Skip to content

Skip to table of contents

আপুনি “সত্যৰ আত্মা” প্ৰাপ্ত কৰিলেনে?

আপুনি “সত্যৰ আত্মা” প্ৰাপ্ত কৰিলেনে?

আপুনি “সত্যৰ আত্মা” প্ৰাপ্ত কৰিলেনে?

“মই পিতৃৰ আগত নিবেদন কৰিম, . . . তেওঁ আন এজন সহায়কৰ্ত্তা, অৰ্থাৎ সত্যৰ আত্মা তোমালোকক দিব।”যোহন ১৪:১৬.

১. ওপৰৰ কোঠাত অতিবাহিত কৰা অন্তিম সময়ছোৱাত যীচুৱে তেওঁৰ শিষ্যসকলক কেনে গুৰুত্বপূৰ্ণ সংবাদ দিছিল?

 যিৰূচালেম চহৰত থকা ঘৰটোৰ ওপৰৰ কোঠালীত অতিবাহিত কৰা অন্তিম সময়ছোৱাত পাঁচনিসকলে যীচুক এই বুলি এটা প্ৰশ্ন কৰিছিল, “হে প্ৰভু, আপুনি কʼলৈ যায়?” (যোহন ১৩:৩৬) সভা চলি থকাৰ সময়ত যীচুৱে তেওঁলোকক কৈছিল যে এতিয়া তেওঁ তেওঁলোকক এৰি তেওঁৰ পিতৃৰ ওচৰলৈ যাবলৈ সময় আহিল। (যোহন ১৪:২৮; ১৬:২৮) কিয়নো যীচুৱে তেওঁলোকক শিক্ষা প্ৰদান কৰিবলৈ আৰু তেওঁলোকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ তেওঁলোকৰ মাজত শাৰীৰিকভাৱে উপস্থিত নাথাকিব। সেয়েহে তেওঁ তেওঁলোকক আশ্বাস দি এইদৰে কৈছিল: “মই পিতৃৰ আগত নিবেদন কৰিম, তাতে তোমালোকে সৈতে সদায় থাকিবলৈ, তেওঁ আন এজন সহায়কৰ্ত্তা, [বা শান্ত্বনাকৰ্ত্তা] . . . তোমালোকক দিব।”—যোহন ১৪:১৬, ফুটনোটত চাওক।

২. যীচুৱে তেওঁৰ পিতৃৰ ওচৰলৈ ঘূৰি যোৱাৰ পাছত তেওঁৰ শিষ্যসকলৰ ওচৰলৈ কি পঠোৱাৰ বিষয়ে প্ৰতিজ্ঞা কৰিছিল?

যীচুৱে সেই সহায়কৰ্ত্তাক চিনাক্ত কৰিব পাৰিছিল আৰু সেয়েহে তেওঁ শিষ্যসকলক বৰ্ণনা কৰিছিল যে এই সহায়কৰ্ত্তাই তেওঁলোকক কেনেকৈ সহায় কৰিব। তেওঁ তেওঁলোকক এইদৰে কৈছিল: “মই তোমালোকৰ লগত থকাৰ কাৰণে, এইবোৰ কথা আদিৰে পৰা কোৱা নাই। কিন্তু এতিয়া, মোক পঠোৱা জনাৰ ওচৰলৈ যাওঁ; . . . মই যোৱাই তোমালোকৰ হিতহে; কিয়নো মই নগলে, তোমালোকলৈ সেই সহায়কৰ্ত্তা নাহিব; কিন্তু মই গলে, তোমালোকলৈ তেওঁক পঠাই দিম। . . . কিন্তু সেই সত্যৰ আত্মা যেতিয়া আহিব, তেতিয়া তেওঁ আটাই সত্যলৈ তোমালোকক পথ দেখুৱাই নিব।”—যোহন ১৬:৪, ৫, ৭, ১৩.

৩. (ক) প্ৰথম শতাব্দীৰ খ্ৰীষ্টানসকলক কেতিয়া ‘সত্যৰ আত্মা’ প্ৰদান কৰা হৈছিল? (খ) কেনে এক মুখ্য প্ৰকাৰে আত্মাই তেওঁলোকৰ ‘সহায়কৰ্ত্তা’ হৈছিল?

যীচুৱে কৰা সেই প্ৰতিজ্ঞা সা.যু. ৩৩ চনত পূৰ্ণ হʼল। সেয়েহে পিতৰে এইদৰে কৈছিল: “যীচুকে ঈশ্বৰে পুনৰায় তুলিলে; তাৰ সাক্ষী আমি সকলো আছোঁ। এতেকে তেওঁ ঈশ্বৰৰ সোঁ হাতেৰে ওখ পদ পাই, আৰু পবিত্ৰ আত্মাৰ বিষয়ে পিতৃৰ পৰা প্ৰতিজ্ঞা পাই, তোমালোকে যিহকে দেখি শুনি আছা, তাকে তেওঁ বাকি দিলে।” (পাঁচনিৰ কৰ্ম্ম ২:৩২, ৩৩) পাছলৈ আমি দেখিবলৈ পাম যে পঞ্চাশ-দিনীয়া পৰ্ব্বত প্ৰাচীন খ্ৰীষ্টানসকলৰ ওপৰত বাকি দিয়া পবিত্ৰ আত্মাৰ সহায়ৰ দ্বাৰা তেওঁলোকে বহুতো কাৰ্য্য সম্পন্ন কৰিব পাৰিলে। কিন্তু যীচুৱে প্ৰতিজ্ঞা কৰিছিল যে “সত্যৰ আত্মাই” শিষ্যসকলক, তেওঁ কোৱা সকলোবোৰ কথা স্মৰণ কৰাই দিব। (যোহন ১৪:২৬) তদুপৰি, ইয়ে শিষ্যসকলক আজ্ঞা দিয়া পৰিচৰ্য্যা কাৰ্য্য, তেওঁৰ শিক্ষা আৰু যীচুৱে কোৱা সকলো কথাক সঠিকভাৱে লিপিবদ্ধ কৰিবলৈ মনত পেলাই দিছিল। বিশেষকৈ এই ‘সত্যৰ আত্মা’ অৰ্থাৎ পবিত্ৰ আত্মাই সা.যু. প্ৰথম শতাব্দীৰ শেষৰ ফালে বৃদ্ধ পাঁচনি যোহনক তেওঁৰ শুভবাৰ্ত্তাৰ কিতাপ লিখিবলৈ সহায় কৰিছিল, যʼত যীচুৱে মৃত্যু স্মৰণীয় পৰ্ব স্থাপন কৰাৰ সময়ত দিয়া বহুমূলীয়া পৰামৰ্শও সন্মিলিত আছিল।—যোহন ১৩-১৭ অধ্যায়।

৪. “সত্যৰ আত্মাই” প্ৰাচীন অভিষিক্ত খ্ৰীষ্টানসকলক কেনেকৈ সহায় কৰিছিল?

তদুপৰি, আত্মাই ‘সকলোৰ বিষয়ে শিক্ষা প্ৰদান’ আৰু ‘সকলো সত্যলৈ পৰিচালিত’ কৰিব বুলি যীচুৱে প্ৰথম শতাব্দীৰ শিষ্যসকলক প্ৰতিজ্ঞা কৰিছিল। সেই আত্মাই তেওঁলোকক শাস্ত্ৰৰ গভীৰ কথাক বুজিবলৈ আৰু বিচাৰধাৰা, উদ্দেশ্য, অন্তৰ্দৃষ্টিত এক হʼবলৈ সহায় কৰিছিল। (১ কৰিন্থীয়া ২:১০; ইফিচীয়া ৪:৩) পবিত্ৰ আত্মাই প্ৰাচীন খ্ৰীষ্টান অৰ্থাৎ “বিশ্বাসী বুদ্ধিমান দাস” বৰ্গক একেলগে কাৰ্য্য আৰু নিজৰ সঙ্গী অভিষিক্তসকলক “উচিত সময়ত আহাৰ দিবলৈ” অধিকাৰ প্ৰদান কৰিছিল।—মথি ২৪:৪৫.

পবিত্ৰ আত্মাই সাক্ষ্য দিয়ে

৫. (ক) সা.যু. ৩৩ চন, নিচান মাহৰ ১৪ তাৰিখে যীচুৱে তেওঁৰ শিষ্যসকলৰ আগত কেনে এক নতুন আশাৰ পথ মুকলি কৰে? (খ) যীচুৰ প্ৰতিজ্ঞা পূৰ্ণ কৰাত পবিত্ৰ আত্মাই কেনে ভূমিকা আদায় কৰে?

নিচান মাহৰ ১৪ তাৰিখৰ সেই নিশা আন্তৰিকতাৰে শিষ্যসকলক কৈছিল যে, তেওঁৰ দ্বাৰা তেওঁলোকে আৰু স্বৰ্গীয় পিতৃৰ সৈতে স্বৰ্গত বাস কৰিবলৈ তেওঁলোকক স্বয়ং যীচুৱে আদৰি নিব। তেওঁ তেওঁলোকক এইদৰে কৈছিল: “মোৰ পিতৃৰ ঘৰত অনেক থকা ঠাই আছে; নোহোৱা হলে, তোমালোকক কলোঁহেঁতেন; কিয়নো মই তোমালোকলৈ ঠাই যুগুত কৰিবলৈ যাওঁ। আৰু মই তোমালোকলৈ যদি ঠাই যুগুত কৰোঁগৈ তেন্তে মই যি ঠাইত থাকোঁ, তোমালোকো সেই ঠাইতে যেন থাকিবলৈ পাবা, এই নিমিত্তে মই আকৌ আহি তোমালোকক মোৰ ওচৰলৈ লৈ যাম।” (যোহন ১৩:৩৬; যোহন ১৪:২, ৩) তেওঁলোকে যীচুৰ সৈতে তেওঁৰ ৰাজ্যত শাসন কৰিব। (লূক ২২:২৮-৩০) সেই স্বৰ্গীয় আশা লাভ কৰিবলৈ তেওঁলোকে ঈশ্বৰৰ আত্মিক পুত্ৰ অৰ্থাৎ ‘আত্মাৰ পৰা জন্ম’ হৈ আৰু অভিষিক্ত ৰূপে যীচুৰ সৈতে স্বৰ্গত পুৰোহিত আৰু ৰজা হিচাবে কাৰ্য্য কৰিবলগা আছিল।—যোহন ৩:৫-৮; ২ কৰিন্থীয়া ১:২১, ২২; তীত ৩:৫-৭; ১ পিতৰ ১:৩, ৪; প্ৰকাশিত বাক্য ২০:৬.

৬. (ক) স্বৰ্গীয় আমন্ত্ৰণ কেতিয়া আৰম্ভ আৰু কিমানে এই আমন্ত্ৰণ স্বীকাৰ কৰিলে? (খ) যিসকলক আমন্ত্ৰণ কৰা হʼল, তেওঁলোকে কিহৰ দ্বাৰা বাপ্তাইজিত হʼল?

পেন্টাকোষ্ট সা.যু. ৩৩ চনত এই ‘স্বৰ্গীয় আমন্ত্ৰণ’ আৰম্ভ হয় আৰু ১৯৩০ চনৰ মাজ ভাগত এই বিশেষৰূপে হোৱা আমন্ত্ৰণৰ সামৰণী পৰে। (ইব্ৰী ৩:১) পবিত্ৰ আত্মাৰ দ্বাৰা মোহৰ মাৰা সেই আধ্যাত্মিক ইস্ৰায়েলৰ সংখ্যা হৈছে ১,৪৪০০০ জন, যিসকলক “মনুষ্যবিলাকৰ মাজৰ পৰা কিনি লোৱা হল।” (প্ৰকাশিত বাক্য ৭:৪; ১৪:১-৪) দৰাচলতে তেওঁলোকে অভিষিক্ত খ্ৰীষ্টত বাপ্তিষ্মা লৈ মণ্ডলীৰ সদস্য হʼল আৰু তেওঁৰ মৃত্যুত বাপ্তাইজিত হʼল। (ৰোমীয়া ৬:৩; ১ কৰিন্থীয়া ১২:১২, ১৩, ২৭; ইফিচীয়া ১:২২, ২৩) তেওঁলোকে পানীত বাপ্তিষ্মা আৰু পবিত্ৰ আত্মাৰ দ্বাৰা অভিষিক্ত হোৱাৰ পিছত, বলিদানৰ দুৱাৰত প্ৰৱেশ কৰিলে অৰ্থাৎ মৃত্যুলৈকে অখণ্ডতা বজাই ৰাখিলে।—ৰোমীয়া ৬:৪, ৫.

৭. স্মৰণীয় পৰ্বৰ প্ৰতীকক কিয় কেৱল অভিষিক্ত খ্ৰীষ্টানসকলে গ্ৰহণ কৰিব পাৰে?

এই আধ্যাত্মিক ইস্ৰায়েলসকল অৰ্থাৎ অভিষিক্ত খ্ৰীষ্টানসকল হৈছে “ঈশ্বৰৰ ইস্ৰায়েল,” যিসকলৰ সৈতে যিহোৱাই নতুন নিয়ম স্থাপন কৰিলে। (গালাতীয়া ৬:১৬; যিৰিমিয়া ৩১:৩১-৩৪) এই নতুন নিয়মটি খ্ৰীষ্টৰ বোৱঁতী তেজেৰে প্ৰতিপন্ন কৰা হʼল। যীচুৱে তেওঁৰ মৃত্যুৰ স্মৰণীয় পৰ্বৰ স্থাপন কৰাৰ সময়ত এই বিষয়ে উল্লেখ কৰিছিল। এই সন্দৰ্ভত লূকে এইদৰে লিখিছিল: “পিঠা লৈ তেওঁ স্তুতি কৰি, তাক ভাঙি তেওঁলোকক দি কলে, এয়ে তোমালোকৰ নিমিত্তে দান কৰা মোৰ শৰীৰ; মোক সুৱৰিবলৈ ইয়াকে কৰা। ভোজন কৰা হলত, সেইদৰে পান-পাত্ৰকো লৈ কলে, তোমালোকৰ নিমিত্তে উলিওৱা মোৰ তেজৰ দ্বাৰাই হোৱা যি নতুন নিয়ম, এই পাত্ৰ সেয়ে।” (লূক ২২:১৯, ২০) এই পৃথিৱীত এতিয়াও থকা, সেই অৱশিষ্ট বা বাকী থকা অৰ্থাৎ ১,৪৪০০০ জন সদস্যই কেৱল যীচুৰ মৃত্যু স্মৰণীয় পৰ্বত পালন কৰা প্ৰতীকৰূপে থকা পিঠা আৰু দ্ৰাক্ষাৰস গ্ৰহণ কৰিব পাৰে।

৮. অভিষিক্তসকলে স্বৰ্গীয় জীৱনৰ বাবে আমন্ত্ৰণ পাইছে বুলি কেনেকৈ জনিব পাৰে?

অভিষিক্ত বৰ্গৰ লোকসকলে কেনেকৈ জানে যে, তেওঁলোকক স্বৰ্গীয় জীৱনৰ বাবে আমন্ত্ৰণ কৰা হৈছে? তেওঁলোকে পবিত্ৰ আত্মাৰ নিৰ্ভূল সাক্ষ্য পায়। এনে লোকসকলৰ সম্পৰ্কে পাঁচনি পৌলে এইদৰে লিখিছিল: “যিমান লোক ঈশ্বৰৰ আত্মাৰ দ্বাৰাই চালিত হয়, সেই সকলোবিলাকেই ঈশ্বৰৰ সন্তান। . . . আমি যে ঈশ্বৰৰ সন্তান, এই বিষয়ে পবিত্ৰ আত্মাই নিজে আমাৰ আত্মাই সৈতে সাক্ষ্য দিয়ে। আৰু যদি সন্তান হওঁ, তেন্তে উত্তৰাধীকাৰীও হওঁ; অথাৎ, খ্ৰীষ্টে সৈতে গৌৰাৱন্বিত হবলৈ, যদিহে আমি তেৱেঁ সৈতে দুখভোগ কৰোঁ, তেহে আমি ঈশ্বৰৰ উত্তৰাধিকাৰী, আৰু খ্ৰীষ্টে সৈতে উত্তৰাধিকাৰী হওঁ।” (ৰোমীয়া ৮:১৪-১৭) এই পবিত্ৰ আত্মাৰ সাক্ষ্য ইমানেই শক্তিশালী যে, যিসকলৰ স্বৰ্গীয় জীৱনৰ আমন্ত্ৰণৰ বিষয়ে যদি অল্পমাত্ৰতো সন্দেহ থাকে তেনেহʼলে তেওঁলোকে যুক্তিসঙ্গতভাৱে সেই আমন্ত্ৰণ পোৱা নাই বুলি উপনীত হʼব পাৰে আৰু সেইবাবে তেওঁলোকে স্মৰণীয় পৰ্বৰ প্ৰতীক গ্ৰহণ কৰাৰ পৰা বিৰত থাকে।

পবিত্ৰ আত্মা আৰু অন্য মেৰ

৯. শুভবাৰ্ত্তা আৰু প্ৰকাশিত বাক্যৰ কিতাপত কেনে দুটা সমূহৰ লোকৰ বিষয়ে উল্লেখ কৰা হৈছে?

মনত ৰাখক যে কেৱল এক সীমিত সংখ্যক খ্ৰীষ্টান সদস্যৰ দ্বাৰাই আধ্যাত্মিক ইস্ৰায়েলৰ গঠিত হয়, যিসকলক যীচুৱে “তাকৰ জাকটি” বুলি উল্লেখ কৰিছিল। তেওঁলোকে নতুন নিয়মৰ অন্তৰ্গত সেই “গঁৰালৰ” সদস্য। ইয়াৰ বিপৰীতে ‘অন্য মেৰ’ বৰ্গৰ লোকসকলৰ সংখ্যা হৈছে গণিব নোৱাৰা, যীচুৱে তেওঁলোককো নিশ্চয়ে একত্ৰিত কৰা আৱশ্যক বুলি কৈছিল। (লূক ১২:৩২; যোহন ১০:১৬) এই শেষকালত অন্য মেৰ বৰ্গৰ যিসকল লোকক একত্ৰিত কৰা হৈছে, তেওঁলোক হৈছে ‘বৰ লোকসমূহৰ’ সদস্য। তেওঁলোকে “মহা-ক্লেশৰ” পৰা উদ্ধাৰ পাই এই পৃথিৱীৰ পৰমদেশত অনন্তকাল জীয়াই থকাৰ আশা আছে। মন কৰিবলগীয়া এই যে ১,৪৪০০০ জন অৰ্থাৎ আধ্যাত্মিক ইস্ৰায়েল আৰু বৰ লোকসমূহৰ সদস্যৰ মাজত থকা পৃথকতা চিনি পোৱাৰ সম্বন্ধে যোহনে সা.যু. প্ৰথম শতাব্দীত ঈশ্বৰৰ পৰা দৰ্শন পাইছিল। (প্ৰকাশিত বাক্য ৭:৪, ৯, ১৪) অন্য মেৰ বৰ্গৰ সদস্যসকলে পবিত্ৰ আত্মা লাভ কৰিছেনে? যদি কৰিছে, তেনেহʼলে ইয়ে তেওঁলোকৰ জীৱনত কি দৰে প্ৰভাৱ পেলাইছে?

১০. “পিতৃ, পুত্ৰ, আৰু পবিত্ৰ আত্মাৰ নামেৰে” অন্য মেৰ বৰ্গৰ সদস্যসকলে কেনেকৈ বাপ্তিষ্মা লৈছে?

১০ ইয়াত কোনো সন্দেহ নাই যে পবিত্ৰ আত্মাই অন্য মেৰ বৰ্গৰ লোকসমূহৰ জীৱনতো এক অৰ্থপূৰ্ণ ভূমিকা আদায় কৰে। তেওঁলোকে নিজকে যিহোৱালৈ সমৰ্পণ কৰি “পিতৃ, পুত্ৰ, আৰু পবিত্ৰ আত্মাৰ নামেৰে” বাপ্তিষ্মা লৈছে। (মথি ২৮:১৯) তেওঁলোকে যিহোৱাৰ সাৰ্ব্বভৌমত্বক চিনি পালে আৰু নিজকে তেওঁলোকৰ ৰজা আৰু ত্ৰাণকৰ্ত্তা খ্ৰীষ্টৰ অধীন কৰিলে। তদুপৰি, তেওঁলোকে নিজৰ জীৱনটোক ঈশ্বৰৰ আত্মা অথবা সক্ৰিয় শক্তিৰ অধীন কৰিলে। সময় অতিক্ৰম কৰাৰ লগে লগে তেওঁলোকে, “আত্মাৰ ফল” যি “প্ৰেম, আনন্দ, শান্তি, চিৰসহিষ্ণুতা, মৰম, মঙ্গলভাব, বিশ্বাস, মৃদু-ভাব, ইন্দ্ৰিয়-দমন” আদি গুণবোৰক নিজৰ জীৱনত স্থান দিলে।—গালাতীয়া ৫:২২, ২৩.

১১, ১২. (ক) অভিষিক্ত বৰ্গৰ লোকসকলক কেনে বিশেষ প্ৰকাৰে পবিত্ৰকৰণ কৰা হʼল? (খ) অন্য মেৰবৰ্গৰ লোকক কেনেকৈ শুদ্ধ আৰু পবিত্ৰকৰণ কৰা হʼল?

১১ অন্য মেৰ বৰ্গৰ লোকসকলেও ঈশ্বৰৰ বাক্য আৰু তেওঁৰ পবিত্ৰ আত্মাক তেওঁলোকৰ জীৱনটোক শুদ্ধ বা পবিত্ৰ কৰিবলৈ দিয়া উচিত। অভিষিক্ত বৰ্গৰ লোকসকলে ইতিমধ্যেই এক বিশেষ প্ৰকাৰে শুদ্ধ হৈ ধাৰ্ম্মিক আৰু খ্ৰীষ্টৰ পবিত্ৰ কন্যা হিচাবে বিদিত হʼল। (যোহন ১৭:১৭; ১ কৰিন্থীয়া ৬:১১; ইফিচীয়া ৫:২৩-২৭) তেওঁলোকক ভৱিষ্যতবক্তা দানিয়েলে “সৰ্ব্বোপৰিজনাৰ পবিত্ৰ” লোক বুলি উল্লেখ কৰিছে, যিসকলে “মানুহৰ পুত্ৰৰ” অধীনত ৰাজ্যভাৰ গ্ৰহণ কৰিছে। (দানিয়েল ৭:১৩, ১৪, ১৮, ২৭) প্ৰাচীন সময়ত যিহোৱাই ইস্ৰায়েল জাতিক মোচি আৰু হাৰোণৰ দ্বাৰা এইদৰে কৈছিল: “মই তোমালোকৰ ঈশ্বৰ যিহোৱা; এই হেতুকে তোমালোকে নিজকে পবিত্ৰ কৰি পবিত্ৰ হোৱা; কিয়নো মই পবিত্ৰ।”—লেবীয়া পুস্তক ১১:৪৪.

১২ সাধাৰণতে “পবিত্ৰকৰণ” শব্দৰ অৰ্থ হৈছে, “এনে এক কাৰ্য্য বা প্ৰণালী যাৰ যোগেদি পবিত্ৰ, পৃথক অথবা কোনো সেৱা নতুবা যিহোৱা ঈশ্বৰে ব্যৱহাৰ কৰিবলৈ পৃথক হোৱা; এক পবিত্ৰ, শুদ্ধ বা বিশুদ্ধকৰণ অৱস্থা।” ১৯৩৮ চনৰ পূৰ্বেই প্ৰকাশ পোৱা এখন প্ৰহৰীবুৰুজ নামৰ আলোচনীত এইদৰে বৰ্ণনা কৰা হৈছিল যে, যোনাদব বা অন্য মেৰৰ বৰ্গ লোকসকল “এই পৃথিৱীত বৃহৎ সংখ্যাত যিজনে অনন্তকাল জীয়াই থকাৰ আশা আছে, তেওঁ নিশ্চয়ে নিজকে শোধন [সমৰ্পণ] আৰু পবিত্ৰ কৰণ কৰা আৱশ্যক।” প্ৰকাশিত বাক্যত সেই বৰ লোকসমূহৰ বিষয়ে এইদৰে লিপিবদ্ধ কৰা হৈছে যে, তেওঁলোকে “মেৰ পোৱালিৰ তেজেৰে নিজ নিজ বস্ত্ৰ ধুই বগা কৰিলে” আৰু ‘দিনে-ৰাতিয়ে মন্দিৰত যিহোৱাৰ আৰাধনা কৰে।’ (প্ৰকাশিত বাক্য ৭:৯, ১৪, ১৫) অন্য মেৰ বৰ্গৰ লোকসকলে পবিত্ৰ আত্মাৰ সহায়ৰ যোগেদি যিহোৱাৰ আৱশ্যকতা হোৱা পবিত্ৰতা বজাই ৰাখিবলৈ সকলো প্ৰচেষ্টা কৰে।—২ কৰিন্থীয়া ৭:১.

খ্ৰীষ্টৰ ভাইসকললৈ মঙ্গল কৰা

১৩, ১৪. (ক) যীচুৱে মেৰ আৰু ছাগলীৰ দৃষ্টান্তত অন্য মেৰবৰ্গৰ লোকসকলৰ উদ্ধাৰ কিহৰ ওপৰত নিৰ্ভৰশীল বুলি কৈছিল? (খ) এই শেষকালৰ সময়ছোৱাত অন্য মেৰবৰ্গৰ লোকসকলে খ্ৰীষ্টৰ ভাইসকললৈ কেনেকৈ মঙ্গলজনক কাৰ্য্য কৰিছে?

১৩ যীচুৱে ব্যৱহাৰ কৰা মেৰ আৰু ছাগলীৰ দৃষ্টান্ত আৰু “এই জগতৰ শেষ” হোৱাৰ ভৱিষ্যতবাণীত তাকৰ জাকটি আৰু অন্য মেৰবৰ্গৰ লোকসকলৰ মাজত থকা নিবিড় সম্বন্ধৰ বিষয়ে উল্লেখ কৰিছিল। দৃষ্টান্তৰ জৰিয়তে যীচুৱে স্পষ্টৰূপে কৈছিল যে যিসকলক তেওঁ ‘মোৰ ভাই’ বুলি উল্লেখ কৰিছে তেওঁলোকৰ প্ৰতি দেখুৱা আচৰণৰ সৈতে অন্য মেৰবৰ্গৰ লোকসকলৰ উদ্ধাৰ নিবিড়ভাৱে জড়িত আছে। তেওঁ এইদৰে কৈছিল: “তেতিয়া ৰজাই তেওঁৰ সোঁফালে থকাবিলাকক কব, আহাঁ, মোৰ পিতৃৰ আশীৰ্ব্বাদৰ পাত্ৰবিলাক, জগত স্থাপন কৰাৰে পৰা তোমালোকৰ নিমিত্তে যুগুত কৰি থোৱা ৰাজ্যৰ অধিকাৰী হোৱা। . . . মই তোমালোকক স্বৰূপকৈ কওঁ, মোৰ এই ভাইবিলাকৰ মাজৰ সৰু এটিলৈকো যি কৰিছিলা, তাক মোলৈকেহে কৰিছিলা।”—মথি ২৪:৩; ২৫:৩১-৩৪, ৪০.

১৪ “সৰু এটিলৈকো যি কৰিছিলা” বুলি উল্লেখ কৰা বাক্যশাৰীয়ে খ্ৰীষ্টৰ আত্মা-অভিষিক্ত ভাইসকলক দিয়া প্ৰেমময় সাহায্যক বুজাইছে, যিসকলক চয়তানৰ জগতে অচিনাকি ব্যক্তি হিচাবে আচৰণ কৰি তেওঁলোকৰ কিছুমানক বন্দীশালত দিছিল। সেই সময়ছোৱাত তেওঁলোকৰ খাদ্য, বস্ত্ৰ আৰু স্বাস্থ্যৰ আদিৰ বিষয়ে চোৱা-চিতা কৰা আৱশ্যক আছিল। (মথি ২৫:৩৫, ৩৬) ঠিক একেইদৰে এই শেষকালত অৰ্থাৎ ১৯১৪ চন পৰা বহুতো অভিষিক্ত ব্যক্তিসকলে নিজকে তেনে অৱস্থা পাইছিল। বৰ্তমান সময়ৰ যিহোৱাৰ সাক্ষীসকলৰ ইতিহাসে প্ৰকাশ কৰিছে যে সেই অভিষিক্তসকলক অন্য মেৰবৰ্গ অৰ্থাৎ তেওঁলোকৰ বিশ্বাসী সঙ্গীসকলে তেওঁলোকলৈ তেনে সাহায্য আগবঢ়াবলৈ পবিত্ৰ আত্মাৰ দ্বাৰা প্ৰেৰিত হৈছিল।

১৫, ১৬. (ক) অন্য মেৰবৰ্গৰ লোকসকলে খ্ৰীষ্টৰ অভিষিক্ত ভাইসকলক কেনে কাৰ্য্যত বিশেষকৈ সহায় কৰিছে? (খ) অভিষিক্ত ভাইসকলে অন্য মেৰবৰ্গৰ লোকসকলৰ কাৰ্য্যৰ প্ৰতি কেনেকৈ মূল্যাঙ্কণ প্ৰকাশ কৰিছে?

১৫ শেষকালৰ এই বিশেষ সময়ছোৱাত ঈশ্বৰ-নিযুক্তি আজ্ঞা অৰ্থাৎ ‘সকলো জাতিলৈ সাক্ষ্য হবলৈ, ৰাজ্যৰ এই শুভবাৰ্ত্তা প্ৰচাৰ’ কাৰ্য্যক সম্পন্ন কৰিবলৈ অন্য মেৰবৰ্গৰ লোকসকলে পৃথিৱীত থকা যীচুৰ অভিষিক্ত ভাইসকলক সক্ৰিয়ৰূপে সহায় আগবঢ়াইছে। (মথি ২৪:১৪; যোহন ১৪:১২) যিহেতু এই পৃথিৱীত থকা অভিষিক্ত লোকৰ সংখ্যা বছৰে বছৰে হ্ৰাস হৈ আহিছে, কিন্তু অন্য মেৰবৰ্গৰ সংখ্যা প্ৰকৃততে লাখ লাখ সংখ্যাত বৃদ্ধি হৈছে। “পৃথিবীৰ সীমালৈকে” ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তা প্ৰচাৰ কৰিবলৈ তেওঁলোকৰ হাজাৰ হাজাৰ জনে পূৰ্ণ সময়ৰ প্ৰচাৰক অৰ্থাৎ অগ্ৰগামী আৰু মিছনাৰী হেচাবে সেৱা কৰিছে। (পাঁচনিৰ কৰ্ম্ম ১:৮) আনসকলে তেওঁলোকৰ সামৰ্থৰ অনুসাৰে প্ৰচাৰ কাৰ্য্য আৰু এই গুৰুত্বপূৰ্ণ কাৰ্য্যক আগবঢ়াবলৈ আৰ্থিকৰূপে সহায় আগবঢ়াইছে।

১৬ অন্য মেৰবৰ্গৰ লোকসকলে আগবঢ়োৱা বিশ্বাসী সাহায্যৰ প্ৰতি খ্ৰীষ্টৰ অভিষিক্ত ভাইসকলে কিমান যে মূল্যাঙ্কণ কৰে! তেওঁলোকৰ সেই আবেগক, ১৯৮৬ চনত বিশ্বাসী বুদ্ধিমান দাসবৰ্গই প্ৰকাশ কৰা ‘শান্তিৰ ৰাজকুমাৰৰ’ অধিনত বিশ্বব্যাপী শান্তি” (“ৱৰ্লড ওৱাই চিকিউৰিটি আন্ডাৰ দ্যা “প্ৰিন্স অৱ পিছ্‌”) নামৰ ইংৰাজী কিতাপখনত ভালদৰে বৰ্ণনা কৰিছে। তাত এইদৰে কোৱা হৈছে: “যিহেতু দ্বিতীয় বিশ্বযুদ্ধৰ পৰাই যীচুৱে ‘এই জগতৰ শেষ’ বুলি উল্লেখ কৰা ভৱিষ্যতবাণীৰ পূৰ্ণতা হৈছে। এই ভৱিষ্যতবাণীৰ পূৰ্ণতাত ‘অন্য মেৰবৰ্গ’ অৰ্থাৎ ‘বৰ লোকসমূহে’ এক মুখ্য ভূমিকা আদয় কৰে। . . . ভিন্ন ভাষা কোৱা ‘বৰ লোকসমূহক’ আমি অনেক ধন্যবাদ দিছোঁ, কিয়নো তেওঁলোকে মথি ২৪:১৪ পদত উল্লেখ কৰা [যীচুৰ] ভৱিষ্যতবাণীক পূৰ্ণ কৰাত অৰ্থপূৰ্ণ সহায় আগবঢ়াইছে!”

‘আমাৰ অবিহনে সিদ্ধ হবলৈ নিদিলে’

১৭. এই পৃথিৱীত পুনৰুত্থান হʼবলগীয়া প্ৰাচীন সময়ৰ বিশ্বাসী লোকসকলক কি প্ৰকাৰে অভিষিক্তসকলৰ অবিহনে “সিদ্ধ হবলৈ নিদিলে?”

১৭ এজন অভিষিক্ত ব্যক্তি হিচাবে পাঁচনি পৌলে যীচুৰ সময়ৰ পূৰ্বেই জীৱিত থকা বিশ্বাসী পুৰুষ আৰু স্ত্ৰীৰ উদ্দেশে এইদৰে লিখিছিল: “এই সকলোৱে, বিশ্বাসৰ দ্বাৰাই সাক্ষ্য পালেও, প্ৰতিজ্ঞাৰ ফল নাপালে; কিয়নো ঈশ্বৰে আমাৰ নিমিত্তে কোনো শ্ৰেষ্ঠ বিষয় যুগুত কৰাত আমাৰ অবিহনে, তেওঁবিলাকক সিদ্ধ হবলৈ নিদিলে।” (ইব্ৰী ১১:৩৫, ৩৯, ৪০) হাজাৰ বছৰকালৰ সময়ছোৱাত যীচু আৰু ১,৪৪০০০ জন ব্যক্তি অৰ্থাৎ তেওঁৰ অভিষিক্ত ভাইসকলে স্বৰ্গত ৰজা আৰু পুৰোহিত কাৰ্য্য কৰিব আৰু খ্ৰীষ্টৰ বলিদানৰ পৰা হোৱা লাভসমূহক গোটেই পৃথিৱীত বিতৰণ কৰিব। এইদৰে অন্য মেৰবৰ্গৰ লোকসকল মানসিক আৰু শাৰীৰিকভাৱে “সিদ্ধ” হʼব।—প্ৰকাশিত বাক্য ২২:১, ২.

১৮. (ক) বাইবেলৰ যথাৰ্থতাই অন্য মেৰবৰ্গৰ লোকক কিহৰ মূল্যাঙ্কণ কৰিবলৈ সহায় কৰা উচিত? (খ) অন্য মেৰবৰ্গৰ লোকে কি আশাৰে ‘ঈশ্বৰৰ সন্তানবিলাকৰ প্ৰতাপমূলক মুক্তিলৈ’ বাট চাই আছে?

১৮ খ্ৰীষ্টান গ্ৰীক শাস্ত্ৰত জোৰ দি উল্লেখ কৰা, যিহোৱাৰ উদ্দেশ্যক পূৰ্ণ কৰাত খ্ৰীষ্ট আৰু তেওঁৰ অভিষিক্ত ভাইসকলে বহন কৰা মুখ্য ভূমিকাৰ বিষয়ে অন্য মেৰবৰ্গৰ সকলোৱে মনত ৰখা উচিত। সেয়েহে হৰমাগিদোন আৰু হাজাৰ বছৰলৈকে “ঈশ্বৰৰ সন্তানবিলাক প্ৰকাশিত হোৱালৈ” অপেক্ষা কৰি থকা দাসবৰ্গক সকলো সামৰ্থৰে সহায় কৰিবলৈ পোৱাটোক অন্য মেৰবৰ্গৰ লোকসকলে বিশেষ অধিকাৰ হিচাবে বিবেচনা কৰে। তেওঁলোকে “ক্ষয়মূলক দাসত্বৰ পৰা মুক্ত হৈ ঈশ্বৰৰ সন্তানবিলাকৰ প্ৰতাপমূলক মুক্তি” পাবলৈ আশাৰে ভৱিষ্যতলৈ বাট চাই।—ৰোমীয়া ৮:১৯-২১.

স্মৰণীয় পৰ্বৰ উৎযাপনত আত্মাত একতাবদ্ধ হওঁক

১৯. ‘সত্যৰ আত্মাই,’ অভিষিক্ত আৰু তেওঁলোকৰ সঙ্গীসকলৰ বাবে কি কৰিলে আৰু মাৰ্চ মাহৰ ২৮ তাৰিখে তেওঁলোকে বিশেষভাৱে কেনেকৈ একত্ৰিত হʼব?

১৯ সা.যু. ৩৩ চন, নিচান মাহৰ ১৪ তাৰিখৰ নিশাৰ সমাপ্তিৰ প্ৰাৰ্থনাত যীচুৱে এইদৰে কৈছিল: “মই নিবেদন কৰোঁ, . . . যেন তেওঁবিলাক সকলো এক হয়; হে পিতৃ, তুমি যে মোক পঠালা, ইয়াক জগতে বিশ্বাস কৰিবলৈ, তুমি যেনেকৈ মোত, আৰু মই যেনেকৈ তোমাত, তেওঁবিলাকো তেনেকৈ যেন আমাত হয়। (যোহন ১৭:২০, ২১) ঈশ্বৰে অভিষিক্ত জনা আৰু এই জগতত থকা আজ্ঞাকাৰী মানৱজাতিক প্ৰেম কৰাৰ বাবে তেওঁৰ একমাত্ৰ পুত্ৰক তেওঁলোকৰ উদ্ধাৰৰ বাবে প্ৰাণ আহুতি দিবলৈ পঠালে। (১ যোহন ২:২) সেই ‘সত্যৰ আত্মাই’ খ্ৰীষ্টৰ ভাই আৰু তেওঁলোকৰ সঙ্গী অৰ্থাৎ অন্য মেৰবৰ্গক একতাবদ্ধ কৰি ৰাখে। মাৰ্চ ২৮ তাৰিখে সূৰ্য্য অস্ত যোৱাৰ পাছত এই দুয়ো বৰ্গৰ লোকে খ্ৰীষ্টৰ মৃত্যু আৰু যিহোৱাই তেওঁৰ একমাত্ৰ পুত্ৰ যীচু খ্ৰীষ্টৰ বলিদানৰ যোগেদি সকলোৱে উদ্ধাৰ পাবলৈ যি ব্যৱস্থা কৰিলে তাক স্মৰণ কৰিবলৈ একত্ৰিত হʼব। সেই উৎযাপনত উপস্থিত হৈ তেওঁলোকৰ সকলোৱে দৃঢ়ভাৱে একতাবদ্ধ, যিহোৱাৰ ইচ্ছাক পূৰ্ণ কৰিবলৈ লোৱা তেওঁলোকৰ সঙ্কল্প অধিক শক্তিশালী আৰু এইদৰে তেওঁলোকে যিহোৱাই প্ৰেম কৰা সকলৰ মাজৰ এজন হৈ আনন্দিত হওঁক। (w02 2/1)

পুনৰ বিবেচনা কৰা প্ৰশ্নসমূহ

• প্ৰাচীন খ্ৰীষ্টানসকলক কেতিয়া “সত্যৰ আত্মা” প্ৰদান কৰা হৈছিল আৰু ই তেওঁলোকৰ বাবে কেনেকৈ “সহায়কৰ্ত্তা” প্ৰমাণিত হʼল?

• অভিষিক্ত খ্ৰীষ্টানসকলে যে স্বৰ্গীয় জীৱনৰ বাবে আমন্ত্ৰণ পাইছে, তাক তেওঁলোকে কেনেকৈ জানিব পাৰে?

• ঈশ্বৰৰ পবিত্ৰ আত্মাই অন্য মেৰবৰ্গৰ লোকসকলৰ ওপৰত কি প্ৰকাৰে কাৰ্য্য সাধন কৰিছে?

• অন্য মেৰবৰ্গৰ লোকসকলে কেনেকৈ খ্ৰীষ্টৰ ভাইসকলৰ প্ৰতি মঙ্গলজনক কাৰ্য্য কৰিছে আৰু সেই অভিষিক্তসকলৰ ‘অবিহনে, তেওঁলোকে সিদ্ধ হʼব’ কিয় নোৱাৰিব?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[১৫ পৃষ্ঠাৰ ছবি]

পেন্টাকোষ্ট সা.যু. ৩৩ চনত শিষ্যসকলে ঈশ্বৰৰ “সত্যৰ আত্মা” লাভ কৰিলে

[১৭ পৃষ্ঠাৰ ছবিসমূহ]

অন্য মেৰবৰ্গৰ লোকসকলে খ্ৰীষ্টৰ ভাইসকলক ঈশ্বৰীয় আজ্ঞাক পূৰ্ণ কৰিবলৈ সহায় কৰাৰ দ্বাৰা তেওঁলোকলৈ মঙ্গলজনক কাৰ্য্য কৰিছে