Skip to content

Skip to table of contents

পাঠকসকলৰ প্ৰশ্ন

পাঠকসকলৰ প্ৰশ্ন

পাঠকসকলৰ প্ৰশ্ন

 এগৰাকী খ্ৰীষ্টান পত্নীৰ সত্যত নথকা স্বামীয়ে যদি মিছা ধৰ্ম্মীয় উৎসৱ পালন কৰে, তেনেহʼলে তাই তেওঁৰ অধীন হৈ যিহোৱাৰ সৈতে কেনেকৈ নিষ্ঠা বজাই ৰাখিব পাৰে?

যিহোৱাৰ প্ৰতি নিষ্ঠা বজাই ৰাখিবলৈ ভনী গৰাকীক বুদ্ধিমান আৰু বিবেচনাশীল হোৱা আৱশ্যক। এতেকে সঠিকভাৱে কাৰ্য্য কৰিবলৈ, ভনী গৰাকীয়ে দুইধৰণৰ কৰ্তব্যৰ প্ৰতি ভাৰসাম্য বজাই ৰখা আৱশ্যক। সেই একেই ধৰণৰ পৰিস্থিতিৰ সম্পৰ্কে যীচুৱে পৰামৰ্শ দি এইদৰে কৈছিল: “যি কৈচৰৰ, তাক কৈচৰক দিয়া; আৰু যি ঈশ্বৰৰ, তাক ঈশ্বৰক দিয়া।” (মথি ২২:২১) প্ৰকৃততে, তেওঁ অধিকাৰীসকলৰ সম্বন্ধে থকা কৰ্তব্যক পালন কৰাৰ বিষয়ে উল্লেখ কৰিছিল, যাক পাছলৈ খ্ৰীষ্টানসকলক পালন কৰিবলৈ আজ্ঞা দিছিল। (ৰোমীয়া ১৩:১) এই পৰামৰ্শ একেইদৰে সেই খ্ৰীষ্টান পত্নীৰ ওপৰতো প্ৰযোজ্য হয়। ভনী গৰাকীও শাস্ত্ৰীয় বাক্যৰ অনুসাৰে তাইৰ সত্যত নথকা স্বামীৰ অধীন হৈ ঈশ্বৰৰ প্ৰতি থকা কৰ্তব্যক পালন কৰা আৱশ্যক।

বাইবেলৰ জ্ঞান থকা এজন ব্যক্তিয়ে, সকলো সময়তে সৰ্ব্বশক্তিমানজনৰ প্ৰতি নিষ্ঠা বজাই ৰখাৰ কৰ্তব্যক কেতিয়াও অস্বীকাৰ কৰিব নোৱাৰে। (পাঁচনিৰ কৰ্ম্ম ৫:২৯) তথাপিও বেছিভাগ ক্ষেত্ৰত এজন সত্য উপাসকে ঈশ্বৰৰ নিয়ম ভঙ্গ নকৰাকৈ সত্যত নথকা অধিকাৰীৰ অনুৰোধ বা দাবীক স্বীকাৰ কৰিব পাৰে।

দানিয়েল ৩ অধ্যয়ত আমি তিনিজন হিব্ৰু ব্যক্তিয়ে ৰখা এক উপদেশমূলক আৰ্হিৰ বিষয়ে শিকিব পাৰোঁ। এবাৰ ৰজা নবুখেদ্‌নেচৰে তেওঁলোকক আন লোকবিলাকৰ সৈতে দূৰা নামেৰে সমথলত উপস্থিত থাকিবলৈ আদেশ দি এক আজ্ঞা জাৰি কৰিলে। সেই স্থলত মিছা দেৱতাক প্ৰণিপাত কৰা হʼব বুলি জানিব পৰাৰ বাবে তেওঁলোকে তাত উপস্থিত নহʼবলৈ কোনো বিকল্প ব্যৱস্থা গ্ৰহণ কৰিব পাৰিলেহেঁতেঁন। সম্ভৱতঃ, যদিও দানিয়েলে মিছা ভাও ধৰি তাত উপস্থিত হোৱাৰ পৰা বিৰত থাকিব পাৰিলেহেঁতেন, কিন্তু আন তিনিজনে হলে তেনে কৰিব নোৱাৰিলেহেঁতেঁন। * সেয়েহে তেওঁলোক যদিও তাত উপস্থিত হৈছিল, কিন্তু তেওঁলোকে কোনো ধৰণৰ মিছা উপাসনাত ভাগ নললে।—দানিয়েল ৩:১-১৮.

তেনেদৰে মিছা ধৰ্ম্মৰ উৎসৱৰ সময়ত সত্যত নথকা স্বামীয়ে তেওঁৰ খ্ৰীষ্টান পত্নীক কোনো কাৰ্য্য কৰিবলৈ অনুৰোধ বা দাবী কৰিব পাৰে। সেই ভনী গৰাকীও সেই হিব্ৰু যুৱকসকলৰ দৰে তেনে কাৰ্য্যসমূহত ভাগ লোৱাৰ পৰা বিৰত থকা আৱশ্যক। উদাহৰণস্বৰূপে, সত্যত নথকা এজন স্বামীয়ে উৎসৱ পালন কৰাৰ অৰ্থে তেওঁৰ খ্ৰীষ্টান পত্নীক কোনো বিশেষ প্ৰকাৰৰ আহাৰ তৈয়াৰ কৰিবলৈ আগ্ৰহ কৰে, যাতে তেওঁ আৰু আনসকলে সেই উৎসৱ উপভোগ কৰিব পাৰে। অথবা তেওঁ সেই দিনা নিজ পৰিয়ালৰ [নিজৰ পত্নীৰ] সৈতে তেওঁৰ কোনো সম্বন্ধীয় লোকৰ ঘৰলৈ আহাৰৰ বাবে বা কোনো সমাজিক ৰীতি-নিয়মৰ অনুসাৰে সাক্ষাৎ কৰিবলৈ যাব বিচাৰে। নতুবা পত্নীয়ে বজাৰলৈ যোৱা সময়ত উৎসৱ পালন কৰিবলৈ বিশেষ কোনো খাদ্য-সামগ্ৰী, উপহাৰ, উপহাৰত মেৰাবৰ বাবে কোনো ৰং-বিৰঙৰ কাগজ আৰু শুভেচ্ছা পত্ৰ আনিবলৈ অনুৰোধ কৰিব পাৰে।

এই ক্ষেত্ৰটো এগৰাকী খ্ৰীষ্টান পত্নীয়ে মিছা উপাসনাত ভাগ নলবলৈ দৃঢ় নিৰ্ণয় লোৱা উচিত, কিন্তু তেওঁৰ স্বামীয়ে কৰা অনুৰোধৰ প্ৰতি তাই কেনে দৃষ্টি দিব? পত্নীয়ে মনত ৰখা উচিত যে স্বামী হৈছে পৰিয়ালৰ মূৰস্বৰূপ আৰু ঈশ্বৰৰ বাক্যয়েও এইদৰে কৈছে: “হে ভাৰ্য্যাবিলাক, প্ৰভুত যেন উচিত, তেনেকৈ তোমালোক নিজ নিজ স্বামীৰ বশীভূত হোৱা।” (কলচীয়া ৩:১৮) এই ক্ষেত্ৰত ভনীগৰাকীয়ে ঈশ্বৰৰ প্ৰতি নিষ্ঠা বজাই ৰাখি স্বামীৰ অধীন হʼবনে? তাই নিশ্চয়ে তাইৰ স্বামীৰ আজ্ঞা পালন কৰা আৰু তাতকৈ গুৰুত্বপূৰ্ণ যি যিহোৱাৰ আজ্ঞা পালন কৰাৰ মাজত ভাৰসাম্য বজাই ৰখিবলৈ নিৰ্ণয় লোৱা উচিত।

আন সময়ত স্বামীয়ে হয়তো বছৰৰ কোনো এটা সময়ত তেওঁৰ খ্ৰীষ্টান পত্নীক বিশেষ কোনো পছন্দৰ আহাৰ ৰান্ধিবৰ বাবে কব পাৰে বা তেনে বিশেষ সময়ত হয়তো তেনে প্ৰকাৰৰ ভোজন কৰাটো স্বামীজনৰ অভ্যাস হʼব পাৰে। তেনে অৱস্থাত এগৰাকী খ্ৰীষ্টান পত্নীয়ে তাইৰ স্বামীক পৰিয়ালৰ মূৰস্বৰূপ জ্ঞান কৰি তেওঁৰ প্ৰতি প্ৰেম দেখুৱাবলৈ আগ্ৰহী হোৱা উচিত। যদি স্বামীজনে পত্নীক কোনো উৎসৱৰ সময়ত তেনে কৰিবলৈ কয়, তেনেহʼলে খ্ৰীষ্টান পত্নী গৰাকীয়ে তেওঁৰ অনুৰোধ পালন কৰিবনে? কিছুমান খ্ৰীষ্টান পত্নীয়ে শুদ্ধ বিবেক ৰাখি তেনে অনুৰোধবোৰত সাধাৰণতে তৈয়াৰ কৰা দৈনন্দিন আহাৰ হিচাপে জ্ঞান কৰি তাক পালন কৰিবলৈ সক্ষম হৈছে। বাস্তৱতে কোনো বিশ্বাসী খ্ৰীষ্টান পত্নীয়ে তাইৰ স্বামীয়ে যদিও কোনো মিছা ধৰ্ম্মৰ উৎসৱত ভাগ লʼবলৈ দাবী কৰে তাক পালন কৰিবলৈ কেতিয়াও নিবিচাৰিব। স্বামীয়ে হয়তো নিজৰ পত্নীৰ সৈতে প্ৰত্যেক মাহ বা বছৰৰ কোনো নিৰ্দ্দিষ্ট সময়ত নিজৰ সম্বন্ধীয়া লোকক দেখা কৰিবলৈ তেওঁলোকৰ ঘৰলৈ যাবলৈ ইচ্ছা কৰিব পাৰে। যদি সেই সময়ছোৱা কোনো উৎসৱৰ দিন হয়, তেনেহʼলে তাই কি কৰিব? বা তেওঁ কিহৰ বাবে সেই সামগ্ৰীবোৰ কিনিবলৈ অনুৰোধ কৰিছে তাক বিবেচনা নকৰাকৈ তাই সাধাৰণতে কিনা বস্তুবোৰৰ দৰে সেই বস্তুবোৰক দৃষ্টি কৰিবনে?

এগৰাকী খ্ৰীষ্টান পত্নীয়ে তাইৰ আচৰণৰ দ্বাৰা আনে কেনে প্ৰভাৱিত হৈছে তাৰ বিষয়ে নিশ্চয়ে বিবেচনা কৰা উচিত। (ফিলিপীয়া ২:৪) তদুপৰি, খ্ৰীষ্টান ভনীগৰাকীয়ে তিনিজন হিব্ৰু যুৱকে লোৱাৰ দৰে পদক্ষেপ লৈ আনৰ মনত তাই মিছা ধৰ্ম্মৰ উৎসৱত ভাগ লোৱা বুলি কোনো প্ৰকাৰৰ ধাৰণা জগাই তুলাৰ পৰা বিৰত থাকিব। স্বামীয়ে হয়তো নিজে পালন কৰা নিৰ্দ্দিষ্ট কিছুমান উৎসৱত পত্নীক অন্তৰ্ভুক্ত কৰিব বিচাৰিব, যি গৰাকীয়ে তেওঁক প্ৰেম আৰু সন্মান কৰে। গতিকে, এনে অৱস্থাত এগৰাকী খ্ৰীষ্টান পত্নীয়ে বিবেচনাশীল হৈ নিজৰ অনুভূতি প্ৰকাশ কৰি উৎসৱত ভাগ লʼবলৈ দাবী নকৰিবলৈ স্বামীক যুক্তি দৰ্শাই বুজাবলৈ চেষ্টা কৰা আৱশ্যক। যদি তাই মিছা ধৰ্ম্মৰ কাৰ্য্যত ভাগ লʼবলৈ অস্বীকাৰ কৰে, তেনেহʼলে পাছলৈ তেওঁ তেনে অস্বস্তিকৰ পৰিস্থিতিত ভাগ নোলোৱাৰ সিদ্ধান্তসমূহক বুজিব পাৰিব। প্ৰকৃততে, শান্তিপ্ৰিয় হৈ আলোচনা কৰাৰ দ্বাৰা ভৱিষ্যতে হবলগা সমস্যাৰ সমাধান কৰিব পৰা যায়। (হিতোপদেশ ২২:৩)

অৱশেষত, বিশ্বাসী খ্ৰীষ্টান ব্যক্তিসকলে সকলো বিষয়ক ভালদৰে বিবেচনা কৰি চোৱাৰ পাছতহে কি কৰা উচিত আৰু কি কৰা উচিত নহয় তাৰ নিৰ্ণয় লোৱা আৱশ্যক। সেই তিনিজন হিব্ৰু যুৱকে কৰাৰ দৰে ঈশ্বৰৰ প্ৰতি থকা আজ্ঞাকাৰীতাক প্ৰথম স্থান দিয়া আৱশ্যক। (১ কৰিন্থীয়া ১০:৩১) এই কথা মনত ৰখাৰ দ্বাৰা প্ৰত্যেক খ্ৰীষ্টান ব্যক্তিয়ে তেওঁলোকে ভাগ লʼব নোৱাৰা বিষয়বোৰৰ প্ৰতি নিৰ্ণয় লৈ পৰিয়াল বা সমাজৰ অধিকাৰীজনক বিনম্ৰে বুজাই দিয়া আৱশ্যক। (w01 12/15)

[ফুটনোট]

^ আগষ্ট ১, ২০০১ চনৰ প্ৰহৰীবুৰুজ (ইংৰাজী) আলোচনীখনত উল্লেখ কৰা “পাঠকসকলৰ প্ৰশ্ন” নামৰ প্ৰবন্ধটো চাওঁক।