যিহোৱাক ভয় কৰাৰ হৃদয় বিকাশিত কৰক
যিহোৱাক ভয় কৰাৰ হৃদয় বিকাশিত কৰক
“মোক ভয় কৰিবলৈ আৰু মোৰ আজ্ঞা পালন কৰিবলৈ, তেওঁবিলাকৰ তেনে মন সদায় থকা হলে কেনে ভাল আছিল।”—দ্বিতীয় বিবৰণ ৫:২৯.
১. আমি কেনেকৈ নিশ্চিত হʼব পাৰোঁ যে এদিন লোকসকলে সকলো প্ৰকাৰৰ ভয়ৰ পৰা স্বাধীনতা লাভ কৰিব?
শতাব্দী ধৰি ভয়ে মানুহক আতঙ্কিত কৰি আহিছে। উদাহৰণস্বৰূপে, ভোক, বেমাৰ, হিংসা বা যুদ্ধৰ প্ৰতি থকা ভয়ে বহুতো লোকৰ বাবে একেৰাহে দুচিন্তাৰ বিষয় হৈ পৰিছে। সেইকাৰণে, ইউনিভাৰচেল ডিক্লাৰেশ্বন অৱ হিউমেন ৰাইট্চত এনে এখন পৃথিৱীৰ বিষয়ে প্ৰস্তাৱনা দাঙি ধৰি কৈছিল, যʼত মানুহে ভয়ৰ পৰা স্বাধীন লাভ কৰিব। * আনন্দৰ বিষয় হৈছে, ঈশ্বৰে স্বয়ং আশ্বাস দিছে যে তেওঁ তেনে পৃথিৱী স্থাপন কৰিব। কিন্তু কোনো মানুহৰ প্ৰচেষ্টাৰে নহয়। সেইবাবে যিহোৱাই ভৱিষ্যতবক্তা মিখাৰ দ্বাৰা প্ৰতিজ্ঞা কৰিছিল যে তেওঁৰ সেই ধাৰ্ম্মিকতাৰে পূৰ্ণ হোৱা নতুন পৃথিৱীত ‘কোনেও তেওঁৰ লোকসকলক ভয়াভিত নকৰিব।’—মীখা ৪:৪.
২. (ক) শাস্ত্ৰই, ঈশ্বৰৰ প্ৰতি ভয় বৃদ্ধি কৰিবলৈ কেনেকৈ আমাক উৎসাহিত কৰিছে? (খ) ঈশ্বৰক ভয় কৰা সম্বন্ধে থকা আমাৰ কৰ্তব্যক বিবেচনা কৰাৰ সময়ত কেনে প্ৰশ্নসমূহৰ উদয় হয়?
২ আনহাতে, ভয় শব্দটোক এক গঠনমূলক শক্তি হিচাপেও উল্লেখ কৰিব পাৰি। বাইবেলত বাৰম্বাৰ সেৱকসকলক ঈশ্বৰৰলৈ ভয় বিকাশিত কৰিবলৈ উৎসাহিত কৰিছে। এই সন্দৰ্ভত মোচিয়ে ইস্ৰায়েল জাতিক এইদৰে কৈছিল: “তুমি নিজ ঈশ্বৰ যিহোৱাকেই ভয় কৰা, তেওঁৰেই আৰাধনা কৰা, আৰু তেওঁৰ নামেৰেই শপত কৰা।” (দ্বিতীয় বিবৰণ ৬:১৩) বহু শতাব্দীৰ পাছত ৰজা চলোমনে এইদৰে কৈছিল: “ঈশ্বৰলৈ ভয় ৰাখা, আৰু তেওঁৰ আজ্ঞাবিলাক পালন কৰা; কিয়নো এয়েই মানুহৰ সকলো কৰ্তব্য কৰ্ম্ম।” (উপদেশক ১২:১৩) যদিও আমাৰ সাক্ষী দিয়া কাৰ্য্য স্বৰ্গদূতসকলৰ নিৰ্দ্দেশনাৰ অনুসাৰে কৰা হয়, তথাপিও আমি সকলোকে “ঈশ্বৰক ভয় কৰি, তেওঁৰ গৌৰৱ স্বীকাৰ” কৰিবলৈ উৎসাহিত কৰোঁ। (প্ৰকাশিত বাক্য ১৪:৬, ৭) ইয়াৰ ওপৰিও সত্য খ্ৰীষ্টানসকলে যিহোৱা ঈশ্বৰক সকলো হৃদয়েৰে প্ৰেম কৰা উচিত। (মথি ২২:৩৭, ৩৮) আপুনি একে সময়ত কেনেকৈ ঈশ্বৰক প্ৰেম আৰু তেওঁলৈ ভয় কৰিব পাৰে? এজন প্ৰেমময় ঈশ্বৰক ভয় কৰাটো কিয় আৱশ্যক? ঈশ্বৰীয় ভয় বিকাশিত কৰাৰ দ্বাৰা আমি কেনেধৰণৰ লাভ প্ৰাপ্ত কৰিব পাৰোঁ? এই প্ৰশ্নসমূহৰ উত্তৰ পাবলৈ হʼলে, সৰ্ব্বপ্ৰথমে আমি ঈশ্বৰক কিয় ভয় কৰা উচিত আৰু এনেধৰণৰ ভয়ে যিহোৱাৰ সৈতে থকা আমাৰ সম্বন্ধক বজাই ৰখাত কেনেকৈ এক মুখ্য ভূমিকা আদায় কৰে, এই বিষয়ে বুজি পোৱা আৱশ্যক।
সম্ভ্ৰম, শ্ৰদ্ধাস্পদ আৰু ভয়
৩. ঈশ্বৰলৈ ভয় ৰখাৰ অৰ্থ কি?
৩ ঈশ্বৰলৈ ভয় ৰখাটো হৈছে এক অনুভূতি, যিটো খ্ৰীষ্টানসকলে তেওঁলোকৰ সৃষ্টিকৰ্ত্তাৰ প্ৰতি ৰখা উচিত। ভয় শব্দটোৰ এটা অৰ্থকৰণ হৈছে, “সৃষ্টিকৰ্ত্তা ঈশ্বৰক সম্ভ্ৰম, সম্ভ্ৰম ভয় কৰা আৰু তেওঁক অসন্তোষ্ট নকৰিবলৈ স্ফুৰ্তিদায়ক ভীতি ৰখা।” সেয়েহে ঈশ্বৰলৈ কৰা ভয়ৰ প্ৰভাৱে আমাৰ জীৱনত দুইধৰণৰ অৰ্থ বহন কৰে। প্ৰথমটো হৈছে: ঈশ্বৰৰ প্ৰতি আমাৰ মনোবৃত্তি আৰু তেওঁ অসন্তুষ্ট হোৱা আচৰণৰ প্ৰতি আমাৰ মনোবৃত্তি। স্পষ্টৰূপে, এই দুয়োটা অৰ্থই হৈছে গুৰুত্বপূৰ্ণ আৰু সাৱধানে বিবেচনা কৰা আৱশ্যক। ৱাইনচ্ এক্সপ্জিট্ৰি ডিক্সচেনেৰী অৱ নিউ টেষ্টামেন্ট ওৱৰ্ডচে এইদৰে নিৰ্দ্দেশ কৰিছে যে খ্ৰীষ্টানসকলৰ এই শ্ৰদ্ধাস্পদ ভয়ে ‘জীৱনৰ নৈতিক আৰু আধ্যাত্মিক এই উভয়েৰে অভিপ্ৰায়ক নিয়ন্ত্ৰণ কৰে।’
৪. আমি সৃষ্টিকৰ্তাৰ প্ৰতি কেনেকৈ সম্ভ্ৰম আৰু শ্ৰদ্ধাস্পদ ভয় বিকাশিত কৰিব পাৰোঁ?
৪ আমি কেনেকৈ সৃষ্টিকৰ্তাৰ প্ৰতি সম্ভ্ৰম আৰু শ্ৰদ্ধাস্পদ ভয় বিকাশিত কৰিব পাৰোঁ? যেতিয়া আমি থিয় হৈ কোনো মনোৰম উদ্যান, এটা সুন্দৰ জলপ্ৰপাত বা আকৰ্ষণীয় সূৰ্য্য অস্ত যোৱা দৃশ্যলৈ চাওঁ, তেতিয়া আমি বিস্মিত হওঁ। আমি নিজ চকুৰে ঈশ্বৰৰ তেনে সৃষ্টিবোৰক দেখি তাৰ বিষয়ে বিবেচনা কৰিলে আমাত থকা এই অনুভূতি অধিকৈ বৃদ্ধি পায়। তদুপৰি, আমি নিজকে যিহোৱাৰ আচৰিত সৃষ্টিৰ সৈতে তুলনা কৰি ৰজা দায়ূদৰ নিচিনাকৈ অতি ক্ষুদ্ৰ বুলি গণ্য কৰোঁ। তেওঁ এইদৰে কৈছিল: “যেতিয়া মই তোমাৰ হাতে কৰা আকাশ-মণ্ডল, তুমি নিৰূপণ কৰা চন্দ্ৰ আৰু তৰাবোৰৰ বিষয়ে চিন্তা কৰোঁ, তেতিয়া মই কওঁ, মানুহ নো কি, তুমি যে তাক সোঁৱৰণ কৰা? মানুহৰ সন্তানেই বা কি, তুমি যে তাৰ বুজ-বিচাৰ লোৱা?” (গীতমালা ৮:৩, ৪) গভীৰভাৱে আচৰতি হোৱা কাৰ্য্যই আমাক যিহোৱাৰ প্ৰতি শ্ৰদ্ধাস্পদ, তাৰ ওপৰিও তেওঁ আমালৈ যি যি কাৰ্য্য কৰিলে, সেইবোৰৰ কাৰণে ধন্যবাদ আৰু মহিমা দিয়াৰ বাবে প্ৰেৰিত কৰে। এই সন্দৰ্ভত ৰজা দায়ূদেও এইদৰে লিখিছিল: “মই তোমাৰ ধন্যবাদ কৰিম; কিয়নো মই ভয়ানক আৰু অদ্ভুতৰূপে নিৰ্ম্মিত হলোঁ; তোমাৰ কাৰ্য্যবোৰ আচৰিত, আৰু তাক মোৰ মনে ভালকৈ জানে।”—গীতমালা ১৩৯:১৪.
৫. আমি যিহোৱাৰ প্ৰতি কিয় ভয় ৰখা উচিত আৰু এই সন্দৰ্ভত আমাৰ ওচৰত কেনে উত্তম উদাহৰণ আছে?
৫ সম্ভ্ৰমৰ অনুভূতি আৰু শ্ৰদ্ধাস্পদ এই উভয়ে, সৃষ্টিকৰ্তা হিচাপে ঈশ্বৰৰ শক্তি আৰু গোটেই বিশ্বত শাসন কৰাৰ একমাত্ৰ অধিকাৰী ৰূপে তেওঁৰ প্ৰতি স্ফুৰ্তিদায়ক আৰু সন্মানজনক ভয় উৎপন্ন কৰে। পাঁচনি যোহনে দৰ্শনত এইদৰে দেখিবলৈ পাইছিল: “যিবিলাক সেই পশু, আৰু তাৰ প্ৰতিমূৰ্ত্তি আৰু তাৰ নামৰ নম্বৰৰ ওপৰত জয়যুক্ত হল, তেওঁবিলাকক ঈশ্বৰৰ বীণা লৈ সেই আৰ্চীময় সমুদ্ৰৰ পাৰত থিয় হৈ থকা দেখিলোঁ”—এওঁলোক হৈছে খ্ৰীষ্টৰ অভিষিক্ত অনুগামী, যিসকলে তেওঁলোকৰ স্বৰ্গীয় স্থানত থিয় হৈ এইদৰে গীত গান কৰিছে: “হে সৰ্ব্বশক্তিমান [যিহোৱা, NW] পৰমেশ্বৰ, তোমাৰ কৰ্ম্ম মহৎ আৰু আচৰিত; হে চিৰস্থায়ী ৰজা, তোমাৰ পথ ন্যায় আৰু সত্য। হে [যিহোৱা, NW] কোনে ভয় নকৰিব? আৰু তোমাৰ নাম মহিমান্বিত নকৰিব?” (প্ৰকাশিত বাক্য ১৫:২-৪) ঈশ্বৰলৈ থকা ভয়ে তেওঁৰ সাৰ্ব্বভৌমৰ পৰা গভীৰ শ্ৰদ্ধাস্পদ নিৰ্গত কৰে, যিয়ে খ্ৰীষ্টানৰ সহ-শাসকসকলক স্বৰ্গীয় ৰাজ্যত সৰ্বস্ব অধীকাৰ থকা ঈশ্বৰক সমাদৰ কৰিবলৈ পৰিচালিত কৰে। যেতিয়া আমি যিহোৱাই কৰা কাৰ্য্য আৰু ধাৰ্ম্মিকতাৰে বিশ্বত শাসন কৰাৰ বিষয়ে বিবেচনা কৰোঁ, তেতিয়া ইয়ে আমাৰ সম্মূখত তেওঁৰ প্ৰতি ভয় ৰখাৰ যুক্তিসমূহ দাঙি নধৰেনে?—গীতমালা ২:১১; যিৰিমিয়া ১০:৭.
৬. যিহোৱাক অসন্তুষ্ট কৰাৰ পৰা বিৰত থাকিবলৈ আমি কিয় স্ফুৰ্তিদায়ক ভয় বিকাশিত কৰা উচিত?
৬ ঈশ্বৰৰ প্ৰতি থকা ভয়ত সম্ভ্ৰম আৰু শ্ৰদ্ধাস্পদৰ ওপৰিও, তেওঁক অসন্তোষ্ট নকৰা বা তেওঁৰ আজ্ঞা লঙ্ঘন নকৰাৰ এক স্ফুৰ্তিদায়ক ভয় জড়িত আছে। কিয়? কিয়নো যিহোৱা হৈছে “দয়াৰে পৰিপূৰ্ণ আৰু ক্ৰোধত ধীৰ।” কিন্তু আমি নিশ্চয়ে এইটো মনত ৰখা আৱশ্যক যে তেওঁ হৈছে “অপৰাধৰ প্ৰতিফল দিওঁতা।” (যাত্ৰাপুস্তক ৩৪:৬, ৭) যিহেতু তেওঁ প্ৰেমময় আৰু দয়াশীল হোৱাৰ বাবে যে অধাৰ্ম্মিকতা আৰু স্বইচ্ছাৰে পাপ কৰা পাপীসকলক সহন কৰিব, এনে নহয়। (গীতমালা ৫:৪, ৫; হবক্কুক ১:১৩) যিসকলে যিহোৱাৰ সম্মুখত স্বেচ্ছাকৃতভাৱে আৰু অনুতাপ নকৰাকৈ পাপ কৰে, তেওঁলোকক যিহোৱাই দুষ্ট ব্যক্তি হিচাপে দৃষ্টি কৰে আৰু যিসকলে নিজেই সৰ্ব্বোপৰিজনাৰ অহিতে থিয় দিছে। গতিকে কোনো ৰকমে ঈশ্বৰৰ প্ৰকোপৰ পৰা হাত সাৰিব নোৱাৰে। পাঁচনি পৌলে এই বিষয়ে এইদৰে কৈছিল যে, “জীৱনময় ঈশ্বৰৰ হাতত পৰা অতি ভয়ঙ্কৰ কথা।” গতিকে স্ফুৰ্তিদায়ক ভয় ৰখাৰ দ্বাৰা আমি তেনে পৰিস্থিতিৰ পৰা ৰক্ষা পাব পাৰোঁ।—ইব্ৰী ১০:৩১.
“তেওঁতেই আসক্ত হবা”
৭. যিহোৱাৰ যে ৰক্ষা কৰিবলৈ শক্তি আছে তাক ভাৰসা কৰিবলৈ আমাৰ ওচৰত কেনে কাৰণসমূহ আছে?
৭ ঈশ্বৰৰ প্ৰতি শ্ৰদ্ধাস্পদ ভয় আৰু তেওঁৰ আচৰিত শক্তিৰ প্ৰতি অৱগত হোৱাই হৈছে যিহোৱাত ভাৰসা ৰখাৰ প্ৰমাণৰ আৰম্ভণি। যিদৰে এটা কণমাণি শিশুৱে তাৰ দেউতাকৰ কাষত থাকি সুৰক্ষা অনুভৱ কৰে, ঠিক তেনেদৰে আমিও যিহোৱাৰ নিৰ্দ্দেশনৰ অনুসাৰে কাৰ্য্য কৰি ভাৰসা আৰু সুৰক্ষা অনুভৱ কৰোঁ। লক্ষ্য কৰক যে ইস্ৰায়েল জাতিক যিহোৱাই মিছৰ দেশৰ পৰা উলিয়াই আনাৰ পাছত তেওঁলোকে কেনে প্ৰতিক্ৰিয়া দেখুৱাইছিল: “যিহোৱাই মিচৰীয়াবিলাকৰ বিৰুদ্ধে এই যি মহৎ কৰ্ম্ম কৰিলে, তাক ইস্ৰায়েলে দেখিলে; তাতে লোকবিলাকে যিহোৱালৈ ভয় কৰি, যিহোৱাক আৰু তেওঁৰ দাস মোচিকো বিশ্বাস কৰিলে।” (যাত্ৰাপুস্তক ১৪:৩১) ভবিষ্যতবক্তা ইলীচাৰ অভিজ্ঞতাইও সেই সত্যতাৰ প্ৰমাণ দাঙি ধৰিছে যে, “যিহোৱাৰ দূতে তেওঁলৈ ভয় ৰাখোঁতাবিলাকৰ চাৰিওফালে ছাউনি পাতে, আৰু তেওঁবিলাকক উদ্ধাৰ কৰে।” (গীতমালা ৩৪:৭; ২ ৰাজাৱলি ৬:১৫- ১৭) আধুনিক সময়ত যিহোৱাৰ সাক্ষীসকলৰ ইতিহাস আৰু আমাৰ নিজৰ ব্যক্তিগত অভিজ্ঞতাই প্ৰমাণ কৰিছে যে যিসকলে ঈশ্বৰক সেৱা কৰে, তেওঁলোকৰ হৈ তেওঁ নিজৰ শক্তি প্ৰদৰ্শন কৰে। (২ বংশাৱলি ১৬:৯) এইদৰে আমি “যিহোৱাবিষয়ক ভয়েই দৃঢ় বিশ্বাস-ভূমি” বুলি জানি জ্ঞাত হʼব পাৰিছোঁ।—হিতোপদেশ ১৪:২৬.
৮. (ক) ঈশ্বৰৰ প্ৰতি ৰখা ভয়ে কিয় আমাক তেওঁৰ অনুসাৰে চলিবলৈ প্ৰেৰিত কৰে? (খ) আমি কেনেকৈ যিহোৱাত ‘আসক্ত’ হোৱা উচিত, তাক বৰ্ণনা কৰক।
৮ স্ফুৰ্তিদায়ক ভয়ে আমাক কেৱল যিহোৱাক ভাৰসা আৰু বিশ্বাস ৰখাই নহয় কিন্তু তেওঁৰ ইচ্ছাৰ অনুসাৰে চলিবলৈও প্ৰেৰিত কৰিব। ৰজা চলোমনে যিৰূচালেম মন্দিৰ উদ্ঘাটন কৰাৰ সময়ত এইদৰে প্ৰাৰ্থনা কৰিছিল: “আমাৰ পূৰ্ব্ব-পুৰুষবিলাকক তুমি দিয়া দেশত তেওঁবিলাকে [ইস্ৰায়েলসকলে] জীয়াই থকা সকলো দিনত তোমাক ভয় কৰি তোমাৰ পথত চলিবৰ নিমিত্তেই তাকে কৰিবা।” (২ বংশাৱলি ৬:৩১) পূৰ্বতে মোচিয়ে ইস্ৰায়েলসকলক এইদৰে উদগণি দিছিল: “তোমালোকে তোমালোকৰ ঈশ্বৰ যিহোৱাৰেই পাছত চলিবা, তেওঁকেই ভয় কৰিবা, তেওঁৰেই আজ্ঞা পালন কৰিবা, তেওঁৰ কথাতেই মন দিবা, তেওঁৰেই আৰাধনা কৰিবা, আৰু তেওঁতেই আসক্ত হবা।” (দ্বিতীয় বিবৰণ ১৩:৪) এই পদে স্পষ্টকৈ দেখুৱাইছে যে যিহোৱাত ৰখা ভাৰসাই তেওঁৰ পথত চলিবলৈ আৰু তেওঁত “আসক্ত” হবলৈ পৰিচালিত কৰে। যিদৰে এটা শিশুৱে নিজৰ পিতৃক সম্পূৰ্ণৰূপে ভাৰসা কৰি স্বভাৱিকভাৱে আসক্ত হʼব পাৰে, ঠিক সেইদৰে ঈশ্বৰৰ প্ৰতি ৰখা ভয়ে আমাক যিহোৱাৰ আজ্ঞা পালন, তেওঁৰ সেৱা আৰু তেওঁত আসক্ত হবলৈ পৰিচালিত কৰে।—গীতমালা ৬৩:৮; যিচয়া ৪১:১৩.
ঈশ্বৰক প্ৰেম কৰিবলৈ তেওঁৰ প্ৰতি ভয় ৰখা আৱশ্যক
৯. ঈশ্বৰৰ প্ৰতি ৰখা প্ৰেম আৰু ভয়ৰ মাজত কেনে সম্পৰ্ক আছে?
৯ শাস্ত্ৰৰ দৃষ্টিভঙ্গীৰে, ঈশ্বৰৰ প্ৰতি ভয় ৰখাৰ অৰ্থ এইটো নহয় যে আমি তেওঁৰ প্ৰেমৰ পৰা বঞ্চিত হʼম। ইয়াৰ বিপৰীতে, ইস্ৰায়েলীসকলক “যিহোৱাক ভয় কৰাৰ, তেওঁৰ সকলো পথত চলাৰ, তেওঁক প্ৰেম কৰাৰ” বাবে শিক্ষা দিয়া হৈছিল। (দ্বিতীয় বিবৰণ ১০:১২) গতিকে ঈশ্বৰৰ প্ৰতি ৰখা ভয় আৰু প্ৰেমৰ মাজত এক নিবিড় সম্পৰ্ক আছে। ঈশ্বৰৰ প্ৰতি ৰখা ভয়ে আমাক তেওঁৰ অনুসাৰে চলিবলৈ প্ৰেৰিত কৰে আৰু ইয়ে তেওঁলৈ থকা আমাৰ প্ৰেমৰ প্ৰমাণ দিয়ে। (১ যোহন ৫:৩) এইটো এটা যুক্তিসঙ্গত বিষয়, কিয়নো যেতিয়া আমি কোনো এজনক প্ৰেম কৰোঁ তেতিয়া তেওঁৰ মনত আঘাত দিবলৈ নিশ্চয়ে ভয় কৰিম। কিন্তু ইয়াৰ বিপৰীতে অৰণ্যত থকা সময়ছোৱাত ইস্ৰায়েলসকলে বিদ্ৰোহপূৰ্ণ কাৰ্য্য কৰি যিহোৱাৰ মনত আঘাত দিলে। আমি নিশ্চয়ে তেনে কোনো কাৰ্য্য নকৰিম যিয়ে আমাৰ স্বৰ্গীয় পিতৃৰ মনত আঘাত দিয়ে। (গীতমালা ৭৮:৪০, ৪১) আনহাতে, “যিহোৱাই তেওঁলৈ ভয় ৰাখোঁতাবিলাকত সন্তোষ পায়” আৰু আমি আজ্ঞাকাৰী আৰু বিশ্বাসী হোৱাত তেওঁ আনন্দিত হয়। (গীতমালা ১৪৭:১১; হিতোপদেশ ২৭:১১) এইদৰে ঈশ্বৰৰ প্ৰতি ৰখা প্ৰেমে আমাক তেওঁক সন্তুষ্ট কৰিবলৈ আৰু তেওঁৰ মনত আঘাত নিদিবলৈ উৎসাহিত কৰে। এইবোৰ আমাৰ বাবে বিসঙ্গতিপূৰ্ণ নহয় কিন্তু, পৰিপূৰক গুণ।
১০. যীচুৱে কেনেকৈ প্ৰদৰ্শন কৰি দেখুৱালে যে তেওঁ যিহোৱালৈ ভয় ৰাখি আনন্দিত হৈছিল?
১০ যীচু খ্ৰীষ্টৰ জীৱন-প্ৰণালীয়ে স্পষ্টকৈ প্ৰদৰ্শন কৰি দেখুৱালে যে আমি একেইসময়ত কেনেকৈ ঈশ্বৰলৈ ভয় আৰু প্ৰেম কৰিব পাৰোঁ। যীচুৰ সম্বন্ধে ভবিষ্যতবক্তা যিচয়াই এইদৰে লিখিছিল: “যিহোৱাৰ আত্মা, প্ৰজ্ঞা, আৰু সুবিবেচনাৰ আত্মা, মন্ত্ৰণা আৰু পৰাক্ৰমৰ আত্মা, জ্ঞান আৰু যিহোৱা বিষয়ক ভয় জন্মাওঁতা আত্মা তেওঁৰ ওপৰত স্থিতি হব; যিহোৱা বিষয়ক ভয় তেওঁলৈ সুঘ্ৰাণস্বৰূপ হব।” (যিচয়া ১১:২, ৩) এই ভৱিষ্যতবাণীৰ অনুসাৰে ঈশ্বৰৰ আত্মাই, যীচুক তেওঁৰ স্বৰ্গীয় পিতৃলৈ ভয় বিকাশিত কৰিবলৈ উৎসাহিত কৰিছিল। তদুপৰি, আমি জানিব পাৰিছোঁ যে এনে ভয় কোনো নিয়ন্ত্ৰণমূলক নহয় কিন্তু সন্তোষজনক আছিল। যীচুৱে অতি কঠিন পৰিস্থিতিত থকাৰ সময়তো ঈশ্বৰৰ ইচ্ছা পালন কৰাৰ দ্বাৰা তেওঁৰ স্বৰ্গীয় পিতৃক সন্তুষ্ট কৰি আনন্দ উপভোগ কৰিছিল। যাতনা স্তম্ভত মৃত্যু বৰণ কৰিবলগীয়া সময়টো তেওঁ যিহোৱাক এইদৰে কৈছিল: “মোৰ ইচ্ছাৰ দৰে নহয়, তোমাৰ ইচ্ছাৰ দৰেই হওক।” (মথি ২৬:৩৯) গতিকে যীচুৱে তেওঁৰ পিতৃলৈ ৰখা এই ভয়ৰ বাবে যিহোৱাই তেওঁৰ পুত্ৰৰ প্ৰাৰ্থনা শুনি তেওঁক অত্যাচাৰ সহন কৰিবলৈ শক্তি প্ৰদান কৰিলে আৰু তেওঁৰ মৃত্যুৰ পাছত তেওঁক পুনৰাই জীয়াই তুলিলে।—ইব্ৰী ৫:৭.
যিহোৱাক ভয় কৰিবলৈ শিকক
১১, ১২. (ক) আমি কিয় ঈশ্বৰৰ প্ৰতি ভয় ৰাখিবলৈ শিকা উচিত? (খ) যীচুৱে কেনেকৈ আমাক ঈশ্বৰৰ প্ৰতি ভয় ৰাখিবলৈ শিকাইছে?
১১ যেনেকৈ প্ৰাকৃতিৰ শক্তি আৰু প্ৰতাপ দেখি স্বভাৱিক ভয় উৎপন্ন হয়, তেনেদৰে আপুনা-আপুনিকৈ আমাত ঈশ্বৰৰ প্ৰতি ভয় উৎপন্ন নহয়। সেইবাবে মহান দায়ূদ অৰ্থাৎ যীচু খ্ৰীষ্টই আমাক এক ভৱিষ্যতসূচক আমন্ত্ৰণ জনাই এইদৰে কৈছে: “আহাঁ, তোমালোকে মোৰ বাক্য শুনা, মই তোমালোকক যিহোৱাৰ ভয় শিকাম।” (গীতমালা ৩৪:১১) আমি কেনেকৈ যীচুৰ পৰা ঈশ্বৰৰ প্ৰতি ভয় ৰখাৰ বিষয়ে শিকিব পাৰোঁ?
১২ যীচুৱে আমাক তেওঁৰ স্বৰ্গীয় পিতৃৰ অপূৰ্ব ব্যক্তিত্বৰ বিষয়ে বুজিবলৈ সহায় কৰাৰ যোগেদি ঈশ্বৰৰ প্ৰতি ভয় কৰিবলৈ শিকাইছে। (যোহন ১:১৮) স্বয়ং যীচুৱে তেওঁৰ পিতৃৰ ব্যক্তিত্বক প্ৰকাশ কৰি দেখুৱালে যে ঈশ্বৰে আনৰ প্ৰতি কেনে চিন্তা আৰু আচৰণ কৰে। (যোহন ১৪:৯, ১০) তদুপৰি, যীচুৰ মুক্তিপণ বলিদানৰ বাবে আমি আমাৰ পাপৰ ক্ষমা বিচাৰি যিহোৱাৰ কাষ চাপিবলৈ সক্ষম হলোঁ। ঈশ্বৰৰ দয়াৰ এই অতুলনীয় অভিব্যক্তিয়ে তেওঁৰ প্ৰতি ভয় ৰাখিবলৈ আমাৰ আগত এক শক্তিশালী কাৰণ দাঙি ধৰিলে। এই সন্দৰ্ভত গীতমালা লিখকে এইদৰে লিখিছিল: “কিন্তু লোকে তোমালৈ ভয় ৰাখিবৰ নিমিত্তে, তোমাৰ লগত ক্ষমা আছে।”—গীতমালা ১৩০:৪.
১৩. হিতোপদেশ নামৰ কিতাপখনত ঈশ্বৰৰ প্ৰতি ভয় বিকাশিত কৰাত সহায় কৰিবলৈ কেনে পদক্ষেপসমূহ দিয়া হৈছে?
১৩ হিতোপদেশ নামৰ কিতাপখনত ক্ৰমানুসাৰে কিছুমান পদক্ষেপৰ বিষয়ে উল্লেখ কৰিছে, যিয়ে আমাক ঈশ্বৰৰ প্ৰতি ভয় বিকাশিত কৰিবলৈ সহায় কৰে। এই কিতাপখনত এইদৰে কোৱা হৈছে: “হে মোৰ বোপা, তুমি যদি মোৰ কথা এনেকৈ গ্ৰহণ কৰা, আৰু মোৰ আজ্ঞাবোৰ এনেকৈ মনত ৰাখা, যেন তুমি প্ৰজ্ঞালৈ কাণ দিব পাৰা, আৰু সুবুদ্ধিলৈ মনোযোগ কৰিব পাৰা; এনে কি, তুমি যদি সুবিবেচনাক মাতা, আৰু সুবুদ্ধিৰ নিমিত্তে ৰিঙিওৱা, যদি ৰূপৰ দৰে তেওঁক বিচাৰা, আৰু গুপ্ত ধনৰ দৰে তেওঁৰ অনুসন্ধান লোৱা, তেন্তে তুমি যিহোৱাৰ ভয় বুজিব পাৰিবা, আৰু ঈশ্বৰবিষয়ক জ্ঞান পাবা।” (হিতোপদেশ ২:১-৫) ঈশ্বৰক ভয় ৰাখিবলৈ হʼলে আমি নিশ্চয়ে তেওঁৰ বাক্যক অধ্যয়ন কৰা আৱশ্যক। তদুপৰি, তাত উল্লেখ কৰা নিৰ্দ্দেশনাবোৰক আগ্ৰহেৰে বুজিবলৈ আৰু পৰামৰ্শবোৰৰ প্ৰতি সাৱধানে ধ্যান দিয়া উচিত।
১৪. ইস্ৰায়েলৰ ৰজাসকলক দিয়া পৰামৰ্শক আমি কেনেকৈ অনুকৰণ কৰিব পাৰোঁ?
১৪ প্ৰাচীন সময়ত ইস্ৰায়েলসকলৰ প্ৰত্যেকজন ৰজাক ব্যৱস্থা পুস্তকৰ এখনকৈ প্ৰতিলিপি নকল বনাবলৈ কোৱা হৈছিল, যাতে তেওঁলোকে ‘যিহোৱাক ভয় কৰিবলৈ শিকি, এই ব্যৱস্থাৰ সকলো বাক্য আৰু বিধিবোৰ পালন কৰি সেই মতে কাৰ্য্য কৰিবৰ অৰ্থে জীৱনৰ সকলো সময়ত তাক পাঠ কৰিব পাৰে।’ (দ্বিতীয় বিবৰণ ১৭:১৮-২০) যদি আমি ঈশ্বৰৰ প্ৰতি ভয় কৰিবলৈ শিকিব বিচাৰিছোঁ, তেনেহʼলে আমি বাইবেলৰ পাঠ আৰু অধ্যয়ন কৰাটো অতি গুৰুত্বপূৰ্ণ। যেনেকৈ আমি বাইবেলৰ সিদ্ধান্তসমূহৰ অনুসাৰে জীৱন-যাপন কৰিম, ক্ৰমান্বয়ে আমাত ঈশ্বৰীয় প্ৰজ্ঞা আৰু জ্ঞান বৃদ্ধি হʼব। আমি আমাৰ জীৱনত উত্তম ফল লাভ কৰাৰ কাৰণে “যিহোৱাৰ ভয় বুজিব” পাৰিম আৰু তেওঁৰ সৈতে থকা আমাৰ নিবিড় সম্বন্ধৰ প্ৰতি মূল্যাঙ্কণ কৰিম। ইয়াৰ ওপৰিও সকলো বয়সৰ সঙ্গী ভাই-ভনীসকলৰ সৈতে নিয়মীয়াকৈ একত্ৰিত হৈ ঈশ্বৰৰ শিক্ষা, তেওঁৰ প্ৰতি ভয় ৰখা আৰু তেওঁৰ পথত চলিব পাৰিম।—দ্বিতীয় বিবৰণ ৩১:১২.
যিজনে যিহোৱাৰ প্ৰতি ভয় ৰাখে তেওঁ ধন্য
১৫. ঈশ্বৰৰ প্ৰতি ৰখা ভয় আমাৰ উপাসনাৰ সৈতে কেনেকৈ সন্মিলিত হৈ আছে?
১৫ আগলৈ আমি বুজিব পাৰিম যে ঈশ্বৰৰ প্ৰতি ভয় ৰখাটো হৈছে এক স্ফুৰ্তিদায়ক অভিবৃত্তি, যাক আমি সকলোৱে বিকাশিত কৰা উচিত। কিয়নো ই হৈছে আমাৰ উপাসনাৰ এক মুখ্য ভাগ। এই ভয়ে আমাক যিহোৱাৰ অনুসাৰে চলা, তেওঁত সম্পূৰ্ণ ভাৰসা আৰু আসক্ত হোৱাত সহায় কৰে। যিদৰে এই ভয় যীচুত সত্যৰূপে প্ৰমাণিত হৈছিল, ঠিক তেনেদৰে ই যিহোৱালৈ কৰা আমাৰ সমৰ্পণৰ প্ৰতিজ্ঞা বাক্যক বৰ্তমান আৰু চিৰকাললৈকে পূৰণ কৰি থাকিবলৈ প্ৰেৰিত কৰিব পাৰে।
১৬. যিহোৱাই কিয় আমাক তেওঁৰ প্ৰতি ভয় ৰাখিবলৈ উৎসাহিত কৰিছে?
১৬ ঈশ্বৰৰ প্ৰতি ৰখা ভয় কেতিয়াও বিকাৰগ্ৰস্ত বা অত্যাধিক নিয়ন্ত্ৰণমূলক নহয়। বাইবেলত এই বিষয়ে এইদৰে কোৱা কৈছে: “যি জনে যিহোৱালৈ ভয় ৰাখে, আৰু তেওঁৰ পথত চলে, সেই জন ধন্য।” (গীতমালা ১২৮:১) যিহোৱাই আমাক তেওঁৰ প্ৰতি ভয় ৰাখিবলৈ উৎসাহিত কৰিছে, কিয়নো তেওঁ জানে যে এই গুণে আমাক সুৰক্ষা প্ৰদান কৰিব। আমি তেওঁৰ প্ৰেমময় বিবেচনাৰ সম্পৰ্কে মোচিৰ লিখনীত এইদৰে পঢ়িবলৈ পাওঁ: “তেওঁবিলাক [ইস্ৰায়েলসকল] আৰু তেওঁবিলাকৰ সন্তানবিলাক চিৰকাল মঙ্গলে থাকিবৰ নিমিত্তে, মোক ভয় কৰিবলৈ আৰু মোৰ আজ্ঞা পালন কৰিবলৈ, তেওঁবিলাকৰ তেনে মন সদায় থকা হলে কেনে ভাল আছিল!”—দ্বিতীয় বিবৰণ ৫:২৯.
১৭. (ক) ঈশ্বৰৰ প্ৰতি ৰখা ভয়ৰ যোগেদি আমি কেনেকৈ লাভৱান হʼম? (খ) পৰৱৰ্তী লেখত ঈশ্বৰৰ প্ৰতি ৰখা ভয়ৰ কেনেবোৰ স্থিতিৰ বিষয়ে আলোচনা কৰা হʼব?
১৭ ঠিক সেইদৰে যদি আমি আমাৰ হৃদয়ত তেওঁৰ প্ৰতি ভয় বিকাশিত কৰোঁ, তেন্তে আমাৰ মঙ্গল হʼব। কি ধৰণে? সৰ্ব্বপ্ৰথমে, এনেধৰণৰ মনোভাৱে ঈশ্বৰৰ মন আনন্দিত কৰিব আৰু আমাক তেওঁৰ কাষ চপাত সহায় কৰিব। ৰজা দায়ূদে ব্যক্তিগত অভিজ্ঞতাৰ পৰা জানিব পাৰিছিল যে ঈশ্বৰে “তেওঁলৈ ভয় ৰাখোঁতাবিলাকৰ বাঞ্ছা পূৰ্ণ কৰিব, আৰু সিবিলাকৰ কাতৰোক্তি শুনি সিবিলাকক ত্ৰাণ কৰিব।” (গীতমালা ১৪৫:১৯) দ্বিতীয়তে, ঈশ্বৰৰ প্ৰতি ৰখা ভয়ে আমাক লাভৱান কৰে, কিয়নো ই বেয়া কাৰ্য্যৰ প্ৰতি থকা আমাৰ মনোভাৱক প্ৰভাৱিত কৰিব। (হিতোপদেশ ৩:৭) পৰৱৰ্তী লেখত আলোচনা কৰা হʼব যে কেনেকৈ এই ভয়ে আমাক আধ্যাত্মিৰূপে অহা বিপদৰ পৰা ৰক্ষা কৰে আৰু এনে ব্যক্তিসকলৰ উদাহৰণক আলোচনা কৰা হʼব, যিসকলে বেয়াৰ পৰা আঁতৰি থাকি ঈশ্বৰৰ প্ৰতি থকা ভয়ক প্ৰকাশ কৰিলে। (w01 12/01)
[ফুটনোট]
^ ডিচেম্বৰ ১০, ১৯৪৮ চনত হোৱা সংযুক্ত ৰাষ্ট্ৰৰ ইউনিভাৰচেল ডিক্লাৰেশ্বন অৱ হিউমেন ৰাইট্চ নামৰ অধিবেশনত এই কথাফাঁকিক উল্লেখ কৰা হৈছিল।
নিন্মলিখিত প্ৰশ্নসমূহৰ উত্তৰ দিব পাৰিবনে?
• ঈশ্বৰক ভয় কৰাৰ অৰ্থ কি আৰু ই কেনেকৈ আমাৰ জীৱনটোক প্ৰভাৱিত কৰে?
• যিহোৱাৰ অনুসাৰে চলা আৰু তেওঁত ভয় কৰাৰ মাজত কি সম্পৰ্ক আছে?
• যীচুৰ আৰ্হিয়ে কেনেকৈ প্ৰকাশ কৰিলে যে ঈশ্বৰক ভয় কৰা আৰু প্ৰেমৰ মাজত অটুট সম্বন্ধে আছে?
• আমি কেনেকৈ আমাৰ হৃদয়ত ঈশ্বৰৰ প্ৰতি ৰখা ভয়ক বিকাশিত কৰিব পাৰোঁ?
[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]
[১১ পৃষ্ঠাৰ ছবি]
ইস্ৰায়েলৰ ৰজাসকলক ব্যক্তিগতভাৱে ব্যৱস্থাপুস্তকৰ অনুলিপিৰ নকল তৈয়াৰ কৰি তাক নিতৌ পঢ়িবলৈ নিৰ্দ্দেশনা দিছিল
[১২ পৃষ্ঠাৰ ছবি]
যেনেকৈ এটি শিশুৱে নিজৰ পিতৃত ভাৰসা কৰে, ঠিক তেনেদৰে ঈশ্বৰৰ প্ৰতি ৰখা ভয়ে আমাক তেওঁত ভাৰসা কৰিবলৈ পৰিচালিত কৰে
[৯ পৃষ্ঠাৰ স্বীকৃতিপ্ৰাপ্ত ছবিসমূহ]
তৰাসমষ্ঠি: Photo by Malin, © IAC/RGO 1991