Skip to content

Skip to table of contents

ইতিহাসত ঘটা সকলোতকৈ গুৰুত্বপূৰ্ণ ঘটনা

ইতিহাসত ঘটা সকলোতকৈ গুৰুত্বপূৰ্ণ ঘটনা

ইতিহাসত ঘটা সকলোতকৈ গুৰুত্বপূৰ্ণ ঘটনা

 সেইটো আছিল যীচুৰ মৃত্যুৰ দিনটো। সেই দিনটো কিয় ইমান গুৰুত্বপূৰ্ণ? তাৰ কেইবাটাও কাৰণ আছে।

যীচুৱে মৃত্যুলৈকে বিশ্বাসী হৈ থাকি প্ৰমাণ কৰিলে যে, অসিদ্ধ মানুহেও ঈশ্বৰৰ প্ৰতি অখণ্ডতা বজাই ৰাখিব পাৰে।

খ্ৰীষ্টৰ মৃত্যুৱে তেওঁৰ সৈতে শাসন কৰিবলগীয়া সহ-শাসকৰ বাবে সুযোগ মুকলি কৰিলে। তদুপৰি, এই প্ৰবন্ধই পৃথিৱীত অনন্তকাল জীয়াই থাকিবলৈ অনেকৰ বাবে দুৱাৰ মুকলি কৰে।

সেই সন্ধ্যাত যীচুৰ মৃত্যুৰ পূৰ্বেই, তেওঁ নিজৰ মানৱ শৰীৰ বলিদনাক চিহ্নিত কৰা খমীৰ নিদিয়া পিঠা আৰু ৰঙা দ্ৰাক্ষাৰস ব্যৱহাৰ কৰিছিল। তেওঁ শিষ্যসকলক এইদৰে কৈছিল: “মোক সুৱৰিবলৈ ইয়াকে কৰা।” (লূক ২২:১৯) আপুনি এই ঘটনাটোক সুঁৱৰিব নে?

যিহোৱাৰ সাক্ষীকলে আপোনাক তেওঁলোকৰ সৈতে যীচুৰ মৃত্যুৰ স্মৰণীয় দিৱসক পালন কৰাত যোগ দিবলৈ আন্তৰিকভাৱে আমন্ত্ৰণ কৰিছে। এই বছৰৰ মাৰ্চ মাহৰ ২৮ তাৰিখ বৃহস্পতিবাৰে সূৰ্য্য অস্ত যোৱাৰ পাছত সেই দিনটো পালন কৰা হʼব। আপুনি আপোনাৰ এলেকাত থকা ৰাজ্য গৃহত উপস্থিত হʼব পাৰে। সঠিক স্থান আৰু সময়ৰ বিষয়ে জানিবলৈ অনুগ্ৰহ কৰিব যিহোৱাৰ সাক্ষীসকলৰ সৈতে যোগাযোগ কৰক। (w02 3/15)