকুল’ বা ‘ক্ৰোধত ভয়ভীত’ হৈছিল। (নিউ ইন্টাৰনেচেল ভাৰচন্‌) কিছুমানক ঈশ্বৰৰ ন্যায়দণ্ডৰ পৰিণাম স্বৰূপে “অৰণ্যতে নিপাত কৰা হʼল।” (১ কৰিন্থীয়া ১০:৫) যিহোৱাই ‘তেওঁলোকৰ অপৰাধবোৰ নিজৰ সম্মুখত থলে।’ ঈশ্বৰে তেওঁলোকক ৰাজহুৱাভাৱে কৰা পাপৰ হিচাপ লৈছিল আৰু আনকি তেওঁলোকে গুপুতে কৰা পাপবোৰো ‘তেওঁৰ মুখৰ দীপ্তিত ৰাখিছিল।’ (হিতোপদেশ ১৫:৩) অনুতাপ নকৰা ইস্ৰায়েলসকলে ঈশ্বৰৰ ক্ৰোধৰ সম্মুখীন হৈ তেওঁলোকৰ ‘আয়ুসৰ বছৰবোৰ, বৰ্ণনা কৰা কাহিনীৰ দৰে শেষ হৈছিল।’ সেইবাবে আমাৰ আয়ুসো মুখৰ পৰা ওলোই যোৱা উশাহৰ বায়ুৰ নিচিনা।

১৬. যদি কোনোবাই গুপুতে পাপ কৰিছে তেন্তে তেওঁ কি কৰা উচিত?

১৬ যদি আমাৰ কোনো এজনে গুপুতে পাপ কৰিছে, তেন্তে আমি হয়তো আমাৰ সঙ্গী মানৱৰ পৰা তাক অলপ সময়ৰলৈকে লুকাই ৰখাত সক্ষম হʼব পাৰোঁ। কিন্তু যিহোৱাৰ ‘মুখৰ দীপ্তিতৰ’ আগত গুপুতে কৰা কাৰ্য্যবোৰ প্ৰকাশ পাব আৰু তেওঁৰ সৈতে থকা আমাৰ সম্বন্ধত আঘাট পৰিব। পুনৰাই তেওঁৰ সৈতে সম্বন্ধ গঢ়ি তুলিবলৈ হʼলে আমাক প্ৰাৰ্থনা দ্বাৰা ক্ষমা বিচাৰি, বেয়া অভ্যাসবোৰক ত্যাগ কৰা আৱশ্যক আৰু খ্ৰীষ্টান প্ৰাচীনসকলে দিয়া আধ্যাত্মিক পৰামৰ্শবোৰ গ্ৰহণ কৰা উচিত। (হিতোপদেশ ২৮:১৩; যাকোব ৫:১৪, ১৫) গতিকে ‘আমাৰ আয়ুসৰ বছৰবোৰ, বৰ্ণনা কৰা কাহিনীৰ দৰে শেষ’ কৰাৰ পৰিৱৰ্তে যদি চিৰকাল জীয়াই থকাৰ আশা ৰাখি আমাৰ জীৱনটোক উন্নত কৰিলে কিমান যে উত্তম হʼব!

১৭. সাধাৰণতে মানুহৰ আয়ুস কালৰ পৰিমাণ কিমান আৰু আমাৰ জীৱনটো কিহৰে পৰিপূৰ্ণ?

১৭ অসিদ্ধ মানৱৰ আয়ুস কালৰ সম্বন্ধে গীতমালাৰ লিখকে এইদৰে কৈছিল: “আমাৰ আয়ুসৰ পৰিমাণ তিনি কুৰি দহ বছৰ, বল থকাৰ নিমিত্তে চাৰি কুৰি বছৰ হব পাৰে; তথাপি সেইবোৰৰ গৰ্ব্বৰ বস্তুবোৰ কেৱল পৰিশ্ৰমজনক আৰু অসাৰ; কিয়নো সেইবোৰ বেগাই ঢুকাই যায়, আৰু আমি উড়ি যাওঁ।” (গীতমালা ৯০:১০) সাধাৰণতে মানুহৰ আয়ুসৰ কাল ৭০ বছৰ বুলি উল্লেখ কৰা হৈছে। কিন্তু কালেবে ৮৫ বছৰ বয়সত তেওঁৰ অসাধাৰণ শক্তিৰ পৰিচয় দিছিল। তদুপৰি, কিছুমানৰ ক্ষেত্ৰত অব্যাহতি আছিল যেনে, হাৰোণ (১২৩), মোচি (১২০) আৰু যিহোচূৱা (১১০)। (গণনা পুস্তক ৩৩:৩৯; দ্বিতীয় বিবৰণ ৩৪:৭; যিহোচূৱা ১৪:৬, ১০, ১১; যিহোচূৱা ২৪:২৯) কিন্তু মিচৰ দেশৰ পৰা ওলাই অহা সেই অবিশ্বাসী লোকসকলে প্ৰায় ২০ বছৰৰ পৰা ৪০ বছৰ আয়ুসৰলৈকেহে জীয়াই আছিল। (গণনা পুস্তক ১৪:২৯-৩৪) আজি বহুতো দেশত লোকসকলৰ বয়স প্ৰায় গীতমালাৰ লিখকে উল্লেখ কৰাৰ আয়ুসৰ কালৰ পৰিমাণতকৈ কম। আমাৰ জীৱনকাল “দুখেৰে পৰিপূৰ্ণ” আৰু সেই কালবোৰ “বেগেৰে চলি যায়।”—ইয়োব ১৪:১, ২.

১৮, ১৯. (ক) “জ্ঞানৰ অন্তঃকৰণ লাভ কৰিব পৰাকৈ আমাৰ আয়ুসৰ কাল গণনা কৰিবলৈ শিক্ষা” দিয়াৰ অৰ্থ কি? (খ) বুদ্ধিয়ে আমাক কি কৰিবলৈ প্ৰেৰিত কৰিব?

১৮ আগলৈ গীতমালাৰ ৰচোঁতাই এইদৰে গাইছিল: “তোমাৰ ক্ৰোধৰ পৰাক্ৰম কোনে জানে? তোমাৰ উপযুক্ত ভয় অনুসাৰে তোমাৰ কোপ কোনে বুজে? আমি জ্ঞানৰ অন্তঃকৰণ লাভ কৰিব পৰাকৈ, আমাৰ আয়ুসৰ কাল গণনা কৰিবলৈ শিক্ষা দিয়া।” (গীতমালা ৯০:১১, ১২) আমাৰ কোনো এজনেও যিহোৱাৰ ক্ৰোধৰ পৰাক্ৰম বা তেওঁৰ কোপৰ বিষয়ে নাজানে আৰু ইয়ে আমাক তেওঁৰ প্ৰতি উচিত ভয় ৰখাত সহায় কৰে। তদুপৰি, ই আমাক তেওঁৰ পৰা “জ্ঞানৰ অন্তঃকৰণ লাভ কৰিব পৰাকৈ, আমাৰ আয়ুসৰ কাল গণনা কৰিবলৈব শিক্ষা” লবলৈ প্ৰেৰিত কৰে।

১৯ গীতমালাত উল্লেখ হোৱা সেই বাক্যবোৰ হৈছে যিহোৱালৈ কৰা এটা প্ৰাৰ্থনা, যʼত লোকসকলে নিজৰ বাকী জীৱনছোৱাত ঈশ্বৰৰ অনুমোদন লাভ কৰি কটাবলৈ জ্ঞান বিচাৰি নিৱেদন কৰা হৈছে। জীৱনৰ ৭০ বছৰ কাল হৈছে ২৫,৫০০ দিন জীয়াই থকাৰ আশা। আমাৰ বয়সৰ ওপৰিও, আমি ‘কালিলৈ কি ঘটিব তাক আমি নাজানোঁ,’ কিয়নো আমাৰ জীৱনটো হৈছে “এখন্তক দেখা পোৱা হৈ, পাছত দেখা নোপোৱা . . . ভাপস্বৰূপ।” (যাকোব ৪:১৩-১৫) যিহেতু ‘সকলোলৈকে সময় আৰু দৈব্যক্ৰমে ঘটাৰ’ বাবে আমি কিমান দিন জীয়াই থাকিম তাক নাজানো। সেইবাবে আহঁক এতিয়াৰে পৰা পৰীক্ষাবোৰত সফলতাৰে সম্মুখীন হবলৈ, আনক আদৰ কৰিবলৈ আৰু উত্তমৰূপে যিহোৱাৰ সেৱা কৰিবলৈ জ্ঞান বিচাৰি প্ৰাৰ্থনা কৰোঁহঁক! (উপদেশক ৯:১১; যাকোব ১:৫-৮) ইয়াকে কৰিবলৈ যিহোৱাই আমাক তেওঁৰ বাক্য, আত্মা আৰু সংগঠনৰ দ্বাৰা মাৰ্গ-দৰ্শন দিয়ে। (মথি ২৪:৪৫-৪৭; ১ কৰিন্থীয়া ২:১০; ২ তীমথিয় ৩:১৬, ১৭) বুদ্ধিয়ে আমাক ‘প্ৰথমে তেওঁৰ ৰাজ্য বিচাৰিবলৈ’ আৰু জীৱনৰ বাকী কালছোৱা তেওঁক মহিমা আৰু সন্তুষ্টি কৰিবলৈ প্ৰেৰিত কৰে। (মথি ৬:২৫-৩৩; হিতোপদেশ ২৭:১১) তেওঁক সম্পূৰ্ণ মনেৰে সেৱা কৰিলে যে আমি সকলো সমস্যাৰ পৰা মুক্ত হʼম, এনে নহয়। তথাপি, ই অৱশ্যেই আমালৈ আনন্দ কঢ়িয়াই আনে।

যিহোৱাৰ আশীৰ্ব্বাদে আমালৈ আনন্দ কঢ়িয়াই আনে

২০. (ক) ঈশ্বৰে কিহত “পলম” কৰে? (খ) আমি কোনো গম্ভীৰ পাপ কৰাৰ বাবে সম্পূৰ্ণ হৃদয়েৰে অনুতাপ কৰিলে, যিহোৱাই আমাৰ সৈতে কেনে ব্যৱহাৰ কৰিব?

২০ ই কিমানে যে উৎকৃষ্ট বিষয় হʼব যদি আমি জীৱনৰ বাকী কালছোৱা আনন্দেৰে কটাব পাৰোঁ! এই সন্দৰ্ভত মোচিয়ে এইদৰে প্ৰাৰ্থনা কৰি কৈছিল: “হে যিহোৱা, উভটি আহাঁ, কিমান কাললৈ নো তুমি পলম কৰি থাকিবা? তুমি তোমাৰ দাসবিলাকক কৃপা কৰা। আমাৰ আয়ুস থাকেমানে আমি যেন আনন্দ আৰু উল্লাস কৰিম, এই নিমিত্তে ৰাতিপুৱাতে আমাক তোমাৰ দয়াৰে তৃপ্ত কৰা।” (গীতমালা ৯০:১৩, ১৪) ঈশ্বৰে কোনো ভুল নকৰে। কিন্তু লোকসকলে যেতিয়া নিজৰ মনোবৃত্তি আৰু কাৰ্য্যৰ দ্বাৰা মন পালটন কৰাৰ পৰিচয় দিয়ে, তেতিয়া তেওঁ ক্ৰোধ কৰাত “পলম” কৰে আৰু ‘উভটি’ আহে। (দ্বিতীয় বিবৰণ ১৩:১৭) যদিও আমাৰ দ্বাৰা কোনো গম্ভীৰ অপৰাধ হৈছে, কিন্তু সম্পূৰ্ণ হৃদয়েৰে অনুতাপ কৰিছোঁ তেন্তে ‘যিহোৱাই সেই অপৰাধ ক্ষমা কৰে’ আৰু আমাৰ ওচৰত “আনন্দ আৰু উল্লাস” কৰিবলৈ কাৰণ থাকিব। (গীতমালা ৩২:১-৫) ধাৰ্ম্মিকতাৰ পথ অনুকৰণ কৰাৰ দ্বাৰা আমি তেওঁৰ প্ৰেমৰ বিষয়ে বুজিব পাৰিম আৰু “গোটেই দিনটোত আনন্দিত” হবলৈ সক্ষম হম—অৱশ্যে, আমাৰ জীৱনৰ বাকী কালছোৱা আনন্দেৰে কটাব পাৰিম।

২১. গীতমালা ৯০:১৫, ১৬ পদত উল্লেখ কৰা বাক্যশাৰীৰ যোগেদি মোচিয়ে সম্ভৱত কিহৰ বিষয়ে অনুৰোধ কৰিছিল?

২১ গীতমালাৰ লিখকে আগ্ৰহতাৰে প্ৰাৰ্থনা কৰি এইদৰে কৈছে: “যিমান দিন তুমি আমাক দুখ দিলা, আৰু যিমান বছৰ আমি অমঙ্গল দেখিলোঁ, সেই অনুসাৰে আমাক আনন্দিত কৰা। তোমাৰ দাসবিলাকৰ আগত তোমাৰ কৰ্ম্ম, সিবিলাকৰ সন্তানবিলাকৰ ওপৰত তোমাৰ গৌৰৱ প্ৰকাশিত হওক।” (গীতমালা ৯০:১৫, ১৬) মোচিয়ে হয়তো যিহোৱাক ইস্ৰায়েল জাতিসকলৰ ওপৰত হোৱা কষ্ট আৰু ক্লেশৰ সময়ছোৱাত আশীৰ্ব্বাদ কৰিবলৈ প্ৰাৰ্থনা কৰিছিল। মোচিয়ে ইস্ৰায়েল জাতিৰ আগত ঈশ্বৰৰ “কৰ্ম্ম” আৰু সন্তানবিলাকৰ ওপৰত তেওঁৰ গৌৰৱ প্ৰকাশিত হবলৈ অনুৰোধ কৰিছিল। সেই একেই আশীৰ্ব্বাদৰ বিষয়ে নতুন সংসাৰত বাস কৰা আজ্ঞাকাৰী মানৱজাতিৰ বাবে আমি প্ৰাৰ্থনাত জনাব পাৰোঁ।—২ পিতৰ ৩:১৩.

২২. গীতমালা ৯০:১৭ পদৰ অনুসাৰে আমি কেনেকৈ উচিতৰূপে প্ৰাৰ্থনা কৰিব পাৰোঁ?

২২ গীতমালা ৯০ অধ্যায়ে এইদৰে অনুৰোধ কৰি সামৰণি মাৰিছে: “আমাৰ ঈশ্বৰ যিহোৱাৰ সৌন্দৰ্য্য আমাৰ ওপৰত প্ৰকাশিত হওক। তুমি আমালৈ আমাৰ হাতৰ কৰ্ম্ম সিদ্ধ কৰা; এনে কি, আমাৰ হাতৰ কৰ্ম্মকেই সিদ্ধ কৰা।” (গীতমালা ৯০:১৭) এই বাক্যশাৰীয়ে দেখুৱাইছে যে আমি ঈশ্বৰৰ কাৰ্য্যত সফলতা লাভ কৰিবলৈ, তেওঁলৈ উচিতৰূপে প্ৰাৰ্থনা কৰিব পাৰোঁ। অভিষিক্ত বৰ্গৰ লোক বা তেওঁলোকৰ সঙ্গী “অন্য মেৰ” হোৱাৰ হেতুকে আমি “যিহোৱাৰ সৌন্দৰ্য্য আমাৰ ওপৰত প্ৰকাশিত” হোৱাৰ বাবে অতি আনন্দিত হৈছোঁ। (যোহন ১০:১৬) ঈশ্বৰে ৰাজ্যৰ প্ৰচাৰক আৰু অন্য প্ৰকাৰে “আমাৰ হাতৰ কৰ্ম্ম সিদ্ধ” কৰাৰ বাবে বাস্তৱতে আমি কিমান যে আনন্দিত!

আহঁক আমি আমাৰ আয়ুসৰ কালবোৰ গণনা কৰোঁহঁক

২৩, ২৪. গীতমালা ৯০ অধ্যায়ক ধ্যান কৰাৰ যোগেদি আমি কেনেকৈ লাভৱান হʼব পাৰিম?

২৩ গীতমালা ৯০ অধ্যায়ৰ ওপৰত ধ্যান কৰি যিহোৱা যে আমাৰ “প্ৰকৃত বাসস্থান,” তেওঁত থকা আমাৰ ভৰসা অধিক দৃঢ় কৰা আৱশ্যক। এই অস্থায়ী জীৱনৰ বিষয়ে লিখা এই বাক্যশীৰ অনুসাৰে জীৱন-যাপন কৰি আমি আমাৰ আয়ুসৰ কাল গণনা কৰিবলৈ অতি আগ্ৰহেৰে ঈশ্বৰৰ নিৰ্দ্দেশনা বিচৰা উচিত। যদি আমি তেওঁৰ জ্ঞান বিচাৰোঁ আৰু সেই জ্ঞান অনুসাৰে চলোঁ, তেনেহʼলে আমি নিশ্চয়ে যিহোৱাৰ কৃপা আৰু আশীৰ্ব্বাদ লাভ কৰিব পাৰিম।

২৪ আমাৰ আয়ুসৰ কালবোৰ কেনেকৈ গণনা কৰিব লাগে তাৰ বিষয়ে যিহোৱাই একেৰাহে শিক্ষা দিব। যদি আমি তেওঁৰ নিৰ্দ্দেশনৰ অনুসাৰে চলোঁ তেন্তে অনন্তকাললৈ নিজৰ আয়ুষৰ কালবোৰ গণনা কৰিবলৈ সক্ষম হম। (যোহন ১৭:৩) যদি আমি অনন্ত জীৱনক আমাৰ লক্ষ্য কৰি লওঁ, তেন্তে যিহোৱাই নিশ্চয়ে আমাৰ আশ্ৰয়স্থান হʼব। (যিহূদা ২০, ২১) হৃদয় স্পৰ্ষ কৰা গীতমালা ৯১ অধ্যায়ৰ বিষয়ে পৰৱৰ্তী লেখত আমি অধিক স্পষ্টকৈ বুজিবলৈ পাম। (w01 11/15)

আপুনি কেনেকৈ উত্তৰ দিব?

• যিহোৱাই আমাৰ বাবে কেনেকৈ “প্ৰকৃত বাসস্থান” হৈছে?

• আমি কিয় কব পাৰোঁ যে যিহোৱাই আমাক সহায় কৰিবলৈ সদায়ে সাজু থাকে?

• “আমাৰ আয়ুসৰ কাল গণনা” কৰিবলৈ যিহোৱাই কেনেকৈ সহায় আগবঢ়াইছে?

• আমাক কিহে ‘আয়ুস থাকেমানে আনন্দিত’ হবলৈ সহায় কৰে?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[২১ পৃষ্ঠাৰ ছবি]

যিহোৱা ঈশ্বৰ “পৰ্ব্বতবোৰ উৎপন্ন হোৱাৰ আগেয়ে” বিদ্যামান হৈছিল

[২২ পৃষ্ঠাৰ ছবি]

যিহোৱাই “আমাৰ হাতৰ কৰ্ম্ম সিদ্ধ” কৰিছে

[২৩ পৃষ্ঠাৰ ছবি]

মথুচেলহৰ ৯৬৯ বছৰ বয়স যিহোৱাৰ দৃষ্টিত এদিনতকৈ কম সময় আছিল