যিহোৱা—মঙ্গলময়ৰ এক উত্তম আৰ্হি ৰখা ঈশ্বৰ
যিহোৱা—মঙ্গলময়ৰ এক উত্তম আৰ্হি ৰখা ঈশ্বৰ
“বাহিনীবিলাকৰ যিহোৱাৰ ধন্যবাদ কৰা, কিয়নো যিহোৱা মঙ্গলময়।”—যিৰিমিয়া ৩৩:১১.
১. আমি কিয় ঈশ্বৰৰ মঙ্গলময়ৰ বিষয়ে স্তুতি কৰিবলৈ প্ৰেৰিত হওঁ?
যিহোৱা, সম্পূৰ্ণ মঙ্গলময় ৰখা ঈশ্বৰ। এই বিষয়ে ভৱিষ্যতবক্তা জখৰিয়াই এইদৰে কৈছিল: “তেওঁৰ মঙ্গল কেনে মহৎ!” (জখৰিয়া ৯:১৭) অৱশ্যে, ইয়াত কোনো সন্দেহৰ কাৰণ নাই যে ঈশ্বৰে আমাৰ আনন্দৰ বাবে সৃষ্টি কৰা পৃথিৱীৰ সকলোবোৰ বস্তুতে এই গুণ প্ৰকাশ পাইছে। (আদিপুস্তক ১:৩১) ঈশ্বৰে যি জটিল নিয়মেৰে বিশ্ব-মণ্ডল সৃষ্টি কৰিলে তাক আমি কেতিয়াও বুজিব নোৱাৰিম। (উপদেশক ৩:১১; ৮:১৭) কিন্তু এই বিশ্ব-মণ্ডলৰ বিষয়ে আমি যিমান জানো, ইয়ে আমাক সিমানেই তেওঁৰ মঙ্গলময়ৰ বিষয়ে স্তুতি কৰিবলৈ প্ৰেৰিত কৰে।
২. মঙ্গলময়ৰ অৰ্থ আপুনি কেনেকৈ বৰ্ণনা কৰিব পাৰে?
২ মঙ্গলময় কি? ই হৈছে নৈতিক শ্ৰেষ্ঠতা বা চৰিত্ৰ। ইয়াত কোনো নিকৃষ্টতা সন্মিলিত নাই। মঙ্গলময় হৈছে আত্মাৰ এক ফল আৰু সঠিক গুণ। (গালাতীয়া ৫:২২, ২৩) যেতিয়া আমি আনৰ প্ৰতি উত্তম আৰু লাভদায়ক কাৰ্য্য কৰোঁ তেতিয়া এই গুণ প্ৰকাশ পায়। এই দুষ্ট ৰীতি-ব্যৱস্থাত কিছুমান ক্ষেত্ৰক যাক উত্তম বুলি বিবেচনা কৰা হয়, আনে হয়তো তাক বেয়া বুলি দৃষ্টি কৰিব পাৰে। যদি আমি শান্তি আৰু আনন্দ লাভ কৰিব বিচাৰোঁ, তেনেহʼলে মঙ্গলময়ৰ এক নিৰ্দ্ধাৰিত স্তৰ বজাই ৰখা উচিত। এই স্তৰ কোনে সঠিকভাৱে স্থাপিত কৰিব পাৰে?
৩. মঙ্গলময় স্তৰৰ বিষয়ে আদিপুস্তক ২:১৬, ১৭ পদত কি কৈছে?
৩ মঙ্গলময়ৰ সম্পৰ্কে ঈশ্বৰে এক নিৰ্দ্ধাৰিত স্তৰ স্থাপন কৰিছে। মানৱ ইতিহাসৰ আৰম্ভণীতে যিহোৱাই এইদৰে আজ্ঞা দি কৈছিল: “তুমি বাৰীৰ সকলো বৃক্ষৰ ফল স্বচ্ছন্দে খাব পাৰা; কিন্তু ভাল বেয়া জ্ঞান দিওঁতা বৃক্ষৰ ফল হলে নেখাবা কিয়নো, যি দিনা তাক খাবা, সেই দিনাই তুমি অৱশ্যে মৰিবা।” (আদিপুস্তক ২:১৬, ১৭) বাস্তৱতে, ভাল বেয়া জ্ঞানৰ বাবে মানৱজাতিয়ে তেওঁলোকৰ সৃষ্টিকৰ্ত্তাৰ ওপৰত নিৰ্ভৰ কৰা আৱশ্যক।
মঙ্গলময় প্ৰকাশ কৰাত অযোগ্য হোৱা
৪. আদমে পাপ কৰাত ঈশ্বৰে মানৱজাতিৰ বাবে কি প্ৰবন্ধ কৰিলে?
৪ যেতিয়া আদমে পাপ কৰি ঈশ্বৰে দিয়া মঙ্গলময় স্তৰৰ অনুসাৰে চলিবলৈ অস্বীকাৰ কৰিলে, তেতিয়া মানৱজাতিয়ে সিদ্ধ হৈ অনন্তকাল জীয়াই থকা আশাৰ অন্ত পৰিল। (আদিপুস্তক ৩:১-৬) কিন্তু আদমৰ সন্তানবিলাকে উত্তৰাধিকাৰ হিচাবে লাভ কৰা পাপ আৰু মৃত্যুত জন্ম হোৱাৰ পূৰ্বেই যিহোৱাই আহিবলগীয়া এটা পৰিপূৰ্ণ বংশৰ বিষয়ে ভৱিষ্যতবাণী কৰিলে। বাস্তৱতে যিহোৱাই সেই “পুৰণি সাপ” অৰ্থাৎ চয়তানক উদ্দেশ্য কৰি এইদৰে কৈছিল: “মই তোৰে নাৰীৰে মাজত, আৰু তোৰ বংশৰে নাৰীৰ বংশৰে মাজত শত্ৰুভাব উৎপন্ন কৰিম; সি তোৰ মূৰ গুড়ি কৰিব, আৰু তই তাৰ গোৰোৱা গুড়ি কৰিবি।” (প্ৰকাশিত বাক্য ১২:৯; আদিপুস্তক ৩:১৫) মানৱজাতিক পাপৰ পৰা মুক্তি কৰাটো যিহোৱাৰ উদ্দেশ্য আছিল। মঙ্গলময় প্ৰকাশ কৰাত অযোগ্য হোৱাৰ স্বত্ত্বেও যিহোৱাই এনে এক ব্যৱস্থা কৰিলে, যাৰ যোগেদি তেওঁৰ একমাত্ৰ পুত্ৰৰ মুক্তিপণ বলিদানক বিশ্বাস কৰা লোকসকলে যেন উদ্ধাৰ পায়।—মথি ২০:২৮; ৰোমীয়া ৫:৮, ১২.
৫. আমাৰ হৃদয়ত বেয়া প্ৰবৃত্তি থকাৰ স্বত্ত্বেও আমি কিছু পৰিমাণে কিয় মঙ্গলভাৱ প্ৰকাশ কৰিব পাৰোঁ?
৫ নিসন্দেহ, আদমে পাপ কৰাৰ বাবে আমাৰ হৃদয়ত বেয়া প্ৰবৃত্তিয়ে বাহ ললে। (আদিপুস্তক ৮:২১) আনন্দৰ বিষয় এই যে যিহোৱাই আমাক কিছু পৰিমাণে মঙ্গলময় গুণ বজাই ৰখাত সহায় আগবঢ়াইছে। তেওঁৰ পবিত্ৰ বাক্যৰ পৰা একেৰাহে শিক্ষা লোৱাৰ দ্বাৰা আমি কেৱল ‘পৰিত্ৰাণৰ অৰ্থে জ্ঞানী’ আৰু ‘সকলো সৎকৰ্ম্মৰ নিমিত্তে সুসজ্জিত হম,’ এনে নহয় কিন্তু তেওঁৰ দৃষ্টিত যি উত্তম তাকো কৰিবলৈ সহায় লাভ কৰিম। (২ তীমথিয় ৩:১৪-১৭) শাস্ত্ৰীয় নিৰ্দ্দেশনাৰ পৰা লাভৱান আৰু মঙ্গলময় গুণ প্ৰকাশ কৰি আমি নিশ্চয়ে গীতমালাৰ লিখকৰ দৰে মনোবৃত্তি ৰখা উচিত, যিজনে এইদৰে গীত গাই কৈছিল: “তুমি মঙ্গলময় আৰু মঙ্গলকাৰী; তোমাৰ বিধিবোৰ মোক শিকোৱা।”—গীতমালা ১১৯:৬৮.
যিহোৱাৰ মঙ্গলময় গুণক উচ্চপ্ৰশংসা কৰা হʼল
৬. ৰজা দায়ূদে নিয়ম-চন্দুক যিৰূচালেম চহৰত অনাৰ পাছত লেবীসকলে গোৱা গীতৰ সাৰাংশ কি আছিল?
৬ প্ৰাচীন সময়ৰ ৰজা দায়ূদে ঈশ্বৰৰ মঙ্গলময় স্বীকাৰ কৰিছিল আৰু তেওঁৰ মাৰ্গ-দৰ্শন বিচাৰিছিল। সেয়েহে তেওঁ এইদৰে কৈছিল, “যিহোৱা মঙ্গল দিওঁতা আৰু ন্যায়ৱান; এই নিমিত্তে তেওঁ পাপী লোকক পথ শিকায়।” (গীতমালা ২৫:৮) যিহোৱাই ইস্ৰায়েলজাতিক তেওঁৰ গুৰুত্বপূৰ্ণ আইনৰূপে দুখন শিলৰ ফলিত দহোটা আজ্ঞা দিছিল যাক এটা পবিত্ৰ বাকচ অৰ্থাৎ নিয়ম-চন্দুকত ৰখা হৈছিল। ৰজা দায়ূদে যেতিয়া সেই চন্দুকক ইস্ৰায়েলৰ ৰাজধানী যিৰূচালেম চহৰত আনিছিল, তেতিয়া লেবীসকলে এইদৰে গীত গাইছিল: “তোমালোকে যিহোৱাৰ ধন্যবাদ কৰা, কিয়নো তেওঁ মঙ্গলময়; কাৰণ তেওঁৰ দয়া চিৰকাললৈকে থাকে।” (১ বংশাৱলি ১৬:৩৪, ৩৭-৪১) লেবী বংশৰ গায়কসকলৰ মুখৰ পৰা ওলোৱা তেনে মধুৰ সংঙ্গীত কিমান যে আমোদজনক আছিল!
৭. নিয়ম-চন্দুক পৰম পবিত্ৰ স্থানলৈ অনাৰ পাছত আৰু চলোমনে কৰা প্ৰাৰ্থনাৰ শেষত কি ঘটিছিল?
৭ একেইদৰে ৰজা দায়ূদৰ পুত্ৰ চলোমনে যিহোৱাৰ মন্দিৰ নিৰ্ম্মাণ কাৰ্য্য শেষ হোৱাৰ পাছত মন্দিৰ সমৰ্পণ কৰাৰ সময়ত সেই বাক্যশাৰীক দোহাৰা হৈছিল। নিয়ম-চন্দুক নতুনকৈ নিৰ্ম্মাণ কৰা মন্দিৰৰ পৰম পবিত্ৰ স্থানত ৰখাৰ পাছত, লেবীসকলে যিহোৱালৈ স্তুতি কৰি এইদৰে গীত গাবলৈ আৰম্ভ কৰিছিল, “তেওঁ মঙ্গলময়; কাৰণ তেওঁৰ দয়া চিৰকাললৈকে থাকে।” সেই সময়ছোৱাত মন্দিৰটোত আচৰিতভাৱে মেঘেৰে পৰিপূৰ্ণ হৈছিল, যিয়ে যিহোৱাৰ প্ৰতাপ উপস্থিতি হোৱাৰ প্ৰমাণ দিছিল। (২ বংশাৱলি ৫:১৩, ১৪) ৰজা চলোমনে কৰা সমৰ্পিত প্ৰাৰ্থনাৰ শেষত “আকাশৰ পৰা অগ্নি নামি আহি, হোম-বলি আৰু আন আন বলি গ্ৰাস কৰিলে।” তাতে “ইস্ৰায়েলৰ সন্তানবিলাকে . . . মূৰ দোঁৱাই, শিলেৰে বন্ধা মাটিত মুখ লগাই প্ৰণিপাত কৰিলে; আৰু ‘কিয়নো তেওঁ মঙ্গলময়; কাৰণ তেওঁৰ দয়া চিৰকাললৈকে থাকে,’ এই বুলি যিহোৱাৰ ধন্যবাদ কৰিলে।” (২ বংশাৱলি ৭:১-৩) সেই উৎসৱ পালন কৰা ১৪ দিনৰ পাছত ইস্ৰায়েলসকলে “যিহোৱাই দায়ূদ, চলোমন, আৰু তেওঁৰ প্ৰজা ইস্ৰায়েললৈ কৰা মঙ্গলৰ কাৰণে তেওঁবিলাক আনন্দিত” হৈ নিজ নিজ ঘৰলৈ উভটি গʼল।—২ বংশাৱলি ৭:১০.
৮, ৯. (ক) ইস্ৰায়েলসকলে যদিও যিহোৱাক মঙ্গলময় হোৱাৰ বাবে স্ত্তুতি কৰিছিল, কিন্তু পাছলৈ তেওঁলোকে কেনে পথত চলিব ধৰিছিল? (খ) ভৱিষ্যতবক্তা যিৰিমিয়াৰ দ্বাৰা কি ভৱিষ্যতবাণী কৰা হৈছিল আৰু কেনেদৰে এই ভৱিষ্যতবাণী পূৰ্ণ হৈছিল?
৮ দুখৰ বিষয় এই যে, ইস্ৰায়েলসকলে একেৰাহে ঈশ্বৰলৈ গান কৰা গীতৰ অনুসাৰে জীৱন-যাপন কৰিবলৈ ত্যাগ দিলে। এটা সময়ত যিহূদাৰ লোকসকলে ‘যিহোৱাক মুখেৰে আৰু ওঁঠেৰে সন্মান কৰিবলৈ ধৰিলে।’ (যিচয়া ২৯:১৩) তেওঁলোকে ঈশ্বৰে প্ৰদান কৰা মঙ্গলময় স্তৰৰ পৰিৱৰ্তে তেওঁৰ দৃষ্টিত যি বেয়া তাৰ অনুসাৰে চলিবলৈ ধৰিলে। আপুনি জানেনে তেওঁলোকে কেনে দুষ্ট কাৰ্য্যত জড়িত হৈছিল? তেওঁলোকে মূৰ্ত্তি পূজা, ব্যভিচাৰ, দৰিদ্ৰৰ ওপৰত অত্যাচাৰ আৰু অন্যান্য গম্ভীৰ পাপ কৰাৰ বাবে দায়ী নাছিলনে বাৰু! পৰিণামস্বৰূপে, সা.যু.পূ. ৬০৭ চনত যিৰূচালেম চহৰ সম্পূৰ্ণৰূপে ধ্বংস আৰু যিহূদাত থকা বাসিন্দাসকলক বন্দী কৰি বাবিললৈ নিয়া হৈছিল।
৯ তেনে কৰাৰ দ্বাৰা ঈশ্বৰে তেওঁৰ লোকসকলক অনুশাসন দিছিল। তথাপিও তেওঁ ভৱিষ্যতবক্তা যিৰিমিয়াৰ দ্বাৰা যিৰূচালেমত থকা এনে কিছুমান লোকৰ বিষয়ে ভৱিষ্যতবাণী কৰিছিল, যিসকলৰ মুখৰ পৰা এইদৰে গীত গোৱা শুনা যাব: “বাহিনীবিলাকৰ যিহোৱাৰ ধন্যবাদ কৰা, কিয়নো যিহোৱা মঙ্গলময়, কাৰণ তেওঁৰ দয়া চিৰকাললৈকে থাকে।” (যিৰিমিয়া ৩৩:১০, ১১) ঠিক তেনেদৰেই ঘটিল। সেই ভৱিষ্যতবাণীৰ অনুসাৰে ইস্ৰায়েলৰ অভিষিক্ত লোকসকলে, ৭০ বছৰকাল তেওঁলোকৰ চহৰ ধ্বংসাত্মক অৱস্থাত থকাৰ অৰ্থাৎ সা.যু.পূ. ৫৩৭ চনত যিৰূচালেমলৈ পুনৰাই ঘূৰি আহিল। (যিৰিমিয়া ২৫:১১; দানিয়েল ৯:১, ২) তেওঁলোকে মোৰিয়া পৰ্ব্বতৰ ওপৰত থকা মন্দিৰৰ স্থানত যজ্ঞ-বেদীৰ পুনৰনিৰ্ম্মাণ কৰি বলিদান কৰিবলৈ ধৰিলে। তেওঁলোকে উভটি অহা দ্বিতীয় বছৰত মন্দিৰৰ ভেঁটি নিৰ্ম্মাণ কৰা হৈছিল। সেইটো কিযে এক ৰোমাঞ্চকৰ সময় আছিল! “গাঁথকবিলাকে যিহোৱাৰ মন্দিৰৰ ভিত্তিমূল স্থাপন কৰাৰ পাছত” ইজ্ৰাই এইদৰে কৈছিল, “পুৰোহিতবিলাকে নিজ নিজ বস্ত্ৰ পিন্ধি হাতত তুৰী লৈ, আৰু আচফৰ সন্তান লেবীয়াবিলাকে হাতত তাল লৈ থিয় হল। আৰু তেওঁবিলাকে যিহোৱাৰ প্ৰশংসা ও স্তুতি কৰি পালে পালে এই কথা কৈ গান কৰিলে, ‘কিয়নো যিহোৱা মঙ্গলময়; কাৰণ ইস্ৰায়েললৈ তেওঁৰ দয়া চিৰকাললৈকে থাকে।’” (ইজ্ৰা ৩:১-১১)
১০. কেনে গুৰুত্বপূৰ্ণ উক্তিৰ সৈতে গীতমালা ১১৮ অধ্যায়টো আৰম্ভণী আৰু সমাপ্তি কৰা হৈছে?
১০ যিহোৱাৰ মঙ্গলময়ৰ স্তুতি কৰি গীতমালাৰ লিখকেও তেওঁৰ লিখনিত সেই একেই অনুৰূপৰ উক্তিটো কেইবাৰো উল্লেখ কৰা দেখিবলৈ পোৱা যায়। তাৰে ভিতৰত গীতমালা ১১৮ অধ্যায়ত গোৱা গীতটো ইস্ৰায়েলসকলে নিস্তাৰ-পৰ্ব্ব উৎযাপনৰ সামৰণীত গোৱা গীত আছিল। সেই অধ্যায়ত উল্লেখ কৰা বাক্যশাৰীৰ আৰম্ভণী আৰু সমাপ্তি এইদৰে কৰা হৈছে “তোমালোকে যিহোৱাৰ ধন্যবাদ কৰা, কিয়নো তেওঁ মঙ্গলময়, কাৰণ তেওঁৰ দয়া চিৰকাললৈকে থাকে।” (গীতমালা ১১৮:১, ২৯) সা.যু. ৩৩ চনত মৃত্যুৰ আগ নিশা যীচুৱে হয়তো নিজৰ শিষ্যসকলৰ সৈতে সেই স্ত্তুতি গীতটো গাইছিল।—মথি ২৬:৩০.
“বিনয় কৰিছোঁ, তুমি মোক তোমাৰ প্ৰতাপ দেখিবলৈ দিয়া”
১১, ১২. যেতিয়া মোচিয়ে ঈশ্বৰৰ মহিমাৰ আভাস পায়, তেতিয়া তেওঁ কেনে ঘোষণাৰ বিষয়ে শুনিবলৈ পালে?
১১ ইজ্ৰাৰ সময়ৰ বহু শতাব্দীৰ পূৰ্ব্বেই যিহোৱাৰ মঙ্গলময় আৰু তেওঁৰ দয়াৰ মাজত থকা সম্পৰ্কৰ বিষয়ে সৰ্ব্বপ্ৰথমে প্ৰকাশ কৰা হৈছিল। ইস্ৰায়েলসকলৰ কিছুমানক সোণেৰে নিৰ্ম্মাণ কৰা দমৰাক উপাসনা কৰি ভুল কাৰ্য্য কৰাৰ বাবে শাস্তি বিহাৰ অলপ সময়ৰ পাছত মোচিয়ে যিহোৱালৈ বিনতি কৰি এইদৰে কৈছিল: “বিনয় কৰিছোঁ, মই যেন তোমাক জানি তোমাৰ দৃষ্টিত অনুগ্ৰহ পাওঁ।” মোচিয়ে তেওঁৰ মুখ দেখি যে জীৱিত নাথাকিব তাকে জানি যিহোৱাই তেওঁক এইদৰে কৈছিল: “মই তোমাৰ আগেদি মোৰ সকলো শ্ৰেষ্ঠত্ব [মঙ্গলময়] গমন কৰাম।”—যাত্ৰাপুস্তক ৩৩:১৩-২০.
১২ দ্বিতীয় দিনা চীনয় পৰ্ব্বতৰ ওপৰত যিহোৱাৰ সকলো মঙ্গলময় মোচিৰ আগেদি গমন কৰালে। সেই সময়ত মোচিয়ে যিহোৱাৰ মহিমাৰ আভাস দেখিলে আৰু এইদৰে শুনিবলৈ পালে: “যিহোৱা, যিহোৱাই কৃপা আৰু দয়াৰে পৰিপূৰ্ণ ঈশ্বৰ, ক্ৰোধত ধীৰ, মহা-অনুগ্ৰহ আৰু সত্যতাত মহান; হাজাৰ হাজাৰ পুৰুষলৈকে মহা-অনুগ্ৰহ কৰোঁতা; অপৰাধ, আজ্ঞালঙ্ঘন, আৰু পাপ ক্ষমা কৰোঁতা; তথাপি তেওঁ নিশ্চয়ে দোষীক নিৰ্দ্দোষী নকৰে; তৃতীয় চতুৰ্থ পুৰুষলৈকে পুতেক আৰু নাতিয়েকহঁতৰ ওপৰত পিতৃবিলাকৰ অপৰাধৰ প্ৰতিফল দিওঁতা।” (যাত্ৰাপুস্তক ৩৪:৬, ৭, NW) এই বাক্যসমূহে এইটো প্ৰকাশ কৰিছে যে যিহোৱাৰ মঙ্গলময়, দয়া আৰু তেওঁৰ ব্যক্তিত্বৰ আন আন বিষয়বোৰৰ সৈতে সংযোগ আছে। এইবোৰৰ বিষয়ে বিবেচনা কৰাৰ দ্বাৰা আমি মঙ্গলময় প্ৰকাশ কৰিবলৈ সহায় লাভ কৰিম। সৰ্ব্বপ্ৰথমে আহঁক আমি ঈশ্বৰ মঙ্গলময়ৰ আশ্চৰ্য্যজনক ঘোষণাত দুবাৰকৈ উল্লেখ কৰা গুণটোৰ বিষয়ে বিবেচনা কৰোঁহঁক।
‘মহা-অনুগ্ৰহত মহান ঈশ্বৰ’
১৩. ঈশ্বৰৰ মঙ্গলময়ৰ ঘোষণাত কোনটো গুণৰ বিষয়ে দুবাৰকৈ উল্লেখ কৰা হৈছিল আৰু ই কিয় তেওঁৰ ব্যক্তিত্বৰ সৈতে সঠিকৈ খাপ খায়?
১৩ ‘যিহোৱাই মহা-অনুগ্ৰহত মহান হাজাৰ হাজাৰ পুৰুষলৈকে মহা-অনুগ্ৰহ কৰোঁতা।’ হিব্ৰু ভাষাত “মহা-অনুগ্ৰহ” শব্দটোক “আনুগত্য প্ৰেম” বুলিও বুজোৱা হয়। কেৱল এই গুণটোকে ঈশ্বৰে মোচিৰ আগত ঘোষণা কৰাৰ সময়ত দুবাৰকৈ প্ৰকাশ কৰিছিল। যিহোৱাৰ প্ৰমুখ গুণ হৈছে প্ৰেম, গতিকে উল্লেখ কৰা আনুগত্য প্ৰেম শব্দটো কিমান যে সুন্দৰভাৱে যিহোৱাৰ ব্যক্তিত্বৰ সৈতে মিল খাই! (১ যোহন ৪:৮) “তেওঁ মঙ্গলময়; কাৰণ তেওঁৰ মহা-অনুগ্ৰহ চিৰকাললৈকে থাকে,” বুলি উল্লেখ কৰা এই অভিব্যক্তিটো যিহোৱাক স্তুতি কৰাৰ উদ্দেশ্যে কোৱা হৈছিল। এই উক্তিটোৱে প্ৰেম গুণটোৰ ওপৰত বিশেষভাৱে জোৰ দিছে।
১৪. বিশেষকৈ কোন লোকসকলে ঈশ্বৰৰ মঙ্গলময় আৰু আনুগত্য প্ৰেমৰ আনন্দ উপভোগ কৰে?
১৪ যিহোৱাই মঙ্গলময় হোৱাৰ এটা কাৰণ হৈছে তেওঁ ‘মহা-অনুগ্ৰহত মহান’ ঈশ্বৰ। ই ইয়াকে প্ৰমাণিত কৰিছে যে যিহোৱাই তেওঁৰ সমৰ্পিত বিশ্বাসী সেৱকসকলৰ প্ৰতি যত্ন লয়। (১ পিতৰ ৫:৬, ৭) এজন যিহোৱাৰ সাক্ষী হোৱাৰ বাবে যিহোৱাই তেওঁৰ সেৱক আৰু তেওঁক প্ৰেম কৰাসকলক কেনেকৈ ‘মহা-অনুগ্ৰহেৰে প্ৰতিপালন কৰে,’ তাক পৰীক্ষা কৰি চাব পাৰে। (যাত্ৰাপুস্তক ২০:৬) প্ৰকৃত ইস্ৰায়েল জাতিয়ে ঈশ্বৰৰ পুত্ৰক অস্বীকাৰ কৰাৰ বাবে তেওঁলোক তেওঁৰ কৃপা আৰু মহা-অনুগ্ৰহ বা আনুগত্য প্ৰেমৰ পৰা বঞ্চিত হৈছিল। কিন্তু বিশ্বাসী খ্ৰীষ্টানসকলৰ বাবে ঈশ্বৰৰ মঙ্গলময় আৰু আনুগত্য প্ৰেম চিৰকাললৈকে থাকিব।—যোহন ৩:৩৬.
যিহোৱা—কৃপা আৰু দয়াৰ ঈশ্বৰ
১৫. (ক) কেনে অভিব্যক্তিৰ সৈতে মোচিয়ে চীনয় পৰ্ব্বতৰ ওপৰত শুনা ঘোষণা বাক্যৰ আৰম্ভণী হৈছিল? (খ) কৃপাৰ সৈতে কি সন্মিলিত আছে?
১৫ চীনয় পৰ্ব্বত মোচিয়ে যি ঘোষণাৰ বিষয়ে শুনিছিল তাৰ আৰম্ভণী এইদৰে আছিল: “যিহোৱা, যিহোৱাই কৃপা আৰু দয়াৰে পৰিপূৰ্ণ ঈশ্বৰ।” হিব্ৰু অনুবাদত “কৃপা” শব্দটোক “অভ্যন্তৰ” বুলিও কোৱা হয়, যিটো “গৰ্ভ” উক্তিটোৰ সৈতে নিবিড়ভাৱে খাপ খাই আছে। গতিকে কৃপা হৈছে এক অত্যন্ত কৰুণাৰ অনুভূতি যিটো এজন ব্যক্তিৰ অন্তৰৰ একেবাৰে ভিতৰত থাকে। কিন্তু কৃপাত, সাধাৰণতে হোৱা সহানুভূতিতকৈ অধিক সন্মিলিত হৈ আছে। ইয়ে আমাক এনে কাৰ্য্য কৰিবলৈ প্ৰেৰিত কৰে, যিয়ে এজন ব্যক্তিক তেওঁ ভুগী থকা ক্লেশৰ উপশম পায়। উদাহৰণস্বৰূপে, প্ৰেমময় প্ৰাচীনসকলে তেওঁলোকৰ সঙ্গী উপাসকসকল কৃপালু হোৱাৰ প্ৰতি ধ্যান দিয়ে, যাতে উচিত সময়ত তেওঁলোক ‘হৰ্ষিত মনেৰে কৃপা দেখুৱাব পাৰে।’—ৰোমীয়া ১২:৮; যাকোব ২:১৩; যিহূদা ২২, ২৩.
১৬. যিহোৱা এজন কৃপালু ঈশ্বৰ বুলি কিয় কʼব পাৰি?
১৬ ঈশ্বৰৰ মঙ্গলময়ৰ সৈতে কৃপালু হোৱাৰ গুণটো দেখিবলৈ পোৱা যায়। এজন কৃপালু ব্যক্তিয়ে “আনৰ অনুভূতিক বিবেচনা কৰে” আৰু নিঃকিন লোকৰ প্ৰতি ‘কৰুণাময়েৰে কাৰ্য্য কৰে।’ এই ক্ষেত্ৰত যিহোৱাই বিশ্বাসী লোকসকলৰ প্ৰতি কৰুণাময় হোৱাৰ এক অতুত্যম আৰ্হি প্ৰস্তুত কৰিলে। উদাহৰণস্বৰূপে, যিহোৱাই কৃপালু হৈ বৃদ্ধ ভৱিষ্যতবক্তা দানিয়েলক শক্তিশালী কৰি তুলিলে আৰু কুমাৰী মৰিয়মে যে যীচুক জন্ম দিয়াৰ বিশেষ অধিকাৰ পাইছে এই বিষয়ে তাইক জনালে। (দানিয়েল ১০:১৯; লূক ১:২৬-৩৮) এতেকে যিহোৱাৰ লোক হোৱা হেতুকে তেওঁৰ বাক্য বাইবেলৰ দ্বাৰা তেওঁ কৃপালু হোৱাৰ বিষয়ে জানি আমি কৃতজ্ঞতাশীল হোৱা উচিত। তদুপৰি, তেওঁ মঙ্গলময় প্ৰকাশ কৰাৰ বাবে আমি তেওঁক স্তুতি কৰোঁ আৰু আনৰ সৈতে আচৰণ কৰোঁতে আমি কৃপালু হʼব বিচাৰোঁ। যিসকলে আধ্যাত্মিক দক্ষতাত উপনীত হৈছে তেওঁলোকে এজন সহ-উপাসকক “মৃদুশীল আত্মাৰে” তেওঁৰ বিচাৰধাৰা সাল-সলনি কৰিবলৈ নম্ৰ আৰু কৃপাৰে আচৰণ কৰে।—গালাতীয়া ৬:১.
তেওঁ হৈছে ক্ৰোধত ধীৰ হোৱা ঈশ্বৰ
১৭. যিহোৱা “ক্ৰোধত ধীৰ” হোৱাৰ বাবে আমাক কিয় কৃতজ্ঞশীল হোৱা উচিত?
১৭ “যিহোৱা . . . ঈশ্বৰ, ক্ৰোধত ধীৰ।” এই বাক্যশাৰীয়ে যিহোৱাৰ মঙ্গলময়ৰ আন এটা প্ৰকাশৰ বিষয়ে আমাৰ ধ্যান আকৰ্ষিত কৰে। যিহোৱাই আমাক আমাৰ দুৰ্ব্বলতাৰ ওপৰত বিজয়প্ৰাপ্ত আৰু আধ্যাত্মিকতাত উন্নতি কৰিবলৈ ধৈৰ্য্যেৰে বাট চায়। (ইব্ৰী ৫:১২-৬:৩; যাকোব ৫:১৪, ১৫) যিসকলে এতিয়ালৈকে যিহোৱাৰ উপাসক হোৱা নাই, তেওঁবিলাকৰ বাবেও যিহোৱাই ধৈৰ্য্যশীল হোৱাটো লাভদায়ক। কিয়নো তেওঁলোকৰ ওচৰত এতিয়াও ৰাজ্যৰ বাৰ্ত্তা শুনি মন-পালটন কৰিবলৈ সুযোগ আছে। (ৰোমীয়া ২:৪) যদিও যিহোৱা এজন ধৈৰ্য্যশীল ঈশ্বৰ, কিন্তু কেতিয়াবা তেওঁৰ মঙ্গলময়ে তেওঁক ক্ৰোধ প্ৰকাশ কৰিবলৈ পৰিচালিত কৰে। উদাহৰণস্বৰূপে, যেতিয়া ইস্ৰায়েলসকলে চীনয় পৰ্ব্বতৰ তলত সোণৰ দমৰা নিৰ্ম্মাণ কৰি তাৰ উপাসনা কৰিবলৈ ধৰিলে, তেতিয়া তেওঁ ক্ৰোধীত হৈছিল। অতি শীঘ্ৰেই ঈশ্বৰে চয়তানৰ দুষ্ট জগতখনক ধ্বংস কৰাৰ দ্বাৰা নিজৰ অত্যন্ত ক্ৰোধ প্ৰকাশ কৰিব।—যিহিষ্কেল ৩৮:১৯, ২১-২৩.
১৮. সত্যতাৰ সম্বন্ধে যিহোৱা আৰু মানৱ নেতাসকলৰ মাজত কেনে ভিন্নতা আছে?
১৮ ‘যিহোৱা ঈশ্বৰ সত্যতাত মহান।’ প্ৰতিজ্ঞা কৰি তাক পূৰ্ণ কৰিবলৈ বিফল হোৱা মানৱীয় নেতাসকলৰ তুলনাত যিহোৱা কিমান য়ে ভিন্ন! মানৱীয় নেতাসকলৰ প্ৰতিজ্ঞাত ভাৰসা কৰাৰ বিপৰীতে যিহোৱাৰ সেৱকসকলে তেওঁৰ প্ৰেৰিত বাক্যত সম্পূৰ্ণকৈ ভাৰসা কৰিব পাৰে। কিয়নো ঈশ্বৰ হৈছে সত্যতাত মহান, সেয়েহে আমি সদায়ে তেওঁৰ প্ৰতিজ্ঞাসমূহৰ ওপৰত ভাৰসা কৰিব পাৰোঁ। স্বৰ্গীয় পিতৃয়ে মঙ্গলময় হোৱাৰ হেতুকে, তেওঁ প্ৰচুৰ পৰিমাণে আধ্যাত্মিক সত্যতা প্ৰবন্ধ কৰাৰ দ্বাৰা আমাৰ প্ৰাৰ্থনাৰ উত্তৰ দিবলৈ কেতিয়াও বিফল নহয়।—গীতমালা ৪৩:৩; ৬৫:২.
১৯. মন পালটন কৰা ব্যক্তিসকলৰ প্ৰতি যিহোৱাই মঙ্গলময়ৰ কেনে আচৰিতজনক কাৰণসমূহ দাঙি ধৰিলে?
১৯ ‘যিহোৱা ঈশ্বৰ অপৰাধ, আজ্ঞালঙ্ঘন, আৰু পাপ ক্ষমা কৰোঁতা।’ যিহোৱা মঙ্গলময় হোৱাৰ বাবে তেওঁ পাপীকসকলক ক্ষমা কৰিবলৈ ইচ্ছুক। যিহোৱাই পাপ ক্ষমা কৰিবলৈ যীচুৰ বলিদানৰ প্ৰবন্ধ কৰাৰ বাবে আমি নিশ্চয়ে তেওঁৰ প্ৰতি চিৰ কৃতজ্ঞ। (১ যোহন ২:১, ২) যিসকলে মুক্তিপণ বলিদানৰ ওপৰত বিশ্বাস কৰে, তেওঁলোকে যিহোৱাৰ সৈতে এক নিবিড় সম্পৰ্ক গঢ়ি তুলাৰ ওপৰিও প্ৰতিজ্ঞাত দেশত চিৰকাললৈকে জীয়াই থকাৰ আনন্দ উপভোগ কৰিব, ইয়াকে জানি আমি নিশ্চয়ে আনন্দিত হৈছোঁ। যিহোৱাক স্তুতি কৰিবলৈ, তেওঁ মানৱজাতিলৈ প্ৰকাশ কৰা মঙ্গলময়ৰ কিযে অত্যুত্তম কাৰণসমূহ দাঙি ধৰিলে!—২ পিতৰ ৩:১৩.
২০. ঈশ্বৰে যে দুষ্টতাক সহন নকৰে তাৰ কেনে প্ৰমাণ পোৱা যায়?
২০ “তথাপি তেওঁ [যিহোৱা] নিশ্চয়ে . . . অপৰাধৰ প্ৰতিফল দিওঁতা।” প্ৰকৃততে এইটো হৈছে যিহোৱা মঙ্গলময় হোৱাৰ আন এটা কাৰণ। কিয় ইয়াক আন এটা কাৰণ বুলি কʼব পাৰি? কিয়নো দুষ্টতাক সহন নকৰাটো হৈছে মঙ্গলময়ৰ এটা মুখ্য কাৰণ। সেয়েহে, “প্ৰভু যীচু তেওঁৰ পৰাক্ৰম-সাধক দুতবিলাকে সৈতে জ্বলন্ত অগ্নিত স্বৰ্গৰ পৰা প্ৰকাশিত হৈ ঈশ্বৰক নজনাবোৰৰ আৰু আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ শুভবাৰ্ত্তা নমনাবোৰৰ প্ৰতিকাৰ সাধিব।” তেনে লোকসকলে “অনন্ত সংহাৰৰূপ দণ্ড ভোগ কৰিব।” (২ থিচলনীকীয়া ১:৬-১০) উদ্ধাৰ প্ৰাপ্ত কৰা যিহোৱাৰ সেৱকসকলে দুষ্ট লোক অৰ্থাৎ “সাধুক ঘিণাওঁতা” সকলৰ তাড়নাৰ পৰা মুক্ত হৈ আনন্দেৰে জীৱন-যাপন কৰিব।—২ তীমথিয় ৩:১-৩.
যিহোৱাৰ মঙ্গলময়ক অনুকৰণ কৰক
২১. আমি কিয় মঙ্গলময় প্ৰকাশ কৰা উচিত?
২১ নিসন্দেহ, যিহোৱা মঙ্গলময় হোৱাৰ বাবে তেওঁক স্তুতি আৰু ধন্যবাদ কৰাৰ আমাৰ ওচৰত অনেক কাৰণ আছে। তেওঁৰ সেৱক হোৱাৰ হেতুকে আমি মনে-প্ৰাণে এই গুণটোক প্ৰকাশ কৰিবলৈ চেষ্টা কৰা উচিত নহয়নে বাৰু? নিশ্চই হয়। সেইবাবে পাঁচনি পৌলে তেওঁ সঙ্গী খ্ৰীষ্টানসকলৰ উদ্দেশ্যে এইদৰে কৈছিল: “প্ৰিয় সন্তানবোৰৰ নিচিনাকৈ, তোমালোকে ঈশ্বৰৰ অনুকাৰী হোৱা।” (ইফিচীয়া ৫:১) আমাৰ স্বৰ্গীয় পিতৃ যিহোৱাই একেৰাহে তেওঁৰ মঙ্গলময় প্ৰকাশ কৰিছে আৰু সেইবাবে আমিও তেনে কৰা উচিত।
২২. পৰৱৰ্তী লেখত আমি কিহৰ বিষয়ে বিবেচনা কৰিম?
২২ যদি আমি সম্পূৰ্ণ মনেৰে যিহোৱালৈ নিজকে সমৰ্পিত কৰিছোঁ, তেনেহʼলে আমি নিসন্দেহে তেওঁৰ মঙ্গলময়ক অনুকৰণ কৰিবলৈ অত্যন্ত ইচ্ছুক হʼম। যিহেতু আমি আদমৰ সতি-সন্ততি হোৱাৰ বাবে পাপত জন্ম হʼলোঁ আৰু সেয়েহে আমাৰ বাবে উত্তম কাৰ্য্য কৰাটো ইমান সহজ নহয়। মঙ্গলময় প্ৰকাশ কৰাটো কেনেকৈ সম্ভৱ, এই বিষয়ে পৰৱৰ্তী লেখত আলোচনা কৰা হʼব। তদুপৰি, সেই লেখত যিহোৱাই অত্যুত্তম আৰ্হি ৰখা মঙ্গলময়ক অনুকৰণ কৰাৰ বিভিন্ন পদ্ধতিৰ সম্পৰ্কেও আলোচনা কৰা হʼব। (w02 1/15)
আপুনি কিদৰে উত্তৰ দিব?
• মঙ্গলময়ৰ অৰ্থ কি?
• ঈশ্বৰে মঙ্গলময় হোৱাৰ বিষয়ে শাস্ত্ৰই কেনেধৰণৰ অভিব্যক্তি উল্লেখ কৰিছে?
• যিহোৱা মঙ্গলময় হোৱাৰ বিষয়ে প্ৰকাশ কৰা কিছুমান অভিব্যক্তি কি কি?
• যিহোৱাৰ মঙ্গলময়ক আমি কিয় অনুকৰণ কৰা উচিত?
[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]
[২১ পৃষ্ঠাৰ ছবি]
মোচিয়ে ঈশ্বৰৰ মঙ্গলময়ৰ এক মহান ঘোষণা শুনিছিল
[২২ পৃষ্ঠাৰ ছবি]
প্ৰাচীন সময়ত যিহোৱাই তেওঁৰ লোকসকলক অনুশাসন দিছিল, কিয়নো তেওঁলোকে স্তুতি কৰাৰ উক্তিৰ অনুসাৰে জীৱন-যাপন কৰা নাছিল
[২২ পৃষ্ঠাৰ ছবি]
বিশ্বাসী অভিষিক্ত বৰ্গৰ লোকসকলে যিৰূচালেমলৈ উলটি আহিছিল
[২৩ পৃষ্ঠাৰ ছবি]
আমাক আকৰ্ষিত কৰা যিহোৱাৰ মঙ্গলময়ক আমি বাইবেলৰ যোগেদি দেখিবলৈ পাওঁ