শ্ৰেণীভেদৰ বাবে উৎপন্ন হোৱা সমস্যাসমূহ
শ্ৰেণীভেদৰ বাবে উৎপন্ন হোৱা সমস্যাসমূহ
“কোনো পৃথকতা নোহোৱাটো হয়তো উপযুক্ত হʼব পাৰে। কিন্তু ইয়াক বাস্তৱিকত পৰিণত কৰাটো পৃথিৱীত কাৰো সাধ্য নাই।”
হনৰে ডে বালজেক্ নামৰ এজন ফ্ৰান্স উপন্যাসকে ১৯ শতাব্দীত ওপৰত উল্লেখ কৰা বাক্যশাৰীক দাঙি ধৰিছিল। আপুনি তেওঁৰ সৈতে সন্মত নে? দৰাচলতে বহুতে মানুহৰ মাজত শ্ৰেণীভেদ হোৱাটো ভুল বুলি বিবেচনা কৰে। কিন্তু তথাপিও এই এক বিশং শতাব্দীত মানৱ সমাজখনত বিভিন্ন সামাজিক শ্ৰেণী দেখিবলৈ পোৱা যায়।
সংযুক্ত ৰাষ্ট্ৰত ১৯২৩ চনৰ পৰা ১৯২৯ চনলৈ ৰাষ্ট্ৰপতিৰ পদত থকা কেলভিন কুলিজে সমাজত শ্ৰেণীভেদৰ বাবে হোৱা সমস্যাসমূহৰ প্ৰতি বিবেচনা কৰি এইদৰে কৈছিল যে, “সকলো উচ্চ শ্ৰেণীসমূহ নাইকিয়া হোৱাৰ মানেই এই সমস্যাসমূহৰ সমাধান।” তেওঁক ৰাষ্ট্ৰপতিৰ পদত থকা ৪০ বছৰৰ পাছত জাতিগত সম্পৰ্কৰ বিষয়ে অধ্যয়ন কৰিবলৈ কাৰনাৰ সমিতিত নিযুক্ত কৰা হয়। এই সমিতিয়ে ভয়াভীত হৈ কৈছিল যে ভৱিষ্যতে সংযুক্ত ৰাষ্ট্ৰত দুই প্ৰকাৰৰ সমাজ সৃষ্টি হব, যেনে: “কলা আৰু বগা লোকৰ সমাজ।” কিছুমানে দাবী কৰে যে এই পূৰ্ব্ব অনুমান ইতিমধ্যেই সঁচা বুলি প্ৰমাণিত হৈছে আৰু দেশত দিনে দিনে “অৰ্থনৈতিক আৰু জাতিগত ভিন্নতা অধিকৈ বৃদ্ধি হোৱা দেখা গৈছে।
মানৱে কল্পনা আৰু জ্ঞানেৰে মানৱ সমাজখনক কোনো পৃথকতা নোহোৱাকৈ ৰখাটো কিয় ইমান কঠিন? ইয়াৰ মুখ্য কাৰণ হৈছে মানুহৰ স্বভাৱ। সংযুক্ত ৰাষ্ট্ৰৰ এজন প্ৰাক্তন কংগ্ৰেছ সদস্য উলিয়াম ৰেনডল্ফ হিয়াৰেষ্টে এবাৰ এইদৰে কৈছিল: “এটা ক্ষেত্ৰত সকলো মানুহক অন্তত অলপ হলেও একেইভাৱে সৃষ্টি কৰা হৈছিল আৰু সেইটো হৈছে সকলোৱে ইচ্ছাত ভিন্ন।” ইয়াৰ অৰ্থ কি? সম্ভৱতঃ তাৰ বিষয়ে ১৯ শতাব্দীৰ হেনেৰি বেকিউ নামৰ নাট্যকাৰজনে অধিক স্পষ্টকৈ এইদৰে কৈছিল: “কিহে এনে কঠিন পৰিস্থিতিত একে সমানতা কৰিব পাৰে তাক আমাৰ কেৱল উচ্চ শ্ৰেণীৰ লোকসকলেহে বিবেচনা কৰিব বিচাৰে।” আন অৰ্থত কʼবলৈ গলে, লোকসকলে সমাজত তেওঁলোকতকৈ উচ্চ স্থানত থকা লোকসকলৰ সৈতেহে সমান হʼব বিচাৰে; কিন্তু বেছিভাগেই তেওঁলোকতৈ নিম্ন পদত থকা লোকৰ সৈতে সমান হʼবলৈ আৰু তেওঁলোকে পোৱা বিশেষ অধিকাৰক সীমিত কৰাৰ বাবে ইচ্ছুক নহয়।
প্ৰাচীন কালত লোকসকলে সাধাৰণ ঘৰত, অভিজাত শ্ৰেণী বা ৰাজবংশত জন্ম গ্ৰহণ কৰিছিল। কিছুমান দেশত লোকসকলে তেনেদৰে জন্ম গ্ৰহণ কৰা বুলি কয়। যিহেতু বৰ্তমান সময়ত বেছিভাগ দেশত ধন-সম্পত্তিৰ পৰিমাণে লোকসকলৰ নিম্ন, মধ্য আৰু উচ্চ শ্ৰেণীৰ বিষয়ে নিৰ্ণয় কৰে। তদুপৰি, এনে কিছুমান কাৰণ আছে যিয়ে শ্ৰেণীভেদৰ পৰিচয় দিয়ে, যেনে, জাতি, শিক্ষা আৰু সাক্ষৰতা। কিছুমান ঠাইত লিঙ্গই এক প্ৰমুখ ভূমিকা আদয় কৰে, যেনেকৈ স্ত্ৰী লিঙ্গক নিম্ন শ্ৰেণীৰ বুলি দৃষ্টি কৰা হয়।
আশাৰ কোনো আভা আছেনে?
মানৱ অধিকাৰ আইনে কিছুমাত্ৰত শ্ৰেণীভেদৰ পাৰ্থক্যতাক ভাঙিবলৈ সহায় আগবঢ়াইছে। উদাহৰণস্বৰূপে, সযুক্ত ৰাষ্ট্ৰত বৰ্ণবৈষম্যতাৰ বিৰুদ্ধে আইন জাৰী কৰা হৈছিল। দক্ষিণ আফ্ৰিকাত বৰ্ণ ভিত্তিত পৃথকীকৰণ ব্যৱস্থাক বাতিল কৰা হয়। যদিও কিছুমান ঠাইত দাসত্ব প্ৰথা আছে, কিন্তু পৃথিৱীৰ বেছিভাগ ঠাইতে ইয়াক বে-আইনী বুলি কোৱা হয়। এনে আইন-ব্যৱস্থা স্থাপিত হোৱাৰ বাবে থলুৱা আৰু নিম্ন শ্ৰেণীৰ লোকে স্বতন্ত্ৰভাৱে জীৱন-যাপন কৰিবলৈ সক্ষম হৈছে।
এনে ব্যৱস্থাবোৰে সমাজত থকা শ্ৰেণীভেদৰ শেষ হোৱাৰ সংকেত নিদিয়েনে বাৰু? অৱশ্যে নহয়। কিছুমান শ্ৰেণীভেদ লাহে লাহে লুপ্ত হৈছে যদিও, এতিয়া অন্য এক ভিন্নতা দেখিবলৈ পোৱা গৈছে। ক্লাচ ওৱাৰফেয়াৰ ইন দি ইনফৰমেশ্চন এইজ নামৰ কিতাপখনে এইদৰে কৈছে: “আজিৰ সময়ছোৱাত উদ্যোগপতি আৰু কৰ্ম্মচাৰীসকলৰ মাজত থকা শ্ৰেণীভেদক গুৰুত্বভাৱে লোৱাটো সঠিক নহʼব, কিয়নো তেওঁলোকৰ মাজত সৰু সৰু উগ্ৰ দলৰ সৃষ্টি হৈছে।”
সমাজত থকা শ্ৰেণীভেদে লোকসকলক চিৰকালৰ বাবে পৃথক কৰি ৰাখিবনে? সেই পৰিস্থিতি যে আশাহীন নহয় এই সম্পৰ্কে পৰৱৰ্তী লেখত আলোচনা কৰা হʼব। (w02 1/1)