Skip to content

Skip to table of contents

ভিন্ন মনোবৃত্তি বিকাশিত কৰা ভায়েক-ককায়েক

ভিন্ন মনোবৃত্তি বিকাশিত কৰা ভায়েক-ককায়েক

ভিন্ন মনোবৃত্তি বিকাশিত কৰা ভায়েক-ককায়েক

 পিতৃ-মাতৃসকলে লোৱা সিদ্ধান্তই লʼৰা-ছোৱালীক অনিবাৰ্য্যৰূপে প্ৰভাৱিত কৰে। এদন বাগিছাত আদম আৰু হৱাই যি সিদ্ধান্ত ললে, সেই সিদ্ধান্তই বৰ্তমান সময়লৈকে প্ৰভাৱিত কৰিছে। আদম আৰু হৱাই বিদ্ৰোহাত্মক পদক্ষেপ লোৱাৰ বাবে সকলো মানৱজাতিক গভীৰভাৱে প্ৰভাৱিত কৰিলে। (আদিপুস্তক ২:১৫, ১৬; ৩:১-৬; ৰোমীয়া ৫:১২) তথাপিও, যদি আমি বিচাৰোঁ, তেনেহʼলে সৃষ্টিকৰ্ত্তাৰ সৈতে এক উত্তম সম্পৰ্ক গঢ়ি তুলিবলৈ আমাৰ ওচৰতো সুযোগ আছে। মানৱ ইতিহাসত উল্লেখ কৰা কয়িন আৰু হেবলৰ বিবৰণীত এই সম্পৰ্কে বৰ্ণনা কৰা হৈছে।

আদম আৰু হৱাক এদন বাগিছাৰ পৰা বহিষ্কাৰ কৰাৰ পাছত যিহোৱাই যে তেওঁলোকৰ সৈতে কথা-বতৰা হৈছিল, এই বিষয়ে শাস্ত্ৰত কোনো বিবৰণ পোৱা নাযায়। তথাপিও, যিহোৱাই তেওঁলোকৰ সন্তানবিলাকৰ সৈতে কথোপকথন কৰিছিল। নিসন্দেহ, এদন বাগিছাত যি ঘটিল এই বিষয়ে কয়িন আৰু হেবলে তেওঁলোকৰ মাক-দেউতাকৰ পৰা জানিব পাৰিলে। তদুপৰি, তেওঁলোকে “জীৱন-বৃক্ষৰ পথ ৰখিবলৈ, এদন বাৰীৰ পূবফালে কৰূববিলাকক, আৰু চাৰিওফালে ঘূৰি থকা এখন জলন্তময় তৰোৱালকো” দেখা পাইছিল। (আদিপুস্তক ৩:২৪) ইয়াৰ ওপৰিও তেওঁলোকে, যিহোৱাই মানুহক জীৱনৰ গোটেই কালত দুঃখ আৰু মুখৰ ঘামেৰে আহাৰ কৰিবলৈ পাবা বুলি কোৱা সত্যতাৰো প্ৰমাণ পাইছিল।—আদিপুস্তক ৩:১৬, ১৯.

কয়িন আৰু হেবলে নিশ্চয়ে যিহোৱাই সৰ্পক কোৱা এই বাক্যশাৰীক জানিছিল। যʼত তেওঁ এইদৰে কৈছিল: “মই তোৰে নাৰীৰে মাজত, আৰু তোৰ বংশৰে নাৰীৰ বংশৰে মাজত শত্ৰুভাব উৎপন্ন কৰিম; সি তোৰ মূৰ গুড়ি কৰিব, আৰু তই তাৰ গোৰোৱা গুড়ি কৰিবি।” (আদিপুস্তক ৩:১৫) কয়িন আৰু হেবলে যিহোৱাৰ বিষয়ে যি জানিছিল, ইয়ে তেওঁলোকক তেওঁৰ সৈতে অনুমোদনমূলক সম্বন্ধ বিকাশিত কৰিবলৈ প্ৰেৰিত কৰিব পাৰিলেহেঁতেন।

যিহোৱাৰ ভৱিষ্যতবাণী আৰু তেওঁৰ উপকাৰক গুণসমূহক প্ৰতিফলিত কৰি কয়িন আৰু হেবলে ঈশ্বৰীয় অনুমোদন লাভ কৰাৰ ইচ্ছা জাগাই তুলিবলৈ প্ৰেৰিত হোৱা উচিত আছিল। তেওঁলোকে কিমান পৰ্য্যন্তলৈকে সেই ইচ্ছাক জগাই তুলিব পাৰিলেহেঁতেন? তেওঁলোকে নিজৰ স্বাভাবিক ইচ্ছা অনুসাৰে ঈশ্বৰক উপাসনা আৰু তেওঁত বিশ্বাস কৰিব পাৰিলেহেঁতেনে?—মথি ৫:৩.

ককায়েক-ভায়েকে কৰা বলিদান

সময় অতিবাহিত হোৱাৰ লগে লগে কয়িন আৰু হেবলে ঈশ্বৰলৈ বলিদান উৎসৰ্গ কৰিছিল। কয়িনে ভূমিত উৎপন্ন হোৱা ফল-মুল আৰু হেবলে তেওঁৰ মেৰৰ জাকৰ পৰা প্ৰথমজাত পশু বলিদান হিচাবে ঈশ্বৰলৈ আগবঢ়াইছিল। (আদিপুস্তক ৪:৩, ৪) এই দুজন ব্যক্তিৰ বয়স হয়তো ১০০ বছৰ আছিল, কিয়নো আদমে ১৩০ বছৰ বয়সত তৃতীয় পুত্ৰ চেথৰ পিতৃ হৈছিল।—আদিপুস্তক ৪:২৫; ৫:৩.

কয়িন আৰু হেবলে বলিদান কৰা কাৰ্য্যই এইটো নিৰ্দ্দেশিত কৰিছে যে তেওঁলোকে পাপী বুলি জানিব পাৰিছিল আৰু ঈশ্বৰৰ অনুমোদন লাভ কৰিবলৈ আগ্ৰহী হৈছিল। তেওঁলোকে কৰা কাৰ্য্যই নিশ্চয়ে কিছুমাত্ৰাত হʼলেও ঈশ্বৰে সৰ্প আৰু তিৰোতাৰ বংশৰ সম্পৰ্কে কৰা প্ৰতিজ্ঞাৰ ভাৱধাৰা দাঙি ধৰিছিল। কয়িন আৰু হেবলে যিহোৱাৰ সৈতে অনুমোদনমূলক সম্পৰ্ক স্থাপন কৰিবলৈ কিমান সময় অতিবাহিত কৰিব লাগিব, এই বিষয়ে কোনো বৰ্ণনা কৰা নাছিল। কিন্তু তেওঁলোকে আগবঢ়োৱা বলিদানৰ প্ৰতি দেখুৱা ঈশ্বৰৰ প্ৰতিক্ৰিয়াৰ পৰা এইটো জানিব পৰা যায় যে তেওঁলোকে যি কৰিছিল, সেইটো সম্পূৰ্ণ হৃদয়েৰে কৰিব লাগিছিল।

কিছুমান বিদ্বানে এইদৰে অভিমত দিছিল যে হৱাই, কয়িনক সৰ্পৰ মূৰ গুৰি কৰা সেই “বংশ” হিচাবে দৃষ্টি কৰিছিল। সেইবাবে তাই এইদৰে কৈছিল: “যিহোৱাৰ সাহায্যত মই এটি মানুহ পালোঁ।” (আদিপুস্তক ৪:১) যদি কয়িনে তেনেদৰে বিশ্বাস কৰাহʼলে একেবাৰে ভুল হʼলহেঁতেন। আনহাতে হেবলে ঈশ্বৰলৈ বলিদান কৰাৰ ওপৰিও তেওঁক বিশ্বাস কৰিছিল। এইদৰে, “বিশ্বাসৰ গুণে, হেবলে ঈশ্বৰৰ উদ্দেশে কয়নিতকৈ উত্তম বলিদান উৎসৰ্গ কৰিলে।”—ইব্ৰী ১১:৪.

হেবলে আধ্যাত্মিক অন্তৰ্দৃষ্টি লাভ কৰিছিল আৰু কয়িনে হʼলে এই বিষয়ত পিছ পৰি আছিল। এই দুজন ককাই-ভাইৰ মাজত কেৱল আধ্যাত্মিক অন্তৰ্দৃষ্টিৰ ক্ষেত্ৰতহে ভিন্ন আছিল, এনে নহয়, কিন্তু তেওঁলোকৰ মনোবৃত্তিও ভিন্ন আছিল। সেয়েহে, “যিহোৱাই হেবলক আৰু তেওঁৰ উপহাৰ গ্ৰহণ কৰিলে; কিন্তু কয়িনক আৰু তেওঁৰ উপহাৰক হলে, গ্ৰহণ নকৰিলে।” কিয়নো কয়িনে আন্তৰিকতাহীন হৈ গতানুগতিৰে ঈশ্বৰলৈ বলিদান উৎসৰ্গ কৰিছিল। সেয়েহে যিহোৱাই ৰীতি অনুসাৰে কৰা তেওঁৰ উপাসনাক অনুমোদন নিদিলে। তেতিয়া কয়িনে এক দুষ্ট মনোবৃত্তি বিকাশিত কৰিলে আৰু যিহোৱাই তেওঁৰ ভুল মনোবৃত্তিক বুজি পালে। ঈশ্বৰে কয়িনৰ বলিদান অস্বীকাৰ কৰাৰ পৰিণামস্বৰূপে তেওঁৰ মনত যি আছিল, সেইটো স্পষ্টৰূপে প্ৰকাশ পালে। নিজৰ মনোবৃত্তিক সলনি কৰাৰ পৰিৱৰ্তে, “কয়িনৰ অতিশয় ক্ৰোধ হল, আৰু তেওঁৰ মুখো আমন জিমন হল।” (আদিপুস্তক ৪:৫) তেওঁ নিজৰ আচৰণৰ যোগেদি দুষ্ট অভিপ্ৰায় আৰু উদ্দেশ্য প্ৰকাশ কৰিলে।

সতৰ্কবাণী আৰু তাৰ প্ৰতি দেখুৱা প্ৰতিক্ৰিয়া

ঈশ্বৰে কয়িনৰ মনোবৃত্তিক বুজি পাই তেওঁক এইদৰে পৰামৰ্শ দিলে: “কিয় ক্ৰোধ কৰিছা? আৰু তোমাৰ মুখ বা কিয় আমন-জিমন কৰিছা? তুমি ভাল কৰিলে জানো তোমাক গ্ৰহণ কৰা নহব? যদি ভাল নকৰা, তেন্তে পাপ দুৱাৰ-মুখত খাপ দি আছে; আৰু তোমালৈ তাৰ ইচ্ছা, কিন্তু তুমি তাক দমন কৰিব লাগে।”—আদিপুস্তক ৪:৬, ৭.

ইয়াত আমাৰ বাবে শিকিবলৈ এক গুৰুত্বপূৰ্ণ শিক্ষা আছে। প্ৰকৃততে, পাপেও আমাৰ বাবে দুৱাৰ দলিত অপেক্ষা কৰি আছে। তথাপিও যিহোৱাই আমাক স্বাধীন ইচ্ছা প্ৰদান কৰিছে যাতে আমি যিটো সঠিক তাৰ বাছনি কৰোঁ। ঠিক তেনেদৰে যিহোৱাই কয়িনকো “ভাল” কৰিবলৈ আমন্ত্ৰণ কৰিছিল, কিন্তু কয়িনক নিজৰ মনোবৃত্তি সলনি কৰিবলৈ কোনো বল প্ৰয়োগ কৰা নাছিল। পৰিণামস্বৰূপে, কয়িনে নিজৰ ইচ্ছাৰ অনুসাৰে ভুল কাৰ্য্য কৰিবলৈ বাছি ললে।

ঈশ্বৰৰ প্ৰেৰিত বাক্যই এইদৰে ব্যাখ্যা কৰিছে: “তেতিয়া কয়িনে নিজ ভায়েক হেবলক কথা কলে; পাছে সিবিলাকে পথাৰত থাকোঁতে, কয়িনে নিজ ভায়েক হেবলৰ বিৰুদ্ধে উঠি তেওঁক বধ কৰিলে।” (আদিপুস্তক ৪:৮) এইদৰে কয়িনে আজ্ঞা উলঙ্ঘন আৰু এক নিষ্ঠুৰ হত্যাকাৰী হৈ পৰিল। যেতিয়া যিহোৱাই কয়িনক এইদৰে সোধিছিল: “তোমাৰ ভায়েৰা হেবল কত আছে?” তেতিয়া তেওঁ কোনো সহাঁৰি নিদিলে। তাৰ পৰিৱৰ্তে তেওঁৰ দাম্ভিকভাৱে এইদৰে কʼলে: “মই নেজানো; মই কিবা ভাইৰ ৰখীয়া নে?” (আদিপুস্তক ৪:৯) এইদৰে কোৱা মিছা আৰু অস্বীকাৰমূলক কথাষাৰে, কয়িনৰ কঠোৰ হৃদয়ৰ বিষয়ে প্ৰকাশ কৰে।

যিহোৱাই কয়িনক শাও দিলে আৰু এদন বাগিছাৰ দাঁতি-কাষৰীয়া এলেকাৰ পৰা খেদি পঠিয়ালে। যিহেতু ভূমি আগতেই অভিশপ্ত হৈছিল, কিন্তু কয়িনৰ ক্ষেত্ৰত ভূমি আগতকৈও অধিক অভিশপ্ত হৈ পৰিল আৰু তেওঁ ভূমিত লগোৱা কোনো শষ্যই ফল নধৰিলে। তেওঁ পৃথিৱীত পলৰীয়া আৰু থানথিত নোহোৱা হৈ পৰিল। তেওঁ ভায়েকক হত্যা কৰাৰ বাবে যিহোৱাই দিয়া শাস্তিৰ বাবে উগ্ৰভাৱে আপত্তি কৰিবলৈ ধৰিলে, কিন্তু তথাপিও তেওঁ মন পৰিৱৰ্তন নকৰিলে। তাতে যিহোৱাই তেওঁক “এটা চিন দিলে”—এক গুৰুত্বৰ বিধান দিলে যাতে আনে পালন কৰি তেওঁক পাই বধ নকৰে।—আদিপুস্তক ৪:১০-১৫.

পাছে কয়িনে “যিহোৱাৰ সম্মুখৰ পৰা ওলাই গৈ, এদনৰ পূব দিশে নোদ দেশত বাস কৰিলগৈ।” (আদিপুস্তক ৪:১৬) কয়িনে তেওঁৰ এগৰাকী ভনী বা ভগিনীয়েকক নিজৰ পত্নী কৰি ললে। পাছলৈ তেওঁ এখন নগৰ নিৰ্ম্মাণ কৰে আৰু তেওঁৰ প্ৰথম পুত্ৰ হনোকৰ জন্মৰ পাছত সেই নগৰখনৰ নামকৰণ কৰে। কয়িনৰ বংশধৰ লেমকে তেওঁৰ আদিপুৰুষৰ দৰে অঈশ্বৰীয় কাৰ্য্যত জড়িত হয়। অৱশেষত কয়িনৰ বংশধৰসকল নোহৰ জলপ্লাৱনত ধ্বংস হয়।—আদিপুস্তক ৪:১৭-২৪.

আমাৰ বাবে এক শিক্ষা

আমি কয়িন আৰু হেবলৰ বৃতান্তটোৰ পৰা বহু কিছু শিকিব পাৰোঁ। পাঁচনি যোহনে খ্ৰীষ্টানসকলক উৎসাহিত কৰি কৈছিল যে তেওঁলোকে “কয়িনে যেনেকৈ পাপ-আত্মাৰ পৰা হৈ, নিজ ভায়েকক বধ কৰিলে,” তেনে কোনো কাৰ্য্য নকৰি এজনে আনজনক প্ৰেম কৰা আৱশ্যক। কয়িনৰ “কৰ্ম্ম মন্দ, কিন্তু ভায়েকৰ কৰ্ম্ম ধৰ্ম্মময় আছিল।” তদুপৰি, যোহনে এইদৰে বৰ্ণনা কৰিছিল: “যি কোনোৱে ভাইক ঘিণ কৰে, তেওঁ নৰ-বধী; আৰু কোনো নৰ-বধীৰ অন্তৰত অনন্ত জীৱন নাথাকে, ইয়াক তোমালোকে জানা।” প্ৰকৃততে ঈশ্বৰৰ সৈতে আমাৰ সম্বন্ধ আৰু ভৱিষ্যতৰ আশা খ্ৰীষ্টান সঙ্গীসকলৰ সৈতে আমি কৰা আচৰণৰ ওপৰত নিৰ্ভৰ কৰে। গতিকে আমি আমাৰ কোনো বিশ্বাসী ভাই-ভনীক ঘৃণা কৰিব নোৱাৰোঁ আৰু তেহে আমি ঈশ্বৰৰ পৰা অনুমোদন লাভ কৰিব পাৰিম।—১ যোহন ৩:১১-১৫; ৪:২০.

কয়িন আৰু হেবলেও সেই একেই মনোবৃত্তি ৰাখিব লাগিছিল। কিন্তু কয়িনে ঈশ্বৰৰ প্ৰতি বিশ্বাস হেৰুৱাই পেলালে। আচলতে তেওঁ চয়তানৰ মনোবৃত্তি বিকাশিত কৰিলে, যিজন ‘আদিৰ পৰা নৰ-বধী আৰু মিছলীয়াৰ বাপেক।’ (যোহন ৮:৪৪) কয়িনে লোৱা পদক্ষেপে এইটো প্ৰকাশ কৰিছে যে আমাৰ সকলোৰে ওচৰত নিজ ইচ্ছা অনুসাৰে বাছনি কৰা স্বাধীনতা আছে। কিন্তু যিসকলে পাপৰ পথত চলিবলৈ বাছনি কৰে তেওঁলোকে নিজকে ঈশ্বৰৰ পৰা আঁতৰ কৰে আৰু যিহোৱাই তেনে কঠোৰ মনৰ লোকক ন্যায় কৰিব।

আনহাতে হেবলে যিহোৱাক বিশ্বাস কৰিছিল। অৱশ্যে, “বিশ্বাসৰ গুণে, হেবলে ঈশ্বৰৰ উদ্দেশে কয়িনতকৈ উত্তম বলিদান উৎসৰ্গ কৰিলে; আৰু তাৰ দ্বাৰায়েই, তেওঁ যে ধাৰ্ম্মিক, ইয়াৰ সাক্ষ্য পালে; অৰ্থাৎ ঈশ্বৰে তেওঁৰ উপহাৰৰ বিষয়ে সাক্ষ্য দিছিল।” যদিও বাইবেলত হেবলে নিজ মুখেৰে কোৱা কোনো বিবৃতি পোৱা নাযায়, তথাপিও তেওঁ ৰখা বিশ্বাসৰ আৰ্হিয়ে তেওঁৰ হৈ “এতিয়ালৈকে কথা কৈ আছে।”—ইব্ৰী ১১:৪.

ঈশ্বৰৰ প্ৰতি অখণ্ডতা বজাই ৰখাসকলৰ ভিতৰত হেবল হৈছে প্ৰথম ব্যক্তি। ‘ভূমিৰ পৰা যিহোৱাক চিঞৰা’ তেওঁৰ তেজৰ বিষয়ে এতিয়ালৈকে পাহৰা নায়। (আদিপুস্তক ৪:১০; লূক ১১:৪৮-৫১) হেবলে কৰা বিশ্বাসৰ দৰে যদি আমিও বিশ্বাস কৰোঁ, তেনেহʼলে আমি যিহোৱাৰ সৈতে এক অনন্তকলীয়া মুল্যবান সম্পৰ্ক বজাই ৰাখি আনন্দ উপভোগ কৰিব পাৰিম। (w02 1/15)

[৩২ পৃষ্ঠাৰ বক্স]

খেতিয়ক আৰু মেৰৰখীয়া

খেতি-বাতি আৰু পশু পালন কৰাটো হৈছে যিহোৱাই আদিতে আদমক দিয়া নিযুক্তি কাৰ্য্যসমূহৰ ভিতৰত কেৱল কিছুমান দায়িত্ব। (আদিপুস্তক ১:২৮; ২:১৫; ৩:২৩) আদমৰ প্ৰথম পুতেক কয়িন খেতিয়ক আৰু তেওঁৰ দ্বিতীয় পুতেক হেবল মেৰৰখীয়া আছিল। (আদিপুস্তক ৪:২) নোহৰ জলপ্লাৱনৰ পাছতো ফল-মুল আৰু শাক-পাছলি মানৱজাতিৰ প্ৰধান আহাৰ আছিল, তেতিয়াহʼলে মেৰ প্ৰতিপালন কৰিবলৈ কিয় কোৱা হৈছিল?—আদিপুস্তক ১:২৯; ৯:৩, ৪.

মেৰবোৰক চোৱা-চিতা কৰাৰ বাবে মানুহৰ আৱশ্যকতা আছিল। হেবলৰ কাৰ্য্যই এইটো প্ৰকাশ কৰিলে যে তেতিয়াৰে পৰা মানৱ ইতিহাসত জীৱ-জন্তুক প্ৰতিপালন কৰাটো আৰম্ভ হʼল। যদিও শাস্ত্ৰত, প্ৰাচীন কালত মানুহে জীৱ-জন্তুৰ গাখীৰ খাদ্য হিচাবে ব্যৱহাৰ কৰা বুলি উল্লেখ কৰা নাই, তথাপিও শাস্ত্ৰই কৈছে যে যিসকল নিৰামিষ আছিল তেওঁলোকে মেৰৰ ঊণ ব্যৱহাৰ কৰিছিল। কোনো মেৰৰ মৃত্যু হোৱাৰ পাছত তাৰ ছাল কাৰ্য্যকাৰীৰূপে ব্যৱহাৰ কৰা হৈছিল। আদম আৰু হৱাই পৰিধান কৰিবলৈ যিহোৱাই তেওঁলোকক “ছালৰ বস্ত্ৰ” প্ৰদান কৰিছিল।—আদিপুস্তক ৩:২১.

যিয়েই নহওঁক কিয়, এইটো কʼব পাৰি যে আৰম্ভণীতে কয়িন আৰু হেবলে ইজনে-সিজনক সহযোগ কৰিছিল। তেওঁলোকে কাপোৰ আৰু আহাৰ প্ৰবন্ধ কৰাৰ দ্বাৰা পৰিয়ালটোত থকা আন সদস্যসকলৰ আৱশ্যকতা পূৰ কৰিছিল।

[৩১ পৃষ্ঠাৰ ছবি]

কয়িনৰ “কৰ্ম্ম মন্দ, কিন্তু ভায়েকৰ কৰ্ম্ম ধৰ্ম্মময় আছিল।”