ঈশ্বৰীয় পোহৰে অন্ধকাৰক আঁতৰ কৰে!
ঈশ্বৰীয় পোহৰে অন্ধকাৰক আঁতৰ কৰে!
“যিহোৱাই মোৰ অন্ধকাৰক পোহৰ কৰি দিয়ে।”—২ চমূৱেল ২২:২৯.
১. পোহৰৰ সৈতে জীৱনৰ কেনে সম্বন্ধ আছে?
“পাছে ঈশ্বৰে কলে, পোহৰ হওক; তাতে পোহৰ হল।” (আদিপুস্তক ১:৩) আদিপুস্তকৰ বৃতান্তত উল্লেখ কৰা এই গুৰুত্বপূৰ্ণ বাক্যবোৰে যিহোৱাই যে পোহৰৰ উৎস, তাৰ পৰিচয় দিছে আৰু তেওঁৰ অবিহনে পৃথিৱীত জীয়াই থকাটো অসম্ভৱ। তদুপৰি, তেওঁ আধ্যাত্মিক পোহৰৰো উৎস, যিজনে আমাক জীৱনৰ পথত চলিবলৈ মাৰ্গ-দৰ্শন প্ৰদান কৰে। (গীতমালা ৪৩:৩) ৰজা দায়ূদে আধ্যাত্মিক পোহৰ আৰু জীৱনৰ মাজত থকা সম্বন্ধৰ বিষয়ে এইদৰে কৈছিল: “তোমাৰ লগত জীৱনৰ ভুমুক আছে; তোমাৰ দীপ্তিতে আমি দীপ্তি পাম।”—গীতমালা ৩৬:৯.
২. পাঁচনি পৌলে বৰ্ণনা কৰাৰ অনুসাৰে পোহৰ কিহৰ সৈতে নিবিড়ভাৱে জড়িত হৈ আছে?
২ ৰজা দায়ূদৰ শাসন কালৰ ১০০০ বছৰৰ পিছত পাঁচনি পৌলেও কৰিন্থীয়া মণ্ডলীলৈ লিখা পত্ৰত সৃষ্টিৰ বিবৰণীৰ বিষয়ে উল্লেখ কৰি এইদৰে লিখিছিল: “আন্ধাৰৰ মাজৰ পৰা পোহৰ প্ৰকাশিত হব বুলি ঈশ্বৰে কলে।” তাৰ পিছত পাঁচনি পৌলে বৰ্ণনা কৰি প্ৰকাশ কৰিলে যে আধ্যাত্মিক পোহৰ যিহোৱাৰ পৰা অহা জ্ঞানৰ সৈতে নিবিড়ভাৱে সংযোগ হৈ আছে। সেই বিষয়ে তেওঁ এইদৰে কৈছিল: “যীচু খ্ৰীষ্টৰ মুখত ঈশ্বৰৰ গৌৰব প্ৰকাশক জ্ঞানৰূপ দীপ্তি প্ৰকাশ কৰিবলৈ, সেই ঈশ্বৰে আমাৰ হৃদয়ত পোহৰ প্ৰকাশ কৰিলে।” (২ কৰিন্থীয়া ৪:৬) আমি কিদৰে এই পোহৰ লাভ কৰিব পাৰোঁ?
বাইবেলখন হৈছে পোহৰৰ প্ৰেৰক
৩. বাইবেলৰ দ্বাৰা যিহোৱাই কেনেধৰণৰ পোহৰৰ যোগান ধৰিছে?
৩ সৰ্বপ্ৰথমে যিহোৱাই নিজৰ প্ৰেৰিত বাক্য বাইবেলৰ দ্বাৰা আধ্যাত্মিক পোহৰ প্ৰকাশ কৰিছে। যেতিয়া আমি বাইবেল অধ্যায়ন কৰি জ্ঞান লওঁ, তেতিয়া আমি তেওঁৰ পোহৰ আমালৈ দীপ্তিময় হʼবলৈ সুবিধা দিওঁ। যিহোৱাই বাইবেলৰ দ্বাৰা নিজৰ উদ্দেশ্য প্ৰকাশ আৰু তেওঁৰ ইচ্ছাৰ অনুসাৰে চলিবলৈ আমাক উৎসাহিত কৰে। ইয়ে আমাৰ জীৱনটোক উদ্দেশ্যপূৰ্ণ আৰু আধ্যাত্মিক আৱশ্যকতাসমূহ পূৰণ কৰাত সহায় কৰে। (উপদেশক ১২:১; মথি ৫:৩) আমি যে আধ্যাত্মিক আৱশ্যকতাসমূহৰ প্ৰতি নিশ্চয়ে যত্ন লব লাগে, সেই বিষয়ে যীচুৱে মোচিৰ ব্যৱস্থাক উদ্ধৃত কৰি এইদৰে কৈছিল: “মানুহ কেৱল পিঠাৰেই নিজীব, কিন্তু ঈশ্বৰৰ মুখৰ পৰা ওলোৱা প্ৰত্যেক বাক্যেৰেহে জীব, এই বুলি লিখা আছে।”—মথি ৪:৪; দ্বিতীয় বিবৰণ ৮:৩.
৪. যীচুৱে কেনেকৈ এই “জগতৰ পোহৰ” হৈ পৰিল?
৪ আধ্যাত্মিক পোহৰৰ সৈতে যীচুৰ ঘনিষ্ঠ সম্পৰ্ক আছিল। সেইবাবে তেওঁ নিজকে “জগতৰ পোহৰ” বুলি পৰিচয় দি এইদৰে কৈছিল: “যি জন মোৰ পাছে পাছে আহে, তেওঁ আন্ধাৰত নুফুৰি, জীৱনৰ পোহৰ পাব।” (যোহন ৮:১২) এই উক্তিটোৱে আমাক মানৱজাতিলৈ ঈশ্বৰৰ সত্য প্ৰকাশ কৰাত যীচুৰ মুখ্য ভূমিকাৰ বিষয়ে বুজিবলৈ সহায় কৰে। যদি আমি আন্ধাৰৰ পৰা আঁতৰি পোহৰৰ পথত চলিব বিচাৰোঁ, তেনেহʼলে বাইবেলত উল্লেখ কৰা যীচুৰ সকলো শিক্ষাৰ প্ৰতি মনোযোগ আৰু তেওঁৰ আৰ্হিক নিবিড়ভাৱে অনুকৰণ কৰা আৱশ্যক।
৫. যীচুৰ মৃত্যুৰ পিছত শিষ্যসকলে কেনে দায়িত্ব পালন কৰিছিল?
৫ মৃত্যু হোৱা কিছু দিনৰ পূৰ্বেই তেওঁ নিজকে পোহৰৰ সৈতে তুলনা কৰি শিষ্যসকলক এইদৰে কৈছিল: “তোমালোকৰ মাজত আৰু অলপ কালহে পোহৰ আছে। আন্ধাৰে যেন তোমালোকৰ লগ নধৰে, এই নিমিত্তে তোমালোকৰ লগত পোহৰ থাকোঁতেই অহা-যোৱা কৰাহঁক। যি জন আন্ধাৰত ফুৰে, তেওঁ কʼলৈ যায়, তাক নাজানে। তোমালোকে যেন পোহৰৰ সন্তান হোৱা, এই নিমিত্তে তোমালোকৰ লগত পোহৰ থাকোঁতেই, পোহৰত বিশ্বাস কৰা।” (যোহন ১২:৩৫, ৩৬) তেওঁলোকে বাইবেলৰ “নিৰাময় বাক্যৰ আৰ্হি” অনুকৰণ কৰি পোহৰৰ সন্তান হʼল। (২ তীমথিয় ১:১৩, ১৪) তাৰ পিছত তেওঁলোকে নম্ৰমনৰ লোকক অন্ধকাৰৰ পৰা ঈশ্বৰৰ পোহৰৰ পথত আনিবলৈ সেই নিৰাময় বাক্যক ব্যৱহাৰ কৰিলে।
৬. ১ যোহন ১:৫ পদত আমি পোহৰ আৰু আন্ধাৰৰ সম্বন্ধে কেনেধৰণৰ মূল বাস্তৱিকতা দেখিবলৈ পাওঁ?
৬ পাঁচনি যোহনে এইদৰে লিখিছিল: “ঈশ্বৰ পোহৰ, আৰু আন্ধাৰ তেওঁত এফেৰিও নাই।” (১ যোহন ১:৫) পোহৰ আৰু আন্ধাৰৰ মাজত থকা প্ৰভেদতাক মন কৰক। আধ্যাত্মিক পোহৰ ঈশ্বৰৰ পৰা আহে কিন্তু আন্ধাৰ হʼলে তেওঁৰ পৰা বিৰত থাকে। তেনেহʼলে আন্ধাৰৰ উৎস কোন?
আধ্যাত্মিক অন্ধকাৰৰ উৎস
৭. এই জগতৰ আধ্যাত্মিক অন্ধকাৰৰ আঁৰত কোন আছে আৰু সি কেনে প্ৰভাৱ পেলাইছে?
৭ পাঁচনি পৌলে “এই যুগৰ দেৱতাৰ” বিষয়ে উল্লেখ কৰি কৈছিল। তেওঁ উল্লেখ কৰা সেই উক্তিটো চয়তানক নিৰ্দ্দেশিত কৰিছে। আগলৈ পৌলে চয়তানৰ বিষয়ে এইদৰে কৈছিল যে “ঈশ্বৰৰ প্ৰতিমূৰ্ত্তি যি খ্ৰীষ্ট তেওঁৰ গৌৰব-প্ৰকাশক শুভবাৰ্ত্তা যদি দীপ্তি যেন প্ৰকাশিত নহয়, সেই বিশ্বাস নকৰাবিলাকৰ জ্ঞান-চকু অন্ধ কৰিলে।” (২ কৰিন্থীয়া ৪:৪) যদিও বহুতে ঈশ্বৰক বিশ্বাস কৰা বুলি দাবী কৰে, কিন্তু তেওঁলোকৰ বেছিভাগেই চয়তানৰ অস্তিত্বক বিশ্বাস নকৰে। কিয় বিশ্বাস নকৰে? কিয়নো তেওঁলোকে এইটো মানিবলৈ অগ্ৰাহ্য কৰে যে কোনো দুষ্কৃতি অমানৱীয় শক্তি অস্তিত্বত আছে আৰু তেওঁলোকৰ চিন্তাধাৰাত প্ৰভাৱ পেলায়। তথাপিও, পাঁচনি পৌলে তাৰ অস্তিত্ব আৰু লোকসকলে যাতে সত্যৰ পোহৰ দেখি নাপাই তাৰ বাবে তেওঁলোকৰ ওপৰত প্ৰভাৱ পেলোৱাৰ বিষয়ে কৈছিল। মানুহৰ বিচাৰধাৰাৰ ওপৰত নিয়ন্ত্ৰণ কৰাৰ যে চয়তানৰ শক্তি আছে, সেই বিষয়ে এইদৰে ভৱিষ্যতবাণীৰ বিবৃতিত কোৱা হৈছিল, সি “গোটেই জগতৰ ভ্ৰান্তি জন্মায়।” (প্ৰকাশিত বাক্য ১২:৯) চয়তানৰ কাৰ্য্যৰ দ্বাৰা উৎপন্ন হোৱা পৰিণামৰ বিষয়ে ভৱিষ্যতবক্তা যিচয়াই কৰা ভৱিষ্যতবাণীত যিহোৱাক সেৱা কৰোঁতাসকলৰ বাহিৰে সমূদায় মানৱজাতিৰ ওপৰত সিদ্ধ হৈছে, যʼত এইদৰে কোৱা হৈছিল: “চোৱা, আন্ধাৰে পৃথিবীক, আৰু ঘোৰ অন্ধকাৰে লোকসমূহক ঢাকিব।”—যিচয়া ৬০:২.
৮. আধ্যাত্মিক আন্ধাৰত থকা ব্যক্তিসকলে কি অৰ্থত বাট হেৰুৱাই বিভ্ৰান্ত হৈছে?
৮ ঘোৰ অন্ধকাৰত একোকে দেখি পোৱা নাযায়। এজন ব্যক্তিয়ে সহজে বাট হেৰুৱাই বিভ্ৰান্ত হʼব পাৰে। ঠিক তেনেদৰে আধ্যাত্মিক অন্ধকাৰত থকা অনুভুতিহীন লোকসকলেও আধ্যাত্মিক অৰ্থত শীঘ্ৰেই বাট হেৰুৱাই বিভ্ৰান্ত হʼব পাৰে। তদুপৰি, তেওঁ ভাল-বেয়া আৰু সত্য-অসত্যৰ মাজত পৃথকতাক চিনি পোৱাত বিফল হʼব পাৰে। তেনে অন্ধকাৰত থকা সকলৰ বাবে ভৱিষ্যতবক্তা যিচয়াই এইদৰে কৈছিল: “যিবোৰে বেয়াক ভাল আৰু ভালক বেয়া বোলে, পোহৰক আন্ধাৰ আৰু আন্ধাৰক পোহৰ বোধ কৰে, আৰু মিঠাক তিতা আৰু তিতাক মিঠা জ্ঞান কৰে, সিহঁতৰ সন্তাপ হব।” (যিচয়া ৫:২০) যিসকলে আধ্যাত্মিক অন্ধকাৰত বাস কৰে তেওঁলোকে চয়তান অৰ্থাৎ অন্ধকাৰৰ দেৱতাৰ দ্বাৰা প্ৰভাৱিত হৈ ক্ৰমে জীৱন আৰু পোহৰৰ উৎসৰ পৰা আঁতৰি গৈছে।—ইফিচীয়া ৪:১৭-১৯.
আন্ধাৰৰ পৰা পোহৰলৈ অহাটো এক কঠিন কাৰ্য্য
৯. অধাৰ্ম্মিকসকলে লাক্ষণিক আৰু আধ্যাত্মিকৰূপে আন্ধাৰৰ সৈতে কেনে সম্বন্ধ ৰাখে, বৰ্ণনা কৰক।
৯ আন্ধাৰত থকা অধৰ্ম্মীসকলৰ বিষয়ে বিশ্বাসী ইয়োবে এইদৰে কৈছিল: “কাৰো চকুৱে মোক নেদেখিব, এই বুলি পৰস্ত্ৰীগামীৰ চকুৱে সন্ধ্যাকাললৈ বাট চাই থাকে; আৰু সি নিজৰ মুখ ঢাকি ৰাখে।” (ইয়োব ২৪:১৫) দৰাচলতে, অধৰ্ম্মীসকলে এনে আধ্যাত্মিক অন্ধকাৰত আছে যিয়ে তেওঁলোক নিজৰ বশীভূত কৰিব পাৰে। পাঁচনি পৌলে তেওঁলোকৰ সম্বন্ধে কৈছিল যে যিসকলে তেনে অন্ধকাৰৰ দ্বাৰা অভিভূত হৈছে, তেওঁলোকৰ বাবে ব্যভিচাৰ, চোৰ, লুভীয়া, মতলীয়া, নিন্দক আদি, এক সাধাৰণ বিষয় হৈ পৰিছে। কিন্তু যিসকলে ঈশ্বৰৰ বাক্যৰ পোহৰলৈ আহে, তেওঁলোকে পৰিৱৰ্ত্তন হʼব পাৰে। তেনে পৰিৱৰ্ত্তন যে সম্ভৱ ইয়াকে পাঁচনি পৌলে কৰিন্থীয়াসকললৈ লিখা পত্ৰখনত স্পষ্টকৈ উল্লেখ কৰিছিল। তেওঁলোকৰ মাজৰ বহুতে আন্ধাৰৰ কাৰ্য্যৰ পৰা উলাই আহিছিল যদিও পাঁচনি পৌলে তেওঁলোকৰ উদ্দেশ্যে এইদৰে কৈছিল: “কিন্তু এতিয়া আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ নামেৰে আৰু ঈশ্বৰৰ আত্মাৰে তোমালোক ধৌত হলা, পবিত্ৰীকৃত হলা, আৰু ধাৰ্ম্মিক বুলি গণিত হলা।”—১ কৰিন্থীয়া ৬:৯-১১.
১০, ১১. এজন অন্ধ ব্যক্তিৰ প্ৰতি যীচুৱে কেনেধৰণৰ সহানুভূতি দেখুৱাইছিল? (খ) বেছিভাগ লোকে কিয় পোহৰৰ পথত চলিবলৈ ইচ্ছা নকৰে?
১০ যেতিয়া এজন ব্যক্তিয়ে ঘোপমৰা অন্ধকাৰৰ পৰা পোহৰলৈ ওলাই আহে, তেতিয়া তেওঁৰ চকুৱে পোহৰত স্বাভাৱিক হʼবলৈ অলপ সময় লাগে। উদাহৰণস্বৰূপে, বৈৎ-চৈদা নামৰ এখন চহৰত যীচুৱে এজন অন্ধ ব্যক্তিক প্ৰেমেৰে লাহে লাহে তেওঁৰ চকু মুকলি কৰিছিল। সেই বিষয়ে আমি এইদৰে পঢ়িবলৈ পাওঁ: “তাতে তেওঁ সেই অন্ধৰ হাতত ধৰি, তেওঁক গাৱঁৰ বাহিৰলৈ লৈ গল; পাছে তেওঁৰ চকুত থুই দিলে, আৰু গাত হাত দি সুধিলে, কিবা দেখিছা নে? তেতিয়া চকু তুলি চাই কলে, মানুহবিলাকক দেখা পাইছোঁ; তেওঁবিলাকক গছবোৰৰ নিচিনা দেখিছোঁ, ফুৰি আছে। তাতে যীচুৱে তেওঁৰ চকুত আকৌ হাত দিলত, তেওঁ একে থৰে চাই, সুস্থ হৈ সকলোকে স্পষ্টৰূপে দেখিবলৈ পালে।” (মাৰ্ক ৮:২৩-২৫) প্ৰকৃততে যীচৱে লাহে লাহে সেই ব্যক্তিজনৰ চকু মুকলি কৰিছিল যাতে সূৰ্য্যৰ উজ্জ্বল পোহৰত তেওঁৰ চকু স্বাভাৱিক হৈ পৰে। সেই ব্যক্তিজনে দেখিবলৈ পাই কিমান যে আনন্দিত হৈছিল, এই বিষয়ে আমি কল্পনা কৰিব পাৰোঁ।
১১ সেই অন্ধ ব্যক্তিজনৰ আনন্দৰ তুলনাত আধ্যাত্মিক অন্ধকাৰৰ পৰা ওলাই অহা লোকসকলৰ আনন্দ অধিক আছিল। আমি হয়তো ভাবি আঁচৰিত হʼম যে লোকসকলে আনন্দিত হোৱাৰ স্বত্ত্বেও, তেওঁলোকৰ বেছিভাগেই কিয় আন্ধাৰৰ পথত চলিবলৈ বাছি লয়। এই সন্দৰ্ভত যীচুৱে কাৰণ দৰ্শায় এইদৰে কৈছিল: “সেই বিচাৰ এই যে, জগতলৈ পোহৰ আহিল, কিন্তু মানুহবিলাকে পোহৰতকৈ আন্ধাৰক প্ৰেম কৰিলে; কাৰণ তেওঁবিলাকৰ কৰ্ম্ম মন্দ আছিল। কিয়নো যি কোনোৱে কুআচৰণ কৰে, তেওঁ পোহৰক ঘিণায়; আৰু তেওঁৰ কৰ্ম্ম যেন দূষিত নহয়, এই নিমিত্তে তেওঁ পোহৰৰ ওচৰলৈ নাহে।” (যোহন ৩:১৯, ২০) বাস্তৱিকতে বহুতে বেয়া কৰ্ম্ম যেনে, ব্যভিচাৰ, বিদ্ৰোপ, অসত্য, নিন্দক আৰু চোৰ আদি কৰে। এনেলোকৰ বাবে চয়তানৰ আধ্যাত্মিক অন্ধকাৰ হৈছে এক যথাৰ্থ স্থান, কিয়নো তাত তেওঁলোকে নিজ ইচ্ছা অনুসাৰে কাৰ্য্য কৰিব পাৰে।
পোহৰত চলি অগ্ৰগতি লাভ কৰা
১২. পোহৰৰ পথত চলাৰ দ্বাৰ আমি কেনেকৈ লাভবান হʼলোঁ?
১২ পোহৰত চলি আমি যি জ্ঞান লাভ কৰিলোঁ, সেইয়ে আমাৰ জীৱনত কেনে পৰিৱৰ্ত্তন ঘটালে? কেতিয়াবা আমাৰ অতীতৰ জীৱনৰ অৱস্থা আৰু এতিয়া আমি কৰা আধ্যাত্মিক উন্নতিৰ বিষয়ে বিবেচনা কৰিলে উত্তম হʼব। আমি কেনে বেয়া অভ্যাসক ত্যাগ কৰিলোঁ? জীৱনলৈ অহা কেনেবোৰ সমস্যাত সফলতাৰে সম্মুখীন হʼব পাৰিলোঁ? আমাৰ ভৱিষ্যতৰ পৰিকল্পনাবোৰত কেনে সাল-সলনি কৰা হʼল? যিহোৱাৰ শক্তি আৰু পবিত্ৰ আত্মাৰ সহায়ৰ যোগেদি আমাৰ ব্যক্তিত্ব আৰু চিন্তাধাৰাত একেৰাহে পৰিৱৰ্তন কৰি আমি পোহৰৰ প্ৰকাশ কৰিব পাৰিম। এই বিষয়ে পাঁচনি পৌলে এইদৰে কৈছিল: “কিয়নো পূৰ্ব্বে তোমালোক আন্ধাৰ আছিলা, কিন্তু এতিয়া প্ৰভুত পোহৰ হৈছা। প্ৰভুৰ সন্তোষজনক কি, পৰীক্ষাৰ দ্বাৰাই তাৰ নিৰ্ণয় কৰি, পোহৰৰ সন্তানবিলাকৰ দৰে আচৰণ কৰা।” (ইফিচীয়া ৫:৮, ৯) যিহোৱাৰ পোহৰক আমি মাৰ্গ দৰ্শন কৰিলে আমাক এক আশা আৰু উদ্দেশ্য আৰু লগতে আমাৰ ওচৰ-পাজৰে থকা লোকসকলৰ জীৱনো উন্নত কৰে। আমাৰ তেনে কাৰ্য্যই যিহোৱাৰ মনক কিমানে যে প্ৰফুল্লিত কৰি তুলে!—হিতোপদেশ ২৭:১১.
১৩. যিহোৱাৰ পোহৰৰ প্ৰতি আমি কেনেকৈ কৃতজ্ঞ হʼব পাৰোঁ আৰু ইয়াৰ বাবে আমাক কিহৰ আৱশ্যক?
১৩ যিহোৱাৰ পোহৰক প্ৰতিফলিত কৰি আমি লাভ কৰা আনন্দ অৰ্থাৎ আমি বাইবেলৰ পৰা শিকা বিষয়বোৰক আমাৰ পৰিয়ালবৰ্গ, বন্ধু, আৰু ওচৰ-চুবুৰীয়াক প্ৰদান কৰাৰ যোগেদি কৃতজ্ঞতা জ্ঞাপন কৰোঁ। (মথি ৫:১২-১৬; ২৪:১৪) যিসকলে আমাৰ বাৰ্ত্তা আৰু আমাৰ খ্ৰীষ্টান জীৱন-যাপনৰ পদ্ধতিক গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছে, ইয়ে তেওঁলোকৰ বাবে এক অভিযুক্তৰ কাৰণ হৈ পৰিছে। পাঁচনি পৌলে এইদৰে ব্যাখ্যা কৰিছে: “প্ৰভুৰ সন্তোষজনক কি, পৰীক্ষাৰ দ্বাৰাই তাৰ নিৰ্ণয় কৰি, . . . আন্ধাৰৰ বিফল কাৰ্য্যবোৰৰ ভাগী নহবা; বৰং সেইবোৰক দুষিবা।” (ইফিচীয়া ৫:৯, ১১) আনক আন্ধাৰৰ পথক ত্যাগ কৰি পোহৰৰ পথত চলিবলৈ সহায় কৰাটো হৈছে আমাৰ বাবে এক সাহসৰ কাৰ্য্য। তদুপৰি, আমি আনৰ প্ৰতি বিবেচক, ধৈৰ্য্যশীল আৰু সত্যৰ পোহৰ প্ৰদান কৰিবলৈ আগ্ৰহী হোৱা আৱশ্যক, যাতে তেওঁলোকে অনন্তকলীয়া লাভসমূহ প্ৰাপ্ত কৰিব পাৰে।—মথি ২৮:১৯, ২০.
প্ৰলোভিত কৰা পোহৰৰ পৰা সাৱধান হওঁক!
১৪. পোহৰৰ সম্বন্ধে থকা কেনে সতৰ্কবাণীৰ প্ৰতি আমি মনোযোগ দিয়া উচিত?
১৪ যিসকলে আন্ধাৰত সমুদ্ৰৰ পথেৰে যাত্ৰা কৰে, দূৰৰ পৰা অহা যিকোনো পোহৰক বন্দৰলৈ স্বাগত কৰা সংঙ্কেত ৰশ্মি বুলি ভাবিব পাৰে। প্ৰাচীন সময়ত ইংলেণ্ডৰ সমুদ্ৰৰ দাঁতিত থকা ডাঙৰ ডাঙৰ শিলা খণ্ডবোৰত জুই জ্বলাই পোহৰ কৰি সংকেত দিয়া হৈছিল যাতে সমুদ্ৰ পথেৰে যাত্ৰা কৰাসকলে ধুমুহাৰ পৰা ৰক্ষা পাবলৈ তেনে স্থানত আশ্ৰয় লব পাৰে। জাহাজৰ কৰ্ম্মচাৰীসকলে তেনে পোহৰে সুৰক্ষিত বন্দৰবোৰলৈ পথ প্ৰদৰ্শন কৰাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিছিল। কিন্তু কিছুমান পোহৰ কেৱল প্ৰলোভিত কৰিবলৈহে দেখুৱা হৈছিল। তেনে পোহৰক অনুকৰণ কৰাৰ ফলস্বৰূপে, বহুতো জাহাজে এনে স্থানলৈ আগবাঢ়ি গৈ সাগৰৰ দাঁতিত থকা শিলাখণ্ডত লাগি ধ্বংসগ্ৰস্ত হয় আৰু জাহাজৰ মাল-বস্তুবোৰ লুট কৰি নিয়া হৈছিল। ঠিক তেনেদৰে এই ভ্ৰমাত্মক জগতত দেখা পোৱা প্ৰলোভিত পোহৰৰ পৰা আমি সতৰ্ক হোৱা উচিত, অন্যথা আমাৰ আধ্যাত্মিক জাহজাৰ ধ্বংস অনিবাৰ্য্য। যিহেতু আমাক কোৱা হৈছে যে “চয়তানে নিজেও দীপ্তিময় দূতৰ বেশ ধৰে।” ঠিক তেনেদৰে তাৰ অনুগামীসকলেও “প্ৰবঞ্চক কাৰ্য্যকাৰী আৰু খ্ৰীষ্টৰ পাঁচনিৰ বেশ” ধৰে। যদি আমি তেনে লোকবিলাকৰ মিছা যুক্তি ধাৰাবোৰক অভ্যৰ্থনা কৰোঁ, তেনহʼলে ঈশ্বৰৰ বাক্যৰ প্ৰতি থকা আমাৰ ভাৰসা আৰু বিশ্বাসৰ পতন হʼব পাৰে।—২ কৰিন্থীয়া ১১:১৩-১৫; ১ তীমথিয় ১:১৯.
১৫. জীৱনৰ পথত পৰিচালিত কৰিবলৈ আমাক কিহে সহায় কৰিব?
১৫ গীতমালা লিখকজনে এইদৰে লিখিছিল: “তোমাৰ বাক্য মোৰ ভৰিৰ নিমিত্তে প্ৰদীপস্বৰূপ, আৰু মোৰ পথৰ দীপ্তিস্বৰূপ।” (গীতমালা ১১৯:১০৫) ‘ঠেক বাট যি জীৱনলৈ পৰিচালিত কৰে,’ সেই পথত চলিবলৈ আমাৰ মৰমীয়াল ঈশ্বৰ যিহোৱাই স্পষ্টকৈ আলোকিত কৰি তুলিছে। কিয়নো তেওঁৰ “ইচ্ছা এই যে, সকলো মানুহে যেন পৰিত্ৰাণ আৰু সত্যৰ জ্ঞান পায়।” (মথি ৭:১৪; ১ তীমথিয় ২:৪) বাইবেলৰ উপদেশসমূহে আমাক জীৱনৰ পথৰ পৰা আঁতৰি আন্ধাৰৰ পথত নচলিবলৈ সুৰক্ষা প্ৰদান কৰিব। এই সম্পৰ্কে পাঁচনি পৌলে এইদৰে লিখিছিল: “গোটেই শাস্ত্ৰ ঈশ্বৰ-নিশ্বাসিত, আৰু যাতে ঈশ্বৰৰ মানুহ সিদ্ধ আৰু সকলো সৎকৰ্ম্মৰ নিমিত্তে সুসজ্জিত হব পাৰে, তাৰ কাৰণে, শিক্ষাৰ, অনুযোগৰ, পতিত-উত্থাপনৰ, আৰু ধাৰ্ম্মিকতা সম্বন্ধীয় শাসনৰ অৰ্থে লাভজনক।” (২ তীমথিয় ৩:১৬, ১৭) যেনেকৈ আমি আধ্যাত্মিকত উন্নতি কৰিম, ঈশ্বৰৰ বাক্যৰ দ্বাৰা অধিক শিক্ষিত হʼম। আমি ঈশ্বৰৰ বাক্যৰ পোহৰত দীপ্তিময় হৈ নিজকে অনুযোগ দিম বা যদি আৱশ্যক হয় তেন্তে মণ্ডলীৰ প্ৰেমময় অধ্যক্ষসকলৰ পৰা অনুযোগ লʼব পাৰোঁ। অধিকন্তু, আমি জীৱনৰ পথত একেৰাহে চলি থাকিবলৈ নম্ৰতাৰে সংশোধন আৰু ধাৰ্মিকতাক গ্ৰহণ কৰিব পাৰোঁ।
কৃতজ্ঞতা হৈ পোহৰৰ পথত চলক
১৬. যিহোৱাই আচৰিতৰূপে প্ৰবন্ধ কৰা পোহৰৰ প্ৰতি আমি কেনেকৈ কৃতজ্ঞতা জ্ঞাপন কৰিব পাৰোঁ?
১৬ যিহোৱাই আচৰিতৰূপে দান কৰা পোহৰৰ প্ৰতি আমি কেনেকৈ কৃতজ্ঞতা জ্ঞাপন কৰিব পাৰোঁ? যোহন ৯ অধ্যায়ত উল্লেখ কৰিছে যে যেতিয়া যীচুৱে এজন অন্ধ ব্যক্তিক সুস্থ কৰিলে তেতিয়া সেই ব্যক্তিজনে আনন্দিত হৈ হৃদয়েৰে কৃতজ্ঞতা জ্ঞাপন কৰিবলৈ পৰিচালিত হৈছিল। কেনেকৈ? সেই ব্যক্তিজনে যীচুত বিশ্বাস কৰি সকলোৰে আগত তেওঁক এজন “ভাববাদী” বুলি পৰিচয় দিছিল। তদুপৰি, যিসকলে যীচুৱে কৰা আচৰিত কৰ্ম্মসমূহক তুচ্ছজ্ঞান কৰিছিল, তেওঁলোকৰ আগত তেওঁ সাহসী হৈ প্ৰচাৰ কৰিলে। (যোহন ৯:১৭, ৩০-৩৪) খ্ৰীষ্টান মণ্ডলীৰ অভিষিক্তসকলক পাঁচনি পিতৰে “এক বিশেষ লোক” বুলি উল্লেখ কৰিছিল। কিয় তেনেকৈ উল্লেখ কৰিছিল? কিয়নো জন্মগত অন্ধ সুস্থ হোৱা ব্যক্তিজনৰ দৰে তেওঁলোকেও একেই মনোবৃত্তি দেখুৱাই কৃতজ্ঞতা জ্ঞাপন কৰিছিল। ‘আন্ধাৰৰ পৰা তেওঁৰ আচৰতি পোহৰলৈ তেওঁলোকক আমন্ত্ৰণ কৰা জনৰ সদগুণ প্ৰকাশ কৰাৰ’ যোগেদি যিহোৱাৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে। (১ পিতৰ ২:৯; কলচীয়া ১:১৩) যিসকলৰ এই পৃথিৱীত জীয়াই থকাৰ আশা আছে, তেওঁলোকেও একেইদৰে ধন্যবাদযুক্ত মনোবৃত্তি দেখুৱাইছে আৰু ৰাজহুৱাভাৱে যিহোৱাৰ “সদগুণ” প্ৰচাৰ কৰা তেওঁলোকৰ অভিষিক্ত ভাইসকলক সহযোগ কৰিছে। ঈশ্বৰে অসিদ্ধ মানৱক কিমান যে এক সন্মানজনক কাৰ্য্য কৰিবলৈ বিশেষ অধিকাৰ দিছে!
১৭, ১৮. (ক) প্ৰত্যেকজন ব্যক্তিৰ কেনে দায়িত্ব আছে? (খ) প্ৰত্যেকজন খ্ৰীষ্টান ব্যক্তিক তীমথিয়ক অনুকৰণ কৰি কিহৰ পৰা আঁতৰি থাকিবলৈ উৎসাহিত কৰা হৈছে?
১৭ সত্যৰ পোহৰৰ প্ৰতি আন্তৰিকতাৰে কৃতজ্ঞতা হোৱাতো অতি আৱশ্যক। মনত ৰাখক যে আমাৰ কোনেও সত্যক সাৱটি জন্ম গ্ৰহণ কৰা নাই। কিছুমানে প্ৰাপ্তবয়স্কত সত্য শিকি আন্ধাৰতকৈ পোহৰ শ্ৰেষ্ঠ বুলি শীঘ্ৰেই বুজিব পাৰিলে। আন কিছুমানে ঈশ্বৰলৈ ভয় ৰখা পিতৃ-মাতৃসকলৰ দ্বাৰা প্ৰতিপালন হʼবলৈ বিশেষ অধিকাৰ পালে। কিন্তু এনে ব্যক্তিসকলে হয়তো সত্য পোহৰক সহজে অনুদান হিচাবে লʼব পাৰে। ঈশ্বৰৰ প্ৰতি ভয় ৰখা পিতৃ-মাতৃৰ দ্বাৰা প্ৰতিপালন হোৱাৰ স্বত্ত্বেও এগৰাকী সাক্ষী ভনীক সত্যক সম্পূৰ্ণ আৰু গুৰুত্বভাৱে বুজি পাবলৈ বহু সময় অতিবাহিত কৰিবলগা হৈছিল। (২ তীমথিয় ৩:১৫) গতিকে ডেকা বা বৃদ্ধই হওঁক, আমাৰ সকলোৱে যিহোৱাই প্ৰকাশ কৰা সত্যৰ প্ৰতি এক গভীৰ শ্ৰদ্ধা বিকাশিত কৰা উচিত।
১৮ যদিও তীমথিয়ক সৰুৰে পৰা “পবিত্ৰ শাস্ত্ৰৰে” শিক্ষা প্ৰদান কৰা হৈছিল, তথাপিও তেওঁ প্ৰচাৰ কাৰ্য্যত সেইবোৰক প্ৰয়োগ কৰাৰ যোগেদিহে খ্ৰীষ্টান পৰিপক্কতালৈ আগবাঢ়িব পাৰিছিল। (২ তীমথিয় ৩:১৫) তাৰ পিছত তেওঁ পাঁচনি পৌলক সহায় কৰিবলৈ আগবাঢ়িছিল। তীমথিয়ৰ বিষয়ে পৌলে এইদৰে কৈছিল: “তুমি নিজকে পৰীক্ষাসিদ্ধ লোক, লাজৰ যোগ্য নোহোৱা কৰ্ম্মকাৰী, আৰু সত্যৰ বাক্য ঠিকৰূপে বিভাগ কৰাত নিপুণ লোক কৰি, ঈশ্বৰৰ আগত উপস্থিত কৰিবলৈ যত্ন কৰা।” গতিকে আঁহক আমি সকলোৱে তীমথিয়ৰ দৰে হৈ এনে কাৰ্য্য কৰাৰ পৰা আঁতৰি থাকোঁহঁক যিয়ে আমাক বা যিহোৱাক নিন্দিত কৰিব পাৰে।—২ তীমথিয় ২:১৫.
১৯. (ক) দায়ূদৰ দৰে আমাৰ সকলোৰে ওচৰত কি কʼবলৈ কাৰণ আছে? (খ) পৰৱৰ্তী লেখত কিহৰ বিষয়ে আলোচনা কৰা হʼব?
১৯ যিহোৱাই, আমাক সত্যৰ পোহৰ প্ৰদান কৰাৰ বাবে তেওঁক মহিমা কৰিবলৈ আমাৰ ওচৰত সকলো কাৰণ আছে। ৰজা দায়ূদৰ দৰে আমি এইদৰে কওঁ: “কিয়নো হে যিহোৱা, তুমি মোৰ প্ৰদীপ আৰু যিহোৱাই মোৰ অন্ধকাৰক পোহৰ কৰি দিয়ে।” (২ চমূৱেল ২২:২৯) তথাপিও আমি উদ্ধাৰ পাই পুনৰ যেন সেই আন্ধাৰৰ পথলৈ আগবাঢ়ি নাযাওঁ, তাৰ প্ৰতি সাৱধান হোৱা উচিত। পৰৱৰ্তী লেখটোৱে আমাক আমাৰ জীৱনত ঈশ্বৰীয় সত্যৰ প্ৰতি থকা গুৰুত্বতাক বুজি পাবলৈ সহায় আগবঢ়াব। (w02 3/1)
আপুনি কি শিকিলে?
• যিহোৱাই কেনেকৈ আধ্যাত্মিক জ্ঞানৰ প্ৰবন্ধ কৰিছে?
• বৰ্তমান সময়ত আমাৰ চাৰিওফালে থকা আধ্যাত্মিক অন্ধকাৰে কেনে প্ৰত্যাহ্বানজনক পৰিস্থিতি সৃষ্টি কৰিছে?
• আমি কেনে ধৰণৰ বিপদৰ পৰা আঁতৰি থকা উচিত?
• সত্যৰ পোহৰৰ প্ৰতি আমি কেনেকৈ কৃতজ্ঞতা জ্ঞাপন কৰিব পাৰোঁ?
[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]
[৮ পৃষ্ঠাৰ ছবি]
যিহোৱা হৈছে প্ৰাকৃতিক আৰু আধ্যাত্মিক পোহৰৰ উৎস
[১০ পৃষ্ঠাৰ ছবি]
যীচুৱে যেনেকৈ সেই অন্ধ ব্যক্তিজনক ক্ৰমান্বয়ে সুস্থ কৰিলে, ঠিক তেনেকৈ তেওঁ আমাক আধ্যত্মিক অন্ধকাৰৰ পৰা পোহৰলৈ অহাত সহায় কৰে
[১১ পৃষ্ঠাৰ ছবি]
চয়তানে প্ৰলোভিত কৰা পোহৰৰ দ্বাৰা পৰিচালিত হোৱাৰ অৰ্থই হৈছে আধ্যাত্মিক ধ্বংস