Skip to content

Skip to table of contents

যিহোৱা হৈছে চিৰসহিষ্ণুতা ৰখা ঈশ্বৰ

যিহোৱা হৈছে চিৰসহিষ্ণুতা ৰখা ঈশ্বৰ

যিহোৱা হৈছে চিৰসহিষ্ণুতা ৰখা ঈশ্বৰ

“যিহোৱাই কৃপা আৰু দয়াৰে পৰিপূৰ্ণ ঈশ্বৰ, ক্ৰোধত ধীৰ।”যাত্ৰাপুস্তক ৩৪:৬.

১, ২. (ক) প্ৰাচীন সময়ত কোন ব্যক্তিসকলে যিহোৱাৰ চিৰসহিষ্ণুতাৰ পৰা লাভবান হৈছিল? (খ) “চিৰসহিষ্ণুতা” শব্দটোৰ অৰ্থ কি?

 নোহৰ সময়ত বাস কৰা লোক, মোচিৰ সৈতে অৰণ্য অঞ্চলেদি যাত্ৰা কৰা ইস্ৰায়েল আৰু যীচুৱে এই পৃথিৱীত বাস কৰা সময়ত থকা যিহূদীসকল, এই সকলোৱে ভিন্ন পৰিস্থিতিৰ মাজত জীৱন-যাপন কৰিছিল। কিন্তু সকলোৱে ঈশ্বৰৰ মহান গুণ চিৰসহিষ্ণুতাৰ দ্বাৰা লাভবান হৈছিল। কিছুমান ব্যক্তিক আকৌ ৰক্ষা পাবলৈ এই গুণৰ বিশেষভাৱে আৱশ্যকতা হৈছিল। সেইবাবে যিহোৱাৰ এই মহান গুণ যি চিৰসহিষ্ণুতা, আমাৰ জীৱনৰ বাবেও গুৰুত্ব ৰাখিব পাৰে।

ইয়াত উল্লেখ কৰা চিৰসহিষ্ণুতাৰ অৰ্থ কি? যিহোৱাই কেতিয়া এই গুণ প্ৰকাশ কৰিছিল আৰু কিয়? প্ৰকৃততে “চিৰসহিষ্ণুতা” গুণৰ অৰ্থ হৈছে “কোনো ভুল বা খং তোলা কাৰ্য্য হোৱাৰ স্বত্ত্বেও সহনশীল হৈ বিকাৰগ্ৰস্ত সম্বন্ধক পুনৰ উন্নত কৰি তুলিবলৈ চেষ্টা কৰাৰ আশাক ত্যাগ নকৰা।” সেইবাবে এই গুণৰ এক উদ্দেশ্য আছে। এই গুণে, বিশেষকৈ এজন ব্যক্তিৰ বিৰক্ত অৱস্থাৰ হিতৰ প্ৰতিহে কামনা কৰে। যিহেতু চিৰসহিষ্ণুতা হোৱাৰ অৰ্থ এইটো নহয় যে ভুল কাৰ্য্যসমূহৰ প্ৰতি আওকাণ কৰা। যেতিয়া চিৰসহিষ্ণুতাৰ সম্বন্ধ থকা উদ্দেশ্য সম্পূৰ্ণ হয় বা কোনো এক অৱস্থাক স্বীকাৰ কৰি লোৱা হয়, তেতিয়া চিৰসহিষ্ণুতা গুণ প্ৰকাশ কৰাৰ অন্ত পৰে।

৩. যিহোৱাই চিৰসহিষ্ণুতা গুণ দেখুৱাৰ মূলত কি উদ্দেশ্য আছিল আৰু কেতিয়া ইয়াৰ সমাপ্তি হʼব?

যদিও মানুহে চিৰসহিষ্ণুতা গুণ দেখুৱা পাৰে, কিন্তু এই সম্বন্ধে যিহোৱাই হʼলে এক উত্তম আৰ্হি প্ৰস্তুত কৰিছে। প্ৰথম মানৱ দম্পতীয়ে পাপ কৰি যিহোৱাৰ সৈতে থকা সম্বন্ধক বিচ্ছেদ কৰাৰ পৰাই আমাৰ সৃষ্টিকৰ্ত্তাই সহনশীল হোৱাৰ প্ৰমাণ দিছিল আৰু সমুদায় মানৱজাতিয়ে যাতে পুনৰাই তেওঁৰ সৈতে সম্বন্ধ গঢ়ি তুলিব পাৰে তাৰে নিমিত্তে এক ব্যৱস্থাৰ স্থাপন কৰিছিল। অৰ্থাৎ মন পৰিৱৰ্তন কৰা ব্যক্তিসকলৰ বাবে এক পথ যুগুত কৰিলে। (২ পিতৰ ৩:৯; ১ যোহন ৪:১০) কিন্তু যেতিয়া ইচ্ছাকৃতভাৱে দুষ্ট কাৰ্য্য কৰা ব্যক্তিসকলৰ প্ৰতি চিৰসহিষ্ণুতা গুণ দেখুৱা উদ্দেশ্য সম্পূৰ্ণ হʼব, তেতিয়া ঈশ্বৰে এই দুষ্ট ৰীতি-ব্যৱস্থাক ধ্বংস কৰিবলৈ পদক্ষেপ লব।—২ পিতৰ ৩:৭.

ঈশ্বৰৰ মুখ্য গুণসমূহৰ সৈতে সংযোজিত হওঁক

৪. (ক) হিব্ৰু শাস্ত্ৰত চিৰসহিষ্ণুতাৰ অৰ্থক কিদৰে ভাঙণি কৰিছে (ফুটনোটো চাওঁক।) (খ) নহূম ভৱিষ্যতবক্তাই যিহোৱাৰ বিষয়ে কি বৰ্ণনা আৰু তেওঁৰ চিৰসহিষ্ণুতাৰ সম্পৰ্কে কি প্ৰকাশ কৰিছে?

হিব্ৰু শাস্ত্ৰত চিৰসহিষ্ণুতাৰ শব্দক দুই ধৰণৰ অৰ্থক প্ৰকাশ কৰিছে। যাৰ আচল অৰ্থ হৈছে “নাকৰ পাহি ফুলি উঠা” আৰু “ক্ৰোধত ধীৰ।” অসমীয়া পবিত্ৰ বাইবলত “ক্ৰোধত ধীৰ” হোৱা অৰ্থত ব্যৱহাৰ কৰিছে। * ঈশ্বৰে চিৰসহিষ্ণুতা হোৱাৰ বিষয়ে ভৱিষ্যতবক্তা নহূমে এইদৰে কৈছিল: “যিহোৱা ক্ৰোধত ধীৰ আৰু পৰাক্ৰমত মহান; কিন্তু তেওঁ দোষীক কোনো মতেই নিৰ্দ্দোষী নকৰে।” (নহূম ১:৩) যিহোৱাই চিৰসহিষ্ণুতা হোৱাতো, তেওঁৰ বাবে কোনো দুৰ্ব্বলতাৰ চিহ্ন নহয়। তদুপৰি, তেওঁৰ চিৰসহিষ্ণুতা অসীমিত নহয়। প্ৰকৃততে সৰ্ব্বশক্তিমান ঈশ্বৰে যি কোনো পৰিস্থিতিত ক্ৰোধত ধীৰ আৰু তেওঁৰ অসীম শক্তিশালী হোৱাই প্ৰকাশ কৰিছে যে তেওঁ চিৰসহিষ্ণুতাৰ যোগেদি উদ্দেশ্যপূৰ্ণভাৱে আত্মনিয়ন্ত্ৰণ কৰে। দোষীক শাস্তি দিবলৈ তেওঁৰ অধিকাৰ আছে। কিন্তু, তেওঁ দোষী ব্যক্তিসকলক তেওঁলোকৰ ভুল কাৰ্য্যক সংশোধন কৰিবলৈ সুযোগ দিয়ে, সেয়েহে তেওঁ ইচ্ছাকৃতভাৱে দোষী ব্যক্তিৰ অহিতে ততালিকে কোনো পদক্ষেপ নলয়। (যিহিষ্কেল ১৮:৩১, ৩২) তেওঁৰ চিৰসহিষ্ণুতা গুণ হৈছে প্ৰেমৰ এক অনুভূতি আৰু ইয়ে তেওঁৰ শক্তিক ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত জ্ঞান প্ৰকাশ কৰে।

৫. কি প্ৰকাৰে যিহোৱাৰ চিৰসহিষ্ণুতা তেওঁৰ ন্যায় সৈতে খাপ খাই আছে?

যিহোৱাৰ চিৰসহিষ্ণুতাৰ গুণ তেওঁৰ ন্যায় আৰু ধাৰ্ম্মিকতাৰ সৈতে জড়িত আছে। মোচিৰ আগত যিহোৱাই নিজকে “কৃপা আৰু দয়াৰে পৰিপূৰ্ণ ঈশ্বৰ, ক্ৰোধত ধীৰ, [চিৰসহিষ্ণুতা,” কিং জেমচ্‌ ভাৰচন] আৰু সত্যতাত মহান,” হিচাপে প্ৰকাশ কৰিলে। (যাত্ৰাপুস্তক ৩৪:৬) সেয়েহে পাছলৈ মোচিয়ে যিহোৱাৰ উদ্দেশ্যেক স্তুতি কৰি এইদৰে গাইছিল: “তেওঁৰ সকলো পথ ন্যায়; তেওঁ বিস্বস্ত ঈশ্বৰ, তেওঁত কোনো অন্যায় নাই; তেওঁ ধাৰ্ম্মিক আৰু সৰল।” (দ্বিতীয় বিবৰণ ৩২:৪) ইয়াত কোনো সন্দেহ নাই যে যিহোৱাৰ দয়া, চিৰসহিষ্ণুতা, ন্যায় আৰু সৰলতা একেলগে মিলিজুলি কাৰ্য্য কৰে।

জল-প্ৰলয়ৰ পূৰ্বেই যিহোৱাই প্ৰকাশ কৰা চিৰসহিষ্ণুতা

৬. যিহোৱাই আদম আৰু হৱাৰ লʼৰা-ছোৱালীবিলাকলৈ চিৰসহিষ্ণুতা হোৱাৰ কেনে এক অতুলনীয় প্ৰমাণ দাঙি ধৰিলে?

আদম আৰু হৱাই এদন বাগিছাত বিৰোধ কৰি চিৰদিনৰ বাবে প্ৰেমময় সৃষ্টিকৰ্ত্তা যিহোৱাৰ সৈতে থকা তেওঁলোকৰ বহুমুলীয়া সম্বন্ধক বিচ্ছেদ কৰিলে। (আদিপুস্তক ৩:৮-১৩, ২৩, ২৪) এনে বিৰোধীতাই তেওঁলোকৰ লʼৰা-ছোৱালীলৈ উত্তৰাধিকাৰূপে পাপ, অশুদ্ধতা আৰু মৃত্যু কঢ়িয়াই আনিছিল। (ৰোমীয়া ৫:১৭-১৯) প্ৰথম মানৱ দম্পতীয়ে ইচ্ছাকৃতভাৱে পাপ কৰাৰ স্বত্ত্বেও, যিহোৱাই তেওঁলোকক লʼৰা-ছোৱালী জন্ম কৰিবলৈ অনুমতি দিছিল। পাছলৈ যিহোৱাই তেওঁলোকৰ লʼৰা-ছোৱালীৰ সৈতে সেই হেৰুৱা সম্বন্ধক পুনৰ স্থাপন কৰাৰ অৰ্থে এক প্ৰেমময় প্ৰবন্ধ কৰিলে। (যোহন ৩:১৬, ৩৬) এই বিষয়ে পাঁচনি পৌলে এইদৰে কৈছিল: “ঈশ্বৰে আমালৈ তেওঁৰ প্ৰেম প্ৰমাণ দিছে; কাৰণ ইতিপূৰ্বেই যেতিয়া আমি পাপী আছিলোঁ, তেতিয়া খ্ৰীষ্টে আমাৰ কাৰণে আপোন প্ৰাণ দিলে। এতেকে এতিয়া খ্ৰীষ্টৰ তেজেৰে ধাৰ্ম্মিক বুলি গণিত হোৱা, কিমান অধিক গুণে আমি তেওঁৰ দ্বাৰাই ক্ৰোধৰ পৰা পৰিত্ৰাণ পাম। কিয়নো যেতিয়া শত্ৰু আছিলোঁ, তেতিয়া ঈশ্বৰৰ পুত্ৰৰ মৃত্যুৰ দ্বাৰাই যদি আমি ঈশ্বৰে সৈতে মিল হলোঁ, তেন্তে মিল হোৱাত, কিমান অধিক গুণে তেওঁৰ জীৱনৰ পৰিত্ৰাণ পাম।।”—ৰোমীয়া ৫:৮-১০.

৭. যিহোৱাই নোহৰ সময়ত জল-প্ৰলয় অনাৰ পূৰ্বেই কি দৰে চিৰসহিষ্ণুতাৰ গুণ প্ৰকাশ কৰিলে আৰু দুষ্টলোকৰ ওপৰত অনা ধ্বংসই কিয় ন্যায়ৰ কাৰ্য্য আছিল?

নোহৰ সময়ত যিহোৱাই প্ৰকাশ কৰা চিৰসহিষ্ণুতাৰ প্ৰমাণ পোৱা গʼল। কিয়নো জলপ্ৰলয় হোৱাৰ এশ বছৰৰ পূৰ্বেই “ঈশ্বৰে পৃথিবীলৈ চাই, তাক ভ্ৰষ্ট দেখিলে; কিয়নো পৃথিবীৰ সমুদায় প্ৰাণী ভ্ৰষ্টাচাৰী হল।” (আদিপুস্তক ৬:১২) তথাপিও যিহোৱাই অলপ সময়ৰ বাবে মানুষ্যজাতিলৈ চিৰসহিষ্ণুতাৰ গুণ প্ৰকাশ কৰিছিল। সেয়েহে তেওঁ এইদৰে কৈছিল: “যিহোৱাই কলে, মোৰ আত্মাই মানুহৰ অন্তৰত আৰু সদায় অধিকাৰ নচলাব; কিয়নো তাৰ বিপথগমনত সি মাংসমাত্ৰ; তথাপি তাৰ কাল এশ বিশ বছৰ হব।।” (আদিপুস্তক ৬:৩) বিশ্বাসী নোহক নিজৰ পৰিয়ালৰ বৃদ্ধি আৰু ঈশ্বৰে লোৱা নিৰ্ণয় অৰ্থাৎ জাহাজ নিৰ্ম্মাণ কৰা আৰু লোকসকলক আহিবলগীয়া জল-প্ৰলয়ৰ বিষয়ে ঘোষণা কৰিবলৈ ১২০ বছৰ সময়ৰ অনুমতি দিছিল। এই বিষয়ে পাঁচনি পিতৰে এইদৰে লিখিছিল: “যিবিলাক পূৰ্বকালত নোহৰ দিনত জাহাজ নিৰ্ম্মাণ কৰা সময়ত, ঈশ্বৰৰ দীৰ্ঘসহিষ্ণুতাই [চিৰসহিষ্ণুতাৰ এটা গুণ] বাট চাই থাকোঁতে, আজ্ঞা নমনা আছিল, তেওঁবিলাকৰ আগত ঘোষণা কৰিলে; সেই জাহাজত কেইজনমান, অৰ্থাৎ আঠ জন প্ৰাণী জলৰ মাজেদি ৰক্ষা পালে।” (১ পিতৰ ৩:২০) বাস্তৱতে, নোহৰ পৰিয়ালৰ বাহিৰে আন কোনেও তেওঁৰ প্ৰচাৰৰ “জ্ঞান নাপালে।” (মথি ২৪:৩৮, ৩৯) যিহোৱাই নোহক জাহাজ নিৰ্মাণ আৰু হয়তো বহু বছৰ ধৰি ‘ধাৰ্ম্মিকতাৰ প্ৰচাৰ’ কৰাৰ দ্বাৰা তেওঁলোকক নিজৰ বেয়া পথৰ পৰা মন পৰিৱৰ্তন কৰি ঈশ্বৰৰ সেৱা কৰিবলৈ যথেষ্ট সুযোগ দিছিল। (২ পিতৰ ২:৫; ইব্ৰী ১১:৭) অৱশেষত দুষ্টলোকসকলক সমুলিকৈ ধ্বংস কৰাৰ যোগেদি তেওঁৰ ন্যায়-বিচাৰ প্ৰকাশ কৰিলে।

ইস্ৰায়েলসকলৰ সৈতে চিৰসহিষ্ণুতা হোৱাৰ এক উত্তম আৰ্হি

৮. যিহোৱাই কেনেকৈ ইস্ৰায়েলজাতিৰ প্ৰতি চিৰসহিষ্ণুতাৰ গুণ প্ৰকাশ কৰিছিল?

যিহোৱাই ইস্ৰায়েলসকলৰ সৈতে ১২০ বছৰতকৈও অধিক সময় চিৰসহিষ্ণুতাৰ গুণ প্ৰকাশ কৰিছিল। ইস্ৰায়েলৰ ইতিহাসৰ ১,৫০০ বছৰ সময়ছোৱাৰ বেছিভাগ সময়ে বাছি লোৱা লোকসকলে ঈশ্বৰৰ চিৰসহিষ্ণুতাৰ পৰা লাভৱান হৈছিল। মিচৰৰ পৰা আচৰিতৰূপে মুক্তি পোৱাৰ কিছু সপ্তাহৰ পাছতেই তেওঁলোকে মুৰ্ত্তি পূজা কৰি তেওঁলোকৰ উদ্ধাৰকৰ্ত্তাক অতিশয় অসন্মান কৰিছিল। (যাত্ৰাপুস্তক ৩২:৪; গীতমালা ১০৬:২১) তদুপৰি, সময় অতিক্ৰম কৰাৰ লগে-লগে, ঈশ্বৰে আচৰিতৰূপে মৰুভূমিত প্ৰবন্ধ কৰা মান্নাৰ বাবে মোচি আৰু হাৰোণৰ বিৰোদ্ধে বক-বকনি কৰিব ধৰিলে আৰু যিহোৱাৰ অহিতে অভিযোগ দিলে। ইয়াৰ ওপৰিও তেওঁলোকে মূৰ্ত্তিপূজকসকলৰ সৈতে ব্যভিচাৰ আৰু বাল উপাসনা কৰিবলৈ ধৰিছিল। (গণনা পুস্তক ১১:৪-৬; ১৪:২-৪; ২১:৫; ২৫:১-৩; ১ কৰিন্থীয়া ১০:৬-১১) যিহোৱাই তেওঁলোকক তেতিয়াই ধ্বংস কৰি উপযুক্ত কাৰ্য্য কৰিব পাৰিলেহেঁতেন, কিন্তু তাৰ বিপৰীতে তেওঁ তেওঁলোকৰ প্ৰতি চিৰসহিষ্ণুতাৰ গুণ প্ৰকাশ কৰিলে।—গণনা পুস্তক ১৪:১১-২১.

৯. বিচাৰকৰ্ত্তাসকল আৰু ৰাজকীয় শাসনৰ কালছোৱাত যিহোৱাই ইস্ৰায়েলসকলৰ প্ৰতি চিৰসহিষ্ণুতা হোৱাৰ কি দৰে প্ৰমাণ দিলে?

বিচাৰকৰ্ত্তাসকলৰ সময়ত ইস্ৰায়েলসকলে বাৰে বাৰে মুৰ্ত্তি পূজাত ভাগ লৈছিল। যেতিয়াই তেওঁলোকে মুৰ্ত্তি পূজাত লিপ্ত হৈছিল তেতিয়াই যিহোৱাই তেওঁলোকক শত্ৰুসকলৰ হাতত শোধাই দিছিল। কিন্তু যেতিয়া তেওঁলোকে মন পালটন আৰু ঈশ্বৰৰ সহায়ৰ নিমিত্তে গুহাৰি জনাইছিল, তেতিয়া যিহোৱাই তেওঁলোকক উদ্ধাৰ কৰিবলৈ বিচাৰকৰ্ত্তাসকলক নিযুক্ত কৰিছিল। (বিচাৰকৰ্ত্তাবিলাক ২:১৭, ১৮) বহু সময়জুৰি চলা ৰাজকীয় শাসনৰ কালছোৱাত, কিছুমান ৰজাই যিহোৱাৰ প্ৰতি অনন্য ভক্তি দেখুৱাইছিল। তথাপিও বিশ্বাসী ৰজাসকলৰ সময়তো লোকসকলে সত্য উপাসনাক মিছা উপাসনাৰ সৈতে সংমিশ্ৰণ কৰিবলৈ এৰি দিয়া নাছিল। তেতিয়া যিহোৱাই অবিশ্বাসীসকলক সতৰ্ক কৰিবলৈ নিজৰ ভৱিষ্যতবক্তাক পঠিয়াইছিল, কিন্তু লোকসকলে ঈশ্বৰৰ ভৱিষ্যতবক্তাৰ প্ৰতি আওকাণ কৰি মিছা আৰু ভ্ৰষ্টাচাৰী ভৱিষ্যতবক্তাৰ প্ৰতিহে মনোযোগ দিছিল। (যিৰিমিয়া ৫:৩১; ২৫:৪-৭) দৰাচলতে, তেওঁলোকে যিহোৱাৰ বিশ্বাসী ভৱিষ্যতবক্তাসকলৰ ওপৰত অত্যাচাৰ চলাইছিল আৰু তেওঁলোকৰ কিছুমানক হত্যাও কৰিছিল। (২ বংশাৱলি ২৪:২০, ২১; পাঁচনিৰ কৰ্ম্ম ৭:৫১, ৫২) তথাপিও যিহোৱাই তেওঁলোকৰ প্ৰতি একেৰাহে চিৰসহিষ্ণুতাৰ গুণ প্ৰকাশ কৰিবলৈ ত্যাগ দিয়া নাছিল।—২ বংশাৱলি ৩৬:১৫.

যিহোৱাৰ চিৰসহিষ্ণুতাৰ অন্ত পৰা নাছিল

১০. যিহোৱাৰ চিৰসহিষ্ণুতাৰ কেতিয়া অন্ত হৈছিল?

১০ ইতিহাসে দেখুৱাইছে যে যিহোৱাৰ চিৰসহিষ্ণুতা হোৱাৰ এটা সীমা আছে। সেয়েহে সা.যু.পূ. ৭৪০ চনত যিহোৱাই ইস্ৰায়েলৰ দহ-জাতিৰ ৰাজ্যৰ বাসিন্দাসকলক বন্দী হʼবলৈ অচূৰীয়াসকলৰ হাতত গতাইছিল। (২ ৰাজাৱলি ১৭:৫, ৬) শতাব্দীৰ শেষৰ ভাগত ইস্ৰায়েলৰ দুই-জাতিৰ ৰাজ্য যিহূদা আৰু তাৰ সৈতে যিৰূচালেম মন্দিৰক ধ্বংস কৰিবলৈ বাবিলীয়াবিলাকক অনুমতি দিছিল।

১১. যিহোৱাই ইস্ৰায়েলসকলক ন্যায় কৰাৰ স্বত্ত্বেও, তেওঁ তেওঁলোকৰ প্ৰতি কেনেকৈ চিৰসহিষ্ণুতা গুণ প্ৰদৰ্শিত কৰিছিল?

১১ যদিও যিহোৱাই ইস্ৰায়েল আৰু যিহূদাৰ ওপৰত নিজৰ ন্যায় বিচাৰ কৰিছিল, তথাপিও যিহোৱাই চিৰসহিষ্ণুতা হʼবলৈ ত্যাগ দিয়া নাছিল। তেওঁ যিৰিমিয়া ভৱিষ্যতবক্তাৰ যোগেদি নিজৰ বাছি লোৱা লোকসকলক পুনৰ সংস্থাপন কৰাৰ বিষয়ে ভৱিষ্যতবাণী কৰিছিল। যিহোৱাই এইদৰে কৈছিল: “বাবিলত থকা সত্তৰ বছৰ পূৰ হলে, মই তোমালোকৰ বিচাৰ লম, আৰু এই ঠাইলৈ তোমালোকক ওলোটাই আনি তোমালোকলৈ মোৰ মঙ্গলবাক্য সিদ্ধ কৰিম। . . . মই তোমালোকক মোক পাবলৈ দিম, মই তোমালোকৰ বন্দী-অৱস্থা পৰিবৰ্ত্তন কৰিম, আৰু মই তোমালোকক খেদাই দিয়া সকলো জাতিৰ আৰু ঠাইৰ পৰা তোমালোকক গোটাম।”—যিৰিমিয়া ২৯:১০, ১৪.

১২. যিহূদীসকলৰ অৱশিষ্টসকলে যিহূদাত উভটি অহাৰ দ্বাৰা মচীহ আগমণৰ সন্দৰ্ভত কেনেকৈ দূৰদৃষ্টিসম্পন্ন প্ৰমাণিত হʼল?

১২ নিসন্দেহ, বন্দী কৰি লৈ যোৱা ইস্ৰায়েলসকলৰ পৰা এক অৱশিষ্টসমূহে যিহোৱাক উপাসনা আৰু যিৰূচালেম মন্দিৰক পুনৰ নিৰ্মাণ কৰিবলৈ যিহূদালৈ ঘূৰি আহিছিল। এই অৱশিষ্ট লোকসকল “যিহোৱাৰ পৰা অহা নিয়ৰ যেন” আছিল যিয়ে তেওঁৰ উদ্দেশ্যক সম্মূৰ্ণৰূপে সতেজ আৰু উন্নত কৰিছিল। তদুপৰি, তেওঁলোক “কাঠনিৰ পশুবোৰৰ মাজত থকা এনে সিংহ” দৰে সাহসী আৰু শক্তিশালী হʼবলৈ আছিল। (মীখা ৫:৭, ৮) এই শেহতীয়া বাক্যশাৰী যিহূদী অন্তৰ্গত থকা মেকাবীয়ানৰ সময়ছোৱাত পূৰ্ণ হৈছিল। মেকাবীছ্‌সকলে নিজৰ শত্ৰুসকলক প্ৰতিজ্ঞাত দেশৰ পৰা বহিষ্কাৰ আৰু মন্দিৰক শুদ্ধ কৰি পুনৰ সমৰ্পিত কৰিছিল। এইদৰে মন্দিৰৰ পুনৰস্থাপনা কৰা হৈছিল যাতে আন অৱশিষ্ট জনক আদৰণী জনাব পাৰে। সেই অৱশিষ্টজন আছিল ঈশ্বৰৰ একমাত্ৰ পুত্ৰ, যিজনে মচীহৰূপে প্ৰতীয়মান হৈছিল।—দানিয়েল ৯:২৫; লূক ১:১৩-১৭, ৬৭-৭৯; ৩:১৫, ২১, ২২.

১৩. যিহূদীবিলাকে তেওঁৰ পুত্ৰক হত্যা কৰাৰ কিমান সময়লৈকে তেওঁলোকৰ প্ৰতি যিহোৱাই চিৰসহিষ্ণুতা গুণ প্ৰকাশ কৰিছিল?

১৩ যিহূদীসকলে তেওঁৰ পুত্ৰক হত্যা কৰাৰ স্বত্ত্বেও যিহোৱাই চাৰে তিনি বছৰতকৈ অধিক সময় ধৰি তেওঁবিলাকৰ প্ৰতি চিৰসহিষ্ণুতা হৈছিল, যাতে তেওঁলোকে অব্ৰাহামৰ আধ্যাত্মিক বংশৰ ভাগী হোৱাৰ সুযোগ পায়। (দানিয়েল ৯:২৭) * সেইবাবে, সা.যু. ৩৬ চনৰ পূৰ্বেই আৰু পাছত কিছুমান যিহূদী ব্যক্তিয়ে এই আমন্ত্ৰণ স্বীকাৰ কৰে। পাঁচনি পৌলে পাছলৈ এইদৰে কৈছিল যে, “অনুগ্ৰহেৰে মনোনীত কৰা অৱশিষ্ট লোক আছে।”—ৰোমীয়া ১১:৫.

১৪. (ক) সা.যু. ৩৬ চনত কোনসকলক অব্ৰাহামৰ আধ্যাত্মিক বংশৰ ভাগী হʼবলৈ আমন্ত্ৰণ কৰা হʼল? (খ) যিহোৱাই যি প্ৰকাৰে লোকসকলক আধ্যাত্মিক ইস্ৰায়েলৰ সদস্য হʼবলৈ বাছি ললে, তাৰ বিষয়ে পাঁচনি পৌলে কেনেকৈ নিজৰ অনুভূতি প্ৰকাশ কৰিলে?

১৪ সা.যু. ৩৬ চনত প্ৰথমবাৰৰ বাবে অব্ৰাহামৰ আধ্যাত্মিক বংশৰ সহভাগী হʼবলৈ যিহূদী আৰু ধৰ্মান্তৰিত নোহোৱা ব্যক্তিসকলক আমন্ত্ৰণ কৰাৰ সুযোগ মুকলি কৰা হʼল। যিসকলে সেই আমন্ত্ৰণ স্বীকাৰ কৰিলে, তেওঁলোকে যিহোৱাৰ মহান প্ৰেম আৰু চিৰসহিষ্ণুতাৰ পৰা লাভৱান হʼল। (গালাতীয়া ৩:২৬-২৯; ইফিচীয়া ২:৪-৭) যিহোৱাই নিজৰ উদ্দেশ্যক পূৰ্ণ কৰাৰ বাবে প্ৰেম আৰু বুদ্ধিৰে কাৰ্য্য কৰি চিৰসহিষ্ণুতা হৈ এনে এক লোকসমূহক একত্ৰিত কৰিলে যাক সম্পূৰ্ণৰূপে আধ্যাত্মিক ইস্ৰায়েল বুলি কোৱা হয়। যিহোৱাৰ এনে কাৰ্য্যৰ প্ৰতি গভীৰ মূল্যাঙ্কণ প্ৰকাশ কৰি পাঁচনি পৌলে এইদৰে কৈছিল: “ঈশ্বৰৰ জ্ঞান আৰু বুদ্ধিৰূপ ধন কেনে দ! তেওঁ বিচাৰবোৰ বোধৰ কেনে অগম্য! আৰু তেওঁৰ পথ অনুসন্ধান কৰা কেনে অসাধ্য!”—ৰোমীয়া ১১:২৫, ২৬, ৩৩.

তেওঁৰ নামৰ উদ্দেশ্যে চিৰসহিষ্ণুতা হোৱা

১৫. ঈশ্বৰে চিৰসহিষ্ণুতা হোৱাৰ প্ৰাথমিক কাৰণটো কি আৰু কেনে বিষয়ৰ সমাধান হোৱাৰ আৱশ্যক আছিল?

১৫ যিহোৱাই কিয় চিৰসহিষ্ণুতাৰ গুণ প্ৰকাশ কৰিলে? ইয়াৰ প্ৰাথমিক কাৰণ হৈছে, তেওঁৰ পবিত্ৰ নামক মহিমা আৰু তেওঁৰ সাৰ্ব্বভৌমত্বক প্ৰতিষ্ঠা কৰা। (১ চমূৱেল ১২:২০-২২) কিয়নো যিহোৱাই ব্যৱহাৰ কৰা সাৰ্ব্বভৌমত্বৰ নৈতিক বিষয়ৰ ওপৰত চয়তানে যি অপযশ লগাইছিল, তাক সকলো সৃষ্টিৰ সম্মুখত উপযুক্তভাৱে সমাধান কৰাৰ বাবে সময়ৰ আৱশ্যক আছিল। (ইয়োব ১:৯-১১; ৪২:২, ৫, ৬) সেয়েহে যেতিয়া লোকসকলক মিচৰত উৎপীড়ন কৰা হৈছিল, তেতিয়া যিহোৱাই মিচৰৰ ৰজা ফৰৌণক এইদৰে কৈছিল: “তোমাক যেন মোৰ শক্তি দেখুৱাম, আৰু গোটেই পৃথিবীত মোৰ নামো যেন খ্যাতিমন্ত হব, এই নিমিত্তেহে পতিত নোহোৱাকৈ মই তোমাক ৰাখিলোঁ।”—যাত্ৰাপুস্তক ৯:১৬.

১৬. (ক) যিহোৱাই চিৰসহিষ্ণুতা হোৱাৰ বাবে তেওঁৰ নামৰ নিমিত্তে লোকসকলক সাজু কৰাত কেনেকৈ সফলতা লাভ কৰিলে? (খ) যিহোৱাৰ নামক কেনেকৈ পবিত্ৰকৰণ আৰু তেওঁৰ সাৰ্ব্বভৌমত্ব প্ৰতিষ্ঠা কৰা হʼব?

১৬ যিহোৱাই ফৰৌণক কোৱা কথাশাৰীক উদ্ধৃত কৰি পাঁচনি পৌলে ঈশ্বৰৰ পবিত্ৰ নামক মহিমাম্বিত কৰিবলৈ তেওঁ চিৰসহিষ্ণুতা গুণে আদায় কৰা ভূমিকাৰ বিষয়ে বৰ্ণনা কৰিছিল। তেওঁ এইদৰে লিখিছিল: “ঈশ্বৰে, নিজ ক্ৰোধ দেখুৱাবৰ, আৰু পৰাক্ৰম জনাব ইচ্ছাৰে, যদি বিনাশৰ কাৰণে যুগুত হোৱা ক্ৰোধৰ পাত্ৰবিলাকক অধিক চিৰসষ্ণুহিতাৰে সহন কৰিলে, আৰু যিবিলাকক প্ৰতাপৰ কাৰণে তেওঁ আগেয়ে প্ৰস্তুত কৰিলে, সেই অনুগ্ৰহ পাত্ৰবিলাকত নিজ প্ৰতাপৰূপ ধন জনাবৰ অভিপ্ৰায়ো সাধন কৰিলে, তেন্তে কি? তেওঁআমাক তেনেকুৱা দয়াৰ পাত্ৰ বুলি, কেৱল যিহূদীবিলাকৰ মাজৰ পৰা নহয়, কিন্তু পৰজাতিবিলাকৰ মাজৰ পৰাও আমন্ত্ৰণ কৰিলে। সেইদৰে তেওঁ হোচেয়াৰ পুস্তকতো কৈছে, যি লোক মোৰ নহয়, তাক মোৰ লোক বুলি, . . . মাতিম।” (ৰোমীয়া ৯:১৭, ২২-২৫) কিয়নো যিহোৱা হৈছে চিৰসহিষ্ণুতা ৰখা ঈশ্বৰ, গতিকে তেওঁ পৰজাতি লোকৰ মাজৰ পৰা “নিজ নামৰ নিমিত্তে” এক সমাজ গ্ৰহণ কৰিবলৈ সামৰ্থ ৰাখে। (পাঁচনিৰ কৰ্ম্ম ১৫:১৪) সেই লোকসকলে মুৰৰূপী যীচু খ্ৰীষ্টৰ অধীনত “পবিত্ৰ লোকবিলাকে” সেই ৰাজ্যৰ উত্তৰাধিকাৰী হʼব, যাৰ যোগেদি যিহোৱাই তেওঁৰ মহান নামক পবিত্ৰকৰণ আৰু তেওঁৰ সাৰ্ব্বভৌমত্ব প্ৰতিষ্ঠা কৰিব।—দানিয়েল ২:৪৪; ৭:১৩, ১৪, ২৭; প্ৰকাশিত বাক্য ৪:৯-১১; ৫:৯, ১০.

যিহোৱাই চিৰসহিষ্ণুতা হোৱাৰ বাবে উদ্ধাৰৰ পথ মুকলি হʼল

১৭, ১৮. (ক) আমাৰ কেনে কাৰ্য্যৰ দ্বাৰা আমি যিহোৱাৰ চিৰসহিষ্ণুতাক নিন্দা কৰিব পাৰোঁ? (খ) যিহোৱাৰ চিৰসহিষ্ণুতাক কেনে দৃষ্টিভঙ্গীৰে চাবলৈ আমাক উৎসাহিত কৰা হৈছে?

১৭ মানুহে পাপত পৰা সময়ৰ পৰা লৈ এতিয়ালৈকে যিহোৱাই চিৰসহিষ্ণুতাৰ গুণ প্ৰকাশ কৰি আহিছে। নোহৰ জল-প্ৰলয়ৰ পূৰ্বেই তেওঁ ধৰা ধৈৰ্য্যৰ অৰ্থ আছিল সকলোকে সতৰ্কবাণী দিয়া আৰু উদ্ধাৰৰ বাবে জাহাজ নিৰ্ম্মাণ কৰা। যেতিয়া তেওঁৰ ধৈৰ্য্য এক চৰমসীমাত উপনীত হʼল তেতিয়া তেওঁ গোটেই পৃথিৱীখনত জল-প্ৰলয় আনিলে। বৰ্তমান সময়টো যিহোৱাই সেই একেইদৰে চিৰসহিষ্ণুতা আৰু ধৈৰ্য্যশীল হৈছে, যাতে কিছুমানে সঠিক পদক্ষেপ লʼব পাৰে। সেইবাবে আমি নিৰাশ হোৱাৰ কোনো কাৰণ নাই। কিয়নো তেনে হোৱাৰ অৰ্থ চিৰসহিষ্ণুতা ঈশ্বৰক নিন্দা কৰাৰ সমান হʼব। সেইবাবে পৌলে এইদৰে কৈছিল: “ঈশ্বৰৰ অনুগ্ৰহে মন পালটাবলৈ তোমাক যে উদগাইছে, তাক নাজানি, তুমি তেওঁৰ অনুগ্ৰহ, ধৈৰ্য্য, চিৰসহিষ্ণুতাৰূপ ধন হেয়জ্ঞান কৰিছে নে?”—ৰোমীয়া ২:৪.

১৮ আমাৰ কোনেও সম্পূৰ্ণভাৱে নাজানে যে আমি উদ্ধাৰৰ বাবে ঈশ্বৰৰ অনুমোদন লাভ কৰিবলৈ আমাৰ সকলোকে ঈশ্বৰৰ দৰে ধৈৰ্য্যশীল হোৱা আৱশ্যক। এই সংক্ৰান্তত পৌলে এইদৰে পৰামৰ্শ দিছিল যে “অধিককৈ ভয় আৰু কম্পনেৰে নিজ নিজ পৰিত্ৰাণ সম্পন্ন কৰা।” (ফিলিপীয়া ২:১২) সেই একেইদৰে পিতৰেও সঙ্গী খ্ৰীষ্টানসকলৰ উদ্দেশ্যে এইদৰে লিখিছিল: ‘যিহোৱাই নিজ প্ৰতিজ্ঞাৰ কথাত তেনে পলম নকৰে; কোনো যেন বিনষ্ট নহয়, কিন্তু সকলো যেন মন-পালটনত প্ৰবৃত্ত হয়, তেওঁ এনে ইচ্ছা কৰি, তোমালোকলৈ দীৰ্ঘ-সহিষ্ণু হয়।’—২ পিতৰ ৩:৯.

১৯. আমি কি প্ৰকাৰে যিহোৱাৰ চিৰসহিষ্ণুতা গুণৰ পৰা লাভৱান হʼব পাৰোঁ?

১৯ এতেকে যিহোৱাই যি প্ৰকাৰে বিষয়বোৰক সমাধান কৰিছে, তাত যেন আমি অধৈৰ্য্যশীল নহওঁ। ইয়াৰ বিপৰীতে আমাৰ সকলোকে পিতৰে কোৱা পৰামৰ্শ অনুসাৰে চলা আৰু “আমাৰ প্ৰভুৰ দীৰ্ঘ-সহিষ্ণুতাক পৰিত্ৰাণ বুলি জ্ঞান কৰা” আৱশ্যক। এই পৰিত্ৰাণ কাৰ বাবে? এই পৰিত্ৰাণ হৈছে আমাৰ আৰু ইয়াৰ বিষয়ে যিসকলে শুনিবলৈ আগ্ৰহী তেওঁলোকক “ৰাজ্যৰ এই শুভবাৰ্ত্তা” প্ৰচাৰ কৰা আৱশ্যক। (২ পিতৰ ৩:১৫; মথি ২৪:১৪) এই কাৰ্য্যই আমাক যিহোৱাই উদাৰভাৱে দেখুৱা চিৰসহিষ্ণুতা গুণক প্ৰশংসা আৰু আনৰ সৈতে আচৰণ কৰোঁতে চিৰসহিষ্ণুতা হোৱাত সহায় কৰিব। (w01 11/01)

[ফুটনোটবোৰ]

^ “নাক” বা “নাকৰ পাহিক” (আফ্‌) হিব্ৰু ভাষাত প্ৰায়ে সঙ্কেতিক অৰ্থত ক্ৰোধ কৰাক বুজায়। এইটো এইবাবে, কিয়নো এজন ব্যক্তিয়ে ক্ৰোধীত হোৱাৰ সময়ত তেওঁ উগ্ৰভাৱে উশাহ-নিশাহ বা নাকেৰে সজোৰে শব্দ কৰে।

^ এই ভৱিষ্যতবাণীৰ বিষয়ে অধিক জানিবলৈ, অনুগ্ৰহ কৰি যিহোৱাৰ সাক্ষীসকলে প্ৰকাশ কৰা দানিয়েলৰ ভৱিষ্যতবাণী প্ৰতি মনোযোগ দিয়ক! নামৰ কিতাপখনৰ ১৯১-৪ পৃষ্ঠা চাওঁক।

আপুনি বৰ্ণনা কৰিব পাৰিবনে?

• বাইবেলত উল্লেখ কৰা ‘চিৰসহিষ্ণুতাৰ’ অৰ্থ কি?

• যিহোৱাই জল-প্ৰলয়ৰ পূৰ্বেই, বাবিলে বন্দী কৰি নিয়াৰ পাছত আৰু সা.যু. প্ৰথম শতাব্দীত কেনেকৈ চিৰসহিষ্ণুতাৰ গুণ প্ৰকাশ কৰিছিল?

• কেনে মুখ্য কাৰণসমূহৰ বাবে যিহোৱাই চিৰসহিষ্ণুতাৰ গুণ প্ৰকাশ কৰিছে?

• আপুনি যিহোৱাৰ চিৰসহিষ্ণুতা গুণৰ প্ৰতি কেনে দৃষ্টি ৰাখে?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[৯ পৃষ্ঠাৰ ছবি]

যিহোৱাই জল-প্লাৱনৰ পূৰ্বেই চিৰসহিষ্ণুতা গুণ প্ৰকাশ কৰি, লোকসকলক মন পৰিৱৰ্তন কৰিবলৈ যথেষ্ট সুযোগ দিলে

[১০ পৃষ্ঠাৰ ছবি]

বাবিলৰ পতন হোৱাৰ পাছত যিহূদীসকলে যিহোৱাৰ চিৰসহিষ্ণুতা গুণৰ পৰা লাভৱান হৈছিল

[১১ পৃষ্ঠাৰ ছবি]

প্ৰথম শতব্দীৰ যিহূদী আৰু অযিহূদী ব্যক্তি, এই উভয়ে যিহোৱাৰ চিৰসহিষ্ণুতা গুণৰ পৰা লাভৱান হৈছিল

[১২ পৃষ্ঠাৰ ছবি]

বৰ্তমান সময়ৰ সত্য খ্ৰীষ্টানসকলে যিহোৱাৰ চিৰসহিষ্ণুতা গুণক সঠিক ৰূপে কাৰ্য্যত লগাইছে