Skip to content

Skip to table of contents

শুদ্ধতা কিয় অতি আৱশ্যক?

শুদ্ধতা কিয় অতি আৱশ্যক?

শুদ্ধতা কিয় অতি আৱশ্যক?

 বিভিন্ন লোকে শুদ্ধতা শব্দটোক বেলেগ বেলেগ অৰ্থত ভাঙনি কৰে। উদাহৰণস্বৰূপে, যেতিয়া এটা সৰু লʼৰাক তাৰ মাকে হাত-ভৰি ধুবলৈ কয়, তেতিয়া সি হয়তো ভাবিব পাৰে যে কেৱল হাত আৰু ভৰিৰ আঙুলি পানীত জুবিৰাই অহাটোৱে যথেষ্ট। কিন্তু মাকে জানে যে তেনে কৰাটো উত্তম নহয়। তাক পুনৰাই বাথ ৰুমলৈ নিয়ে আৰু সি চিঞৰ-বাখৰ কৰা স্বত্বেও চাবোনেৰে ভালদৰে হাত-ভৰি ধুৱাই দিয়ে!

দৰাচলতে, পৃথিৱীৰ চাৰিওফালে থকা লোকসমূহৰ বাবে পৰিষ্কাৰ-পৰিছন্নতাৰ নিয়মসমূহ একেই নহয়। তদুপৰি, এই বিষয়ে লোকসকলে বিভিন্ন ধাৰণা লৈ ডাঙৰ-দীঘল হৈছে। প্ৰাচীন কালত বহুতো দেশৰ বিদ্যালয়বিলাকত এক সু-শৃংখলাবদ্ধ পৰিবেশ বজাই ৰখাৰ বাবে বিদ্যাৰ্থীসকলে পৰিষ্কাৰ-পৰিছন্নতাৰ উত্তম আচৰণ কৰিবলৈ সহায় লাভ কৰিছিল। কিন্তু বৰ্তমান সময়ত স্কুল, কলেজবিলাকৰ খেল পথাৰত দমে দমে আৱৰ্জনাৰে ভৰি পৰিছে। ক্লাচ ৰুমবিলাকৰ বিষয়ে কি কʼব পাৰি? এই সম্বন্ধে অষ্ট্ৰেলিয়ান উচ্চ বিদ্যালয়ৰ চৌহদ পৰিষ্কাৰ কৰা দাৰেন নামৰ ব্যক্তিজনে এইদৰে কৈছিল: “বৰ্তমান সময়ত ক্লাচ ৰুমবিলাকতো অপৰিষ্কাৰতা বৃদ্ধি হোৱা দেখা গৈছে।” কিছুমান বিদ্যাৰ্থীয়ে “আৱৰ্জনা” চফা কৰিবলৈ দিয়া কাৰ্য্যক শাস্তি পোৱা হিচাবে দৃষ্টি কৰে। কিয়নো কিছুমান শিক্ষকে বিদ্যাৰ্থীসকলক শাস্তি দিবলৈ আৱৰ্জনা পৰিষ্কাৰ কৰিবলৈ কয়।

আনহাতে, বয়সস্ত লোকসকলেও নিজৰ দৈনন্দিন জীৱন বা চাকৰি স্থলত পৰিছন্নতা বজাই ৰখাৰ ক্ষেত্ৰত প্ৰায়ে উত্তম আৰ্হি ৰাখিব পৰা নাই। উদাহৰণস্বৰূপে, বহুতো ৰাজহুৱা স্থানবোৰত অপৰিষ্কাৰ আৰু বিশৃঙ্খলতা দেখিবলৈ পোৱা যায়। কিছুমান কাৰখানাই পৰিৱেশক দূষিত কৰিছে। সদায়ে উদ্যোগ আৰু কল-কাৰখানায়ে যে পৰিবেশ দূষিত কৰে, এনে নহয়, কিন্তু মানুহেও দূষিত কৰে। সম্ভৱতঃ প্ৰদূষণৰ মুখ্য কাৰণ হৈছে লোভ যিটো গোটেই বিশ্বৰ বাবে সমস্যাৰ কাৰণ হৈ পৰিছে। ইয়াৰ বাবে বহুতো ৰোগে দেখা দিছে, যিটো অপৰিষ্কাৰ ব্যক্তিগত স্বভাৱৰ পৰা উৎপন্ন হৈছে। গণতান্ত্ৰিক দেশ অষ্ট্ৰেলিয়াৰ এজন ভূতপূৰ্ব অধিকৰ্তাই কোৱা এটা ভাষণৰ সমাপ্তিত এইদৰে কৈছিল: “ৰাইজৰ স্বাস্থ্যৰ বিষয়ে যদি প্ৰত্যেকজন পুৰুষ, স্ত্ৰী আৰু লʼৰা-ছোৱালীয়ে চিন্তা কৰে তেনেহʼলে এই সমস্যাসমূহ সমাধান হʼব।”

তথাপিও, কিছুমানে পৰিষ্কাৰ-পৰিছন্নতাক এক ব্যক্তিগত বিষয় আৰু সেইবোৰৰ প্ৰতি কোনো মনোযোগ দিয়া উচিত নহয় বুলি বিবেচনা কৰে। প্ৰকৃততে তেনে ভবাটো সঁচানে?

আমি বজাৰৰ পৰা কিনো বা হোটেলত অথবা এজন বন্ধুৰ ঘৰত ভোজন নকৰোঁ কিয় আমাৰ আহাৰ পৰিষ্কাৰ হোৱা আৱশ্যক। আমি খোৱা আহাৰৰ পৰিবেশন কৰোঁতাসকল পৰিষ্কাৰ হোৱাটো আশা কৰোঁ। কিয়নো তেওঁলোকৰ বা আমাৰ অপৰিষ্কাৰ হাতে বহুতো ধৰণৰ ৰোগ কঢ়িয়াই আনিব পাৰে। আমি শুদ্ধতা অপেক্ষা কৰা চিকিৎসালয় বা আন স্থান বোৰৰ বিষয়ে কি কʼব পাৰোঁ? দ্যা নিউ ইংলেণ্ড জাৰ্ণেল অব মেডিচিন নামৰ আলোচনীখনে কৈছিল যে হাত নুধুৱা কিছুমান ডাক্টৰ আৰু নাৰ্চে স্বয়ং বৰ্ণনা কৰিবলৈ সহায় কৰিব পাৰে যে কিয় চিকিৎসালয়ত ৰোগীসকলে সংক্ৰামক ৰোগত পীড়িত হৈছে যাৰ বাবে প্ৰত্যেক বছৰে এহাজাৰ কোটি টকা ব্যয় কৰিবলগীয়া হয়। যথাৰ্থভাৱে আমি আশা কৰোঁ যে তেওঁলোকৰ অপৰিষ্কাৰতাৰ বাবে যাতে আমাৰ শৰীৰত আন কোনো প্ৰকাৰে অনিষ্ট নহয়।

যেতিয়া কোনো এজনে—ইচ্ছাকৃত বা অবিবেচকভাৱে আমাৰ খোৱা পানী দূষিত কৰে, তেন্তে সেইটো আটাইতকৈ গম্ভীৰ বিষয় হʼব। এজনে হয়তো এখন সাগৰৰ দাঁতিত নিচাযুক্ত ব্যক্তি আৰু অন্যসকলে ব্যৱহাৰ কৰা চিৰিঞ্জবোৰ পেলাই দিয়া দেখিছে, তেনে স্থানত খালি ভৰিৰে খোজ কঢ়াতো উচিত হʼবনে? সম্ভৱতঃ, তাতকৈ অধিক গুৰুত্বপূৰ্ণ ব্যক্তিগত প্ৰশ্নটো হৈছে: নিজৰ ঘৰখনত আমি পৰিষ্কাৰ-পৰিছন্নতা বজাই ৰাখোঁনে?

চুয়েলেন হই নাম এগৰাকী লেখিকাই লিখা চেইজিং ড্যাৰট (ইংৰাজী) নামৰ কিতাপত এইদৰে প্ৰশ্ন সুধিছিল: “এসময়ত থকাৰ দৰে, আজিও আমি পৰিষ্কাৰ-পৰিছন্নতা বজাই ৰাখিছোঁনে?” উত্তৰত তাই এইদৰে কৈছিল: “সম্ভৱতঃ নহয়।” তাই কয় যে সামাজিক পতনেই হৈছে ইয়াৰ মুখ্য কাৰণ। কিছুমান লোকে নিজৰ ঘৰখনত অতি কম সময় অতিবাহিত কৰাৰ কাৰণে, ঘৰখন পৰিষ্কাৰ কৰি দিবলৈ আনক ধন দিয়ে। পৰিষ্কাৰ পৰিৱেশ বজাই ৰখাটো ব্যক্তিগতভাৱে এক গুৰুত্বৰ বিষয় হৈ নাথাকিল। এই বিষয়ে এজন ব্যক্তিয়ে কৈছিল যে, “মই মোৰ স্নানগাৰ পৰিষ্কাৰ নকৰোঁ, কেৱল মই নিজকে পৰিষ্কাৰ কৰোঁ। মোৰ ঘৰখন অপৰিষ্কাৰ হৈ থাকিলেও, মই নিজে পৰিষ্কাৰকৈ থাকোঁ।”

গতিকে শুদ্ধতা বজাই ৰখাটো আমাৰ বাহ্যিকৰূপতকৈ এক গুৰুত্বপূৰ্ণ বিষয়। এক সুস্থ জীৱন গঢ়ি তুলিবলৈ কেৱল সকলো ৰীতি-নীতিক অন্তৰ্ভুক্ত কৰাটোৱেই যথেষ্ট নহয়। তদুপৰি, উপাসনা আৰু নৈতিকতাসমূহত আমাৰ পৰিষ্কাৰ মন আৰু হৃদয়ো জড়িত আছে। আহঁক আমি বিবেচনা কৰি চাওঁহঁক যে এইবোৰ কেনেকৈ সন্মিলিত হৈ আছে। (w02 2/1)