Skip to content

Skip to table of contents

শুভবাৰ্ত্তা প্ৰচাৰকাৰ্য্যই আশীৰ্ব্বাদ কঢ়িয়াই আনে

শুভবাৰ্ত্তা প্ৰচাৰকাৰ্য্যই আশীৰ্ব্বাদ কঢ়িয়াই আনে

শুভবাৰ্ত্তা প্ৰচাৰকাৰ্য্যই আশীৰ্ব্বাদ কঢ়িয়াই আনে

“নম্ৰ লোকবিলাকৰ আগত শুভবাৰ্ত্তা প্ৰচাৰ কৰিবলৈ যিহোৱাই মোক অভিষেক কৰিলে; ভগ্নচিত্তীয়াবিলাকৰ ঘা বান্ধিবলৈ, . . . আটাই শোকাতুৰ লোকক শান্ত্বনা কৰিবলৈ।যিচয়া ৬১:১-৩.

১, ২. (ক) যীচুৱে নিজৰ বিষয়ে কি প্ৰকাশ কৰিলে আৰু কেনেকৈ? (খ) যীচুৱে শুভবাৰ্ত্তা ঘোষণা কৰাৰ যোগেদি কেনে আশীৰ্ব্বাসমূহৰ বিষয়ে উল্লেখ কৰিছিল?

 যীচুৰ পৰিচৰ্য্যাৰ আৰম্ভণীতে তেওঁ এটা বিশ্ৰাম-বাৰে নাচৰতলৈ আহি নাম-ঘৰত উপস্থিত আছিল। এটা বৃত্তান্তৰ অনুসাৰে যীচুক তাত “যিচয়া ভাববাদীৰ পুস্তক তেওঁৰ হাতত দিয়া হল; তেওঁ সেই পুস্তক মেলি, এই বচন লিখা ঠাই পালে; ‘প্ৰভুৰ আত্মা মোৰ ওপৰত আছে,’” বুলি সেই ভৱিষ্যতবাণীৰ কথাশাৰীক পঢ়িলে। পঢ়াৰ শেষত তেওঁ বহি এইদৰে কৈছিল: “এই শাস্ত্ৰীয় বচন তোমালোকৰ কাণত আজি সিদ্ধ হল।”—লূক ৪:১৬-২১.

এইদৰে যীচুৱে নিজকে ভৱিষ্যতবাণীত উল্লেখ কৰা সেই প্ৰচাৰকজন অৰ্থাৎ শুভবাৰ্ত্তা কওঁতা আৰু শান্ত্বনা দিওঁতা বুলি পৰিচয় দিছিল। (মথি ৪:২৩) তেওঁ কেনেধৰণৰ শুভবাৰ্ত্তাৰ বিষয়ে প্ৰচাৰ কৰিবলগা আছিল! তেওঁ নিজৰ শ্ৰোতাসকলক এইদৰে কৈছিল: “মই জগতৰ পোহৰ; যি জন মোৰ পাছে পাছে আহে, তেওঁ আন্ধাৰত নুফুৰি, জীৱনৰ পোহৰ পাব।” (যোহন ৮:১২) তেওঁ এইদৰেও কৈছিল: “মোৰ বাক্যতে যদি তোমালোক থাকা, তেন্তে সঁচাকৈয়েই তোমালোক মোৰ শিষ্য; আৰু তোমালোকে সত্যক জানিবা, আৰু সেই সত্যেই তোমালোকক মুক্ত কৰিব।” (যোহন ৮:৩১, ৩২) অৱশ্যেই যীচুৰ ওচৰত “অনন্ত জীৱনৰ কথা” আছিল। (যোহন ৬:৬৮, ৬৯) পোহৰ, জীৱন আৰু মুক্তি, নিশ্চয়ে এইবোৰ হৈছে বহুমূলীয়া আশীৰ্ব্বাদ!

৩. যীচুৰ শিষ্যসকলে কি শুভবাৰ্ত্তা প্ৰচাৰ কৰিছিল?

যীচুৱে কৰা এই প্ৰচাৰকাৰ্য্যক পেন্টাকোষ্ট সা.যু. ৩৩ চনৰ পাছতো শিষ্যসকলে কৰিছিল। তেওঁলোকে ইস্ৰায়েল আৰু অন্য জাতি, এই উভয়কে “ৰাজ্যৰ এই শুভবাৰ্ত্তা” প্ৰচাৰ কৰিছিল। (মথি ২৪:১৪; পাঁচনিৰ কৰ্ম্ম ১৫:৭; ৰোমীয়া ১:১৬) যিসকলে ইয়াৰ প্ৰতি সঠিক মনোবৃত্তি দেখুৱাইছিল তেওঁলোকে যিহোৱাৰ বিষয়ে জ্ঞান পাইছিল। এই লোকসকলে ধৰ্ম্মীয় দাসত্ব বন্ধনৰ পৰা মুক্তি পালে আৰু নৱ গঠিত আত্মিক ইস্ৰায়েল অৰ্থাৎ “ঈশ্বৰৰ ইস্ৰায়েলৰ” ভাগ হৈ পৰিল। তেওঁলোকৰ বাবে স্বৰ্গত প্ৰভু যীচু খ্ৰীষ্টৰ সৈতে ৰাজত্ব কৰিবলৈ আশা আছে। (গালাতীয়া ৫:১; ৬:১৬; ইফিচীয়া ৩:৫-৭; কলচীয়া ১:৪, ৫; প্ৰকাশিত বাক্য ২২:৫) অৱশ্যে, সেইবোৰ অমূল্য আশীৰ্ব্বাদ আছিল!

বৰ্ত্তমান সময়ত কৰা প্ৰচাৰকাৰ্য্য

৪. যীচুৱে শুভবাৰ্ত্তা প্ৰচাৰ কৰিবলৈ দিয়া আজ্ঞাক বৰ্তমান সময়ত কিদৰে সম্পন্ন কৰা হৈছে?

বৰ্তমান সময়ত “অন্য মেৰ” বৰ্গৰ “বৃহৎ লোকসমূহে” অভিষিক্ত খ্ৰীষ্টানসকলক বাস্তৱতে যীচুৱে দিয়া ভৱিষ্যতবাণী প্ৰচাৰ কৰা আজ্ঞাক সম্পন্ন কৰিবলৈ সহায় আগবঢ়াইছে। (প্ৰকাশিত বাক্য ৭:৯; যোহন ১০:১৬) ফলস্বৰূপে, আগতকৈ অধিক পৰিমাণে গোটেই পৃথিৱীত শুভবাৰ্ত্তা প্ৰচাৰ কৰা হৈছে। যিহোৱাৰ সাক্ষীসকলে ২৩৫ খন দেশত “নম্ৰ লোকিলাকৰ আগত শুভবাৰ্ত্তা প্ৰচাৰ কৰিবলৈ . . . ; ভগ্নচিত্তীয়াবিলাকৰ ঘা বান্ধিবলৈ, বন্দী লোকবিলাকলৈ মুক্তি, আৰু বন্দীয়াৰবিলাকলৈ বন্দীশাল মুকলি কৰা কথা ঘোষণা কৰিবলৈ, যিহোৱাৰ অনুগ্ৰহ-বছৰ আৰু আমাৰ ঈশ্বৰৰ প্ৰতিফল দিয়া দিন ঘোষণা; আটাই শোকাতুৰ লোকক শান্ত্বনা দিবলৈ,” প্ৰচাৰকাৰ্য্য কৰিছে। (যিচয়া ৬১:১-৩) এই প্ৰচাৰকাৰ্য্যই একেৰাহে বহুতলৈ আশীৰ্ব্বাদ আৰু “ক্লেশত থকাবিলাকক” শান্ত্বনা কঢ়িয়াই আনিছে।—২ কৰিন্থীয়া ১:৩, ৪.

৫. শুভবাৰ্ত্তা প্ৰচাৰকাৰ্য্য সম্পন্ন কৰাৰ ক্ষেত্ৰত যিহোৱাৰ সাক্ষীসকলে কেনেকৈ খ্ৰীষ্টীয়জগতৰ গীৰ্জাৰ সদস্যসকলৰ পৰা ভিন্ন?

এইটো সঁচা যে খ্ৰীষ্টীয়জগতেও প্ৰচাৰ কৰিবলৈ বিভিন্ন পদ্ধতি অৱলম্বন কৰিছে। তেওঁলোকে আন দেশৰ লোকক ধৰ্ম্ম পৰিৱৰ্তন কৰাবলৈ বহুতো মিছনাৰী পঠাইছে। উদাহৰণস্বৰূপে, দি অৰ্থডক্স খ্ৰীষ্টীয়ান মিচন চেন্টৰ মেগাজিনে, মাদগাস্কাৰ, দক্ষিণ আফ্ৰিকা, তানঞ্জনিয়া আৰু জিম্বাবোৱেত থকা অৰ্থডক্স মিছনাৰীসকলৰ গতিবিধিৰ বিষয়ে এটা মন্তব্য দাঙি ধৰিছিল। তথাপিও অৰ্থডক্স গীৰ্জা, একেইদৰে খ্ৰীষ্টীয়জগতৰ আন আন গীৰ্জাৰ বেছিভাগ সদস্যই এই কাৰ্য্যত ভাগ নলয়। ইয়াৰ বিপৰীতে সকলো যিহোৱাৰ সাক্ষীৰ সমৰ্পিত সেৱকসকলে এই শুভবাৰ্ত্তা প্ৰচাৰকাৰ্য্যত ভাগ লয়। তেওঁলোকে জানে যে শুভবাৰ্ত্তা প্ৰচাৰ কৰাৰ অৰ্থ হৈছে প্ৰকৃতে তেওঁলোকৰ বিশ্বাসৰ প্ৰমাণ দিয়া। এই সম্পৰ্কে পাঁচনি পৌলে এইদৰে কৈছিল: “ধাৰ্ম্মিকতাৰ নিমিত্তে হৃদয়েৰে বিশ্বাস কৰা হয়; আৰু পৰিত্ৰাণৰ নিমিত্তে মুখেৰে স্বীকাৰ কৰা হয়।” সেইদৰে বিশ্বাসে যদি এজনক কৰ্ম্মশীল হʼবলৈ পৰিচালিত নকৰে, তেনেহʼলে তেওঁ অকলে মৰা।—ৰোমীয়া ১০:১০; যাকোব ২:১৭.

শুভবাৰ্ত্তাই চিৰকলীয়া আশীৰ্ব্বাদ কঢ়িয়াই আনে

৬. বৰ্তমান সময়ত কেনেধৰণৰ শুভবাৰ্ত্তা প্ৰচাৰ কৰা হৈছে?

যিহোৱাৰ সাক্ষীসকলে সকলোতকৈ উত্তম বাৰ্ত্তাৰ বিষয়ে প্ৰচাৰ কৰে। তেওঁলোকে আগ্ৰহী লোকক নিজৰ বাইবেলখন খুলি বৰ্ণনা কৰে যে, যীচুৰ বলিদানে মানৱজাতিৰ বাবে ঈশ্বৰৰ পৰা তেওঁলোকে কৰা পাপৰ ক্ষমা আৰু তেওঁলোকৰ বাবে অনন্ত জীৱনৰ পথ মুকলি কৰিলে। (যোহন ৩:১৬; ২ কৰিন্থীয়া ৫:১৮, ১৯) তেওঁলোকে ঘোষণা কৰে যে অভিষিক্ত ৰজা যীচুৰ অধীনত স্বৰ্গত ঈশ্বৰৰ ৰাজ্য স্থাপন হʼল আৰু অতি শীঘ্ৰেই সেই ৰাজ্যই দুষ্ট জগতখনক ধ্বংস কৰি এই পৃথিৱীত পৰমদেশ স্থাপন কৰিব। (প্ৰকাশিত বাক্য ১১:১৫; ২১:৩, ৪) তেওঁলোকে যিচয়া ভৱিষ্যতবাণীৰ পূৰ্ণতাৰ অনুসাৰে চুবুৰীয়াসকলক কয় যে এইটো হৈছে “যিহোৱাৰ অনুগ্ৰহ-বছৰ,” গতিকে মানৱজাতিয়ে শুভবাৰ্ত্তাৰ প্ৰতি সঠিক প্ৰতিক্ৰিয়া দেখুৱাব পাৰে। তদুপৰি, তেওঁলোকে লোকসকলক এই বুলিও সতৰ্ক কৰে যে অতি শীঘ্ৰেই “ঈশ্বৰৰ প্ৰতিফল দিয়া দিন ঘোষণা” কৰিব, যʼত যিহোৱাই মন পালটন নকৰা দুষ্টলোকক উৎচ্ছন্ন কৰিব।—গীতমালা ৩৭:৯-১১.

৭. কোনটো উদাহৰণে যিহোৱাৰ সাক্ষীসকলৰ মাজত থকা ঐক্যতাক প্ৰমাণিত কৰিছে আৰু তেওঁলোকে কিয় তেনে ঐক্যতাৰ আনন্দ উপভোগ কৰে?

যি জগতত দুঃখজনক ঘটনা আৰু দুৰ্যোগেৰে ভৰি আছে, তাত চিৰকলীয়া লাভসমূহেৰে থকা এইটোৱে হৈছে একমাত্ৰ শুভবাৰ্ত্তা। যিসকলে এই শুভবাৰ্ত্তাক গ্ৰহণ কৰে তেওঁলোকে বিশ্বব্যাপি খ্ৰীষ্টান একত্ৰিত ভাতৃত্ব সমাজৰ ভাগ হৈ পৰে, যিসকলে জাতি, ফৈদ, আৰ্থিক ভিন্নতাক তেওঁলোকৰ মাজত বাধা উৎপন্ন কৰিবলৈ অনুমতি নিদিয়ে। কিয়নো তেওঁলোকে নিজকে ‘প্ৰেমৰ সৰ্ব্বসিদ্ধিৰ বান্ধনিৰে বান্ধিলে।’ (কলচীয়া ৩:১৪; যোহন ১৫:১২) যোৱা বছৰত আফ্ৰিকা মহাদেশৰ এখন বিশেষ চহৰত এই প্ৰেমৰ বিষয়ে প্ৰমাণ পোৱা গʼল। এদিনাখন ৰাতিপূৱা হঠাতে সেই চহৰখনত সকলোৱে গুলিৰ শব্দ শুনি টোপনিৰ পৰা সাৰ পালে। এইটো আছিল হঠাতে হোৱা ৰাজবিপ্লৱৰ পূৰ্ব সংকেত। এই ঘটনা জাতিগত বিষয়টোৰ ওপৰত কেন্দ্ৰীত আছিল। তেনে পৰিস্থিতিত এটা যিহোৱাৰ সাক্ষী পৰিয়ালে আন জাতিৰ সঙ্গী উপাসকক শৰণ দিয়াৰ বাবে তেওঁলোকৰ ওপৰত তদন্ত কৰা হৈছিল। উত্তৰত সেই পৰিয়ালটোৱে এইদৰে কৈছিল: “ঘৰখনত কেৱল যিহোৱাৰ সাক্ষীসকলহে আছে।” কিয়নো তেওঁলোকৰ বাবে জাতিগত ভিন্নতাই কোনো অৰ্থ নাৰাখে; তেওঁলোকত খ্ৰীষ্টান প্ৰেম থকাৰ বাবে আৱশ্যক থকা সকলক শান্ত্বনা প্ৰদান কৰিছিল। এই বিষয়ে এটা যিহোৱাৰ সাক্ষী পৰিয়ালৰ সত্যত নথকা সম্পৰ্কীয় এগৰাকী মহিলাই এইদৰে কৈছিল: “সকলো ধৰ্ম্মৰ সদস্যসকলে নিজৰ সঙ্গী উপাসকৰ সৈতে বিশ্বাসঘাটক কৰিছিল। কিন্তু একমাত্ৰ যিহোৱাৰ সাক্ষীসকলেহে তেওঁলোকৰ সঙ্গী উপাসকক বিশ্বাসঘাটক কৰা নাছিল। একেইদৰে গৃহ-যুদ্ধ হোৱা দেশবোৰৰ পৰাও তেনেধৰণৰ বহুতো উদাহৰণৰ ৰিপৰ্ট পোৱা যায়। সেই উদাহৰণবোৰে এইটো প্ৰকাশ কৰিছে যে কেৱল যিহোৱাৰ সাক্ষীসকলৰহে “তেওঁলোকৰ ভাতৃসমাজৰ প্ৰতি প্ৰকৃত প্ৰেম আছে।—১ পিতৰ ২:১৭.

শুভবাৰ্ত্তাই লোকসকলৰ মনত পৰিৱৰ্ত্তন কৰে

৮, ৯. (ক) যিসকলে শুভবাৰ্ত্তা গ্ৰহণ কৰিলে তেওঁলোকে নিজৰ জীৱন পদ্ধতিত কেনে পৰিৱৰ্ত্তন কৰিলে? (খ) কোনটো উদাহৰণে দেখুৱাইছে যে শুভবাৰ্ত্তাত পৰিৱৰ্তন কৰা শক্তিক আছে?

পাঁচনি পৌলে এই শুভবাৰ্ত্তাক “বৰ্ত্তমান আৰু ভৱিষ্যৎ জীৱনৰ প্ৰতিজ্ঞাযুক্ত” বুলি উল্লেখ কৰিছে। (১ তীমথিয় ৪:৮) এই শুভবাৰ্ত্তাই কেৱল ভৱিষ্যতৰ বাবেহে আশা প্ৰদান কৰে এনে নহয়, কিন্তু, ‘বৰ্তমান জীৱনলৈও’ পৰিৱৰ্তন আনে। যিহোৱাৰ সাক্ষীসকলে ব্যক্তিগতৰূপে ঈশ্বৰৰ বাক্য অৰ্থাৎ বাইবেলৰ দ্বাৰা পৰিচালিত হৈ যিহোৱাৰ ইচ্ছাৰ অনুসাৰে জীৱন-যাপন কৰিছে। (গীতমালা ১১৯:১০১) তেওঁলোকৰ ব্যক্তিত্বই ধাৰ্ম্মিকতা আৰু বিশ্বস্ততাৰ গুণসমূহক প্ৰতিফলতি কৰে।—ইফিচীয়া ৪:২৪.

ফ্ৰেনক্‌ নামৰ এই ব্যক্তিজনৰ উদাহৰণক বিবেচনা কৰক। তেওঁ বৰ খঙাল স্বভাৱৰ আছিল। যেতিয়া তেওঁ বনোৱা কোনো বস্তু সঠিক নহৈছিল, তেতিয়া তেওঁ ক্ৰোধীত হৈ বস্তুবোৰক ভাঙি পেলাইছিল। কালক্ৰমে তেওঁৰ পত্নীয়ে যিহোৱাৰ সাক্ষীসকলৰ সৈতে বাইবেল অধ্যয়ন কৰিব ধৰে আৰু সেই সাক্ষীসকলৰ আৰ্হিয়ে ফ্ৰেনক্‌ক নিজৰ স্বভাৱক পৰিৱৰ্তন কৰিবলৈ সহায় কৰে। ফ্ৰেনকই তেওঁলোকৰ সৈতে বাইবেল অধ্যয়ন আৰম্ভ কৰে আৰু অৱশেষত তেওঁ পবিত্ৰ আত্মাৰ ফল শান্তি আৰু ইন্দ্ৰিয়-দমন গুণ উৎপন্ন কৰিবলৈ সক্ষম হʼল। (গালাতীয়া ৫:২২,২৩) যোৱা ২০০১ চনৰ সেৱা বছৰত বেলজিয়ামত ৰিপৰ্ট কৰা বাপ্তিষ্মা লোৱা ৪৯২ জনৰ ভিতৰত তেওঁ এজন আছিল। আন এটা উদাহৰণ হৈছে এলেজান্দ্ৰ নাম এজন ডেকা ব্যক্তিৰ। তেওঁ নিচা জাতীয় পদাৰ্থ সেৱন কৰাত ইমানেই আসক্ত আছিল যে তেওঁ জাবৰ-জোথৰ পেলোৱা স্থানত বাস কৰিছিল আৰু তাত যি বস্তু পাইছিল তাক বিক্ৰি কৰি পোৱা টকাখিনি নিচা জাতিয় পদাৰ্থ কিনিবলৈ ব্যৱহাৰ কৰিছিল। ২২ বছৰ বয়সত তেওঁক এবাৰ যিহোৱাৰ সাক্ষীসকলে বাইবেল অধ্যয়ন কৰিবলৈ আমন্ত্ৰণ কৰে আৰু তেওঁ সেই আমন্ত্ৰণ গ্ৰহণ কৰিবলৈ মান্তি হয়। তেওঁ প্ৰত্যেক দিনা বাইবেলখন পঢ়িছিল আৰু খ্ৰীষ্টান সভাসমূহত উপস্থিত হৈছিল। ছমাহতকৈ কম সময়ৰ ভিতৰত তেওঁ নিজৰ জীৱন পদ্ধতিক সলনি কৰে আৰু প্ৰচাৰকাৰ্য্যত ভাগ লবলৈ সক্ষম হয়। যোৱা বছৰত পানামাত বাপ্তিষ্মা লোৱা ১০,১১৫ জনৰ ভিতৰত তেওঁ এজন আছিল।

শুভবাৰ্ত্তাই নম্ৰসকললৈ আশীৰ্ব্বাদ কঢ়িয়াই আনে

১০. কোনসকলে শুভবাৰ্ত্তাক গ্ৰহণ কৰিছে আৰু তেওঁলোকৰ দৃষ্টিভঙ্গীত কেনে পৰিৱৰ্তন ঘটিছে?

১০ ভৱিষ্যতবক্তা যিচয়াই ভৱিষ্যতবাণী কৰিছিল যে নম্ৰ লোকসকলক শুভবাৰ্ত্তা প্ৰচাৰ কৰা হʼব। এই নম্ৰ লোকসকল কোন? পাঁচনিৰ কৰ্ম্মৰ কিতাপত তেওঁলোকক “অনন্ত জীৱন পাবলৈ নিৰূপিত” বুলি বৰ্ণনা কৰিছে। (পাঁচনিৰ কৰ্ম্ম ১৩:৪৮) তেওঁলোক হৈছে বিভিন্ন সমাজৰ পৰা অহা নম্ৰ লোক যিসকলে সত্যৰ বাৰ্ত্তাক আগ্ৰহেৰে গ্ৰহণ কৰিছে। তেওঁলোকে জানিব পাৰিছে যে ঈশ্বৰৰ ইচ্ছা পালন কৰাৰ দ্বাৰা আশীৰ্ব্বাদসমূহ লাভ কৰিব, যিটো এই জগতে প্ৰদান কৰা সকলো বস্তুতকৈ মহান। (১ যোহন ২:১৫-১৭) কেনেকৈ যিহোৱাৰ সাক্ষীসকলে তেওঁলোকৰ প্ৰচাৰকাৰ্য্যৰ দ্বাৰা লোকসকলৰ হৃদয় স্পৰ্ষ কৰিব পাৰিছে?

১১. পাঁচনি পৌলৰ অনুসাৰে কেনেকৈ শুভবাৰ্ত্তা প্ৰচাৰ কৰা উচিত?

১১ পাঁচনি পৌলে ৰখা আৰ্হিক বিবেচনা কৰক, যিজনে কৰিন্থীয়া মণ্ডলীক উদ্দেশ্য কৰি এইদৰে লিখিছিল: “যেতিয়া মই তোমালোকৰ ওচৰলৈ গৈছিলোঁ, তেতিয়া বাক্য কি জ্ঞানৰ উত্তমতাৰে গৈ, ঈশ্বৰৰ নিগূঢ়-তত্ত্ব প্ৰচাৰ কৰা নাই। কিয়নো মই নিশ্চয় কৰিছিলোঁ যে, তোমালোকৰ মাজত আন একো নাজানিম, কেৱল যীচু খ্ৰীষ্টক, বিশেষকৈ তেওঁ ক্ৰুচত হত হোৱা জানিম।” (১ কৰিন্থীয়া ২:১, ২) তেওঁ নিজে শিকা শিক্ষাৰে শ্ৰোতাসকলক প্ৰভাৱিত কৰিবলৈ চেষ্টা কৰা নাছিল। তেওঁ নিজৰ নহয় কিন্তু ঈশ্বৰৰ ভাৰসাযুক্ত সত্যৰ বিষয়ে শিকাইছিল, যি সত্যক বৰ্তমান সময়ত বাইবেলত লিপিবদ্ধ কৰা আছে। পাঁচনি পৌলে নিজৰ সহ-প্ৰচাৰক তীমথিয়ক কোৱা এই উৎসাহিত কথাশাৰীৰ প্ৰতি ধ্যান দিয়ক, যʼত তেওঁ এইদৰে কৈছিল: “তুমি বাক্য ঘোষণা কৰা; সময় আৰু অসময়তো উৎসাহী হোৱা।” (২ তীমথিয় ৪:১, ২) তীমথিয়ক ঈশ্বৰৰ “বাক্য” ঘোষণা কৰিব আছিল। পাঁচনি পৌলে তীমথিয়লৈ এইদৰেও লিখিছিল: “তুমি নিজকে পৰীক্ষাসিদ্ধ লোক, লাজৰ যোগ্য নোহোৱা কৰ্ম্মকাৰী, আৰু সত্যৰ বাক্য ঠিকৰূপে বিভাগ কৰাত নিপুণ লোক কৰি ঈশ্বৰৰ আগত উপস্থিত কৰিবলৈ যত্ন কৰা।”—২ তীমথিয় ২:১৫.

১২. বৰ্ত্তমান সময়ত যিহোৱাৰ সাক্ষীসকলে কেনেকৈ পাঁচনী পৌলৰ আৰ্হি আৰু বাক্যসমূহক অনুকৰণ কৰে?

১২ যিহোৱাৰ সাক্ষীসকলে পাঁচনি পৌলৰ আৰ্হি আৰু তীমথিয়ক দিয়া পৰামৰ্শৰ প্ৰতি মনোযোগ দিয়ে। তেওঁলোকে ঈশ্বৰৰ বাক্যত থকা শক্তিক চিনাক্ত কৰি চুবুৰীয়াক আশা আৰু শান্ত্বনা প্ৰদান কৰিবলৈ ঈশ্বৰৰ বাক্যক উত্তমৰূপে ব্যৱহাৰ কৰিব বিচাৰে।। (গীতমালা ১১৯:৫২; ২ তীমথিয় ৩:১৬, ১৭; ইব্ৰী ৪:১২) প্ৰকৃততে তেওঁলোকে বাইবেল আধাৰিত আলোচনীসমূহক উত্তমৰূপে ব্যৱহাৰ কৰে, যাতে আগ্ৰহী ব্যক্তিসকলে নিজৰ সুবিধা অনুযায়ী বাইবেলৰ জ্ঞান লাভ কৰিব পাৰে। দৰাচলতে তেওঁলোকে সদায়ে লোকসকলক বিষেশকৈ ঈশ্বৰৰ বাক্য অৰ্থাৎ বাইবেলৰ পৰা বুজাবলৈ প্ৰচেষ্টা কৰে। তেওঁলোকে জানে যে ঈশ্বৰৰ প্ৰেৰিত বাক্যই নম্ৰ ব্যক্তিসকলৰ হৃদয় পৰিচালিত কৰিব। ঈশ্বৰৰ বাক্যক এইদৰে ব্যৱহাৰ কৰাৰ যোগেদি তেওঁলোকৰ নিজৰ বিশ্বাসো শক্তিশালী হৈ উঠে।

“আটাই শোকাতুৰ লোকক শান্ত্বনা”

১৩. কেনেধৰণৰ হৃদয় বিদাৰক ঘটনা ২০০১ চনত ঘটিলে যাৰবাবে লোকসকলক শান্ত্বনাৰ আৱশ্যক হৈছিল?

১৩ বহুতে ২০০১ চনত অনেক দুৰ্যোগৰ সম্মুখীন হৈছিল আৰু পৰিণামস্বৰূপে তেওঁলোকক শান্ত্বনাৰ আৱশ্যকতা আছিল। উদাহৰণস্বৰূপে, যোৱা বছৰ ছেপ্টেম্বৰ মাহত সংযুক্ত ৰাষ্ট্ৰৰ নিউয়ৰ্ক চহৰত থকা বিশ্ব বাণিজ্যিক কেন্দ্ৰ আৰু ৱাচিংটনত ডি. চি. চহৰৰ ওচৰত থকা পেন্টাগনত সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰি এক ভয়াবহ পৰিস্থিতিৰ সৃষ্টি কৰিলে। গোটেই পৃথিৱীৰ বাবে কিযে সৰ্ব্বশৰীৰ জোকাৰি তুলা ঘটনা আছিল! তেনে পৰিস্থিতিত যিহোৱাৰ সাক্ষীসকলে ‘শোকাতুৰ লোকক শান্ত্বনা দিয়াৰ’ আজ্ঞাক সম্পূৰ্ণৰূপে পালন কৰিবলৈ চেষ্টা কৰিছে। এই বিষয়ে এনে কিছুমান উদাহৰণ দাঙি ধৰা হৈছে, যিয়ে প্ৰকাশ কৰিছে যে যিহোৱাৰ সাক্ষীসকলে লোকসকলক কেনেকৈ শান্ত্বনা প্ৰদান কৰিছিল।

১৪, ১৫. দুটা ভিন্ন সময়ত যিহোৱাৰ সাক্ষীসকলে শোকাতুৰ লোকসকলক শাস্ত্ৰৰ পৰা কেনেকৈ ব্যৱহাৰিক শান্ত্বনা প্ৰদান কৰিছে?

১৪ এগৰাকী পূৰ্ণ সময়ৰ প্ৰচাৰ কাৰ্য্য কৰা যিহোৱাৰ সাক্ষী ভনীয়ে ৰাস্তাৰ কাষেৰে গৈ থকা আন এগৰাকী মহিলাক অলপতে হোৱা উগ্ৰপন্থীৰ আক্ৰমণৰ বিষয়ে সুধিছিল। এই কথা শুনি মহিলাগৰাকীয়ে কান্দিবলৈ ধৰিল। ইয়াৰ বাবে তাই বেজাৰ পাইছিল আৰু তাই কিহবা প্ৰকাৰে সহায় লাভ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিলে। তেতিয়া সাক্ষী ভনীগৰাকীয়ে তাইক কʼলে যে ঈশ্বৰে আমাৰ সকলোৰে বাবে আগ্ৰহী, এই বুলি কৈ যিচয়া ৬১:১-৩ পদটো পঢ়ি শুনালে। সেই ঈশ্বৰীয় প্ৰেৰিত বাক্যই মহিলাগৰাকীৰ বাবে অৰ্থশীল হৈ পৰিল যিগৰাকীয়ে সকলোৱে শোকাতুৰ হোৱাৰ বিষয়ে দাঙি ধৰিছিল। তাই এখন ট্ৰেক্ট লৈ সাক্ষী ভনীজনীক পুনৰাই ঘৰলৈ আহিবলৈ আমন্ত্ৰণ জনাইছিল।

১৫ আন দুজন যিহোৱাৰ সাক্ষী ভায়ে প্ৰচাৰকাৰ্য্য কৰি থাকোঁতে এজন ব্যক্তিক নিজৰ চালিঘৰত কাম কৰি থকা দেখিবলৈ পাই তেওঁক সাক্ষাৎ কৰে। তেওঁলোকে অলপতে হোৱা বিশ্ব বাণিজ্যিক কেন্দ্ৰৰ দুখঃজনক ঘটনাৰ বাবে শাস্ত্ৰৰ পৰা শান্ত্বনা দিবলৈ এটা পদ দেখুৱায়। এই সন্দৰ্ভত তেওঁলোকে ২ কৰিন্থীয়া ১:৩-৭ পদটো পঢ়িছিল যʼত এইদৰে কোৱা হৈছে: “খ্ৰীষ্টৰ দ্বাৰাই . . . শান্ত্বনাও উপচি পৰে।” সাক্ষীসকলে তেওঁলোকৰ চুবুৰীয়া আৰু আন ব্যক্তিসকলক এনে শান্ত্বনা প্ৰদান কৰা দেখি সেই ব্যক্তিজনে এইদৰে কৈছিল: “ঈশ্বৰে আপোনালোকে কৰি থকা এই কাৰ্য্যত আশীৰ্ব্বাদ কৰক।”

১৬, ১৭. যিসকল ব্যক্তিয়ে হৃদয় বিদাৰক ঘটনাৰ বাবে দুখিত বা শোকাতুৰ হৈছে তেওঁলোকক শান্ত্বনা দিবলৈ বাইবেলৰ শক্তি আছে বুলি কেনে দুটা উদাহৰণে প্ৰকাশ কৰিছে?

১৬ এজন সাক্ষী ভায়ে পূৰ্বতে সত্যৰ প্ৰতি আগ্ৰহী হোৱা এগৰাকী মহিলাৰ পুতেকক সাক্ষাৎ কৰে আৰু বৰ্ণনা কৰি কয় যে অলপতে ঘটা হৃদয় বিদাৰক ঘটনাৰ বাবে চুবুৰীয়াই কেনে পৰিস্থিত আছে, এই বিষয়ে তেওঁ জানিবলৈ লোকসকলক সাক্ষাৎ কৰিছে। সাক্ষীসকলে নিজৰ সময় উলিয়াই লোকসকলে কেনে অৱস্থাত আছে তাক জানিব চেষ্টা কৰাৰ বাবে সেই ব্যক্তিজনে আঁচৰিত হয়। তেওঁ কৈছিল যে যেতিয়া বিশ্ব বাণিজ্যিক কেন্দ্ৰ দুৰ্ঘটনাগ্ৰস্থ হৈছিল তেতিয়া তেওঁ তাৰ ওচৰত কাম কৰি আছিল আৰু সকলো ঘটনা তেওঁ নিজ চকুৰে দেখা পাইছিল। যেতিয়া ব্যক্তিজনে সুধিলে যে ঈশ্বৰে কিয় দুখ-কষ্টৰ অনুমতি দিছে, তেতিয়া সাক্ষী ভাইজনে বাইবেলৰ পৰা গীতমালা ৩৭:৩৯ পদটো পঢ়ি শুনাই, যʼত এইদৰে কোৱা হৈছে: “ধাৰ্ম্মিকবিলাকৰ পৰিত্ৰাণ যিহোৱাৰ পৰাই; সঙ্কটৰ কালত তেওঁ তেওঁবিলাকৰ দৃঢ় আশ্ৰয়।” সেই ব্যক্তিজনে নম্ৰভাৱে সাক্ষী ভাইজনৰ পৰিয়াল কেনেকৈ আছে বুলি সোধি তেওঁক পুনৰাই তেওঁৰ ঘৰলৈ আহিবলৈ আমন্ত্ৰণ কৰে আৰু তেওঁৰ ঘৰলৈ অহাৰ বাবে ভাইজনক হৃদয়েৰে ধন্যাবাদ কৰে।

১৭ সন্ত্ৰাসবাদে আক্ৰমণ কৰাৰ ফলত সৃষ্টি হোৱা ভয়াবহ দুৰ্ঘটনাৰ দ্বিতীয় দিনা সাক্ষীসকলে ওচৰ-পাজৰে থকা হাজাৰ হাজাৰ শোকাতুৰ ব্যক্তিক শান্ত্বনা দি থকাৰ সময়ছোৱাত যিহোৱাৰ সাক্ষীসকলে এগৰাকী মহিলাক সাক্ষাৎ কৰে। সেই ঘটনাৰ বাবে মহিলাগৰাকীয়ে অতিশয় দুখিত আছিল আৰু সাক্ষীসকলে তাইক গীতমালা ৭২:১২-১৪ পদটো পঢ়ি শুনোৱাৰ সময়ত তাই মনোযোগেৰে শুনিছিল, যʼত এইদৰে লিখা আছে: “দুখীয়াই কাতৰোক্তি কৰিলে তেওঁ তাক উদ্ধাৰ কৰিব; আৰু সহায়হীন দুখিত জনক তেওঁ ত্ৰাণ কৰিব। তেওঁ দুখী-দৰিদ্ৰক কৃপা কৰিব; তেওঁ দৰিদ্ৰবিলাকৰ প্ৰাণ ৰক্ষা কৰিব। অত্যাচাৰ আৰু উপদ্ৰৱৰ পৰা তেওঁ সিবিলাকৰ প্ৰাণ মুক্ত কৰিব; তেওঁৰ দৃষ্টিত সিবিলাকৰ তেজ বহুমূল্য হব।” সেই বাক্যশাৰী কিমান যে অৰ্থপূৰ্ণ আছিল! মহিলাগৰাকীয়ে সাক্ষীসকলক সেই পদটো পুনৰাই পঢ়ি শুনাবলৈ কৈছিল আৰু সাক্ষীসকলক তাইৰ ঘৰলৈ আহি সেই বিষয়ে আলোচনা কৰিবলৈ আমন্ত্ৰণ জনাইছিল। কথোপকথনৰ অন্তত তাইৰ সৈতে বাইবেল অধ্যয়নৰ আৰম্ভণ হয়।

১৮. এজন সাক্ষী ভাইক যেতিয়া সকলোকে প্ৰতিনিধিত্ব কৰি প্ৰাৰ্থনা কৰিবলৈ কোৱা হয় তেতিয়া তেওঁ তাত উপস্থিত থকা লোকসকলক কেনেকৈ সহায় কৰিলে?

১৮ এজন যিহোৱাৰ সাক্ষী ভায়ে এনে এটা ৰেস্তুৰেন্টত কাম কৰিছিল যাৰ ওচৰ-পাজৰে থকা লোকসকলে পূৰ্বতে ৰাজ্যৰ শুভবাৰ্ত্তাৰ প্ৰতি অধিক আগ্ৰহ প্ৰকাশ কৰা নাছিল। সন্ত্ৰাসবাদীয়ে কৰা আক্ৰমণে সেই লোকসকলক ভয়াভীত কৰি তুলিছিল। সেই হৃদয় কম্পিত ঘটনাৰ পাছত, শুক্ৰবাৰৰ সন্ধ্যা পৰত ৰেস্তুৰেন্টৰ মহিলা মেনেজাৰগৰাকীয়ে সকলোকে বাহিৰলৈ গৈ হাতত মমবাতি ধৰি সেই ঘটনাৰ বাবে প্ৰাণ হেৰুৱাব লগা ব্যক্তিসকলৰ স্মৰণৰ অৰ্থে ক্ষন্তেক সময়ৰ বাবে মৌনব্ৰত কৰিবলৈ কয়। তেওঁলোকৰ ভাৱনাৰ প্ৰতি সন্মান দেখুৱাই সাক্ষী ভাইজনেও বাহিৰলৈ ওলাই আহি বাটৰ কাষত থিয় হʼল। তেওঁ যে যিহোৱাৰ সাক্ষী হয় তাক মেনেজাৰগৰাকীয়ে জানিছিল আৰু সেইবাবে মৌনব্ৰতৰ পাছত ভাইজনক সকলোকে প্ৰতিনিধি কৰি প্ৰাৰ্থনা কৰিবলৈ মেনেজাৰগৰাকীয়ে অনুৰোধ কৰিছিল। ভাইজনে তাইৰ অনুৰোধ ৰাখি প্ৰাৰ্থনা কৰিবলৈ মান্তি হʼল। তেওঁৰ প্ৰাৰ্থনাত গোটেই বিশ্বত থকা শোকাতুৰ ব্যক্তিসকলৰ আৰু তেওঁলোকৰ বাবে থকা আশাৰ বিষয়ে উল্লেখ কৰিছিল। তেওঁ এনে এক সময়ৰ বিষয়ে উল্লেখ কৰিছিল যʼত কোনো ভয়াবহ দুৰ্ঘটনা নাথাকিব আৰু সকলোৱে বাইবেলৰ যথাৰ্থ জ্ঞানৰ দ্বাৰা ঈশ্বৰৰ কাষ চাপি শান্ত্বনা লাভ কৰিব। প্ৰাৰ্থনাৰ অন্তত তেওঁ “আমেন” বুলি কোৱাৰ পাছত মেনেজাৰগৰাকীৰ সৈতে ৬০ জন লোকে তেওঁৰ ওচৰলৈ আহি তেওঁক সাৱতি ধৰি ধন্যবাদ জনাই কয় যে তেওঁলোকে কেতিয়াও তেনেধৰণৰ প্ৰাৰ্থনা শুনা নাছিল।

সম্প্ৰদায়ত উত্তমৰূপে প্ৰভাৱ পৰা

১৯. কেনে উদাহৰণে প্ৰকাশ কৰিছে যে লোকসকলে যিহোৱাৰ সাক্ষীসকলৰ উচ্চ স্তৰসমূহক চিনাক্ত কৰিব পৰিছে?

১৯ বৰ্তমান সময়ত যিহোৱাৰ সাক্ষীসকলে বিভিন্ন সম্প্ৰদায়ৰ লোকৰ ওচৰলৈ গৈ প্ৰচাৰকাৰ্য্য কৰাৰ বাবে এক উত্তম পৰিণাম লাভ কৰাটোক সকলোৱে লক্ষ্য কৰিছে। শান্তি, সাধুতা আৰু শুদ্ধ নৈতিকতা বজাই ৰখা এনে লোকসমূহে কেনেকৈ লাভজনকভাৱে প্ৰভাৱিত কৰে? মধ্য এছিয়াৰ এখন দেশত যিহোৱাৰ সাক্ষীসকলে এজন অৱসৰপ্ৰাপ্ত প্ৰাক্তন সুৰক্ষা অধিকাৰী ব্যক্তিক সাক্ষাৎ কৰে। তেওঁ এইদৰে কৈছিল যে এবাৰ তেওঁক বিভিন্ন ধৰ্ম্মৰ সংগঠনৰ বিষয়ে তদন্ত চলাবলৈ দায়িত্ব দিয়া হৈছিল। যেতিয়া যিহোৱাৰ সাক্ষীসকলক তদন্ত কৰে, তেতিয়া তেওঁ তেওঁলোকৰ সাধুতা আৰু সজ আচৰণ দেখি অতিশয় প্ৰভাৱিত হৈছিল। তেওঁ তেওঁলোকৰ দৃঢ় বিশ্বাস আৰু বাইবেল আধাৰিত শিক্ষাসমূহৰ বাবে প্ৰশংসা কৰিছিল। সেয়েহে তেওঁ কোনো কোণ্ঠাবোধ নকৰাকৈ বাইবেল অধ্যয়ন কৰিবলৈ আগ্ৰহী হয়।

২০. (ক) যোৱা বছৰত হোৱা যিহোৱাৰ সাক্ষীসকলৰ গতিবিধিয়ে কি প্ৰকাশ কৰিছে? (খ) কিহে উল্লেখ কৰিছে যে এতিয়াও আমি কৰিবলগীয়া অনেক কাৰ্য্য আছে আৰু শুভবাৰ্ত্তা প্ৰচাৰ কৰাৰ এই বিশেষ অধিকাৰৰ প্ৰতি আমি কেনে মনোবৃত্তি ৰখা আৱশ্যক?

২০ এই লেখটোত বহুতো অনুভৱৰ ভিতৰত কেৱল কিছুমান উদাহৰণহে উল্লেখ কৰা হৈছে। ইয়াৰ পৰা স্পষ্টকৈ এইটো প্ৰমাণ পোৱা গʼল যে ২০০১ চনৰ সেৱাবছৰত যিহোৱাৰ সাক্ষীসকলে বহুত ব্যস্ত আছিল। তেওঁলোকে কোটি কোটি লোকৰ সৈতে কথা-বতৰা, শোকাতুৰক শান্ত্বনা আৰু প্ৰচাৰকাৰ্য্যত উত্তম পৰিণাম লাভ কৰিছিল। প্ৰায়ে ২,৬৩,৪৩১ জনে নিজকে ঈশ্বৰলৈ সমৰ্পিত কৰি বাপ্তিষ্মা লৈছিল। গোটেই বিশ্বত প্ৰচাৰকৰ সংখ্যা ১.৭ শতাংশলৈ বৃদ্ধি পালে। দৰাচলতে, ১৫,৩৭৪,৯৮৬ জন লোকে যীচুৰ স্মৰণীয় পৰ্বত উপস্থিত হৈছিল। এই বৃদ্ধি হোৱা পৰিণামসমূহে প্ৰকাশ কৰিছে যে এতিয়াও অধিক কামৰ আৱশ্যক আছে। (১ কৰিন্থীয়া ১১:২৩-২৬) আহঁক আমি তেনে নম্ৰ লোকসকলক বিচাৰি যাওঁ, যিসকলে বাৰ্ত্তাৰ প্ৰতি সঠিক মনোবৃত্তি দেখুৱায়। যিমান সময়লৈকে যিহোৱাৰ অনুগ্ৰহ-বছৰ আছে, তেতিয়ালৈকে আহঁক আমি একেৰাহে “শোকাতুৰ” ব্যক্তিসকলক শান্ত্বনা দিওঁহঁক। আমাৰ ওচৰত কিযে এক বিশেষ অধিকাৰযুক্ত দায়িত্ব আছে! অৱশ্যে আমি সকলোৱে যিচয়াৰ এই বাক্যসমূহক অনুকৰণ কৰোঁহঁক, যʼত এইদৰে কোৱা হৈছে: “মোৰ প্ৰাণে মোৰ ঈশ্বৰত উল্লাস কৰিব।” (যিচয়া ৬১:১০) ঈশ্বৰে তেওঁৰ ভৱিষ্যতবাণীক পূৰ্ণ কৰিবলৈ একেৰাহে আমাক ব্যৱহাৰ কৰক। সেই ভৱিষ্যতবাণীত এইদৰেও কোৱা হৈছিল: “প্ৰভু যিহোৱাই সকলো জাতিবিলাকৰ সাক্ষাতে ধাৰ্ম্মিকতা আৰু প্ৰশংসা উৎপন্ন কৰিব।”—যিচয়া ৬১:১১. (w02 1/1)

আপোনাৰ মনত আছেনে?

• যীচুৱে শুভবাৰ্ত্তা প্ৰচাৰ কৰাৰ দ্বাৰা নম্ৰ লোকসকলক কেনেকৈ লাভ প্ৰদান কৰিছিল?

• যিসকলে প্ৰথম শতাব্দীত যীচুৰ শিষ্যসকলে প্ৰচাৰ কৰা শুভবাৰ্ত্তাৰ প্ৰতি সঠিক মনোবৃত্তি দেখুৱাইছিল, তেওঁলোকে কেনে আশীৰ্ব্বাদসমূহৰ ভাগী হৈছিল?

• বৰ্তমান সময়ত সঠিক মনোবৃত্তি দেখুৱা লোকসকলে কেনেকৈ আশীৰ্ব্বাদ লাভ কৰিছে?

• শুভবাৰ্ত্তা প্ৰচাৰ কৰাৰ এই বিশেষ অধিকাৰৰ প্ৰতি কেনে মনোবৃত্তি ৰখা উচিত?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[১৫ পৃষ্ঠাৰ ছবিসমূহ]

যিহোৱাৰ সাক্ষীসকলে সদায়েই প্ৰচাৰকাৰ্য্যৰ প্ৰতি থকা তেওঁলোকৰ দায়িত্বক মনত ৰাখে

[১৭ পৃষ্ঠাৰ ছবিসমূহ]

যিসকলে শুভবাৰ্ত্তাৰ প্ৰতি সঠিক মনোবৃত্তি দেখুৱাইছে তেওঁলোকে বিশ্বব্যাপি ঐক্যতাপূৰ্ণ ভাতৃত্ব সমাজৰ সদস্য হৈ পৰিছে