সোণালী নিয়ম—আমাৰ বাবে ব্যৱহাৰিক
সোণালী নিয়ম—আমাৰ বাবে ব্যৱহাৰিক
বেচিভাগ লোকে এই সোণালী নিয়মক যীচুৱে দিয়া নৈতিক শিক্ষা হিচাপে দৃষ্টি কৰে, কিয়নো তেওঁ নিজেই এইদৰে কৈছিল: “এই উপদেশ মোৰ নিজৰ নহয়, মোক পঠোৱা জনাৰহে।”—যোহন ৭:১৬.
যীচুৱে দিয়া সোণালী নিয়মৰ স্থাপন কৰা ব্যক্তিজন হৈছে তেওঁক পঠোৱা জনা অৰ্থাৎ সৃষ্টিকৰ্ত্তা ঈশ্বৰ যিহোৱা।
ঈশ্বৰে দিয়া এই নিয়মৰ মূল কাৰণ আছিল যে মানৱজাতিয়ে এজনে আনজনৰ প্ৰতি সন্মানেৰে আচৰণ কৰা। যিহোৱাই স্বয়ং মানৱজাতিক যি প্ৰকাৰে সৃষ্টি কৰিলে তাৰ যোগেদি তেওঁলোকৰ প্ৰতি তেওঁৰ হিতজনক কাৰ্য্যৰ এক অত্যুতম আৰ্হি প্ৰস্তুত কৰিলে। এই সন্দৰ্ভত বাইবেলে এইদৰে কৈছে: “ঈশ্বৰে নিজৰ প্ৰতিমূৰ্ত্তিৰে মানুহ সৃষ্টি কৰিলে; ঈশ্বৰৰ প্ৰতি-মূৰ্ত্তিৰেই তাক সৃষ্টি কৰিলে; তেওঁ পুৰুষ আৰু স্ত্ৰী কৰি সিবিলাকক সৃষ্টি কৰিলে।” (আদিপুস্তক ১:২৭) ইয়াৰ অৰ্থ হৈছে যে ঈশ্বৰে মানৱজাতিক, তেওঁত থকা মুখ্য গুণৰ সৈতে সৃষ্টি কৰিলে যাতে তেওঁলোকে শান্তি আৰু আনন্দেৰে চিৰকাললৈকে জীৱন-যাপন কৰিব পাৰে। যেতিয়া তেওঁলোকে ঈশ্বৰে প্ৰদান কৰা বিবেকক ভালদৰে প্ৰশিক্ষিত কৰিব তেতিয়া আনৰ সৈতে তেওঁলোকে স্বয়ং তেওঁলোকৰ পৰা বিচাৰাৰ ধৰণে আচৰণ কৰোঁতে, এই বিবেকে তেওঁলোকক পথ-প্ৰদৰ্শন কৰাত সহায় কৰিব।
স্বাৰ্থপৰতা মনোভাৱ প্ৰবল হʼল
যদিও মানৱজাতিৰ জীৱনৰ আৰম্ভণি অতি সুন্দৰৰূপে হৈছিল, কিন্তু পাছলৈ তেওঁলোকলৈ কি ঘটিল? সাধাৰণভাৱে বৰ্ণনা কৰিলে এইদৰে কʼব পাৰি যে পাছলৈ স্বাৰ্থপৰতা মনোভাৱে তেওঁলোকক অঈশ্বৰীয় গুণসমূহ বিকাশিত কৰিবলৈ পৰিচালিত কৰিলে। বেচিভাগেই আদিপুস্তক ৩ অধ্যায়ত উল্লেখ কৰা বৃত্তান্ত অৰ্থাৎ প্ৰথম মানৱ দম্পতীয়ে লোৱা পদক্ষেপৰ সৈতে পৰিচিত। ঈশ্বৰৰ ধাৰ্ম্মিক স্তৰসমূহৰ বিপক্ষে থিয় হোৱা ব্যক্তি অৰ্থাৎ চয়তানৰ লগ হৈ আদম আৰু হাৱাই স্বাৰ্থপৰ মনোভাৱেৰে যিহোৱাৰ শাসনক ত্যাগ দি স্বাধীন আৰু আত্মনিৰ্ণয় হবলৈ বাছি ললে। তেওঁলোকৰ এনে স্বাৰ্থপৰ আৰু বিৰোদ্ধাত্মক কাৰ্য্যৰ পৰিণামস্বৰূপে কেৱল তেওঁলোকলৈহে হানিকাৰক হʼল এনে নহয়, কিন্তু তেওঁলোকৰ পৰা জন্ম হোৱা সকলো লʼৰা-ছোৱালীলৈ একেই বিষাদজনক অৱস্থা কঢ়িয়াই আনিলে। সেইয়া আছিল পোনপটীয়াকৈ সোণালী নিয়মৰ শিক্ষাৰ বিৰুদ্ধে কৰা কাৰ্য্যৰ এক গম্ভীৰ পৰিণাম। কালক্ৰমে, “যেনেকৈ এজন মানুহৰ দ্বাৰাই পাপ, পাপৰ দ্বাৰাই মৃত্যু জগতত সোমাল, আৰু পাপ কৰাত, সেই মৃত্যু সকলো মানুহলৈ ব্যাপি গল।”—ৰোমীয়া ৫:১২.
সমুদায় মানৱজাতিয়ে ঈশ্বৰৰ বিপক্ষে হʼল যদিও ঈশ্বৰে তেওঁলোকক ত্যাগ দিয়া নাছিল। উদাহৰণস্বৰূপে, যিহোৱাই ইস্ৰায়েল জাতিক মাৰ্গ-দৰ্শনৰ বাবে তেওঁৰ ব্যৱস্থা প্ৰদান কৰিছিল। ইয়ে তেওঁলোকক আনৰ সৈতে কেনে আচৰণ কৰিব লাগে তাৰ বিষয়ে শিক্ষা দিছিল। তদুপৰি, সেই ব্যৱস্থাই দাস-দাসী, পিতৃ-মাতৃহীন লʼৰা-ছোৱালী আৰু বিধৱাসকলৰ সৈতে কৰিবলগীয়া আচৰণৰ সম্পৰ্কে নিৰ্দ্দেশনা দিছিল। সেই ব্যৱস্থাত এইটোও বৰ্ণনা কৰা হৈছিল যে অপহৰণ, চুৰ আৰু বধ কৰোঁতাসকলৰ সৈতে কেনে আচৰণ কৰা উচিত। আনৰ ভাল স্বাস্থ্যৰ প্ৰতি বিবেচনা কৰিবলৈ পৰিষ্কাৰ-পৰিছন্নতাৰ নিয়ম দিয়া হৈছিল। আনকি যৌন সম্বন্ধৰ বাবেও ব্যৱস্থা দিয়া হৈছিল। যিহোৱাই তেওঁৰ লোকসকলৰ ব্যৱস্থাৰ যোগেদি সোঁৱৰাই এইদৰে কৈছিল: “নিজ ওচৰ-চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰিবা।” পাছলৈ যীচুৱেও এই বাক্যফাঁকিক উদ্ধৃত কৰিছিল। (লেবীয়া পুস্তক ১৯:১৮; মথি ২২:৩৯, ৪০) সেই ব্যৱস্থাই, ইস্ৰায়েলসকলৰ মাজত থকা স্বজাতি লোকৰ সৈতে কেনে আচৰণ কৰা উচিত এই বিষয়েও উল্লেখ কৰিছিল। সেই ব্যৱস্থাত এইদৰে আজ্ঞা দিয়া হৈছিল: “তুমি বিদেশীক উপদ্ৰৱ নকৰিবা; কিয়নো তোমালোকো মিচৰ দেশত বিদেশী হৈ থকাত, বিদেশীৰ মন কেনে, তাক তোমালোকৰ জনা আছে।” আন অৰ্থত কবলৈ গলে ইস্ৰায়েলসকলে দৰিদ্ৰবিলাকক সহানুভূতিৰে আচৰণ কৰিব লাগিছিল।—যাত্ৰাপুস্তক ২৩:৯; লেবীয়া পুস্তক ১৯:৩৪; দ্বিতীয় বিবৰণ ১০:১৯.
১ ৰাজাৱলি ৪:২০, ২৫.
যেতিয়ালৈকে ইস্ৰায়েলসকলে সেই ব্যৱস্থাৰ প্ৰতি আজ্ঞাকাৰী আছিল, যিহোৱাই তেওঁলোকক আশীৰ্ব্বাদ কৰিছিল। ৰজা দায়ূদ আৰু চলোমনৰ শাসনকালত ইস্ৰায়েল আৰু আন লোকসকলে সুখ আৰু শান্তিৰে জীৱন-যাপন কৰিছিল। এখন ইতিহাসৰ বিবৰণীয়ে আমাক এইদৰে কৈছে: “যিহূদা আৰু ইস্ৰায়েল সমুদ্ৰৰ তীৰত থকা বালিৰ নিচিনা অসংখ্য আছিল, আৰু তেওঁবিলাকে ভোজন-পান ও ৰং ধেমালি কৰিছিল। যিহূদা আৰু ইস্ৰায়েলৰ প্ৰতিজনে নিজ নিজ দ্ৰাক্ষালতাৰ, আৰু নিজ নিজ ডিমৰু গছৰ তলত নিৰ্ভয়ে বাস কৰিছিল।”—দুখৰ বিষয় এই যে ইস্ৰায়েলসকলৰ মাজত সেই শান্তি আৰু সুৰক্ষা অধিক সময়লৈকে নাথাকিল। কিয়নো ঈশ্বৰৰ নিয়ম উপলব্ধ থকা স্বত্বেও ইস্ৰায়েলসকলে তাৰ অনুসাৰে জীৱন-যাপন কৰা নাছিল; তাৰ পৰিৱৰ্ত্তে তেওঁলোকে আনৰ সৈতে আচৰণ কৰোঁতে স্বাৰ্থপৰ মনোবৃত্তি প্ৰকাশ কৰিলে। তেনে কাৰ্য্য আৰু ধৰ্ম্মত্যাগীৰ পৰিণামস্বৰূপে ব্যক্তিগত আৰু সেই জাতিৰ ওপৰত ক্লেশ কঢ়িয়াই আনিলে। অৱশেষত সা.যু.পূ. ৬০৭ চনত যিহোৱাই বাবিলীয়াসকলৰ দ্বাৰা যিহূদা, যিৰূচালেম নগৰ আৰু তাত থকা ঐশ্বৰ্য্যশালী মন্দিৰটো ধ্বংস কৰালে। কিহৰ বাবে ঈশ্বৰে তেনে হʼবলৈ অনুমতি দিলে? ইয়াৰ উত্তৰ বাইবেলে এইদৰে প্ৰকাশ কৰিছে: “তোমালোকে মোৰ বাক্য নুশুনা বাবে, মই মানুহ পঠাই উত্তৰ দিশত থকা আটাই গোষ্ঠীক আনিম, ইয়াক যিহোৱাই কৈছে; মই মোৰ দাস বাবিলৰ নবূখদ্ৰেচৰ ৰজাৰ ওচৰলৈ মানুহ পঠাই, এই দেশৰ, ইয়াৰ নিবাসীবিলাকৰ, আৰু চাৰিওফালে থকা এই আটাইবোৰ জাতিৰ বিৰুদ্ধে সিহঁতক আনিম; আৰু মই ইবিলাকক নিঃশেষে বিনষ্ট কৰিম, আৰু মই ইবিলাকক আচৰিতৰ ও ইচ ইচ কৰাৰ বিষয় আৰু ইবিলাকৰ ঠাই চিৰকলীয়া ধ্বংসস্থান কৰিম।” (যিৰিমিয়া ২৫:৮, ৯) যিহোৱাৰ সত্য উপাসনাক ত্যাগ দিয়াৰ বাবে তেওঁলোকে কেনে এক অবুজ পৰিমাণৰ মূল্য আদায় কৰিবলগা হʼল!
অনুকৰণ কৰিবলগীয়া আৰ্হি
যীচুৱে সোণালী নিয়মৰ বিষয়ে কেৱল শিক্ষা দিছিল এনে নহয়, কিন্তু তেওঁ স্বয়ং তাৰ অনুসাৰে চলি এক উত্তম আৰ্হি ৰাখিলে। তেওঁ আনৰ হিতৰ প্ৰতি প্ৰকৃতৰূপে চিন্তা কৰিছিল। (মথি ৯:৩৬; ১৪:১৪; লূক ৫:১২, ১৩) এবাৰ তেওঁ নায়িন নামৰ এখন নগৰলৈ যাওঁতে লোকসকলে এগৰাকী বিধৱা মহিলাৰ একমাত্ৰ পুত্ৰৰ মৃত্যু দেহ কঢ়িয়াই নিয়াৰ সময়ত, সেই মহিলা গৰাকীক ক্ৰন্দন কৰি থকা দেখা পালে। এই সন্দৰ্ভত বাইবেলে এইদৰে কৈছে: “তেতিয়া প্ৰভুৱে তেওঁক দেখি, মৰম লাগি কলে নাকান্দিবা।” (লূক ৭:১১-১৫) ৱেইনচ্ এক্সপ্জিট্ৰি ডিক্সচেনেৰী অৱ নিউ টেষ্টামেন্ট ওৱৰ্ডচ্ʼৰ অনুসাৰে “মৰম লাগিল” বুলি উল্লেখ কৰা অভিব্যক্তিটো “এজন ব্যক্তিয়ে হৃদয়েৰে প্ৰেৰিত হৈ কৰা কাৰ্য্যক” বুজাইছে। যীচুৱে নিজৰ অন্তৰেৰে সেই তিৰোতা গৰাকীৰ বেদনাক অনুভৱ কৰিব পাৰিছিল আৰু ইয়ে তেওঁক সঠিক পদক্ষেপ লবলৈ পৰিচালিত কৰিছিল। যেতিয়া যীচুৱে সেই তিৰোতা গৰাকীৰ পুতেকক পুনৰুত্থান কৰি “তেওঁক মাকৰ হাতত দিলে,” তেতিয়া সেই বিধৱা গৰাকীয়ে কিমান যে আনন্দিত হৈছিল!
অৱশেষত যীচুৱে ইচ্ছাকৃতভাৱে ঈশ্বৰৰ উদ্দেশ্যৰ অনুসাৰে সমূদায় মানৱজাতিক পাপ আৰু মৃত্যুৰ দাসত্ব বন্ধনৰ পৰা মুক্ত কৰিবলৈ মুক্তিপণ স্বৰূপে নিজৰ জীৱন আহুতি দিলে। এয়া আছিল সোণালী নিয়মৰ অনুসাৰে জীৱন-যাপন কৰা এক অত্যুত্তম আৰ্হি।—মথি ২০:২৮; যোহন ১৫:১৩; ইব্ৰী ৪:১৫.
সোণালী নিয়মৰ অনুসাৰে জীৱন-যাপন কৰা লোকসকল
আমাৰ সময়ত এনে লোকসকল আছেনে, যিসকলে সোণালী নিয়মৰ অনুসাৰে জীৱন-যাপন কৰে? নিশ্চয়ে তেনে লোক আছে। তেওঁলোকে কেৱল অনুকূল পৰিস্থিতিত সেই সোণালী নিয়মৰ অনুসাৰে চলে এনে নহয়, কিন্তু সকলো পৰিস্থিতিতে সেই নিয়মৰ অনুসাৰে চলে। উদাহৰণস্বৰূপে, দ্বিতীয় বিশ্ব যুদ্ধৰ সময়ত যিহোৱাৰ সাক্ষীসকলে জাৰ্মানীৰ নাজিৰ যাতনা শিবিৰত নিজৰ বিশ্বাসক বজাই ৰাখিছিল, চুবুৰীয়াৰ প্ৰতি প্ৰেম দেখুৱাইছিল আৰু সোণালী নিয়মৰ অহিতে কাৰ্য্য কৰিবলৈ অস্বীকাৰ কৰিছিল। সেই সময়ত জাৰ্মানীয়ে সকলো যিহূদীক ঘৃণা আৰু তেওঁলোকৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰাৰ স্বত্ত্বেও সাক্ষীসকলে একেৰাহে সোণালী নিয়মক বজাই ৰাখিছিল। আনকি যাতনা শিবিৰত থকাৰ সময়তো তেওঁলোকে নিজৰ সঙ্গী উপাসকৰ প্ৰতি যত্ন লৈছিল আৰু একেই সময়তে ভোকত থকা যিহূদী আৰু অযিহূদী লোকসকলকো তেওঁলোকৰ খাদ্য-বস্তু ভগাই দিছিল। তদুপৰি, জাৰ্মান চৰকাৰে আনক হত্যা কৰিবলৈ অস্ত্ৰ তুলি লʼবলৈ দিয়া আদেশকো তেওঁলোকে পালন কৰিবলৈ অস্বীকাৰ কৰিছিল, কিয়নো যেনেকৈ তেওঁলোকে আনৰ প্ৰতি আচৰণ কৰিছিল, তেনেদৰে আনেও তেওঁলোকৰ প্ৰতি তেনে আচৰণ কৰাটো বিচাৰিছিল। যিবিলাকক তেওঁলোকে নিজৰ দৰে প্ৰেম কৰে তেওঁলোকক কেনেকৈ হত্যা কৰিব পাৰে? তেওঁলোকে মথি ৫:৪৩-৪৮.
অস্ত্ৰ তুলি লবলৈ কোৱা আজ্ঞাক পালন নকৰাৰ বাবে তেওঁলোকৰ বহুতকে কেৱল যাতনা শিবিৰলৈ পঠোৱাই নাছিল, কিন্তু বহুতে মৃত্যুকো সাৱতি লʼব লগা হৈছিল।—এই লেখটো পঢ়ি আপুনি সোণালী নিয়ম কাৰ্য্যকাৰী হোৱাৰ আন এক আৰ্হিৰ বিষয়ে শিকি লাভবান হʼব পাৰিব। যিহোৱাৰ সাক্ষীসকলে চিনাক্ত কৰিব পাৰিছে যে বৰ্তমান সময়ত বহুতো লোকে অসহায় আৰু আশাহীন ভাৱে জীৱন-নিৰ্বাহ কৰিছে। সেইবাবে তেওঁলোকে স্বইচ্ছাৰে আনক বাইবেলত উল্লেখ কৰা আশা আৰু ব্যৱহাৰিক পৰামৰ্শৰ বিষয়ে জনোৱাৰ দ্বাৰা সঠিক পদক্ষেপ লʼবলৈ সহায় আগবঢ়ায়। এই কাৰ্য্য গোটেই বিশ্বত অধিকমাত্ৰাত কৰা হৈছে। ইয়াৰ কেনে পৰিণাম পোৱা গৈছে? যিচয়া ২:২-৪ পদত উল্লেখ কৰা “অনেক জাতি” অৰ্থাৎ গোটেই বিশ্বত ষাঠি লাখতকৈও অধিক লোকে ‘যিহোৱাৰ পথৰ বিষয়ে শিক্ষা লাভ কৰিছে।’ লাক্ষণিকভাৱে, তেওঁলোকে ‘নিজ নিজ তৰোৱাল ভাঙি নাঙলৰ ফাল গঢ়োৱা আৰু নিজ নিজ বৰছা ভাঙি কলম-কটাৰী গঢ়াই লৈছে।’ বৰ্তমান সময়ত এনে দুখ-কষ্টৰ পৰিস্থিতি হোৱাৰ স্বত্ত্বেও তেওঁলোকে শান্তি আৰু সুৰক্ষা অনুভৱ কৰিছে।
আপোনাৰ বিষয়নো কি?
ক্ষন্তেক সময়ৰ বাবে এদন বাগিছাত চয়তানৰ দ্বাৰা আদম আৰু হৱাই সোণালী নিয়ম ভঙ্গ কৰাৰ পৰিণামস্বৰূপে সকলো মানৱজাতিয়ে ভুগা দুখ-কষ্টৰ বিষয়ে বিবেচনা কৰক। সেয়েহে, অতি শীঘ্ৰেই যিহোৱাই এই পৰিস্থিতিক সলনি কৰি আদম আৰু হৱাই হেৰুৱা পৰিস্থিতিক পুনৰ স্থাপন কৰিব, কিয়নো এয়াই হৈছে ঈশ্বৰৰ মূল উদ্দেশ্য। এইটো কেনেকৈ হʼব? বাইবেলে কৈছে: “চয়তানৰ কৰ্ম্ম লুপ্ত কৰিবৰ কাৰণেই ঈশ্বৰৰ পুত্ৰ প্ৰকাশিত হল।” (১ যোহন ৩:৮) এনে পৰিস্থিতি কেৱল ঈশ্বৰৰ ৰাজ্যৰ অধীনত তেওঁৰ জ্ঞানী আৰু শক্তিশালী পুত্ৰ যীচুৰ দ্বাৰা স্থাপন কৰা হʼব, কিয়নো যীচুৱে নিজেই সেই সোণালী নিয়মৰ বিষয়ে লোকসকলক শিকাইছিল আৰু তেওঁ স্বয়ং তাৰ অনুসাৰে জীৱন-যাপন কৰিছিল।—গীতমালা ৩৭:৯-১১; দানিয়েল ২:৪৪.
প্ৰাচীন সময়ত ইস্ৰায়েলসকলৰ ৰজা দায়ূদে এইদৰে কৈছিল: “মই লৰা আছিলোঁ, এতিয়া বুঢ়া হলোঁ; তথাপি ধাৰ্ম্মিকক পৰিত্যক্ত হোৱা, নাইবা তাৰ সন্তানক আহাৰ মগা মই দেখা নাই। সি সদায় দয়া দেখায়, আৰু ধাৰে দিয়ে; তাৰ বংশই আশীৰ্ব্বাদ পায়।” (গীতমালা ৩৭:২৫, ২৬) বৰ্তমান সময়ত বেচিভাগ লোকে “দয়া দেখায়, আৰু ধাৰে” দিয়াৰ পৰিৱৰ্তে নিৰ্দয় আৰু কাঢ়ি লোৱাৰ বিষয়ে দেখি আপুনি সন্মত নহবনে বাৰু? স্পষ্টকৈ, একমাত্ৰ সোণালী নিয়মক পালন কৰাৰ দ্বাৰাহে ঈশ্বৰৰ ৰাজ্যৰ অন্তৰ্গত বৰ্তমান আৰু ভৱিষ্যতে শান্তি আৰু সুৰক্ষা লাভ কৰিব পাৰিম। ঈশ্বৰৰ ৰাজ্যই এই পৃথিৱীৰ পৰা সকলো প্ৰকাৰৰ স্বাৰ্থপৰতা আৰু দুষ্টতাক আঁতৰ কৰি এক নতুন পৰিৱেশ স্থাপন কৰিব। তেতিয়া এই সোণালী নিয়মৰ দ্বাৰা সকলোৱে আনন্দ উপভোগ কৰিব পাৰিব।—গীতমালা ২৯:১১; ২ পিতৰ ৩:১৩. (w01 12/01)
[৪, ৫ পৃষ্ঠাৰ ছবি]
যীচুৱে কেৱল সোণালী নিয়মৰ বিষয়ে শিকাইছিল এনে নহয়, কিন্তু তাৰ অনুসাৰে তেওঁ নিজেই জীৱন-যাপন কৰি এক উত্তম আৰ্হি প্ৰস্তুত কৰিলে
[৭ পৃষ্ঠাৰ ছবি]
সোণালী নিয়মৰ অনুসাৰে জীৱন-যাপন কৰিলে শান্তি আৰু সুৰক্ষা পাব পাৰি